Friday, 14 December 2018



জাতীয়তাবাদৰ প্ৰশ্নত প্ৰগতিশীল অৱস্থান কি হোৱা উচিত
                                                     ৰক্তিম শৰ্মা

অসমীয়া জাতিগঠন প্ৰক্ৰিয়াটোক আমি পোনতেই এক পৃথক(distinct) ঐতিহাসিক প্ৰক্ৰিয়া বুলি কৈ থব খুজিছো কাৰণ এই জাতিৰ সৃষ্টি প্ৰাকৃতিকভাবে বিকাশ হোৱা এক সত্বা নহয় বৰং ই কিছুমান ঐতিহাসিক কাৰকৰ ফল  এই ঐতিহাসিক কাৰকবোৰেই এক উমৈহতীয়া সত্বাৰ জন্ম দিছিল যাক আমি অসমীয়া জাতীয় সত্ত্বা বুলিব পাৰো ।  এই সত্বাটো ঐতিহাসিকভাবে ভাষিক-সাংস্কৃতিক আৰু ৰাজনৈতিক উপৰিসৌধৰে গঠিত এক সত্বা বুলি কলে চাগে ভুল কৰা নহব

জাতীয়তাবাদ এটা অতি জটিল ৰাজনৈতিক বিষয় আৰু বহু সমাজ বিজ্ঞানীয়ে বিভিন্ন সামাজিক-ৰাজনৈতিক-সাংস্কৃতিক পৰিঘটনাৰ মাজেৰে ইয়াক বিশ্লেষণ কৰিছে যদিও আজিকোপতি সকলোৰে গ্ৰহণযোগ্য একক সংজ্ঞাৰে সংজ্ঞায়িত কৰিব পৰা হোৱা নাই ভিন্ন মতাদৰ্শই ভিন্নভাবে জাতীয়তাবাদক বিশ্লেষণ কৰা দেখা যায় । অঞ্চলভেদে আকৌ জাতীয়তাবাদৰ ৰূপো ভিন্ন । ইয়াৰ সৈতে এটা জাতিৰ জাতিগঠনৰ অধ্যায়, সেই অঞ্চলৰ মানুহৰ মানসিক গঢ়, উমৈহতীয়া আশা-আকাংক্ষা আৰু ৰাজনৈতিক ক্ষমতাৰ ইচ্ছা জড়িত । অৰ্থাত, এটা জাতিৰ জাতীয়তাবাদ ইয়াৰ সামাজিক-ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিঘটনা , বিৱৰ্তন আদিৰ মাজেৰেহে বিশ্লেষণ কৰিব পাৰি । ঐতিহাসিক দৃষ্টিকোনেৰে জাতীয়তাবাদ এটা আদৰ্শগত আন্দোলন যাৰ লক্ষ্য হল বহিঃ আগ্ৰাসনৰ পৰা এক নিৰ্দিষ্ট ভূখণ্ডৰ মানুহৰ ঐতিহাসিক সন্মিলীত পৰিচয় , বিভিন্ন শ্ৰেণীৰ সামাজিক একতা স্থাপন আৰু উমৈহতীয়া আত্মনিৰ্ধাৰণৰ উদ্দেশ্যে ৰাজনৈতিক ক্ষমতা হাচিল কৰা । আনধৰণে কব লাগিলে এক নিৰ্দিষ্ট জাতি-ৰাষ্ট্ৰ নিৰ্মান আৰু দৃঢ়কৰণৰ ই এক ৰাজনৈতিক আদৰ্শ । থোৰতে কব লাগিলে নিজস্ব পৃথক স্বাধীন ৰাষ্ট্ৰ নিৰ্মানৰ আকাংক্ষা জাতীয়তাবাদৰ অন্যতম লক্ষ্য আৰু চৰিত্ৰ হব পাৰে ।

 লেলিনে প্ৰথম এই বহল ভিত্তিত জাতীয়তাবাদৰ বিষয়ে উল্লেখ কৰিছিল আৰু কৈছিল যে প্ৰতিটো নিৰ্যাতিত জাতিৰে নিজস্ব স্বাধীন ৰাষ্ট্ৰ নিৰ্মান কৰাৰ অধিকাৰ আছে । সেয়ে নিপীড়িত জাতিৰ জাতীয়তাবাদ আৰু জাতীয় মুক্তি সংগ্ৰামক সাম্ৰাজ্যবাদ বিৰোধী বুলি কমিউনিষ্ট পাৰ্টিৰ ২য় আৰু ৩য় আন্তৰ্জাতিকত লেনিল আৰু ষ্টেলীনে বিশ্বৰ সকলো জাতীয় মুক্তি সংগ্ৰামলৈ কমিউনিষ্ট সকলৰ নৈতিক সমৰ্থন ঘোষণা কৰিছিল । বিশ্বৰ বিভিন্ন জাতীয় সংগ্ৰামৰ ইতিহাসে প্ৰমাণ কৰি আহিছে যে,  এটা নিৰ্দিষ্ট  জাতিৰ জাতীয়তাবাদ যদি জাতীয় মুক্তি সংগ্ৰামৰ আদৰ্শৰে অনুপ্ৰাণিত নহয় তেনে জাতীয়তাবাদ সাম্ৰাজ্যবাদ বিৰোধী হব নোৱাৰে । সাম্ৰাজ্যবাদৰ স্বাৰ্থৰক্ষা কৰা জাতীয়তাবাদ ফেচিষ্ট আৰু প্ৰতিক্ৰীয়াশীল । সেয়ে কেতিয়াবা জাতীয়তাবাদো শত্ৰু মিত্ৰ চিনাক্তকৰণৰ ভুলত আৰু মতাদৰ্শগত ত্ৰুটিত প্ৰতিক্ৰিয়াশীল শক্তিত পৰিণত হব পাৰে । আনহাতে এক ৰাষ্ট্ৰব্যৱস্থাই নিৰ্মান কৰা জাতীয়তাবাদ হল ৰাষ্ট্ৰৰ সংযোগকৃত সমস্ত নিপিড়ীত জাতি আৰু শ্ৰেণীক অৱদমন কৰাৰ এক হাতিয়াৰ ।

জাতিসমস্যালৈ বিশ্বজুৰি চিন্তা চৰ্চাৰ প্ৰসাৰ হৈছিল ২য় বিশ্বযুদ্ধৰ পিছৰ সময়তেই । ৰাচিয়াৰ কমিউনিষ্ট নেতা  ভি আই লেনিনে বিশ্বৰ ক্ষূদ্ৰ জাতিবোৰৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ বাবে কমিউনিষ্ট আন্তৰ্জাতিকত সিদ্ধান্ত লৈছিল । পিছত স্তেলিনে এই জাতিৰ স্বনিৰ্ধাৰণৰ অধিকাৰক এক বিশেষ মাত্ৰা দি প্ৰতিটো নিৰ্যাতিত জাতিৰ নিজস্ব ৰাষ্ট্ৰ গঠন কৰাৰ অধিকাৰ আছে বুলি কমিউনিষ্ট পাৰ্টিৰ ৩য় আন্তৰ্জাতিকত ঘোষণা কৰে স্তালিনে ফিউণ্ডেছন অৱ লেনিনিজম গ্ৰন্থত উল্লেখ কৰি গৈছে যে, অৰ্দ্ধ সামন্তবাদী-অৰ্দ্ধ পুঁজিবাদী ৰাষ্ট্ৰত নিৰ্যাতিত জাতিৰ জাতীয় মুক্তি সংগ্ৰামেই হল শ্ৰেণী সংগ্ৰামৰ অন্যতম স্তৰ । আনহাতে জাতীয় স্বনিয়ন্ত্ৰণৰ অধিকাৰক সমৰ্থন কৰা মানেই প্ৰলেটাৰিয়েট(সৰ্বহাৰা)ৰ মাজত ভাঙোন সৃষ্টি হব বুলি ধাৰণা আৰু এখন ৰাষ্ট্ৰৰ ভিৰতৰত থকা নিৰ্যাতিত জাতিবোৰৰ সংযোগকৰণ অৰ্থনৈতিক ভাবে প্ৰগতিশীল আৰু মিলিটেৰী নিৰাপত্তাৰ কাৰণেও সঠিক বুলি যি ধাৰণা চলি আহিছিল তাক লেনিনে অস্বীকাৰ কৰি কৈছিল যে, কমিউনিষ্ট পাৰ্টি সকলো ধৰণৰ সংযোগকৰণৰ বিৰোধী   সমাজতান্ত্ৰিক সংগ্ৰামত বুৰ্জোৱাসকলক উচ্ছেদ কৰিবলৈ হলে নিৰ্যাতিত জতিৰ স্বনিয়ন্ত্ৰণৰ সংগ্ৰামৰ মাজেৰেহে শ্ৰমিক শ্ৰেণীৰ নিকট ঐক্য সম্ভৱ । সংযোগকৰণে যেতিয়া নিৰ্যাতিত জাতিৰ প্ৰলেটৈৰিয়েটৰ সৈতে শাসক জাতিৰ প্ৰলেটাৰীয়েটৰ মাজত অন্তৰ সৃষ্টি কৰে তেতিয়া সংযোগকৰণৰ প্ৰতিবাদ আৰু জাতীয় মুক্তি সংগ্ৰামক সমৰ্থনৰ মাজেৰে ভিন্ন জাতিৰ প্ৰলেটাৰীয়েটক ঐক্যবদ্ধ কৰাৰ প্ৰাথমিক চৰ্ত হব পাৰে । আমাৰ দৃষ্টিভংগী অনুসৰি সংযোগকৰণে জাতীয় অধিকাৰ খৰ্ব কৰে আৰু এককথাত ই জাতীয় অৱদমন । 

জাতিসমস্যাৰ ক্ষেত্ৰত ছোভিয়েট ইউনিয়নৰ এনে ষ্পষ্ট দৃষ্টিভংগী থকাৰ পিছতো কিন্তু সংযোগকাৰী ৰাষ্ট্ৰৰ কমিউনিষ্ট দল-সংগঠনবোৰে সদায় জাতিসমস্যাৰ বিশ্লেষণৰ ক্ষেত্ৰত হোহোকা পিছলা নীতি গ্ৰহণ কৰা দেখা যায় । উদাহৰণস্বৰূপে কেটেলনীয়াৰ স্বাধীনতাৰ প্ৰশ্নত স্পেনিচ কমিউনিষ্ট আৰু লেবাৰ পাৰ্টিয়ে পৃথক কেটেলনীয়া ৰাষ্ট্ৰ গঠনৰ বিৰোধীতা কৰা দেখা গল । দেখা গল যে বিষয়টোৰ ওপৰত তেওঁলোকৰ স্থিতি পশ্চাত্গামীতা আৰু বাস্তৱৰহিতৰ বাহিৰে অন্য একো নহয় এই স্থিতিৰে প্ৰকৃততে তেওঁলোকে জাতিসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক প্ৰকাৰান্তৰে অস্বীকাৰ কৰে  

চে গুৱেভাৰাই কৈ গৈছিল Revolution is not a bed of roses. বিপ্লৱ ফুলশয্যাৰ বিচনা নহয় । ই এক যুদ্ধ । শোষক আৰু শোষিতৰ মাজত জাতীয় মুক্তি সংগ্ৰাম হৈছে নিৰ্যাতিত জাতিৰ সৈতে আগ্ৰাসী ৰাষ্ট্ৰৰ সংঘাত । সৰ্বহাৰা শ্ৰেণীৰ ঐক্য স্থাপনৰ প্ৰাথমিক চৰ্ত হল আগ্ৰাসী দেশৰ সৰ্বহাৰাই নিৰ্যাতিত দেশত জাতীয় মুক্তি সংগ্ৰামক সমৰ্থন কৰাসৰ্বহাৰাৰ ঐক্যৰ বলটো নিৰ্যাতিত দেশৰ সৰ্বহাৰাৰ কোৰ্টত নাথাকে । আগ্ৰাসী জাতিৰ আধিপত্যবাদৰ উপেক্ষা কৰি বা  নীতিগতভাবে ৰাষ্ট্ৰৰ সংবিধানৰ দোহাই দি কোনো প্ৰগতিশীল ব্যক্তি বা দলে নীতিগতভাবে জাতীয় মুক্তি সংগ্ৰামৰ নাৰ্যতাক অস্বীকাৰ কৰিব নোৱাৰে যদি অস্বীকাৰ কৰে তেতিয়া প্ৰগতিশীল যেন লগা সকলো হৈ পৰেগৈ ৰাষ্ট্ৰৰ পক্ষত থকা নিতান্তই প্ৰতিক্ৰিয়াশীল শক্তি    

বৃহত্ ক্ষমতাশালী ৰাষ্ট্ৰৰ জাতীয়তাবাদৰ চৰিত্ৰ সদায় ভাষিক-সাংস্কৃতিক-আৰ্থনৈতিকভাবে আগ্ৰাসী, ৰাজনৈতিকভাবে আধিপত্যবাদী আৰু দখলদাৰী ।  আমি জানো যে আমেৰিকান জাতীয়তাবাদে দখলদাৰী আৰু আধিপত্যবাদৰ ৰূপলৈ লেটিন আমেৰিকাৰ দেশবোৰৰ অধিকাৰক পদাঘাত কৰিছিল । আমেৰিকান জাতীয়তাবাদ মানেই আছিল ইাংকি ভাষিক-সাংস্কৃতিক আধিপত্যবাদৰ লগতে ৰাজনৈতিক-অৰ্থনৈতিক আধিপত্যবাদ । মেক্সিকান আৰু স্পেনিচভাষী লেটিন আমেৰিকান সকলৰ প্ৰতি আছিল ইাংকি আমেৰিকাৰ তীব্ৰ ঘৃণাসেই ঘৃণা আজিকোপতি বিৰাজ কৰিছে আৰু এই ঘৃণাৰ বিৰূদ্ধে চলি আহিছে লেটিন আমেৰিকাবাসীৰ বৰ্ণবাদ বিৰোধী –উপনিবেশ বিৰোধী সংগ্ৰাম । কিউবান সকলৰ সংগ্ৰামো আছিল আমেৰিকান আধিপত্যবাদৰ বিৰূদ্ধে প্ৰতিৰোধ আৰু মুক্তি সংগ্ৰাম । আমেৰিকাৰ পুতলা চৰকাৰ বেটিষ্টাৰ অপশাসনৰ বিৰূদ্ধে জনতাক মুক্তি দিবলৈ ফিডেল কাষ্ট্ৰোই কৰা সংগ্ৰাম নিশ্চিতভাবেই এক জাতীয় মুক্তি সংগ্ৰামেই আছিল । কাষ্ট্ৰই ঘোষণা কৰা লক্ষ্য আছিল, পিতৃভূমি অথবা মৃত্যু (Homeland or death) সেই জাতীয় সংগ্ৰামৰ উদ্দেশ্য কেৱল বেটিষ্টাৰ অপশাসনৰ পৰা মুক্তি পোৱাই নাছিল , আছিল আমেৰিকান সাম্ৰাজ্যবাদৰ পৰা মুক্তি ।
কাষ্ট্ৰই নিজেই কৈছিল, I can assure that my first and foremost interest is my country . কাষ্ট্ৰৰ সংগ্ৰামৰ মিত্ৰ হৈ পৰিছিল জাতীয় কৃষক-শ্ৰমিক , আমেৰিকান বনিকৰ দ্বাৰা ভাৰাক্ৰান্ত জাতীয় ব্যৱসায়ী , কিউবান মধ্যবিত্ত শ্ৰেণী আৰু শত্ৰু আছিল আমেৰিকান পুঁজিপতি , আমেৰিকাৰ দ্বাৰা প্ৰভাৱিত বেটিষ্টাপন্থী কিউবান বুৰ্জোৱা , কিউবাত উঠি ৰজা বহি ৰজা হোৱা আমেৰিকান মালিকশ্ৰেণী আৰু আমেৰিকাৰ চৰকাৰ । এইদৰে কাষ্ট্ৰৰ কিউবা হৈ পৰিছিল  লেটিন আমেৰিকাৰ দেশবোৰৰেই নহয় সমগ্ৰ বিশ্বৰ নিৰ্যাতিত জাতিসমূহৰ জাতীয় আত্মনিয়ন্ত্ৰণ আৰু সাৰ্বভৌমত্বৰ অধিকাৰৰ সংগ্ৰামৰ দিকদৰ্শী । আমেৰিকান আধিপত্যবাদৰ দৰে ভাৰতীয় আধিপত্যবাদৰো একেই চৰিত্ৰ । হিন্দু-হিন্দী-হিন্দুস্থানী আধিপত্যবাদী শক্তিয়ে বেআইনী আৰু বলপূৰ্বক বা প্ৰৱঞ্চনাৰে প্ৰান্তীয় প্ৰদেশবোৰক ভাৰতীয় ৰাষ্ট্ৰৰ সৈতে সংযোগ কৰিছিল । এই সংযোগকৰণৰ উদ্দেশ্যই আছিল প্ৰান্তীয় প্ৰদেশবোৰৰ প্ৰাকৃতিক সম্পদৰ শোষণ আৰু নিজ ৰাষ্ট্ৰৰ সীমা সুৰক্ষিত ৰখা বা দেশীয় বা বিদেশী পুঁজিপতিসকলৰ দ্বাৰা এক ৰাষ্ট্ৰৰ সুবিধা গ্ৰহণ কৰি দেশৰ সীমাৰ ভিতৰতে একোখন বিশাল বজাৰ তৈয়াৰ কৰা । ৰাষ্ট্ৰই প্ৰত্যক্ষভাবে আৰু ৰাষ্ট্ৰৰ আশীৰ্বাদপুষ্ট বৃহত্ বনিক গোষ্ঠীৰ দুইতৰপীয়া নব্য-উপনিবেশিক ব্যৱস্থা এটা কায়েম কৰি সামৰিক অৱদমন আৰু ৰাষ্ট্ৰৰ পৰিকল্পিত ভাষিক-সাংস্কৃতিক আধিপত্যৰ মাজেৰে প্ৰান্তীয় প্ৰদেশবোৰক দখলদাৰী ভূমি হিচাপে ব্যৱহাৰ কৰাৰ দীৰ্ঘ পৰিক্ৰমাই অসম আৰু উত্তৰ-পূৱত জাতীয় মুক্তি সংগ্ৰামৰ উকমুকনিৰ অন্যতম কাৰণ বুলি বিবেচিত হৈ আহিছে । ৰাষ্ট্ৰৰ চৰিত্ৰৰ বাবেই প্ৰান্তীয় ভূমিৰ নাগৰিকসকলে নিজৰ পৰিচয়ৰ সংকটত ভূগিছে আৰু নিজকে ৰক্ষা কৰাৰ বাবে ভিন্ন জাতীয়তাবাদী আদৰ্শক আকোঁৱালী লোৱা দেখা গৈছে ।
অসমীয়াত্বৰ সংকটক কেন্দ্ৰ কৰিয়েই বিগত এটা শতিকাজুৰি অসমৰ ৰাজনৈতিক ইতিহাস ৰচিত হৈছে । বহুতো উত্থান পতন, আপোচ-আপোচহীনতা , ক্ষমতাৰ খোৱাকামোৰা-হতাশা-ষড়যন্ত্ৰৰ সাক্ষী হৈ আছে  অসমৰ জনগন । অসমীয়াৰ সংকটক কেন্দ্ৰ কৰিয়েই এচামৰ ৰাজনীতিত অসম খণ্ড বিখণ্ড হৈছে , অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত হাতুৰি পৰিছে , গোষ্ঠীসংঘাত আৰু সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পিছে । বিপৰীতে আপোচহীন যুঁজত উত্তৰ পূৱৰ জনগণক একত্ৰিত কৰিবলৈ উমৈহতীয়া মঞ্চ গঠন হৈছে । একত্ৰিত হোৱা বোৰৰ ভিতৰত কোনোবাটো ফৈদ ছাত্ৰ সংগঠনৰ কোনোবাটো ফৈদ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন । সকলোৰে উদ্দেশ্য লক্ষ্য ভিন্ন , ৰাজনৈতিক আদৰ্শও সুকীয়া , কিন্তু উমৈহতীয়া সংগ্ৰামৰ বাবে প্ৰয়োজনত ঐক্যবদ্ধ হৈছে । কোনোৱে ভাৰতৰ ভিতৰত থাকিলে জাতীয় অস্তিত্ব নিৰাপদ নহয় বুলি সন্মিলীত  জাতীয় মুক্তি সংগ্ৰামৰ আদৰ্শৰে আগবাঢ়িছে , কোনোৱে ভাৰতৰ ভিতৰত থাকিয়েই অধিকাৰ সাব্যস্ত কৰিব খুজিছে ।  এইদৰে ভিন্ন পন্থা , ভিন্ন উদ্দেশ্য , ভিন্ন দৰ্শনেৰে অসমত জাতীয়তাবাদী ৰাজনীতি আগবাঢ়িছে  সমান্তৰালকৈ সঠিক সময়ত সঠিক ৰাজনীতিৰ অভাৱত আৰু মধ্যশ্ৰেণী নেতৃত্বৰ চৰম সুবিধাবাদৰ ফলত  অসমীয়া জাতীয়তাবাদে সুবিধাবাদী অৱস্থান লৈ আহিছে অসমীয়াত্বৰ সংকট মোচনৰ প্ৰকৃত পথ উপেক্ষিতহৈ লাহে লাহে আগ্ৰাসী সম্প্ৰসাৰণবাদী ভাৰতীয়বোধত বা জাতীয় বোধশক্তিহীন গোলকীয়ত্বত নিমজ্জিত হব ধৰিছে অসমৰ জাতীয় সমাজ ।

অসমীয়া জাতীয়তাবাদৰ  জাতীয় মুক্তি সংগ্ৰামৰ ধাৰাটোক একাশৰীয়াকৈ থলে দেখা যায় বৃটিছ প্ৰভুভক্ত অসমীয়া মধ্যশ্ৰেণীৰ দ্বাৰা সৃষ্ট জাতীয়তাবাদেই সংসদীয় ৰাজনীতিৰে জড়িত হৈ পৰা জাতীয়তাবাদৰ এক শক্তিশালী ধাৰা অসম সাহিত্য সভা এই ধাৰাটোৰ পৰা উদ্ভৱ হোৱা । এই ধাৰা মুলতঃ বংগভাষা জাপি দিয়াৰ বিৰূদ্ধে সৃষ্টি হোৱা বংগ বিদ্বেষ , উচ্চবৰ্ণৰ সাম্প্ৰদায়িক বৰ্ণবাদ , জনজাতিয় অৱদমন , অসমীয়া ভাষা জাপি দিয়াৰ প্ৰৱণতা আদিৰ মাজেৰে বিকাশ প্ৰাপ্ত । আনহাতে জাতীয় মুক্তিৰ আদৰ্শৰে গঠিত জাতীয়তাবাদী ধাৰাটোই উমৈহতীয়া শত্ৰু কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ বিৰূদ্ধে সাধাৰণ জনগনৰ লগতে জনজাতিসকলকো ঐক্যবদ্ধ কৰাৰ কথা কয় । বৰ্ণবাদ , মধ্যশ্ৰেণীৰ অৱদমনৰ সমালোচনা কৰে আৰু  প্ৰত্যক্ষভাবে উপনিবেশবাদ-পুজিবাদ আৰু সাম্ৰাজ্যবাদক শত্ৰু হিচাপে চিহ্নিত কৰে । উল্লেখযোগ্য যে প্ৰাক স্বাধীনতা কালত ষ্পষ্ট ৰাজনৈতিক দৰ্শণ নাথাকিলেও জাতীয় মুক্তিৰ স্পৃহাৰে এই ধাৰাটো জনজাতিসকলক লৈয়েই  আগবাঢ়িছিল   

বৃটিছ-ভাৰতৰ স্বাধীনতাৰ পিছত পমুৱাৰ আগ্ৰাসনৰ পৰা অসমৰ থলুৱাক ৰক্ষা কৰাৰ ভাবধাৰাৰে বিকাশ লাভ কৰে জাতীয়তাবাদৰ শেহতীয়া ধাৰাটোৱে । এই দুই ধাৰাৰ মাজত এক প্ৰগতিশীল ধাৰাও দেখা যায় বাওঁভাৱাপন্ন অসম ছাত্ৰ সন্মিলনীয়ে আগবঢ়াই লৈ যোৱা এই প্ৰগতিশীল ধাৰাটোৱে কেইবাদশক জুৰি অসমৰ জনগনক প্ৰভাৱিত কৰি ৰাখিছিল । আশীৰ দশকত সদৌ অসম ছাত্ৰ সন্থা , পিএলপি , অসম গণসংগ্ৰাম পৰিষদ আদিৰ নেতৃত্বত বহিৰাগত বিতাড়ন পিছলৈ বিদেশী খেদা আন্দোলনৰ মাজেৰে বৃটিছৰ ঔৰসত জন্মা উচ্চবৰ্ণৰ চিন্তাৰে গঠিত জাতীয়তাবাদী ধাৰাটোৱে তুংগত উঠে আৰু প্ৰগতিশীল ধাৰাটো ক্ৰমশঃ স্তিমিত হৈ পৰে   আনহাতে অসমীয়া জাতীয়তাবাদৰ প্ৰগতিশীল ধাৰাটো আৰু অসম আন্দোলনৰ চৰমপন্থী বা মোহভংগ ঘটা জাতিয়তাবাদী সকলে পুনৰ গঢ় দিয়ে জাতীয় মুক্তিৰ ধাৰাটোৰ । যিটো ধাৰা জাতীয়তাবাদৰ চৰম ৰাজনৈতিক  ধাৰা , জাতীয় মুক্তি সংগ্ৰামৰ মাজেৰে পৃথক ৰাষ্ট্ৰৰ বাবে সংগ্ৰামৰ ভাৱধাৰাৰে সংগঠিত হোৱা দেখা যায়  

জাতীয়তাবাদৰ যিটো ধাৰাই পূৰ্বতে বৃটিছৰ প্ৰভুভক্তহৈ কেৱল উচ্চবৰ্ণৰ আধিপত্যৰ মাজেৰে জাতিয়তাবাদৰ ভেটী তৈয়াৰ কৰিছিল, পিছলৈ ভাৰত ৰাষ্ট্ৰ ভক্তহৈ ভাৰতৰ অখণ্ডতা সাৰ্বভৌমত্ব ৰক্ষাৰ কথাকৈ বিদেশী মুক্ত অসমৰ বাবে সংগ্ৰাম কৰা দেখা গ, সেই ধাৰাটো পূৰ্বৰ শ্ৰেণী অৱস্থান আৰু মতাদৰ্শগত সীমাবদ্ধতাৰ মাজেৰে জাতীয়তাবাদ গঢ় দিলে । বিভিন্ন স্ববিৰোধৰ মাজেৰে আগবাঢ়ি গৈ এক জাতীয়তাবাদী মঞ্চ গঢ় দিলে সচাঁ কিন্তু কিছুমান সংকীৰ্ণতাৰ বাবে অসমীয়া উমৈহতীয়া সত্বাটোক সকলোৰে বাবে নিৰাপদ আৰু গ্ৰহণযোগ্য কৰি বিকাশ কৰাত ব্যৰ্থ হ   কৌশলগতভাবে সৰ্বভাৰতীয় হিন্দু হিন্দী হিন্দুস্থানী সম্প্ৰসাৰণবাদী সকলে অসম আন্দোলনত সোমাই ধৰ্মীয় সাম্প্ৰদায়িক বিভেদৰ পৰিস্থিতিৰ উদ্ভৱ কৰা বুলি অভিযোগ আছে । সদৌ অসম ছাত্ৰ সন্থা , অসম গণ পৰিষদ আদি এইটো ধাৰাৰ পৰা সৃষ্ট যদিও বৰ্তমানে তেওঁলোকৰ কাম কাজত পূৰ্বৰ বহুখিনি সংকীৰ্ণতা লোপ পোৱা দেখা যায়  সুবিধাবাদী প্ৰৱণতাৰ পৰা মুক্ত হোৱা নাই    অৱশ্যে ভাৰতীয়ত্ববোধৰ সৈতে বিশেষ সংঘাট নথকাৰ বাবে সৰ্বভাৰতীয় হিন্দুত্ববাদী ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা এই ধাৰাটোৰ এটা গুৰুত্বপূৰ্ণ দিশ   অগপৰ শাসন কালত এনে মিত্ৰতা আৰু তাৰ ফলশ্ৰুতিত গুপ্তহত্যাৰ কৰ্মকাণ্ডই অসমীয়া জাতীয়তাবাদী শিবিৰৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায় ।

আগতেই উনুকিয়াই অহা হৈছে যে , বৃটিছ কালীন অসমীয়া মধ্যশ্ৰেণীৰ শ্ৰেণী চৰিত্ৰ আৰু বৰ্ণবাদে অসমীয়া সত্বাটোক সংকীৰ্ণ কৰি তুলিছিল যাৰ বাবে ইয়াৰ বিকাশ স্বাভাৱিক নহৈ পয়ালগা অৱস্থাৰ মাজেৰে আগবাঢ়িছিল । অসমীয়া সত্বাটোত নিৰাপদ অনুভৱ নকৰা সকলে সেয়ে নিজৰ গোষ্ঠীজ চেতনাৰ বিকাশ ঘটাই গোষ্ঠীজ জাতীয়তাবাদৰ বিকাশ ঘটায় । এইসকলৰ মাজতে দেখা যায় ভাৰতৰ সংবিধান প্ৰদত্ত বিভিন্ন অধিকাৰ আৰু সা সুবিধা প্ৰাপ্তিৰ আকাংক্ষাৰে পৃথকতাবাদী চিন্তা । সংকীৰ্ণ ৰাজনৈতিক ক্ষমতা হাচিল কৰাৰ উদ্দেশ্যে এইচামে জনজাতিসকলৰ চেতনাক ব্যৱহাৰ কৰি পিছত চূঢান্তভাবে পদদলিত কৰা দেখা যায় । সাধাৰণ জনগনৰ মাজত যি সামাজিক আদান প্ৰদান তাক এইবোৰ সংকীৰ্ণতাই বা গোষ্ঠীজ চেতনাই কেতিয়াবা ব্যাহত কৰিলেও ই দীৰ্ঘস্থায়ী নহল । তথাপি তেওঁলোকৰ মাজত থকা অসমীয়্ত্বক শুকাই পেলোৱাত এই গোষ্ঠীজ ৰাজনীতিয়ে সহায় কৰিলে । অৱশ্যে ই এক ইতিবাচক দিশ হিচাপেও পৰিগণিত হল কিয়নো অসমৰ সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিক যে শ্ৰদ্ধা কৰাৰ প্ৰয়োজন সেই কথা থলুৱা অসমীয়াই পলমকৈ হলেও অনুভৱ কৰিবলৈ সক্ষম হল ।

অসমীয়া জাতীয়তাবাদৰ দুৰ্বল দিশ, মধ্যবিত্তীয় সংকীৰ্ণতা আৰু সুবিধাবাদী চিন্তাধাৰা,  আদি মানিলৈও কব লাগিব যে অসমৰ দৰে প্ৰান্তীয় ভূমি , যি এক কেন্দ্ৰীভূত ৰাষ্ট্ৰব্যৱস্থা আৰু হিন্দী-বাংলাৰ দৰে একাধিক প্ৰভাৱশালী বৃহৎ ভাষিক জাতিৰ আগ্ৰাসনৰ দ্বাৰা অনবৰতে স্বকীয়তা হেৰুওৱাৰ শংকা, তাত জাতি হিচাপে মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ জাতীয়তাবাদৰ বিকল্প নাই নিসন্দেহে এই জাতীয়তাবাদ প্ৰগতিশীল হবই লাগিব উল্লেখ্য যে অসমৰ প্ৰেক্ষাপটত সন্মিলীত জাতীয় মুক্তিসংগ্ৰামৰ ভাৱাদৰ্শ এক সমান্তৰাল জাতীয়তাবাদী মতাদৰ্শ হিচাপে পৰিগণিতহৈ আহিছে৷
অসমত জাতীয়তাবাদ জীয়াই আছে কাৰণ অসমীয়া জাতি বিগত কেইবাদশক জুৰি ৰাষ্ট্ৰ আৰু বৃহৎ জাতীয় আগ্ৰাসনৰ দ্বাৰা শংকিত আৰু নিৰ্যাতিত৷ ভাৰতৰ অংগৰাজ্য হোৱাৰ অজুহাততেই স্বাধীনোত্তৰ পিছতো আজি অসমে বৈধ-অবৈধ দুইধৰণৰ অনুপ্ৰবেশৰ বোজা মূৰ পাতি লব লগা হৈছে৷ অস্তিত্বৰ শংকাই অসমীয়াক জোকাৰি গৈছে কাৰণ ৰাষ্ট্ৰ আৰু ইয়াৰ শাসক শ্ৰেণীয়ে অসমৰ খিলঞ্জীয়াক নিৰাপত্তা দিয়া নাই এপদ দুপদকৈ সকলো হেৰুওৱাৰ পিছত জাতিটোলৈ এইবাৰ ভাষাৰ সংকট নামি আহিছে ৷ হিন্দু বিদেশীক নাগৰিকত্ব দিয়াৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰূদ্ধে সেয়ে মাৰবান্ধি অসমীয়া ওলাই আহিছে কোৱা বাহুল্য যে ধৰ্মীয় পৰিচয়ক অসমীয়াই কোনো দিনে জাতীয় পৰিচয়ৰ উৰ্দ্ধত স্থান দিয়া নাই আজি অসমত হিন্দুত্ববাদে খোপনি পুতিবলৈ পৰাৰ মূল কাৰণ নিতান্তই বিদেশী অনুপ্ৰবেশকাৰীৰ সমস্যাহে ৷ ইমান খিনি ষ্পষ্ট হোৱাৰ পিছতো অসম গণ পৰিষদৰ দৰে অসম-ভাৰত সংঘাতৰ ঔৰসত জন্ম হোৱা দলটোৱে অসমীয়া মধ্যশ্ৰেণীৰ সুবিধাবাদী চৰিত্ৰক বহন কৰি ৰাষ্ট্ৰবাদী সাম্প্ৰদায়িক শক্তিৰ সৈতে মিতাৰালি ভংগ কৰিব পৰা নাই৷
উপৰোক্ত জাতীয় অৱদমনসমূহৰ ওপৰিও হিন্দী সম্প্ৰসাৰণে অসমীয়াত্বৰ ওপৰত মোক্ষম আঘাত কৰাই নহয় , ই উমৈহতীয়া সংযোগী ভাষা অসমীয়াক ধ্বংস কৰি তাৰ ঠাইত হিন্দী ভাষাক প্ৰতিষ্ঠা কৰিলে । ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হল  অসমৰ ৰাজনৈতিক ভূখণ্ডৰ ভিতৰৰ বা বাহিৰৰো পৰ্বতীয়া জনজাতিসকলৰ মাজত অসমীয়া ভাষা আৰু উমৈহতীয়া সত্বাটোৰ প্ৰতি যি সামান্য আন্তৰিক অৱশিষ্ট ৰৈ গৈছিল তাক হিন্দী সম্প্ৰসাৰণে মষিমূৰ কৰি ভাৰতীয় ৰাষ্ট্ৰবাদী সত্বাক বিকাশ কৰিলে । ই ৰাষ্ট্ৰৰ অন্যতম কৌশল হিচাপে সফল হল ।
অসমীয়া সমাজখনেই হল কৃষিভিত্তিক । এই কৃষি অৰ্থনীতিৰ মাজেৰেই বিকাশ লাভ কৰিছে অসমীয়া সংস্কৃতি আৰু সামাজিক মূল্যবোধ । কিন্তু কৃষি অৰ্থনীতিক বিকাশ হবলৈ নিদিয়া বাবে কৃষিৰ ক্ষেত্ৰটো পৰমুখাপেক্ষী হৈ পৰিছে অসমীয়া । প্ৰকৃততে এটা জাতিৰ জাতীয় চেতনাক ধ্বংস কৰিবলৈ তাৰ জাতীয় অৰ্থনীতিক ভাঙি দি বহিৰাগতৰ অৰ্থনীতি প্ৰতিষ্ঠা কৰা বৃটিছৰো কৌশল আছিল । সেই একেই কৌশল একেই ব্যৱস্থাৰেই আগবাঢ়িছে কেন্দ্ৰ-ৰাজ্য চৰকাৰ   ব্যক্তিগতকৰণ আৰু কৰ্পোৰেট প্ৰধান অৰ্থনীতি ব্যৱস্থাত নিপীড়িত জাতিৰ নিস্তাৰ নাই । তাৰবাবে  অসমীয়াৰ হাতত ৰাজনৈতিক আত্মনিৰ্ধাৰণৰ অধিকাৰ ,সম্পদৰ অধিকাৰ প্ৰতিষ্ঠাৰ মাধ্যমত  ৰাজনৈতিক-অৰ্থনৈতিক আমোল পৰিৱৰ্তনৰ দৰকাৰ ।

 অসমত জাতীয়তাবোধ জীয়াই আছে অসমৰ থলুৱা সৰ্বসাধাৰণ জনগনৰ আৰ্থ-ৰাজনৈতিক সুৰক্ষাৰ প্ৰয়োজনত ।  ই মাথো এক আবেগিক সত্তা নহয় । কেতিয়াবা বহিৰাগতৰ আগ্ৰাসনৰ পৰা , কেতিয়াবা  কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ আগ্ৰাসন-দমন- হঠকাৰীতাৰ পৰা আত্মৰক্ষাৰ অন্যতম উপায় হিচাপে থলুৱা অসমবাসীয়ে সন্মিলীতভাবে একত্ৰিত হোৱাৰ নজিৰ আছে । এই প্ৰয়োজনেই ইয়াক সময়ে সময়ে জাতীয় সন্মিলীত আকাংক্ষাৰ ৰূপ দিছে । অসমীয়া জাতিত জীন নোযোৱা, নিজৰ গোষ্ঠীয় পৰিচয়ক বিকাশ কৰা জনগোষ্ঠীসকলৰ সৈতেও মৰ্চা গঠনৰ মাজেৰে এই জাতীয়তবাদৰ সন্মিলীত জাতীয় মুক্তি সংগ্ৰামৰ ৰূপটোক সদায় ভয় কৰি আহিছে ৰাষ্ট্ৰই । সেয়ে জাতীয়তাবাদৰ এই সন্মিলীত ৰূপটোক ধ্বংস কৰিবলৈ বা হতাশাগ্ৰস্থ কৰিবলৈ উঠিপৰি লাগিছে কেন্দ্ৰীভূত ৰাষ্ট্ৰব্যৱস্থা আৰু ইয়াৰ ফেচীবাদী শক্তিবোৰে ।

নিপীড়িত জাতিৰ জাতীয়তাবাদৰ সৈতে আন্তৰ্জাতিকতাবাদৰ কোনো সংঘাত নাই । বৈপ্লৱীক প্ৰগতিশীল ৰাজনীতিৰ সঠিক প্ৰয়োগ , শ্ৰেণীসংগ্ৰামক কেনেদৰে জাতীয় সংগ্ৰামৰ সৈতে যুক্ত কৰিব পাৰি তাৰ ওপৰত গৱেষণাৰ প্ৰয়োজন নিশ্চয় আছে । প্ৰগতিশীল সকলে জাতীয় বিনিৰ্মাণৰ পৰীক্ষা-নিৰীক্ষাৰ নামত বৃহত্ ৰাষ্ট্ৰৰ আগ্ৰাসন-অৱদমন আৰু সংযোগী নিৰ্যাতিত জাতিসমূহৰ মুক্তিৰ স্পৃহাক হয়তো আওকান বা অস্বীকাৰ কৰিব পাৰিব, কিন্তু বাস্তৱক সঠিকভাবে অনুধাৱন নকৰি ৰাষ্ট্ৰব্যৱস্থা আৰু ইয়াৰ আগ্ৰাসী ৰাজনীতিকেই  আওঁপকীয়াকৈ সমৰ্থন বা উপকৃত কৰিলে নিশ্চয় সঠিক নহব । ভাৰত ৰাষ্ট্ৰৰ গাঠনিগত পৰিৱৰ্তনৰ দাবীত, ইয়াৰ আৰ্থ-ৰাজনৈতিক আদি সৰ্বস্তৰৰ আগ্ৰাসন আৰু আধিপত্যবাদৰ বিৰূদ্ধে , প্ৰান্তীয় ভূমিবোৰত সামৰিক শাসন জাপি দিয়াৰ বিৰূদ্ধে  লগতে বৰ্ণবাদ, গোষ্ঠীবাদ আৰু এইবোৰক সাৰ পানী দি থকা অনুষ্ঠানবোৰৰ বিৰূদ্ধে সন্মিলীত জাতীয় মুক্তিৰ প্ৰশ্নক গণতান্ত্ৰিক আন্দোলনৰ বিষয় হিচাপে লৈ প্ৰগতিশীলসকলে আগবাঢ়ি যোৱা দৰকাৰ । সন্মিলীত সংগ্ৰামৰ ধাৰাৰ পৰা বিচ্ছিন্ন কৰি গোষ্ঠাগত সংগ্ৰামৰ উত্থানক সাৰ পানী দিয়াটো প্ৰকৃততে যে ৰাষ্ট্ৰৰ চক্ৰান্ত আৰু তাৰ ফলত যে লাভৱান হব কেৱল ৰাষ্ট্ৰ সেয়া বুজি উঠা দৰকাৰ । বিগত দিনত এচাম প্ৰগতিশীল বুলি কোৱা এচামে এইদৰে গোষ্ঠীবাদক উচটনি দি  প্ৰতিক্ৰিয়াশীল কাম কাজত আত্মনিয়োগ কৰাৰ নজিৰ আছে ।  নিৰ্যাতিত জাতিৰ সন্মিলীত সংগ্ৰামক প্ৰগতিশীল সংগ্ৰামৰ সৈতে যুক্ত কৰাৰ সঠিক ৰাজনীতিয়েই নিৰ্ভৰ কৰিব অনাগত ভৱিষ্যত ।  



No comments:

Post a Comment