Saturday, 16 January 2021

 নৱবৰ্ষ 

কিদৰে লিখিম তোমাৰ নাম

চানডুবিৰ জলৰাশিত 

অথবা

বগামাটিৰ শুভ্ৰ বলুকাত 


তোমাৰ গাত বিগত বৰ্ষৰ মলি 

তোমাৰ দুৰ্গন্ধময় গুহ্যদ্বাৰেদি 

অনৰ্গল ৰাষ্ট্ৰশাসকৰ অহা যোৱা 

তোমাৰ শিৰত 

দুই নম্বৰী সোনপাতেৰে সজা 

সোনালী 

প্ৰতিশ্ৰুতিৰ মুকুট 


নৱবৰ্ষ

কিদৰে লিখিম তোমাৰ নাম 

প্ৰেয়সীৰ বাবে অনা গ্ৰিটিংছ কাৰ্ডৰ লেফাফাত 

অথবা আঢ়ৈশ টকীয়া 

নতুন ডায়েৰীৰ পাতত  


কপট ৰাজনীতিৰ হাতোঁৰাত 

প্ৰতিটো দিন 

প্ৰতিটো ঋতু

আস্তাবলত বন্দী গণতন্ত্ৰ

স্বদেশৰ জৰায়ু ভেদি

প্ৰতিনিয়ত 

বেফিকিৰ ধৰ্ষণৰ 

ধাৰাবাহিক পৰ্ণগ্ৰাফী 


নৱবৰ্ষ

কোনে লিখিব তোমাৰ নাম

হীৰকজ্যোতি মহন্তৰ ফটোত 

অথবা 

চকুলোৰে মচা

ছেম ষ্টেফৰ্ডৰ চোতালত 


প্ৰতিটো বছৰৰ শেষত

ৰাষ্ট্ৰৰ নিৰ্ভেজাল উপহাৰ 

আৰু

পিঠিৰ ছালৰ ওপৰত 

বছৰেকীয়া পৰীক্ষাৰ অন্তত 

গড়লৈ উৎপৰিৱৰ্তন হোৱা

আমাৰ বিলুপ্তপ্ৰায় ভৱিষ্যত ।

 মুখ্যমন্ত্ৰীলৈ আবদাৰ


মুখ্যমন্ত্ৰী

অলপ কথা কোৱানা

নামি আহানা

তোমাৰ সুউচ্চ মখমলী চকীৰ পৰা এবাৰ

আহাচোন উৰুকাৰ ৰাতি বহো একেলগে

নামচেঙৰ গোন্ধেৰে 

চুঙাভাত বাঢ়ি লম কলপাতত 

ঔ টেঙাৰে গাহৰি বনাম 

সাজৰ নিচাত তোমাৰ কান্ধত ধৰি 

হাঁহিম 

কান্দিম 

এবাৰ শুঙি চাম 

নিয়ৰসনা পথাৰৰ সেমেকা মাটি 

মোৰ স্বদেশৰ ৷ 


মুখ্যমন্ত্ৰী

অলপ কথা কোৱানা 

এবাৰ মচি থৈ আহানা তোমাৰ পশ্চিমীয়া 

কঁপালৰ ফোট

এবাৰ মূৰ তুলি আকাশলৈ চোৱানা 

জোনটো পূৱৰ দিশে আছে 

পৰ্বতৰ টিঙ চুই

য’ৰ পৰা আকাশ পঢ়িছিল তোমাৰ পিতামহে 

তুমি পাহৰি গ’লা সকলো কথা ৷ 


মুখ্যমন্ত্ৰী

এবাৰ কথা কোৱানা

এবাৰ আহি চোৱানা

শীতৰ ৰাতি

কেনেকৈ দপদপাই জ্বলিছে আমাৰ জুহাল

আমি জানো

তুমি জুইক ভয় কৰা

তুমি ধুমুহাক ভয় কৰা 

তুমি ভয় কৰা -

ভাইটোলৈ বুলি পদুলিমুখত ৰৈ থকা

আইৰ দুটি সৰল চকুক

তুমি ভয় কৰা পিতাইৰ বুকুৰ কামিহাড়ৰ তলত

বৈ থকা উশাসবোৰক ৷


মুখ্যমন্ত্ৰী

এবাৰ কথা কোৱানা

এবাৰ আহি চোৱানা 

কেনেকৈ দহিছে মোৰ স্বদেশ

তোমাৰ পিতায়েচোন

শিঙত ধৰি বগৰাইছিল খঙাল ম’হ

কিমানবাৰ খেদিছিল শতৰু বঙাল 

তুমি ইমান কাপুৰুষ কেনেকৈ হ’লা ? 

মুখ্যমন্ত্ৰী

এবাৰ কথা কোৱানা

নামি আহানা

তোমাৰ সুউচ্চ মখমলী চকীৰ পৰা এবাৰ 

যদি নোৱাৰা

লুইতত জাপ দিয়া

অথবা ওলমি দিয়া পাটকাইৰ কাষৰ সাঁচিগছজোপাত 

তোমাৰ গাত জাপি দিম

প্ৰাগঐতিহাসিক প্ৰস্থৰ প্লেট 

আৰু লিখি থম দুশাৰী এপিটাফ ৷


ৰচনাঃ জানুৱাৰী, ২০২০