অসম নমৰে আমিও নমৰোঃ
ৰক্তিম
শৰ্মা
বিগত কিছুদিনৰ পৰা জাতীয়তাবাদী সকলক তুচ্ছ –তাচ্ছিল্য কৰা আৰম্ভ কৰিছে কেতবোৰ বিশেষ শিবিৰে ৷ পটভূমি হ’ল নাগৰিকত্ব
সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যিসময়ত অসমত
জাতি ধৰ্ম নিৰ্বিশেষে অসমীয়া পুনৰ জাগ্ৰত হৈছে সেই সময়ত জাতীয় চিন্তাক ধ্বংস
কৰিবলৈ বিশেষ শিবিৰ বোৰৰ প্ৰচেষ্টা চলিছে ৷ বহুসময়ত বিতৰ্কবোৰ আমোদজনকো হৈ পৰিছেগৈ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত
অসমৰ বাওপন্থী শিবিৰে প্ৰথমবাৰৰ বাবে জাতীয় ইচ্ছ্যুত মাত মাতিছে৷ আনহাতে এচাম
বাংলাভাষী বাওপন্থীয়ে অসমীয়া বিৰোধী স্থিতিলৈ বিতৰ্কত লিপ্ত হোৱা দেখা গৈছে৷এচামে
আকৌ দলীয় মতাদৰ্শগত দোমোজাত পৰি মৌনব্ৰত অবলম্বন কৰা দেখা গৈছে৷
অসমীয়া জাতীয়তাবাদৰ দুৰ্বল দিশ, মধ্যবিত্তীয় সংকীৰ্ণতা আৰু সুবিধাবাদী চিন্তাধাৰা,
আদি মানিলৈও কব
লাগিব যে অসমৰ দৰে প্ৰান্তীয় ভূমি , যি এক
কেন্দ্ৰীভূত ৰাষ্ট্ৰব্যৱস্থা আৰু হিন্দী-বাংলাৰ দৰে
একাধিক প্ৰভাৱশালী বৃহৎ ভাষিক জাতিৰ আগ্ৰাসনৰ দ্বাৰা অনবৰতে স্বকীয়তা হেৰুওৱাৰ
শংকা, তাত জাতি হিচাপে মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ জাতীয়তাবাদৰ
বিকল্প নাই৷নিসন্দেহে এই জাতীয়তাবাদ প্ৰগতিশীল হবই লাগিব৷উল্লেখ্য যে অসমৰ
প্ৰেক্ষাপটত সন্মিলীত জাতীয় মুক্তিসংগ্ৰামৰ ভাৱাদৰ্শ এক সমান্তৰাল জাতীয়তাবাদী
মতাদৰ্শ হিচাপে পৰিগণিতহৈ আহিছে৷
অসমত জাতীয়তাবাদ জীয়াই আছে কাৰণ অসমীয়া জাতি বিগত কেইবাদশক
জুৰি ৰাষ্ট্ৰ আৰু বৃহৎ জাতীয় আগ্ৰাসনৰ দ্বাৰা শংকিত আৰু নিৰ্যাতিত৷ ভাৰতৰ অংগৰাজ্য
হোৱাৰ অজুহাততেই স্বাধীনোত্তৰ পিছতো আজি অসমে বৈধ-অবৈধ দুইধৰণৰ
অনুপ্ৰবেশৰ বোজা মূৰ পাতি লব লগা হৈছে৷ অস্তিত্বৰ শংকাই অসমীয়াক জোকাৰি গৈছে কাৰণ
ৰাষ্ট্ৰ আৰু ইয়াৰ শাসক শ্ৰেণীয়ে অসমৰ খিলঞ্জীয়াক নিৰাপত্তা দিয়া নাই ৷ এপদ দুপদকৈ সকলো হেৰুওৱাৰ পিছত জাতিটোলৈ এইবাৰ ভাষাৰ সংকট নামি আহিছে ৷ হিন্দু বিদেশীক নাগৰিকত্ব দিয়াৰ বাবে চৰকাৰে লোৱা
সিদ্ধান্তৰ বিৰূদ্ধে সেয়ে মাৰবান্ধি অসমীয়া ওলাই আহিছে ৷ কোৱা বাহুল্য যে ধৰ্মীয় পৰিচয়ক অসমীয়াই
কোনো দিনে জাতীয় পৰিচয়ৰ উৰ্দ্ধত স্থান দিয়া নাই ৷ আজি অসমত হিন্দুত্ববাদে খোপনি পুতিবলৈ
পৰাৰ মূল কাৰণ নিতান্তই বিদেশী অনুপ্ৰবেশকাৰীৰ সমস্যাহে ৷ ইমান খিনি ষ্পষ্ট হোৱাৰ পিছতো অসম গণ
পৰিষদৰ দৰে অসম-ভাৰত সংঘাতৰ ঔৰসত জন্ম হোৱা দলটোৱে অসমীয়া মধ্যশ্ৰেণীৰ সুবিধাবাদী
চৰিত্ৰক বহন কৰি ৰাষ্ট্ৰবাদী সাম্প্ৰদায়িক শক্তিৰ সৈতে মিতাৰালি ভংগ কৰিব পৰা নাই৷
বিগত কেইবাদশক জুৰি শাসকশ্ৰেণীৰ দ্বাৰা উদ্দেশ্যমূলক
প্ৰচাৰে অসমীয়াৰ মনত খোপনি পুতিছিল যে ১৯৭১ চনৰ পিছত লাখ লাখ বিদেশী অসমত প্ৰবেশ
কৰি ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰিছে ৷পূৰ্ববংগীয় লোকৰ দ্বাৰা অসমীয়াৰ
স্বকীয়তা হেৰোৱাৰ শংকা আজিৰ নহয়৷ পঞ্চাশৰ দশকতো এই শংকাই অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ
কৰিছিল । বিৰোধী শিবিৰত আছিল স্বাধীনতা আন্দোলনৰ সময়ত মুছলীম লীগৰ
পাকিস্থান- সমৰ্থনৰ সৈতে জড়িত সকল ৷ কালক্ৰমত অসম আন্দোলনৰ সময়তো
’ লড়কে লেংগে
পাকিস্থান ’ আদি ধ্বনিয়ে এটা বিশেষ শ্ৰেণীয়ে অসমীয়াক সন্ত্ৰস্থ কৰি তুলিছিল ৷ উল্লেখ্য যে উক্ত
’লড়কে লেংগে
পাকিস্থান ’ আদি বিভেদবাদৰ বিৰোধীতা কৰিছিল আকৌ অসমৰ থলুৱা মুছলমানেই৷
সেইসময়তে হিন্দুত্ববাদীৰ চক্ৰান্তই অসম আন্দোলনক কেনেকৈ বিপথগামী কৰিলে সেইবোৰ কথা
বৰ্তমান সকলোৱে জনা হৈছে৷
অসমত সৰ্বভাৰতীয় নৰমপন্থী হিন্দু জাতীয়তাবাদী এটা ভাবধাৰা স্বাধীনতা আন্দোলনৰ সময়ত কংগ্ৰেছী আদৰ্শৰ লগত প্ৰবেশ
কৰিছিল ৷ তেনেদৰে অসম আন্দোলনৰ পিছত আমদানিকৃত
উগ্ৰহিন্দুবাদী ধাৰা এটা সুপ্ত ভাবে ৰৈ
গৈছিল , তেনেকৈ ’লড়কে লেংগে
পাকিস্থান ’ৰ শ্লোগান দিয়া এচাম উগ্ৰমুছলমানো ৰৈ গৈছিল ৷ বহুতেই অস্বীকাৰ কৰিব খুজিলেও
বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ উত্থানৰ সময়ত এই পাকিস্থান সমৰ্থক ( পিছলৈ মুছলমানে অসম শাসন কৰিব বুলি সপোন দেখা
) শ্ৰেণীটোই
হেৰোৱা অক্সিজেন বিচাৰি পালে আৰু অসমৰ থলুৱা মুছলমানৰ মাজত কট্টৰবাদ প্ৰচাৰত লাগি
পৰিল ৷ এআইইউডিএফৰ মাজত এচাম উদাৰপন্থী আছে
যদিও ধৰ্মীয়-সাম্প্ৰদায়িক কট্টৰবাদক ব্যৱহাৰ কৰি এই শ্ৰেণীটোৱেই বিগত
লোক পিয়লত মাতৃভাষা অসমীয়াৰ সলনি বাংলা লিখিবলৈ পূৰ্ববংগীয় মুছলমানলোকক উৎসাহিত
কৰিছিল বুলি কলে কি জানি ভুল কৰা নহব ৷ এইবোৰ কুছকাৱাজে
অসমীয়াৰ মনত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল । অসমত বিজেপি শাসনলৈ অহাৰ কাৰণ বোৰৰ ভিতৰত এই সকলো যে অন্যতম সেয়া ক’লে কিজানি বাহুল্য কৰা নহব ৷ পূৰ্ববংগীয় লোকক অসমীয়া জাতীয় চেতনাৰ
অংশীদাৰ কৰিবলৈ পৰাগ কুমাৰ দাসে জাতীয় গণতান্ত্ৰিক আন্দোলনৰ মাজেৰে চেষ্টা কৰিছিল যদিও মুষ্টিমেয় কিছুসংখ্যকৰ বাহিৰে এওলোকৰ
অধিকাংশই অসমীয়া জাতীয়তাবোধৰ সৈতে আত্মীয়তা প্ৰকাশ কৰাতকৈ প্ৰকাশ্যে ধৰ্মীয়
পৰিচয়েৰে পৰিচয় দি ভাল পোৱাৰ উপৰি বাংলা জাতীয়তাবোধৰ প্ৰতিহে অধিক আত্মীয়তা প্ৰকাশ
কৰা দেখা গ’ল ৷ অসমীয়া জাতীয়তাবাদী শিবিৰৰ কেতবোৰ অপৰিপক্ক হঠকাৰী কাম
কাজো ইয়াৰ বাবে দায়ী বুলি কোৱা হয় যদিও উপৰোক্ত শ্ৰেণীটোৰ সংকীৰ্ণ বিভেদবাদী
চিন্তাচৰ্চাকো ইয়াৰ পৰা নিলগাই থব নোৱাৰি ৷ উল্লেখ কৰিব পাৰি
যে, এই দুটা সংকীৰ্ণবাদী শিবিৰে বিগত দিনত সংযুক্ত মুক্তি বাহিনী, অসমৰ সবল প্ৰভাৱৰ বাবে শক্তিশালীভাবে সংগঠিত হব পৰা নাছিল৷উক্তসময়তে ছহিদ পৰাগ কুমাৰ দাসৰ দৰে ব্যক্তিয়ে জাতিটোক সংগঠিত কৰিবলৈ যি চেষ্টা চলাইছিল তাৰ ফলতো এই সংকীৰ্ণ মৌলবাদীসকলে সুযোগ উলিয়াব পৰা নাছিল৷
অসমত আজি জাতীয়তাবাদী চিন্তা-চেতনাক (জাতীয় দল সংগঠন এচাম ৰ হঠকাৰী কাম কাজৰ বিৰোধীতা অন্য বিষয় ) কটূ গালি পৰাসকলৰ মাজত উপৰোক্ত দুই শ্ৰেণীৰ উত্তৰসুৰীসকল ৷ হিন্দুত্ববাদী লবীটোৰ সৰহ সংখ্যক অনা-অসমীয়া হোৱাৰ বিপৰীতে কট্টৰ ইছলামবাদীসকল সৰহসংখ্যক পূৰ্ববংগীয় মুছলমানমূলৰ ৷ বিজেপিয়ে এতিয়া নাগৰিকত্ব বিধেয়ক আনি বঙালীসকলৰ মাজত নিজৰ শক্তিশালী কেদাৰ তৈয়াৰ কৰাত লাগিছে ৷ আনহাতে পূৰ্ববংগীয় ইছলামবাদী নেতা-মাতব্বৰসকলে নিজৰ ভোট আৰু ক্ষমতাৰ স্বাৰ্থত ধৰ্মীয় কট্টৰবাদ প্ৰচাৰৰ বাবে উৰ্বৰ পৰিবেশ তৈয়াৰ কৰি দিছে৷
এই দুয়োটা শ্ৰেণীৰ বাবে ’অসমীয়া জাতীয়তা’একপ্ৰকাৰ নিজৰ ক্ষমতাৰ বাটত কাঁইটৰ দৰে ৷ গতিকে তাক উভালিবলৈ আপ্ৰান প্ৰয়াস চলিছে বা অসমীয়া জাতীয়তাবাদক নিজৰ স্বাৰ্থৰ অনুকুলে সমৰ্থন বা বিৰোধীতা কৰি আহিছে ৷ যাৰ কাৰণেই আজি অসমত এচামে প্ৰত্যক্ষভাবে হিন্দুৰাজ্য
বনোৱাৰ সপোন আৰু আন এটা চামে নিজৰ স্তাৱকৰ হতুৱাই পৰোক্ষ আৰু গোপনভাবে মুছলমানলেণ্ড বনোৱাৰ সপোন দেখুৱাই থকাৰ অভিযোগ আছে ৷ নিসন্দেহে এই সকলোৰে আঁৰত আছে শাসকশ্ৰেণীটোৰেই বিভাজন নীতি ৷ কাৰণ শাসকশ্ৰেণীটোৱে নিজৰ স্বাৰ্থত এইবোৰ সংকীৰ্ণতাক প্ৰশ্ৰয় দি আহিছে বা নিজৰ ভোটবেংকৰ স্বাৰ্থত বিৰোধীহৈ দেখুৱাইছে ৷ শাসক সলনি হ’লেও ব্যৱস্থাটোৰ অকনো সলনি হোৱা নাই বৰং শাসকৰ জনবিৰোধী চৰিত্ৰ
অধিক ষ্পষ্ট হৈ পৰিছে ৷
অসম আৰু অসমীয়াৰ অস্ত্বিত্বৰ চিন্তা ৰাষ্ট্ৰৰ কোনোকালেই নাছিল ৷ তাৰপিছতো কিন্তু ধৰ্মীয় বিভাজনকলৈ ৰাজনীতি
কৰাসকল সম্পূৰ্ণ সফল হব পৰা নাই ৷ কাৰণ অসমীয়া জাতীয়তা অসমীয়াৰ নিজৰ প্ৰয়োজনত জীয়াই আছে আৰু থাকিব ৷ যিসকলে কেইবা দশক ধৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অসমীয়া মাধ্যমত পঢ়িছে , পঢ়ি চাকৰি কৰিছে , সাহিত্যিকহৈ সন্মান পাইছে সেইসকলে অসমীয়া জাতীয়তাবাদক যিমানেই ঘিণ নকৰক কিয়, মন গ’লেই অসমীয়া ত্যাগ কৰি বাংলাভাষা শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিব নোৱাৰে ৷ অৰ্থাৎ পূৰ্ববংগীয় মুছলমানৰপৰা অতি সম্প্ৰতি অসমীয়া ভাষাৰ শংকা সিমান নাই যিমান হিন্দুত্ববাদীয়ে প্ৰচাৰ কৰিছে ৷ কিন্তু পশ্চাৎবাদী কট্টৰ ধৰ্মীয় বিভেদবাদীৰ সংখ্যা বাঢ়িলে এইকাৰণেই ভয় আছে যে সেইসকলে কৰিব নোৱাৰা একো নাই ৷ ধৰ্মীয় কট্টৰবাদৰ আগত সামাজিক প্ৰগতি-শিক্ষা আদি সকলো মূল্যহীন ৷ অৰ্থাৎ পূৰ্ববংগীয়লোকৰ মাজত কট্টৰবাদ বাঢ়িলে উচটনিত পৰি তেওলোকৰ এচামে নিজৰ মাতৃভাষাৰ পৰিচয় আৰু শিক্ষাৰ মাধ্যম সলনি কৰিবও পাৰে (বৰ্তমান এনেও অসমীয়া মাধ্যমৰ সলনি ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰহে প্ৰাধান্য বেছি । অদূৰ ভৱিষ্যতে চৰাঞ্চলতো ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন
হোৱাৰ সম্ভাৱনা আছে ) ৷কাৰণ আগতেই কৈছো যে, এই কট্টৰবাদী
সকল লড়কে লেংগে পাকিস্থানৰ উত্তৰসুৰী ৷ যিসকল পূৰ্ববংগীয় শিক্ষিত মুছলমান অসমীয়া ধাৰাত জীন গৈছে তেওলোকে ইয়াৰ বিৰোধীতা কৰি আহিছে আৰু কৰিবও ৷ অৰ্থাৎ ভাষাৰ সংকট আহিব এচাম কট্টৰবাদীপ শ্চাৎকামী পূৰ্ববংগীয় মুছলমান আৰু বাংলাভাষী অনুপ্ৰবেশ আৰু আগ্ৰাসনৰ ফলতহে ৷ নকলেও হব যে কট্টৰ হিন্দুত্ববাদীসকল এই বাংলাভাষী হিন্দু অনুপ্ৰবেশকাৰীৰহে সমৰ্থক ৷ গতিকে অসমীয়া জাতিৰ অন্যতম শত্ৰু এই আমদানিকৃত হিন্দু-মুছলমানমাৰ্কা সাম্প্ৰদায়িক
বিভেদ আৰু ধৰ্মীয় কট্টৰবাদক বাধা দিব নোৱাৰিলে অসমীয়াৰ অস্তিত্ব বিপদাপন্ন ৷ খিলঞ্জীয়া অসমীয়াই
যিদৰে নিজৰ অস্তিত্বৰ বাবে হিন্দু মৌলবাদৰ বিৰূদ্ধে ওলাই আহিছে , তেনেকৈ অসমত এই
ইচলামিক কট্টৰবাদী ভাবধাৰাক প্ৰতিহত কৰিব লাগিব পূৰ্ববংগীতমূলৰ শিক্ষিত সকলেই ।
অসমীয়াৰ অন্য কোনো বিকল্প গৃহভূমি নাই য’ত ভাষা-সংস্কৃতি আৰু জাতীয়তা ৰক্ষা হব
পাৰে । অসমীয়াৰ অস্তিত্বক ৰক্ষা কৰিব জাতি ধৰ্মনিৰ্বিশেষে অসমীয়া চেতনাত জাহ যোৱা সকলৰ সন্মিলীত সংগ্ৰামৰ মাজেৰেহে ৷ এই অসমীয়া সত্তা কেৱল ভাষিক বা ভৌগোলিক নহয় ৷বৰং বিভিন্ন জাতি-জনগোষ্ঠীৰ নিকট সম্পৰ্কৰ মাজেৰে ঐতিহাসিকভাবে গঢ়ি উঠা উমৈহতীয়া এক সত্তাহে ৷ এই
সত্তাটোৱে যদি ঐক্যবদ্ধভাবে অসমীয়া ভাষা-সংস্কৃতি আৰু জাতীয়তাৰ হকে ওলাই আহে
তেতিয়াহলে কোনো শক্তিয়ে অসমীয়াৰ অস্তিত্ব ধ্বংস কৰিব নোৱাৰিব । অসমত অসমীয়া ভাষা
আৰু জাতীয়তাৰ সংকটে অসমৰ ক্ষূদ্ৰ জাতি-জনগোষ্ঠীবোৰৰ ভাষা-সংস্কৃতিকো ৰেহাই নিদিব ।
আপুনি ভবাৰ দৰেই অসম নমৰে বুলি ভাবিলেও কিছুমান কথাক আওকাণ কৰিব পৰা নাযায় । হিন্দী বলয়ৰ অগ্ৰাসন আৰু বঙালী লবিয়ছ কিন্তু প্ৰতি পল অনুপলে অসম অসমীয়া ভাষা উভয়ৰেই ক্ষতি সাধন কৰিবলৈ উত্তাৱল হৈ আছে ।
ReplyDeleteইয়াৰ পৰিত্ৰাণ কেনেকৈ পোৱা যাব , সেইয়াও একলম লিখক দেউ । । ধন্যবাদ । পঙ্কজ শইকীয়া
আশাবাদী আৰু সুন্দৰ বিশ্লেষণ ৷ নতুন চামৰো বহু এতিয়া সচেতন হ'ল আৰু হৈ থাকিব ৷
ReplyDelete