Sunday, 16 December 2018



কালদিয়া পাৰৰ গোঁসানী
(এক চমু অৱলোকন)



কালদিয়া পাৰৰ গোঁসানীএখন আঞ্চলিক উপন্যাস । কাহিনীৰ পটভূমি প্ৰাকস্বাধীনোত্তৰ সময়ৰ পৰা ক্ৰমে ২য় বিশ্বযুদ্ধ, বৃটিছ বিৰোধী সংগ্ৰামৰ পৰা আৰম্ভ কৰি অসম আন্দোলন আৰু আলফাৰ সশস্ত্ৰ বিদ্ৰোহলৈ এক  সুদীৰ্ঘ পৰিক্ৰমা । পৰ্যবেক্ষকৰ দৃষ্টিৰে এই সমগ্ৰ ঘটনাৰ সাক্ষী হৈছে উপন্যাসৰ নায়িকাএই সংগ্ৰামবোৰৰ মাজেৰেই আকৌ নাৰী অধিকাৰৰ চেতনা , স্ত্ৰী-শিক্ষাৰ অধিকাৰ, সাধাৰণ মানুহৰ অৰ্থনৈতিক অৱস্থা , শোষণ , ভিন্ন সামাজিক সংঘাত , স্বাধীনতা আন্দোলনৰ সময়ৰ কেতবোৰ অখ্যাত ঘটনাৰো সাক্ষী হৈছে নায়িকা । নায়িকাৰ স্বামী আৰু জ্যেষ্ঠ ভাতৃ স্বাধীনতা সংগ্ৰামৰ সৈতে প্ৰত্যক্ষভাবে জড়িত । তাৰ মাজেৰেই ভিন্ন মতাদৰ্শগত দন্দ্ব , সংগ্ৰামৰ পন্থাকলৈ সংঘাত , বিশ্বযুদ্ধৰ সময়ত বিপ্লৱী সন্ত্ৰাসবাদী কুছকাৱাজ আদিৰ প্ৰত্যক্ষদৰ্শী হৈছে নায়িকা

       ---গান্ধীজীৰ বিষয়ে তেনেদৰে কোৱা উচিত নহয় । তইচোন ভলন্টিয়াৰবোৰক কানীয়াই বনাই দিলি । ইন্দ্ৰই কলে ।
       --আলবত কম , কিয় নকম ? হেৰৌ , জগতৰ লোক চিপলৈ মৰিব ধৰিছে দেখা নাই । গৰমেন্টে এফালে খাজনা বঢ়াইছে আনফালে কানিৰ মহলদাৰ , মহাজনবোৰে মানুহৰ তেজ শুহিব ধৰিছে । দেখা নাই তহঁতে ? এতিয়া আকৌ শুনিছো অসমক সাঙুৰি জিন্নাই মুছলমান প্ৰদেশ কৰিব  কি হবলৈ গৈ আছে এইবোৰ ? এতিয়া গণআন্দোলন বন্ধ কৰি দুই এজন প্ৰতিনিধিয়ে অনশন কৰিলে কাৰ নোম লৰিব ? অসমৰ সাধাৰণ প্ৰজাৰ প্ৰতি কংগ্ৰেছৰ কোনো অনুকম্পা নাই । বুজিবলৈ বাকী নাই আমাৰ ।  খঙেৰে কলে সূৰ্যই ।...

উপন্যাসৰ কাহিনী বিশ্বযুদ্ধৰ সময়ত বিপ্লৱী সন্ত্ৰাসবাদী কামকাজৰ সাক্ষীহৈ এনেদৰে আগবাঢ়ি গৈছে ।
... পথাৰৰ মাজৰ টঙীঘৰটোত এৰি চাদৰেৰে গামূৰ ঢাকি পদ্ম , সুৰেণ আৰু সূৰ্য । সুৰেণৰ হাতত দুটা নাইট্ৰিক এচিদৰ বটল আৰু পদ্মৰ হাতত ডাঙৰ শ্লাইডিং ৰেঞ্চ এপাত । প্ৰত্যেকৰে কঁকালত চোকা ভূটিয়া পাতাং হাড় কপোৱা জাৰ । ধপাত হুপিবলৈ অনা খেৰৰ জোৰটোতেই হাত সেকিছে সিহঁতে । পথাৰখনৰ সিটো পাৰেই ৰেললাইনটো ।....

উপন্যাসৰ কাহিনী আগবাঢ়ি গৈছে ইংৰাজ চৰকাৰৰ  পুলিচী নিৰ্যাতনৰ মাজেৰে ।

--এইবোৰ কিতাপ পঢ়ি পঢ়ি বৃটিছ ৰাজৰ বিৰূদ্ধে ৰাইজক উচতাইছ তহতে সব জুই লগাই দিম ।পদ্ম- সুৰেণহতত থাকে ক । ৰেললাইন ভাঙিবলৈ তয়ো গৈছিলি নেকি ? দাৰোগাই ধমকি দি সুধিলে ।
-- ৰেল লাইন ভাঙিব ? হেৰি দাৰোগা চাহাব , মই গান্ধীবাদী অহিংস পন্থাক বিশ্বাস কৰা লোকআনৰ কথা নাজানো , এইবোৰ অপযশ মোক নিদিব । দ্বীপেনে প্ৰতিবাদ কৰি কলে ।
--তহত সব একে , দিনৰ পোঁহৰত গান্ধী , ৰাতি দিয় সিন্ধি , চাল্লা চোৰৰ জাত । বল থানালৈতাত কথা পাতিম । দাৰোগাই ৰঙাচকু দেখুৱাই লাঠি জোকাৰি গৰজি উঠিল .....

কাহিনীত বিশ্বযুদ্ধৰ সময়বোৰ চিত্ৰিত কৰা হৈছে এইদৰে—
--মিলিটেৰীবোৰ বোজাই দি দুদিনমানৰ পৰা ৰেলবোৰো  সঘনাই অহা যোৱা কৰিছে । মিলিটেৰীবোৰ হেনো বৰ অমানুহ । মানুহৰ মাংসও খাই দিব পাৰে সিহতে । কোনোৱে কোনোৱে কয়, ৰেল লাইনৰ কাষত ছোৱালী-তিৰোতা দেখিলে হেনো ডাঙি লৈ যায় । এনে বিভিন্ন খবৰবোৰে সকলোকে আতংকিত কৰি ৰাখিছে ।…..

….কেইবাবাৰো ৰেলৰ উকিত নিশাৰ নিস্তব্ধতা ভাগিছে । দিব্যৰ চকু লাগি আহিছিলহে , হঠাত আঁতৰত এটা কৰ্কশ শব্দ, বৰভুইকপৰ শব্দৰ দৰেশব্দটো যেন আকাশত , লাহে লাহে বাঢ়ি আহিছে ক্ৰমশ কাণতালমৰা বিকট শব্দ ।
--মাই, বাহিৰ ওলা , বাহিৰ ওলা । কিবা হৈছে অ' ।
আতংকত অমৃতপ্ৰিয়াই খপজপকৈ দিব্যৰ সৈতে বাহিৰলৈ ওলাই আহিছিল । ইতিমধ্যে ঘৰৰ সকলোৱে বাটত গোট খাইছিল ।
---এয়াৰ ক্ৰাফ্ট , যুজাৰু বিমান । দ্বীপেনে কৈছিল ।
আকাশ পোহৰ কৰি দিব্যহতৰ মূৰৰ ওপৰেদি উৰি গৈছিল কেইবাখনো যুজাৰু বিমান । জোনাক নিশা শুকুলা ধোৱাৰ কুণ্ডলী আকাশত ।…. 

উপন্যাসৰ কাহিনীয়ে চুই গৈছে কানিৰ মহলদাৰ-মাৰোৱাৰী বনিকৰ শোষণ ইত্যাদি কাহিনীৰে....
---হেৰৌ , ভবানন্দৰ ধান কাটিবলৈ মাৰোৱাৰীৰ লোক আহিছে
ফনীন্দ্ৰই বাৰীৰ পিছফালে কিবা কৰি আছিল । কথাশুনি সি দৌৰি আহিল ।
---ঔ ভৱ কাকা , খৰা দালৈ খেদিব নোৱাৰিলি । চাল্লা,  গৰমেন্টৰ লগত লগ লাগি এই মাৰোৱাৰী কেইটাই ৰাইজৰ মাটি ভেটি হৰফ কৰিব লাগিছে । কামৰূপৰ আধা মাটি তাহাতৰ হল । সেইকেইটাই মৈমনছিঙা বাঙালী আনি চাৰিওফালে বহাইছে । হেৰৌ সৰুবাপু , তহঁতৰ গান্ধীয়ে এইবোৰ দেখেনে নাই ঔ ।
কাহিনী পাৰ হৈ গৈছে অসম আন্দোলনৰ মাজেৰে , বাওঁপন্থী আন্দোলনৰ মাজেৰে । আকৌ সেই মতাদৰ্শগত সংঘাত । স্বামীৰ প্ৰতি অগাধ প্ৰেম ,  অকালতে বৈধব্যক আকোৱালী লোৱা নায়িকাৰ মৰ্মান্তিক শোক আৰু অসহায় অৱস্থা ।  গোটেই জীৱন সংগ্ৰাম কৰি কৰি ভাগৰি পৰা নায়িকাৰ হতাশা , কেতিয়াবা আশাবাদ আদিয়ে কাহিনীক আগবঢ়াই নিছে ।

স্বাধীনতাৰ মোহভংগৰ এক অন্যতম দিশ লিপিবদ্ধ হৈছে উপন্যাসখনত ।
সিদিনা তেওঁৰ সহপাঠী বন্ধু বিচিত্ৰ নাৰায়ন দত্ত বৰুৱা , গৌৰীকান্ত তালুকদাৰ আৰু প্ৰাক্তন ছাত্ৰ ৰজনী গোস্বামী আৰু গিৰিধৰ শৰ্মা আদিকে ধৰি কেইবাজনো সহপাঠী বন্ধু আৰু প্ৰাক্তন ছাত্ৰ আহি ওলাইছিল । তেওঁলোকৰ সৈতে বহু কথা পাতিছিল তেওঁ দেশৰ ৰাজনীতি , সমাজনীতিৰ ওপৰত সকলোৱে আক্ষেপ কৰিছিল, তেখেতৰ এনে অসুখৰ সময়ত এজনো কংগ্ৰেছী নেতাই খা খবৰ নোলোৱাৰ বাবে ।
--এতিয়া কাৰো সময় নাই , জখলাখনৰ চিন্তাত সকলো অধীৰ । এতিয়া মাথো ঠিকা, কমিছন আৰু নিৰ্বাচনৰ অংক । বি কে ভাণ্ডাৰীদেৱ আত্মঘাটী নহল আচলতে হত্যা কৰা হল তেওঁৰ দৰে প্ৰকৃত সমাজকৰ্মী এজনক গিৰিধৰ শৰ্মাই আক্ষেপেৰে কৈছিল ।
--এৰাহে গিৰিধৰ । দেশ স্বাধীনতাৰ যি সপোন আছিল , সেয়া সপোন হৈয়েই ৰৈ গমৃত্যুৰ আগে আগে কিবা অলপ ভাল দেখি গলেওঁ বৰ সুখ পালোহেতেন । মাধৱ শৰ্মাই হুমুনিয়াহ কাঢ়ি কৈছিল ।
--আপুনি মৰিব নোৱাৰে । ইমানবোৰ কাম কৰিব লগা আছে । এতিয়াই মৰিলে হবনে । বিচিত্ৰ নাৰায়ন দত্ত বৰুৱাই কৈছিল ।
--স্বাধীনতাৰ ভাগৰকন কেতিয়া মাৰিম বন্ধু ? উদাস হাঁহিৰে কৈছিল মাধৱ শৰ্মাই ।
--আপুনি জিৰাব নোৱাৰে এতিয়াইআমি নেৰিম নহয় । গিৰিধৰ শৰ্মাই কৈছিল ।
  
নায়িকা এগৰাকী সমাজ সংস্কাৰক , পৰম্পৰাগত চিন্তাবোৰৰ পৰা সমাজক মুক্ত কৰাৰ সপোন । অৱশ্যে নায়িকা নাস্তিকো নহয় যেনে---
বুকুৰ মাজত সেই কৃষ্ণ গোপাল , তাইৰ প্ৰতিটো দুখ আৰু যন্ত্ৰণাৰ একমাত্ৰ সাহস । নাস্তিক হব পৰাকৈ ইমানখিনি সাহস তাইৰ নাই । ধৰ্মৰ নামত আখৰে আখৰে সকলো কথা মানি লোৱাৰো পক্ষপাতি নহয় তাই হাড়ে হিমজুৱে তাই এটা কথাই বিশ্বাস কৰে যে মানৱ ধৰ্মই সৰ্বশ্ৰেষ্ঠ , সেই কথাটোকে আজীৱন দৃঢ়তাৰে বিশ্বাস কৰি আহিছে । তাইৰ ডায়েৰীৰ প্ৰতিখিলা পাততো যেন তাৰেই ৰুৰুৱনি । ডায়েৰীৰ পাতত নথকা বহু কথাই মনত পৰে দিব্যৰ । তেসত্তৰটা বসন্ত একেবাৰে কম সময়তো নহয় ।.....

 তথাপি নতুনৰ সৈতে নায়িকাৰ সংঘাত হয় । বিপ্লৱবাদী নতুন প্ৰজন্মই নায়িকাৰ সংস্কাৰবাদী চিন্তাক বিৰোধ কৰে । ...
--মা, তোৰ এই সংস্কাৰে স্থিতাৱস্থাক ৰক্ষণাবেক্ষণ দিয়ে ।
--তাৰ মানে ইমানদিনে মই যি শিকালো, যেনেদৰে তহঁতক ডাঙৰ কৰিলো, সকলো ভুল ?
ক্ষোভেৰে কয় দিব্যই ।
--ভুল বুলি কোৱা নাই মা । কিন্তু আজি সমাজৰ আমোল পৰিৱৰ্তনৰ বাবে এক বিপ্লৱৰ প্ৰয়োজন । পুৰণিকলীয়া সকলো সংস্কাৰৰ পৰা মুক্তহৈ নতুন মানুহৰ জন্মৰ প্ৰয়োজন । পিতাহতে স্বাধীনতাৰ বাবে আন্দোলন কৰিলে তাৰ কি গতি হৈছেতো দেখিছই । কৃষক-শ্ৰমিক খাটিখোৱা জনতাৰ হাতলৈ প্ৰকৃত ক্ষমতা কাঢ়ি আনিব নোৱাৰিলে সকলো মিছা ।  অৰ্থনৈতিক মুক্তি অবিহনে নাৰীমুক্তিও সম্ভৱ নহয় ।

বিদেশী খেদা অসম আন্দোলনৰো প্ৰত্যক্ষদৰ্শী নায়িকা । আন্দোলনৰ মূল দাবীবোৰক অগ্ৰাহ্য নকৰিলেও আন্দোলনৰ মাজত গঢ়ি উঠা হিংসাক সমৰ্থন নকৰে নায়িকাই ।
--সাংঘাটিক কথা হ'ল বাই । গাওঁৰ লৰাবোৰে কৰতীয়া তিনিটাক বেয়াকৈ মাৰিছে । মৰিবই কিজানি । ধৈৰ্যপ্ৰিয়াই  উধাতু খাই আহি কলে ।
--কৈছ কি ? আচৰিতহৈ সুধিলে দিব্যই ।
--অ' বাই , বিদেশী খেদা আৰম্ভ হৈ গৈছে । ঘৰে ঘৰে ধনু-কাড়-যাঠি-তৰোৱাল ভৰি পৰিছে । কি হয় নাজানো । ধৈৰ্যপ্ৰিয়াই কলে ।
--মানুহে মানুহক এনেকৈ মাৰিব নাপায় । বৰ পাপৰ কথা হৈছে । লৰাহঁতক বাধা দিব লাগিব । দিব্যই কলে ।
--তোমাৰ কথা কোনে শুনিব এতিয়া । সবৰে মুৰত পোক উঠিছে বাই । শুনিছো আজিয়েই ল'ৰাবোৰে মুকালমুৱাত জুই দিবলৈ যাব । ধৈৰ্যপ্ৰিয়াই কলে ।
--কি কৈছ ? এনেকৈ জুই দি ঘৰ পুৰি , মানুহ মাৰি বিদেশী খেদিব ?

আলফাৰ সংগ্ৰামৰো প্ৰত্যক্ষ কৰিছে নায়িকাই । সংগ্ৰামৰ লগত বন্দুকৰ সংযোগ, জাতীয় মুক্তি সংগ্ৰামৰ ৰাজনীতি এইবোৰেও চুই গৈছে কাহিনীক । চুই গৈছে মতাদৰ্শগত সংঘাতবোৰো ।
--পেহী, আমিও সমাজতন্ত্ৰত বিশ্বাসী । মীৰাবাইহঁতৰ লগত আমাৰ কিন্তু তফাত্ আছে । সৰ্বভাৰতীয় ৰাজনীতিয়ে আমাৰ জাতিটোক একো দিব নোৱাৰে । ভাৰতীয় কমিউনিষ্ট সকলে ৰাষ্ট্ৰৰ ফলীয়া নহৈ ক্ষূদ্ৰ জাতিবোৰৰ মুক্তি সংগ্ৰামক সমৰ্থন দিয়া উচিত ।

উপন্যাসৰ নায়িকা কেতবোৰ সামাজিক ৰক্ষণশীলতা , পুৰুষতান্ত্ৰিক শোষণৰ সাক্ষী । তাৰ মাজেৰেই সৃষ্টি হৈছে ভিন্ন চৰিত্ৰৰ ।

--আত্মঘাটী হব নোৱাৰিলো বৌ , এই সমাজখনৰ দেখাতহে বৰ নীতি নিয়ম , ধৰ্ম কৰ্ম । বজা বিধৱা দেখিলে ইহতে সব ধুই পানী খায় । বোলো বিধৱাই অমুক কৰিব নালাগে তমুক কৰিব নালাগে । কামভাব ত্যাগ কৰি মৃত স্বামীক চিন্তি থাকিব লাগে । থুই কটা । মুখত থুৱাই দিউ সিহঁতৰ । মই এতিয়া একো নামানো বৌ , পালে মাছ মাংস সব খাওঁ । যতে যি পাওঁ, ৰঙা নীলা সব পিন্ধো । লোকে মোক বেয়া তিৰোতা বুলি কয় । কওঁক , মোৰ কি আহে যায় ।
বাল্যবিবাহ আৰু বিধবা ভিক্ষাৰিণী । বেদনাদায়ক দৃশ্যবোৰৰ সাক্ষী উপন্যাসৰ নায়িকা ।

...ঘৰত একো নাথাকিলে শাহুমাকে বাহি ভাতকে এচিকুট নিমখ, এটা জলকীয়াৰে আগবঢ়াই দিয়ে । তাতেই তৃপ্তি সিহতৰ । চোতালৰ একোণত বহি কলপাতত শুকান কৰ্কৰা কেইটাকে চবোৱা দেখিলে চকুলো ধৰি ৰাখিব নোৱাৰা হয় তাই  অথচ ইহঁতো এদিন হয়তো কোনোবা ভাল ঘৰৰ ছোৱালী আছিল । হয়তো মহাজনৰ শোষণত সৰ্বশ্ৰান্ত হৈছে কোনোবা , হয়তো স্বামীৰ মৃত্যুৰ পিছত আত্মীয় সজ্জন , পৰিয়ালে এঘৰীয়া কৰিছে ....

.....--আই, আছনা ?  কিবা খাবা দে হা ।
দিনটোত এবাৰ হলেও তাই শুনে হৃদয়ত কৰবাত বিন্ধি যোৱা যেন লগা মাত । ষ্পষ্ট, পেচাদাৰী ! অথচ কি যে কৰুণ ।
পদুলিমুখত এই মাতষাৰ লাহে লাহে চিনাকি হৈ আহিল দিব্যৰ । এই বাক্যষাৰ কানত পৰা মাত্ৰকে তাই উচপ খাই উঠে । কি কৰুণ আৰু অসহায় এই কণ্ঠ ।

….এই বিধবাবোৰৰ যন্ত্ৰণা আৰু অভাৱ দেখিলে অন্তৰাত্মা কঁপি উঠে তাইৰ । তাই একো খাব নোৱাৰা হয় । চকুৰ আগত কেবল ভাহি থাকে সিহতৰ শুকান অভাৱী মুখ, কোটোৰস্থ চকু
উপন্যাসৰ নায়িকাৰ নিজৰ যৌন জীৱনকো গোপন কৰা নাই । গোপন কৰা নাই প্ৰথম পৌৰুষৰ ষ্পৰ্শ ।
….তাই বিচনাত মূৰ থৈ ফেকুৰিবলৈ ধৰিলেবিভিন্ন প্ৰশ্নই দোলা দি অশান্ত কৰি তুলিছিল তাইৰ মন মগজু । বাহিৰত বিজুলী ঢেৰেকনি আৰু চিপ চিপ বৰষুণ যেন শেষেই নহব অথচ ন কইনা নিশা দোভাগলৈ অকলশৰে ! নাই, আজি তাই কৈ দিব , যি মনত আহে সকলো কব । কোব খোৱা বিষাক্ত সাপৰ দৰে খং অভিমানত ফোপাইছিল তাই ।….

এসময়ত দুৱাৰ খুলিছিল ।
...দুখন উমাল হাতে সাবটি ধৰিছিল তাইক । শক্তিশালী বাহুবন্ধনত তাই লেতুসেতুহৈ পৰিছিল । আদৰেৰে চুম্বন আকি দিছিল তাইৰ ওঠত । তাই যেন এক উকা কেনভাছ , যত চিত্ৰকৰে যেনেকৈ মন যায় যাদুৰ তুলিকা বুলাই গৈছে । তাই কপি উঠিছিল প্ৰথম পৌৰুষৰ ষ্পৰ্শত ।…..

স্বাধীনতাৰ পিছত বিষ্ণুৰাভাৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সংগ্ৰাম । নতুন শাসক গোষ্ঠীৰ সুবিধাবাদ আৰু ক্ষমতাৰ খোৱাকামোৰা , আন্দোলনৰ সময়ৰ বিখ্যাত নেত্ৰীৰ পিছৰ পৰ্যায়ত ভ্ৰষ্টাচাৰ আৰু আদৰ্শগত স্খলনৰো প্ৰত্যক্ষ কৰিছে উপন্যাসৰ নায়িকাই ।
ভোগবাদী সমাজৰ বিভিন্ন দিশবোৰত বিব্ৰত অনুভৱ কৰে নায়িকাই ।

…..মানুহবোৰৰ ব্যক্তিকেন্দ্ৰিকতাত অবাক হৈ পৰে দিব্যই । শেহতীয়াকৈ মানুহবোৰৰ প্ৰচণ্ড ভোগবাদী চেতনাই যেন তাইৰ দৰে শত সহস্ৰজনৰ জীৱনৰ  সমস্ত ত্যাগ , সমস্ত কৃতকৰ্মৰ ওপৰত ডাঙৰ প্ৰশ্নবোধক আঁকি দিলেসৰহসংখ্যক মানুহেই এতিয়া নিজকে প্ৰতিষ্ঠা কৰাৰ নিগনি দৌৰত ব্যস্ত । অসম আন্দোলন গল । এচাম নেতা হল , ধনী হসমাজখনৰ অৱশিষ্ট খিনিও টুকুৰা টুকুৰ হতাৰ মাজেৰে এচামে এতিয়াও নিস্বাৰ্থভাবে দেশৰ বাবে , জনগনৰ বাবে কাম কৰি গৈছে ভৱিষ্যত প্ৰজন্মই যাতে সুখী হয়, যাতে মুক্ত মানুহ হিচাপে জীয়াই থাকিব পাৰে তাৰ বাবে এচামৰ ত্যাগ অৱশ্যম্ভাৱী কিন্তু সেইবুলি এচামে সদায় ত্যাগ কৰি যাব, আৰু এচামে সকলো সামাজিক চেতনাবোধৰ ডিঙি মুছৰি মাথো তাৰ ফলবোৰ ভোগ কৰি যাব , সেই কথাটোই বৰ আচৰিত কৰে দিব্যক ।

বিগত দিনৰ সংগ্ৰাম আৰু মানুহৰ সুবিধাবাদী চৰিত্ৰত বিব্ৰত হলেও আশা এৰি দিয়া নাই কাহিনীৰ নায়িকাই । কাহিনী সমাপ্ত হৈছে তেনে এক আশাবাদেৰেই ।




No comments:

Post a Comment