মোৰ ক্ৰন্দসী লখিমী- মোৰ দেশ
জুইৰ আৱিষ্কাৰ মানৱ জাতিৰ বিৱৰ্তনৰ বাটত এক অন্যতম খোজ ৷ আদিম সাম্যবাদী সমাজত মানুহ আছিল ঐক্যবদ্ধ ৷ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা , বন্যজীৱৰ সৈতে হোৱা সংঘাতে আত্মৰক্ষাৰ প্ৰয়োজনতেই মানৱ গোটবোৰক একত্ৰিত কৰি ৰাখিছিল ৷ সকলোৱে একলগ হৈ খাদ্য আহৰণ কৰিছিল আৰু একেলগে ভোগ কৰিছিল। মানুহৰ চেতনাই দেৱত্ব আৰোগ কৰিছিল বিভিন্ন পৰিঘটনাক কাৰকবোৰৰ ওপৰত ৷ জুই, পাহাৰ, বৰষুণ আদিক দেৱতাৰূপে পূঁজিবলৈ লৈছিল ৷ সন্তান উৎপাদন কৰা মাতৃক দেৱী হিচাপে উপাসনা কৰাৰ পৰম্পৰা হৈছিল। দেৱী শক্তিৰ আধাৰ, দেৱী লখিমী ! পুৰুষ আৰু প্ৰকৃতিৰ মিলন উৎপাদনৰ প্ৰতীক হৈ পৰিল !
কৃষিৰ আৱিষ্কাৰে মানুহক যাযাবৰী খাদ্য সংগ্ৰহকাৰীৰ পৰা স্থায়ী খাদ্য উৎপাদকলৈ উত্তৰণ ঘটালে ৷ মানুহৰ সুসংহত সমাজ সৃষ্টি হ’ল ৷ সৃষ্টি হ’ল দেশ, দেশৰ সীমা ৷ সৃষ্টি হ’ল দেশপ্ৰেম আৰু জাতীয় চেতনা ৷
দাস ব্যৱস্থাৰ পৰা সামন্তবাদলৈ বিকাশ হ’ল সমাজৰ ৷ ক্ৰমশঃ পুঁজিৰ বিকাশ হ’ল ৷ বেহা-বেপাৰ, উৎপাদিকা শক্তিবোৰৰ বিকাশৰ মাজেৰে পুঁজিৰ প্ৰবেশ ঘটিল ৷ পুঁজিৰ প্ৰভাৱত গোষ্ঠীজ পৰিচয়ৰ পৰা মুক্তহৈ ভিন ভিন গোষ্ঠীৰ সৈতে একীভৱন বা নিকট সম্পৰ্কৰ মাজেৰে এক জাতি হিচাপে উমৈহতীয়া পৰিচয়ৰ সৃষ্টি হ’ল। আদিম সাম্যবাদী সমাজত দুই পৃথক মানৱ গোটৰ সৈতে সংঘাত হৈছিল, সামন্তযুগত ভিন্ন সামন্তৰ সৈতে বা প্ৰজাৰ সৈতে সামন্তৰ সংঘাত হৈছিল ৷ এই সংঘাতৰ ফলশ্ৰুতিত পুঁজিবাদী ব্যৱস্থালৈ বিকাশ সাধন হ’ল সমাজৰ। পুঁজিৰ বিকাশে আৰু অৱক্ষয়ী সামন্তবাদৰ প্ৰভাৱত বৃহৎ জাতিয়ে ক্ষূদ্ৰ জাতিৰ ওপৰত আগ্ৰাসন-অৱদমন আৰম্ভ কৰিলে। সৃষ্টি হ’ল জাতীয় মুক্তিৰ চেতনা ৷
জাতীয় মুক্তি চেতনাই অৱদমিত ক্ষূদ্ৰ-প্ৰান্তীয় জাতিবোৰৰ সামূহিক ধৰ্ম ৷ ২য় বিশ্বযুদ্ধৰ পিছৰে পৰাই এই জাতীয় মুক্তিৰ চেতনাই অৱদমিত জাতিবোৰ সাম্ৰাজ্যবাদী বৃটিছ আদি শক্তিবোৰৰ পৰা মুক্ত হোৱাৰ অন্যতম পথ আছিল ৷ আজি একবিংশ শতিকাতো সাম্ৰাজ্যবাদ জীয়াই আছে, নব্য-উপনিবেশবাদী শক্তিসমূহে নিত্য নতুন ৰূপত নিৰ্যাতিত অৱদমিত জাতি বা ভূখণ্ডৰ ওপৰত আগ্ৰাসন অব্যাহত ৰাখিছে ৷ সেয়ে প্ৰতি দহ বছৰৰ মূৰে মূৰে বিশ্বত একোখনকৈ নতুন স্বাধীন দেশৰ গঠন হৈছে ৷ কোনোৱে আন্তৰ্জাতিক স্বীকৃতি পাইছে, কোনোৱে পোৱা নাই ৷ স্বাধীনতা মানুহৰ জন্মস্বত্ব অধিকাৰ। এটা জাতিয়ে নিজে নিজৰ ভৱিষ্যত গঢ়াৰ, বহিঃশক্তিৰ হাতোৰাৰ পৰা মুক্ত হোৱাৰ, নিজৰ ঐতিহাসিক ভূমি-পৰিচয় আৰু সম্পদৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাটো আন্তৰ্জাতিকভাৱে স্বীকৃত অধিকাৰ।
লখিমী কোন ? আমাৰ সম্পদবোৰেই আমাৰ লখিমী ৷ আমাৰ মাটি, আমাৰ পথাৰখন, আমাৰ ভাষা-লিপি, আমাৰ গৌৰৱোজ্বল সংস্কৃতি, আমাৰ পৈতৃক ভূমিৰ গৰ্ভত থকা প্ৰাকৃতিক সম্পদবোৰেই আমাৰ লখিমী ৷ সেইবোৰক ৰক্ষা কৰিব নোৱাৰিলে, বহিঃশক্তিৰ শোষণৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন ঐক্যবদ্ধ, সুসংহত, উন্নত সমাজ এখন থৈ যাব নোৱাৰিলে আমাৰ ধৰ্ম ক’ত থাকিল ? সেয়ে দেশে দেশে জাতীয় মুক্তিৰ দামামা বাজে আজিও ৷ কিউবাৰ পৰা কেটেলনীয়ালৈকে, পেলেষ্টাইনৰ পৰা পাটকাই সিপাৰলৈকে সেই একেই অগ্নিস্ফুলিংগ আকাশত কুঁকুহা হৈ উৰে ৷ এয়া কোনোৱে বিৰোধ কৰিব পাৰে, ত্ৰুটিবিচ্যুতিবোৰৰ সামালোচনা কৰিব পাৰে কিন্তু ইয়াৰ অন্তৰালৰ যি সমাজবিজ্ঞান তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে ৷
-ৰক্তিম ঙান
No comments:
Post a Comment