মুখ্যমন্ত্ৰীলৈ আবদাৰ
মুখ্যমন্ত্ৰী
অলপ কথা কোৱানা
নামি আহানা
তোমাৰ সুউচ্চ মখমলী চকীৰ পৰা এবাৰ
আহাচোন উৰুকাৰ ৰাতি বহো একেলগে
নামচেঙৰ গোন্ধেৰে
চুঙাভাত বাঢ়ি লম কলপাতত
ঔ টেঙাৰে গাহৰি বনাম
সাজৰ নিচাত তোমাৰ কান্ধত ধৰি
হাঁহিম
কান্দিম
এবাৰ শুঙি চাম
নিয়ৰসনা পথাৰৰ সেমেকা মাটি
মোৰ স্বদেশৰ ৷
মুখ্যমন্ত্ৰী
অলপ কথা কোৱানা
এবাৰ মচি থৈ আহানা তোমাৰ পশ্চিমীয়া
কঁপালৰ ফোট
এবাৰ মূৰ তুলি আকাশলৈ চোৱানা
জোনটো পূৱৰ দিশে আছে
পৰ্বতৰ টিঙ চুই
য’ৰ পৰা আকাশ পঢ়িছিল তোমাৰ পিতামহে
তুমি পাহৰি গ’লা সকলো কথা ৷
মুখ্যমন্ত্ৰী
এবাৰ কথা কোৱানা
এবাৰ আহি চোৱানা
শীতৰ ৰাতি
কেনেকৈ দপদপাই জ্বলিছে আমাৰ জুহাল
আমি জানো
তুমি জুইক ভয় কৰা
তুমি ধুমুহাক ভয় কৰা
তুমি ভয় কৰা -
ভাইটোলৈ বুলি পদুলিমুখত ৰৈ থকা
আইৰ দুটি সৰল চকুক
তুমি ভয় কৰা পিতাইৰ বুকুৰ কামিহাড়ৰ তলত
বৈ থকা উশাসবোৰক ৷
মুখ্যমন্ত্ৰী
এবাৰ কথা কোৱানা
এবাৰ আহি চোৱানা
কেনেকৈ দহিছে মোৰ স্বদেশ
তোমাৰ পিতায়েচোন
শিঙত ধৰি বগৰাইছিল খঙাল ম’হ
কিমানবাৰ খেদিছিল শতৰু বঙাল
তুমি ইমান কাপুৰুষ কেনেকৈ হ’লা ?
মুখ্যমন্ত্ৰী
এবাৰ কথা কোৱানা
নামি আহানা
তোমাৰ সুউচ্চ মখমলী চকীৰ পৰা এবাৰ
যদি নোৱাৰা
লুইতত জাপ দিয়া
অথবা ওলমি দিয়া পাটকাইৰ কাষৰ সাঁচিগছজোপাত
তোমাৰ গাত জাপি দিম
প্ৰাগঐতিহাসিক প্ৰস্থৰ প্লেট
আৰু লিখি থম দুশাৰী এপিটাফ ৷
ৰচনাঃ জানুৱাৰী, ২০২০
No comments:
Post a Comment