Friday, 23 August 2019

গোৱালপাৰাত বৃটিছ ঔপনিৱেশিক শোষণৰ  স্বৰূপ আৰু  মেচপাৰা জমিদাৰ ৰণাৰাম চৌধুৰীৰ সংগ্ৰাম

                           -ৰক্তিম শৰ্মা 


       

মেচপাৰা জমিদাৰ ৰণাৰাম চৌধুৰী বৃটিছ সাম্ৰাজ্যবাদবিৰোধী সশস্ত্ৰ সংগ্ৰামৰ এক পাহৰি যোৱা ইতিহাস । ১৭৮৯ খৃ.ৰ ২২ নবেম্বৰৰ পুৱতি নিশা  গোৱালপাৰাৰ কালেক্টৰ তথা ইষ্ট ইণ্ডিয়া কোম্পানীৰ  অসম-বাণিজ্যৰ তত্বাবধায়ক কেপ্তেইন হুগো বেইলীয়ে সেই সময়ত মেচপাৰাৰ জমিদাৰ ৰণাৰাম চৌধুৰীৰ সশস্ত্ৰ বিদ্ৰোহৰ বলি হৈছিল । এই বিদ্ৰোহৰ বিষয়ে বেইলীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আৰ্ল কৰ্ণৱালিছ আৰু বোৰ্ড অৱ ৰিভিনিউৰ সভাপতি জন শ্ব’ৰলৈ লিখা পত্ৰসমূহৰ উদ্ধৃতিৰে ড০ সূৰ্যকুমাৰ ভুঞাই এইবিষয়ে টোকা লিখি থৈ নোযোৱাহেতেন কিজানি ঔপনিবেশবিৰোধী সশস্ত্ৰ সংগ্ৰামৰ এক গৌৰৱোজ্জল ইতিহাস কোনেও নজনাকৈয়ে থাকিলহেতেন ।  পলাশীৰ যুদ্ধত বংগক নৱাব চিৰাজ-উদ-দৌলাৰ পতনৰ পিছৰে পৰাই বংগৰ নৱাবৰ অধীনত থকা অবিভক্ত গোৱালপাৰাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ অবাধ লুণ্ঠন আৰু আগ্ৰাসন আৰম্ভ হৈছিল । সেইখিনি সময়তেই  ইষ্ট ইণ্ডিয়া কোম্পানীৰ ঔপনিবেশিক শাসন-শোষণৰ পৰা মুক্তি পাবলৈ স্থানীয় শাসকসকলৰ মাজত গোপনে বিদ্ৰোহৰ উকমুকনিয়ে দেখা দিছিল । এই শাসকসকল আছিল সেইবোৰ অঞ্চলৰ প্ৰাচীন শাসক যিসকলক মোগলে কৰতলীয়া হিচাপে ৰাখিছিল যদিও বহুপৰিমাণে স্বতন্ত্ৰ ক্ষমতা আৰোপ কৰিছিল । 

মেচপাৰা জমিদাৰীৰ প্ৰতিষ্ঠাৰ ইতিহাস আলোচনাৰ প্ৰাৰম্ভিকতে উনুকীয়াই থোৱা উচিত হব । গেইটৰ মতে, গোৱালপাৰা জিলাৰ খুটনাঘাট পৰগণাত বাৰ জন প্ৰধান মেচ বা কোচ আছিল । তাৰ ভিতৰত গোৱৰো (১৪০৪-১৪৪৭ খৃঃ) অন্যতম । মেচপাৰাৰ প্ৰথমজন জমিদাৰ (স্বাধীন ৰজা) থানা কমল লোচন (১৪৪৭-১৫০৫ খৃঃ) এই গোৱৰৰে পুত্ৰ হব পাৰে । জনশ্ৰুতি মতে হাড়িয়া মণ্ডলৰ পুত্ৰ বিশ্বসিংহই ফুলগুৰিৰ ভুঞাসকলক পৰাস্ত কৰি ১৫১৫ খৃঃত পশ্চিমে কৰতোৱা নৈ লৈকে আৰু আৰু পূৱে বৰনদীলৈকে ৰাজ্য বিস্তাৰ কৰে । বিজনীৰ ভুঞাক তেওঁ পৰাস্ত কৰিলেও সকলো ভুঞাক পৰাস্ত কৰিব পৰা নাছিল । এনে এটা সময়তেই হয়তো পঞ্চদশ শতিকাৰ শেষ দশকত থানা কমললোচনে প্ৰতিষ্ঠা কৰা মেচপাৰা  বিশ্বসিংহই ষষ্ঠদশ শতিকাৰ আৰাম্ভনিৰ দশকত দখল কৰিছিল । শেষত মেচপাৰা জমিদাৰী মোগলৰ তললৈ যোৱাত মোগলেই তেওঁলোকক চৌধুৰী উপাধি প্ৰদান কৰিছিল ।*১

থানা কমলৰ পুত্ৰ মেঘৰামে (১৫০৪-১৫৬১ খৃঃ) মেচপাৰাৰ জমিদাৰ হয় । তেওঁৰ সময়ত মেচপাৰাৰ ৰাজধানী আছিল বালিজানাৰ কাষৰ অজগৰ পাহাৰৰ নামনিৰ তিচিমপুৰত । মেঘৰামে ৰঙামাটিত থকা মোগল ফৌজদাৰক সামান্য পৰিমাণৰ কৰ পৰিশোধ কৰিব লাগিছিল । কৰ হিচাপে হাতী , সামান্য পৰিমাণৰ অগৰু আৰু কঁপাহ যোগান ধৰিব লাগিছিল । মেঘৰামৰ উত্তৰসুৰী ৰণাৰামে ৰাজধানী হাতোগাঁও আৰু ৰাঙাচৰণ পাহাৰৰ মাজত থকা বুড়িদাগড়ৰ পৰা তিচিমপুৰলৈ স্থানান্তৰিত কৰে । গাৰোৰ সঘন আক্ৰমনৰ বাবে তেওঁ পুনৰ ৰাজধানী হাতোগাওঁলৈ তুলি আনে । ড০ শান্ত বৰ্মনে তেখেতৰ গ্ৰন্থত হাতোগাঁৱৰ বুড়িদাগড় বুলি উল্লেখ কৰিছে যদিও তেনে নামৰ কোনো ঠাইৰ বিষয়ে স্থানীয় লোক অৱগত নহয় । তেখেতে উল্লেখ কৰা ঠাইখিনিত প্ৰকৃততে বৰোগবল নামৰ এখন গাঁৱহে আছে । হয়তো এই বৰোগবলেই ভুলবশতঃ বুড়িদাগৰ হব পাৰে । মেচপাৰা জমিদাৰৰ সুসন্তান প্ৰয়াত অৰুন চৌধুৰীদেৱে লক্ষীপুৰ নগৰৰ সমীপৰ হাতোগাঁৱৰ ‘চাইন বোৰ্ড’ নামে ঠাইখিনিকেই ৰণাৰামৰ ৰাজধানী বুলি গণ্য কৰি উক্ত ঠাইখিনিৰ নাম ৰণাৰামপুৰ দিছিল । মেচপাৰা জমিদাৰৰ অন্তিম ৰাজধানী হ’ল লক্ষীপুৰ । জমিদাৰ লক্ষ্মীনাৰায়ন ওৰফে পৃথ্বীৰাম চৌধুীৰৰ নামেৰে ৰাজধানীৰ নাম লক্ষীপুৰ ৰখা হৈছিল ।   

গোৱালপাৰাত অধিকসংখ্যক স্থানীয় জমিদাৰ আছিল বিজনীৰাজৰ অধীনস্থ ড়াইবাৰী, কালোমালোপাৰা আৰু মেচপাৰা পোনে পোনে বংগৰ নৱাবৰ অধীনস্থ আছিল । গৌৰীপুৰ, হাব্ৰাঘাট আদি একাধিক পৰগণা আছিল বিজনীৰাজৰ অধীন । বিজনীৰাজে মোগলক দিব লগা পেছকচ এই পৰগণাৰ জমিদাৰসকলে সংগ্ৰহ কৰি দিছিল । আনহাতে মেচপাৰা, কড়াইবাৰী আৰু কালোমালোপাৰাৰ জমিদাৰে মোগলক পেছকচ আদায় দিয়াৰ উপৰিও ঢাকাত থকা মোগল সেনাৰ বাবে ৰচদ-পাতি যোগান ধৰিছিল আৰু গাৰোপাহাৰৰ সীমান্তৰক্ষক হিচাপে দায়িত্ব পালন কৰিছিল । উল্লেখযোগ্য যে মোগল শাসকক এই পেছকচ  টকা-পইচাৰে আদায় দিব লগা হোৱা নাছিল, বৰং হাতী , কঁপাহ, অগৰু আদিৰ মাধ্যেমেৰেহে হৈছিল । ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ  জমিদাৰসকলে মোগলক দিবলগা এই পেছকচ  সংগ্ৰহ কৰিছিল  মূলতঃ গাৰোপাহাৰৰ পৰা । গাৰোসকলে পৰ্বতৰ পৰা ভৈয়ামলৈ বিনিয়য় কৰিবলৈ অনা কঁপাহত শুল্ক ধাৰ্য কৰা হৈছিল । যাক ছায়েৰ শুল্ক বুলি কোৱা হৈছিল । এই ছায়েৰ শুল্ক আদায়ৰ অধিকাৰ আছিল কেৱল জমিদাৰৰএই ছায়েৰ শুল্ক জমিদাৰী আয়ৰ প্ৰধান উত্স আছিল ।

ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ শাসন চম্ভালী লোৱাৰ পিছত পোনতে মোগলৰ আৰ্হিতেই শাসন চলাবলৈ ধৰিলে । সেইসময়ত জমিদাৰসকল কেৱল ভূ-সম্পত্তিৰ গৰাকীয়ে নাছিল । শাসন ব্যৱস্থাৰ অংগও আছিল । সকলো ধৰণৰ স্থানীয় দেৱানী-ফৌজদাৰী ক্ষমতা জমিদাৰসকলৰ হাতত ন্যস্ত আছিল । জমিদাৰকল আছিল একো একোজন ক্ষূদ্ৰ-ক্ষূদ্ৰ ৰজা ।  স্থানীয় প্ৰজাইও তেওঁলোকক ৰজা (Sovereign Power) বুলিয়েই গন্য কৰিছিল । গৱেষক ড০ শান্ত বৰ্মনে তেখেতৰ গ্ৰন্থ ‘গোৱালপাৰাৰ জনইতিহাস’ত উল্লেখ কৰিছে যে, ‘মোগলৰ অধীনতো মেচপাৰা জমিদাৰ কাৰ্যতঃ স্বতন্তৰীয়া আছিল । প্ৰজাৰ ওপৰত তেওঁৰ প্ৰভূত্ব অসীম । গাৰো পাহাৰৰ নামনি অঞ্চলৰ বাসিন্দাসকলৰ ওপৰতো তেওঁৰ কৰ্তৃত্ব গজগজীয়া । মোগল সম্ৰাটৰ বশ্যতা স্বীকাৰ কৰি জমিদাৰে নামমাত্ৰ ৰাজস্ব শোধাইছিল । এই ৰাজহ মোগল প্ৰাদেশিক গৱৰ্ণৰ ৰঙামাটিস্থ ফৌজদাৰৰ ওচৰত জমা দিব লাগিছিল । নগদ টকাৰ সলনি বস্তুবাহানি দি ৰাজস্ব শোধোৱাৰ কথা পোৱা যায় ।‘ *২

উপৰোক্ত জমিদাৰী শাসন থকা পৰগণাসমূহৰ ৰায়তৰ অৱস্থা, অৰ্থনৈতিক-উত্স, উত্পাদন, কৰ-সংগ্ৰহৰ পদ্ধতি, জমিদাৰসকলৰ দায়িত্ব , ক্ষমতা আৰু সংঘাতসমূহ পৰগণাভেদে পৃথক আছিল । ব্ৰহ্মপুত্ৰৰ উত্তৰে থকা পৰগণাসমূহ আৰু দক্ষিণৰ পৰগণাসমূহৰ ক্ষমতা আৰু অধিকাৰৰ পাৰ্থক্য আমি ওপৰত উল্লেখ কৰিছো । এই লেখাটোত আমি মূলতঃ ব্ৰহ্মপুত্ৰৰ দক্ষিণ-পশ্চিমৰ মেচপাৰা পৰগণাৰ জমিদাৰী বিষয়ত আলোচনা কৰিম । বিদ্ৰোহৰ নায়ক ৰণাৰাম চৌধুৰী (১৭৩০-১৭৯০ খৃ) এই পৰগণাৰেই জমিদাৰ আছিল । ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰূদ্ধে সংগ্ৰাম কেৱল মেচপাৰা জমিদাৰে ৰণাৰাম চৌধুৰীয়েই কৰা নাছিল । ৰণাৰাম চৌধুৰীৰ বিফল বিদ্ৰোহৰ প্ৰায় পোন্ধৰ বছৰ পিছত অৰ্থাত্ ১৮০৫ খৃঃত কৰৈবাৰীৰ জমিদাৰ মহেন্দ্ৰ নাৰায়ন চৌধুৰীয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত থকা সেৰপুৰ আক্ৰমন কৰি মৈমনসিং দখল কৰিছিলগৈ ।* এই কৰৈবাৰীৰ জমিদাৰো ছিল প্ৰাচীন ৰাজবংশৰ  আৰু প্ৰাচীনতম জমিদাৰ ।

 ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই ভূমিৰ ওপৰত আগ্ৰাসন নকৰালৈকে সাধাৰণ লোকৰ জীৱন-ধাৰণৰ পদ্ধতি সৰল আছিল । সামন্তীয় শোষণৰ পদ্ধতিও ভিন্ন আছিল । প্ৰাচীন জমিদাৰসকলক সাধাৰণ প্ৰজাই মাটিৰ ওপৰত খাজনা দিব নালাগিছিল, কৰ আদায় দিব লাগিছিল জলকৰ-বনকৰ-ফলকৰ আদিৰ মাধ্যমেৰেহে । নগদ ধনেৰে কৰ আদায় দিয়াৰ দস্তুৰ নাছিল । মোগলেও পূৰ্বতে নগদ মুদ্ৰাৰে ৰাজহ আদায়ৰ নিয়ম কৰাত উজুটি খাব লগা হৈছিল ।  ড০ অমলেম্দু গুহই তেখেতৰ গ্ৰন্থ ‘জমিদাৰকালীন গোৱালপাৰা জিলাৰ আৰ্থ-সামাজিক ব্যৱস্থা, এটি ঐতিহাসিক দৃষ্টিপাত’ত উল্লেখ কৰিছে যে, মোগল অধীন হোৱাৰ আগতে নগদ ধনেৰে খাজনা আদায় কৰা পদ্ধতি নাছিল । ইয়াত পাইক ব্যৱস্থা আছিল আৰু গা খাটনিৰে ৰাজহ
দিয়াৰ নিয়ম আছিল । এতেকে নগদ মুদ্ৰাৰে মাটিৰ ৰাজহ দিব লগা হোৱাত প্ৰজাসকল বিমোৰত পৰে, ফলত মোগল শাসনৰ বিৰূদ্ধে প্ৰজা-বিদ্ৰোহ হয় ।প্ৰকৃততে সাধাৰণ প্ৰজাৰ হাতত নগদ ধনৰ আকাল আছিল । কৃষিপদ্ধতিও আছিল প্ৰাচীন । ৰায়তসকলে হাবি ভাঙি ঝুম পদ্ধতিতে খেতি কৰাত অভ্যস্ত আছিল । ৰায়তে উত্পাদন কৰা শস্যৰ এটা অংশ ‘ফলকৰ’ৰ মাধ্যমত জমিদাকৰ আদায় দিব লাগিছিল । খৰাং-কাকতি ফৰিংৰ আক্ৰমন আদি কৰি নানা প্ৰকৃতিক দুৰ্যোগ নিয়মিত ঘটনা আছিল । জমিদাৰক দিব লগা ‘ফলকৰ’ৰ বোজা , কৃষিপদ্ধতিৰ প্ৰাচীন ৰূপ আৰু  প্ৰাকৃতিক দুৰ্যোগে ৰায়তক এখন পৰগণাৰ পৰা আনখন পৰগণালৈ খেদি পঠাইছিল । ৰায়তক একে ঠাইতে বান্ধি ৰাখিব পৰাৰ ব্যৱস্থাও নাছিল আৰু জমিদাৰসকলে প্ৰজাৰ কৰৰ ওপৰত নিৰ্ভৰশীলো নাছিল । পাইক প্ৰথাৰ দৰে জমিদাৰৰ পামত গা খাটি দিয়া দস্তুৰ আছিল । আংশিকভাবে আহোম ৰাজত্বৰ নিচিনাই কোচ-অসমতো এক অৰ্ধসামন্তীয় জনজাতীয় পদ্ধতি আছিল । যদিও কোচ-অসমত পুৰুষাণুক্ৰমে ভূমি ভোগ দখলৰ অধিকাৰ আছিল কিন্তু সাধাৰণ ৰায়তৰ জীৱন-ধাৰণৰ শৈলীয়ে প্ৰাচীন জনজাতীয় পদ্ধতিকে আকোৱালী লৈছিল বা কবলৈ গ’লে বিশুদ্ধ সামন্তবাদী সমাজলৈ উত্তৰণ ঘটাৰ সুযোগ পোৱা নাছিল ।

সাধাৰণ মানুহৰ এই সমস্ত জীৱন-শৈলীৰ পৰিৱৰ্তন ঘটিছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে জাপি দিয়া বংগৰ চিৰস্থায়ী বন্দোবস্তি (Permanent Settlement)ৰ ফলত । যাৰবাবে প্ৰাচীন ৰাজনৈতিক পদ্ধতিৰ সৈতে নতুন উপনিবেশিক পদ্ধতিৰ সংঘাত হোৱাটো নিশ্চিত আছিল । চিৰস্থায়ী বন্দোৱস্তিৰ ফলত ৰায়তসকলে এঠাইতে থাকিবলৈ বাধ্য হৈছিল আৰু মাটিৰ ওপৰত নগদ ধনেৰে খাজনা আদায় দিব লগাত পৰিছিল । জমিদাৰসকলে কেৱল খাজনাৰ ওপৰতহে অধিকাৰ পাইছিল । অন্য পূৰ্বৰ সকলো ক্ষমতা হেৰুৱাই পেলাইছিল । জমিদাৰী ব্যৱস্থা হৈ পৰিছিল জোৰ জুলুম কৰি খাজনা আদায় কৰা এটা ব্যৱস্থালৈ । এইদৰে সাধাৰণ ৰায়তৰ পৰা প্ৰাচীন জমিদাৰসকল বিচ্ছিন্ন হৈ পৰিছিল আৰু সমগ্ৰ গোৱালপাৰাত কৃষক বিদ্ৰোহে গা কৰি উঠিছিল । সেয়া এক অন্য আলোচনাৰ বিষয় ।

উল্লেখযোগ্য যে ৰণাৰাম চৌধুৰীৰ বৃটিছ উপনিবেশ বিৰোধী বিদ্ৰোহ কিন্তু চিৰস্থায়ী বন্দোবস্তি (Permanent Settlement) জাপি দিয়াৰ প্ৰায় তিনিবছৰ পূৰ্বৰ কাহিনী । চিৰস্থায়ী বন্দোবস্তিৰ ফলত জমিদাৰ মাটিৰ মালিক হৈ পৰিল আৰু প্ৰজাই মাটিৰ ওপৰত অধিকাৰ হেৰুৱালে ।*৪  চিৰস্থায়ী বন্দোবস্তি (Permanent Settlement)ৰ আগলৈকে জমিদাৰৰ সৈতে সাধাৰণ প্ৰজাৰ প্ৰত্যক্ষ সংঘাত নাছিল । কাৰণ মেচপাৰা জমিদাৰৰ আয়ৰ মূল উত্স আছিল গাৰোমহলৰ শালকাঠ, অগৰু, লা, গজদন্ত , গড়ৰ খৰ্গ, ৰবৰ, হাতী আৰু কঁপাহ । ড০ মীৰাদেৱীয়ে তেখেতৰ গ্ৰন্থ মেচপাৰা জমিদাৰীঃ নগেন্দ্ৰ নাৰায়ন চৌধুৰী আৰু আৱাহনৰ গুৰি কথাত উল্লেখ কৰিছে যে, ‘মেচপাৰাত আবাদযোগ্য ভূমি কম আছিল । মেচপাৰাৰ মুঠ ৫৫০ বৰ্গ মাইলৰ ভিতৰত আবাদযোগ্য ভূমি আছিল মাত্ৰ ৬৪ বৰ্গ মাইল । গোৱালপাৰা তালুকৰ ৩৬ বৰ্গমাইলৰ ভিতৰত মাত্ৰ ৬ বৰ্গমাইল হে আবাদযোগ্য ভূমি আছিল ।‘*৫ সেয়ে  ৰায়তৰ পৰা পোৱা কৰ যিহেতু নগণ্য আছিল গতিকে সেয়া গুৰুত্বপূৰ্ণও নাছিল । ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গাৰোপাহাৰ মালিক হৈ পৰাত জমিদাৰৰ এই সমস্ত আয়ৰ উত্সবোৰ হস্তগত কৰাত লাগিল । আদিতে গাৰো চৰ্দাৰসকলে গাৰোমহলৰ উত্পাদিত দ্ৰব্যৰ সামান্য কৰ বাদে একো নাপাইছিল । কঁপাহ আদি উত্পাদিত দ্ৰব্য বণিকসকলে গাৰো মুখিয়ালবোৰৰ পৰা নিকিনি জমিদাৰৰ পৰা কিনিবলৈ বাধ্য আছিল । গাৰো মুখিয়ালসকলে ইয়াৰ অভিযোগ নতুন প্ৰশাসক ইষ্ট ইণ্ডিয়া কোম্পানীক দি কোম্পানীৰ বিশ্বস্থ হবলৈ
 যত্ন কৰিছিল যদিও পিছলৈ  লা, কঁপাহ আদি  গাৰো চৰ্দাৰ সকলৰ পৰা নিকিনি নিজাকৈ মানুহ লগাই কিনিবলৈ লোৱাত গাৰো চৰ্দাৰসকলো কোম্পানীৰ বিৰূদ্ধে বিতশ্ৰদ্ধ হৈছিল ।

উল্লেখযোগ্য যে, বেইলীৰ তত্বাবধানত বছৰি প্ৰায় ৫০,০০০ মোন কঁপাহ গোৱালপাৰাৰ পৰা ৰপ্তানী হৈছিল, যাৰ বজাৰ মূল্য সেইসময়ত ১,৭৫,ooo/-টকা  গোৱালপাৰাৰ কঁপাহেৰেই বৃটেইনত বস্ত্ৰ উদ্যোগ গঢ়ি উঠিছিল বুলি ক’লেও কিজানি অত্যুক্তি কৰা নহব । বৃটেইনত তৈয়াৰী কাপোৰ গোৱালপাৰালৈ আমদানি হৈছিল, যাৰ বজাৰ মূল্য আছিল ২,০০,০০০/-টকা ।*৬ দেখ-দেখকৈ এক উপনিবেশিক ব্যৱস্থাৰ সুত্ৰপাত হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন ব্যৱস্থাত ।১৮৭৫ চনলৈকে গাৰো পাহাৰৰ ওপৰত জমিদাৰৰ কৰ্তৃত্ব একেবাৰে অৱলুপ্ত হোৱা নাছিল । ১৮৭৫ চনৰ ১৬ জুলাই তাৰিখৰ পৰাহে বৃটিছ চৰকাৰে গাৰো পাহাৰৰ নিৰ্দিষ্ট সীমাৰ ভিতৰত শুল্ক, ৰাজস্ব আৰু অন্যান্য কৰ সংগ্ৰহত বাধা আৰোপ কৰে ।**7 পূৰ্বতে গাৰো চৰ্দাৰসকলৰ এই সংঘাত আছিল জমিদাৰৰ সৈতেহে । তাৰোপৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনত লোণৰ আকাশলঙ্ঘী দামে সাধাৰণ প্ৰজাৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল । গাৰো প্ৰজাই নিজৰ উত্পাদিত কঁপাহ লোণৰ সৈতে সলাইছিল । লোণৰ মূল্য বঢ়াই দি বিনিময়ত অত্যাধিক কঁপাহ আহৰণ কৰিছিল কোম্পানীয়ে । বাণিজ্যিক ক্ষেত্ৰৰ পৰা স্থানীয় বনিকসকলো উচ্ছেদ হব লগীয়া হৈছিল ।  মেচপাৰা জমিদাৰ ৰণাৰাম চৌধুৰীয়ে শক্তিশালী ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰূদ্ধে সশস্ত্ৰ সংগ্ৰামৰ পাতনি মেলাৰ সাহস কৰিছিল হয়তো নতুন উপনিবেশিক ব্যৱস্থাৰ সৈতে ৰায়ত, গাৰো চৰ্দাৰ আৰু স্থানীয় বনিকসকলৰ অসন্তুষ্টিৰ ওপৰত ভৰসা কৰিয়েই । ক্ষেত্ৰত গৱেষক অনিল ৰায়চৌধুৰীয়ে তেখেতৰ গ্ৰন্থ ‘নামনি অসমৰ মধ্যশ্ৰেণী’ত সঠিকভাৱেই উল্লেখ কৰিছে যে, ‘...ৰণাৰাম চৌধুৰী সংক্ৰান্তত কৈ অহা ঘটনাটোৰ সৈতে উক্ত ধৰণৰ গাৰো বা অন্য জনজাতি তথা জনজাতিমূলৰ প্ৰজাৰ উত্পাদন পদ্ধতিৰ সম্পৰ্ক থাকিব পাৰে । কাৰণ, যিটো সময়ত (১৯৮৮ ইং) ত ঘটনাটো ঘটিছিল সেই সময়তেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বস্তুৰ পৰিৱৰ্তে নগদ ধনেৰে খাজনা আদায়ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ।‘*৮

তাহানি ব্ৰহ্মপুত্ৰৰ দক্ষিণে গোৱালপাৰাৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত মেচপাৰা জমিদাৰসহ আৰু তিনিখন জমিদাৰী আছিল । কড়াইবাৰী, কালোমালোপাৰা আৰু হাব্ৰাঘাট । হাব্ৰাঘাট পৰগণা বিজনী ৰাজৰ অধীন আছিল আৰু কালোমালোপাৰা পৰগণা পিছলৈ গৌৰীপুৰ জমিদাৰ ধীৰচন্দ্ৰ বৰুৱাই নিলামত কিনি লৈছিল । বৰ্তমানৰ গোৱালপাৰা চহৰ আছিল বিজনী ৰাজৰ এখন তালুক । যাক গোৱালপাৰা তালুক বুলি জনা গৈছিল ।  ড০ মীৰাদেৱীয়ে তেখেতৰ গ্ৰন্থ মেচপাৰা জমিদাৰীঃ নগেন্দ্ৰ নাৰায়ন চৌধুৰী আৰু আৱাহনৰ গুৰি কথাত উল্লেখ কৰিছে যে, মেচপাৰা জমিদাৰ গোবিন্দৰাম চৌধুৰীয়ে এই গোৱালপাৰা তালুক বিজনী ৰজাৰ ৰাজকুমাৰীৰ সৈতে বিবাহৰ সুত্ৰে যৌতুক হিচাপে পায় আৰু তেতিয়াৰে পৰা মেচপাৰা জমিদাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ আহে । এই গোৱালপাৰা তালুক কোচ-অসম, আহোম-অসমৰ পৰা বাৰ্মা (Myanmar)লৈ অতি উল্লেখযোগ্য বৈদেশিক বাণিজ্যিক কেন্দ্ৰ আছিল । যোগীঘোপাৰ বন্দৰ আছিল অসম বাণিজ্যৰ অতি গুৰুত্বপূৰ্ণ ঘাটী । বংগৰ নৱাবৰ শাসন থকাৰে পৰা  ফৰাচী বণিকসকলে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই বাণিজ্যিক কেন্দ্ৰত ঘাটী পাতিছিল আৰু আহোম-অসম আৰু বাৰ্মাৰ সৈতে আমদানি-ৰপ্তানী ব্যৱসায় আৰম্ভ কৰিছিল । পিছলৈ ফৰাচীক আঁতৰাই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লোণৰ (Salt) একচেতীয়া ব্যৱসায়ৰ মালিক হৈ পৰিছিল । পূৰ্বতে ৰাজস্থানৰ বিখ্যাত ব্যৱসায়ী জগত শেঠৰ সম্পৰ্কৰ মাৰোৱোৰী বনিকসকলে এই ব্যৱসায় নিয়ন্ত্ৰণ কৰিছিল । এই ব্যৱসায়ত জমিদাৰসকলে প্ৰত্যক্ষ-পৰোক্ষভাবে বিনিয়োগ কৰি লাভ্যাংশৰ উপৰিও কৰ-কাটলৰ অংশ ভোগ কৰিবলৈ পাইছিল ।

১৭৫০ চনত বংগদেশ আৰু দক্ষিণ ভাৰত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰাজনৈতিক দখললৈ অহাত বাণিজ্যৰ একচেতীয়া অধিকাৰ আৰু বিত্তীয় সমলৰ ওপৰত দখল–এই দুটা উদ্দেশ্য সাধিত হ’ল । কোম্পানী অধিকৃত অঞ্চলবোৰত চৰকাৰী শুল্কৰ ওপৰত দখল লাভ কৰিলে আৰু ইয়াৰ ফলত স্থানীয় শাসক, সম্ভ্ৰান্ত পৰিষদ আৰু জমিদাৰ সকলৰ সঞ্চিত সম্পদ হস্তগত কৰিব পৰা হ’ল ।*৯
বংগৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যোৱাৰ পিছতেই ক্ৰমশঃ কোম্পানীৰ এচাম বিষয়াই পূৰ্বৰ মোগল শাসন পদ্ধতিৰ বিপৰীতে প্ৰত্যক্ষভাৱে নিজৰ শোষণকাৰী উপনিবেশিক চৰিত্ৰ প্ৰকট কৰি তোলে । কোম্পানীৰ এচাম বিষয়াই অসম-বাণিজ্যৰ বাণিজ্যৰ সকলো অধিকাৰ হস্তগত কৰি একচেতীয়া অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ লয় । লোণৰ ওপৰত কৰ বৃদ্ধি কৰাৰ উপৰিও লোণৰ মূল্য আকাশলংঘী কৰি তোলে । ইয়াৰ উদ্দেশ্যই আছিল প্ৰজাক দাসত্বত বন্দী কৰা । লেনদেনত নগদ মুদ্ৰাৰ ব্যৱহাৰ কৰিবলৈ বাধ্য কৰোৱাৰ উদ্দেশ্যই আছিল নগদ ধন নথকা প্ৰজাৰ পৰা বিনিময় পদ্ধতিৰে মূল্যতকৈ অধিক উত্পাদিত দ্ৰব্য হস্তগত কৰা ।

ৰণাৰাম চৌধুৰীৰ বিদ্ৰোহৰ অন্যতম মূল কাৰণ আছিল নগদ ধনেৰে ইষ্ট ইণ্ডিয়া কোম্পানীক পেছকচ আদায় দিব লগা হোৱাটো । ১৭৮৭-৮৮ খৃঃত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কঁপাহৰ সলনি নগদ মুদ্ৰাৰে পেছকচ আদায়ৰ নিয়ম বাধ্যতামূলক কৰিছিল ।*১০ কেৱল নগদ ধনেৰে পেছকচ আদায় দিব লগাই নহয়, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজ মৰ্জিমতে পেছকচৰ পৰিমাণ বঢ়াই গৈছিল । ইয়াৰ উদ্দেশ্য আছিল নিৰ্দ্ধাৰিত পেছকচ আদায় দিব নোৱাৰিলে কোনো জমিদাৰী নিলামত যাব আৰু উক্ত জমিদাৰী কিনি কোৱা নতুন জমিদাৰৰ পৰা দুগুন পৰিমাণৰ পেছকচ আদায় কৰিব । ইয়াৰ ফলত কোম্পানীৰ দুইধৰণে লাভ হব । ১) প্ৰাচীন জমিদাৰসকলে ভূমি আৰু প্ৰজাৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাব , যাৰ দ্বাৰা কোম্পানীৰ উপনিবেশিক শাসন-শোষণ প্ৰজাৰ ওপৰত জাপি দিবলৈ সুচল হব । ২) পেছকচৰ পৰা দুগুণ আৰ্থিক লাভালাভ ।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ উপনিবেশিক নীতিয়ে জমিদাৰ, গাৰোচৰ্দাৰ, ৰায়তৰ লগতে দেশীয় চিপাহী সকলোকো ক্ষুন্ন কৰিছিল ।বংগৰ নৱাবৰ তলত থকা চিপাহীসকলক কোম্পানীত মকৰল কৰিছিল যদিও স্বাভাৱিকতেই কোম্পানীৰ বৃটিছ চিপাহী সকলৰ ক্ষমতা-মৰ্যাদা অধিক আছিল । নাম কটা যোৱা দেশীয় চিপাহীসকলে সেয়ে বিদ্ৰোহত অংশগ্ৰহণ কৰি বৃটিছক উচ্ছেদ কৰিব বিচাৰিছিল । ৰণাৰাম চৌধুৰীৰ বৃটিছ বিৰোধী সংগ্ৰামৰ অন্যতম উল্লেখযোগ্য চৰিত্ৰ আছিল ।যাক চিপাহী বিদ্ৰোহৰ সৈতে তুলনা কৰিব পাৰি । অথচ এই দিশটো পূৰ্বৰ কোনো গৱেষকে গুৰুত্বসহকাৰে উল্লেখ কৰা  দেখা যোৱা নাই । ৰণাৰাম চৌধুৰীৰ সৈতে বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল চুবেদাৰ ৰঘুনাথ সিং সহ প্ৰায় ৫০ জন পূৰ্বতে বৃটিছ সেনাত কাম কৰা চিপাহীয়ে । কেপ্তেইন বেইলীয়ে আৰ্ল কৰ্ণৱালিছলৈ লিখা পত্ৰত উল্লেখ আছে যে, ...I understand he was lodt 50 of his best man who had for most part served in our army and were headed by one Ragunant Sing, late a Subedar in the company’s service who I find wonded with a ball thouugh his thigh... *১১


হুগো বেইলী (Huge Baillie)আছিল অসম-বাণিজ্যৰ আটাইতকৈ অধিক জ্ঞান থকা এজন অভিজ্ঞ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া । বেইলীয়ে গোৱালপাৰালৈ যোৱাৰ অনুমতি বিচাৰি আৰু তাত থকাৰ বিশেষ অনুজ্ঞাপত্ৰ বিচাৰি  ১৭৭৪ চনত তেওঁ কোলকাতা কাউঞ্চিলক আবেদন জনাইছিল । ৱাৰেন হংষ্টিংছৰ সভাপতিত্বত কোম্পানীৰ বোৰ্ডে বংগ-অসম বাণিজ্যক নতুন ৰূপ দিবলৈ বেইলীক উক্ত আবেদনৰ ভিত্তিত অনুমতি প্ৰদান কৰে । ২৮ জুলাই, ১৭৭৬ খৃঃত  ইষ্ট ইণ্ডিয়া কোম্পানীৰ বোৰ্ড অৱ ট্ৰেডক তেওঁ এইবুলি পতিয়ন নিয়াইছিল যে, অসম-বাণিজ্যত কাম কৰি থকা অন্য কোম্পানীবোৰক আঁতৰ কৰি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সঠিকভাৱে বাণিজ্য পৰিচালনা কৰিলে কোম্পানীৰ লাভ হব । তেওঁ আৰ্জি কৰিছিল যে কোম্পানীৰ হৈ তেওঁ ১০০,০০ মোন লোণ, উচ্চ নিৰিখৰ  ৪০০ খন বহল কাপোৰৰ পিচ (boardcloth) আৰু ৩০০ মোন কপাৰ বিক্ৰী কৰিব আৰু এইদৰে ইয়াৰ ফলত কোম্পানীৰ বাৰ্ষিক আয় ২০০,০০০ টকালৈ বৃদ্ধি হব ।*১২ এই হুগো বেইলী (Huge Baillie) ৰ আৰ্জি মতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বোৰ্ড অৱ ট্ৰেডে তেওঁক অসম-বাণিজ্যৰ মূল হোতা হিচাপে নিয়োগ কৰে । তাৰ আগতে কেপ্তেইন ৰুচো আদি কৰি ফৰাচী বণিকসকলে অসম-বাণিজ্যৰ মূল হোতা হৈ আছিল । বেইলীয়ে এইদৰে গোৱালপাৰাত ঘাটি পাতি একচেতীয়া বাণিজ্যৰ মুখিয়াল হৈ পৰে । ১৭৫৪-৫৫ খৃঃত ফৰাচীৰ এটা ফেক্টৰী গোৱালপাৰাত প্ৰতিষ্ঠা হৈছিল যদিও পিছলৈ এই ফেক্টৰীৰ মালিক হয়গৈ এজন ইংৰাজ । গোৱালপাৰাখন যেনিবা ইউৰোপীয় বনিকৰ নগৰহে আছিল । এই ঠাইৰ পৰা নদীপথেদি পশ্চিমৰ লগত যোগাযোগ তেনেই সুচল আছিল ।*১৩

এই বেইলীয়ে গোৱালপাৰাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী শাসন প্ৰৱৰ্তন কৰাত আগভাগ লয় । ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেইলীক গোৱালপাৰাৰ কালেক্টৰ হিচাপে নিয়োগ কৰে । বেইলী কালেক্টৰ থকাৰ সময়তে (১৭৮৭-১৭৯০ খৃঃ) ৰণাৰাম চৌধুৰীয়ে বৃটিছক পৰিশোধ কৰিবলগীয়া ‘জমা’ ধন আদান দিবলৈ অস্বীকাৰ কৰে । প্ৰকৃততে জমিদাৰ ৰণাৰাম চৌধুৰী আছিল এজন স্বাধীনমনা লোক । ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা আৰোপিত নতুন নিয়ম-কানুনক তেওঁ অস্বীকাৰ কৰিছিল আৰু প্ৰত্যক্ষভাৱে বৃটিছৰ সৈতে সংঘাতত লিপ্ত হৈছিল । একাধিকবাৰ পৰোৱানা পঠাইও ৰণাৰামক হাজিৰ কৰিব পৰা নাছিল বেইলীয়ে । বেইলী চাহাবে ১৭৮৮ চনৰ ২৩ আগষ্টত বোৰ্ড অৱ ৰিভিনিউলৈ প্ৰেৰণ কৰা চিঠিযোগে ৰণাৰাম চৌধুৰী এজন ডকাইটি আৰু লুণ্ঠন কাৰ্যত জড়িত অবাধ্য জমিদাৰ বুলি অভিযোগ আনেঃ- “ He is a villain, who commtis depedeations and robberies both in the river and his neighbourhood and continuously refuses to come in though I have sent repeated perwanahs to that purpose.” *১৪

১৭৮৯ চনৰ ২২ নবেম্বৰ ।*১৫ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গোৱালপাৰাৰ কালেক্টৰ কেপ্তেইন বেইলীৰ বাবে আচম্বিক ঘটনা আছিল, যি তেওঁ সপোনতো কিজানি কল্পনা কৰা নাছিল । উক্ত দিনা পুৱতি নিশা মেচপাৰা জমিদাৰ ৰণাৰাম চৌধুৰীয়ে ৫০০ বৰকান্দাজসহ আৰু চুবেদাৰ ৰঘূনাথ সিঙৰ নেতৃত্বত ৫০ জন বিদ্ৰোহী সেনাৰ সৈতে আহি আচম্বিকভাৱে কেপ্তেইন বেইলীৰ গোৱালপাৰা কুঠি আক্ৰমন কৰে আৰু লোণৰ ফেক্টৰীত জুই লগাই দিয়ে । উক্ত আক্ৰমনত কেপ্তেইন বেইলীৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও এজন ইউৰোপীয়ান নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয় । উক্ত আক্ৰমনৰ পিছত ৰণাৰাম চৌধুৰীৰ পক্ষৰো চুবেদাৰ ৰঘূনাথ সিং আহত হয় । কেপ্তেইন বেইলীয়ে সৰু নাওঁ এখন লৈ কোনোমতে যোগীঘোপালৈ পলাই যায় আৰু অতিৰিক্ত সেনা লৈ আহি গোৱালপাৰা নগৰ  পুনৰ দখল কৰে । বিদ্ৰোহীসকলৰ সৈতে ৰণাৰাম চৌধুৰীয়ে পাহাৰলৈ পলাই যায় । পিছত ৰণাৰামৰ মাতৃ সুৱন চৌধুৰানীয়ে
ক্ষমাদানৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীক প্ৰাৰ্থনা কৰাত ৰণাৰামৰ পুত্ৰ মহীৰামৰ হাতত পুনৰ জমিদাৰী অৰ্পন কৰে । ৰণাৰামে আত্মসমৰ্পন নকৰি আত্মগোপন কৰে আৰু আত্মগোপন কৰি থকা অৱস্থাতে তেখেতৰ মৃত্যু হয় । মেচপাৰা জমিদাৰৰ উত্তৰসুৰী প্ৰয়াত প্ৰকৃতিবিদ ত্ৰিদিবেন্দ্ৰ নাৰায়ন চৌধুৰীৰ সৈতে সাক্ষাত্কাৰত এই লেখকক কৈছিল যে, ৰণাৰামে দীৰ্ঘদিনলৈ আত্মগোপন কৰি থকা অৱস্থাতেই পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল আৰু পুত্ৰ মহীৰাম নাবালক কাৰণে অৰণ্যৰ পৰাই গোপনে জমিদাৰী পৰিচালনা কৰিছিল । অৱশ্যে কিম্বদন্তীত পৰিণত হোৱা ৰণাৰামৰ আত্মগোপন পিছৰ কাহিনী জনাৰ উপায় নাই ।

ৰণাৰাম চৌধুৰীৰ এই বিদ্ৰোহৰ ইতিহাস পোনতে ড০ সূৰ্যকুমাৰ ভুঞাই তেখেতৰ গৱেষণামূলক গ্ৰন্থ Anglo-Assamese Relations 1771-1826,ত উল্লেখ কৰিছিল । তাৰ বহু বছৰ পিছত নব্বৈৰ দশকত গোৱালপাৰাৰ ইতিহাসৰ দ্বাৰ মুকলি কৰিছিল গৱেষক ড০ অমলেণ্ডু গুহই তেখেতৰ ‘জমিদাৰকালীন গোৱালপাৰা জিলাৰ আৰ্থসামাজিক অৱস্থা-এটি ঐতিহাসিক দৃষ্টিপাত নামৰ ধুবুৰীৰ ভোলানাথ কলেজত প্ৰদান কৰা এক বক্তৃতামালাৰ লিপিবদ্ধ ৰূপেৰে (১৯৮৪ ইং) । তাৰ পিছত ড০ শান্ত বৰ্মণৰ গৱেষণাগ্ৰন্থ Zamindary System in Assam during British Rule, (1994) আৰু গোৱালপাৰাৰ জনইতিহাস (২০০৯ ইং) , ড০ মীৰা দেৱীৰ,মেচপাৰা জমিদাৰীঃ নগেন্দ্ৰ নাৰায়ন চৌধুৰী আৰু আৱাহনৰ গুৰি কথা, লোকায়ত প্ৰকাশন, (২০০০ ইং) আৰু অনিল ৰায়চৌধুৰীৰ ‘নামনি অসমৰ সামাজিক পটভূমি’, অসম প্ৰকাশন পৰিষদ, (২০১২) আদি গ্ৰন্থেৰে ৰণাৰাম চৌধুীৰ সশস্ত্ৰ বিদ্ৰোহৰ ইতিহাসক আৰু বিস্তাৰিতভাৱে বৌদ্ধিকসমাজলৈ লৈ যাবলৈ সক্ষম হয় । এই লেখকৰ দ্বাৰা ৰণাৰামৰ জীৱনৰ ওপৰত আলোকিত এক উপন্যাস ‘ৰূপৰ খাপৰ তৰোৱাল’, অৰুনোদই প্ৰকাশন,(২০১০ ইং) অন্য এক ক্ষূদ্ৰ প্ৰচেষ্টা ।

কেবাটাও দিশৰ পৰা ৰণাৰাম চৌধুৰীৰ এই বৃটিছ উপনিবেশ বিৰোধী সংগ্ৰাম গুৰুত্বপূৰ্ণ । ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ঔপনিবেশিক দখল সাব্যস্ত কৰাৰ পিছতেই প্ৰাচীন সামন্তসকলে দীৰ্ঘকাল ভোগ কৰি অহা অৰ্থনৈতিক ক্ষমতা কৰ্তন কৰাৰ লগতে দেৱানী-ফৌজদাৰী অধিকাৰো কৰ্তন কৰিছিল । ইয়াৰ ফলত প্ৰাচীন সামন্তসকলৰ পূৰ্বৰ স্বতন্ত্ৰ মৰ্যাদা লাঘৱ হৈ পৰ্যবশিত হৈছিল কোম্পানীৰ মুনাফাৰ বাবে জীয়াই থকা নখ-দন্তহীন অনুগতলৈ । তথাপি মেচপাৰাৰ দৰে এখন ক্ষূদ্ৰ জমিদাৰীৰ জমিদাৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ উপনিবেশিক দখলদাৰিত্বক প্ৰত্যাহ্বান জনাই সশস্ত্ৰ গেৰিলা  যুদ্ধৰ জৰিয়তে গোৱাৰপাৰাৰ দৰে কোম্পানীৰ শক্তিশালী দূৰ্গ ধ্বংস কৰি সাহস পাইছিল কেনেকৈ ? কোনো লিপিবদ্ধ দলিল নাথাকিলেও সেইসময়ৰ অন্যান্য ঐতিহাসিক সাক্ষ্যবোৰৰ পৰা নিশ্চিত হব পাৰি যে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ উপনিবেশিক দখলদাৰিত্বই সাধাৰণ প্ৰজাকো অতিষ্ঠ কৰিছিল আৰু প্ৰজাই বৃটিছৰ উপনিবেশিক ব্যৱস্থাক মানি লবলৈ অস্বীকাৰ কৰিছিল । সাধাৰণ প্ৰজাৰ পৰা আৰম্ভ কৰি ৫০০ বৰকান্দাজ আৰু চুবেদাৰ ৰঘূনাথ সিঙৰ দৰে দেশীয় চিপাহীলৈকে এই যুঁজত অংশগ্ৰহণ কৰাটোৱেই প্ৰমাণ কৰে যে এই যুঁজ কেৱল জমিদাৰৰ নিজৰ হৃত ক্ষমতা উদ্ধাৰৰ বাবেই নহয়, প্ৰকৃততে ভূমি মুক্তি(Land liberation)ৰ বাবে এক সন্মিলীত সংগ্ৰাম আছিল । বিফল বিদ্ৰোহৰ পিছত বৃটিছৰ সাধাৰণ ক্ষমাদানকো অস্বীকাৰ কৰি আত্মগোপন কৰা বিদ্ৰোহী ৰণাৰাম চৌধুৰী যে এজন স্বাভিমানী আৰু মুক্তিকামী যোদ্ধা আছিল তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰিব ।

ৰণাৰাম চৌধুৰী সম্পৰ্কত চৰ্চাৰ বাট মুকলি কৰা ড০ শান্ত বৰ্মন, ড০ মীৰা দেৱী আৰু ইতিহাস গৱেষক অনিল ৰায়চৌধুৰীদেৱে যথাৰ্থভাবে এই সংগ্ৰামক সাম্ৰাজ্যবাদবিৰোধী সংগ্ৰাম হিচাপে অভিহিত কৰিছে । উল্লেখযোগ্য যে সেইসময়ত সন্ন্যাসী বিদ্ৰোহে (১৭৭০-১৮২০ খৃঃ) বংগৰ ভূমি ৰক্তাক্ত কৰি তুলিছিল । উক্ত সময়খিনিত ইষ্ট ইণ্ডিয়া কোম্পানীৰ উপনিবেশিক শোষণ আৰু দখলদাৰিত্বৰ বিৰূদ্ধে সৰ্বস্তৰতেই যে বিদ্ৰোহে উকমুকাইছিল তাক অনুমান কৰিব পাৰি । গোমধৰ কোঁৱৰ, পিয়লী ফুকন আদিৰ দৰে ৰণাৰামৰ বিদ্ৰোহো যে বিদেশী দখলদাৰী শক্তিৰ পৰা নিজ ভূমি মুক্তি (Land Liberation)ৰ বাবে মৰণপন সংগ্ৰাম আছিল তাক কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে । ভাৰতৰ ইতিহাসবিদসকলে ১৮৫৭ খৃঃৰ চিপাহী বিদ্ৰোহকেই ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন বুলি কৈ আহিছে যদিও চিপাহী বিদ্ৰোহৰ ৬৮ বছৰ পূৰ্বতেই সংঘটিত হৈছিল ৰণাৰাম চৌধুৰীৰ বিদ্ৰোহ । সন্ন্যাসী বিদ্ৰোহৰ সমসাময়িক ৰণাৰামৰ বিদ্ৰোহে যিদৰে ইষ্ট ইণ্ডিয়া কোম্পানীক জোকাৰি গৈছিল তাৰ বাবেই হয়তো বৃটিছে গোৱালপাৰাৰ ভূমি নীতিৰ আমোল পৰিৱৰ্তন ঘটাইছিল । গোৱালপাৰাত চিৰস্থায়ী বন্দোবস্তী (Permanent Settlement)ৰ অন্যতম উদ্দেশ্য স্থানীয় শাসক আৰু প্ৰজাৰ মাজত দূৰত্ব বৃদ্ধি কৰাৰ বাবেই নেকি-সেয়া নিসন্দেহে এক গৱেষণাযোগ্য বিষয় । বৃটিছ শাসকক জোকাৰি যোৱা এনে এক সশস্ত্ৰ সংগ্ৰামৰ ইতিহাস ভাৰত বা অসমৰ ইতিহাসত আজিকোপতি যথাযোগ্য গুৰুত্ব নোপোৱাটো আক্ষেপৰ বিষয় ।

তথ্যসুত্ৰঃ

১) ড০ মীৰা দেৱী, মেচপাৰা জমিদাৰীঃ নগেন্দ্ৰ নাৰায়ন চৌধুৰী আৰু আৱাহনৰ গুৰি কথা, পৃ-৫
২) ড০ শান্ত বৰ্মন, গোৱালপাৰাৰ জনইতিহাস, পৃঃ ৫৬  
৩) একে গ্ৰন্থ, পৃঃ ৮৩
৪) ড০ মীৰা দেৱী, পূৰ্বোক্ত গ্ৰন্থ, পৃ-১৯
৫) একে গ্ৰন্থ, পৃঃ
৬)মিলচ ৰিপোৰ্ট, পৃঃ ২৮২
৭) ড০ মীৰা দেৱী, পূৰ্বোক্ত গ্ৰন্থ,  পৃঃ ২০   
৮) অনিল ৰায়চৌধুৰী, ‘নামনি অসমৰ মধ্যশ্ৰেণী’  পৃ-৩৩ 
৯) বিপন চন্দ্ৰ, কমলেশ ত্ৰিপাঠী আদি, স্বাধীনতা সংগ্ৰাম ১৯৭২, অসমীয়া অনুবাদ, মৃগেন্দ্ৰ নাথ ৰায়চৌধুৰী, লয়াৰ্চ বুক স্টল, গুৱাহাটী, ১৯৭৪, পৃ-৫
১০) মিলচ ৰিপোৰ্ট, পৃঃ ২৮৪
১১) ড০ মীৰা দেৱী, পূৰ্বোক্ত গ্ৰন্থ,পৰিশিষ্ট নং-২,পৃ-৮৬   
১২) Anglo-Assamese Relations 1771-1826, S.K.Bhuyan, page-86
১৩) ড০ মীৰা দেৱী, পূৰ্বোক্ত গ্ৰন্থ, পৃ-৭
১৪) শান্ত বৰ্মন, পূৰ্বোক্ত গ্ৰন্থ, পৃঃ ৬০  
১৫) ড০ মীৰা দেৱী,পূৰ্বোক্ত গ্ৰন্থ, পৰিশিষ্ট নং-১,পৃ-৮৫

2 comments:

  1. তথ্যসহ উপস্থাপন অতি মনোগ্ৰাহী হৈছে ।

    ReplyDelete
  2. অতি প্ৰয়োজনীয় তথ্য সমৃদ্ধ লেখা। পঢ়ি উপকৃত হলো,লগতে তথ্য সুত্ৰ খিনিও দিয়াৰ বাবে ধন্যবাদ ।

    ReplyDelete