কালদিয়া পাৰৰ গধুলি
ৰক্তিম শৰ্মা
১
আকাশ গোমা হৈয়ে আছে আজিওঁ । বতৰ ভাল হোৱাৰ কোনো
লক্ষণেই নাই । জিঞ্জিৰামৰ ঘোলা পানীয়ে সমুখৰ পথাৰখন বুৰাই পেলাইছে ক্ৰমশ । পশ্চিম
গোৱালপাৰাৰ এই সৰু চহৰখনৰ বুকুৰে বৈ যোৱা এই জিঞ্জিৰামখনে তাইক যেন সোঁৱৰাই দিয়ে
তাহানিৰ কালদিয়ালৈ । কালদিয়াৰ সিপাৰে দূৰণিৰ পৰা ৰিনিকি ৰিনিকি দেখা সেই ভূটান
পাহাৰৰ দৰেই ইয়াতো দিগন্ত শোভা কৰা ধুসৰ পাহাৰ লানি , গাতে লাগি থকা সেউজীয়া অৰণ্য
। প্ৰতিখন নৈয়েই যেন বুকুত কঢ়িয়াই লৈ
ফুৰে অজস্ৰ বিষাদ । তাই ৰ লাগি শুনি থাকে তাহানিৰ কালদিয়াৰ দৰে আতৰৰ সৰু পানচৈবোৰৰ
পৰা ভাহি অহা কাৰোবাৰ ভটিয়ালী সুৰ । কোনোবা চহাৰ কৰুণ বিষাদ গাথা । সেই সুৰৰ
কাৰুণ্যত যেন ডুবিবলৈ ধৰে আঁতৰৰ সৰু সৰু ঘৰবোৰ । ৰৈ ৰৈ অহা সেই সুৰৰ বেদনাময় গুঞ্জনত তন্ময় হৈ পৰে
দিব্যপ্ৰভা ।
তাইৰ নিজৰ জীৱনৰো ভাটীবেলা । কপালৰ আগেদি বৈ অহা
ৰূপোৱালী চুলিকোঁচা আঙুলীৰে আলফুলে গুচাই বাৰান্দাৰ গাৰ্ডেন চেয়াৰখনত গাটো এৰি
দিলে দিব্যপ্ৰভাই । নুমলীয়া জীয়েক মীৰাৰ
গোৱালপাৰাৰ ঘৰতেই শেষ দিনবোৰ অতিবাহিত কৰিছে তাই । জীৱনৰ সীমাহীন সংগ্ৰাম অৰু উত্থান পতনৰ সমস্ত
ভাগৰে যেন জুমুৰি ধৰিছে তাইক । ইমান ক্লান্তি তাই কেতিয়াওঁ অনুভৱ কৰা নাছিল । জীৱন
সমাপ্তিৰ বাবে এই ক্লান্তি কিজানি অপৰিহাৰ্য । এই ক্লান্তিয়েই হয়তো সুগম কৰে
মোক্ষৰ পথ । অলংকৃত কৰে জীৱনৰ শেষপৃষ্ঠা ।
ডায়েৰীখন হাতত লৈ উদাস দৃষ্টিৰে দূৰণিলৈ চালে দিব্যপ্ৰভাই । চকুৰ
আগেদি যেন অতীতৰ ছবিবোৰ চিনেমাৰ ৰীলৰ দৰে পাৰ হৈ গৈ থাকিল । চকামকা অতীত । ধুৱলী কুৱলী সকলো । সেইদিনবোৰ পৈনতভাবে
চিন্তা কৰিবলৈ দিব্যপ্ৰভাই বা কিমান পুৰঠ আছিল । পোন্ধৰ
বছৰ হৈছিলনে নাই , পিতৃগৃহৰ পৰা কইনাৰ সাজ পিন্ধি ওলাই অহা । তাইৰ চকুৰ আগত
চকামকাকৈ ভাহে কালদিয়াৰ পাৰ । ডোবাৰপাৰৰ সেই জানটোত উজান উঠা মাছবোৰে কেতিয়াবা
সপোনতে নাচি বাগি থাকে ।
দিব্যৰ নুমলীয়া জীয়েক মীৰাই কেতিয়াবা সোধে,
--মা, তোৰ মাছ-ছাছ থাবলৈ মন আছে নেকি । একো নহয়
দে মনে মনে খাই দিবি ।
নাই, মাছৰ গোন্ধটো তাইৰ আৰু সহ্য নহয় এতিয়া । পঁচিচ
বছৰ বয়সতেই যেতিয়া তাইৰ শিৰৰ সেন্দুৰ মচা গৈছিল তেতিয়াৰে পৰাই মাছ মাংস এৰিছে । বিগত চল্লিশ বছৰে মাছ মাংসতো দূৰৰে কথা আনকি
পিয়াজ নহৰুও তাই মুখত দিয়া নাই । স্বামীৰ মৃত্যুৰ পিছত স্বেচ্ছাই ত্যাগ কৰিছে
সমস্ত লোভ, জীৱনৰ সমস্ত ৰং । অথচ ভাবিলে আচৰিত লাগে, সৰুতে তাই মাছ নোহোৱাকৈ ভাতেই খোৱা নাছিল ।
কিন্তু পিছলৈ কেতিয়াও তাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰা নাই । দিব্যপ্ৰভাৰ স্বামীয়ে মাছৰ
গোন্ধটো বেয়া পাইছিল । তাইৰ মনত পৰে , বিয়াৰ দুদিনমান পিছতে
দেৱৰেকে ডাঙৰ শোল মাছ এটা আনিছিল । তাই ৰাতি খোৱা বোৱা অতাই বিচনালৈ আহোতেই মানুহজনে
কৈছিল, “ মাছ খাই মোৰ কাষত নাহিবা
।”
সিদিনা তাইৰ চকুলো নিগৰিছিল । এইদৰেই বিয়াৰ পিছৰ পৰাই তাই লাহে লাহে এৰিছিল মাছৰ লোভ । তথাপি কালদিয়াৰ সেই মাছৰ জাউৰ , দোকালকটা বাৰিষা
ডোবাৰপাৰৰ জানৰ পানীয়ে চোতালতে সিঁচি থৈ যোৱা ভিন্নৰঙী মাছবোৰ পানীৰঙী ছবিৰ দৰেই
ৰৈ গৈছে তাইৰ মানসপটত । যিদৰে ৰৈ গৈছে স্বামীৰ তুলিকাত জিলিকা উঠা সেই যৌৱনময়
দিনবোৰৰ সুন্দৰ সুমধুৰ সপোনবোৰ ।
বৃটিছ বিৰোধী স্বাধীনতা সংগ্ৰামৰ সেই দিনবোৰৰ পৰা
ছবছৰীয়া অসম আন্দোলনৰ সেই ভয়ংকৰ দিনবোৰৰ মাজত চকা মকা সুখৰ দিনবোৰ মনত পেলাবলৈ
চেষ্টা কৰে দিব্যপ্ৰভাই । বহু কথাই মনত আছে তাইৰ । ব্যক্তিগত জীৱনৰ ঘাত প্ৰতিঘাত, সুখ দুখবোৰ পাহৰি যোৱা কথা
নহয় । ধনৰ অভাৱত সুচিকিত্সা নাপাই তিলতিলকৈ মৃত্যুমুখত পৰা
প্ৰিয়তম স্বামী ,বৈধব্যৰ হতাশা, জীয়াই থকাৰ সংগ্ৰামত
কোলাত কেচুৱালৈ মাইলৰ পিছত মাইল খোজ কাঢি গৈ শিক্ষকতাৰ চাকৰি কৰা আৰু কত কি । দেশ স্বাধীন হোৱাৰ পিছত বহু কথা অপ্ৰকাশিত হৈ
থাকিল । স্বাধীনতাৰ পিছৰ ৰাজনীতিয়ে এচামক বীৰ সজালে এচামৰ ত্যাগ সকলোৰে অগোচৰেই ৰৈ
গল । নাই ,
স্বামীয়ে বিচৰা ধৰণে একোই কৰিব নোৱাৰিলে তাই । বহু
সপোন অছিল । সকলো মাথো সপোন হৈ ৰৈ গল । কথাবোৰ
ভাবি ভাবি এটা গভীৰ হুমুনিয়াহ পাৰ হৈ গল দিব্যপ্ৰভাৰ বুকুৱেদি ।
ডায়েৰীখন মেলি লৈ থমকি ৰ’ল দিব্যপ্ৰভা । অতীতবোৰে যেন তাইৰ
চাৰিওফালে বিদ্ৰোহ কৰিব ধৰিছে । ডায়েৰীৰ প্ৰতিখিলা পাতত মাথো অতীতৰ ঘাম আৰু তেজেৰে
সিক্ত সেই পাহৰিব নোৱাৰা ক্ষণবোৰ । তাৰ মাজেতই সৰু সৰু দুই এটা সুখৰ পল । যেন সুখ
নহয় , সুখৰ মৰিচীকাহে । তথাপি
কাৰো প্ৰতি কোনো অভিযোগ নাই দিব্যৰ । বুকুৰ মাজত সেই কৃষ্ণ গোপাল , তাইৰ প্ৰতিটো
দুখ আৰু যন্ত্ৰণাৰ একমাত্ৰ সাহস । নাস্তিক হব পৰাকৈ ইমানখিনি সাহস তাইৰ নাই ।
ধৰ্মৰ নামত আখৰে আখৰে সকলো কথা মানি লোৱাৰো পক্ষপাতি নহয় তাই । হাড়ে হিমজুৱে তাই এটা কথাই বিশ্বাস কৰে যে মানৱ
ধৰ্মই সৰ্বশ্ৰেষ্ঠ , সেই কথাটোকে আজীৱন দৃঢ়তাৰে বিশ্বাস কৰি আহিছে । তাইৰ ডায়েৰীৰ
প্ৰতিখিলা পাততো যেন তাৰেই ৰুৰুৱনি । ডাৰীয়েৰ পাতত নথকা বহু কথাই মনত পৰে দিব্যৰ ।
তেসত্তৰটা বসন্ত একেবাৰে কম সময়তো নহয় ।
সমূখৰ পথাৰত নপানী বাঢ়ি আহিছে । গোমা আকাশ যেন
ফাটি পৰিব অভিমানত । বাৰিষা হলেই দিব্যপ্ৰভাৰ মনত পৰে বাৰিষাৰ সেই কালদিয়াখনলৈ ।
যাৰ পাৰত উমলি আছে তেওঁৰ শৈশৱ , কৈশোৰৰ প্ৰতিটো পল । আচলতে কালিকা লগা সেই
কালদিয়াৰ পাৰতেই আৰম্ভ হৈছিল তাইৰ জীৱন । সেয়ে হয়তো ওৰোটো জীৱন মাথো দুৰ্বাৰ গতি ,
প্ৰতিটো পলেই যেন অশান্ত লহৰ ।
ক্ৰমশঃ
সুন্দৰ জীয়া জীৱনৰ গাঁথা।ধন্যবাদ ৰক্তিম।
ReplyDelete