Thursday, 29 October 2020

 মোৰ ক্ৰন্দসী লখিমী- মোৰ দেশ 


জুইৰ আৱিষ্কাৰ মানৱ জাতিৰ বিৱৰ্তনৰ বাটত এক অন্যতম খোজ ৷ আদিম সাম্যবাদী সমাজত মানুহ আছিল ঐক্যবদ্ধ ৷ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা , বন্যজীৱৰ সৈতে হোৱা সংঘাতে আত্মৰক্ষাৰ প্ৰয়োজনতেই মানৱ গোটবোৰক একত্ৰিত কৰি ৰাখিছিল ৷ সকলোৱে একলগ হৈ খাদ্য আহৰণ  কৰিছিল আৰু একেলগে ভোগ কৰিছিল। মানুহৰ চেতনাই দেৱত্ব আৰোগ কৰিছিল বিভিন্ন পৰিঘটনাক কাৰকবোৰৰ ওপৰত ৷ জুই, পাহাৰ, বৰষুণ আদিক দেৱতাৰূপে পূঁজিবলৈ লৈছিল ৷ সন্তান উৎপাদন কৰা মাতৃক দেৱী হিচাপে উপাসনা কৰাৰ পৰম্পৰা হৈছিল। দেৱী শক্তিৰ আধাৰ, দেৱী লখিমী ! পুৰুষ আৰু প্ৰকৃতিৰ মিলন উৎপাদনৰ প্ৰতীক হৈ পৰিল ! 


কৃষিৰ আৱিষ্কাৰে মানুহক যাযাবৰী খাদ্য সংগ্ৰহকাৰীৰ পৰা স্থায়ী খাদ্য উৎপাদকলৈ উত্তৰণ ঘটালে ৷ মানুহৰ সুসংহত সমাজ সৃষ্টি হ’ল ৷ সৃষ্টি হ’ল দেশ, দেশৰ সীমা ৷  সৃষ্টি হ’ল দেশপ্ৰেম আৰু জাতীয় চেতনা ৷ 


দাস ব্যৱস্থাৰ পৰা সামন্তবাদলৈ বিকাশ হ’ল সমাজৰ ৷ ক্ৰমশঃ পুঁজিৰ বিকাশ হ’ল ৷ বেহা-বেপাৰ, উৎপাদিকা শক্তিবোৰৰ বিকাশৰ মাজেৰে পুঁজিৰ প্ৰবেশ ঘটিল ৷ পুঁজিৰ প্ৰভাৱত গোষ্ঠীজ পৰিচয়ৰ পৰা মুক্তহৈ ভিন ভিন গোষ্ঠীৰ সৈতে একীভৱন বা নিকট সম্পৰ্কৰ মাজেৰে এক জাতি হিচাপে উমৈহতীয়া পৰিচয়ৰ সৃষ্টি হ’ল। আদিম সাম্যবাদী সমাজত  দুই পৃথক মানৱ গোটৰ সৈতে সংঘাত হৈছিল, সামন্তযুগত ভিন্ন সামন্তৰ সৈতে বা প্ৰজাৰ সৈতে সামন্তৰ সংঘাত হৈছিল ৷ এই সংঘাতৰ ফলশ্ৰুতিত পুঁজিবাদী ব্যৱস্থালৈ বিকাশ সাধন হ’ল সমাজৰ। পুঁজিৰ বিকাশে আৰু অৱক্ষয়ী সামন্তবাদৰ প্ৰভাৱত বৃহৎ জাতিয়ে ক্ষূদ্ৰ জাতিৰ ওপৰত আগ্ৰাসন-অৱদমন আৰম্ভ কৰিলে। সৃষ্টি হ’ল জাতীয় মুক্তিৰ চেতনা ৷ 


জাতীয় মুক্তি চেতনাই অৱদমিত ক্ষূদ্ৰ-প্ৰান্তীয় জাতিবোৰৰ সামূহিক ধৰ্ম ৷ ২য় বিশ্বযুদ্ধৰ পিছৰে পৰাই এই জাতীয় মুক্তিৰ চেতনাই অৱদমিত জাতিবোৰ  সাম্ৰাজ্যবাদী বৃটিছ আদি শক্তিবোৰৰ পৰা মুক্ত হোৱাৰ অন্যতম পথ আছিল ৷ আজি একবিংশ শতিকাতো সাম্ৰাজ্যবাদ জীয়াই আছে, নব্য-উপনিবেশবাদী শক্তিসমূহে নিত্য নতুন ৰূপত নিৰ্যাতিত অৱদমিত জাতি বা ভূখণ্ডৰ ওপৰত আগ্ৰাসন অব্যাহত ৰাখিছে ৷ সেয়ে প্ৰতি দহ বছৰৰ মূৰে মূৰে বিশ্বত একোখনকৈ নতুন স্বাধীন দেশৰ গঠন হৈছে ৷ কোনোৱে আন্তৰ্জাতিক স্বীকৃতি পাইছে, কোনোৱে পোৱা নাই ৷ স্বাধীনতা মানুহৰ জন্মস্বত্ব অধিকাৰ। এটা জাতিয়ে নিজে নিজৰ ভৱিষ্যত গঢ়াৰ, বহিঃশক্তিৰ হাতোৰাৰ পৰা মুক্ত হোৱাৰ, নিজৰ ঐতিহাসিক ভূমি-পৰিচয় আৰু সম্পদৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাটো আন্তৰ্জাতিকভাৱে স্বীকৃত অধিকাৰ। 


লখিমী কোন ? আমাৰ সম্পদবোৰেই আমাৰ লখিমী ৷ আমাৰ মাটি, আমাৰ পথাৰখন, আমাৰ ভাষা-লিপি, আমাৰ গৌৰৱোজ্বল সংস্কৃতি, আমাৰ পৈতৃক ভূমিৰ গৰ্ভত থকা প্ৰাকৃতিক সম্পদবোৰেই আমাৰ লখিমী ৷ সেইবোৰক ৰক্ষা কৰিব নোৱাৰিলে, বহিঃশক্তিৰ শোষণৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন ঐক্যবদ্ধ, সুসংহত, উন্নত সমাজ এখন থৈ যাব নোৱাৰিলে  আমাৰ ধৰ্ম ক’ত থাকিল ? সেয়ে দেশে দেশে জাতীয় মুক্তিৰ দামামা বাজে আজিও ৷ কিউবাৰ পৰা কেটেলনীয়ালৈকে, পেলেষ্টাইনৰ পৰা পাটকাই সিপাৰলৈকে সেই একেই অগ্নিস্ফুলিংগ আকাশত কুঁকুহা হৈ উৰে ৷ এয়া কোনোৱে বিৰোধ কৰিব পাৰে, ত্ৰুটিবিচ্যুতিবোৰৰ সামালোচনা কৰিব পাৰে কিন্তু ইয়াৰ অন্তৰালৰ যি সমাজবিজ্ঞান তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷  


-ৰক্তিম ঙান

 মিঞা আৰু ইছলামিক ব্ৰাদাৰহুড 


মিঞা শব্দটোৰ সৈতে মই এইকাৰণেই সহমত নহও যে এই শব্দটোৰে ’মুছলমান নিৰ্যাতিত’ সুত্ৰৰে এচামে 'মুছলমান ব্ৰাদাৰহুদ' ধৰণৰ আইডেনটিকেল পলিটিক্স কৰিব বিচাৰিছে আৰু শত্ৰু হিচাপে চিহ্নিত কৰিছে খিলঞ্জীয়া অসমীয়াক ৷ ইয়াৰ লগে লগে এক বংগীয় জাতীয়তাবাদ তলে তলে শিপাবলৈ লৈছে ৷ বংগৰ পৰা আমদানি হোৱা এই কচৰৎ আৰম্ভ কৰিছে গৰ্গ চেটাৰ্জী হ’তৰ দৰে এচাম উগ্ৰ বঙালী জাত্যাভিমানীয়ে ৷ খিলঞ্জীয়া অসমীয়া মানে বৃটিছ শাসনৰ পূৰ্বে অসমত যুগ যুগৰ পৰা ঐতিহাসিকভাৱে বসবাস কৰি অহাসকল যিসকলৰ সামাজিক-সাংস্কৃতিক মিলনেৰে অসমীয়া জাতিৰ সৃষ্টি ৷ বৃটিছ যুগৰ পৰা ধাৰাবাহিকভাৱে প্ৰব্ৰজিত সকলে অসমীয়া ভাষা গ্ৰহণৰ দ্বাৰা এই অসমীয়া পৰিচয় গ্ৰহণ কৰিছে যদিও সামাজিক একীভৱনৰ পৰা এতিয়াও বহু যোজন দূৰত অৱস্থান কৰিছে ৷ কব পাৰি যে বিভিন্ন কাৰকে এই একীভৱনত বাধা দি ৰাখিছে ৷ 


অসমৰ সমাজখন সামন্তবাদৰ পৰা মুক্ত নহয় আৰু তাৰবাবেই সামান্তযুগীয় ত্ৰুটিবোৰ জীয়াই আছে ৷ এটা সম্প্ৰদায়ৰ সৈতে আনটো সম্প্ৰদায়ৰ সামাজিক দূৰত্ব এতিয়াও আছে ৷ সুবিধা পালেই 

সম্প্ৰদায়ৰ নাম লৈ উপলুঙা প্ৰায় প্ৰতিটো জনগোষ্ঠীয়েই ইটোৱে সিটোক কৰি আহিছে ৷ বামুন- কায়স্থই কচাৰীক, কচাৰীয়ে গাৰোক, গাৰোই ৰাভাক, কোচে কচাৰীক, আহোমে চুতীয়াক, মৰাণে আহোমক , সকলোৱে মিলি বামুনক উপলুঙা-বিদ্ৰুপ আদি সমাজত চলি অহা বিষয় ৷ আনকি অমুক চুবুৰীটোক, অমুক জিলাখনক , কামৰূপীখিনিক ঢেকেৰী আদিৰ শেষ নাই ৷ ইজনে সিজনৰ অনুন্নয়নৰ বাবে আনটোক গালি দিছোঁ ৷ কিন্তু আমাৰ মাজত ইমানবোৰ ভিন্নতা থকাৰ পিছতো কিন্তু উমৈহতীয়া বিষয়ত আমি বেছিভাগেই একেলগে আগবাঢ়িছোঁ ৷ 


শাসকশ্ৰেণীৰ হিন্দুকেন্দ্ৰিক অসমীয়া উগ্ৰ জাত্যাভিমান ৰ বাবে জনগোষ্ঠীয় উত্থান হৈছে  ৷ কিন্তু কেৱল এইটো কাৰণেই নে ? জনগোষ্ঠীসকলৰ সংৰক্ষণ আন্দোলন  কেৱল এটা কাৰণেই নহয় ৷ ভাৰতৰ দৰে এক ৰাষ্ট্ৰব্যৱস্থাত য’ত সমবিকাশ সম্ভৱ নহয় তাত ক্ষূদ্ৰ ক্ষূদ্ৰ প্ৰান্তীয় শক্তিবোৰে নিজৰৰাজনৈতিক-অৰ্থনৈতিক-সাংস্কৃতিক উন্নতিৰ বাবে চিন্তা কৰাটো স্বাভাৱিক ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰবাদী শক্তিৰ উচটনি আছেই ৷ আন এক মুখ্য কাৰণ ব্যাপক হাৰত বৈধ-অবৈধ প্ৰব্ৰজন ৷ এই কাৰণবোৰ সময়ে সময়ে সলনি হৈছে ৷ পূৰ্ববংগীয় মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ অস্বাভাৱিক হাৰৰ বাবেই জনজাতিসকলে আজি অসমীয়া একক পৰিচয়ত থাকিব বিচৰা নাই ৷ তেওঁলোকৰ নিজা গোষ্ঠীজ পৰিচয়তে সীমাবদ্ধ থাকি নিজৰ অস্তিত্ব ৰক্ষা কৰিব খুজিছে ৷  জনগোষ্ঠীবোৰৰ মাজত মধ্যশ্ৰেণীৰ সৃষ্টিৰ ফলত তেওঁলোকৰ মাজতো ক্ষমতাকেন্দ্ৰিক ৰাজনীতি চলিছে ৷ এইবোৰে আমাৰ মাজত বিভেদ আনি আমাৰ উমৈহতীয়া শত্ৰুবোৰক লাভান্বিত কৰিছে ৷ 


পূৰ্ববংগীয় মূলৰ মুছলমানৰ মাজতো শিক্ষিত মধ্যশ্ৰেণীৰ আৱিৰ্ভাৱ হৈছে আৰু স্বাভাৱিকতেই ক্ষমতাৰ ৰাজনীতি চলি আহিছে ৷ অসম আন্দোলনৰ সময়ৰ পৰা আজিলৈকে বহুত নেতৃত্ত সলনি হ’ল আৰু স্বাভাৱিকতেই ’মিঞা-ৰাজনীতি’ ৰে অশিক্ষিত মানুহখিনিৰ ভোট আদায়ৰ কৌশল চলি আহিছে ৷ নতুন নতুন ৰাজনৈতিক কাৰ্ড বজাৰত আহিছে ৷ যেনে, মিঞাই মাতৃভাষা বাংলা লিখিব লাগে, আই এম ডি টি, ডি ভোটাৰ , এন আৰ চি আদি ৷ অসমৰ কোনো তেওঁলোকৰ বিপদৰ সময়ত থিয় হোৱা নাই নে ? কমসংখ্যক হ’লেও নিশ্চয় আছে ৷ কিন্তু বিদেশী খেদা আন্দোলনৰ পৰা আজিলৈ যিবোৰ ৰাজনৈতিক ঘটনাক্ৰম সেইবোৰে এনে এক পৰিবেশ তৈয়াৰ কৰা নাই যে কোনো জাতীয় সংগঠনে ডি-ভোটাৰৰ নামত ভাৰতীয় লোক হাৰাশাস্তিৰ বিৰূদ্ধে ষ্পষ্টকৈ বিৰোধ কৰিব ৷ এইবোৰ সমস্যাক জীয়াই ৰাখিব খোজা হৈছে ৷ কোনে জীয়াই ৰাখিছে অকনমান চিন্তা কৰিলেই উত্তৰটো ওলায় ৷ কিন্তু লাফিকূলৰ হত্যাত যেনেকৈ সকলো অসমীয়াই বিৰোধ কৰিছিল সেয়া এক উল্লেখযোগ্য দিশ আছিল ৷ 


নেলীৰ হত্যাকাণ্ড ইতিহাসৰ ক’লা দাগ। এইখিনি মানুহ যে প্ৰকৃততে শত্ৰু নহয় সেয়া জাতিটোক উপলব্ধি কৰাবলৈকে পৰাগ কুমাৰ দাসে চৰ চাপৰিলৈ গৈ মানুহখিনিক জাতীয় সংগ্ৰামত সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল ৷ এটা কথা জানি থোৱা ভাল যে নেলীৰ হত্যাৰ যেনেকৈ কোনো বিচাৰ নহ’ল পৰাগ দাসৰ হত্যাৰো বিচাৰ নহ’ল। বিচাৰ নহ’ল জাতীয় সংগ্ৰামত ৰাষ্ট্ৰবাহিনীৰ হাতত হোৱা বহু মুক্তহত্যাৰো ৷ অৰ্থাৎ এইবোৰ সংঘাতৰ আঁৰৰ শক্তিবোৰক চিনাক্ত নকৰি অসমীয়াক জেনোফ’বিক বুলি বাহিৰত বৰঢোল বজাই গৰ্গহ’তৰ শিবিৰত অৱস্থান লোৱা নাই নে ? কিছুদিনৰ পৰা এক বিশেষ বাগধাৰাৰ সৃষ্টিৰে অসমৰ সমাজখনত যে বিষ ঢালিবলৈ চেষ্টা চলিছে সেয়া চোছিয়েল মিডীয়াত নজৰ দিলেই পোৱা যায়। 


বিভেদৰ মাজতো একতাৰ নিদৰ্শনেৰে অসমীয়াই যুগ যুগ ধৰি জীয়াই আছে ৷ সামাজিক দূৰত্ব অসমীয়া সমাজত আছিল বাবেই আহোম আৰু কোচ প্ৰশাসনত ভিন্ন সম্প্ৰদায়ক ভিন্ন গাঁৱ-চুবুৰীত স্থাপন কৰা হৈছিল ৷ জনগাঁথনি সম্পৰ্কত বৰ বেছি ষ্পৰ্শকাতৰ অসমৰ সমাজ ৷ অসমীয়া সমাজৰ এই?ধমনীক নুবুজি শাসকশ্ৰেণীয়ে বা এচাম দালালে পূৰ্ববংগীয়মূলৰ মুছলমান শ্ৰমিকক আনি য’ত ত’তে বহুৱালে ৷ ৰাতিৰ ভিতৰতে গাঁও সৃষ্টি হ’ল ৷ এইবোৰে অসমীয়াক শংকিত কৰিলে ৷ ফলত জনগাঁথনিৰ পৰিৱৰ্তন হ’ল আৰু এচামৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে সুচল পৰিবেশ তৈয়াৰ হ’ল।


আমাৰ মাজত ভিন্ন নীতি-নিয়ম, জীৱনশৈলীৰ বাবে সামাজিক দূৰত্ববোৰ আছিল ৷  বামুনগাঁও, কোচপাৰা, গৰিয়াপাৰা আদি নাম কিয় ? আহোম-কোচ ৰজাই জানিছিল বাবেই ভিন্ন সম্প্ৰদায়ৰ লোকক ভিন্নকৈ ৰাখিছিল৷ কিন্তু ৰজাৰ কামত সবেই একেলগে যোগ দিছিল ৷ বাঘহাজৰিকা, ৰূপাই দাধৰা আদি প্ৰমাণ ৷ আজিৰ পৰা কিছুবছৰ আগতে মই এঘৰ মুছলমান বন্ধুৰ ঘৰত আশ্ৰয় লৈ আছিলোঁ ৷ বন্ধুৰ মাকে মোক ৰাতি ভাত নিদিয়ে ! বামুনৰ ল’ৰাক ভাত খুৱালে গুনাহ হব হেনো ! মোৰ আইতাই মোক্তাৱত চাকৰি কৰিছিল। নৈস্তিক ব্ৰাহ্মণ বিধৱা ! আইতাক কোনেও একো নাযাচিছিল ৷ অথচ কিমান গভীৰ সম্পৰ্ক আছিল ! আমি চহৰমুখী হ’লো ৷ সাম্প্ৰদায়িক অহমিকা বাঢ়িল ৷ মানুহৰ সেই চৰিত্ৰ কিন্তু সংশোধন নহ’ল। তাৰোপৰি অপৰাধবোৰৰ বাবে মুছলমানসকলক শংকা কৰা হ’ল ৷ প্ৰপাগাণ্ডাবোৰ আছেই ! আজিৰ দিনত বুজাবুজিবোৰো  কমিছে ! প্ৰব্ৰজিতসকলৰ ভিন্ন ভাষা-ভিন্ন সংস্কৃতি আৰু জনসংখ্যা বৃদ্ধি , অপৰাধ আৰু ৰাজনৈতিক কথাবোৰত এইবোৰ বাঢ়িছে। সেইবুলি আজিও থলুৱাসকলৰ মাজত  ভাতৃত্ববোধ কমা নাই। পূৰ্ববংগীয়মূলৰ মুছলমানসকলক সহজভাবে লব নোৱাৰাটো সঁচা ৷ অৱশ্যে নতুন শিক্ষিত প্ৰজন্মৰ মাজত এইবোৰ সংকীৰ্ণতা কমিছে ৷ আমি আশাবাদী হব লাগিব ৷ 


আমাৰ সমাজত হেজাৰ বিভিন্নতা থকা স্বত্বেও সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক ক্ষেত্ৰত আমি কিন্তু ইজনে সিজনক এৰাই চলিব নোৱাৰোঁ ৷ কোনো এটা সম্প্ৰদায়ক এৰাই চলাতো অসম্ভৱ ৷ য’ত আজি বিশ্বত কোনো এখন দেশেই কোনো এখন দেশক এৰাই চলিব নোৱাৰা পৰিস্থিতি ৷ পূৰ্ববংগীয় মূলৰ মুছলমানসকলৰ এচাম সম্পূৰ্ণকৈ অসমীয়া সমাজত জাহ গৈছে ৷ গৰিষ্ঠসংখ্যকে এতিয়াও পৰা নাই ৷ কাৰণ মাথো এটা নহয়৷ একমাত্ৰ কাৰণ বুলি মূলসুতিৰ অসমীয়াক সদায় দোষাৰোপ কৰি থকা মানে আন কাৰণবোৰক উপেক্ষা কৰা ৷ সমাজবিজ্ঞানী সকলৰ মতেও প্ৰব্ৰজনকাৰী সম্প্ৰদায় এটাই নিজস্বতা ত্যাগ কৰি সেই ভূমিৰ সংস্কৃতিত জাহ যাবলৈ এশ বছৰ সময় যথেষ্ট নহয় ৷ ঐতিহাসিকভাৱে অসমৰ সমাজ প্ৰব্ৰজিত সমাজ ৷ ই এক একক পৰিচয়ত উপনীত হবলৈ হেজাৰ বছৰ সময় লৈছে ৷ অৱশ্যে গৰিষ্ঠসংখ্যকৰ মাজত অসমীয়া সমাজত বিলীন হোৱাৰ আকাংক্ষা এতিয়াও আছে ৷ 


পূৰ্ববংগীয় মুছলমান সকল অসমৰ সমাজ জীৱনৰ অপৰিহাৰ্য অংগ তাত কোনো সন্দেহ নাই ৷ অসমৰ সাধাৰণ মানুহে কৃষি কৰ্ম-উৎপাদন ক্ষেত্ৰত তেওঁলোকক জড়িত কৰিছিল আৰু আজি তেওঁলোক নিজেই কৃষি-স্বাৱলম্বী ৷ অসমীয়া সমাজে তেওঁলোকক মৰ্যাদাও দিছে ৷ জাতীয় সংগঠন অসম সাহিত্য সভাই গঠন কৰা  চৰ-চাপৰি সাহিত্য পৰিষদৰ পৰা নানান সামাজিক ক্ষেত্ৰত তেওঁলোকৰ শিক্ষিতই আগভাগ লৈছে ৷ চাকৰি-বাকৰি-ঠিকা-ঠুকুলি-খুচুৰা ব্যৱসায় আদি সকলোতে অসমীয়া সমাজৰ সৈতে একেলগে আগবাঢ়িছে ৷ ’অসমত মিঞাই কিয় চাকৰি পাব ’ বুলি কোনোৱে প্ৰশ্ন কৰিছে জানো ? ৰেলৰ চাকৰি বিহাৰ-ইউপিৰ লোকে কিয় পাব বুলিহে আন্দোলন হৈছে ৷ 


সময়ে সময়ে বিদেশীৰ সন্দেহত পূৰ্ববংগীয় মুছলমান নিগ্ৰহ হৈছে ৷কিন্তু এনেতো নহয় যে য’তে গৈছে তাতেই প্ৰতিৰোধৰ মুখামুখী হৈছে ?  কিন্তু অসমত লাখ লাখ বাংলাদেশী থকাৰ পৰিসংখ্যাবোৰ অসমীয়াৰ মগজুৰ ফচল নে ? কোনে দিছিল পৰিসংখ্যাবোৰ ? দাঢ়ি-টুপী দেখিলেই বিদেশী বুলি আখ্যা দিয়াৰ কাৰণ কি ? চেনেলবোৰে অহৰহ বজাই থকা নিউজবোৰেই নহয়নে ? অসমত বিদেশীৰ কথা ক’লেই পূৰ্ববংগীয় মূলৰ নেতাসকলে গা পাতি লয় আৰু ৰক্ষণাবেক্ষণৰ ভাও জুৰি ৰাজনীতি আৰম্ভ কৰি দিয়ে ৷ ঠিক যেনেদৰে হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত কিছুমান জাতীয় সংগঠনে সুবিধাজনক অৱস্থান লয় ৷  অসমত যেনেকৈ পূৰ্ববংগীয় মুছলমান নিগ্ৰহ হৈছে তেনেদৰে পূৰ্ববংগীয় মুছলমানৰ হাতত খিলঞ্জীয়া লোক নিগ্ৰিহীত হোৱাৰ উদাহৰণ কম নহয়। সেইবোৰ কিন্তু আলজাজিৰাত বাতৰি হোৱাগৈ নাই ! সকলো সম্প্ৰদায়-গোষ্ঠীৰ মাজত এচাম সংকীৰ্ণ-অবিবেচক লোক থাকেই ৷ ৰাজনৈতিক উচটনিত এচাম লোক সহজেই ভোল যায়৷ 


এতিয়া কথাটো হ’ল আমি কি কৰা উচিত ? উপৰোক্ত বিশ্লেষণত হয়তো কিছু অনাকাংক্ষিত ত্ৰুটি থাকিব পাৰে কিন্তু আমি কাকো তোষামোদ কৰিব নিবিচাৰি নিৰ্মোহভাৱে চাব খোজো৷ অন্যথা সঠিক সমাধানৰ বাট সদায় ধুসৰ হৈ ৰব ৷ আমি আমাৰ পিছৰ প্ৰজন্মলৈ এইবোৰ সমস্যা এৰি থৈ যোৱাৰ পক্ষপাতি নহয়। তেনেহ’লে বাট ক’ত ? বাট এটা উলিয়াব লাগিব ৷ আনলৈ দোষ ঠেলি, অমুকক বাদ দি তমুকক বাদ দি আমি বাট উলিয়াব নোৱাৰো ৷ আমি আগতেই কৈছো যে পূৰ্ববংগীয় মুছলমান অসমীয়া জাতীয় পৰিচয়ৰ গুৰুত্বপূৰ্ণ অংগ ৷ এইসকলে মাতৃভাষা অসমীয়া বুলি পৰিচয় নিদিয়াহেতেন আমি হয়তো বাংলা মাধ্যমত লিখা পঢ়া কৰিব লাগিলহেতেন ৷ উৎপাদন ক্ষেত্ৰতো তেওঁলোক গুৰুত্বপূৰ্ণ ৷ আকৌ জনসংখ্যাৰ ফালৰ পৰা চালে তেওঁলোকৰ TFR খিলঞ্জীয়া জনগোষ্ঠীৰ তুলনাত প্ৰায় আঢ়ৈগুণ বেছি ৷ ৰাজনৈতিক ক্ষমতা-অধিকাৰ আদি যিহেতু সংখ্যাৰ খেল গতিকে আমি সংখ্যাক অস্বীকাৰ কৰিব নোৱাৰোঁ ৷ অসমৰ খিলঞ্জীয়া লোকে ত্ৰিপুৰীৰ দৰে দশা হবলৈকো ৰাজি নহয় ৷ সেয়ে এক উপায় লাগে ৷ অসমৰ কিছুমান মানুহে ভবাৰ দৰে কথাবোৰ নহয় ৷ পূৰ্ববংগীয় মূলৰ সাধাৰণ মানুহখিনি শান্তিপ্ৰিয় আৰু সকলোকে সন্মান কৰিব জানে ৷ আজিকালি এচাম উদণ্ড লোকৰ সৃষ্টি হৈছে সেয়াও মিছা নহয় ৷ 


১) পূৰ্ববংগীয়মূলৰ শিক্ষিত মুছলমানসকলক লৈ এখন উমৈহতীয়া প্লেটফৰ্ম ৷ য’ত আমি সমস্যাবোৰ খুলি আলোচনা কৰিব পাৰো। 


২) খিলঞ্জীয়া সকলৰ ৰাজনৈতিক-সামাজিক সংৰক্ষণৰদ্বাৰা ভৱিষ্যতে যাতে অসমৰ ভাগ্যনিয়ন্তা হৈ থাকিব পাৰে তাৰ সিদ্ধান্তত উপনীত হোৱা । তাৰবাবে পূৰ্ববংগীয়মূলৰ নেতৃত্বয়ো এৰাধৰা কৰা ৷ 


৩) পৰষ্পৰৰ প্ৰতি সন্মানেৰে সকলোৱে একেলগে অসম আৰু অসমবাসীৰ উন্নতি-প্ৰগতিৰ বাবে একেলগে কাম কৰি যোৱা ৷ 


৪) পূৰ্ববংগীয় লোকে নিজৰ অঞ্চলত ৰাভাদিৱস-শিল্পীদিৱস-বিহুমেলা আদিৰ জৰিয়তে এক সামাজিক বাতাবৰণ তৈয়াৰ কৰা ৷ ঘৰত যি ভাষাই নকওক কিয় অসমীয়া সমাজৰ সৈতে জীন যাব পৰাকৈ প্ৰয়োজনত থলুৱা সাংস্কৃতিক জীৱন শৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা। 


৪) মূলসুতিৰ অসমীয়াই নিজকে সংশোধন কৰিবলৈ হেজাৰ কথা আছে যিবোৰ ইয়াত লিখি শেষ নহব ৷ অন্ততঃ সাম্প্ৰদায়িক ঘৃণা আৰু সমাজৰ বিভিন্নতাক শ্ৰদ্ধা কৰিবলৈ শিকিব লাগিবই ৷ নাদৰ ভেকুলীৰ দৰে নাদৰ ওপৰত দেখা আকাশখনেই যে আকাশ নহয় সেয়া বুজিব লাগিব ৷ 


প্ৰত্যেকেই নিজৰ নিজৰ অহমিকা ত্যাগ কৰি আগবাঢ়ি নাহিলে সময়ে কাকো ক্ষমা নকৰিব ৷ পৰাগ কুমাক দাস জীয়াই থকাহেতেন এয়া হয়তো ইমানদিনে সমাধান হৈ গ’লহেতেন ৷ এতিয়াও অৱশ্যে সিমানো পলম হৈ যোৱা নাই ৷ এক আঞ্চলিক বিকল্প ৰাজনীতিৰ বাবে এই সমাধান অতি জৰুৰি ৷ 

 

 

কাতি বিহুৰ সমাজতাত্ত্বিক বিশ্লেষণ 

ৰক্তিম শৰ্মা 


অসম তন্ত্ৰৰ দেশ৷ প্ৰাচীন হৰ-গৌৰী উপাসনা, কেচাইখাতী, তাম্ৰেশ্বৰী, জয়ন্তেশ্বৰী আদিৰ উপাসনাৰ উপৰিও বিভিন্ন অবৈদিক পৰম্পৰা আৰু লোকাচাৰেৰে অসমৰ জনসংস্কৃতি আৰু তন্ত্ৰসমৃদ্ধ আধ্যাত্মিক চেতনাবোধ স্তৰে স্তৰে গঢ়ি উঠা। এফালে সমগ্ৰ হিমালয় পাদদেশৰ চীন-তীব্বতীয় তাওঁবাদৰ প্ৰভাৱপুষ্ট তান্ত্ৰিক তীব্বতীয় বৌদ্ধবাদ , অহিন্দু তান্ত্ৰিক লোকাচাৰ আৰু আনফালে সনাতনী বৈদিক আৰু ব্ৰাহ্ম্যণ্যবাদী হিন্দু দৰ্শনৰ গঙ্গীয় স্ৰোতৰ মিলন বা সংঘাতৰ মূল কেন্দ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাৰ সভ্যতা৷ যাৰবাবে বৈদিক হিন্দুবাদ আৰু ব্ৰাহ্ম্যণ্যবাদ অসমত প্ৰবেশ কৰি থমকি ৰবলৈ বাধ্য হৈছিল আৰু থলুৱা দেৱতা (deity) সকলক অৱতাৰবাদৰ জৰিয়তে হিন্দুকৰণ কৰি লৈছিল৷ ফলত থলুৱা ৰীতি-নীতিবোৰত প্ৰাচীন তান্ত্ৰিক লোকাচাৰ আৰু বৈদিক ব্ৰাহ্ম্যণ্যবাদী লোকাচাৰবোৰ সংপৃক্ত হৈ পৰিল৷ ইয়াৰ ভিতৰত বৌদ্ধতন্ত্ৰ আৰু হিন্দুতন্ত্ৰৰ সংপৃক্ত ৰূপ এটাই থিতাপি ল’লে আৰু কালক্ৰমত ই অসমীয়া থলুৱা কৃষ্টি ৰূপে চিনাকি হৈ পৰিল। এইক্ষেত্ৰত মহাপুৰুষদুজনাৰ ভূমিকা অতি উল্লেখযোগ্য ৷ 

পশ্চিম দক্ষিণ-পূৱ এচিয়াৰ ভিন্ন লোকাচাৰ আৰু সংস্কৃতিৰ মাজত একধৰণৰ সাদৃশ্য দেখা যায় যিটো গঙ্গেয় আৰু সিন্ধু উপত্যাকাৰ সৈতে পৃথক৷ অৱতাৰবাদৰ দ্বাৰা বৈদিক ব্ৰাহ্মণসকলে অসমৰ থলুৱা লোকক হিন্দুকৰণ কৰি ল’লে যদিও প্ৰাচীন তান্ত্ৰিক লোকাচাৰবোৰক অশ্লীল-যৌনগন্ধী বা নীচজাতৰ লোকাচাৰ বুলি ঘৃণা কৰিবলৈ নেৰিলে ৷ সেয়ে আজিও কুকুৰা, গাহৰি, মহিষ আদিৰ মাংস উচ্চবৰ্ণৰ মাজত অস্পৃশ্য ৷ প্ৰাচীন লোকাচাৰ মদ-মহিষ আৰু মৈথুনৰ যি কৃষিভিত্তিক প্ৰতীকবাদ তাৰ সৈতে পশুপালক আৰ্যৰ গো-বলয়ৰ কৃষ্টি চেতনাৰ আকাশ পাতাল পাৰ্থক্য। আমাৰ অসমৰ থলুৱা প্ৰবচন -’ শাল-শিঙি-সুৱাৰ⁄ তিনি ভক্তিৰ দুৱাৰ’ উচ্চবৰ্ণৰ আৰ্যহিন্দুৰ বাবে হজম নোহোৱা কথা। তাৰকাৰণেই হয়তো দুৰ্গাপূজাত বলি দিয়া দেৱীৰ খাদ্য মহিষৰ মাংসৰ প্ৰসাদ উচ্চবৰ্ণৰ বাবে অস্পৃশ্য ! 

অহিন্দু বা অবৈদিক কৃষিভিত্তিক তান্ত্ৰিক উপাচাৰবিধিৰ সৈতে যৌনতা , মদ আৰু মাংসাদি ভোজন, নৰবলি, ম’হৰ দৰে ডাঙৰ জন্তুৰ বলি, দেৱ আৰু মানুহৰ ভিন্ন ব্যক্তিত্বকৰণ (Personification) উপাসনাৰ মৌলিক উপাদান৷ বিশেষকৈ জনজাতি আৰু নিম্নবৰ্ণীয় লোকৰ সমাজত এইবোৰ পৰম্পৰা অধিক আছিল। এই অবৈদিক পৰম্পৰাৰ সৈতে লিংগ-যোনীকেন্দ্ৰিক উৰ্বৰতাসম্পৰ্কীয় প্ৰতীকবাদৰ প্ৰাধান্য অধিক ৷ সেই সমাজৰ জনবিশ্বাসত আত্মা বিৰাজমান৷ আনকি মানুহে এইজীৱনতে মানুহৰ পৰা বাঘ হব পাৰে বা হৰিণৰ পৰা মানুহো হব পাৰে ৷ ইয়াত ঈশ্বৰ উপাসনা গৌণ ,অপায়-অমঙ্গল সৃষ্টি কৰা অপশক্তিক সন্তুষ্ট কৰিবলৈহে তন্ত্ৰাদি উপাসনাৰ আশ্ৰয় লোৱা হয়৷ ৰাভাসকলৰ বিভিন্ন লোককথাত তেনে বহু কাহিনী পোৱা যায় ৷ 

বৈদিক-ব্ৰাহ্মণীয় উপাচাৰবিধিৰ সৈতে আত্মা-পৰমাত্মা আৰু পূৰ্বজন্মৰ প্ৰতি বিশ্বাস, বলিবিধান, যজ্ঞাদি মূল হোৱাৰ বিপৰীতে আত্মা-পৰমাত্মাৰ বিশ্বাসহীনতাৰ মাজেৰে দেহতাত্বিক বিষয়বোৰ বৌদ্ধবাদৰ দান। গোৱালপাৰাৰ ৰাজবংশীৰ মাজত হুদুম পূজা, কাৰ্তিক পূজা আদিৰ সৈতে যিবোৰ অশ্লীল যৌনগন্ধী লোকাচাৰ, নাথ-যোগীৰ বিভিন্ন পৰম্পৰা আদিৰ যি দেহতাত্বিক বিষয়সমূহ এই অবৈদিক তান্ত্ৰিক পৰম্পৰাৰ উহাদৰণ। বৌদ্ধবাদ এই তন্ত্ৰবাদৰ অধিক কাষচপা আছিল বাবে সংপৃক্তকৰণত ই সহায় কৰিলে ৷ শ্ৰীসূৰ্যপাহাৰ, পাগলাৰটেক, হয়গ্ৰীৱ মাধৱ , মদন-কামদেৱ আদি বিভিন্ন দেৱালয়ত এই সংশ্লেষিত সংপৃক্ত ৰূপৰ অস্তিত্ব আজিও দেখা যায় । আনকি কামাখ্যা দেৱীৰ ৰজঃঋতুৰ সৈতে যি বিশ্বাস সেইবোৰো প্ৰাচীন তান্ত্ৰিক অহিন্দু লোকাচাৰৰ অংগ। 

হৰ-গৌৰী তন্ত্ৰৰ সৈতে নিকট সম্পৰ্কৰ বাবেই বৌদ্ধবাদে হিমালয়ৰ পাদদেশত তন্ত্ৰৰ প্ৰভাৱেৰে তান্ত্ৰিক মহাযানী অথবা ব্ৰজ্ৰায়নী হৈ পৰিল আৰু চীনসহ সমগ্ৰ দক্ষিন-পূৱ এচীয়াৰ এক বৃহৎ লোকসমাজক প্ৰভাৱিত কৰি পেলালে ৷ সমান্তৰালভাৱে শক্তিশালী বৈদিক-ব্ৰাহ্মণীয় সনাতন দৰ্শন আৰু পিছলৈ ব্ৰাহ্ম্যণ্যবাদৰ প্ৰতি মৃদু  বিৰোধ কিন্তু বেদৰ দৰ্শনক ভিত্তি কৰি নৱ-বৈষ্ণৱপন্থাই এক বৃহৎ পৰিসৰত ব্যাপকতা লাভ কৰিলে। 

অসমৰ প্ৰাক্ মধ্যযুগীয় সমাজজীৱন কেনেদৰে হৰ-গৌৰী তন্ত্ৰ, বৌদ্ধায়ন, ব্ৰাহ্মণীয় আৰু বৈষ্ণৱী ভাৱধাৰাৰ সংমিশ্ৰণত গঢ়ি উঠিল সেয়া ওপৰত উল্লেখ কৰা হৈছে। এয়া বাহুল্য নিশ্চয় নহব যে অবৈদিক তন্ত্ৰচাৰণ কৰা অসমৰ অনাৰ্য সকলক বৈদিক ব্ৰাহ্মনীয় ধাৰাত অস্পৃশ্য অসুৰ-দানৱ  বুলি অভিহিত কৰা হৈছিল৷ ময়ৰঙ্গ বা কিৰাট মহীৰঙ্গ নৃপতিকে মহীৰঙ্গ দানৱ বুলি অভিহিত কৰা হৈছিল, যিজনক অসমীয়া জাতিৰ আদিপুৰুষ বোলা হয়। তাৰপিছত নৰকাসুৰ, বানাসুৰ আৰু তেওঁলোকৰ সৈতে সংঘাত বা আত্মীয়তাৰ মাজেৰে আৰ্যৰ প্ৰবেশ আদি কাহিনীৰ মাজত অসম যে পৌৰাণিক কালৰে পৰা আৰ্য-অনাৰ্যৰ সংঘাত বা বিভেদ স্বত্বেও এক নিকট সম্পৰ্কৰ মাজেৰে বিকশিত  তাৰ ইংগিত পোৱা যায়৷ কোনো কোনোৰ মাজত বৈদিক আদৰ্শ তীব্ৰ আৰু অবৈদিক তন্ত্ৰ গৌণ বা তাৰ বিপৰীতে কোনো কোনোৰ মাজত তন্ত্ৰ শক্তিশালী আৰু বৈদিক আদৰ্শ গৌণ। তাৰ মাজৰ এটা স্তৰ আকৌ বুজাবুজিৰ মাজেৰে সংশ্লেষিত ৰূপত বিকাশমান। সমাজ বিকাশ আৰু বিৱৰ্তনৰ দৰে মানুহৰ আধ্যাত্মিক আদৰ্শ বা লোকাচাৰ আদিও সময়ৰ স্তৰে স্তৰে বিৱৰ্তিত হৈ ন ৰূপত বিকাশমান। 

মানুহৰ লৌকিক-অলৌকিক বিশ্বাসসমূহ উৎপাদন পদ্ধতিৰ সৈতে সম্পৰ্কীত ৷ নতুন উৎপাদন পদ্ধতিয়ে নতুন ভাৱধাৰাৰ বিকাশ কৰে ৷ সমাজ বিৱৰ্তনৰ স্তৰবোৰ খোজে খোজে আগবাঢ়ে ৷ আদিতে খাদ্য সংগ্ৰহকাৰী জনজাতি বা গোট সময়ৰ খোজত খাদ্য উৎপাদনকাৰী গোষ্ঠী বা সম্প্ৰদায়লৈ বিকশিত হয়৷ পুঁজিৰ বিকাশে বিভিন্ন গোষ্ঠী-সম্প্ৰদায়ৰ মাজত একীভৱন বা নিকট সম্পৰ্ক স্থাপন কৰি ক্ৰমে জাতিসত্ত্বা আৰু শেষত সয়ংসম্পূৰ্ণ জাতিলৈ উত্তৰণ ঘটায়। অসমীয়া জাতিও এইদৰে ভিন্ন মানৱ গোটৰ সংমিশ্ৰণত সৃষ্টি ৷ স্বাভাৱিকতেই ভিন্ন মানৱ গোট, গোষ্ঠী-সম্প্ৰদায়ৰ লৌকিক-অলৌকিক বিশ্বাসৰ সংমিশ্ৰণ, ভিন্ন উৎপাদন পদ্ধতিৰ সংমিশ্ৰণত এক উমৈহতীয়া কৃষ্টিৰ গঢ় ল’লে ৷

খাদ্য সংগ্ৰহকাৰীৰ পৰা খাদ্য উৎপাদনকাৰীলৈ আৰু ক্ৰমশঃ অস্থায়ী ঝুম কৃষিপদ্ধতিৰ পৰা স্থায়ী কৃষিপদ্ধতিলৈ উৎপাদন ব্যৱস্থাৰ উত্তৰণ এদিনতেই সম্ভৱ হোৱা নাছিল৷ এক দীৰ্ঘপৰিক্ৰমাৰ মাজেৰে আজিৰ উৎপাদন ব্যবস্থালৈ উত্তৰণ সম্ভৱ হৈছে ৷ যুক্তিসিদ্ধভাৱে কব লাগিলে অসমীয়া সমাজৰ যি লৌকিক-অলৌকিক বিশ্বাস, কৃষ্টি-সংস্কৃতি আদিও একেদৰে এক দীৰ্ঘ পৰিক্ৰমাৰ ফল ৷ সেয়ে অসমৰ সমাজজীৱনত যিবোৰ কৃষ্টি-সংস্কৃতি দেখা যায় সেইবোৰৰ মাজত এই স্তৰে স্তৰে বিকশিত আৰু বিৱৰ্তিত সমাজৰ উপৰোক্ত উপাদানবোৰ আজিও প্ৰকট হৈ আছে ৷ 

কাতি বিহুৰ সমাজতাত্বিক বিশ্লেষণ কৰিবলৈ গৈ ইমানবোৰ পাতনি মেলিব লগীয়া হোৱাৰ কাৰণটো এয়াই যে, এই উপৰোক্ত কথাখিনি নুবুজিলে আমি অসমৰ কৃষ্টি-সংস্কৃতিৰ প্ৰকৃত চিত্ৰখন বুজাত কঠিন হব ৷ যাৰবাবেই বহুতে কাতি বিহুৰ পৰম্পৰাক একেকোবেই হিন্দু আৰ্যহিন্দু সংস্কৃতি বুলি কৈ দিব খোজে। 

বৃহত্তৰ অসমত কৃষিব্যৱস্থাৰ আমোল পৰিৱৰ্তনত আহোম-কোচৰ লগতে ব্ৰাহ্মণ আৰু বাৰভুঞাসকলৰ অৱদান উল্লেখযোগ্য৷ কৃষিপদ্ধতিত টাইসকলৰ অৱদান বহুতোৰে জ্ঞাত যদিও ব্ৰাহ্মণসকলৰ অৱদান হয়তো বহুতোৰে বাবে এক আচহুৱা বিষয়। 

আমি জানো যে, প্ৰাচীন অসমৰ সৰহসংখ্যক মন্দিৰ, দেৱালয় আদি প্ৰকৃততে বৈদিক হিন্দুৰ বিপৰীতে জনজাতিসকলৰ উপাসনাস্থলী আছিল যিবোৰক নানা কাহিনী আদিৰ জডিয়তে হিন্দুৰ দেৱ-দেৱতাৰ সৈতে একাকাৰ কৰি হিন্দুকৰণ কৰা হৈছিল । এইদৰে অসমত তান্ত্ৰিক বৌদ্ধবাদ, বামাচাৰ, শৈৱ-শাক্ত আদি সকলো পন্থা ব্ৰাহ্মণ্যযুগৰ পণ্ডিতসকলৰ সৃষ্ট অৱতাৰবাদৰ জড়িয়তে বৃহত হিন্দুপন্থালৈ বিকাশ হৈছিল । এইদৰেই জনজাতীয় সমাজত আৰ্য ব্ৰাহ্মণৰ প্ৰবেশ সুচল হৈছিল ।

‘ব্ৰাহ্মণসকল কেৱল যজ্ঞানুষ্ঠানৰ সম্পাদকেই নাছিল, জ্যোতিৰ্বিদ্যা, ভেষজবিদ্যা, বতৰবিজ্ঞান, কৃষিপদ্ধতি আদিও তেওঁলোকৰ জনা আছিল । সেয়ে খাদ্য সংগ্ৰহকাৰী অনাৰ্যসমাজবোৰত তেওঁলোকৰ অনুপ্ৰবেশ সেই সমাজবিলাক খাদ্য উৎপাদনকাৰী সমাজলৈ উন্নীত হোৱাত সহায় কৰিছিল…জনজাতীয় সমাজত সোমোৱা ব্ৰাহ্মণ প্ৰব্ৰজকসকলেই আছিল প্ৰথম অৱস্থাত সেই সমাজবিলাকৰ পথদ্ৰষ্টা আৰু শিক্ষক ।’ (ভাৰতীয় চিন্তা, ড° শিৱনাথ বৰ্মন )

অসমৰ জনজাতীয় সমাজবিলাক উপৰোক্তধৰণে ক্ৰমশঃ হিন্দু সমাজৰ অন্তৰ্ভুক্ত হৈছিল যদিও নিজৰ প্ৰাচীন উপাসনা-ঐন্দ্ৰজালিক আচাৰ ব্যৱহাৰ আদি সম্পূৰ্ণকৈ ত্যাগ কৰা নাছিল । ম’হ-কুকুৰা বলি দিয়া, মদ উচৰ্গা কৰা , যৌনাচাৰ, খোৱা-বোৱা-আচাৰ আচৰণত যি হিন্দু শুচিতা তাৰ পৰা তেওঁলোক মুক্ত আছিল । সেয়ে বৰ্ণহিন্দুসকলৰ বাহিৰে অসমৰ সমাজ মুক্ত আছিল জাত-পাত আদি সংকীৰ্ণ বৈদিক পিতৃতান্ত্ৰিক হিন্দু ৰীতি-নীতিৰ পৰাও । যাৰকাৰণেই অসমত ব্ৰাহ্মণ্যবাদী ধৰ্মাচাৰৰ পৰিৱৰ্তে তান্দ্ৰিক বৌদ্ধবাদ আৰু প্ৰাচীন উপাসনা পন্থাবোৰ দৃঢ় আছিল ৷ 

আমি পূৰ্বতেই উল্লেখ কৰি আহিছোঁ যে মানুহৰ লৌকিক-অলৌকিক বিশ্বাসসমূহ উৎপাদন পদ্ধতিৰ সৈতে সম্পৰ্কীত ৷ নতুন উৎপাদন পদ্ধতিয়ে নতুন ভাৱধাৰাৰ বিকাশ কৰে ৷ হিমালয়ৰ নামনিৰ মানৱ সম্প্ৰদায়ৰ মাজত অতীজৰে পৰাই স্থায়ী কৃষিপদ্ধতিৰ প্ৰচলন নাছিল, বৰং হাবি-বন কাটি ন-ন মাটি মোকোলাই অস্থায়ীভাৱে ঝুম খেতি কৰাৰ পৰম্পৰাহে আছিল। তীব্বত-ভূটানৰ পৰা আৰম্ভ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ঠাইতে তেনে কৃষিব্যৱস্থাই আছিল ৷ আনকি অবিভক্ত গোৱালপাৰা জিলাত ১৭৮৯ চনত  চিৰস্থায়ী বন্দোবস্তি নোহোৱালৈকে মানুহে স্থায়ীভাৱে একে ঠাইতে খেতি কৰা নাছিল ৷ আহোম অসমতো টাইমূলীয় আহোম সকলৰ আগমনৰ পূৰ্বে স্থায়ী কৃষিপদ্ধতিৰ প্ৰচলন নাছিল। 

 টাই-চাম সকলে পুৰণি জনজাতি ঝুমীয় অস্থায়ী কৃষি পদ্ধতিৰ আমোল পৰিৱৰ্তন কৰি বিস্তীৰ্ন এলাকাত পথাৰত আলি দি শালি ধানৰ পানী খেতি প্ৰৱৰ্তনৰ জৰিয়তে এক স্থায়ী কৃষি পদ্ধতি সুচনা কৰিছিল যিয়ে এক সুস্থিৰ জনসমাজৰ সুচনা কৰে । ইয়াৰ ফলত অৰ্থনীতিৰো আমোল পৰিৱৰ্তন হল আৰু এইদৰে স্থায়ী কৃষি পদ্ধতি, স্থায়ী বসতি আৰু সুনিৰ্দিষ্ট পৰিমানৰ ৰাহিয়ে এক স্থায়ী ৰাষ্ট্ৰব্যৱস্থা নিৰ্মান কৰে । এইদৰেই অসমীয়া জাতি নিৰ্মানৰ বীজটো অংকুৰণ ঘটে । এই ক্ষেত্ৰখনকে একে মতাদৰ্শৰে একে সাংস্কৃতিক গভীৰতাৰে সুষমতা প্ৰদান কৰিছিল গুৰু শংকৰদেৱৰ সাংস্কৃতিক নৱজাগৰণে । 

বৃহত্তৰ কামৰূপ-কমতাপুৰত আৰু মধ্য অসমত ব্ৰাহ্মন সকলৰ পিছতেই অসমত সামাজিক-অৰ্থনৈতিক ব্যৱস্থা আৰু উৎপাদন পদ্ধতিৰ অন্যতম সংস্কাৰক আছিল বাৰভুঞাসকল। ইয়াৰ দ্বাৰা এটা সিদ্ধান্তত উপনীয় হব পৰা যায় যে, আহোম-অসমত স্থায়ী কৃষিপদ্ধতিৰ লগতে শালিখেতিৰ পৰম্পৰা আৰম্ভ কৰাসকল আছিল টাই-শ্বান গোষ্ঠীৰ আহোমসকল আৰু কামৰূপ-কমতা আৰু মধ্য অসমত এই দায়িত্ব পালন কৰা ব্ৰাহ্ম্যণীয় ব্যৱস্থাৰ সৈতে সংপৃক্ত হৈ ৰাজকাৰ্য পালন কৰা কোচ-কমতাপুৰী শাসকসকল আৰু বাৰভূঞাসকল।  

অসমত পৰম্পৰাগত স্থায়ী কৃষিপদ্ধতিত এবছৰত মাথো এবিধ শস্যৰ খেতিহে কৰা হৈছিল। হয়তো মানুহে স্থায়ীকৃষিপদ্ধতি অৱলম্বন কৰিলেও খাদ্য সংগ্ৰহৰ অভ্যাসৰ পৰা মুক্ত নাছিল ৷ সেয়ে আজিও অসমৰ মানুহৰ খাদ্যাভ্যাসত হাবি-বননিৰ পৰা সংগ্ৰহ কৰা কচু-ঢেকীয়া, বিভিন্ন বনৰীয়া আলু, কলু-লেটা আদি দেখা যায়। এইবোৰ মূলতঃ জনজাতীয় খাদ্যসংগ্ৰহকাৰী সমাজৰ অভ্যাসৰ চানেকি। 

শালি ধান মূলতঃ আহাৰ-শাওন মাহত ৰোৱা হয় আৰু আঘোণ-পুহ মাহত চপোৱা হয়। শালিধান চপোৱাৰ আগে আগে আহিন-কাতি মাহত মানুহৰ জমা ধান শেষ হয়, পথাৰত পোক-পতংগৰ আক্ৰমন হয় আৰু স্বাভাৱিকতেই অপশক্তিক ৰোধিবলৈ, কঠিন সময়বোৰ আঁতৰি যাবলৈ প্ৰাচীন তন্ত্ৰ-মন্ত্ৰ-মেজিক আদিৰে উপাসনা কৰা হৈছিল বুলি অনুমান কৰিব পাৰি ৷ পথাৰত ঔটেঙাৰ বাকলিৰ চাকি, আকাশ বন্তি আদিত প্ৰাচীন তন্ত্ৰৰ প্ৰভাৱ মনকৰিবলগীয়া। 

খেতি চপোৱাৰ আগতে   পথাৰত চাকি দি খেতি নদন-বদন হোৱাৰ কামনাৰে এক উৎসৱ জাপানত বৰ জনপ্ৰিয় ৷ সকলো অপায় অমংগল দূৰ কৰিবলৈ পূৰ্বজৰ আত্মাবোৰক সুঁৱৰি পথাৰত চাকি জ্বলোৱা হয় ৷ বিশ্বাস যে পূৰ্বজৰ আত্মাবোৰে আহি খেতিয়কৰ সকলো অপায়-অমংগল দূৰ কৰিব ৷ তাৰোপৰি ধান ৰোৱাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰা ধানখেতি ৰক্ষা কৰিবলৈ জাপানৰ হিটোয়ামাত ’মুছি-অ’কুৰি’ (Mushi Okuri )নামৰ এক প্ৰাচীন কেণ্ডেল-লাইট উৎসৱত পথাৰৰ আলিত শাৰী শাৰীকৈ হাতেৰে নিৰ্মিত চাকি দিয়া হয়। এই পৰম্পৰা প্ৰায় ৩০০ বছৰ পুৰণি ৷ বৌদ্ধবাদ চৰ্চা কৰাসকলে জানে যে হিন্দুধৰ্মৰ নিচিনা বৌদ্ধধৰ্মতো চাকিৰ প্ৰভাৱ অপৰিসীম ৷ 

পথাৰত ঔটেঙাৰ বাকলিত চাকি দিয়াৰ পৰম্পৰা হিন্দুধৰ্মাৱলম্বী ভাৰতৰ অন্য কোনো ঠাইতে দেখা নাযায় ৷ জাপানৰ ’মুছি-অ’কুৰি’ (Mushi Okuri ) পৰম্পৰা পোনে পোনে অসমত আহি থিতাপি ল’লে নে অসমৰ পৰাগৈ জাপানৰ পৰম্পৰাৰ অংগ হ’ল সেয়া গৱেষণাৰ বিষয়। থাইলেণ্ডত বৌদ্ধধৰ্মীয় পৰম্পৰাত য়ি পেং (yi peng) নামৰ এক উৎসৱ পালন কৰা হয় ৷ আকাশ বন্তি (Khom Fai) সৌভাগ্যৰ প্ৰতীকৰূপে দিয়া হয় য’ত দুৰ্যোগ-সমস্যা আদিৰ বিনাশ হয় বুলি ভবা হয়৷ 

কাৰ্তিক সংক্ৰান্তিত কৃট্টিকা নক্ষত্ৰই তুলা ৰাশিত প্ৰবেশ কৰে। এই কৃট্টিকা নক্ষত্ৰ আৰু কাৰ্তিক মাহ হিন্দুসকলৰ পবিত্ৰ মাহ। এই মাহতেই দেৱালী,ধনতেৰচ আদি উদ্ যাপন কৰা হয়।  এই কৃট্টিকা দক্ষৰ জীয়েক বুলি ভাৰতীয় জ্যোতিষত কোৱা হয় ৷ অৰ্থাৎ কৃট্টিকা সৌভাগ্যৰ প্ৰতীক৷ চন্দ্ৰপত্নী কৃট্টিকাৰ মূল প্ৰভাৱী দেৱতা অগ্নি৷ ভৃগুপত্নী খ্যাতি (Khyati) কৃট্টিকাৰ ভগ্নী ৷ গতিকে খ্যাতিৰ পৰা কাতি নে কৃট্টিকাৰ পৰা কাৰ্তিক> কাতি হ’ল সেয়া এক প্ৰশ্ন হব পাৰে৷ 

অসম যিহেতু জ্যোতিষবিদ্যাৰ প্ৰাণকেন্দ্ৰ আছিল গতিকে প্ৰাচীন উপাসনাৰ সৈতে জ্যোতিষ সম্পৰ্কীয় বিষয়বোৰো সংপৃক্ত হৈছিল বুলি অনুমান কৰিব পাৰি ৷ সেয়ে ঝুমীয় কৃষি পৰম্পৰাৰ সৈতে জড়িত অহিন্দু তান্ত্ৰিক বিশ্বাসসমূহ পিছলৈ কাৰ্তিক সংক্ৰান্তীৰ সৈতে একীভূত হব পাৰে ৷ তন্ত্ৰ আৰু বৌদ্ধৰ সৈতেও পূৰ্ণচন্দ্ৰ (Full moon)ৰ সম্পৰ্ক আছে ৷ অৰ্থাৎ অগ্নি, চন্দ্ৰ আৰু কৃট্টিকা নক্ষত্ৰৰ সৈতে কাতি মাহত উদ্ যাপিত অন্য হিন্দু উৎসৱৰ সৈতে কাতি বিহুৰ এক সম্পৰ্ক দেখা যায়৷ চীনাসকলেও শস্য চপোৱাৰ আগে আগে অধিক উৎপাদনৰ কামনাৰে চন্দ্ৰক উপাসনা কৰে ৷ তান্ত্ৰিক বিশ্বাসত চন্দ্ৰৰ সৈতে ’কাম’ৰ সম্পৰ্ক ৷ ’কাম’ উৎপাদনৰ প্ৰতীক। 

 হিন্দু ধৰ্মৰ লগতে মহাযানী বৌদ্ধধৰ্মতো অগ্নিক দেৱতাৰূপে গণ্য কৰা হয়। থাইলেণ্ডৰ  থেৰাবাদী বৌদ্ধত অগ্নি কনিষ্ঠ দেৱতা Phra Pholeng (পৱিত্ৰ শিখা)। উল্লেখ্য যে অগ্নি তান্ত্ৰিক বৌদ্ধবাদৰো অন্যতম দেৱতা। অগ্নি যিদৰে জ্বলি শেষ হোৱাৰ পিছত একো অস্তিত্ব নাথাকে জীৱনৰো মৃত্যুৰ পিছত একো অস্তিত্ব নাথাকে বুলি বৌদ্ধমতে বিশ্বাস কৰে ৷ জাপানত অগ্নিক কাতেন (katen) বুলি কোৱা হয়। বাৰজন দেৱতা (twelve deity)ৰ মাজত অগ্নি (Katen) অন্যতম৷ 

"তুলসীৰ তলে তলে মৃগপহু চৰে ৷

তাকে দেখি ৰামচন্দ্ৰই শৰধেনু ধৰে ৷৷" 

কাতি বিহুত তুলসীৰ তলত চাকি দিয়াৰ পৰম্পৰা কেতিয়াৰ পৰা আৰম্ভ হ’ল সেয়া এই আলোচনাৰ এক অন্যতম দিশ৷ ৰামচন্দ্ৰৰ অস্তিত্ব প্ৰাচীন শক্তি তন্ত্ৰৰ ওচৰে পাজৰেও নাই ৷ তেনেহ’লে তুলসীৰ তলত মৃগ চিকাৰ কৰিবলৈ ৰাম আহিল ক’ৰ পৰা ? কথাটো হ’ল, বৌদ্ধবাদত ৰামৰ কাহিনী আছে যদিও হিন্দুৰ দৰে ৰামক ভগৱান হিচাপে গ্ৰহণ কৰা নাই। অৱশ্যে জাতকত বুদ্ধই আকৌ নিজকে ৰাম বুলি উল্লেখ কৰিছে। বৌদ্ধ ধৰ্মৰ প্ৰভাৱ থকা সমগ্ৰ দক্ষিণ-পূৱ এচিয়াত ৰামায়নৰ কাহিনী জনপ্ৰিয় হৈছিল। 

অসমৰ সংস্কৃতিত ৰামৰ প্ৰবেশ ঘটিল বৈষ্ণৱ যুগত ৷ গুৰু শংকৰদেৱে নামধৰ্ম প্ৰচাৰ কৰাৰ পূৰ্বেই ৰামৰ কাহিনী অভিজাত শ্ৰেণীৰ মাজত প্ৰবেশ কৰিছিল যদিও জনপ্ৰিয় হোৱা নাছিল। আমি জানো যে মাধৱ কন্দলিয়ে সৰ্বপ্ৰথম আঞ্চলিক ভাষাত ৰামায়ন ৰচনা কৰিছিল। শ্ৰীমন্তশঙ্কৰদেৱ-মাধৱদেৱে কৃষ্ণ আৰু ৰামক জনপ্ৰিয় কৰি প্ৰাচীন শক্তি তন্ত্ৰ আৰু বৌদ্ধবাদ (বজ্ৰায়ন)ৰ বিপক্ষে থিয় কৰালে। সেইসময়তে অসমত বাৰভুঞাসকলৰ নেতৃত্বত বিশুদ্ধ সামন্তবাদ পুলি ৰোপন হৈছিল। 

গুৰুদুজনাই তান্ত্ৰিক শক্তি উপাসনাৰ বা বৌদ্ধাচাৰণৰ বিৰোধ কৰিলেও অসমত ইয়াৰ প্ৰভাৱ ইমানেই দৃঢ় আছিল যে বেদপ্ৰধান বৈষ্ণৱী আদৰ্শই সেইবোৰ পৰম্পৰাক সম্পূৰ্ণকৈ উচ্ছেদ কৰিব নোৱাৰিলে ৷ ব্ৰাহ্মণীয় যুগত মূল ভাৰতভূমিৰ পৰা  অৱশ্যেই বৌদ্ধক বিতাড়িত কৰা হৈছিল আৰু ই প্ৰাচীন তন্ত্ৰবাদক কবচ হিচাপি লৈ থিতাপি লবলৈ সক্ষম হৈছিল অসম, তীব্বত আদি কৰি হিমালয়ৰ দেশসমূহত ৷ অসমৰ গণসংস্কৃতিত সেয়ে প্ৰাচীন জনজাতীয় সমাজৰ সাংস্কৃতিক প্ৰভাৱ বৈষ্ণৱী সামন্তবাদে নিঃশেষ কৰিব নোৱাৰিলে ৷ সেয়ে ভাৰতৰ কোনো ঠাইতে নোহোৱা কাতি বিহু অসমত ৰৈ গ’ল ঔটেঙাৰ চাকি আৰু আকাশ বন্তিত ৷ বাকী প্ৰাচীন তন্ত্ৰক উচ্ছেদ কৰি নাম-প্ৰসংগ, তুলসীৰ তলত চাকি, মৃগপহু চিকাৰ কৰা ৰজা ৰামচন্দ্ৰক  বৈদিক আদৰ্শৰে অনুপ্ৰানিত হোৱা বৈষ্ণৱবাদে প্ৰতিষ্ঠা কৰিলে ৷ 

মহাপুৰুষীয়া ধৰ্মই বৃহত্তৰ কোচ আৰু আহোম অসমক বৈষ্ণৱী আদৰ্শৰে এক কৰি গণসমাজক বিশেষভাৱে প্ৰভাৱিত কৰিলে যদিও অসমৰ সমাজৰ পৰা তন্ত্ৰ আৰু বৌদ্ধবাদ সম্পূৰ্ণ উচ্ছেদ নহ’ল। বৰং আজিও ই স্থানীয় লোকাচাৰৰ মাধ্যমত বিভিন্ন লোকসম্প্ৰদায়ৰ মাজত ৰৈ গ’ল। উদাহৰণস্বৰূপে, কোচ-ৰাজবংশী মহিলাসকলে  পালন কৰা কাৰ্তিক পূজাত যৌনগন্ধী গীত-পদ , প্ৰতিকী যৌনাচাৰ অন্যতম লোকাচাৰ, হুদুম পূজা আৰু বিভিন্ন শক্তিধাৰাসমূহ । দেশী মুছলমানৰ মাজতো কাতি বিহুৰ সময়ত কিছুমান প্ৰাচীন প্ৰথা এতিয়াও আছে। এইবোৰ প্ৰাচীন অহিন্দু তন্ত্ৰবাদ আৰু বৌদ্ধবাদৰ ক্ষয়িষ্ণু ৰূপ হিচাপে আজিও বৰ্তি আছে৷ 

প্ৰাচীন শক্তি তন্ত্ৰ আৰু বৌদ্ধবাদৰ মাজতো যাজকশ্ৰেণীৰ আধিপত্য আছিল যদিও ই আছিল বহুপৰিমানে লোকায়তিক। সামন্তবাদৰ উত্থান নোহোৱালৈকে প্ৰাচীন জনসমাজত এয়াই আছিল সামূহিক জীৱনদৰ্শন ৷ সামূহিক শ্ৰম আৰু উৎপাদন, সামূহিক ভোগ আৰু সামূহিক উপাসনাই আছিল লোকায়তিক জীৱনৰ অন্যতম ৰূপ৷ 

মানুহৰ হাতৰ পৰা সামূহিক ভূমি আৰু উৎপাদনৰ আহিলাসমূহ সামন্তৰ হাতলৈ যোৱাৰ পিছতেই আৰম্ভ হ’ল ৰজাৰ জয়গান, ভাগ্যবিধাতা অদৃষ্ট শক্তিক উপাসনাৰ বাবে য’ত পূৰ্বতে কোনো মাধ্যমৰ প্ৰয়োজন নাছিল সেয়া পিছলৈ ব্ৰাহ্মণ, ধৰ্মগুৰু, সত্ৰাধিকাৰ আদিৰ হাতলৈ গ’ল ৷ মানুহৰ উপাসনা পদ্ধতিতো সামন্তবাদী ব্যৱস্থাই প্ৰভাৱিত কৰিলে ৷ ক্ৰমশঃ পুঁজিবাদৰ বিকাশৰ ফলত  জনসমাজৰ পৰম্পৰাবোৰকো পণ্যৰূপত ব্যৱহাৰ কৰিবলৈ লোৱা দেখা গ’ল। সেয়ে লোকায়তিক কাতি বিহুৰ প্ৰভাৱ জনসমাজত ক্ৰমশঃ ম্লান আহিল আৰু তাৰ ঠাই অধিকাৰ কৰি ল’লে সামন্তযুগীয়  দুৰ্গাপূজা, দেৱালী,  ধনতেৰছ আদিয়ে৷

অৱশ্যে কাতিবিহুৰ পৰম্পৰাকো অদূৰ ভৱিষ্যতে আধুনিক ৰূপ দিব পৰাৰ সম্ভাৱনা নথকা নহয়। জাপানৰ বিধ্বংসী ভুইকঁপৰ পিছত এসময়ত প্ৰদূষিত নগৰী বুলি খ্যাত মিনামাতাত এক প্ৰাচীন  বৌদ্ধ পৰম্পৰাক নতুন ৰূপ দিয়া হৈছে য’ত খেতি পথাৰবোৰক ৰঙবিৰঙৰ লাইটেৰে উজলাই পৰ্যতকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিছে। পথাৰৰ মাজত কেণ্ডেল লাইট ডিনাৰ এতিয়া অভিজাতসকলৰ মাজত এক চৌখিন পৰম্পৰা হিচাপে গঢ়ি উঠিছে ৷ 

থোৰতে আমি কব পাৰোঁ যে, কাতি বিহুৰ আজিৰ যি ৰূপ সেয়া সমাজ বিৱৰ্তনৰ স্তৰে স্তৰে ৰূপান্তৰ হৈ গঢ়ি উঠা। অহিন্দু তন্ত্ৰ, বজ্ৰায়নী বৌদ্ধ, টাই আহোমে লৈ অহা স্থায়ী কৃষিপদ্ধতিৰ লগতে সামাজিক  ধ্যান ধাৰণা , ব্ৰাহ্মণীয় হিন্দু আৰু গুৰু দুজনাৰ প্ৰভাৱেৰে কাতি বিহুৰ শৰীৰী আৰু আত্মীক ৰূপ প্ৰতিষ্ঠা হৈছে ৷ এই ৰূপ অসমীয়া জাতিৰো স্বকীয় ৰূপ৷ অসমীয়াৰ সংস্কৃতিয়েই কৃষিভিত্তিক।   অসমীয়া গণসমাজৰ হাতলৈ সম্পদৰ অধিকাৰ, খেতিয়কৰ হাতত কৃষিভূমিৰ  অধিকাৰৰ নিশ্চয়তা, কৃষিক  আধুনিকভাবে বিকাশ কৰি জনপ্ৰিয় কৰা   আৰু সমস্ত ৰাজনৈতিক-অৰ্থনৈতিক ব্যৱস্থা সৰ্বসাধাৰণৰ স্বাৰ্থত গঢ়ি তুলিব নোৱাৰিলে পুঁজিবাদী ভোগবাদী সংস্কৃতিৰ গ্ৰাসত কাতি বিহুৰ সংস্কৃতি লোপ পাব। সংস্কৃতি লোপ পোৱা মানেই জাতি এটাই পৰিচয়বিহীন হৈ বিশ্বৰ মানচিত্ৰৰ পৰা হেৰাই যাব।  





Sunday, 11 October 2020

 

প্ৰব্ৰজিত সম্প্ৰদায় আৰু অসমীয়া জাতীয়তাৰ প্ৰশ্ন ।

                                                ৰক্তিম শৰ্মা

 

অসমীয়া জাতিগঠন প্ৰক্ৰিয়া সম্পৰ্কত শেহতীয়া যথেষ্ট চিন্তা চৰ্চা আলোচনা হোৱা দেখা যায় যদিও সামগ্ৰিকভাবে সমগ্ৰ ইতিহাসক সমৰি এই বিষয়ত যুক্তিনিষ্ঠ আলোচনা প্ৰায় সীমিত বুলিলে কিজানি ভুল কৰা নহবঅসমীয়া জাতিগঠন প্ৰক্ৰিয়া এক জটিল বিন্যাস যিটো ভাৰতীয় অন্য জাতিৰ বা দক্ষিণ পূৰ্ব এচিয়াৰো অন্য জাতিৰ জাতিগঠন প্ৰক্ৰিয়াৰ সৈতে ঐতিহাসিকভাবেই পৃথকজাতি সম্পৰ্কে ড০ হীৰেন গোহাই দেৱৰ এটা মন্তব্য এইক্ষেত্ৰত প্ৰণিধানযোগ্য গোঁহাইদেৱে কৈছিল যে, ‘উত্তৰ আধুনিক চিন্তাত জাতিৰ ধাৰণাটো এটা ভাষিক নিৰ্মান বুলি ভবা হয় আৰু তাক বিনিৰ্মান কৰাৰ সকলো প্ৰচেষ্টাক মুল্যবান বুলি ভবা হয় পুঁজিবাদৰ বিকাশত বৰঙনি দিয়া জাতিৰ ধাৰণাত কিছু সীমাবদ্ধতা তথা গুৰুতৰ ত্ৰুটি থকা সম্ভৱ কিন্তু ইয়াৰ অৰ্থ এনে কৰা অনুচিত যে সমগ্ৰ বস্তুটোৱেই এটা বাস্তৱ ভিত্তিৰহিত কাল্পনিক প্ৰপঞ্চ।’

 

জাতি হ’ল গোষ্ঠীজ পৰিচয়ৰ পৰা উত্তৰণ হোৱা ঐতিহাসিকভাৱে সংগঠিত জনসমষ্টিৰ এক সন্মিলীত সামাজিক-ৰাজনৈতিক সত্ত্বা। অসমীয়া জাতি গঠনৰ সম্পৰ্কত আলোচনা কৰিবলৈ হ’লে  ইউৰোপীয় জাতি গঠন সম্পৰ্কত সমাজ গৱেষক ড০ ৰোচ (M. Hroch)ৰ বিশ্লেষণ প্ৰণিধানযোগ্য। ইউৰোপৰ জাতিগঠন প্ৰক্ৰিয়াৰ ওপৰত আলোচনা কৰোতে উল্লেখ কৰিছে যে, ইউৰোপৰ জাতি গঠন মূলতঃ দুটা স্তৰত সমপূৰ্ণ হৈছে। প্ৰথম আৰম্ভ হৈছিল মধ্যযুগৰ জাতি ৰাষ্ট্ৰৰ পৰা ১৮শ শতিকাৰ আধুনিক ৰাষ্ট্ৰলৈ উত্তৰণৰ সময়ত আৰু ২য়তে আগ্ৰাসনৰ বাহিৰত ৰৈ যোৱা জনগোষ্ঠীসমূহ যিসকলৰ নিজস্ব স্বকীয় সংস্কৃতি-ভাষা , আৰু ভিন্ন জনজাতীয় শাসন পদ্ধতিৰ মাজত থাকিও কোনো কাৰণত গোষ্ঠীজ পৰিচয়ৰ পৰা উত্তৰণ কৰি ৰাষ্ট্ৰ গঠনৰ পৰ্যায়লৈ বিকাশ কৰিব পৰা নাছিল আৰু যিসকলৰ কোনো শাসকীয় অভিজাত শ্ৰেণী নাছিল আৰু সেই গোষ্ঠীজ সত্ত্বাৰ পৰা এক সন্মিলীত পৰিচয়লৈ বিকাশৰ মাধ্যমেৰে। জাতি গঠন মুখ্যতঃ পাঁচধৰণৰ সম্পৰ্কৰে বিকাশ সাধন হোৱা বুলি গৱেষক সকলে মত প্ৰকাশ কৰিছে। ১) ৰাষ্ট্ৰ গঠনৰ ঐতিহাসিক-ৰাজনৈতিক ভেটিসমূহ ২) গোষ্ঠীজ শিপা ৩) উদ্যোগীকৰণ, আনুষ্ঠানিক শিক্ষা, সামাজিক যোগসুত্ৰ ইত্যাদি আধুনিকীকৰণৰ প্ৰক্ৰিয়াসমূহ ৪) জাতীয় আকাংক্ষা আৰু তাৰ সংঘাতসমূহ ৫)জাতিহিচাপে এক হবলৈ প্ৰয়োজনীয় মনষ্তাত্বিক আৰু আবেগিক প্ৰভাৱ।

 

অসমৰ ক্ষেত্ৰতো আহোম শাসকে সাত ৰাজ সামৰি এক ৰাজ কৰা, গুৰু শংকৰদেৱৰ সাংস্কৃতিক আৰু ধৰ্মীয় প্ৰভাৱত কোচ-অসমলৈকে একে ধৰণৰ সাংস্কৃতিক সমন্বয়, গোষ্ঠীজ শিপা অক্ষূন্ন ৰাখিও এক উমৈহতীয়া পৰিচয়ৰ বিকাশ সাধন কৰা, বৃটিছ উপনিবেশৰ কালত উদ্যোগীকৰণ, আনুষ্ঠানিক শিক্ষা, সামাজিক যোগসুত্ৰ ইত্যাদি আধুনিকীকৰণৰ প্ৰক্ৰিয়াসমূহ মাজেৰে প্ৰব্ৰজিত বিভিন্ন সম্প্ৰদায় অসমীয়া সত্ত্বাৰ সৈতে একীভূত হোৱা, জাতীয় সংগ্ৰাম সমূহৰ মাজেৰে নিকট সম্পৰ্কৰে, জাতিহিচাপে এক হবলৈ প্ৰয়োজনীয় মনষ্তাত্বিক আৰু আবেগিক প্ৰভাৱ আদিৰ মাজেৰে অসমীয়া জাতিৰ বিকাশ হৈছিল। 

 

একাংশ আগশাৰীৰ সমাজবিশ্লেষকৰ মতে, অসমীয়া জাতিগঠন প্ৰক্ৰিয়াটো এক পৃথক(distinct) ঐতিহাসিক প্ৰক্ৰিয়া, কাৰণ এই জাতিৰ সৃষ্টি প্ৰাকৃতিকভাবে বিকাশ হোৱা এক সত্বা নহয় বৰং কিছুমান ঐতিহাসিক কাৰকৰ ফল এই ঐতিহাসিক কাৰকনো কি তাৰ উত্তৰ এটাই, সেয়া হৈছে প্ৰব্ৰজনৰ ইতিহাস মানৱ প্ৰজাতিৰ বিকাশ আৰু বিৱৰ্তনৰ ইতিহাসেই হৈছে প্ৰব্ৰজনৰ ইতিহাস বিশ্বৰ ভিতৰতে সৰ্বোচ্চ প্ৰব্ৰজন ক্ষেত্ৰবোৰৰ ভিতৰত  অসম অন্যতমবিখ্যত ইতিহাসবিদ মিলছেও সেয়ে লিখিছিল এইদৰে-Assam is situated in “one of the greatest routes of migration of mankind

 

 

অসমত আধুনিক প্ৰব্ৰজন আৰম্ভ হৈছিল আহোম অসমক ১৮২৬ চনত  বৃটিছ শাসন ব্যৱস্থাৰ সৈতে সাঙোৰাৰ পিছৰে পৰা গোৱালপাৰাৰ ক্ষেত্ৰত ১৭৮৯ চনৰ চিৰস্থায়ী বন্দোবস্তৰ জৰিয়তে ভূমিৰ ওপৰত প্ৰত্যক্ষ খাজনা সৃষ্টিয়েই আছিল প্ৰত্যক্ষ উপনিবেশ ব্যৱস্থা স্থাপনৰ লাইখুটা উল্লেখ্য যে, ১৯০১ চনৰ পৰাই গোৱালপাৰাৰ জমিদাৰ আৰু অনা অসমীয়া ব্যৱসায়ীসকলে নিজৰ নিজৰ বিস্তীৰ্ণ কৃষি পামত আৰু চৰ আৰু নৈপৰীয়া উৰ্বৰ অঞ্চলবোৰত সস্তীয়া শ্ৰমিক হিচাপে মৈমনসিংহৰ পৰা মুছলমান লোক আনি বহুৱাইছিল ইয়াৰ উদ্দেশ্য আছিল ১৭৮৯ চনত বৃটিছে প্ৰৱৰ্তন কৰা চিৰস্থায়ী  বন্দোবস্তীৰ মাজেৰে বিপুল পৰিমানৰ প্ৰত্যক্ষভাবে ভূমিৰ ওপৰত খাজনা সংগ্ৰহ কৰা তাৰ আগতে গোৱালপাৰাত প্ৰত্যক্ষভাবে ভূমি-খাজনা নাছিল কৰ আছিল, বনকৰ, জলকৰ আদিৰ ৰূপত (শান্ত বৰ্মনমেচপাৰা জমিদাৰীৰ চমু ইতিহাস, আগলতি , ১৯৯১)   থলুৱা লোকসকলে নতুন নতুন ঠাইত হাবি পুৰি খেতি কৰাৰ অভ্যাসৰ কাৰণে একে ঠাইতে চিৰস্থায়ীভাবে থকাৰ আগ্ৰহী নাছিল  মৈমনসিঙিয়া মুছলমান শ্ৰমিক সকলেই আছিল বিশ্বাসযোগ্য স্থায়ী ৰায়ত ১৯২১ চনৰ লোকপিয়লত দেখুৱায় যে পূৰ্ববংগৰ পৰা সতি সন্ততিসহ ,৩০,০০০ মুছলমান  লোকক অসমৰ গোৱালপাৰাত স্থাপিত কৰা হয়  ক্ৰমশ তাৰ পৰাই নগাওঁ, দৰং কামৰূপ, শিৱসাগৰ আদি জিলালৈ বিয়পি যায় ইয়াৰ অধিকাংশই আছিল মৈমনসিংহ জিলাৰ পৰা অহা

 

১২০৫ খ্ৰী. তুৰ্কী সেনাপতি ইখতিয়াৰ উদ্দিন মহম্মদ বখতিয়াৰ খিলজীয়ে তিব্বত আক্ৰমণ কৰাৰ উদ্দেশ্যে অসম (কামৰূপ) প্ৰবেশ কৰে। মিনহাজুদ্দীন তবাকত্--নাছিৰি নামৰ পুথিত উল্লেখ আছে যে খিলজীক বাট দেখুৱাই আনিছিল আলি মেছ নামৰ নতুনকৈ ইছলাম ধৰ্মত দীক্ষিত এজন লোকে। এই আলি মেছ মেচ জাতিৰ লোক। এই কথাই প্ৰমাণ কৰে যে ১২০৫ খ্ৰী.তে থলুৱা জনজাতীয় লোক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। নৱম শতিকাতে আৰবৰ বনিক সকলে কামৰূপৰ নাম শুনিছিল আৰু ইয়াৰ তন্ত্ৰ-মন্ত্ৰৰ কথা শুনি শিহৰিত হৈছিল। মেদিনী চৌধুৰীদেৱে লুইত বৰাক আৰু ইছলাম নামৰ গ্ৰন্থত লিখিছে-

'' তথাপি সাহস কৰি এদিন ঘিয়াছুদ্দিন আউলীয়া আহিছিল ত্ৰয়োদশ শতিকাৰ সময়েৰে ধূসৰিত এটা দিনত। আহিছিল পৰাক্ৰমী এটা তুৰ্কী বাহিনীৰ সৈতে। অথচ উভটি যোৱাৰ পথ তেৱোঁ বিচাৰি পোৱা নাছিল কোনোদিনে। তেওঁৰ দেহ অগ্ৰদূত হিচাপে বহন কৰি অনা এক বিশাল ঐতিহ্যৰ আদৰ্শ-সমস্ত ৰৈ গল কামৰূপ অসমৰ মাটিৰ মায়াত। ''

 

চুফীবাদৰ আদৰ্শ আৰু বৈষ্ণৱ আদৰ্শৰ মাজত নিকট সম্পৰ্ক। একেই ভক্তি ৰস। উমায়েদ খলিফা সকলৰ ভোগ প্ৰৱণতা আৰু জাগতিক স্পৃহাৰ প্ৰতি চুফীবাদ যিদৰে এক বিৰাট প্ৰত্যাহ্বান আছিল ঠিক সেইদৰে ভক্তিবাদ আছিল ব্ৰাহ্ম্যণ্যবাদী আধিপত্য বাদৰ বিৰুদ্ধে প্ৰত্যাহ্বান। সেয়ে আজান চাহাবৰ জিকিৰ আৰু জাৰি গীতত দেখা যায় সেই একেই সুৰ—-মোৰ মনত হীন-পৰ নাই আল্লাহিন্দু কি মুছলমান একে আল্লাৰ ফৰমানযিদৰে গুৰু শংকৰৰ ভাষাত কুক্কুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম,জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আজিও শংকৰ-মাধৱ গুৰুৰ বাৰকুৰি বৰগীতৰ লগতে আজান চাহাবে ৰচনা কৰা আঠ কুৰি জিকিৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ। হয়।

 

গুৰুজনাই দি যোৱা সত্ৰীয়া নৃত্যৰ সাঁজ-পোছাক আদিত ইছলামীয় শিল্প শৈলীৰ প্ৰভাৱ লক্ষ্যণীয় আনকি ওজাপালি লগতে গায়ন-বায়নসকলৰ এক বৃহৎ সংখ্যক ইছলামধৰ্মী লোকেই আছিল অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকাচাৰসমূহতো ইছলামৰ প্ৰভাৱ মনকৰিবলগীয়া। যেনে মাউত-ফান্দীৰ হাতী ধৰিবলৈ যোৱাৰ আগতে যি পাৰম্পৰিক লোকাচাৰ , গোৱালপাৰাৰ মেচপাৰা জমিদাৰৰ দুৰ্গাপূজাৰ বেলবোধনৰ দিনা দণ্ড(আথাশটা) হাতত লৈ দেশী মুছলমানে কৰা শোভাযাত্ৰা , আনকি সৌ সিদিনালৈকে দেশী মুছলমানৰ মাজত মনসা পূজা,বিয়াত সেন্দুৰৰ ফোঁট লোৱাকল পুলি আদিৰে নানা লোকাচাৰ দেখিবলৈ পোৱা গৈছিল যিবোৰ কিছু পৰিমাণে এতিয়াও আছে। হাজোৰ পোৱামক্কা গোৱালপাৰাৰ দৰগাহ হিন্দু -মুছলমান উভয়ৰে বাবে তীৰ্থস্থান হিচাপে পৰিগণিতহৈ আহিছে ধৰ্মীয় সহিষ্ণুতাৰ এনে বহু উদাহৰণেই আছে

 

এই ঐতিহাসিক কাৰকবোৰেই এক উমৈহতীয়া সত্বাৰ জন্ম দিছিল যাক আমি অসমীয়াত্ব বুলিব পাৰো  এই সত্বাটো ঐতিহাসিকভাবে ভাষিক-সাংস্কৃতিক আৰু ৰাজনৈতিক উপৰিসৌধৰে গঠিত এক সত্বা এই সত্বাটোৰ সৈতে জাতীয়তাবাদৰ সম্পৰ্ক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি জাতীয়তাবাদ এটা অতি জটিল বিষয় আৰু বহুতে বিভিন্ন সামাজিক-ৰাজনৈতিক-সাংস্কৃতিক পৰিঘটনাৰ মাজেৰে ইয়াক বিশ্লেষণ কৰিছে যদিও আজিকোপতি একক সংজ্ঞাৰে সংজ্ঞায়িত কৰিব পৰা নাই অৰ্থাত এটা জাতিৰ জাতীয়তাবাদ ইয়াৰ সামাজিক-ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিঘটনা , বিৱৰ্তন আদিৰ মাজেৰেহে বিশ্লেষণ কৰিব পাৰি ঐতিহাসিক দৃষ্টিকোনেৰে জাতীয়তাবাদ এটা আদৰ্শগত আন্দোলন যাৰ লক্ষ্য হল বহিঃ আগ্ৰাসনৰ পৰা জাতিটোৰ পৰিচয় , সামাজিক একতা আৰু আত্মনিৰ্ধাৰণৰ মাজেৰে ক্ষমতা হাচিল কৰা আনধৰণে কব লাগিলে জাতি-ৰাষ্ট্ৰ তৈয়াৰ আৰু দৃঢ়কৰণৰ এক অন্যতম বাকধাৰাপ্ৰকৃত জাতীয়তাবাদ সাম্ৰাজ্যবাদ-নব্য উপনিবেশবাদ বিৰোধী আৰু জাতিৰ সৰ্বসাধাৰণৰ হাতলৈ ৰাজনৈতিক অধিকাৰ কাঢ়ি অনাৰ পক্ষপাতি।

 

ইতিহাস চালেই দেখা পাওঁ কিদৰে বৃটিছৰ খাজনা বৃদ্ধিৰ বাবে থলুৱা কৃষকে ভূমি অধিকাৰ হেৰুৱাইছিল , কানিৰ নিচাত নিজৰ কৃষি ভূমি কানি মহলদাৰ বা মহাজনৰ হাতত বন্ধক থৈছিল অসমীয়াই  হেজাৰ হেজাৰ লোকৰ মাটি সম্পত্তি বাজেয়াপ্ত হৈছিল  এইদৰে ছলে বলে কৌশলে ১৯৩৯ চনতেই বিপুল পৰিমাণৰ পূৰ্ববংগীয় লোকক স্থানীয় মহাজন আৰু মাৰোৱাৰী বেপাৰীয়ে অসমীয়া কৃষকৰ পৰা বাজেয়াপ্ত কৰি লোৱা মাটিত বহাইছিল অসমীয়া ভূমিগিৰি সকলেও তেনেকৈ মাটি পমুৱাক বিক্ৰী কৰি ধনবান হৈছিল ১৯৩৯-৪২ৰ ভিতৰত বৰপেটাতেই % মুছলমানৰ ঠাইত ৪৫% হৈছিলগৈ৷  আনকি নামনি  অসমৰ প্ৰায়ভাগ কৃষি ভূমি মাৰোৱাৰীৰ দখললৈ গৈছিল আৰু সেই পামবোৰত কৃষি শ্ৰমিক হিচাপে পমুৱা লোকক বহুৱাইছিল৷ তাৰ আগতেই চাদুল্লা চৰকাৰে মুছলীম লীগৰ ভোট বেংকৰ বাবে সেজউ বিপ্লৱৰ নামত পূৰ্ববংগীয় লোকক আনি অসমৰ ভূমি আদিত বহুৱাইছিল৷ এইসকল প্ৰব্ৰজনকাৰীয়ে প্ৰথমে নৈপৰীয়া অঞ্চল, চৰ-চাপৰি আদিত পাম পাতিছিল বাবে স্থানীয় অধিবাসীয়ে পমুৱা বা চৰুৱা বুলিছিল

 

১৯৩৯-৪২ৰ ভিতৰত বৰপেটাতেই % মুছলমানৰ ঠাইত ৪৫% হৈছিলগৈ আনকি ১৯২৮-১৯৩৩ চনৰ ভিতৰত তীব্ৰ অৰ্থনৈতিক সংকটৰ সময়ত অসমৰ প্ৰায়ভাগ কৃষি ভূমি মাৰোৱাৰী মহাজনৰ হাতলৈ গৈছিল আৰু সেই পামবোৰত কৃষি শ্ৰমিক হিচাপে পমুৱা লোকক বহুৱাইছিল বা চৰা দামত পমুৱাক বিক্ৰী কৰিছিল অসমীয়া ভূমিগিৰি সকলেও তেনেকৈ মাটি পমুৱাক বিক্ৰী কৰি ধনবান হৈছিল আনকি সত্ৰৰ বহু মাটিও তেনেকৈয়ে অসমীয়াৰ হাতৰ পৰা গৈছিল৷ মাটিৰ ফটকা ব্যৱসায়ত জড়িত মাৰোৱাৰী আৰু অসমীয়া বিশেষকৈ বৰপেটীয়া সুদখোৰ মহাজনেও পমুৱাক মাটি বিক্ৰি কৰিছিল আনকি সুদৰ বিনিময়ত বৰপেটাৰ হাটীৰ পুঁজিও পমুৱাক মাটি কিনিবলৈ ধাৰে দিয়া হৈছিল (ভাৰতৰ স্বাধীনতা আন্দোলনত অসমীয়া ছাত্ৰ ভূমিকা, ৰমেশ কলিতা, পৃ ১৫৩)তাৰ আগতেই চাদুল্লা চৰকাৰে সেজউ বিপ্লৱৰ নামত পমুৱা লোকক অসমৰ ভূমি আদিত বহুৱাইছিল মুছলীম লীগৰ ভোট বেংকৰ বাবে ইছলামিক সমাজবাদৰ সপোন দেখা ভাসানীৰ উদাৰবাদৰ সলনি পিছলৈ ইছলামিক স্থানৰ সপোন দেখুৱাবলৈ এচাম কট্টৰবাদীৰো জন্ম হৈছিল বা হৈ আছে৷ এই লোকসকলৰ মধ্যশ্ৰেণীয়ে সদায় অসমৰ ৰাজনীতিত নিজৰ প্ৰাসংগিতা বজাই ৰাখিবলৈ নিজৰ ৰাজনৈতিক মতাদৰ্শ সলনি কৰি অহা দেখা যায়৷ কিন্তু লক্ষ্যণীয় কথাটো  ইমানৰ পিছতো সাধাৰণ দৰিদ্ৰ লোকসকলৰ কিন্তু অৱস্থানৰ বিশেষ সলনি হোৱা নাই৷ তেওঁলোক সদায় কূট ৰাজনীতিৰ বলি হৈ আহিছে৷

স্বাধীনতাৰ আগৰ পৰাই পূৰ্ববংগীয় মূলৰ মুছলমান সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক ৰাজনীতি চলিছে অসমত মুচলীম লীগৰ পৰা চাৰ চাদুল্লাৰ মুখ্যমন্ত্ৰী হৈছিল অসমত পূৰ্ববংগীয় মুছলমানৰ ত্ৰানকৰ্তা হিচাপে নিজকে প্ৰক্ষেপ কৰা এজন আছিল মৌলানা ভাসানী ইছলামিক সমাজবাদৰ সপোন দেখা ভাসানীৰ আন্দোলনৰ বাবেই বৃটিছে অসমৰ পৰা ইনাৰ লাইন পাৰমিট ৰদ কৰিবলৈ বাধ্য হৈছিলবহু প্ৰগতিশীল লোকে ভাসানীক কৃষকৰ নেতা বুলি আখ্যা দিলেও ভাসানীৰ বংগীয় ইছলামিক সম্প্ৰসাৰণ অসমীয়া জাতিৰ বাবে আশাৰ প্ৰদীপ মুঠেও নাছিল। অসমৰ দৰে প্ৰান্তীয় ভূমিৰ নিৰ্যাতিত জাতিৰ অস্তিত্বৰ প্ৰশ্নত ভাৰতৰ প্ৰগতিশীল মহলৰ যি ধাৰণা সেয়া বিতৰ্কৰ উৰ্দ্ধত নহয় যিটো শেহতীয়া মিঞা-কবিতাৰ প্ৰসংগত চৰ্চিত হৈছে।

 

পূৰ্ববংগীয় মুছলমান সকলে নিজৰ মাতৃভাষা অসমীয়া বুলি লোকপিয়লত উল্লেখকৰা আৰু অসমীয়া মাধ্যমক শিক্ষাৰ মাধ্যম হিচাপে লোৱা বিষয়টো অসমৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ যদিও বৰ্তমান বহুতেই এই দিশটোক উপেক্ষা কৰা দেখা যায় ১৯৫১ চনৰ পৰা ১৯৬১ চনৰ ভিতৰত অসমৰ জনসংখ্যা মিলিয়নৰ পৰা ১০. মিলিয়ন হৈছিলগৈ কিন্তু এই সময়খিনিৰ মাজত অসমীয়াভাষীৰ সংখ্যা বৃদ্ধি হৈছিল মাত্ৰ . মিলিয়নৰ পৰা . মিলিয়ন ১৯৩১ চনৰ পিয়লমতে মাত্ৰ . মিলিয়ন লোকেহে তেওঁলোকৰ মাতৃভাষা অসমীয়া বুলি দাবী কৰিছিল ১৯৬১ৰ পৰা ১৯৭১ চনৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমীয়াভাষী সংখ্যালঘূ হৈছিল , সংখ্যাগৰিষ্ঠ হৈছিল বঙালীভাষী ১৯৬১ চনৰ পিয়লমতে ব্ৰহ্মপুত্ৰ উপত্যাকাত বসতি কৰা মুঠ ৯১৩,০০০ জন লোকৰ ভিতৰত ৩৮ বেংগলী, ৩৩% অসমীয়া আৰু অন্য ১৩% হিন্দীভাষী হোৱাৰ বিপৰীতে চহৰাঞ্চলত বেংগলী সকলৰ দ্বাৰা অসমীয়াৰ সংখ্যাগৰিষ্ঠতা হ্ৰাস হৈছিল উল্লেখযোগ্য যে পূৰ্ববংগীয় মূলৰ লোকসকলে তেওঁলোকৰ মাতৃভাষা অসমীয়া বুলি উল্লেখ নকৰা হ’লে অসমত অসমীয়াভাষী তাহানিতেই  সংখ্যালঘূ হলহেতেন

 

পূৱ-পাকিস্থানী সকলক অসমৰ পৰা বিতাড়ন কৰি থলুৱাৰ সুৰক্ষাৰ দাবীত এক জাতীয়তাবাদী চিন্তাৰ বিকাশ ১৯৩৫ চন মানতেই হৈছিল যিকিনহওঁক ১৯০৩ চনৰ পৰা ১৯৭১ চনৰ আগে পাছে বা অভিযোগ মতে এতিয়াও অবাধ বাংলাদেশী অুনুপ্ৰৱেশে থলুৱাৰ মাজত শংকাৰ সৃষ্টি হৈয়ে আহিছে বিভিন্ন চৰকাৰী আমোলা , ৰাজনৈতিক দলবোৰৰ স্বাৰ্থসিদ্ধিৰ বাবে এই সমস্যাটোই ভয়ংকৰ ৰূপলৈ অসমৰ সমাজ জীৱন , জাতীয় চিন্তাক জোকাৰি থৈ গৈছে অভিবাসী মুছলমান সকলৰ বহুতেই অসমীয়া ভাষা গ্ৰহণ কৰি ল’লে যদিও অসমৰ জাতীয় জীৱনৰ সৈতে খাপ খাব নোৱাৰা ধৰ্মীয় ৰক্ষণশীল পন্থাৰ প্ৰভাৱ, ৰাজনৈতিক দলবোৰৰ দ্বাৰা শংকাৰ প্ৰচাৰ , মাতব্বৰ তন্ত্ৰ আদি নানান কাৰণত আৰু বিশাল প্ৰব্ৰজনৰ ফলত শংকিত থলুৱা অসমীয়াই আকোৱালী লব পৰাৰ পৰিস্থিতিৰ অভাৱত অসমীয়াত্বৰ এটা প্ৰান্তত থাকি গ’লএই প্ৰসংগত বিশ্বৰ আগশাৰীৰ সমাজবিজ্ঞানীসকলে গৱেষণা কৰি পাইছে যে, এটা প্ৰব্ৰজিত সম্প্ৰদায় নতুন ভূখণ্ডৰ ভাষা-সংস্কৃতিৰ সৈতে একীভূত হবলৈ এশ বছৰ যথেষ্ট নহয়।

 

পূৰ্ববংগীয় মুছলমান, চাহবাগানীয়া, নেপালী বা অন্যান্য প্ৰব্ৰজিত জনসম্প্ৰদায় এইদৰে সম্পূৰ্ণকৈ অসমীয়া জাতিৰ সৈতে সংমিশ্ৰিত হব নোৱাৰিলেও এওঁলোকৰ মাজৰ পৰাই অসমৰ ভাষা আন্দোলন-অসম আন্দোলন আনকি আলফাৰ সংগ্ৰামতো অংশগ্ৰহণ কৰিছে আনকি মৃত্যুবৰণো কৰিছেবিহাৰী, বঙালী, মাৰোৱাৰী আদি অন্য ভাৰতীয় বহিৰাগতৰ ক্ষেত্ৰত জাতীয় সংগ্ৰামত অংশগ্ৰহণ খুব কমেই দেখা যায় বা নাযায়েই এইসকলক অসমীয়াত্বত একীভূত কৰিব নোৱাৰাটো এক ৰাজনৈতিক-সামাজিক বিফলতা বুলি কবই লাগিব অসমৰ শ্ৰম আৰু কৃষি ক্ষেত্ৰৰ লগতে অসমীয়া ভাষা সাহিত্যলৈ অভীবাসী মুছলমানৰ অৱদান অনস্বীকাৰ্য যদিও অবাধ প্ৰব্ৰজনযে থলুৱা অসমীয়াই জাতীয় অস্তিত্বৰ প্ৰতি ভাবুকি বুলি ভাবি আহিছে সেয়াও সত্য অসমীয়া সংজ্ঞাৰ সৈতে প্ৰব্ৰজিতসকলকো সাঙুৰি লোৱাৰ শংকাৰ বাবেই অসমৰ বিভিন্ন জনজাতিয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্নত পৃথক ৰাজ্য বা স্বায়ত্বশাসিত অঞ্চল বা জনজাতিকৰণৰ মাজেৰে নিজৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষা কৰাৰ কথা ভাবিছে শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত আৰু অসম চুক্তি মতে অসমীয়াৰ ৰক্ষা কবচৰ বাবে চিন্তা চৰ্চা উপৰোক্ত জাতীয়তাবাদী শিবিৰৰ সফলতা বুলি কব পাৰি অভিবাসী মুছলমানসকলৰ দৰে চাহ জনজাতি সকললো অসমীয়া সত্বাত চামিল কৰাত বিফল হৈছে অসমৰ জাতীয়তাবাদী শিবিৰ শ্ৰমৰ অধিকাৰ , অৰ্থনৈতিক বিষয়বোৰত চিন্তা নকৰা বাবে দৰিদ্ৰ চাহ জনজাতি সকলক জাতীয়তাবাদী শিবিৰে প্ৰভাৱিত কৰিব নোৱাৰিলে

 

ভাষিক জাতীয়তাবোধৰ বাবে দেশৰ ৰাজনৈতিক সীমা মুখ্য নহয় ৰবীন্দ্ৰ জয়ন্তী , নজৰুল জয়ন্তী আদিৰ সময়ত পশ্চিম আৰু পূৰ্ববংগৰ মাজত ৰাজনৈতিক সীমা বঙালী জাতীয়তাবোধে নোহোৱা কৰি পেলায় আজিৰ তাৰিখতো দুই দেশৰ বঙালীসকল একলগ হোৱাৰ চিন্তা পুহি ৰাখিছে বৰ্তমান লোকপিয়লত অসমীয়া বুলি পৰিচয় দিয়া অসমৰ পূৰ্ববংগীয় লোকসকৰ  মাজত ভৱিষ্যতে এই বঙালী ভাষিক জাতীয়তাবোধৰ বিকাশ হোৱাৰ সম্ভাৱনাও নথকা নহয়  অৱশ্যে অসমীয়া ভাষা আজি এনে এক পৰ্যায়ত বিকাশ লাভ কৰিছে যত কোনো এক জনসম্প্ৰদায়ে নিজকে অসমীয়া নহয় বুলি কলেও অসমীয়া ভাষা ধ্বংস হোৱাৰ সম্ভাৱনা নাই কিন্তু অসমীয়াত্বৰ ক্ষেত্ৰত যি সংখ্যাগত ৰাজনৈতিক সামাজিক বিষয় থাকিব সেয়া তাৰ দ্বাৰা ক্ষতিগ্ৰস্থ হব শেহতীয়াকৈ অসমীয়াৰ ৰক্ষাকবচৰ ক্ষেত্ৰত অসমীয়াৰ সংজ্ঞা কি হব তাৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰিছে ভবিষ্যতৰ অসমীয়াৰ ৰাজনৈতিক সামাজিক অস্তিত্ব

 

অসমৰ প্ৰাদেশিক কংগ্ৰেছ আছিল অসমীয়া জাতীয়তাবাদ আৰু ভাৰতীয় জাতীয়তাবাদৰ ককটেইল স্বাধীনতা আন্দোলনৰ সময়তেই কংগ্ৰেছৰ মাজত সৃষ্টি হৈছিল পূৰ্ববংগীয় মুছলমান বিদ্বেষ তাৰ ঐতিহাসিক কাৰণো আছিল ১৯০৫ চনত লৰ্ড কাৰ্জনে বংগদেশৰ বিভাজনৰ দ্বাৰা  অসমক বংগৰ চট্টগ্ৰাম, ঢাকা  আৰু মৈমনসিংহ সৈতে সংযোগ কৰি ঢাকাৰ ৰাজধানী হিচাপে লৈ পূৰ্ববংগ আৰু অসম নামে এখন প্ৰদেশ গঠন কৰাৰ ফলত অসমীয়া সংখ্যালঘূ হৈছিল আৰু অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি হৈছিলঅম্বিকাগিৰি ৰায়চৌধুৰীৰ নেতৃত্বত  বংগ ভংগৰ বিৰূদ্ধে তীব্ৰ আন্দোলন গঢ়ি উঠিছিল 

 

 

ভাৰতীয় স্বাধীনতা আন্দোলনৰ পৰাই মধ্যশ্ৰেণীৰ চেতনা দুই দিশেৰে গতি কৰা দেখা যায়  প্ৰথম, অসমীয়া মধ্যশ্ৰেণীৰ চেতনা হিন্দু উদাৰ আধ্যাত্মিকতাৰ চেতনাৰ মাজেৰে সৰ্বাভাৰতীয় জাতীয়তাবাদৰ সৈতে একাত্ম অনুভৱ কৰে গতিকেই অতি সহজেই এওঁসকলৰ মাজত হিন্দুত্ববাদে ক্ৰিয়া কৰিবলৈ সক্ষম হয়সদৌ অসম ছাত্ৰ সন্থা, অসম গণ পৰিষদ আদিৰ মাজত এনে এক বাকধাৰা লক্ষ্যণীয়।সকলোতকৈ গুৰুত্বপূৰ্ণ দিশটো হল এই মধ্যশ্ৰেণীৰ নেতৃত্বত অসমৰ খিলঞ্জীয়া জনজাতিসকলে কেতিয়াও নিৰাপদ অনুভৱ কৰা নাই অসমৰ জনসাধাৰণো ৰাজনৈতিক প্ৰভাৱপুষ্ট মধ্যশ্ৰেণীৰ দ্বাৰা প্ৰভাৱিত যদিও বিগত কেইবাদশক ধৰি চলা বিভিন্ন জাতীয় আন্দোলনে অসমৰ জনসাধাৰণক ৰাজনৈতিক প্ৰতিষ্ঠান বিৰোধী ধাৰা এটাৰ মাজতো প্ৰভাৱিত কৰি ৰাখিছে অসমৰ থলুৱা জনসাধাৰণ ধৰ্মীয়ভাবে উদাৰ, হিন্দু ৰক্ষণশীলতাৰ পৰা বহু পৰিমানে মুক্ত আৰু জাতীয় অস্তিত্বৰ প্ৰতি শংকিত

 

 দ্বিতীয়তে,  অন্য শ্ৰেণীটোৱে প্ৰগতিশীল আৰু ধৰ্মনিৰপেক্ষ ভাৱধাৰাৰে জাতীয়তাবাদ প্ৰতিষ্ঠাৰ চেতনাৰে আগবাঢ়ে , উদাহৰণস্বৰূপে অসম ছাত্ৰ সন্মিলনে দীৰ্ঘকাল এই লাইনটো বহন কৰি আহিছিলঅৱশ্যে ভাৰত ইউনিয়নৰ সৈতে অসমৰ সংযোগ আৰু তাৰ ফলশ্ৰুতিত যি জাতীয় সংগ্ৰামৰ বাকধাৰা তাৰ সৈতে ইয়াৰ সম্পৰ্ক ক্ষীণ। আহোম সভা, ট্ৰাইবেল এণ্ড ৰেচেচ ফেডাৰেচন আদিয়ে আন এক জাতীয়তাবাদী ভাবধাৰাৰে গতি কৰা দেখা যায় যিটোৰ সৈতে বৰ্তমানৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বাকধাৰাৰ মাজত লক্ষ্য কৰিব পাৰি।   

 

 

 উল্লেখযোগ্য যে স্বাধীনতা লাভৰ আগতেই পূৰ্ববংগীয় মূলৰ মুছলমানৰ মাজতো এক মধ্যশ্ৰেণীৰ আৱিৰ্ভাৱ হৈছিল এই মধ্যশ্ৰেণীৰ মাজত ইছলামিক সমাজবাদৰ সপোন দেখা ভাসানীৰ উদাৰবাদৰ সলনি পিছলৈ ইছলামিক স্থানৰ সপোন দেখুৱাবলৈ এচাম কট্টৰবাদীৰো জন্ম হৈছিল৷  এই মধ্যশ্ৰেণীৰ স্থিতিও সদায় আমোদজনক এওঁলোকৰ এচাম কট্টৰপন্থী ইছলাম , এচাম প্ৰগতিশীল আৰু আনচাম উদাৰবাদী  এই লোকসকলৰ মধ্যশ্ৰেণীয়ে সদায় অসমৰ ৰাজনীতিত নিজৰ প্ৰাসংগিতা বজাই ৰাখিবলৈ নিজৰ ৰাজনৈতিক মতাদৰ্শ সলনি কৰি অহা দেখা যায়৷ এই ক্ষমতাসৰ্বস্ব ৰাজনীতিয়ে সদায় ইছলামিক ব্ৰাদাৰহুদৰ এক কাল্পনিক জখলা তৈয়াৰ কৰে মুছলীম লীগৰ সময়ৰ পৰাই দেখা যায় যে সময়ে সময়ে  অসমীয়া থলুৱা একাংশ মুছলমানেও এই ইছলামিক ব্ৰাদাৰহুদৰ চেতনাৰে ক্ষমতা লাভৰ জখলাত হাত উজান দিয়ে পূৰ্ববংগীয় সাধাৰণ মুছলমান জনসাধাৰণ ধৰ্মীয়ভাবে অতি ৰক্ষণশীল, শিক্ষাৰ ক্ষেত্ৰত পিছপৰা, অৰ্থনৈতিক দিশত দুৰ্বল আৰু বিদেশী বিতাড়ন বা নিৰ্যাতনৰ দ্বাৰা শংকিত এওঁলোক স্বাভাৱিকতেই স্থিতাৱস্থাবাদী ৰাজনীতিত বিশ্বাসী

 

অসমত অনুপ্ৰবেশৰ সমস্যা সম্পূৰ্ণ শেষ নহলেও ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা যায় তাৰোপৰি বিদেশী অনুপ্ৰবেশ সম্পৰ্কত ৰাজনৈতিক প্ৰপাগাণ্ডা মূলক কথাবোৰ পৰিহাৰ কৰিব নোৱাৰিলে সমাজখনক ধৰ্মীয়-সাম্প্ৰদায়িক মেৰু বিভাজন ঘটোৱাৰ দিশে আগবাঢ়িব বিদেশী অনুপ্ৰবেশৰ ক্ষেত্ৰত ৰাজনৈতিক উদ্দেশ্যেৰে ইচলাম-ফবিয়া সৃষ্টিত সফল হৈছে কিছুমান শক্তি কিন্তু বাংলাদেশৰ লোকপিয়লৰ সৈতে অসমৰ লোকপিয়ল ৰিজাই চালে বুজিব পাৰি যে, ভিত্তি বৰ্ষৰ পিছত যি পৰিমাণে পূৰ্ববংগীয় মুছলমানৰ অনুপ্ৰবেশ হৈছে বুলি কোৱা হয় সেয়া প্ৰকৃততে ৰাজনৈতিক অভিসন্ধিযুক্ত আনকি বিভিন্ন গৱেষণা পত্ৰইও প্ৰমাণ কৰিছে যে বাংলাদেশৰ পৰা হিন্দু অনুপ্ৰবেশৰ পৰিমানহে বহু বেছি

 

বিগত সময়ত দেখা গৈছে পূৰ্ববংগীয় মুছলমান লোক বিদেশী সন্দেহত বেচৰকাৰী লোকৰ হাতত নিৰ্যাতিত হৈছে৷ আনহাতে হিন্দু- মুছলমান উভয় সম্প্ৰদায়ৰ লোক বিদেশী সংক্ৰান্তত হাৰাশাস্তি হৈছে স্বয়ং চৰকাৰী লোকৰ দ্বাৰাই বিভিন্ন চৰকাৰী-বেচৰকাৰী ৰাজনৈতিক প্ৰচাৰৰ ফলত সংখ্যাগুৰুৰ মাজত এনে এক ধাৰণাৰ বিকাশ হৈছিল যে পূৰ্ববংগীয় মুছলমান মানেই বিদেশী৷ আমোদজনকভাবে যিসকল শিক্ষিত-আঢ্যবন্ত পূৰ্ববংগীয় মূলৰ লোকে অসমীয়া জাতীয় মূলসুতিৰ সৈতে নিজকে একাত্ম কৰিব পাৰিছে , বেশ-ভুষা-ভাষা আৰু সামাজিক দিশত অসমীয়া জাতীয়তাৰ সৈতে অভিন্ন তেওঁলোকক অসমীয়া সমাজে আদৰি লোৱা দেখা যায় আনহাতে অশিক্ষিত, অৰ্থনৈতিকভাবে পিছপৰা, বেশ-ভুষা আদিত কট্টৰপন্থী মুছলমান , ঘৰুৱা আৰু সামাজিকভাবে নিজৰ পূৰ্ববংগীয় মূলৰ দোৱান আৰু বাংলা ব্যৱহাৰ কৰে সেইসকল লোকক অসমীয়া সমাজে সদায় সন্দেহৰ দৃষ্টিৰে চাই আহিছে বিগত লোকপিয়লত পূৰ্ববংগীয় মূলৰ লোকসকলৰ দীৰ্ঘদিনীয়া ক্ষোভ-আবেগক উদ্দেশ্যপূৰ্ণভাবে ব্যৱহাৰ কৰি নিজৰ মাতৃভাষা বাংলা লেখাৰ বাবে একাংশ সংখ্যালঘূ নেতাৰ উচটনিৰ লগতে শেহতীয়া মিঞা-কবিতাৰ জৰিয়তে যি নিৰ্যাতিত ইচলামিক পৰিচয়ৰ ৰাজনীতিক তুলি ধৰা হৈছে সেইবোৰে এক অন্য চেতনাৰ উমান দিয়ে অৱ্শ্যে গৰিষ্ঠসংখ্যকেই এই আহ্বানক নাকচ কৰা দেখা গৈছে আমোদজনকভাবে পূৰ্ববংগীয় মূলৰ নেতৃত্বত থকা একাংশই সদায় এইসকল লোককলৈ ক্ষমতাৰ ৰাজনীতি কৰি থকা দেখা গ’ল এইসকল নেতৃত্বই সভাই মেল মিটিঙে সামাজিক ভাবে বাংলা ভাষাৰ ব্যৱহাৰ কৰি , ধৰ্মীয় কট্টৰবাদক প্ৰশ্ৰয়, উচটনি আদিৰ মাজেৰে এইসকল লোকক অসমীয়া জাতীয় মূলসুতিৰ পৰা আঁতৰত অৱস্থান কৰোৱাৰ মানসিকতা দেখা যায় অৱশ্যে অসমৰ প্ৰায় সকলো জনগোষ্ঠীয় দল-সংগঠনে একেই পুনৰুত্থানবাদৰ কৌশলেৰে ৰাজনীতি কৰি আহিছে ইয়াৰবাবে অসমৰ জাতীয় নেতৃত্বত থকা মধ্যশ্ৰেণীৰ মানসিকতাকেই দোষী কৰা হয়

 

ভাৰতৰ সকলো ঠাইতে সাম্প্ৰদায়িক ৰাজনীতিৰ উত্থানৰ কাৰণ একে নহয়। অসমত শেহতীয়া সাম্প্ৰদায়িক ৰাজনীতিৰ উত্থানৰ অন্যতম মুখ্য কাৰণ প্ৰব্ৰজিতসকলৰ সংখ্যবৃদ্ধিত  খিলঞ্জীয়া জনসম্প্ৰদায়ৰ মাজত স়ষ্টি হোৱা অস্তিত্বৰ শংকা। খিলঞ্জীয়াৰ মাজত থকা শংকাৰ বাবেই অসমৰ জাতীয়তাবাদী শিবিৰক ৰাষ্ট্ৰবাদী সাম্প্ৰদায়িক শক্তিয়ে প্ৰভাৱিত কৰাৰ সুযোগ পাইছে। বিশেষকৈ পূৰ্ববংগীয় মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ উচ্চ হাৰে এই শংকা আৰু তীব্ৰতৰ কৰি তুলিছে। অসমত পূৰ্ববংগীয় মূলৰ চৰ-চাপৰিত মুঠ উৰ্বৰতাৰ হাৰ ৫.৬% আনহাতে খিলঞ্জীয়া জনগোষ্ঠীবোৰৰ ২.২%  বা তাতকৈ কম।পূৰ্ববংগীয় মূলৰ চৰ-চাপৰিৰ সম্প্ৰদায়ৰ এই উৰ্বৰতাৰ হাৰ ভাৰতৰ মুঠ উৰ্বৰতাৰ হাৰতকৈ বহুগুণে বেছি। ৰাজনীতি যিহেতু সংখ্যাৰ খেল আৰু জাতীয় অস্তিত্বৰ প্ৰশ্নটোও সংখ্যাৰ ৰাজনীতিৰ ওপৰতেই নিৰ্ভৰ কৰে, সেয়ে অদূৰ ভৱিষ্যতে অসমত খিলঞ্জীয়া লোকৰ ৰাজনৈতিক অধিকাৰ লুপ্ত হব বুলি ভবা শংকা অমূলক নহয়। খিলঞ্জীয়া লোকৰ ৰাজনৈতিক সুৰক্ষাৰ প্ৰশ্নটোও সেয়ে শেহতীয়াকৈ চৰ্চিত হৈছে।

 

 সামৰণিত এটা কথা কব পাৰি যে, থলুৱা অসমীয়াৰ ৰাজনৈতিক অধিকাৰ সংৰক্ষণৰ মুখ্যচৰ্তৰ মাজেৰে আৰু পূৰ্ববংগীয় মূলৰ লোকসকলক অসমীয়া জাতীয় মূলসুতিৰ সৈতে চামিল কৰি তেওঁলোকক বিশ্বাসতলৈ ধৰ্মীয় সাম্প্ৰদায়িকতাৰ বিৰূদ্ধে এক জাগৰণৰ সৃষ্টি কৰিব নোৱাৰিলে আৰু অসমৰ জনগণৰ সন্মিলীত ভাষিক-সাংস্কৃতিক আৰু ৰাজনৈতিক-অৰ্থনৈতিক অধিকাৰৰ বাবে তেওঁলোকক ঐক্যবদ্ধ সংগ্ৰামৰ অংশীদাৰ কৰিব নোৱাৰিলে অদূৰ ভৱিষ্যতে অসমত অসমীয়াৰ অস্তিত্ব ৰক্ষা সম্ভৱ নহব তাৰোপৰি ক্ষিপ্ৰতাৰে অবৈধ অনুপ্ৰবেশকাৰীক চিনাক্ত কৰি বহিস্কাৰ কৰা প্ৰক্ৰিয়াৰ সমান্তৰালকৈ পূৰ্ববংগীয় মূলৰ বিশেষকৈ চৰাঞ্চলৰ লোকক উন্নয়ন, জন্মনিয়ন্ত্ৰণ আৰু আধুনিক শিক্ষাৰ মাজেৰে আগবঢ়াই আনিব পাৰিলে জনগাঠনিগত সমস্যা বহুপৰিমাণে লাঘৱ হব বুলি আশা কৰিব পাৰি

 

“অসমীয়া কোন”-এয়া এক শেহতীয়া চৰ্চাৰ বিষয়।অসম চুক্তিৰ ৬নং দফাৰ বাবে ৰাইজৰ মতামত বিচাৰোতে আমাৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছিল এইদৰে,- ১) উপনিবেশিকৰণৰ আগত (আহোম-অসমৰ ক্ষেত্ৰত ১৮২৬ আৰু কোচ-অসম বা গোৱালপাৰাৰ ক্ষেত্ৰত ১৭৯০ চনৰ আগত) অসম নামৰ ঐতিহাসিক আৰু ৰাজনৈতিক ভূখণ্ডত নিৰৱচ্ছিন্নভাৱে বসবাস কৰি সামাজিক-সাংস্কৃতিক একীভৱনৰ মাজেৰে বা নিজস্ব গোষ্ঠীজ পৰিয়চত থাকিও জাতীয় আশা-আকাংক্ষাৰে এক উমৈহতীয়া এতিহাসিক সত্বাক বহন কৰা খিলঞ্জীয়া জনসমষ্টি  ) উপনিবেশিকৰণৰ পিছৰ চোৱাত মূলৰ পৰা ছিন্নহৈ প্ৰব্ৰজিতহৈ অসমত স্থায়ীভাবে বসবাস কৰি অসমীয়া ভাষা গ্ৰহন কৰি শ্ৰম আৰু উতপাদনৰ মাজেৰে অসমীয়াৰ জাতীয় আশা আকাংক্ষাৰ সৈতে সংপৃক্তহোৱা সকলো অসমীয়া যাৰ অন্য কোনে পৃথক গৃহভূমি নাই , যিসকলে অসমীয়া ভাষা সংস্কৃতিক আকোৱালী লৈ উমৈহতীয়া সত্বাটোত বিলীন হৈছে

 

আনহাতে উপনিবেশিকৰণৰ পিচত প্ৰব্ৰজিত হোৱা যিসকলৰ মাতৃভাষা অসমীয়া নহয় আৰু যিসকলে কেৱল লাভ আৰু জীৱিকাৰ বাবে অসমত বসবাস কৰি নিজৰ মুলৰ সৈতে সম্পৰ্ক ৰাখি চলে , যাৰ চেতনাত অসমৰ জাতীয় আশা আকাংক্ষাৰ সৈতে কোনো সম্পৰ্ক নাই তেওঁলোক অসমীয়া নহয়।

 

দীৰ্ঘকালজুৰি অতিকেন্দ্ৰিক ৰাষ্ট্ৰৰ অৱদমন, সাম্ৰাজ্যবাদী শক্তিৰ আগ্ৰাসন আৰু অনিয়ন্ত্ৰিত বিদেশী অনুপ্ৰবেশেৰে অসমীয়া এক আহত জাতি (Wounded Nation)। অসমীয়াই নিজৰ ৰাজনৈতিক অস্তিত্ব ৰক্ষা কৰি বিশ্বৰ নিৰ্যাতিত সৰ্বহাৰাৰ সৈতেও আগবাঢ়ি যাব লাগিব সচেতন ভাবে জাতীয় আত্মমিয়ন্ত্ৰণৰ অধিকাৰ আৰু জাতীয় অস্তিত্ব ৰক্ষাৰ সমান্তৰালকৈ বিশ্বসাম্ৰাজ্যবাদৰ বিৰূদ্ধেও সচেতনভাৱে খোজ দিয়াৰ মাধ্যমেৰে এক প্ৰগতিশীল জাতীয়তাবাদ নিৰ্মানৰ প্ৰয়োজন সময়ৰ দাবী। প্ৰান্তীয় জাতিবোৰৰ জাতীয়তাবাদৰ প্ৰশ্নক যিহেতু উপেক্ষা কৰি নোৱাৰি সেয়ে এইক্ষেত্ৰত সঠিক কৰ্মসুচীলৈ অসমৰ প্ৰগতিশীল সমাজ আগবাঢ়ি অহা নিতান্তই প্ৰয়োজন।

 

 

সমাপ্ত*****************