Tuesday, 3 April 2018



কালদিয়া পাৰৰ গধুলি
                                                                                                                      ৰক্তিম শৰ্মা


                                             

আকাশ গোমা হৈয়ে আছে আজিওঁ । বতৰ ভাল হোৱাৰ কোনো লক্ষণেই নাই । জিঞ্জিৰামৰ ঘোলা পানীয়ে সমুখৰ পথাৰখন বুৰাই পেলাইছে ক্ৰমশ । পশ্চিম গোৱালপাৰাৰ এই সৰু চহৰখনৰ বুকুৰে বৈ যোৱা এই জিঞ্জিৰামখনে তাইক যেন সোঁৱৰাই দিয়ে তাহানিৰ কালদিয়ালৈ । কালদিয়াৰ সিপাৰে দূৰণিৰ পৰা ৰিনিকি ৰিনিকি দেখা সেই ভূটান পাহাৰৰ দৰেই ইয়াতো দিগন্ত শোভা কৰা ধুসৰ পাহাৰ লানি , গাতে লাগি থকা সেউজীয়া অৰণ্য ।  প্ৰতিখন নৈয়েই যেন বুকুত কঢ়িয়াই লৈ ফুৰে অজস্ৰ বিষাদ । তাই ৰ লাগি শুনি থাকে তাহানিৰ কালদিয়াৰ দৰে আতৰৰ সৰু পানচৈবোৰৰ পৰা ভাহি অহা কাৰোবাৰ ভটিয়ালী সুৰ । কোনোবা চহাৰ কৰুণ বিষাদ গাথা । সেই সুৰৰ কাৰুণ্যত যেন ডুবিবলৈ ধৰে আঁতৰৰ সৰু সৰু ঘৰবোৰ ।  ৰৈ ৰৈ অহা সেই সুৰৰ বেদনাময় গুঞ্জনত তন্ময় হৈ পৰে দিব্যপ্ৰভা ।  

তাইৰ নিজৰ জীৱনৰো ভাটীবেলা । কপালৰ আগেদি বৈ অহা ৰূপোৱালী চুলিকোঁচা আঙুলীৰে আলফুলে গুচাই বাৰান্দাৰ গাৰ্ডেন চেয়াৰখনত গাটো এৰি দিলে দিব্যপ্ৰভাই ।  নুমলীয়া জীয়েক মীৰাৰ গোৱালপাৰাৰ ঘৰতেই শেষ দিনবোৰ অতিবাহিত কৰিছে তাই জীৱনৰ সীমাহীন সংগ্ৰাম অৰু উত্থান পতনৰ সমস্ত ভাগৰে যেন জুমুৰি ধৰিছে তাইকইমান ক্লান্তি তাই কেতিয়াওঁ অনুভৱ কৰা নাছিলজীৱন সমাপ্তিৰ বাবে এই ক্লান্তি কিজানি অপৰিহাৰ্য । এই ক্লান্তিয়েই হয়তো সুগম কৰে মোক্ষৰ পথ অলংকৃ কৰে জীৱনৰ শেষপৃষ্ঠা ।

ডায়েৰীখন হাতত লৈ উদাস দৃষ্টিৰে দূৰণিলৈ চালে দিব্যপ্ৰভাই চকুৰ আগেদি যেন অতীতৰ ছবিবোৰ চিনেমাৰ ৰীলৰ দৰে পাৰ হৈ গৈ থাকিলচকামকা অতীত । ধুৱলী কুৱলী সকলো । সেইদিনবোৰ পৈনতভাবে চিন্তা কৰিবলৈ দিব্যপ্ৰভাই বা কিমান পুৰঠ আছিল । পোন্ধৰ বছৰ হৈছিলনে নাই , পিতৃগৃহৰ পৰা কইনাৰ সাজ পিন্ধি ওলাই অহা । তাইৰ চকুৰ আগত চকামকাকৈ ভাহে কালদিয়াৰ পাৰ । ডোবাৰপাৰৰ সেই জানটোত উজান উঠা মাছবোৰে কেতিয়াবা সপোনতে নাচি বাগি থাকে

দিব্যৰ নুমলীয়া জীয়েক মীৰাই কেতিয়াবা সোধে,
--মা, তোৰ মাছ-ছাছ থাবলৈ মন আছে নেকি । একো নহয় দে মনে মনে খাই দিবি ।
নাই, মাছৰ গোন্ধটো তাইৰ আৰু সহ্য নহয় এতিয়া পঁচিচ বছৰ বয়সতেই যেতিয়া তাইৰ শিৰৰ সেন্দুৰ মচা গৈছিল তেতিয়াৰে পৰাই মাছ মাংস এৰিছে । বিগত চল্লিশ বছৰে মাছ মাংসতো দূৰৰে কথা আনকি পিয়াজ নহৰুও তাই মুখত দিয়া নাই । স্বামীৰ মৃত্যুৰ পিছত স্বেচ্ছাই ত্যাগ কৰিছে সমস্ত লোভ, জীৱনৰ সমস্ত ৰংঅথচ ভাবিলে আচৰিত লাগে, সৰুতে তাই মাছ নোহোৱাকৈ ভাতেই খোৱা নাছিল । কিন্তু পিছলৈ কেতিয়াও তাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰা নাই । দিব্যপ্ৰভাৰ স্বামীয়ে মাছৰ গোন্ধটো বেয়া পাইছিল তাইৰ মনত পৰে , বিয়াৰ দুদিনমান পিছতে দেৱৰেকে ডাঙৰ শোল মাছ এটা আনিছিল । তাই ৰাতি খোৱা বোৱা অতাই বিচনালৈ আহোতেই মানুহজনে কৈছিল, মাছ খাই মোৰ কাষত নাহিবা ।
সিদিনা তাইৰ চকুলো নিগৰিছিল । এইদৰেই বিয়াৰ পিছৰ পৰাই তাই লাহে লাহে এৰিছিল মাছৰ লোভ ।  তথাপি কালদিয়াৰ সেই মাছৰ জাউৰ , দোকালকটা বাৰিষা ডোবাৰপাৰৰ জানৰ পানীয়ে চোতালতে সিঁচি থৈ যোৱা ভিন্নৰঙী মাছবোৰ পানীৰঙী ছবিৰ দৰেই ৰৈ গৈছে তাইৰ মানসপটত । যিদৰে ৰৈ গৈছে স্বামীৰ তুলিকাত জিলিকা উঠা সেই যৌৱনময় দিনবোৰৰ সুন্দৰ সুমধুৰ সপোনবোৰ

বৃটিছ বিৰোধী স্বাধীনতা সংগ্ৰামৰ সেই দিনবোৰৰ পৰা ছবছৰীয়া অসম আন্দোলনৰ সেই ভয়ংকৰ দিনবোৰৰ মাজত চকা মকা সুখৰ দিনবোৰ মনত পেলাবলৈ চেষ্টা কৰে দিব্যপ্ৰভাই বহু কথাই মনত আছে তাইৰ ব্যক্তিগত জীৱনৰ ঘাত প্ৰতিঘাত, সুখ দুখবোৰ পাহৰি যোৱা কথা নহয় ধনৰ অভাৱত সুচিকিত্সা নাপাই তিলতিলকৈ মৃত্যুমুখত পৰা প্ৰিয়তম স্বামী ,বৈধব্যৰ হতাশা, জীয়াই থকাৰ সংগ্ৰামত কোলাত কেচুৱালৈ মাইলৰ পিছত মাইল খোজ কাঢি গৈ শিক্ষকতাৰ চাকৰি কৰা আৰু কত কি দেশ স্বাধীন হোৱাৰ পিছত বহু কথা অপ্ৰকাশিত হৈ থাকিল । স্বাধীনতাৰ পিছৰ ৰাজনীতিয়ে এচামক বীৰ সজালে এচামৰ ত্যাগ সকলোৰে অগোচৰেই ৰৈ গল নাই , স্বামীয়ে বিচৰা ধৰণে একোই কৰিব নোৱাৰিলে তাই বহু সপোন অছিল । সকলো মাথো সপোন হৈ ৰৈ গল ।  কথাবোৰ ভাবি ভাবি এটা গভীৰ হুমুনিয়াহ পাৰ হৈ গল দিব্যপ্ৰভাৰ বুকুৱেদি ।

ডায়েৰীখন মেলি লৈ থমকি ৰল দিব্যপ্ৰভা । অতীতবোৰে যেন তাইৰ চাৰিওফালে বিদ্ৰোহ কৰিব ধৰিছে । ডায়েৰীৰ প্ৰতিখিলা পাতত মাথো অতীতৰ ঘাম আৰু তেজেৰে সিক্ত সেই পাহৰিব নোৱাৰা ক্ষণবোৰ । তাৰ মাজেতই সৰু সৰু দুই এটা সুখৰ পল । যেন সুখ নহয় , সুখৰ মৰিচীকাহে তথাপি কাৰো প্ৰতি কোনো অভিযোগ নাই দিব্যৰ । বুকুৰ মাজত সেই কৃষ্ণ গোপাল , তাইৰ প্ৰতিটো দুখ আৰু যন্ত্ৰণাৰ একমাত্ৰ সাহস । নাস্তিক হব পৰাকৈ ইমানখিনি সাহস তাইৰ নাই । ধৰ্মৰ নামত আখৰে আখৰে সকলো কথা মানি লোৱাৰো পক্ষপাতি নহয় তাই হাড়ে হিমজুৱে তাই এটা কথাই বিশ্বাস কৰে যে মানৱ ধৰ্মই সৰ্বশ্ৰেষ্ঠ , সেই কথাটোকে আজীৱন দৃঢ়তাৰে বিশ্বাস কৰি আহিছে । তাইৰ ডায়েৰীৰ প্ৰতিখিলা পাততো যেন তাৰেই ৰুৰুৱনি । ডাৰীয়েৰ পাতত নথকা বহু কথাই মনত পৰে দিব্যৰ । তেসত্তৰটা বসন্ত একেবাৰে কম সময়তো নহয় ।

সমূখৰ পথাৰত নপানী বাঢ়ি আহিছে । গোমা আকাশ যেন ফাটি পৰিব অভিমানত । বাৰিষা হলেই দিব্যপ্ৰভাৰ মনত পৰে বাৰিষাৰ সেই কালদিয়াখনলৈ । যাৰ পাৰত উমলি আছে তেওঁৰ শৈশৱ , কৈশোৰৰ প্ৰতিটো পল । আচলতে কালিকা লগা সেই কালদিয়াৰ পাৰতেই আৰম্ভ হৈছিল তাইৰ জীৱন । সেয়ে হয়তো ওৰোটো জীৱন মাথো দুৰ্বাৰ গতি , প্ৰতিটো পলেই যেন অশান্ত লহৰ ।
                                                                                                   ক্ৰমশঃ

1 comment:

  1. সুন্দৰ জীয়া জীৱনৰ গাঁথা।ধন্যবাদ ৰক্তিম।

    ReplyDelete