Wednesday, 17 March 2021

 

সন্মিলীত জাতীয়তাবাদ আৰু জনগোষ্ঠীয় আকাংক্ষাৰ কঠিন বাটেদি

ৰক্তিম

জাতীয়তাবাদ এটা অতি জটিল ৰাজনৈতিক বিষয় আৰু বহু সমাজ বিজ্ঞানীয়ে বিভিন্ন সামাজিক-ৰাজনৈতিক-সাংস্কৃতিক পৰিঘটনাৰ মাজেৰে ইয়াক বিশ্লেষণ কৰিছে যদিও আজিকোপতি সকলোৰে গ্ৰহণযোগ্য একক সংজ্ঞাৰে সংজ্ঞায়িত কৰিব পৰা হোৱা নাই  ভিন্ন বাৰধাৰাত ভিন্নভাবে জাতীয়তাবাদক বিশ্লেষণ কৰা দেখা যায় ভিন্ন ভূ-ৰাজনৈতিক প্ৰেক্ষাপটত  আকৌ জাতীয়তাবাদৰ ৰূপো ভিন্ন জাতীয়তাবাদৰ সৈতে এটা জাতিৰ জাতিগঠনৰ ইতিহাস, সেই অঞ্চলৰ মানুহৰ মানসিক গঢ়, উমৈহতীয়া আশা-আকাংক্ষা আৰু ৰাজনৈতিক ক্ষমতাৰ আকাংক্ষা জড়িত অৰ্থাতএটা জাতিৰ জাতীয়তাবাদ ইয়াৰ ভূৰাজনৈতিক আৰু সাংস্কৃতিক পৰিঘটনা , সামাজিক বিৱৰ্তন আদিৰ মাজেৰেহে বিশ্লেষণ কৰিব পাৰি থোৰতে কবলৈ হ’লে, জাতীয়তাবাদ এটা আদৰ্শগত আন্দোলন যাৰ লক্ষ্য বহিঃ আগ্ৰাসনৰ পৰা  এক নিৰ্দিষ্ট ভূখণ্ডৰ মানুহৰ ঐতিহাসিক সন্মিলীত পৰিচয় , বিভিন্ন শ্ৰেণীৰ সামাজিক একতা স্থাপন আৰু  আত্মনিৰ্ধাৰণৰ উদ্দেশ্যে ৰাজনৈতিক ক্ষমতা প্ৰতিষ্ঠা কৰালেনিনে নিৰ্যাতিত জাতিৰ অধিকাৰক স্বতন্ত্ৰ ৰাষ্ট্ৰ গঠনৰ অধিকাৰ প্ৰতিষ্ঠালৈকে সম্প্ৰসাৰিত কৰিছে। জাতীয়তাবাদ কেতিয়াবা ভিন্ন জনগোষ্ঠীৰ সন্মিলীতভাৱে এক নিৰ্দিষ্ট জাতীয়তাবোধৰ মাজেৰে বা কেতিয়াবা এটা গোষ্ঠীজ সম্প্ৰদায়ৰ স্বকীয় ৰাজনৈতিক অধিকাৰৰ দ্বাৰা জাতিলৈ উত্তৰণৰ আকাংক্ষাৰ মাজেৰে প্ৰকাশ পায়। স্বাভাৱিকতেই এটা জাতিৰ শিক্ষিত মধ্যশ্ৰেণীয়ে এই জাতীয়তাবাদৰ ধ্বজা বহন কৰে। অসমৰ জনগোষ্ঠীয় জাতীয়তাবাদৰ বিষয়ে আলোচনা কৰিবলৈ হ’লে এই মধ্যশ্ৰেণীৰ চৰিত্ৰ আৰু তাৰ ঐতিহাসিক চিন্তা-চেতনাৰ বিশ্লেষণ কৰিব লাগিব।

বৃটিছে কৌশলেৰে ইংৰাজী শিক্ষাৰ প্ৰসাৰৰ যোগেদি বিভিন্ন চৰকাৰী চাকৰিত উচ্চবৰ্ণৰ লোকক নিযুক্ত কৰি বৃটিছৰ অনুগত কৰিবলৈ সক্ষম হৈছিল। এইসকল শিক্ষিতই কলিকতাত শিক্ষাগ্ৰহণৰ যোগেদি কঢ়িয়াই আনিছিল আধুনিক ভাৰতৰ আদৰ্শ। এইসকল শিক্ষিতই আধুনিক অসমীয়া জাতীয়তাবাদী চিন্তাৰো জন্ম দিছিল। ইতিমধ্যেই আহোম শাসনৰ অন্তিম কালছোৱাত সমাজত একাংশ উচ্চবৰ্ণৰ লোক ক্ষমতাশালী হৈ উঠিছিল। এই উচ্চবৰ্ণৰ মাজত স্বাভাৱিকতেই ব্ৰাহ্মণীয় সমাজৰ জাত-পাতৰ সংকীৰ্ণতা আছিল আৰু সমাজৰ তলখাপৰ মানুহখিনিতকৈ নিজক উচ্চ জ্ঞান কৰিছিল। ইংৰাজৰ শাসনত অধুনিক শিক্ষাইও এই মানসিকতাক সলনি কৰাৰ বিপৰীতে তাক আৰু অধিক দৃঢ় কৰি তুলিলে। তাৰ ফলস্বপূপেই অসমীয়া মধ্যশ্ৰেণীৰ মাজত গা কৰি উঠিছিল শংকৰদেৱ আৰু চুকাফাৰ সন্মিলীত অসমৰ চেতনাৰে গঢ়ি উঠা অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ স্বাৰ্থৰ বিপৰীত চিন্তা ধাৰা ভাষা ভিত্তিক জাতীয়তাৰ চিন্তাৰে সকলোৰে গ্ৰহণযোগ্য আৰু স্বত্বস্ফূৰ্তভাৱে গঢ়ি উঠা সকলো জনগোষ্ঠীৰ সংযোগী অসমীয়া ভাষাক আধিপত্যবাদী সম্প্ৰসাৰণবাদী ভাষালৈ পৰ্যবশিত কৰিলে মধ্যশ্ৰেণীৰ কিছু মুধাফুটা ব্যক্তিৰ কিছুমান জনজাতিবিদ্বেষী ভাষণে জনগোষ্ঠীবোৰৰ মাজত পুনৰুত্থানবাদী চিন্তাৰ প্ৰসাৰ ঘটালে

এই শ্ৰেণীটোৱেই অসমীয়া জাতি এক ভাষিক নিৰ্মান বুলি এক জাতীয় ভাষা প্ৰৱৰ্তনৰ বাবে জনগোষ্ঠীবোৰৰ মাজত অসমীয়া ভাষা জাপি দিয়া আৰম্ভ কৰিলে সাহিত্যৰ মাজতো সংকীৰ্ণ জাত পাত, জনজাতীয় বিদ্বেষ স্বাভাৱিকতেই দেখা গ’ল এই শ্ৰেণীটোৰ এই অৱস্থানে আহত কৰিলে জনজাতি সকলক আৰু তেওঁলোকে নিজৰ স্বপৰিচয়ৰ বাবে হাহাকাৰ কৰিবলৈ ধৰিলে আনকি আহোম সকলেও নিজকে অসমীয়া নহয় বুলি কোৱা আৰম্ভ কৰিলে

 

বৃটিছে কৌশলেৰে যে কেবল ব্ৰাহ্মণ্যবাদী উচ্চহিন্দুকেই উতসাহিত কৰিলে এনে নহয়, পিছলৈ সা সুবিধা দিয়াৰ নামত আহোম সম্প্ৰদায়কো নিজৰ স্বাৰ্থৰ বাবে নিজৰ বহতীয়া কৰি পেলালে আৰু ফলশ্ৰুতিত আহোমৰ মাজতো এক বৃটিছৰ অনুগত মধ্যশ্ৰেণীৰ জন্ম হ’ল কেতিয়াবা উচ্চবৰ্ণৰ হিন্দুক আপোন কৰি লোৱা, কেতিয়াবা মুছলমান আৰু আহোমৰ মধ্যশ্ৰেণীক আপোন কৰি লোৱা আৰু অসমৰ সমাজখনক ভাগ-ভাগ কৰি দিয়াৰ বৃটিছৰ এই divide and rule policy  চলি থাকিল দীৰ্ঘদিনলৈ বৃটিছ যোৱাৰ পিছতো একেই কৌশল আৰু পদ্ধতিৰে ভাৰতৰ শাসন চলাই গ’ল তদানীন্তন কংগ্ৰেছ চৰকাৰে। স্বাধীনতাৰ পিছত সময়ছোৱাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত গঢ়ি উঠা জাতীয় মুক্তি সংগ্ৰামৰ সশস্ত্ৰ ধাৰাই ভাৰত ৰাষ্ট্ৰৰ গাঠনিৰ ওপৰত প্ৰশ্ন তোলাত স্বাভাৱিকতেই ৰাষ্ট্ৰক সন্ত্ৰস্থ কৰি তোলে আৰু এই ধাৰাই যাতে অধিক ব্যাপ্তহৈ জনগণতান্ত্ৰিক সংগ্ৰামলৈ পৰ্যবশিত নহয় তাৰবাবে বিভিন্ন কৌশল অৱলম্বন কৰিবলৈ ধৰিলে। সেই একেই বৃটিছ পলীচিৰে ৰাষ্ট্ৰৰ অনুগত শ্ৰেণীৰ সৃষ্টি কৰিবলৈ ৰণনীতি অব্যাহত ৰাখিলে।

 

অসমৰ জনগোষ্ঠীয় আন্দোলনৰ ধাৰাৰ ঐতিহাসিক দিশবোৰ আলোচনা কৰিব লাগিলে স্বাধীনতা লাভৰ পূৰ্বৰ আৰু তাৰ পিছৰ তদানীন্তন ইতিহাসবোৰৰ ওপৰতো সামগ্ৰিক দৃষ্টি আৱদ্ধ কৰিব লাগিব গোষ্ঠীজ জাতীয়তাবাদৰ প্ৰকৃত কাৰণ কি, তাক কোনে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ চৰিত্ৰ কি, এই সকলোবোৰ দিশেই প্ৰাসংগিক আৰু বিষদ আলোচনাৰ বিষয়সকলোতকৈ উল্লেখযোগ্য গ্ৰুপিঙৰ বিৰূদ্ধে অসমৰ সকলো জনজাতি-অজনজাতি নেতৃত্বৰ সন্মিলীত প্ৰতিবাদ আৰু স্বাধীনতাৰ আকংক্ষা, স্বাধীনোত্তৰ কালত উত্তৰ-পূৰ্ব্বাঞ্চলৰ প্ৰায়বোৰ ভাৰতৰ সৈতে সংযোগিত প্ৰদেশবোৰৰ জনগণৰ মাজত নিজৰ পিতৃভূমি ঘূৰাই অনাৰ বাবে সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰাম আৰু বহিৰাগতৰ বিতাড়নৰ বিৰূদ্ধে সন্মিলীত আন্দোলন।

বৃটিছ উপনিবেশিক চৰকাৰে ১৮৭৪ ইংৰ ৬ ফেব্ৰুৱাৰীত বংগৰ লেফঃ জেনেৰেলৰ শাসনৰ পৰা ছিন্ন কৰি চীফ কমিছনাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত অসম প্ৰদেশ গঠন কৰে আৰু একে সময়তে Schedule District Act, 1874 আইনৰ জৰিয়তে উত্তৰ পূৱৰ প্ৰান্তীয় পাৰ্বত্য আৰু পিছপৰা অঞ্চলবোৰক সাধাৰণ আইন আৰু ৰেগুলেচনৰ পৰা আঁতৰত ৰাখে। পাৰ্বত্য জনজাতিসকলক মূলসুতিৰ অসমীয়াৰ পৰা আঁতৰাই নিয়াৰ এয়া আছিল প্ৰথম পদক্ষেপ।

১৯০০ চনত জয়ন্তীয়া দৰবাৰ আৰু ১৯২৩ চনত খাচী দৰবাৰ গঠন উত্তৰপূৱৰ জনজাতিসকলৰ স্বতন্ত্ৰতা ৰক্ষাৰ আকাংক্ষাৰ এক গুৰুত্বপূৰ্ণ মাইলপোষ্ট বুলি কব পাৰি। মেঘালয় হৈ পৰিছিল সেইসময়ত জনগোষ্ঠীয় ৰাজনীতিৰ অন্যতম শক্তিালী দূৰ্গ। ১৯৩৫ চনত Govornment Of India Act ৰ জৰিয়তে উত্তৰপূৱৰ পাৰ্বত্য জনজাতীয় অঞ্চলবোৰক Excluded Area (বহিঃৰ্ভুত অঞ্চল)আৰু কিছুমান অঞ্চলক Partially Excluded Area (আংশিক বহিঃৰ্ভুত অঞ্চল)হিচাপে ৰখা হয় ফলত এই জনজাতিসকলৰ মনত সুকীয়া ৰাজনৈতিক আকাংক্ষাৰ জন্ম হয়। জনজাতি নেতৃত্বৰ মাজত মুলসুতিৰ অসমীয়া জাতীয়তাবাদৰ বিৰূদ্ধে পৰিচয়কেন্দ্ৰিক গোষ্ঠীগত জাতীয় চেতনাৰ জন্ম দিয়াৰ মূলতে বৃটিছ উপনিবেশিক শাসকৰ কৌশল আছিল বুলি পণ্ডিতসকলে অভিযোগ কৰিছিল। (Tribal Ethenic Nationalism in Assan and The Emerging Challenges, Page No, 1 , www.ijhssi.org)

পাৰ্বত্য জনজাতিসকলক বাদ দি ভৈয়াম জনজাতিসকলে গুৰু শংকৰদেৱৰ নামধৰ্মৰ জৰিয়তে বা আহোম-কোচ আদি প্ৰশাসনৰ ভিতৰুৱা হৈ যুগ যুগ ধৰি একীভৱন বা নিকট সম্পৰ্কৰ মাজেৰে অসমীয়া জাতীয় জীৱনৰ সৈতে চামিল হৈছিল যদিও স্বাধীনোত্তৰ কালত তেওঁলোকৰ মাজত যি পুনৰুত্থানবাদী গোষ্ঠীজ জাতীয়তাবোধৰ উত্থান হ’ল তাৰবাবে পোনতেই দোষী অসমীয়া শিক্ষিত সমাজ। 

পদ্মনাথ গোহাই বৰুৱাৰ উদ্যোগত আহোম সভা ১৮৯৩ চনত প্ৰতিষ্ঠা হয় আহোম সভাৰ ভুমিকা বৃটিছৰ অনুগতহৈ আহোম সকলৰ বাবে সুবিধা আদায় কৰাহে আছিল পিছলৈ কংগ্ৰেছ মতাদৰ্শী আহোম সভাৰ বহু নেতা কৰ্মীয়ে আহোম সভা ত্যাগ কৰি পদ্মেশ্বৰ গগৈৰ পৌৰহিত্যত জাতীয়তাবাদী আহোম কনফাৰেঞ্চ গঠন কৰে ১৯৪৫ চনত শ্বিলঙত মংগোলীয় দলবোৰক ঐক্যবদ্ধ কৰি এন খাৰিন খংখাই,পদ্মেশ্বৰ গগৈৰ নেতৃত্বত Asam tribes and Races Fedaration গঠন হয়। পদ্মেশ্বৰ গগৈৰ নেতৃত্বত এটা প্ৰস্থাৱ লোৱা হয়--...the past history of Assam proper being never like that of the rest of India, this convention........urge upon Govt. that Assam be separated from the rest of India,where there are number of division like Pakistan, Hindustan etc. and let Assam's destiny be guided by the people of Assam. সুৰেন্দ্ৰ নাথ বুঢ়াগোহাইয়ে অসমৰ স্বাধীনতাৰ বাবে এইখন সভাতে বক্তব্য ৰাখিছিল ভাৰতীয় দখলদাৰিত্বৰ পৰা মুক্তি পোৱাৰ উদ্দেশ্যে ১৯৪৫ চনৰ মাৰ্চ মাহৰ ২১, ২২ আৰু ২৩ তাৰিখে মংগোলীয় দলবোৰক ঐক্যবদ্ধ কৰি বৃটিছ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা বিখ্যাত খাচী দৰবাৰ হল ৰিজলুশ্যনচৰ মূল মানুহজন আছিল প্ৰয়াত ভীমবৰ দেউৰী। ১৯৩৩ চনত জন্মলাভ কৰা ভৈয়াম জনজাতি লীগৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ভীমবৰ দেউৰী। সেই ভৈয়াম জনজাতি লীগৰেই নেতা সীতানাথ ব্ৰক্ষ্মচৌধুৰীয়ে আনকি বংগদেশৰ পৰা কোচবিহাৰ আৰু জলপাইগুৰি অসমৰ সৈতে সংযুক্ত কৰাৰ পোষকতা কৰিছিল আনহাতে গোৰ্খালীগেও দাৰ্জিলিং জিলা অসমৰ সৈতে সংযুক্ত কৰাৰ দাবী কৰিছিল কাৰণ ঐতিহাসিকভাবে অসমৰ সৈতেহে সম্পৰ্ক আছিল। প্ৰনিধানযোগ্য যে, ৰূপনাথ ব্ৰহ্মৰ নেতৃত্বত উপৰোক্ত ভৈয়াম জনজাতি লীগে মুছলীম লীগৰ সৈতে মৰ্চা গঠন কৰি অসম চৰকাৰৰ অংশীদাৰ আছিল। কচাৰী সন্মিলনী আৰু কোচ ৰাজবংশী সন্মিলনৰ পৰা বিকাশ লাভ কৰি জনজাতি লীগৰ জন্ম হয়। কালিচৰণ ব্ৰহ্ম, সীতানাথ ব্ৰহ্ম চৌধুৰী, চামচনছিং ইংতি আদি জনজাতীয় জাগৰণৰ অন্যতম হোতা আছিল।

 

১৯২৯ চনত গঠন হোৱা কচাৰী যুৱক সন্মিলনে কচাৰীসকল অসমৰ বৰ্ণহিন্দু সমাজৰ অংশ নহয় বুলি ঘোষণা কৰিছিল। (Tribal Politics in Assam: From line system to language problem, Juri Baruah )। উল্লেখযোগ্য যে সেই একেই সময়তে ধুবুৰী বড়ো যুৱক সন্মিলনীৰ পক্ষৰ পৰা প্ৰয়াত শ্যামচৰণ ব্ৰহ্ম আৰু ৰূপনাথ ব্ৰহ্মই চাইমন কমিছনৰ আগত ১৯২৮ চমত দাখিল কৰা প্ৰতিবেদনত উল্লেখ আছে এনেদৰে-  We the Bodos can by no means call us other than Assamese. Our community is most backward in point of Education. Such being the case our people are always misled, they cannot understand the value of roform, they cannot save themsleves from the hands of foreign money lenders....We claim certain provincial and executive posts for some of our people who are getting higher education. (নামনি অসমৰ মধ্যশ্ৰেণী, অনিল ৰায়চৌধুৰী, পৃঃ ১৩৫)। অৰ্থাত্ অসমৰ বৰ্ণহিন্দু সমাজৰ অংশ নহ’লেও অসমৰ জনজাতিসকল অসমীয়া জাতীয় সমাজৰ যে অভিন্ন অংশ আছিল সেয়া তেওঁলোকেও স্বীকাৰ কৰিছিল।

 

ড০ দেৱব্ৰত শৰ্মাই তেখেতৰ গ্ৰন্থ ‘ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰু জাতীয়-জনগোষ্ঠীগত অনুষ্ঠানসমূহ’ত এইদৰে উল্লেখ কৰিছে, ‘ কিন্তু গ্ৰুপিঙৰ কফিনত শেষ গজালটো মাৰিলে ভীমবৰ দেউৰী আৰু ৰূপনাথ ব্ৰহ্মৰ নেতৃত্বাধীন অসমৰ জনজাতিসকলেহে। উল্লেখযোগ্য যে, দেউৰী-ব্ৰহ্মৰ নেতৃত্বাধীন জনজাতি সঁজাতি দল এটাই মুম্বাইৰ ইম্পিৰিয়েল হোটেলত জিন্নাক এনেকৈ ক’লে,- Assam is neither Hindu, nor Muslim, it is a tribal state. The tribals donot want to join Pakistan. (পৃ-৫৩৬) 

 

আহোম সভাত নীতিগত সংঘাত আৰম্ভ হোৱাৰ মূলতে আছিল সাৰ্বভৌম অসমৰ দাবী। সেয়ে ঠানুৰাম গগৈগিৰীন গগৈৰামেশ্বৰ চেতিয়া বৰা আদিয়ে কংগ্রেছৰ চত্রছাঁয়াত এটা ফৈদ আৰু মদন চন্দ্র বৰুৱাঘনকান্ত গগৈ ,পদ্মেশ্বৰ গগৈৰ আদিৰ নেতৃত্বত অন্য এটা অকংগ্রেছী ফৈদ গঠন হৈছিল। পিছৰ ফৈদটোৱে শেষত Assam tribes and Races Fedaration গঠন কৰিছিল আৰু অসমৰ স্বাধীনতাৰ বাবে ওপৰোক্ত ধৰণে প্ৰস্তাৱ লৈছিল। খাচী দৰবাৰ হল ৰিজল্যুছনচৰ ঐতিহাসিক প্ৰেক্ষাপটত গঠন হোৱা সন্মিলীতভাৱে স্বাধীনতাৰ দাবীটোৱে পিছলৈ এক সুকীয়া জাতীয়তাবাদী বাকধাৰাৰ জন্ম দিছিল। গোপীনাথ বৰদলৈদেৱেও অসমৰ বাবে সুকীয়া সংবিধান প্ৰস্তুত কৰাৰ প্ৰস্তাৱ ৰাখিছিল যদিও সেয়া হৈ নুঠিল। দেশ বিভাজনৰ অশান্তজৰ্জৰ অৱস্থা আৰু স্বাধীনতাপ্ৰাপ্তিৰ উল্লাষত অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰৰ সকলো প্ৰশ্ন তল পৰি থাকিল আৰু অসম ভাৰতৰ অংগ ৰাজ্য হৈ পৰিল। অন্য উত্তৰ পূবৰ ৰাজ্যবোৰ যেনে ত্ৰিপুৰামনিপুৰ আদি ১৯৪৯ চনতহে ভাৰতীয় ইউনিয়নৰ সৈতে চামিল হৈছিল অধিকাংশই যড়যন্ত্ৰমূলক আছিল বুলি অভিযোগ আছিল নগালেণ্ডক ১০ বছৰৰ কাৰণে নগাঐক্য স্থাপনৰ পিছত স্বাধীনতা অৰ্পন কৰাৰ চুক্তি কৰিহে ভাৰতৰ অধীনলৈ আনিছিল ভাৰত স্বাধীনতা আইন অনুসৰি জাতিসমূহক নিজৰ পিতৃভূমি ওভোটাই দিয়াৰ কথা আছিল যদিও সেয়া কাৰ্যকৰী নহল। কোচবিহাৰকো দ্বিখণ্ডিত কৰি বহু প্ৰতিবাদৰ পিছতো বলপূৰ্বক বংগৰ অন্তৰ্ভুক্ত কৰা হৈছিল। গোৱালপাৰাক অসমৰ সৈতে চামিল কৰিবলৈ বাধ্য হৈছিল বড়ো-কোচ ৰাজবংশী আৰু থলুৱা মুছলমান জনতাৰ শক্তিশালী স্থিতিৰ বাবেহে। কিন্তু ইতিমধ্যেই মধ্যশ্ৰেণীৰ অসমীয়া নেতৃত্বই এইসকল জনজাতি নেতৃত্বৰ অৱদানক সদায় উপেক্ষা কৰি থকা দেখা গ’ল। এই অসমীয়া মধ্যশ্ৰেণী ভাৰত ৰাষ্ট্ৰৰ অনুগত আজ্ঞাবাহী এজেন্টলৈ ৰূপান্তৰিত হ’ল।

 

স্বাধীনতা লাভৰ পিছত ভাৰত চৰকাৰে এই অঞ্চলৰ জনজাতিসকলৰ  মনত জ্বলি থকা অধিকাৰৰ জুইকুৰাৰ উমান পাই  সামৰিক বাহিনীৰ বিশেষ অধিকাৰৰ নামত সামৰিক শাসন জাপি দিবলৈ আৰম্ভ কৰে ৰাষ্ট্ৰৰ এই হঠকাৰী চৰিত্ৰৰ বাবেই জাপা ফিজোৰ নেতৃত্বত নগাভূমিত সশস্ত্ৰ বিদ্ৰোহ আৰম্ভ হৈছিল। ১৯৬৪ চনত মনিপুৰত গঠন হৈছিল ৰাজকুমাৰ মেঘেনৰ নেতৃত্বত সংযুক্ত জাতীয় মুক্তি বাহিনী (UNLF) আৰু সেই একেই সময়তে অগাপিছাকৈ মিজোৰামত MNF, ত্ৰিপুৰাত ATTF, অসমত ULFA, আদি একাধিক সংগঠনে মূৰ দাঙি উঠে ভাৰতৰ সৈতে অবৈধ সংযোগকৰণৰ বিৰূদ্ধে  ম্যানমাৰত কাচিন সকলৰ পৃথক গৃহভূমিৰ বাবে ১৯৬১ চনৰ পৰা জাতীয় মুক্তি সংগ্ৰাম চলাই অহা কাচিন ইনডিপেণ্ডেন্ট অৰগানাইজেশ্যন আৰু ইয়াৰ সামৰিক শাখা কাচিন ইণ্ডিপেণ্ডেন্ট আৰ্মীৰ মুক্তাঞ্চল ব্যৱহাৰ কৰি শক্তিশালী ৰূপত অৱৰ্তীৰ্ণ হৈছিল এই সংগঠনবোৰ  

 

১৯১৮ চনৰ পৰাই নাগা ক্লাৱ গঠনৰ যোগেদি ৰাজনৈতিক স্বতন্ত্ৰতাৰ চেতনা বিকাশ হোৱা নগাসকলে জাপা ফিজোৰ নেতৃত্বত ভাৰতৰ সৈতে  সংযোগকৰণৰ বিৰোধীতা কৰি স্বতন্ত্ৰ নগাভূমিৰ ঘোষণা কৰিছিল মিজো সকলে ভাৰতৰ পৰা বিচ্ছিন্নহৈ পৃথক মিজোভূমিৰ বাবে সংগ্ৰাম কৰিছিল ইয়াৰ কাৰণ  আছিল, স্বাধীনোত্তৰ ভাৰতৰ আধিপত্যবাদী হিন্দীলবীয়ে দেশ শাসনৰ অধিকাৰ পাই সামৰিক দমনেৰে ধন-জন-সম্পত্তি ধ্বংস কৰি হ'লেও প্ৰান্তীয় ভূমিবোৰত আধিপত্য সাব্যস্ত কৰিবলৈ উঠি পৰি লাগিল বিমলা প্ৰসাদ চলিহাৰ অসম চৰকাৰে জনজাতিসকলৰ আশা-আকাংক্ষাৰ কৰ্ণপাত নকৰি সমগ্ৰ উত্তৰপূৱত অসমীয়া ভাষা জাপি দিব খোজাৰ বৰ্ণবাদী মানসিকতাৰে ইয়াত সহযোগ কৰিছিল বুলি অভিযোগ আছিল।  মিজোৰামৰ নিৰীহ জনতাৰ ওপৰত যুঁজাৰু বিমানেৰে ভাৰতীয় সেনা বাহিনীৰ নিষ্ঠুৰ বোমা বৰ্ষণৰ ঘটনা সংঘটিত হৈছিল , সামৰিক বাহিনীৰ বিশেষ অধিকাৰৰ নামত নিৰ্যাতিত জনতাৰ ওপৰত হত্যালীলা চলোৱা হৈছিল নগাভূমি, অসম, মণিপুৰ, ত্ৰিপুৰাত সামৰিক বাহিনীৰ হাতত হত্যা-ধৰ্ষণ আদি মানৱ অধিকাৰ উলংঘনৰ অসংখ্য ঘটনাক আনকি পিছলৈ উচ্চতম ন্যায়ালয়েও গৰিহণা দিবলৈ বাধ্য হৈছিল।

 

স্বাধীনতাৰ আগতেই অম্বিকাগিৰি ৰায়চৌধুৰী,জ্ঞাননাথ বৰামহেন্দ্ৰনাথ ডেকাফুকন আদিয়ে অসমৰ বাবে পৃথক শাসন দাবী কৰি গুৱাহাটীত বিশাল সমাবেশ কৰিছিল অসমৰ স্বতন্ত্ৰতাৰ দাবীত জাতীয় মহাসভাৰ জন্ম দি জাতীয় কংগ্ৰেছৰ সমান্তৰাল শক্তি হিচাপে পৰিগনিত হৈছিল সেইবোৰ অসমীয়া জাতীয়তাবাদৰ আন এক অধ্যায় সংযুক্ত মুক্তি বাহিনী , অসমৰ আত্মপ্ৰকাশ এক উল্লেখযোগ্য জাতীয় ৰাজনৈতিক পৰিঘটনা অসমৰ সকলো জাতি জাতিসত্বাৰ সম অধিকাৰ আৰু সমমৰ্যাদা প্ৰতিষ্ঠা , বৈজ্ঞানিক সমাজবাদ আৰু স্বাধীন সাৰ্বভৌম অসমৰ দাবীত সন্মিলিত জাতীয় মুক্তি সংগ্ৰামৰ ঘোষণাৰ মাজেৰে এক চৰম জাতীয়তাবাদী লাইনৰ জন্ম দিলে এই লাইন উপৰোক্ত ভৈয়াম জনজাতি পৰিষদৰ স্বতন্ত্ৰ ভূমিৰ চেতনা, অম্বিকাগিৰি ৰায়চৌধুৰী,  মহেন্দ্ৰনাথ ডেকাফুকন , জ্ঞাননাথ বৰা, সুৰেন্দ্ৰনাথ বুঢ়াগোহাই আদিয়ে সৃষ্টি কৰা জাতীয়তাবাদী লাইনৰ দীৰ্ঘ পৰিক্ৰমাৰ অংশ বুলি কব পাৰি ভাৰতৰ কেন্দ্ৰীভূত ৰাষ্ট্ৰব্যৱস্থাই সৃষ্টি কৰা আধিপত্যবাদ, সম্প্ৰসাৰণ আৰু উপনিবেশবাদ আৰু বিশ্ব সাম্ৰাজ্যবাদৰ দ্বাৰা নব্য উপনিবেশবাদক অসমৰ জাতি জাতিসত্বাৰ সংকটৰ অন্যতম কাৰণ বুলি বাখ্যা কৰি আলফাই নিজৰ ৰাজনৈতিক লাইন তুলি ধৰে আলফাই আনকি বাংলাদেশী অনুপ্ৰবেশৰ লগে লগে ভাৰতীয় অনুপ্ৰবেশকো সমানেই অসমীয়াৰ সংকটৰ কাৰণ বুলি বাখ্যা আগবঢ়ায় আন্তৰ্জাতিক পৰ্যায়তো অসমৰ স্বাধীনতাৰ নাৰ্যতাক তুলি ধৰিবলৈ চেষ্টা কৰা আলফাৰ এই জাতীয় সংগ্ৰামে কেন্দ্ৰ-ৰাষ্ট্ৰক জোকাৰি যায় শেহতীয়াকৈ আলফা(স্বাঃ)ই উত্তৰ-পূৰ্বাঞ্চলত থকা জনজাতীয় সশস্ত্ৰ সংগঠনবোৰৰ সৈতে United National Liberation Front of Western South East Asia নামেৰে মৰ্চা গঠন কৰাটো জাতীয়তবাদৰ এক নতুন ধাৰা। আনহাতে অনুপ্ৰবেশৰ বিৰূদ্ধে বা কেন্দ্ৰৰ নানা ক’লা আইনৰ বিৰূদ্ধে উত্তৰ পূৱৰ ছাত্ৰ সংগঠনৰ একত্ৰ মঞ্চ North Esat Student Organisation ৰ দৰে সন্মিলীত সংগঠন এই অঞ্চল জাতীয়তাবাদী চিন্তাক এটা সুকীয়া মাত্ৰা দিয়া দেখা যায়। কেৱল সেয়াই নহয়, এইবোৰৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা North East Democratic Alliance নামেৰে এক সুকীয়া প্লেটফৰ্ম গঠনৰ জৰিয়তে ক্ষমতাকেন্দ্ৰিক স্বাৰ্থৰে ৰাষ্ট্ৰবাদী ভাৱধাৰাৰ প্ৰতিষ্ঠাৰ কাৰণ এয়াই যে, এই অঞ্চলৰ মানুহৰ সমস্যাবোৰ প্ৰায় একেই আৰু উমৈহতীয়া সংকটত ঐক্যবদ্ধ হোৱাৰ প্ৰৱণতা আছে।

 

থোৰতে কব লাগিলে পূৰ্বতে এই সমস্ত সংঘাতৰ এফালে আছিল অসম আৰু উত্তৰ-পূৱৰ খিলঞ্জীয়া জনগণ আৰু আনফালে আছিল ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ বিশ্বস্ত অসমীয়া বৰ্ণহিন্দু। ভাৰতৰ দৰে এখন কেন্দ্ৰীভূত ইউনিয়নৰ বাবে য’ত কোনো প্ৰদেশৰে বিচ্ছিন্নতাৰ অধিকাৰ নাই, তেনে ক্ষেত্ৰত এই ধৰণৰ সন্মিলীত ৰাষ্ট্ৰবিৰোধী আন্দোলনসমূহক ছলে বলে কৌশলে দমন কৰিবলৈ কৌশল অৱলম্বন কৰিলে। অসম আৰু উত্তৰ-পূৱ এক ৰণনৈতিক অঞ্চললৈ পৰ্যবশিত হ’ল। উত্তৰ-পূৱত যাতে এক সন্মিলীত ৰাষ্ট্ৰবিৰোধী সংগ্ৰাম গা কৰি উঠিব নোৱাৰে তাৰবাবে বৃটিছৰ নীতিৰে ক্ষূদ্ৰ ক্ষূদ্ৰ জাতি জনগোষ্ঠীবোৰৰ এই আকংক্ষাক অতি কৌশলেৰে ৰাষ্ট্ৰই নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ ল’লে। তাৰোপৰি বিভিন্ন ৰাজনৈতিক দলে নিজৰ ক্ষমতা লাভৰ বাবে জাতি সমস্যাক অস্ত্ৰ হিচাপে লোৱা দেখা গ’ল। আনকি ৰাষ্ট্ৰৰ ছত্ৰছায়াত এনে বহু জনগোষ্ঠীয় দল-উপদলৰ সৃষ্টি হ’ল যিবোৰে বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাত তীব্ৰতৰ কৰি তুলিলে। অৰ্থাত্ পূৰ্বতে য’ত সংঘাত আছিল সন্মিলীত খিলঞ্জীয়া জনগণ আৰু ৰাষ্ট্ৰৰ মাজত, সেয়া পিছলৈ খিলঞ্জীয়া বনাম খিলঞ্জীয়াৰ মাজলৈ পৰ্যবশিত হ’ল।এই নতুন সংঘাতক সাৰপানী দিলে অসমীয়াভাষী মধ্যশ্ৰেণীৰ প্ৰতিনিধিত্বকৰা বহু সামাজিক-ৰাজনৈতিক সংগঠনে। ভাৰতৰ দৰে এক  কেন্দ্ৰিভূত ৰাষ্ট্ৰব্যৱস্থাত সমবিকাশ সম্ভৱ নহয় তাত ক্ষূদ্ৰ ক্ষূদ্ৰ প্ৰান্তীয় জাতিবোৰে নিজৰ ৰাজনৈতিক-অৰ্থনৈতিক-সাংস্কৃতিক উন্নতিৰ বাবে চিন্তা কৰাটো স্বাভাৱিক ৷ সেই কথাটোকে মানি লবলৈ অস্বীকাৰ কৰি জনগোষ্ঠীবোৰৰ আশা-আকাংক্ষাক একপ্ৰকাৰ নত্সাত্ কৰিলে অসমীয়া মধ্যশ্ৰেণীয়ে। এইসকলে চৰকাৰ গঠন কৰিয়েই জনগোষ্ঠীয় আন্দোলনসমূহক কঠোৰ হাতেৰে দমন কৰিবলৈ লৈছিল। তাৰোপৰি ইতিমধ্যেই জনগোষ্ঠীবোৰৰ মাজত নতুনকৈ সৃষ্টি হোৱা সুবিধাবাদী মধ্যশ্ৰেণী ৰাষ্ট্ৰৰ শাসকশ্ৰেণীৰ পুতলা হৈ নিজৰ স্বাৰ্থসিদ্ধিৰবাবে জনগোষ্ঠীয় জাতীয়তাবাদক ক্ষমতালাভৰ জখলা হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছিল।  

 

জনজাতি মানুহখিনিৰ ওপৰত এক বিগ ব্ৰাদাৰশ্বিপ মানসিকতা, বৃটিছে দি থৈ যোৱা সীমাকে অসমৰ জাতীয় ৰাজনৈতিক সীমা বুলি ধৰি লোৱা আদি এশ এবুৰি অভিযোগ অসমীয়া বৰ্ণহিন্দু শাসকশ্ৰেণী আৰু শিক্ষিত মধ্যশ্ৰেণীৰ বিৰূদ্ধে আছে। অৱশ্যে অসমৰ সকলো মধ্যশ্ৰেণীকে তাৰবাবে জগৰীয়া কৰাটো সৰলীকৰণ হব। অসমীয়া মধ্যশ্ৰেণীৰ মাজতো এনে বহুতো ব্যক্তি বা সংগঠন আছিল যিসকলে জনজাতিসকলৰ সমবিকাশ আৰু সমমৰ্যাদা বিচাৰিছিল। বিশেষকৈ স্বাধীনতা আন্দোলনৰ অন্তিমছোৱাত বা স্বাধীনোত্তৰ কালতো এচাম প্ৰগতিশীল ব্যক্তিৰ নেতৃত্বত বৰ্ণহিন্দুৰ মানসিকতাক সমালোচনা কৰিছিল।প্ৰবীণ গান্ধীবাদী বি.কে.ভাণ্ডাৰীৰ নেতৃত্বত গান্ধীজীৰ হৰিজন আন্দোলনে অসমত জনজাতিসকলক সাঙুৰি লৈছিল। গোপীনাথ বৰদলৈও এইক্ষেত্ৰত উদাৰ আছিল আৰু অবাধ প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰতি যে ভাবুকি আহিব সেই কথা উপলব্ধি কৰিছিল ।নবীন চন্দ্ৰ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী আদি অনুপ্ৰবেশৰ উগ্ৰ বিৰোধী আছিল।অবাধ প্ৰব্ৰজনৰ বিৰূদ্ধে কঠোৰ আছিল বিষ্ণুৰাম মেধিৰ চৰকাৰো।

প্ৰাক্ স্বাধীনতাৰ কালতেই জনজাতিসকলৰ ৰাজনৈতিক অধিকাৰক কেন্দ্ৰ কৰি গোষ্ঠীজ জাতীয়তাবাদ আৰু অসন্তুষ্টিৰ সমাধান কৰিবলৈ স্বাধীনতাৰ সময়তে গোপীনাথ বৰদলৈৰ সভাপতিত্বত Noth East Frotier (Assam) Tribal and Excluded Areas নামে এক কমিটি গঠন হয় আৰু এই কমিটিৰ প্ৰস্তাৱসমূহ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসুচীত অন্তৰ্ভূক্ত কৰা হয়। এই অনুসুচীৰ Part-A ত অন্তৰ্ভুক্ত হয়, ১) সংযুক্ত খাচী আৰু জয়ন্তীয়া পাহাৰ ২) গাৰো পাহাৰ ৩) লুচাই পাহাৰ ৪) নগা পাহাৰ ৫) উত্তৰ কাচাৰ পাৰ্বত ৬) মিকিৰ পাহাৰ । Part-B অন্তৰ্ভূক্ত হয়, ১) North East Frontier Tract including Balipara Frontier Tract , আবৰ আৰু মিচিমি পাৰ্বাত্য জিলাসমূহ, ২) নগা জনজাতীয় অঞ্চল। কিন্তু এই ৬ষ্ঠ অনিসুচীয়ে জনজাতিসকলৰ আকাংক্ষা পুৰণ কৰিব নোৱাৰিলে।অহিন্দু পাৰ্বত্য জনজাতিসকলে সেয়ে ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰাই নিজৰ বাবে পৃথক প্ৰশাসনীয় অঞ্চল দাবী কৰি আহিছিল আৰু অসম প্ৰদেশ কংগ্ৰেচ কমিটিৰ সৈতে মতানৈক্য আৰম্ভ হৈছিল।১৯৫৮ চনত ৰাজ্য পুনৰ গঠন আয়োগৰ সিদ্ধান্তৰ প্ৰতিবাদত ১৯৬০ চনত পাৰ্বত্য জনজাতি নেতাসকলৰ উমৈহতীয়া মঞ্চ All Party Hill Leader’s conference গঠন কৰে আৰু অসম, মেঘালয় আৰু ত্ৰিপুৰাৰ পাৰ্বত্য জনজাতি অঞ্চলসমূহক লৈ Eastern Fontier State গঠনৰ দাবী জনায় । ১৯৬৩ চনত পৃথক নগাৰাজ্য গঠন হোৱাৰ পিছত আৰু তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসমক ফেডাৰেল গাঁথনিৰে পুনৰ গঠিত কৰিব পাৰি বুলি ঘোষণাৰ পিছতেই পাৰ্বত্য জনজাতিসকলৰ পৃথক প্ৰদেশ গঠনৰ বাট মুকলি হ’ল। ১৯৭০ ইংত মেঘালয়, ১৯৭২চনত মিজোৰাম কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ১৯৮৭ ভাৰতৰ প্ৰদেশ হিচাপে ঘোষিত হ’ল। (Tribal Ethenic Nationalism in Assan and The Emerging Challenges, Page No, 2-3 , www.ijhssi.org)

অসমৰ ভৈয়াম জনগোষ্ঠীয় আন্দোলনৰ অন্য এক মুখ্য কাৰণ হ’ল প্ৰব্ৰজন । ভাৰতীয় বহিৰাগত আৰু বাংলাদেশী অনুপ্ৰবেশৰ বিতাড়নৰ বিৰূদ্ধে সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত ছবছৰীয়া ৰক্তাক্ত অসম আন্দোলনে সমগ্ৰ বিশ্ব কঁপাই গৈছিল। অসমৰ সকলো খিলঞ্জীয়া জনজাতি-অজনজাতি লোকে এই সংগ্ৰামত চামিল হৈছিল যদিও অসমীয়া বৰ্ণবাদী নেতৃত্ব আৰু ভাষিক জাতীয়তাবাদৰ সংকীৰ্ণ গণ্ডিৰে জনজাতিসকলক লগত লৈ ঐক্যবদ্ধ সন্মিলীত সংগ্ৰামৰ দীৰ্ঘস্থায়ী নেতৃত্ব বহন কৰিব নোৱাৰিলে আৰু ভাৰতৰ কেন্দ্ৰিয় চৰকাৰৰ সৈতে আপোচ মীমাংসাৰে বিভিন্ন সীমাবদ্ধতাৰ মাজেৰে ‘অসম চুক্তি’ হয়।

 

অসমত আধুনিক প্ৰব্ৰজন আৰম্ভ হৈছিল আহোম অসমক ১৮২৬ চনত  বৃটিছ শাসন ব্যৱস্থাৰ সৈতে সাঙোৰাৰ পিছৰে পৰা গোৱালপাৰাৰ ক্ষেত্ৰত ১৭৮৯ চনৰ চিৰস্থায়ী বন্দোবস্তৰ জৰিয়তে ভূমিৰ ওপৰত প্ৰত্যক্ষ খাজনা সৃষ্টিয়েই আছিল প্ৰত্যক্ষ উপনিবেশ ব্যৱস্থা স্থাপনৰ লাইখুটা  বৃটিছ শাসনৰ সময়ত মুখ্য ছয় ধৰণে অনুপ্ৰবেশ সংঘটিত হৈছিল দেশ বিভাজনৰ পূৰ্বে আধুনিক প্ৰব্ৰজনৰ ধৰণ আছিল নিম্নোক্ত ধৰণৰঃ-

) বিহাৰ-ঝাৰখণ্ড- উৰিষ্যা-অন্ধ্ৰ প্ৰদেশ, মধ্যপ্ৰদেশৰ পৰা চাহ বাগানৰ শ্ৰমিক আমদানি

)পূৰ্ব বংগীয় (বৰ্তমান বাংলাদেশ) মুছলমান কৃষি শ্ৰমিক

)কৃষক, সেনাবাহিনী আৰু কাৰ্যালয়ৰ ৪ৰ্থ বৰ্গৰ সহায়ক হিচাপে নেপালী লোক

)আমোলা আৰু অন্য পেছাদাৰী কামৰ বাবে অহা পূৰ্ববংগীয় বঙালী হিন্দু

)ৰাজস্থানৰ পৰা অহা মাৰোৱাৰী সম্প্ৰদায়ৰ লোক ব্যৱসায়ী হিচাপে

)বিহাৰ-উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশৰ হিন্দীবলয়ৰ পৰা কাৰীকৰী কাম, দাৰোৱান, ৰিক্সাচালক, ঠেলাচালক আৰু শ্ৰমিক হিচাপে অহা হিন্দুস্থানীলোক 

১৯২১ চনৰ লোকপিয়লত দেখুৱায় যে পূৰ্ববংগৰ পৰা সতি সন্ততিসহ ,৩০,০০০ মুছলমান  লোকক অসমৰ গোৱালপাৰাত স্থাপিত কৰা হয়   ক্ৰমশ তাৰ পৰাই নগাওঁ, দৰং কামৰূপ, শিৱসাগৰ আদি জিলালৈ বিয়পি যায় ইয়াৰ অধিকাংশই আছিল মৈমনসিংহ জিলাৰ পৰা অহাউল্লেখ্য যে, ১৯০১ চনৰ পৰাই গোৱালপাৰাৰ জমিদাৰ আৰু অনা অসমীয়া ব্যৱসায়ীসকলে নিজৰ নিজৰ বিস্তীৰ্ণ কৃষি পামত আৰু চৰ আৰু নৈপৰীয়া উৰ্বৰ অঞ্চলবোৰত সস্তীয়া শ্ৰমিক হিচাপে মৈমনসিংহৰ পৰা মুছলমান লোক আনি বহুৱাইছিল ইয়াৰ উদ্দেশ্য আছিল ১৭৮৯ চনত বৃটিছে প্ৰৱৰ্তন কৰা চিৰস্থায়ী  বন্দোবস্তীৰ মাজেৰে বিপুল পৰিমানৰ প্ৰত্যক্ষভাবে ভূমিৰ ওপৰত খাজনা সংগ্ৰহ কৰা  (শান্ত বৰ্মনমেচপাৰা জমিদাৰীৰ চমু ইতিহাস, আগলতি , ১৯৯১  থলুৱা লোকসকলে কৰৰ ভয়ত এখন পৰগনাৰ পৰা আন এখন পৰগনালৈ প্ৰব্ৰজন কৰিছিল আৰু নতুন নতুন ঠাইত হাবি পুৰি খেতি কৰাৰ অভ্যাসৰ কাৰণে একে ঠাইতে চিৰস্থায়ীভাবে থকাৰ আগ্ৰহী নাছিল  মৈমনসিঙিয়া মুছলমান শ্ৰমিক সকলেই আছিল বিশ্বাসযোগ্য স্থায়ী ৰায়ত

 

ইতিহাস চালেই দেখা পাওঁ কিদৰে বৃটিছৰ খাজনা বৃদ্ধিৰ বাবে থলুৱা কৃষকে ভূমি অধিকাৰ হেৰুৱাইছিল , কানিৰ নিচাত নিজৰ কৃষি ভূমি কানি মহলদাৰ বা মহাজনৰ হাতত বন্ধক থৈছিল অসমীয়াই  হেজাৰ হেজাৰ লোকৰ মাটি সম্পত্তি বাজেয়াপ্ত হৈছিল   এইদৰে ছলে বলে কৌশলে ১৯৩৯ চনতেই বিপুল পৰিমাণৰ পূৰ্ববংগীয় লোকক স্থানীয় মহাজন আৰু মাৰোৱাৰী বেপাৰীয়ে অসমীয়া কৃষকৰ পৰা বাজেয়াপ্ত কৰি লোৱা মাটিত বহাইছিল অসমীয়া ভূমিগিৰি সকলেও তেনেকৈ মাটি পমুৱাক বিক্ৰী কৰি ধনবান হৈছিল ১৯৩৯-৪২ৰ ভিতৰত বৰপেটাতেই % মুছলমানৰ ঠাইত ৪৫% হৈছিলগৈ   আনকি নামনি  অসমৰ প্ৰায়ভাগ কৃষি ভূমি মাৰোৱাৰীৰ দখললৈ গৈছিল আৰু সেই পামবোৰত কৃষি শ্ৰমিক হিচাপে পমুৱা লোকক বহুৱাইছিল তাৰ আগতেই চাদুল্লা চৰকাৰে মুছলীম লীগৰ ভোট বেংকৰ বাবে সেজউ বিপ্লৱৰ নামত পূৰ্ববংগীয় লোকক আনি অসমৰ ভূমি আদিত বহুৱাইছিল এইসকল প্ৰব্ৰজনকাৰীয়ে প্ৰথমে নৈপৰীয়া অঞ্চল, চৰ-চাপৰি আদিত পাম পাতিছিল বাবে স্থানীয় অধিবাসীয়ে পমুৱা বা চৰুৱা বুলিছিল

 

দেশ বিভাজনৰ সময়ত ১৯৪৬ চনত হোৱা নোৱাখালী সাম্প্ৰদায়িক সংঘৰ্ষ আছিল পূৱ পাকিস্থানৰ পৰা অসমলৈ অনুপ্ৰবেশৰ ভয়ংকৰ কাহিনী ১৯৫১ চনৰ লোকপিয়লে দেখুৱাইছিল যে, কাচাৰলৈ চিলেট জিলাৰ পৰা অনুপ্ৰবেশ ঘটা সংখ্যা আছিল ৯৩,১৭৭৪৪, ৯৬৭ জন গোৱালপাৰালৈ, ৪২,৮৭১ জন কামৰূপ, নগাওঁলৈ ৩৮,৫৯৯, দৰং ১৮৮৫৩,শিৱসাগৰ ,৫১৪, লক্ষীমপুৰ ১৩,৯৬৫, কাৰ্বি পাহাৰ আৰু উত্তৰ কাচাৰ পাহাৰলৈ ,৯৪৩ সৰ্বমুঠ অনুপ্ৰবেশ কৰা লোকৰ সংখ্য ২৬,,৮৮৯ জন১৯৫০ চনত নেহেৰু-লিয়াকত চুক্তি অনুসৰি দুই দেশৰ শৰণাৰ্থীসকলৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত দুয়ো দেশ সন্মত হৈছিল

মিঃ পাকিনটেইন (Mr. Pakyntein the Superintendent of Census operations,Assam,1961 মতে ১৯৫১-৬১ চনৰ ভিতৰত মুঠ ,২০,০০০ জন লোক অসমলৈ প্ৰব্ৰজন কৰিছিল পূৰ্ববংগ (বৰ্তমানৰ বাংলাদেশ) পৰা প্ৰব্ৰজিত হোৱা মুছলমান লোকৰ সংখ্যা ,২০,০০  বাকী ৩০০,০০০ লোক হিন্দু স্থানহাৰা লোক (displaced person) আৰু ভাৰতৰ অন্য প্ৰান্তৰ পৰা অহা অনা-মুছলমান  (গেজেটিয়াৰ অৱ ইণ্ডিয়া, আচাম ষ্টেট, ভলিউম-)

উক্তসময়ৰ ভিতৰত অকল যে বাংলাদেশৰ পৰাই প্ৰব্ৰজন হৈছিল এনে নহয়, নেপালৰ পৰাও বিপুল সংখ্যক নেপালিলোক অসমত প্ৰবেশ কৰিছিল ওপৰোক্ত গেজেটিয়াৰত উল্লেখিত তথ্য অনুসৰি ১৯৫১ চনত অসমত ,২২,৮২৩ জন নেপালীভাষী লোক ১৯৬১ চনত প্ৰায় দুগুন হৈছিল   ১৯৬১-৭১ চনৰ ভিতৰত নেপালী জনসংখ্যা ৮০ বৃদ্ধি হৈছিল

 

১৯৭১চনত বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ১০ মিলিয়ন লোকৰ সীমান্তৱৰ্তী ভাৰত ভূমিত  অনুপ্ৰবেশ বিশ্বৰ ভিতৰতে সৰ্বোচ্চ সংখ্যক শৰণাৰ্থীৰ অনুপ্ৰবেশ   আনকি হৰিশংকৰ ব্ৰহ্ম আয়োগে উল্লেখ কৰিছে যে, বাংলাদেশত ১৯৭১-৮১ৰ ভিতৰত হ্ৰাস হোৱা ৩৯ লাখ হিন্দু আৰু ১৯৮১-৮৯ লৈ হ্ৰাস পোৱা ৩৬ লাখ, অৰ্থাত্ সৰ্বমুঠ ৭৫ লাখ হিন্দু ভাৰতত প্ৰবেশ কৰিছে।

অসমত পূৰ্ববংগীয় মুছলমানৰ ত্ৰানকৰ্তা হিচাপে নিজকে প্ৰক্ষেপ কৰা এজন আছিল মৌলানা ভাসানী ইছলামিক   সমাজবাদৰ সপোন দেখা ভাসানীৰ আন্দোলনৰ বাবেই বৃটিছে অসমৰ পৰা ইনাৰ লাইন পাৰমিট ৰদ  কৰিবলৈ    বাধ্য হৈছিল বহু প্ৰগতিশীল লোকে ভাসানীক কৃষকৰ নেতা বুলি আখ্যা দিলেও ভাসানীৰ বংগীয় ইছলামিক সম্প্ৰসাৰণ অসমীয়া জাতিৰ বাবে আশাৰ প্ৰদীপ মুঠেও নাছিল।

 

এই প্ৰব্ৰজনকাৰীসকলে নৈপৰীয়া, ছন পৰি থকা মাটিয়েই যে কেৱল থিতাপি লৈছিল এনে নহয়, পাহাৰ, অৰণ্যভূমি আদি প্ৰায় সকলো ঠাইতেই সিঁচৰিত হৈ পৰিছিল। এইবোৰ ভূমি আছিল পূৰ্বতে অসমৰ খিলঞ্জীয়া লোকৰ কৃষিভূমি, খাদ্য আৰু ইন্ধন সংগ্ৰহ কৰা ক্ষেত্ৰ, গো-চৰণীয়া পথাৰ আদি। তাৰোপতি সেইসময়ত মহামাৰীৰ প্ৰকোপত বহু গাওঁ-ভুই উচন হৈ গৈছিল আৰু সেইবোৰ মাটিত চৰকাৰে আনি বহুৱাইছিল পূৰ্ববংগীয় মুছলমান লোক। চৰকাৰৰ সঠিক ভূমিনীতি নথকাৰ বাবে প্ৰব্ৰজিত লোকৰ সংখ্যাবৃদ্ধি আৰু ভূমি দখলৰ ফলত শংকিত হৈ পৰিছিল খিলঞ্জীয়া লোক। তাৰোপৰি স্বাধীনোত্তৰ কালত বিভিন্ন উন্নয়নমূলক কামৰ বাবে ভূমিৰ প্ৰয়োজন হোৱাত যিবোৰ ভূমি চৰকাৰৰ দ্বাৰা অধিগ্ৰহণ কৰা হৈছিল তাৰ সৰহভাগেই আছিল জনজাতি বা অন্য তলখাপৰ সম্প্ৰদায়ৰ।

 

১৯৬৯ ইংত ভাৰতৰ সংবিধানৰ ২২তম সংশোধনী অনুসৰি ষষ্ঠ ২৪৪ক অনুচ্ছেদ সংযোগ কৰি ৬ নং দফাৰ আওঁতাত অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতি অঞ্চলৰ বাবে পৃথক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছিল। এই অনুচ্ছেদ যোগে অসমৰ কেতবোৰ জনজাতি অধ্যুষিত অঞ্চলত স্বায়ত্বশাসিক ৰাজ্য বা পৃথক বিধানপৰিষদ বা মন্ত্ৰীপৰিষদ গঠন কৰিবলৈ সংসদক ক্ষমতা অৰ্পন কৰা হৈছিল। অসমৰ বাবে পৃথক সাংবিধানিক ৰক্ষাকবচ আছিল অসম চুক্তিৰ ৬নং দফাত সন্নিবিষ্ট অন্যতম উল্লেখযোগ্য দিশ । অসম চুক্তি অনুসৰি এই ৬নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বাধ্য আছিল। দীৰ্ঘদিনৰ প্ৰতিবাদৰ অন্তত অৱশেষত গৌহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন পৰামৰ্শদাতা কমিটি চৰকাৰে গঠন কৰি দিয়ে যদিও তেওঁলোকে দিয়া পৰামৰ্শৱলী/প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গুৰুত্বৰে গ্ৰহণ কৰা দেখা নগ’ল। আলোচনাপন্থী আলফা আৰু অন্যান্য জনগোষ্ঠীয় সংগঠনে দীৰ্ঘকালজুৰি চলাই অহা জনজাতিকৰণৰ দাবীও চৰকাৰে কৌশলেৰে পিছুৱাই ৰ’ল। তাৰোপতি নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব খোজা চৰকাৰী নীতিৰ বিৰূদ্ধে অসমৰ খিলঞ্জীয়া মানুহ অসন্তুষ্ট হৈ পৰে আৰু সমগ্ৰ অসমতে গণবিক্ষোভৰ সৃষ্টি হয়। এইবোৰে এয়াই প্ৰমাণ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ দৰাচলতে অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ প্ৰতি কোনো আন্তৰিকতা নাই। বৰং জনজাতিকৰণ নোহোৱাকৈ বা সীমা নিৰ্ধাৰণ নকৰাকৈ বা  বিভিন্ন পক্ষৰ সৈতে কোনো আলোচনা নকৰাকৈ কেতবোৰ স্বায়ত্বশাসিত অঞ্চল ঘোষণাৰ অন্তৰালত জনগোষ্ঠীয় সংঘাত দীৰ্ঘকাললৈ জীয়াই ৰখাৰ ৰাজনৈতিক ক্ষমতালাভৰ কৌশলৰ বাহিৰে অন্য একো নহয়।  

 

জনজাতিসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে প্ৰয়াত ৰূপনাথ ব্ৰহ্মৰ জোৱাই সমৰ ব্ৰহ্ম চৌধুৰী আৰু আন এগৰাকী জনজাতি নেতা চৰণ নাৰ্জাৰীৰ নেতৃত্বত ১৯৬৭ চনত Plains Tribal Council of Assam চমুকৈ (PTCA)গঠন হয় ইয়াৰ সভাপতি আছিল বিশুৰাম দলে ১৯৬৭ চনটো অসমৰ ৰাজনৈতিক ইতিহাসত অতি গুৰুত্বপূৰ্ণ বছৰ উক্ত বছৰতে All Party Hill Leaders Conference পৃথক পাৰ্বত্য ৰাজ্য গঠনৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ঘোষণা কৰিছিল যে, অসমক ফেডাৰেল ভিত্তিত পুনৰগঠন কৰিব পাৰি লগে লগেই সদ্য গঠিত All Bodo Students’ Union (ABSU) নেতৃত্ব আৰু PTCA নেতৃত্বই উক্ত ঘোষণাক আঁদৰণি জনায় আৰু আন্দোলন আৰম্ভ কৰে পোনতে জনজাতি অধ্যুষিত অঞ্চলক সাঙুৰি স্বায়ত্বশাসিত অঞ্চল গঠনৰ দাবী জনাইছিল যদিও চৰকাৰে কোনো ব্যৱস্থা নোলোৱাত ১৯৬৮ চনত কোকৰাঝাৰৰ উপ-নিৰ্বাচন বয়কটেৰে জংগী আন্দোলন আৰম্ভ হয় ১৯৭৩ চনত স্বায়ত্বশাসিত অঞ্চলৰ দাবী পৰিহাৰ কৰি PTCA নেতৃত্বই অসমৰ ভিতৰতে কেন্দ্ৰীয় শাসিত পৃথক উদয়াচল নামেৰে এক প্ৰদেশ গঠনৰ বাবে আন্দোলন আৰম্ভ কৰিলেইয়াৰ লগে লগেই বড়ো অধ্যুষিত অঞ্চলৰবোৰৰ ৰাইজৰ পৰা ব্যাপক সমৰ্থন আদায় কৰিবলৈ সক্ষম এই উদয়াচল দাবীয়েই অসমৰ জনজাতি আন্দোলনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিলে আৰু বড়ো সকলৰ দৰে গোষ্ঠীজ-জাতীয়তাবাদৰ চেতনা অসমৰ ভিন্ন জনগোষ্ঠীবোৰলৈ  বিয়পি পৰিলদৰংত অনুষ্ঠিত হোৱা PTCA ২য় অধিবেশনত জনজাতি ৰাইজক ৰাজনৈতিক-সামাজিক আৰু অৰ্থনৈতিকভাৱে সজাগ কৰাৰ লক্ষ্যেৰে জনজাতি নামেৰে এখন আলোচনী প্ৰকাশৰ সিদ্ধান্ত লয় ভূটান আৰু অৰুনাচলৰ পাদদেশৰ ভৈয়াম জনজাতিসকলক সাঙুৰী ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে উদয়াচল ঘোষণা কৰা হয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে উদয়াচলৰ ৰাজনৈতিক আৰু ভৌগোলিক নাৰ্যতাৰ বাবে দাবী-চনচ প্ৰস্তুত কৰিবলৈ PTCA পৰামৰ্শ দিয়ে ইয়াৰ পিছত ১৯৮৬ত সমৰ ব্ৰহ্ম চৌধুৰীৰ নেতৃত্বত PTCA প্ৰতিনিধিয়ে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী চৰকাৰৰ গৃহমন্ত্ৰী বুটা সিঙক লগ ধৰি কেন্দ্ৰীয় শাসিত উদয়াচলৰ দাবী জনায় PTCA নেতৃত্বই অভিযোগ কৰে যে উক্ত জনাতীয় অঞ্চলবোৰ বিগত শতিকাৰ প্ৰথমাৰ্দ্ধৰ পৰাই পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰীৰ উপৰিও থলুৱা অজনজাতি লোক, ব্যৱসায়ী, মহাজন আদিয়ে দখল কৰি তাত থকা কৃষিজীয়ী জনজাতিসকলৰ ভূমি আৰু নিৰাপত্তা নোহোৱা কৰিছে

 

PTCA আৰু ABSU নেতৃত্বত চলা এই আন্দোলনক অসম চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ লয় যদিও আন্দোলন শাম নাকাটিল১৯৭৪ চনত ৰোমান লিপিৰ দাবীত বড়ো সাহিত্য সভাৰ নেতৃত্বত আৰু আবছুৰ সহযোগত তীব্ৰ আন্দোলন আৰম্ভ হয় প্ৰায় ১৫ জন প্ৰতিবাদকাৰীকগুলীয়াই হত্যা কৰা হয় আচৰিত ধৰণে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মধ্যস্থতাত ৰোমান লিপিৰ দাবী সলনি কৰি দেৱনাগৰি লিপি মানি লোৱা হয়কিন্তু বড়ো জনগণে PTCA এই সিদ্ধান্তক সহজভাৱে লবলৈ মান্তি নহল১৯৭৮ত জনতা দলৰ সৈতে মৰ্চা গঠন কৰি বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰেইতিমধ্যে PTCA নেতৃত্বই উদায়াচলৰ দাবী পৰিহাৰ কৰি স্বায়ত্বশাসিত অঞ্চলৰ দাবী গ্ৰহণ কৰে ইয়াৰ প্ৰতিবাদত আন এক ফৈদে PTCA (P)গঠন কৰে ABSU নেতৃত্বইও PTCA এই স্থিতিৰ বিৰোধীতা কৰে আৰু দুৰ্বৃত্তই PTCA প্ৰৱক্তা কমলেশ্বৰ ব্ৰহ্মক অপহৰণ কৰাৰ ফলশ্ৰুতিত এই বিৰোধীতাই ভাতৃঘাটী সংঘৰ্ষৰ ৰূপ লয় সেয়াই আৰম্ভ ABSU-PTCA, BLT-NDFB আদিৰ ভিন্ন দাবীৰ ফলত বড়ো জনগোষ্ঠীৰ মাজত ভাতৃঘাটী সংঘৰ্ষ, বিভিন্ন জনজাতিৰ মাজত সংঘৰ্ষ আদিৰে অসম সদায় অশান্ত অঞ্চল হৈ পৰিল

জনজাতি বেল্ট আৰু ব্লকসমূহক ৰিভিউ কৰাৰ বাবে অসম চৰকাৰে ১৯৭৪ চনত এখন উপসমিতি গঠন কৰি দিছিল ১৯৭৬ দাখিল কৰা বিপোৰ্টত উল্লেখ আছে যে, অবৈধ ক্ৰয় আৰু লীজৰ দ্বাৰা আনকি পাট্টা মাটি , চৰকাৰী ভূমি আৰু সংৰক্ষিত ভূমিত বিপুল পৰিমাণে অনুপ্ৰবেশ হৈছে সেই ৰিপোৰ্টত উল্লেখ আছে যে, ৮২৫৯ হেক্টৰ চৰকাৰী মাটি ১১৪৬৪ জন ব্যক্তিয়ে অধিগ্ৰহণ কৰিছে যিসকলে তাত ভূমি প্ৰাপ্ত কৰাৰ কোনো অধিকাৰ নাইৰিপোৰ্টত আকৌ উল্লেখ আছে যে, আছাম লেণ্ড এণ্ড ৰিভিনিউ ৰেগুলেশ্যনৰ দশম অনুচ্ছেদ তাতকঠোৰভাৱে বলবত্ হোৱা নাইজনজাতি নেতাসকলে আকৌ অভিযোগ কৰিছিল যে, চৰকাৰে উক্ত দশম অনুচ্ছেদ উলংঘা কৰিছে আৰু তেল শোধানাগাৰ নিৰ্মানৰ বাবে নুনমাটি, বঙাইগাওঁ, খানাপাৰাৰ ভেটেনাৰী কলেজ, ওডালগুৰিৰ ধনশিৰি প্ৰজেক্ট,জাগীৰোডৰ হিন্দুস্থান পেপাৰ কৰ্পোৰেচন আদি স্থাপনৰ নামত উচ্ছেদিত ১৬০০টা জনজাতি পৰিয়ালসমূহৰ বাবে কোনো বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰা নাই আনকি তামুলপুৰ জনজাতি বেল্টৰ অধীনৰ গুৱাবাৰী ৰাজহ গাওঁৰ পৰা ১৩০০ টা জনজাতি পৰিয়ালক উচ্ছেদ কৰি গৃহহীন কৰা হৈছিলসদৌ অসম জনজাতি ছাত্ৰ সন্থাই ইয়াৰ প্ৰতিবাদ কৰিছিল১৯৮১ চনত দশম অনুচ্ছেদৰ কাৰ্যকৰীতা সম্পৰকে তামুলপুৰ বেল্টৰ ১৩ খন গাওঁ আৰু কোকৰাঝাৰৰ ৮খন বেল্টৰ অন্তৰ্গত গাওঁত Law Research Institute য়ে কৰা এক গৱেষণাত প্ৰকাশ হৈছিল যে, বেল্ট গঠনৰ পিছত এইবোৰ অঞ্চলত বাহিৰৰ পৰা অনুপ্ৰবেশ হ্ৰাস পাইছিল

১৯৭৩-৭৪ত কাৰ্বিআংলঙৰ জিলা গৱেষক বিষয়াৰ এক ৰিপোৰ্টত উ্ল্লেখ আছে যে, হাফলঙৰ ২৩ টা মিকিৰ পৰিয়ালৰ ভিতৰত মাত্ৰ ৩টা পৰিয়ালৰহে খেতিৰ বাবে নিজৰ মাটি আছে বাকীসকলৰ নামতহে মাটি আছে কিন্তু তাত কৰা খেতিৰ মালিকানা অজনজাতি লোকৰ হাততহে আছেগৱেষণাৰ দ্বাৰা এইটো লক্ষ্য কৰা গৈছিল যে, মানি-লেণ্ডি আৰু মাটি হস্তান্তৰৰ দুৰ্নীতিয়ে জনাজাতি মানুহক সৰ্বশ্ৰান্ত কৰিছে আইনী নীতি-নিয়মবোৰ সঠিকভাৱে কাৰ্যকৰী নকৰা, বেল্ট অঞ্চলত কেতবোৰ পৰিয়ালৰ মাজত ক্ষমতাৰ কেন্দ্ৰীকৰণ, দুৰ্নীতিগ্ৰস্থ চৰকাৰী আমোলা আৰু বনিকৰ অবৈধ সম্পৰ্কই অন্যতম কাৰণ

এইটো লক্ষ্য কৰা যায় যে যদিও জনজাতিৰ উন্নয়নৰ বাবে বেল্ট-ব্লক গঠন কৰি চাকৰি-বাকৰিৰ সংৰক্ষণ আৰু ভূমি-জীৱিকা আদিৰ সংৰক্ষণ কৰি হৈছিল কিন্তু তাৰ সুযোগ লাভ কৰিছিল মাত্ৰ এমুঠি জনজাতি মধ্যশ্ৰেণীয়েহে সাধাৰণ লোক চৰকাৰী আচনি আদি সম্পৰ্কত অজ্ঞ আছিল আৰু দুৰ্নীতিগ্ৰস্থ ব্যৱস্থাৰে জনজাতি উন্নয়নৰ বাবে ধাৰ্য কৰা ধনৰ হৰলুকী হৈছিল তাৰোপৰি চৰকাৰৰ দ্বাৰা গঠিত্ বিভিন্ন জনজাতি বোৰ্ডবোৰত নিযুক্ত অদক্ষ বিষয়াবোৰৰ জনজাতিৰ মংগলৰ বাবে কাম কৰাৰ মানসিকতাৰ বিপৰীতে নিজৰ ৰাজনৈতিক অভিপ্সা সিদ্ধিকৰাতহে ব্ৰতী হৈছিল

বৃটিছে পৰিকল্পিতভাৱে জনজাতি অঞ্চলবোৰত খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰ আৰু মিচনেৰী স্কুল প্ৰতিস্থাৰ দ্বাৰা শিক্ষাৰ প্ৰসাৰ কৰিছিল আৰু তাৰফলত জনজাতি মধ্যশ্ৰেণী গঢ়লৈ উঠিছিল কিন্তু ভাৰত স্বাধীনতাৰ পিছত জনজাতিসকলৰ মাজত শিক্ষা আৰু সামাজিক প্ৰগতিৰ বাবে বৰ লেহেমীয়া অগ্ৰগতিৰফলত আৰু উপৰোক্ত দুৰ্নীতিগ্ৰস্থ ব্যৱস্থাৰে যি চৰকাৰী ধনৰ লুটৰাজ হৈছিল তাৰপৰা ক্ৰমশঃ মধ্যশ্ৰেণীৰ মাজত এনে একধাৰণাৰ সৃষ্টি হল যে, একমাত্ৰ অটনমাচ কাউঞ্চিলৰ জৰিয়তে এক নিজস্ব ৰাজনৈতিক সত্তাৰ মাজেৰেহে জনজাতিৰ স্বাৰ্খ ৰক্ষা কৰিব পাৰে

বিটিএডি (বৰ্তমান বিটিআৰ)ৰ উপৰিও অসমত আজিলৈকে কেইবাখনো স্বায়ত্বশাসিত পৰিষদ ঘোষণা হ’ল। তাৰ ভিতৰত কাৰ্বি স্বায়ত্বশাসিত পৰিষদ, দেউৰী স্বায়ত্বশাসিত পৰিষদ, ৰাভা স্বায়ত্বশাসিত পৰিষদ, মিছিং স্বায়ত্বশাসিত পৰিষদ, ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদ, তিৱা স্বায়ত্বশাসিত পৰিষদ, সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদ, উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ । এই কেইটাৰ ভিতৰত কাৰ্বি, বিটিএডি আৰু ডিমা হাচাও সংবিধানৰ ষষ্ঠ অনুসুচীৰ অন্তৰ্গত। ইয়াৰ উপৰিও শেহতীয়াকৈ ৩৩ খন ডেভেলপমেন্ট কাউঞ্চিল গঠন কৰি দিয়া হয়। ছয় জনজাতিৰ জনজাতিকৰণৰ বাবে আৰু ষষ্ঠ অনুসুচীত অন্তৰ্ভুক্তিৰ বাবে আন্দোলন এতিয়াও চলিয়েই আছে।জনজাতিকৰণ অবিহনে এই স্বায়ত্বশাসিত অঞ্চলবোৰ একপ্ৰকাৰ ভেকোভাওনা হৈছেগৈ।যোৱা উত্তৰ শালমাৰা জিলা কোচ-ৰাজবংশী সন্মিলনীৰ অধিবেশনত বিশিষ্ট লেখক, প্ৰৱন্ধকাৰ তথা গ্ৰেটাৰ কোচবিহাৰ পিপলচ এছছিয়েছনৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ বৰুৱাই কয় যে, ‘ৰাজ্য চৰকাৰে কোচ ৰাজবংশী সকলক নিৰ্বাচনী টোপ হিচাপে কে এ চি(KAC)দিলে। জনজাতিকৰণ নকৰাকৈ কেএচি ঘোষণা কৰাটো সংবিধানৰ ষষ্ঠ অনুসুচীমতে হোৱা নাই…।’ (প্ৰতিদিন অসম, ১৫ ফে. পৃ ১১)  তাৰোপৰি অজনজাতীয় বসতিপ্ৰধান বা অন্য জনজাতি অধ্যুষিত অঞ্চল কেতবোৰো কোনো বিশেষ জনগোষ্ঠীৰ স্বায়ত্বশাসিত সীমাৰ ভিতৰত পৰাৰ বাবে সময়ে সময়ে ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। স্বায়ত্বশাসিত অঞ্চলৰ ভিতৰত পৰা অন্য জনগোষ্ঠীৰ লোকসকল ২য় শ্ৰেণীৰ নাগৰিক হিচাপে জ্ঞান কৰাৰ মানসিকতাই এই সংঘাত আৰু বঢ়াই তুলিছে।

বিগত দিনত বড়ো-অনাবড়ো, ৰাভা-অনাৰাভা, ৰাভা-গাৰো, কাৰ্বি-ডিমাছা আদি একাধিক জনগোষ্ঠীয় সংঘাতে মানুহৰ ধন-জন-সম্পত্তি ধ্বংস কৰিছে। কেৱল শাসক শ্ৰেণীৰ ৰাজনৈতিক লাভালাভৰ বাবে এইধৰণৰ পদক্ষেপবোৰে অসমৰ জনগণক এক জ্বলন্ত অগ্নিপিণ্ডৰ ওপৰত থিয় কৰাইছে। পূৰ্বত জনগোষ্ঠীসকলৰ অৱদমন কৰা বুলি বৰ্ণবাদী অসমীয়া মধ্যশ্ৰেণীক অভিযোগ কৰা হৈছিল, এতিয়া আকৌ জনজাতিসকলৰ মাজত গঢ়ি উঠা মধ্যশ্ৰেণীয়ে আন এক জনজাতিক অৱদমনৰ অভিযোগ । ইয়াৰ অনুসন্ধান কৰিলে দেখা যায় যে, ৰাষ্ট্ৰই সদায় মধ্যশ্ৰেণীবোৰক নিজৰ শাসনৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লয়, সেয়া বৰ্ণ হিন্দুই হওঁক বা কোনো জনজাতিৰ মধ্যশ্ৰেণীয়েই হওঁক। কেন্দ্ৰীভূত ৰাষ্ট্ৰব্যৱস্থাত যিহেতু সম-বিকাশ অসম্ভৱ। সমস্ত সম্পদৰ কেন্দ্ৰীকৰণেৰে আৰু অবাধ আহৰনেৰে ৰাষ্ট্ৰই ইয়াৰ সংযোগিত ভূমিক উপনিবেশৰ দৰে ব্যৱহাৰ কৰিব বিচাৰে , গতিকে সেই ভূমিৰ অধিবাসী কিছু শ্ৰেণীক ৰাষ্ট্ৰৰ অতি বিস্বস্ত আৰু অনুগত হিচাপে ব্যৱহাৰ কৰে আৰু সেই শ্ৰেণীবোৰক নানা সুবিধা-প্ৰলোভনেৰে হাতৰ মুঠিত ৰাখে। অসমৰ জনজাতি সমাজবোৰতো সেই একেই ধৰণৰ কথা প্ৰযোজ্য । দুৰ্নীতিগ্ৰস্থ ব্যৱস্থা এটাৰ মাজেৰে জনগোষ্ঠীয় মানুহৰ উন্নয়নৰ ধন আত্মসাত্ কৰাৰ মাজেৰে আৰু ৰাষ্ট্ৰৰ কৰ্ণধাৰসকলে কৰি দিয়া সেই সুবিধাৰে এচাম নগন্য সংখ্যক জনজাতি মধ্যশ্ৰেণীৰ হাত শক্তিশালী হ’ল। ভ্ৰষ্টাচাৰী ব্যৱস্থাত তৃণমূল পৰ্যায়তো এচাম দালালশ্ৰেণী গঢ় লৈ উঠিল ।স্বায়ত্বশাসিত অঞ্চলবোৰৰ উপৰিসৌধৰ সামান্য উন্নতি হ’ল যদিও সাধাৰণ জনজাতি মানুহৰ অধিকাৰ আৰু সামগ্ৰিক প্ৰগতিৰ বিশেষ একো উত্তৰণ নহ’ল। স্বায়ত্বশাসিত পৰিষদবোৰক জনজাতিসকলৰ উন্নয়নৰ বাবে প্ৰদান কৰা সুযোগ সুবিধা আৰু আৰ্থিক সাহাৰ্য অবৈধভাৱে ৰাজনৈতিক প্ৰভাৱশালী মুষ্টিমেয় এচামৰ হাতত কুক্ষিগত হ’ল।

অসমীয়া প্ৰতিদিন কাকতত যোৱা ১২ ফেব্ৰুৱাৰীত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ যে, ‘চৰকাৰৰ হিচাপ পৰীক্ষা সঞ্চালকালয়ৰ ২০১৯ চনৰ আগষ্ট মাহত প্ৰকাশিত প্ৰতিবেদনত ২০০৭-০৮ চনৰপৰা ২০১৫-১৬ বৰ্ষলৈ মুঠ ৩৯.৬৮ কৌটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য প্ৰকাশ পাইছিল। সেই সময়ছোৱাত ২০০৭-১০ লৈ পৰমানন্দ চায়েঙীয়া মিচিং পৰিষদৰ মুখ্য কাৰ্যবাহী থকাৰ বিপৰীতে ২০১৩-১৬লৈ ড০ ৰনোজ পেগু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিল…বিধি অনুযায়ী চৰকাৰৰ পৰা লাভ কৰা পুঁজিৰ হিচাপ কেগৰ দ্বাৰা পৰীক্ষা কৰিব লাগে যদিও নহল…উল্লেখযোগ্য যে, ২০১৭ চনত ডা০ ৰনোজ পেগু বিজেপিত যোগদান কৰাৰ পৰৱৰ্তী সময়ত ভুৱন পেগুৱেও বিজেপিত যোগদান কৰাত ৰাজনৈতিক কাৰণতে পৰিষদৰ বিৰূদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে কেইবাটাও মিচিং সংগঠনে… মিচিং ছ্ত্ৰ সংগঠনক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি ৰনোজ পেগু আৰু পৰমানন্দ চায়েঙ্গীয়াই মিচিং জনগোষ্ঠীৰ আবেগ অনুভুতিক লৈ নিকৃষ্ট ৰাজনীতি কৰাৰ লগতে সম্পত্তিৰ পাহাৰ গঢ়াৰ মুকলি অভিযোগ উত্থাপন হৈছে।

কেৱল মিচিং স্বায়ত্বশাসিত পৰিষদৰেই নহয়, বডো টেৰীটোৰিয়েল কাউঞ্চলিত ২০১০-২০১৪ লৈ ১৮০ কৌটি টকাৰ কেলংকাৰী হোৱাৰ অভিযোগ আছে।কেগৰ প্ৰচিবেদনত প্ৰকাশ যে, কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৱ পৰিষদৰ মাধ্যমেৰে প্ৰদান কৰা জনজাতি উন্নয়নৰ বিশেষ কেন্দ্ৰীয় সাহাৰ্যৰ ২০০ কোটিৰ অধিক ধন হৰলুকী হৈছে। বিটিচিৰ চীফ হাগ্ৰামা মহীলাৰীয়ে বিজেপিত যোগদান কৰাৰ পিছত এইবোৰ কেলেংকাৰীৰ কোনো তদন্তই নহল।

স্বায়ত্বশাসিত পৰিষদৰ দুৰ্নীতিয়ে জোকাৰি যোৱা অন্যতম উদাহৰণ উত্তৰ কাচাৰ পাৰ্বত্য পৰিষদৰ এহেজাৰ কৌটিৰ কেলেংকাৰী। জনজাতি উন্নয়নৰ ধন আত্মস্যাত্ কৰাৰ বাবে স্বায়ত্বশাসিত পৰিযদৰ নেতা, অসম চৰকাৰৰ মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, বিয়াগোম ঠিকাদাৰ আৰু সশস্ত্ৰ বিদ্ৰোহীৰ অবৈধ সম্পৰ্কৰ অভিযোগ উত্থাপিত হৈছিল। আদালতে এই গোঁচৰত ঠিকাদাৰ আৰ এইচ খান, বিদ্ৰোহী নেতা নিৰঞ্জন হোজাই, জুৱেল গাৰ্লোচা আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী মোহিত হোজাইক দোষী সাব্যস্ত কৰে। উল্লেখযোগ্য যে পিছত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰে।

কাৰ্বি আংলঙতো একেই ধৰণে National Highways and Infrastructure Development corporation Limited (NHIDCL)এ প্ৰদান কৰা ভূমি অধিগ্ৰহণ কৰা খিলঞ্জীয়া কাৰ্বিলোকৰ ক্ষতিপুৰণৰ ধন ভুৱা দাগ নম্বৰ ব্যৱহাৰ কৰি ভুৱা প্ৰাপকৰ নামত কেইবা কৌটি ধনৰ আত্মস্বাত্ হোৱাৰ অভিযোগ আছে।

প্ৰায় সকলোকেইখন স্বায়ত্বশাসিত পৰিষদতেই ব্যাপক দুৰ্নীতি আৰু জনজাতি উন্নয়নৰ ধনৰ হৰলুকী হোৱাৰ অভিযোগ আছে। ইয়াৰ ভিতৰত দেউৰী স্বায়ত্বশাসিত পৰিষদ, সোনোৱাল কচাৰী স্বায়ত্বশাসিত পৰিষদ তিৱা স্বায়ত্বশাসিত পৰিষদ আদি উল্লেখযোগ্য । অকল অসমতেই নহয়, মেঘালয়ৰ গাৰো পাহাৰ স্বায়ত্বশাসিত জিলা পৰিষদ আদিতো অবাধ দুৰ্নীতিৰ অভিযোগ আছে।

বিগত সময়ত স্বায়ত্বশাসিত অঞ্চল দাবী কৰি ক্ষমতাত অধিস্থিত হোৱা জনজাতীয় নেতাসকলে এইদৰে নিজৰ জনজাতিসকলক বিশ্বাসঘাটকতা কৰি সম্পত্তিৰ পাহাৰ গঢ়িছে আৰু ৰাজনৈতিক অংকৰ বাবে অতি কম অভিযোগৰ তদন্ত হৈছে। 

হৰিশংকৰ ব্ৰহ্ম আয়োগে খিলঞ্জীয়া মানুহৰ ভূমিৰঅধিকাৰ ৰক্ষাৰ বাবে কেইটামান উল্লেখযোগ্য প্ৰস্তাৱ ৰাখিছিল।তাৰভিতৰত-

১) Assam Agricultural Land (Regulation of Re-classification and transfer for Non-Agricultural Purpose)Act, 2015 বাতিল কৰা। আয়োগে এই বুলি অভিযোগ কৰিছে যে, এই আইনৰ উদ্দেশ্য কেৱল খিলঞ্জীয়াৰ ভূমি ধনী বনিক আৰু উদ্যোগিক শ্ৰেণীৰ হাতলৈ কুক্ষিগত কৰা। এই আইনে কৃষিভূমি অনাকৃষিভূমিলৈ ৰূপান্তৰ কৰা আইনৰ বিৰোধী আৰু সম্পূৰ্ণকৈ খিলঞ্জীয়া বিৰোধী।

২) বিগত কেইটামান দশকৰ পৰা দৰিদ্ৰ কৃষকৰ ভূমি অনাকৃষক ,বিশেষকৈ বনিকশ্ৰেণী আৰু উদ্যোগপতিলৈ বিক্ৰী/লীজ/বন্ধক আদিৰ মাজেৰে হস্তান্তৰ হৈ আছে । এইক্ষেত্ৰত চৰকাৰে উপযুক্ত ভূমি নীতি নিৰ্ধাৰণ নকৰিলে অতি সোনকালে খিলঞ্জীয়া লোক ভূমিহীন শ্ৰেণীলৈ ৰূপান্তৰিত হব ।অন্য প্ৰকাৰে ভূমি হস্তান্তৰবোৰে উক্ত ভূমিত সন্দেহযুক্ত বাংলাদেশী লোকো বহাৰ সম্ভাৱনা আছে।

৩) নতুন ভূমি আইনে কৃষিভূমি অনাকৃষিভূমিলৈ ৰূপান্তৰত আৰু খিলঞ্জীয়াৰ পৰা অনাখিলঞ্জীয়াৰ হাতলৈ হস্তান্তৰ সম্পূৰ্ণ নিষিদ্ধ কৰা।

৪) যিকোনো শ্ৰেণীৰ ভূমি বিদেশী ব্যক্তি বা অনা-নাগৰিকৰ ওচৰত ক্ৰয়-বিক্ৰয় বা হস্তান্তৰৰ অনুমতি দিয়াৰ এক্টিয়াৰ জিলাধিপতিৰ হাতৰ পৰা আঁতৰাই অনা আৰু তেনে অবৈধ হস্তান্তৰৰ পঞ্জীয়ন নিষিদ্ধ কৰা।

৫) অসম চুক্তি কাৰ্যকৰী কৰা।

উক্ত হৰিশংকৰ ব্ৰহ্ম আয়োগৰ নিৰ্দেশাৱলীক অস্বীকাৰ কৰি বিৰোধীৰ প্ৰৱল আপত্তিৰ পিছতো বিজেপি চৰকাৰে কেবিনেটত  লকডাউনৰ সময়তে MSME ORDINANCE প্ৰণয়ন পাছ কৰে য’ত উল্লেখ আছে যে, Micro, Small and Midium enterprises ৰ বোৰৰ কোনো ইউনিট স্থাপন কৰিবলৈ কোনো ধৰণৰ অনুমতি নালাগে।আনকি উক্ত এনটাৰপ্ৰাইজবোৰে অধিকৃত ভূমি ঔদ্যোগিক ভূমিলৈ পৰিৱৰ্তন হোৱা বুলি ধৰি লোৱা হব। সদৌ অসম ছাত্ৰ সন্থাই এই অধ্যাদেশৰ বিৰোধীতা কৰি কয় যে এই অধ্যাদেশে খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ হৰণ কৰিব। অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাই আকৌ কয় যে, জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিলৈ ক্ষমতালৈ অহা বিজেপিৰ চৰকাৰৰ এই অধ্যাদেশ অসমৰ ১১৫ টা ক্ষূদ্ৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মৃত্যুৰ ফৰমান।

খিলঞ্জীয়া কোন, এই বিষয়ত বিতৰ্কৰ শেষ নাই। বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰব্ৰজনেৰে গঠিত আধুনিক অসমৰ প্ৰেক্ষাপটত ইয়াৰ সংজ্ঞা নিৰূপন কৰাটো কঠিন যদিও অসম্ভৱ নহয়। আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ খিলঞ্জীয়াৰ সংজ্ঞা এক গ্ৰহণযোগ্য সংজ্ঞা আন্তৰ্জাতিকভাবেও বুলি মানি লোৱা হৈছে  এই সংজ্ঞামতে “Indigenous communities, peoples and nations are those which, having a historical continuity with pre-invasion and pre-colonial societies that developed on their territories, consider themselves distinct from other sectors of the societies now prevailing on those territories, or parts of them. …..

 peoples in independent countries who are regarded as indigenous on account of their descent from the populations which inhabited the country, or a geographical region to which the country belongs, at the time of conquest or colonization or the establishment of present state boundaries and who irrespective of their legal status, retain some or all of their own social, economic, cultural and political institutions.”

 

অৰ্থাত, থোৰতে কবলৈ হ’লে উপনিবেশিকৰণৰ আগৰ পৰাই নিজস্ব স্বতন্ত্ৰ সংস্কৃতি, ভাষা , সামাজিক আৰু ৰাজনৈতিক সত্বাৰে এটা ভূখণ্ডত পুৰুষানুক্ৰমে বসবাস কৰা সকলেই খিলঞ্জীয়া বুলি কব পাৰি

 

নাইবা, বৃটিছ উপনিবেশিকৰণৰ পূৰ্বৰে পৰা বৰ্তমানৰ অসমৰ ৰাজনৈতিক ভূখণ্ডত নিৰৱচ্ছিন্নভাৱে বসবাস কৰি , অসমৰ ইতিহাস, সমাজজীৱন, সংস্কৃতিৰ লগত সংপৃক্ত সমূহ অজনজাতীয় জাতি/সম্প্ৰদায় আৰু স্বকীয় সংস্কৃতিক ধাৰক জনগোষ্ঠীসমূহ তথা চৰকাৰীভাৱে জনজাতি বুলি স্বীকৃত লোকসকলেই অসমৰ খিলঞ্জীয়া বুলি ধৰি লব পাৰি । অৱশ্যে বিতৰ্কিত যদিও অসম চুক্তিৰ নং দফাৰ কাৰ্যকৰীকৰণৰ চৰকাৰে গঠন কৰি দিয়া পৰামৰ্শদাতা কমিটিয়ে অসম চুক্তিত উল্লেখিত  অসমীয়া বুলি কাক ধৰা হব, তাৰ উত্তৰত ১৯৫০ চনৰ ভিত্তিবৰ্ষ উল্লেখ কৰিছে। অৱশ্যে এই সূত্ৰক আন্তৰ্জাতিক খিলঞ্জীয়া চনদে সমৰ্থন কৰিব নে নাই সেয়া অন্য এক বিতৰ্কিত বিষয়। তথাপি আমি যদি অসম চুক্তিৰ ৬ নং দফাৰ ৰাজনৈতিক সুৰক্ষাৰ বিষয়ত অসমীয়াৰ সংজ্ঞা উপৰোক্ত ১৯৫০ চনৰ ভিত্তিতো কৰিবলৈ যাওঁ, তেতিয়া নিম্নোক্ত চৰ্তাৱলীৰ ভিত্তিত ব্যৱস্থা গ্ৰহণে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষা কিছুপৰিমানে হ’লেও ৰক্ষা হব।

 

বৰ্তমান প্ৰচলিত সংসদীয় ব্যৱস্থাত অসমত একমাত্ৰ বিধানসভাই অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰি আহিছে । মনকৰিবলগীয়া যে, ১২৬ জন জনপ্ৰতিনিধিয়ে বিধানসভাত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ আশা-আকাংক্ষাক সঠিকভাৱে বাস্তৱ ৰূপ দিয়াত ব্যৰ্থ হৈছে ।সেয়েহে অসমত বিধানসভাৰ সমান্তৰালকৈ এক উচ্চ সদনৰ প্ৰয়োজন । অন্য কিছু ৰাজ্যত থকাৰ দৰে অসমতো জাতি-জনগোষ্ঠীসমূহৰ সমানুপাতিক হাৰত প্ৰতিনিধিত্বৰে এক বিধানমণ্ডলে (Legislative Council )  অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ আশা-আকাংক্ষা বহু পৰিমাণে পূৰণ কৰিব ।

 

২) অসমীয়া ভাষা আৰু অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ভাষা/দোৱান সন্দৰ্ভত এক বিশেষ ব্যৱস্থা তথা বিশেষকৈ চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে অসমীয়া বা অসমৰ স্বীকৃত কোনো স্থানীয় ভাষা বাধ্যতামূলক কৰাৰ প্ৰয়োজন ।

 

৩) চৰকাৰী আৰু বেচৰকাৰী খণ্ডত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বাবে এশ শতাংশ (১০০%) পদ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয় । চৰকাৰী-বেচৰকাৰী, কেন্দ্ৰীয়-অৰ্ধ কেন্দ্ৰীয় তথা কেন্দ্ৰীয় আৰু ৰাজ্যিক ৰাজহুৱা প্ৰতিষ্ঠানত সকলো পৰ্যায়তে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী লোকৰ নিয়োগ বাধ্যতামূলক কৰাৰ ব্যৱস্থা কৰাৰ লগতে ৩য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত এশ শতাংশ (১০০%) খিলঞ্জীয়া লোকক নিয়োগ নিশ্চিত কৰাৰ ব্যৱস্থা কৰা উচিত ।

 

৪) অসমৰ ভূমি বিক্ৰী/দান/লীজ/ হস্তান্তৰ কেৱল অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজতে সীমাবদ্ধ কৰাৰ বাবে আইন প্ৰণয়নৰ ব্যৱস্থা কৰা উচিত । প্ৰকাশ থাকে যে, ইয়াৰ দ্বাৰা অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসকলক ভূমি বিক্ৰী/ দান/লীজ/হস্তান্তৰ সম্পূৰ্ণৰূপে বাৰণ কৰা ।

 

৫) সকলো প্ৰকাৰৰ ব্যৱসায়ত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বাবে এশ শতাংশ (১০০%)সংৰক্ষণ আৰু তাৰবাবে প্ৰয়োজনীয় সকলোপ্ৰকাৰৰ চৰকাৰী অনুজ্ঞাপত্ৰ আদি কেৱল খিলঞ্জীয়া লোকৰ নামত প্ৰদান কৰা বাধ্যতামূলক কৰা হওঁক । অন্য কথাত সকলো ব্যৱসায়-বাণিজ্যত খিলঞ্জীয়াক লগত লৈহে আৰু খিলঞ্জীয়াৰ নামতহে কৰাৰ আইনগত বাধ্যবাধকতা থকা ।

 

৬) ভাৰতৰ আয়কৰ আইন সংশোধন কৰি  অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বাসিন্দাক আয়কৰ, সম্পত্তিকৰ আদিৰ পৰা মুক্ত কৰা ।

 

৭) ভাৰতীয় সংবিধানৰ ৩৭১ নং অনুচ্ছেদক সংশোধন কৰি উক্ত অনুচ্ছেদত এক বিশেষ দফা অন্তৰ্ভুক্ত কৰি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বাসিন্দাৰ ৰাজনৈতিক-সামাজিক- সাংস্কৃতিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ দিহা কৰিব লাগিব ।

 

৮) অসমত ব্যৱসায়-বাণিজ্য কৰিবলৈ আগবাঢ়ি অহা সকলো কোম্পানী আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে খিলঞ্জীয়া বাসিন্দাৰ পৰা অপত্তিবিহীন নথিৰে তেওঁলোকৰ কৰ্মৰাজি সম্পাদন কৰিব নোৱাৰাৰ ব্যৱস্থা কৰা । উক্ত কোম্পানী আৰু অনুষ্ঠান-প্ৰতিষ্ঠানবোৰে তেওঁলোকৰ মূল পৰিচালনা সমিতিত অৰ্হতাসম্পন্ন দুই তৃতিয়াংশ খিলঞ্জীয়া বাসিন্দাক অন্তৰ্ভুক্ত কৰাতো বাধ্যতামূলক কৰা ।

 

৯) অসমৰ ঐতিহাসিক সমল আৰু প্ৰত্নতাত্বিক স্থাপত্যসমূহক বেদখলমুক্ত কৰি জহি খহি যোৱা স্থাপত্যসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষিত কৰাৰ এক জাতীয় দায়িত্ব, আইন প্ৰণয়ন কৰি হ’লেও সুপৰিকল্পিতভাৱে কৰাৰ ব্যৱস্থা কৰা ।

 

১০) অসমৰ জৈৱ-বৈচিত্ৰ্য, অৰণ্য-জলাশয় আদিৰ সংৰক্ষণ আৰু অৰণ্যৰ সৈতে জীয়াই থকা অসমৰ পাহাৰীয়া জনজাতিসমূহৰ ভূমিৰ অধিকাৰ যাতে খৰ্ব নহয় তাৰবাবে ব্যৱস্থা গ্ৰহণ কৰা ।

 

১১) অসমৰ প্ৰাকৃতিক সম্পদ সমূহৰ আহৰণৰ ক্ষমতা আৰু ঔদ্যোগিক বিকাশ আদি পোনপতীয়াকৈ ৰাজ্যৰ অধীনত আনিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ইয়াক কেন্দ্ৰ কৰি স্থাপন কৰা উদ্যোগ আদিৰ কাৰ্যকৰী সমিতিত খিলঞ্জীয়া লোকৰ অন্তৰ্ভূক্তি নিশ্চিত কৰাৰ লগতে দক্ষ-অদক্ষ আদি সকলো ক্ষেত্ৰতে খিলঞ্জীয়া লোকৰ নিয়োগ এশ শতাংশ সংৰক্ষণ কৰা ।

 

১১) অসমৰ খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰৰ নিশ্চিতিৰ বাবে খিলঞ্জীয়া বসতিপ্ৰধান অঞ্চলবোৰক সাঙুৰি লোকসভা/বিধানসভা সমষ্টি পুনৰগঠন কৰাৰ প্ৰয়োজন যাতে নিজে নিৰ্দ্ধাৰক শক্তি হিচাপে নিজ প্ৰতিনিধিক লোকসভা/বিধানসভাত প্ৰতিনিধিত্বৰ বাবে নিৰ্বাচিত কৰিব পাৰে ।

 

১২)  অসমৰ খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰৰ নিশ্চিতিৰ বাবে লোকসভা, বিধানসভা আনকি স্থানীয় নিকায় আদিতো খিলঞ্জীয়াৰ বাবে অন্ততঃ ৮০% সংৰক্ষণ ।

 

তদুপৰি অসমৰ খিলঞ্জীয়া বাসিন্দাৰ ৰাজনৈতিক, সাংবিধানিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ বাবে ভাৰতীয় সংবিধানকে আদি কৰি ইয়াৰ অন্তৰ্গত বিশেষ বিশেষ আইন আৰু বিধিসমূহ সংশোধিত কৰি বিশেষ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা। ইয়াৰদ্বাৰা অসমৰ খিলঞ্জীয়াৰ ৰাজনৈতিক, সাংবিধানিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ ব্যৱস্থা কৰা।(অসম চৰকাৰৰ অসম চুক্তি ৬নং দফাৰ সম্পৰ্কে উচ্চ পৰ্যায়ৰ সমিতিলৈ যথাক্ৰমে সৌৰভ দিহিঙীয়া, ড০ ইন্দ্ৰজিত বেজবৰুৱা, মনোজ কুমাৰ মহন্ত আৰু ৰক্তিম শৰ্মাই যৌথভাৱে প্ৰেৰণ কৰা মতামতৰ অংশ)

 

অসম চুক্তিৰ ৬নং দফাৰ কাৰ্যকৰীকৰণে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সাংবিধানিক সুৰক্ষা কিছুপৰিমাণে হলেও নিশ্চিতি প্ৰদান কৰিব পাৰে। অৱশ্যে ভাৰতৰ পুঁজিবাদী ব্যৱস্থাত যিদৰে সাধাৰণ নাগৰিকৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিছে সেইক্ষেত্ৰত জনগণৰ অৰ্থনৈতিক মুক্তিৰ বাবে ব্যৱস্থাটোৰ আমোল পৰিৱৰ্তন অবিহনে সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা নাই। অৰ্থাত্, অসমৰ খিলঞ্জীয়া লোকে নিজকে সুৰক্ষিত কৰাৰ বাবে যিদৰে সংগ্ৰাম কৰিব লাগিব ঠিক তেনেকৈ ভাৰতৰ পুঁজিবাদী আৰু সাম্ৰাজ্যবাদী শক্তিৰ বিৰূদ্ধেও মাৰ বান্ধিব লাগিব। অসমৰ ৰাজনীতিত বৰ্ণবাদী প্ৰতিষ্ঠানবোৰক চিহ্নিত কৰিব লাগিব যিবোৰে অসমৰ ঐতিহাসিক জাতীয় চেতনাৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰে। ঐক্যবদ্ধ শক্তি অবিহনে অসমৰ খিলঞ্জীয়া লোকৰ নিস্তাৰ নাই। ইয়াৰ বাবে সকলোৱে ত্যাগ স্বীকাৰ কৰাৰ প্ৰয়োজন। জনজাতিসকলে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে আন জনজাতি বা জনগোষ্ঠীৰ যাতে অধিকাৰ উলংঘা নহয় তাৰ বাবে সচেতন হব লাগিব। এইক্ষেত্ৰত অসমৰ মিশ্ৰিত জনগোষ্ঠীৰ প্ৰেক্ষাপটত উপগ্ৰহীয় স্বায়ত্বশাসনৰ ব্যৱস্থা অসমৰ ক্ষূদ্ৰ ক্ষূদ্ৰ জনজাতিসকলৰ সুৰক্ষাৰ বাবে অধিক ফলপ্ৰসু হব। স্বায়ত্বশাসিত অঞ্চলৰ সীমা নিৰ্ধাৰণত সেই ভূমিত বসবাস কৰা অন্য জনগোষ্ঠীৰ প্ৰতিনিধি, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰতিনিধিৰ সন্মিলীত আলোচনাৰেহে সিদ্ধান্ত লোৱা উচিত।

মুক্ত অৰ্থনৈতিক ব্যৱস্থাৰ বাবেই হওঁক বা তথ্য-প্ৰযুক্তিৰ উন্নতিৰ ফলতেই হওঁক পৃথিৱীখন এতিয়া সৰু হৈ পৰিছে। আধুনিক শিক্ষাৰ প্ৰসাৰৰ ফলতো বিগত কিছুবছৰত মানুহৰ সামাজিক চিন্তাৰ স্তৰবোৰৰ পৰিৱৰ্তন ঘটিছে। শেহতীয়াকৈ সাম্ৰাজ্যবাদী শক্তিৰ সুচতুৰ পৰিল্পনাৰে সংকীৰ্ণ ধৰ্মীয় উন্মাদনা বিয়পাই দিয়া হৈছে যদিও শিক্ষিত নতুন প্ৰজন্মৰ মাজত পূৰ্বৰ বৰ্ণহিন্দু মধ্যশ্ৰেণী অসমীয়া মানসিকতাৰ পৰিৱৰ্তন হৈ আহিছে, প্ৰাচীন সামন্তবাদী চিন্তা-চৰ্চাৰো পৰিৱৰ্তন ঘটিছে। বিগত সময়ৰ গোষ্ঠীগত আন্দোলন বা জনজাতিসকলৰ পুনৰুত্থানৰ দীঘলীয়া ৰাজনৈতিক উত্থান-পতনে কিছু মানুহক সচেতন কৰি তুলিছে । সমান্তৰালভাৱে অতিকেন্দ্ৰিক ৰাষ্ট্ৰৰ চৰিত্ৰ পূৰ্বতৈও অধিক আগ্ৰাসী হৈ পৰিছে আৰু সকলো ক্ষূদ্ৰ ক্ষূদ্ৰ জাতি-জনগোষ্ঠীৰ পৰিচয় অতিৰাষ্ট্ৰবাদী হিন্দু-হিন্দী-হিন্দুৰাষ্ট্ৰৰ এক আগ্ৰাসী জালত আবদ্ধ হৈ পৰিছে। জনগোষ্ঠীয় নেতৃত্বৰ মাজত ক্ষমতাকেন্দ্ৰিক সংঘাত আৰু সুবিধাবাদে সাধাৰণ জনতাক বীতশ্ৰদ্ধ কৰিছে। অদূৰ ভৱিষ্যতে জনজাতীয়-জনগোষ্ঠীয় সংগ্ৰাম স্তব্ধ হোৱাৰ সম্ভাৱনা নাই যদিও ৰাষ্ট্ৰৰ অতিকেন্দ্ৰিকতা আৰু আধিপত্যৰ বিৰূদ্ধে উমৈহতীয়া সংগ্ৰামৰ ক্ষেত্ৰ প্ৰস্তুত হোৱাৰ সম্ভাৱনা আছে। অসমৰ সকলো জনগোষ্ঠীক পুনৰ সন্মিলীত কৰি এখন ঐক্যবদ্ধ মঞ্চ গঠনৰ সুযোগ আছে। এইক্ষেত্ৰত অসমীয়া বৰ্ণহিন্দুই পূৰ্বৰ অহমিকা ত্যাগ কৰিব লাগিব আৰু জনজাতিসকলেও প্ৰকৃত শত্ৰুক বুজি পাব লাগিব। সাংবিধানিক ৰক্ষা কবচৰ বাবে, আত্মনিয়ন্ত্ৰণৰ  অধিকাৰ প্ৰাপ্তিৰ বাবে সম অধিকাৰ আৰু সমমৰ্যাদাৰ ভিত্তিত ঐক্যবদ্ধ হোৱাৰ বাট উলিয়াব লাগিব। অসমৰ দৰে সৰু বৰ অসংখ্য জনজাতি-জনগোষ্ঠী আৰু ভাষিক সম্প্ৰদায়ৰ ৰাজ্যত ইয়াৰ ব্যতিৰেকে অন্য কোনো পথ নাই । ৰাজনৈতিক সংকীৰ্ণতা আৰু সুবিধাবাদ আহত জাতিৰ বাবে কফিন সদৃশ।

5 comments:

  1. পঢ়ি বহুবহুত ভাল লাগিল ।

    ReplyDelete
  2. পঢ়ি ভাল লাগিল

    ReplyDelete
  3. সঠিক আৰু গৱেষণাপুষ্ট উপস্থাপন.

    ReplyDelete