অসমীয়া জাতীয়তা, মুক্তি আৰু ২৭ জুলাই
ৰক্তিম শৰ্মা
২৭ জুলাই মাথো বাৰিষাৰ এটা দিন নহয় । নিপীড়ীত অসমীয়াৰ ওপৰত
কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ নিষ্ঠুৰ আতিশয্য আৰু বিদ্ৰোহীৰ দমনৰ নামত নিপৰাধী অসমীয়াৰ
গণহত্যাৰ সাক্ষ্য বহন কৰা এক ইতিহাস এই ২৭ জুলাই । ১৯৯১ চনৰ জুলাই মাহৰ এই দিনটোতে
ভাৰতীয় সেনাই দৰং জিলাৰ দিপীলা চকৰ পৰা পাঁচজন নিৰীহ লোকক ধৰি আনি নিৰ্যাতন চলাই
সকলোৰে সন্মূখত খেতি পথাৰত গুলীয়াই হত্যা কৰিছিল । সেয়া প্ৰকৃততে আৰম্ভনীও নাছিল
শেষো নাছিল । বিগত তিনিটা দশক ধৰি বিদ্ৰোহ দমনৰ নামত প্ৰায় চৈধ্য হেজাৰ অসমীয়া
লোকক ভাৰতীয় সেনাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ আছে । অকল হত্যাই নহয়,
ধৰ্ষণ-নিৰ্যাতন-ভুৱা সংঘৰ্ষ-চক্ৰান্ত কৰি বিদ্ৰোহী বুলি গ্ৰেপ্টাৰ কৰা ইত্যাদি
অমানুষিক-বৰ্বৰতাৰে অসমীয়া জাতিটোক কোঙা কৰি দিয়াৰ প্ৰচেষ্টা দীৰ্ঘদিন ধৰি চলি
আহিছে । সাধাৰণ মানুহৰ সাংবিধানিক আৰু মৌলিক মানবীয় অধিকাৰক খৰ্ব কৰি জাতিটোৰ
মুখবন্ধ কৰি দিয়াৰ সমান্তৰালভাবে অসমীয়াক ৰাজনৈতিকভাবে-সামাজিক আৰু ধৰ্মীয়ভাবে
বিভাজন কৰি স্বাধিকাৰৰ বিৰূদ্ধে উমৈহতীয়া সংগ্ৰাম যাতে গঢ়ি উঠিব নোৱাৰে তাৰ
কুছকাৱাজ চলাই থকা হৈছে । জনগণক বিভক্ত কৰি দি অৰ্থনৈতিক শোষণ-
জাতিবিৰোধী-জনবিৰোধী কাৰ্যসুচীবোৰ ৰূপায়ন কৰিবলৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীভূত
ৰাষ্ট্ৰৰ শাসক শ্ৰেণীয়ে যি চক্ৰান্তৰ জাল তৈয়াৰ কৰিছে তাৰ পৰা অসমীয়া জাতিটো ওলাই
আহিব পৰা নাই । অসমীয়া জাতি বুলি কওতে ঐতিহাসিকভাবে নিকট সম্পৰ্কৰে গঢ়ি উঠা
সন্মিলীত জাতীয় পৰিচয়টোক কোৱা হৈছে । অসমৰ
সন্মিলীত জাতিৰ উমৈহতীয়া পৰিচয় এই অসমীয়াত্ব এতিয়া গভীৰ সংকটত ।
অসমৰ এজন আগশাৰীৰ বিদ্ৰোহী শিল্পী , ইতিহাসবিদ , গৱেষক তথা আজীৱন অসমীয়া জাতিৰ সংকট মোচনৰ
বাবে ওৰেটো জীৱন পাহাৰ ভৈয়াম একাকাৰ কৰি জীৱন ত্যাগ কৰা জাতীয় ছহিদ ভীমকান্ত
বুঢ়াগোহাইয়ে প্ৰায়ে কৈছিল যে আত্মৰক্ষাৰ সংস্কৃতিয়েই এটা জাতিৰ মহাসংস্কৃতি । যি
জাতিয়ে বহিঃ আগ্ৰাসনৰ পৰা নিজকে ৰক্ষা কৰিব নোৱাৰে সেই জাতিৰ ধ্বংস অনিবাৰ্য । অসমীয়াত্বৰ সংকটৰ কথা ওলালেই পোনতে মনলৈ আহে ভীমকান্ত বুঢ়াগোহাইৰ
সেই কথাফাকি । মনলৈ আহে ১৯০৫ চনতেই অসম ৰসাতলে গ’ল , অসম ৰসাতলে গ’ল বুলি ৰাস্তাই ৰাস্তাই হামৰাওঁ কাঢ়ি ঘুৰি ফুৰা বাবে বহুতে
অহৌবলিয়া বুলি কোৱা, বগা চাহাবক মাৰিবলৈ বোমা পোতা অম্বিকাগিৰি ৰায়চৌধুৰীলৈ , অসমৰ স্বাধীনতাৰ সপোন
দেখা মহেন্দ্ৰ নাথ ডেকাফুকন , জ্ঞাননাথ বৰা , শ্বিলঙত ভৈয়াম জনজাতিসকলক একত্ৰিত কৰি অসমক স্বাধীন কৰাৰ সপোন দেখা
ভীমবৰ দেউৰী,
সীতানাথ
ব্ৰহ্মচৌধুৰীলৈ । এই অসমীয়াত্বৰ বাবেই পৰাগ দাসৰ অকাল মৃত্যু হ’ল , ভাষা আন্দোলন , অসম আন্দোলনত শত সহস্ৰ ছহিদৰ পৰা আৰম্ভ কৰি আলফাৰ সংগ্ৰামত নিহত হ’ল ১৪ হেজাৰতকৈও অধিক তজবজিয়া ডেকা-গাভৰু ।
অসমীয়াত্বৰ সংকটক কেন্দ্ৰ কৰিয়েই বিগত এটা শতিকাজুৰি অসমৰ ৰাজনৈতিক
ইতিহাস ৰচিত হৈছে । বহুতো উত্থান পতন, আপোচ-আপোচহীনতা , ক্ষমতাৰ খোৱাকামোৰা-হতাশা-ষড়যন্ত্ৰৰ সাক্ষী হৈ আছে অসমৰ জনগন ।
অসমীয়াৰ সংকটক কেন্দ্ৰ কৰিয়েই এচামৰ ৰাজনীতিত অসম খণ্ড বিখণ্ড হৈছে , অসমীয়া জাতিগঠন
প্ৰক্ৰিয়াত হাতুৰি পৰিছে , গোষ্ঠীসংঘাত আৰু সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পিছে । বিপৰীতে
আপোচহীন যুঁজত উত্তৰ পূৱৰ জনগনক একত্ৰিত কৰিবলৈ উমৈহতীয়া মঞ্চ গঠন হৈছে ।একত্ৰিত
হোৱা বোৰৰ ভিতৰত কোনোবাটো ফৈদ ছাত্ৰ সংগঠনৰ কোনোবাটো ফৈদ নিষিদ্ধ ঘোষিত বিদ্ৰোহী
সংগঠন । সকলোৰে উদ্দেশ্য লক্ষ্য ভিন্ন , ৰাজনৈতিক আদৰ্শও সুকীয়া , কিন্তু উমৈহতীয়া সংগ্ৰামৰ বাবে প্ৰয়োজনত ঐক্যবদ্ধ হৈছে । কোনোবাই
ভাৰতৰ ভিতৰত থাকিলে জাতীয় অস্তিত্ব নিৰাপদ নহয় বুলি সন্মিলীত জাতীয় মুক্তি
সংগ্ৰামৰ আদৰ্শৰে আগবাঢ়িছে , কোনোবাটোই ভাৰতৰ অখণ্ডতাৰ প্ৰহৰীহৈ ভাৰতৰ ভিতৰত থাকিয়েই অধিকাৰ
সাব্যস্ত কৰিব খুজিছে । এইদৰে ভিন্ন পন্থা , ভিন্ন উদ্দেশ্য , ভিন্ন দৰ্শনেৰে অসমত
জাতীয়তাবাদী ৰাজনীতি আগবাঢ়িছে বা নিৰ্মোহ ভাবে কব লাগিলে তাৰ সমান্তৰালকৈ সঠিক
সময়ত সঠিক ৰাজনীতিৰ অভাৱত আৰু মধ্যশ্ৰেণীৰ নেতত্বৰ চৰম সুবিধাবাদত অসমীয়া
জাতীয়তাবাদ তিল তিলকৈ মৰি আহিছে । অসমীয়াত্বৰ সংকট মোচনৰ প্ৰকৃত পথ উপেক্ষিতহৈ
লাহে লাহে আগ্ৰাসী সম্প্ৰসাৰণবাদী ভাৰতীয়ত্ববোধত বা জাতীয় বোধশক্তিহীন গোলকীয়ত্বত
নিমজ্জিত হব ধৰিছে অসমৰ জাতীয় সমাজ । সেয়ে জাতিটোক ভালপোৱা সকলৰ মনত এটাই প্ৰশ্ন- জাতিটোৰ
অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ হেৰুওৱা-পংগু হোৱা হেজাৰ হেজাৰ অসমীয়াৰ ত্যাগ তেনেহলে
অথলে যাব নেকি ?
অসমীয়াত্বৰ সংকটৰ কাৰণ বিশ্লেষণ কৰিবলৈ হলে ই মূলতঃ আৰ্থ-ৰাজনৈতিক
আৰু সামাজিক । এইদুই মূল কাৰণেই আকৌ
সৃষ্টি কৰিছে অন্য কেতবোৰ কাৰণ , তাৰ ভিতৰত সাংস্কৃতিক আৰু ধৰ্মীয় । অসমীয়াত্বৰ সংকটৰ কাৰণ বিচাৰিবলৈ বহুতে ভবা ধৰণে প্ৰাক বৃটিছ
যুগৰ ইতিহাস খোচৰাৰ দৰকাৰ হয়তো নাই । ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ ফলতেই যে অসমৰ
বেলি মাৰ গৈছিল সেয়া প্ৰায় সকলোৰেই জ্ঞাত । চক্ৰান্ত কৰি অসমক বৃটিছ শাসিত
ভাৰতবৰ্ষৰ অন্তভূক্ত কৰিছিল আৰু কালক্ৰমত অসম ভাৰত ৰাষ্ট্ৰৰ অবিচ্ছেদ্য অংগ হিচাপে
সংবিধানত লিপিবদ্ধ হৈছিল । কিন্তু আমি পাহৰি গ’লে নহব যে কংগ্ৰেছৰ
নেতৃত্বত সৰ্বভাৰতীয় জাতীয়তাবাদৰ ঢৌৱে সেইসময়ত অসমকো জোকাৰি গৈছিল যদিও অসমৰ একাংশ
জাতীয়তাবাদী নেতৃত্বই সেইসময়তেই অসম ভাৰতৰ লগত থাকিব নালাগে বুলি মত প্ৰকাশ কৰিছিল
। কাৰণ ভাৰতীয় ৰাষ্ট্ৰবাদী হিন্দী-হিন্দু-হিন্দুস্থানী আধিপত্য অসমীয়াৰ বাবে বিপদৰ
কাৰণ বুলি তেতিয়াই অনুভৱ কৰিছিল বহুতে । ১৯৪৫ চনত শ্বিলঙত মংগোলীয় দলবোৰক ঐক্যবদ্ধ
কৰি এন খাৰিন , খংখাই,পদ্মেশ্বৰ গগৈৰ
নেতৃত্বত Asam tribes and Races Fedaration গঠন হয়। পদ্মেশ্বৰ
গগৈৰ নেতৃত্বত এটা প্ৰস্থাৱ লোৱা হয়--...the
past history of Assam proper being never like that of the rest of India, this
convention........urge upon Govt. that Assam be separated from the rest of
India,where there are number of division like Pakistan, Hindustan etc. and let
Assam's destiny be guided by the people of Assam. সুৰেন্দ্ৰ নাথ
বুঢ়াগোহাইয়ে অসমৰ স্বাধীনতাৰ বাবে এইখন সভাতে বক্তব্য ৰাখিছিল । নেহেৰুৰ নেতৃত্বত ভাৰতৰ সৈতে থাকিবলৈ ইমানেই শংকিত আছিল যে
দেশবিভাজনৰ সময়ত আহোম সভাৰ প্ৰতিষ্ঠাতা সুৰেন্দ্ৰনাথ বুঢ়াগোহাইয়ে আনকি
বিচ্ছিন্নতাৰ অধিকাৰৰ সৈতে পাকিস্থানৰ সৈতেহে থকাৰ কামনা কৰি জিন্নালৈ চিঠি
লিখিছিল । স্বাধীনতা আন্দোলনৰ
মাজত পোখা মেলা এই সৰ্বভাৰতীয় হিন্দু-হিন্দী-হিন্দুস্থানী আধিপত্যবাদী চিন্তাৰ
বাবেই আহোম সভাই মুছলীম লীগৰ সৈতেহে ঐক্য স্থাপন কৰিছিল ।
ভৈয়াম জনজাতি লীগৰ নেতা সীতানাথ ব্ৰক্ষ্মচৌধুৰীয়ে আনকি বংগদেশৰ পৰা
কোচবিহাৰ আৰু জলপাইগুৰি অসমৰ সৈতে সংযুক্ত কৰাৰ পষোকতা কৰিছিল । আনহাতে
গোৰ্খালীগেও দাৰ্জিলিং জিলা অসমৰ সৈতে সংযুক্ত কৰাৰ দাবী কৰিছিল । কাৰণ
ঐতিহাসিকভাবে অসমৰ সৈতেহে সম্পৰ্ক আছিল । আহোম সভাত নীতিগত সংঘাত আৰম্ভ হোৱাৰ মূলতে আছিল সাৰ্বভৌম অসমৰ দাবী । সেয়ে ঠানুৰাম গগৈ, গিৰীন গগৈ, ৰামেশ্বৰ চেতিয়া বৰা
আদিয়ে কংগ্রেছৰ চত্রছাঁয়াত এটা ফৈদ আৰু মদন চন্দ্র বৰুৱা, ঘনকান্ত গগৈ ,পদ্মেশ্বৰ গগৈৰ আদিৰ
নেতৃত্বত অন্য এটা অকংগ্রেছী ফৈদ গঠন হৈছিল
।পিছৰ ফৈদটোৱে শেষত Asam tribes and Races Fedaration গঠন কৰিছিল । ভাৰত স্বাধীনতা আইনৰ ১৯৪৭ৰ জড়িয়তে দেশ
বিভাজনৰ নিৰ্দেশ আছিল আৰু কংগ্ৰেছ ৱৰ্কিং কমিটিৰ লগতে জৱাহৰলাল নেহেৰু, জিন্না আৰু মাউন্টবেটেনৰ তত্পৰতাত অসমক পূব পাকিস্থানৰ সৈতে চামিল
কৰাৰ সিদ্ধান্ত হৈছিল । গান্ধীজীৰ উপদেশত অসমৰ তদানিন্তন প্ৰধানমন্ত্ৰী গোপীনাথ
বৰদলৈয়ে কংগ্ৰেছৰ ৱাৰ্কিং কমিটিৰ বৈঠকৰ প্ৰতিবাদ কৰি অসমক পাকিস্থানৰ সৈতে চামিলৰ
বিৰোধীতা কৰিছিল । গান্ধীজীয়ে ভাৰতীয় নেতৃত্বৰ চৰিত্ৰ প্ৰত্যক্ষ কৰি তেতিয়াই কৈছিল
যে, অসম আৰু উত্তৰ পূৱে
নিজৰ ভাগ্য নিজেই নিৰ্নয় কৰিব লাগিব । সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰেও তেওঁৰ
সংবিধানৰ খচৰাত অসম উত্তৰ পূৱৰ বাবে বিশেষ অধিকাৰ পিছত নেহেৰু চৰকাৰে মচি দিয়াত
শংকা প্ৰকাশ কৰি সেই গান্ধীজীয়ে কোৱা কথাখিনিয়েই কৈছিল । অন্য উত্তৰ পূবৰ ৰাজ্যবোৰ
যেনে ত্ৰিপুৰা, মনিপুৰ আদি ১৯৪৯ চনতহে
ভাৰতীয় ইউনিয়নৰ সৈতে চামিল হৈছিল । অধিকাংশই যড়যন্ত্ৰমূলক আছিল বুলি অভিযোগ
উঠিছিল । নগালেণ্ডক ১০ বছৰৰ কাৰণে নগাঐক্য
স্থাপনৰ পিছত স্বাধীনতা অৰ্পন কৰাৰ চুক্তি কৰিহে ভাৰতৰ অধীনলৈ আনিছিল ।স্বাধীনতাৰ
আগতেই অম্বিকাগিৰি ৰায়চৌধুৰী,জ্ঞাননাথ বৰা, মহেন্দ্ৰনাথ ডেকাফুকন আদিয়ে অসমৰ বাবে পৃথক শাসন দাবী কৰি গুৱাহাটীত
বিশাল সমাবেশ কৰিছিল । অসমৰ স্বতন্ত্ৰতাৰ দাবীত জাতীয় মহাসভাৰ জন্ম দি জাতীয়
কংগ্ৰেছৰ সমান্তৰাল শক্তি হিচাপে পৰিগনিত হৈছিল । সেইবোৰ অসমীয়া জাতীয়তাবাদৰ আন এক অধ্যায় ।
অসমীয়া জাতিগঠন প্ৰক্ৰিয়াটোক আমি পোনতেই এক পৃথক(distinct) ঐতিহাসিক প্ৰক্ৰিয়া বুলি কৈ থব খুজিছো কাৰণ
এই জাতিৰ সৃষ্টি প্ৰাকৃতিকভাবে বিকাশ হোৱা এক সত্বা নহয় বৰং ই কিছুমান ঐতিহাসিক
কাৰকৰ ফল । এই ঐতিহাসিক কাৰকবোৰেই
এক উমৈহতীয়া সত্বাৰ জন্ম দিছিল যাক আমি অসমীয়াত্ব বুলিব পাৰো । এই সত্বাটো ঐতিহাসিকভাবে ভাষিক-সাংস্কৃতিক আৰু ৰাজনৈতিক উপৰিসৌধৰে গঠিত এক সত্বা ।এই সত্বাটোৰ সৈতে
জাতীয়তাবাদৰ সম্পৰ্ক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । জাতীয়তাবাদ এটা অতি জটিল বিষয় আৰু
বহুতে বিভিন্ন সামাজিক-ৰাজনৈতিক-সাংস্কৃতিক পৰিঘটনাৰ মাজেৰে ইয়াক বিশ্লেষণ কৰিছে
যদিও আজিকোপতি একক সংজ্ঞাৰে সংজ্ঞায়িত কৰিব পৰা নাই । অৰ্থাত এটা জাতিৰ জাতীয়তাবাদ ইয়াৰ সামাজিক-ৰাজনৈতিক আৰু
সাংস্কৃতিক পৰিঘটনা , বিৱৰ্তন আদিৰ মাজেৰেহে বিশ্লেষণ কৰিব পাৰি । ঐতিহাসিক দৃষ্টিকোনেৰে
জাতীয়তাবাদ এটা আদৰ্শগত আন্দোলন যাৰ লক্ষ্য হল বহিঃ আগ্ৰাসনৰ পৰা জাতিটোৰ পৰিচয় , সামাজিক একতা আৰু
আত্মনিৰ্ধাৰণৰ মাজেৰে ক্ষমতা হাচিল কৰা । আনধৰণে কব লাগিলে জাতি-ৰাষ্ট্ৰ তৈয়াৰ আৰু
দৃঢ়কৰণৰ ই এক শ্বাশ্বত আদৰ্শ । বহল ভাবে কব লাগিলে
নিজস্ব পৃথক স্বাধীন ৰাষ্ট্ৰ নিৰ্মান কৰা জাতীয়তাবাদৰ অন্যতম লক্ষ্য হব পাৰে ।
লেলিনে প্ৰথম এই বহল ভিত্তিত জাতীয়তাবাদৰ বিষয়ে উল্লেখ কৰিছিল আৰু কৈছিল যে
প্ৰতিটো নিৰ্যাতিত জাতিৰে নিজস্ব স্বাধীন ৰাষ্ট্ৰ নিৰ্মান কৰাৰ অধিকাৰ আছে । সেয়ে
নিপীড়িত জাতিৰ জাতীয়তাবাদ আৰু জাতীয় মুক্তি সংগ্ৰামক সাম্ৰাজ্যবাদ বিৰোধী বুলি
কমিউনিষ্ট পাৰ্টিৰ ২য় আৰু ৩য় আন্তৰ্জাতিকত লেনিল আৰু ষ্টেলীনে বিশ্বৰ সকলো জাতীয়
মুক্তি সংগ্ৰামলৈ কমিউনিষ্ট সকলৰ নৈতিক সমৰ্থন ঘোষণা কৰিছিল । অৰ্থাত এই সুত্ৰমতে
নিপিড়ীত জাতিৰ জাতীয়তাবাদ যদি জাতীয় মুক্তি সংগ্ৰামৰ আদৰ্শৰে অনুপ্ৰাণিত নহয় তেনে
জাতীয়তাবাদ সাম্ৰাজ্যবাদ বিৰোধী হব নোৱাৰে । সাম্ৰাজ্যবাদৰ স্বাৰ্থৰক্ষা কৰা
জাতীয়তাবাদ ফেচিষ্ট আৰু প্ৰতিক্ৰীয়াশীল । সেয়ে কেতিয়াবা প্ৰগতিশীল যেন লগা
জাতীয়তাবাদো শত্ৰু মিত্ৰ চিনাক্তকৰণৰ ভুলত আৰু মতাদৰ্শৰ ত্ৰুটিত প্ৰতিক্ৰীয়াশীল
শক্তিত পৰিণত হব পাৰে । আনহাতে কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ জাতীয়তাবাদ সমস্ত নিপিড়ীত
জাতি আৰু শ্ৰেণীক অৱদমন কৰাৰ এক হাতিয়াৰ ।
জাতীয়তাবাদৰ ওপৰত আলোচনা অবিহনে অসমীয়াত্বৰ সংকটৰ ওপৰত বিশ্লেষণ
আধৰুৱা হব । সেয়ে আমি অসমীয়া জাতীয়তাবাদক ভাগত বিভক্ত কৰিছো ।
অসমীয়া জাতীয়তাবাদৰ উপৰোক্ত জাতীয় মুক্তি সংগ্ৰামৰ ধাৰাটোক
একাশৰীয়াকৈ থলে দেখা যায় বৃটিছৰ প্ৰভুভক্ত অসমীয়া মধ্যশ্ৰেণীৰ দ্বাৰা সৃষ্ট
জাতীয়তাবাদৰ অন্য এক ধাৰা । অসম সাহিত্য সভা এই
ধাৰাটোৰ পৰা উদ্ভৱ হোৱা । এই ধাৰা মুলতঃ বংগভাষা জাপি দিয়াৰ বিৰূদ্ধে সৃষ্টি হোৱা
বংগ বিদ্বেষ ,
উচ্চবৰ্ণৰ
সাম্প্ৰদায়িক বৰ্ণবাদ , জনজাতিক অৱদমন , অসমীয়া ভাষা জাপি দিয়াৰ প্ৰৱণতা আদিৰ মাজেৰে বিকাশ প্ৰাপ্ত । আনহাতে
জাতীয় মুক্তি সংগ্ৰামৰ আদৰ্শৰে গঠিত জাতীয়তাবাদী ধাৰাটোই উমৈহতীয়া শত্ৰু
কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ বিৰূদ্ধে সাধাৰণ জনগনৰ লগতে জনজাতিসকলকো ঐক্যবদ্ধ কৰাৰ কথা
কয় । বৰ্ণবাদ , মধ্যশ্ৰেণীৰ অৱদমনৰ সমালোচনা কৰে আৰু পিছলৈ প্ৰত্যক্ষভাবে উপনিবেশিক
পুজিবাদ আৰু সাম্ৰাজ্যবাদক শত্ৰু হিচাপে চিহ্নিত কৰে । উল্লেখযোগ্য যে প্ৰাক স্বাধীনতা কালত এই ধাৰাটো জনজাতিসকলক লৈয়ে
আগবাঢ়িছিল । স্বাধীনতাৰ আগে পাছে ১ম বিধ ধাৰা লাহে লাহে
স্তিমিত হৈ আহে আৰু পমুৱাৰ আগ্ৰাসনৰ পৰা অসমৰ থলুৱাক ৰক্ষা কৰাৰ ভাবধাৰাৰে বিকাশ
লাভ কৰে ২য় ধাৰাটোৱে । এই দুই ধাৰাৰ মাজত এক প্ৰগতিশীল ধাৰাও দেখা যায়
।বাওঁভাৱাপন্ন অসম ছাত্ৰ সন্মিলনীয়ে আগবঢ়াই লৈ যোৱা এই প্ৰগতিশীল ধাৰাটোৱে
কেইবাদশক জুৰি অসমৰ জনগনক প্ৰভাৱিত কৰি ৰাখিছিল । আশীৰ দশকত সদৌ অসম ছাত্ৰ সন্থা , পিএলপি , অসম গণসংগ্ৰাম পৰিষদ
আদিৰ নেতৃত্বত বহিৰাগত বিতাড়ন পিছলৈ বিদেশী খেদা আন্দোলনৰ মাজেৰে ২য় ধাৰাটোৱে
তুংগত উঠে আৰু প্ৰগতিশীল ধাৰাটো ক্ৰমত স্তিমিত হৈ পৰে । আনহাতে অসমীয়া
জাতীয়তাবাদৰ প্ৰগতিশীল ধাৰাটো আৰু অসম আন্দোলনৰ চৰমপন্থী বা মোহভংগ ঘটা
জাতিয়তাবাদী সকলে পুনৰ গঢ় দিয়ে ১ম ধাৰাটোৰ । যিটো ধাৰা জাতীয়তাবাদৰ চৰম আধুনিক
ধাৰা , জাতীয় মুক্তি সংগ্ৰামৰ
মাজেৰে পৃথক ৰাষ্ট্ৰৰ বাবে সংগ্ৰাম ।
জাতীয়তাবাদৰ ২য় ধাৰাটোই যিটো পূৰ্বতে বৃটিছৰ প্ৰভুভক্তহৈ কেৱল
উচ্চবৰ্ণৰ আধিপত্যৰ মাজেৰে জাতিয়তাবাদৰ ভেটী তৈয়াৰ কৰিছিল, পিছলৈ ভাৰত ৰাষ্ট্ৰ
ভক্তহৈ ভাৰতৰ অখণ্ডতা সাৰ্বভৌমত্ব ৰক্ষাৰ কথাকৈ বিদেশী মুক্ত অসমৰ বাবে সংগ্ৰাম
কৰা দেখা গল,
সেই
ধাৰাটো পূৰ্বৰ শ্ৰেণী অৱস্থান আৰু মতাদৰ্শগত সীমাবদ্ধতাৰ মাজেৰে জাতীয়তাবাদ গঢ়
দিলে । বিভিন্ন স্ববিৰোধৰ মাজেৰে আগবাঢ়ি গৈ এক জাতীয়তাবাদী মঞ্চ গঢ় দিলে সচাঁ
কিন্তু কিছুমান সংকীৰ্ণতাৰ বাবে অসমীয়া উমৈহতীয়া সত্বাটোক সকলোৰে বাবে নিৰাপদ কৰি
বিকাশ কৰাত ব্যৰ্থ হল । কৌশলগতভাবে সৰ্বভাৰতীয়
হিন্দু হিন্দী হিন্দুস্থানী সম্প্ৰসাৰণবাদী সকলে অসম আন্দোলনত সোমাই ধৰ্মীয়
সাম্প্ৰদায়িক বিভেদৰ পৰিস্থিতিৰ উদ্ভৱ কৰা বুলি অভিযোগ আছে । সদৌ অসম ছাত্ৰ সন্থা , অসম গণ পৰিষদ আদি এইটো
ধাৰাৰ পৰা সৃষ্ট যদিও বৰ্তমানে তেওঁলোকৰ কাম কাজত পূৰ্বৰ বহুখিনি সংকীৰ্ণতা লোপ
পোৱা দেখা যায় । অৱশ্যে ভাৰতীয়ত্ববোধৰ সৈতে বিশেষ সংঘাট নথকাৰ বাবে সৰ্বভাৰতীয়
হিন্দুত্ববাদী ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা এই ধাৰাটোৰ এটা গুৰুত্বপূৰ্ণ দিশ । অগপৰ শাসন কালত এনে
মিত্ৰতা আৰু তাৰ ফলশ্ৰুতিত গুপ্তহত্যাৰ কৰ্মকাণ্ডই অসমীয়া জাতীয়তাবাদী শিবিৰৰ ওপৰত
গুৰুতৰ প্ৰভাৱ পেলায় ।
পূৱ-পাকিস্থানী সকলক
অসমৰ পৰা বিতাড়ন কৰি থলুৱাৰ সুৰক্ষাৰ দাবীত এক জাতীয়তাবাদী চিন্তাৰ বিকাশ ১৯৩৫ চন
মানতেই হৈছিল । যিকিনহওঁক ১৯০৩ চনৰ পৰা ১৯৭১ চনৰ আগে পাছে বা অভিযোগ মতে এতিয়াও
অবাধ বাংলাদেশী অুনুপ্ৰৱেশে থলুৱাৰ মাজত শংকাৰ সৃষ্টি হৈয়ে আহিছে । বিভিন্ন চৰকাৰী
আমোলা , ৰাজনৈতিক দলবোৰৰ
স্বাৰ্থসিদ্ধিৰ বাবে এই সমস্যাটোই ভয়ংকৰ ৰূপলৈ অসমৰ সমাজ জীৱন , জাতীয় চিন্তাক জোকাৰি
থৈ গৈছে । অভিবাসী মুছলমান সকলৰ বহুতেই অসমীয়া ভাষা গ্ৰহণ কৰি ল’লে যদিও অসমৰ জাতীয় জীৱনৰ সৈতে
খাপ খাব নোৱাৰা ধৰ্মীয় ৰক্ষণশীল পন্থাৰ প্ৰভাৱ (অসমৰ জাতীয় জীৱনত উদাৰ ইছলাম ধৰ্মৰ
অৱদান আছে) ,
ৰাজনৈতিক
দলবোৰৰ দ্বাৰা শংকাৰ প্ৰচাৰ , মাতব্বৰ তন্ত্ৰ আদি নানান কাৰণত আৰু বিশাল প্ৰব্ৰজনৰ ফলত শংকিত থলুৱা
অসমীয়াই আকোৱালী লব পৰাৰ পৰিস্থিতিৰ অভাৱত অসমীয়াত্বৰ এটা প্ৰান্তত থাকি গ’ল । সেয়ে তেওঁলোকে যদিও নিজৰ মাতৃভাষা অসমীয়া বুলি লোকপিয়লত উল্লেখ
কৰে তথাপি তেওঁলোকে নিজকে অসমীয়া বুলি কোৱাতকৈ ভাৰতীয় বুলি কৈহে বেছি নিৰাপদ অনুভৱ
কৰা দেখা যায় । ভাৰতীয় হবলৈ উঠিপৰি লগাৰ মূলতে যে এক স্বাভাৱিক শংকা সেয়া কোৱা
বাহুল্য । কিন্তু বহুতেই নাজানে যে নগন্য হলেও এওঁলোকৰ মাজৰ পৰাই অসমৰ ভাষা আন্দোলন-অসম
আন্দোলন আনকি আলফাৰ সংগ্ৰামতো অংশগ্ৰহণ কৰিছে আনকি মৃত্যুবৰণো কৰিছে । অন্য ভাৰতীয়
বহিৰাগতৰ ক্ষেত্ৰত জাতীয় সংগ্ৰামত অংশগ্ৰহণ খুব কমেই দেখা যায় বা নাযায়েই । এইসকলক
অসমীয়াত্বত একীভূত কৰিব নোৱাৰাটো এক ৰাজনৈতিক-সামাজিক বিফলতা বুলি কবই লাগিব ।
অসমৰ শ্ৰম আৰু কৃষি ক্ষেত্ৰৰ লগতে অসমীয়া ভাষা সাহিত্যলৈ অভীবাসী মুছলমানৰ অৱদান
অনস্বীকাৰ্য যদিও বাংলাদেশৰ পৰা অহা অবাধ প্ৰব্ৰজনযে থলুৱা অসমীয়াই জাতীয়
অস্তিত্বৰ প্ৰতি ভাবুকি বুলি ভাবি আহিছে সেয়াও সত্য । ভৱিষ্যতে এওঁলোকৰ
সংখ্যাবৃদ্ধিয়ে অসমৰ ৰাজনৈতিক ক্ষমতা থলুৱা অসমীয়াৰ হাতৰ পৰা গৈ প্ৰব্ৰজনকাৰী
অভিবাসী সকলৰ হাতত কুক্ষিগত হোৱাৰ সম্ভাৱনা এক অপপ্ৰচাৰ বুলি হয়তো কব নোৱাৰি ।এই
শংকাৰ বাবেই অসমৰ বিভিন্ন জনজাতিয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্নত পৃথক ৰাজ্য বা
স্বায়ত্বশাসিত অঞ্চল বা জনজাতিকৰণৰ মাজেৰে নিজৰ অধিকাৰ ৰক্ষা কৰাৰ কথা ভাবিছে ।
শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত আৰু অসম চুক্তি মতে অসমীয়াৰ ৰক্ষা কবচৰ
বাবে চিন্তা চৰ্চা উপৰোক্ত জাতীয়তাবাদী শিবিৰৰ সফলতা বুলি কব পাৰি । অভিবাসী
মুছলমানসকলৰ দৰে চাহ জনজাতি সকলোকো অসমীয়া সত্বাত চামিল কৰাত বিফল হৈছে অসমৰ
জাতীয়তাবাদী শিবিৰ । শ্ৰমৰ অধিকাৰ , অৰ্থনৈতিক বিষয়বোৰত চিন্তা নকৰা বাবে দৰিদ্ৰ চাহ জনজাতি সকলক
জাতীয়তাবাদী শিবিৰে প্ৰভাৱিত কৰিব নোৱাৰিলে ।
অসমৰ সমাজত সংযুক্ত মুক্তি বাহিনী , অসমৰ আত্মপ্ৰকাশ এক উল্লেখযোগ্য জাতীয়
ৰাজনৈতিক পৰিঘটনা । অসমৰ সকলো জাতি জাতিসত্বাৰ সম অধিকাৰ আৰু সমমৰ্যাদা প্ৰতিষ্ঠা , বৈজ্ঞানিক সমাজবাদ আৰু
স্বাধীন সাৰ্বভৌম অসমৰ দাবীত সন্মিলিত জাতীয় মুক্তি সংগ্ৰামৰ পাতনি মেলাৰ মাজেৰে
এক দৃঢ় আৰু যুক্তিসন্মত বাখ্যা আগবঢ়াই আলফাই এক জাতীয়তাবাদী লাইনৰ জন্ম দিলে ।
এই লাইন উপৰোক্ত মহেন্দ্ৰনাথ ডেকাফুকন , সুৰেন্দ্ৰনাথ বুঢ়াগোহাই আদিয়ে সৃষ্টি কৰা জাতীয়তাবাদী লাইনৰ
পৰিক্ৰমাৰ অংশ বুলি কব পাৰি । ভাৰতৰ কেন্দ্ৰীভূত ৰাষ্ট্ৰব্যৱস্থাই সৃষ্টি কৰা
আধিপত্যবাদ,
সম্প্ৰসাৰণ
আৰু উপনিবেশবাদ আৰু বিশ্ব সাম্ৰাজ্যবাদৰ দ্বাৰা নব্য উপনিবেশবাদক অসমৰ জাতি-
জাতিসত্বাৰ সংকটৰ অন্যতম কাৰণ বুলি বাখ্যা কৰি আলফাই নিজৰ ৰাজনৈতিক লাইন তুলি ধৰে
। আলফাই আনকি বাংলাদেশী অনুপ্ৰবেশৰ লগে লগে ভাৰতীয় অনুপ্ৰবেশকো সমানেই অসমীয়াৰ
সংকটৰ কাৰণ বুলি বাখ্যা আগবঢ়ায় ।আন্তৰ্জাতিক পৰ্যায়তো অসমৰ স্বাধীনতাৰ নাৰ্যতাক
তুলি ধৰিবলৈ চেষ্টা কৰা আলফাৰ এই জাতীয় সংগ্ৰামে কেন্দ্ৰ-ৰাষ্ট্ৰক জোকাৰি যায় । ১৯৯০ চনৰ পৰাই কেইবালানি
সামৰিক অভিযান , ইউনিফাইড কমাণ্ড আদিৰ হেচাত এই জাতীয়তাবাদী মতাদৰ্শ সঠিকভাবে
সৰ্বসাধাৰণৰ মাজলৈ গৈ নোপোৱা বাবে আৰু আলফাৰ নানা ত্ৰুটি বিচ্যুতিৰ বাবে জাতীয়
ৰাজনৈতিক লাইন হিচাপে দীৰ্ঘকাল অসমৰ জনগনক প্ৰভাৱিত কৰিব নোৱাৰিলে যদিও এক চৰম
জাতীয় শক্তি হিচাপে আলফা জীয়াই থাকিল । পৰাগ কুমাৰ দাসৰ
নেতৃত্বত ১৯৯৬ চনলৈ অসমৰ আত্মনিয়ন্ত্ৰনৰ দাবীত জাতীয় ৰাজনৈতিক লাইনে প্ৰসাৰ লাভ
কৰে আৰু সংগঠিতভাবে গণজাগৰণৰো সুচনা হয় । পৰাগ কুমাৰ দাসৰ হত্যা অসমীয়া
জাতীয়তাবাদলৈ এক মোক্ষম আঘাট ৰূপে বিবেচিত হৈ ৰব । কিয়নো পৰাগ কুমাৰ দাসৰ হত্যাৰ
পিছতেই এই জাতীয়তাবাদী জাতীয় সংগ্ৰামৰ ধাৰা স্তিমিত হৈ পৰিল আৰু সঠিক নেতৃত্বৰ
অভাৱত আজিকোপতি ই মূৰ তুলি ঠিয় দিব নোৱাৰিলে । পৰাগ কুমাৰ দাসে অসমৰ জাতীয়
সংগ্ৰামৰ সহযোগী আৰু সমভাৱাপন্ন সংগঠনবোৰক একত্ৰিত কৰিছিল আনকি ভাৰতৰ অন্য ৰাজ্য
যেনে কাশ্মীৰ ,
অন্ধ্ৰপ্ৰদেশ
, পাঞ্জাৱৰ জাতীয় গণতান্ত্ৰিক
সংগঠনবোৰৰ সৈতেও মঞ্চ গঠন কৰাৰ চেষ্টা কৰিছিল । বিচ্ছিন্নতাৰ অধিকাৰৰ দাবীৰে অসমৰ
প্ৰাকৃতিক সম্পদৰ অধিকাৰ আৰু ৰাজনৈতিক আত্মনিয়ন্ত্ৰনৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ যি
ৰাজনৈতিক দাবী সেয়া অসমীয়াত্বৰ সংকট মোচনৰ অন্যতম পথ হব পাৰিলহেতেন । আনকি চাহ জনজাতি আৰু অভিবাসী মুছলমানৰ মাজতো সংগঠন সৃষ্টিৰ জড়িয়তে
পৰাগ কুমাৰ দাসে যি জাতীয় দাবী আৰু একতাৰ সুত্ৰ দাঙি ধৰিছিল সেয়া অন্যতম প্ৰগতিশীল
বুলিও বিবেচিত হৈছিল ।
আগতেই উনুকিয়াই অহা হৈছে যে , বৃটিছ কালীন অসমীয়া মধ্যশ্ৰেণীৰ শ্ৰেণী চৰিত্ৰ আৰু বৰ্ণবাদে অসমীয়া
সত্বাটোক সংকীৰ্ণ কৰি তুলিছিল যাৰ বাবে ইয়াৰ বিকাশ স্বাভাৱিক নহৈ পয়ালগা অৱস্থাৰ
মাজেৰে আগবাঢ়িছিল । অসমীয়া সত্বাটোত নিৰাপদ অনুভৱ নকৰা সকলে সেয়ে নিজৰ গোষ্ঠীজ
চেতনাৰ বিকাশ ঘটাই গোষ্ঠীজ জাতীয়তাবাদৰ বিকাশ ঘটায় । এইসকলৰ মাজতে দেখা যায় ভাৰতৰ
সংবিধান প্ৰদত্ত বিভিন্ন অধিকাৰ আৰু সা সুবিধা প্ৰাপ্তিৰ আকাংক্ষাৰে পৃথকতাবাদী
চিন্তা । সংকীৰ্ণ ৰাজনৈতিক ক্ষমতা হাচিল কৰাৰ উদ্দেশ্যে এইচামে জনজাতিসকলৰ চেতনাক
ব্যৱহাৰ কৰি পিছত চূঢান্তভাবে পদদলিত কৰা দেখা যায় । সাধাৰণ জনগনৰ মাজত যি সামাজিক
আদান প্ৰদান তাক এইবোৰ সংকীৰ্ণতাই বা গোষ্ঠীজ চেতনাই কেতিয়াবা ব্যাহত কৰিলেও ই
দীৰ্ঘস্থায়ী নহ’ল । তথাপি তেওঁলোকৰ
মাজত থকা অসমীয়্ত্বক শুকাই পেলোৱাত এই গোষ্ঠীজ ৰাজনীতিয়ে সহায় কৰিলে । অৱশ্যে ই এক
ইতিবাচক দিশ হিচাপেও পৰিগণিত হল কিয়নো অসমৰ সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিক যে
শ্ৰদ্ধা কৰাৰ প্ৰয়োজন সেই কথা থলুৱা অসমীয়াই পলমকৈ হলেও অনুভৱ কৰিবলৈ সক্ষম হ’ল ।
হিন্দী সম্প্ৰসাৰণে অসমীয়াত্বৰ ওপৰত মোক্ষম আঘাত কৰাই নহয় , ই উমৈহতীয়া সংযোগী
ভাষা অসমীয়াক ধ্বংস কৰি তাৰ ঠাইত হিন্দী ভাষাক প্ৰতিষ্ঠা কৰিলে । ইয়াৰ প্ৰভাৱ
সুদূৰপ্ৰসাৰী হ’ল । অসমৰ ৰাজনৈতিক ভূখণ্ডৰ ভিতৰৰ বা বাহিৰৰো
পৰ্বতীয়া জনজাতিসকলৰ মাজত অসমীয়া ভাষা আৰু উমৈহতীয়া সত্বাটোৰ প্ৰতি যি সামান্য
আন্তৰিক অৱশিষ্ট ৰৈ গৈছিল তাক হিন্দী সম্প্ৰসাৰণে মষিমূৰ কৰি ভাৰতীয় ৰাষ্ট্ৰবাদী
সত্বাক বিকাশ কৰিলে । ই ৰাষ্ট্ৰৰ অন্যতম কৌশল হিচাপে সফল হ’ল । ভাষিক জাতীয়তাবোধৰ বাবে দেশৰ ৰাজনৈতিক সীমা মুখ্য নহয় । ৰবীন্দ্ৰ
জয়ন্তী , নজৰুল জয়ন্তী আদিৰ
সময়ত পশ্চিম আৰু পূৰ্ববংগৰ মাজত ৰাজনৈতিক সীমা বঙালী জাতীয়তাবোধে নোহোৱা কৰি পেলায়
। আজিৰ তাৰিখতো দুই দেশৰ বঙালীসকল একলগ হোৱাৰ চিন্তা পুহি ৰাখিছে । বৰ্তমান
লোকপিয়লত অসমীয়া বুলি পৰিচয় দিয়া অসমৰ পূৰ্ববংগীয় লোকসকৰ মাজত ভৱিষ্যতে এই
বঙালী ভাষিক জাতীয়তাবোধৰ বিকাশ হোৱাৰ সম্ভাৱনাও নথকা নহয় । এনে হ’লে তেওলোকৰ কি লাভ হব নাজানো কিন্তু বৃহত্তৰ অসমীয়া সত্বাটো
ৰাজনৈতিকভাবে দুৰ্বল হব সেয়া নিশ্চিত । অসমৰ সচেতন জাতীয়ভাৱাপন্ন দল সংগঠন আৰু
ব্যক্তিসকলে আবেগ পৰিহাৰ কৰি অধ্যয়ন- যুক্তি আৰু বিচক্ষণতাৰে তেওলোকক অসমীয়া
জাতীয়তাৰ সৈতে সংপৃক্ত কৰাৰ বাবে কাৰ্যসুচী থাকিব লাগিব । ছহিদ পৰাগ কুমাৰ দাসে
সেয়া দেখুৱাই থৈ গৈছে । অন্যথা শত্ৰুপক্ষই
তেওলোকক হাইজেক কৰিব আৰু অসমীয়াত্বৰ ক্ষেত্ৰত যি সংখ্যাগত ৰাজনৈতিক সামাজিক বিষয়
থাকিব সেয়া তাৰ দ্বাৰা ক্ষতিগ্ৰস্থ হব । অসমৰ খিলঞ্জীয়া জনগোষ্ঠীবোৰৰ জনজাতিকৰণৰ
সলনি খিলঞ্জীয়াৰ সংৰক্ষণ বিষয়টোক নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ সৈতে সাঙুৰি অসমৰ সমাজখনক
পুনৰ এক সংঘাতলৈ ঠেলি দিয়া ৰাষ্ট্ৰৰেই এক চক্ৰান্ত । ইয়াৰদ্বাৰা লাভৱান হব মাত্ৰ
দিল্লীবাদী শাসক শ্ৰেণী । জাতীয় ৰাজনৈতিক অধিকাৰ, সম্পদৰ ওপৰত অধিকাৰ প্ৰতিষ্ঠাৰ
বাবে কি গণতান্ত্ৰিক কাৰ্যসুচী হব তাৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰিছে ভবিষ্যতৰ
অসমীয়াৰ ৰাজনৈতিক সামাজিক অস্তিত্ব । অসমীয়া জাতিৰ অধিকাৰ সুৰক্ষাৰ প্ৰশ্নত ৰাষ্ট্ৰৰ সৈতে সংঘাত অনিবাৰ্য
। সমাজবিজ্ঞানী সকলেও কৈছে যে কেন্দ্ৰীভূত শোষক ৰাষ্ট্ৰৰ হাতত ক্ষূদ্ৰ জাতি অৱদমিত
হয় । সেই জাতিসমূহৰ প্ৰকৃত ৰাজনৈতিক মুক্তি অবিহনে বিশ্বত টিকি থকা অসম্ভৱ ।
বিশ্ব সা্ম্ৰাজ্যবাদৰ সৃষ্ট গোলকীয়কৰণে সমগ্ৰ বিশ্বৰেই সৰু সুৰা জাতি
জনগোষ্ঠীবোৰৰ স্বকীয়তা , ভাষিক-সাংস্কৃতিক অস্তিত্বৰ প্ৰতি ভাবুকি হিচাপে চিহ্নিত হৈছে । ইয়াৰ
প্ৰসাৰৰ বাবেই নিত্য নতুন ভাবধাৰাৰ আবিষ্কাৰ কৰা হৈছে , নতুন নতুন দৰ্শন
কেতবোৰেৰে এক বৌদ্ধিক সাংস্কৃতিক সাম্ৰাজ্যবাদৰ সৃষ্টি কৰা হৈছে । যিবোৰৰ একমাত্ৰ
উদ্দেশ্য সাম্ৰাজ্যবাদৰ স্বাৰ্থৰক্ষা কৰা আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি
জাতিসত্বাবোৰৰ জাতীয় মুক্তি সংগ্ৰাম আৰু জাতীয়তাবোধৰ আদৰ্শক মষিমূৰ কৰা । দেখাত
কেতিয়াবা প্ৰগতিশীল যেন লাগিলেও এইবোৰ ভাবধাৰা সাম্ৰাজ্যবাদ বিৰোধী সংগ্ৰাম,
নিৰ্যাতিত জাতিৰ জাতীয়তাবাদ আৰু জাতীয় মুক্তি সংগ্ৰামক বিভক্ত , বিভ্ৰান্ত কৰাৰ বাবেহে
সৃষ্ট । হিন্দী সম্প্ৰসাৰণৰ লগে লগে এই গোলকীয় বৌদ্ধিক সংস্কৃতিৰ আগ্ৰাসন অসমীয়া
সত্বাটোৰ বাবে অতি বিপদজ্জনক । ইংৰাজী মাধ্যমৰ প্ৰসাৰ আৰু কৰ্পোৰেট ভাষাই এনেকৈ
অসমৰ মধ্যশ্ৰেণীৰ সমাজখনক প্ৰভাৱিত কৰিছে যে ইয়াৰ ফলত অসমীয়াত্ব কৰবাত হেৰাই যোৱাৰ
উপক্ৰম হৈছে ।
অসমীয়া সমাজখনেই হ’ল কৃষিভিত্তিক । এই
কৃষি অৰ্থনীতিৰ মাজেৰেই বিকাশ লাভ কৰিছে অসমীয়া সংস্কৃতি আৰু সামাজিক মূল্যবোধ ।
কিন্তু কৃষি অৰ্থনীতিক বিকাশ হবলৈ নিদিয়া বাবে কৃষিৰ ক্ষেত্ৰটো পৰমুখাপেক্ষী হৈ
পৰিছে অসমীয়া । প্ৰকৃততে এটা জাতিৰ জাতীয় চেতনাক ধ্বংস কৰিবলৈ তাৰ জাতীয় অৰ্থনীতিক
ভাঙি দি বহিৰাগতৰ অৰ্থনীতি প্ৰতিষ্ঠা কৰা বৃটিছৰো কৌশল আছিল । সেই একেই কৌশল একেই
ব্যৱস্থাৰেই আগবাঢ়িছে কেন্দ্ৰ-ৰাজ্য চৰকাৰ । ব্যক্তিগতকৰণ আৰু
কৰ্পোৰেট প্ৰধান অৰ্থনীতি ব্যৱস্থাত জাতীয় সংস্কৃতিৰ নিস্তাৰ নাই । সমবায়ভিত্তিক
কৃষি পাম আদিৰ মাধ্যমত জাতীয় অৰ্থনীতিৰ বিকাশ নহ’লে জাতীয় সংস্কৃতি কৰ্পোৰেটকৰণৰ পৰা মুক্ত নহব । তাৰবাবে অসমীয়াৰ হাতত ৰাজনৈতিক
আত্মনিৰ্ধাৰণৰ অধিকাৰ ,সম্পদৰ অধিকাৰ প্ৰতিষ্ঠাৰ মাধ্যমত ৰাজনৈতিক-অৰ্থনৈতিক আমোল
পৰিৱৰ্তনৰ দৰকাৰ ।
শেহতীয়াকৈ অসমীয়াত্বৰ ওপৰত মোক্ষম আঘাট পৰিছে ধৰ্মীয় মেৰুকৰণ আৰু
সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰভাৱৰ পৰা । ইয়াৰ বিৰূদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ লগতে এক
শৈক্ষিক-সাংস্কৃতিক আন্দোলনৰ অতি জৰুৰি হৈ পৰিছে । পৰাগ কুমাৰ দাসে জাতীয়
বিদ্যালয়ৰ মাজেৰে এক জাতীয় শিক্ষাৰ আন্দোলন গঢ় দিয়াৰ চেষ্টা কৰিছিল । ই এক সফল
অনুস্থান আছিল যদিও কালক্ৰমত ইয়াৰ মুল উদ্দেশ্য স্তিমিত হৈ পৰিল আৰু জাতীয়
বিদ্যালয়বোৰ কেৱল ব্যক্তিগত শিক্ষা প্ৰতিস্থান হৈ পৰা দেখা গ’ল । সৰ্বশিক্ষাৰ কিতাপেৰে জাতীয় বিদ্যালয়ৰ পাঠদান চলি থকা দেখা গল
বহু ঠাইত । অসমীয়া জাতিৰ ইতিহাস নাজানিলে জাতীয়তাবোধ আহিব কৰ পৰা । ইতিহাস চৰ্চা
আৰু জাতীয় শিক্ষাৰ দ্বাৰা অসমীয়াত্বৰ সংকট বহু পৰিমানে হ্ৰাস কৰিব পৰা যাব যেন
অনুমান হয় ।
অসমত জাতীয়তাবোধ জীয়াই আছে সৰ্বসাধাৰণ জনগনৰ প্ৰয়োজনত । এই প্ৰয়োজনেই
ইয়াক আবেগ আৰু জাতীয় আকাংক্ষাৰ ৰূপ দিছে । এই আবেগ , প্ৰয়োজন আৰু জাতীয় আকাংক্ষাক নেতৃত্ব দিয়াৰ
বাবে এক নিস্বাৰ্থ, উতসৰ্গিত জাতীয়তাবাদী শক্তিৰ অতীব প্ৰয়োজন । যি জাতীয়তাবাদ হব লাগিব
জাতিৰ ৰাজনৈতিক -অৰ্থনৈতিক মুক্তিৰ , জাতি এটা জীয়াই থাকিবলৈ তাৰ প্ৰয়োজনীয় কাৰকবোৰ অনুধাবন কৰি ৰাজনৈতিক
নেতৃত্ব দিব নোৱাৰিলে অসমীয়াত্বৰ বিপদ অনিবাৰ্য । অসমৰ জাতীয়তাবাদী শিবিৰবোৰ
একত্ৰিতহৈ এই মতাদৰ্শৰে আগবাঢ়িব নোৱাৰিলে ই কেৱল এক ট্ৰেজেডীহৈ ৰৈ যাব ।
অসমৰ
সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰত নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী
(অসম) অৰ্থাত আলফাই ঐক্যবদ্ধ জাতীয় মুক্তি সংগ্ৰামৰ দৃষ্টিভংগীৰে বিগত কেইবাটাও
দশক কেন্দ্ৰীভুত ভাৰত ৰাষ্ট্ৰৰ বিৰূদ্ধে এক চৰম ৰাজনৈতিক শক্তি হিচাপে সমগ্ৰ
দক্ষিণ-পূৱ এচিয়াতে পৰিচিত হৈ আহিছে । বিগত কালত আলফাৰ সাংগঠনিকভাবে
শক্তিশালী অৱস্থান পিছলৈ দুৰ্বল পৰা যেন হলেও আলফাৰ দ্বাৰা উত্থাপিত দাবী অসমৰ
সামাজিক- ৰাজনৈতিৰ প্ৰেক্ষাপটত অপ্ৰাসংগিক হৈ যোৱা বুলি কলে সত্যৰ অপলাপ হব । উপৰ্যুপৰি
বহিৰাগত আগ্ৰাসন আৰু ৰাষ্ট্ৰৰ নিৰ্যাতনে অসমৰ জনগনৰ মনত আলফাৰ দাবীৰ নাৰ্যতা
পৰোক্ষভাবে হলেওঁ জীয়াই ৰাখিছে ।
আলফাৰ
শেহতীয়া কৰ্ম কাণ্ডৰ প্ৰতি সাধাৰণ জনগন নিৰুতসাহ বা হতাশ হোৱা দৃষ্টিগোচৰ হয় যদিও
ভাৰত ৰাষ্ট্ৰৰ চৰিত্ৰই আলফাক পুনৰ আগৰ পৰ্যায়লৈ লৈ গ’লেও
একো আচৰিত হব লগা নাই । তেনে এক পৰিস্থিতিৰ উদ্ভৱ হ’লে দায়ী হব কেবল ৰাষ্ট্ৰ ।
ৰাষ্ট্ৰৰ চল চাতুৰীতে হওঁক বা অন্য কাৰণতেই হওঁক আলফাৰ এটা অংশক ৰাজনৈতিক আলোচনাৰ
বাবে মুলসুতিলৈ অনাৰ নামত জাতীয় অভিৱৰ্তনৰ মাজেৰে দাবী চনদ প্ৰস্তুত কৰা হ’ল । স্বাধীন অসমৰ দাবীক কৌশলেৰে একাশৰীয়া কৰি আলফাৰ
মাজত বিভাজন অনা বুলি এটা অভিযোগো সেইসময়ত সৰ্বস্তৰতে ওলাইছিল । জনগনৰ মনত তেনে এখ ধাৰণাৰ উদ্ভৱ হোৱাৰ কাৰণ হ’ল সেই একেই কাম ১৯৯২ চনত হিতেশ্বৰ শইকীয়া
নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কৰিছিল । তেতিয়াও একাংশক আলোচনাৰ নামত
আত্মসমৰ্পন কৰোৱাই সোনৰ কলম উপহাৰ দি মুলসুতিলৈ অনা হৈছিল ঠিকেই কিন্তু যি
ঐতিহাসিক কাৰণবোৰৰ বাবে আলফাৰ নিচিনা সংগঠনৰ জন্ম হ’ল সেইবোৰক সমাধান কৰা আগ্ৰহ
চৰকাৰৰ কেতিয়াও নহ’ল । চৰকাৰে কেবল সামৰিক হেচা , বিভাজনৰ চক্ৰান্ত আৰু মনস্তাত্বিক
যুদ্ধৰ কৌশলেৰে আলফাক জনগনৰ পৰা বিচ্ছিন্ন কৰি সন্ত্ৰাসবাদীৰ শাৰীতহে উপনীত কৰোৱাৰ
উদ্দেশ্যত ব্ৰতী হ’ল । ইয়াৰ ফলশ্ৰুতিত আত্মসমৰ্পন
কাৰী সৃষ্টি,
আলোচনাপন্থী সৃষ্টি হ’ল
আৰু আলফাই উত্থাপন কৰা দাবীৰ সমান্তৰালকৈ এক অহিংস গণতান্ত্ৰিক আন্দোলন গঢ়ি নুঠা
বাবে মনস্তাত্বিক প্ৰচাৰত জনবিচ্ছিন্নহৈ চৰকাৰৰ আঙুলীৰ ঠাৰত উঠা বহা কৰিবলৈ বাধ্য
হৈ পৰিল । এইদৰে আলোচনাৰ নামত বছৰৰ পিছত বছৰ নজৰবন্দী কৰি গণবিচ্চিন্ন কৰি থৈ
একাংশ আলফাৰ নেতা-কৰ্মীক অপ্ৰাসংগিক কৰি তোলাৰ চক্ৰান্তহে দেখা গ’ল
।
শেহতীয়াকৈ
বিজেপি চৰকাৰখনেও একে ধৰণৰ কূটনীতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । আলোচনাৰ মানত এটা
অংশক বছৰ বছৰ অপেক্ষা কৰোৱাই অপ্ৰাসংগিক কৰি তোলাৰ লগে লগে পৰেশ বৰুৱা নেতৃত্বাধীন
গোটে নতুন নতুন যুৱকক সদস্য ভৰ্তি কৰি প্ৰশিক্ষণ প্ৰদান কৰাৰ খবৰ বাতৰি কাকতত
প্ৰচাৰ হৈছে । ১৯৯২ চনত
হিতেশ্বৰ শইকীয়াই যেতিয়া আলফাক দুভাগ কৰি আত্মসমৰ্পনৰ জোৱাৰ সৃষ্টি কৰিছিল তেতিয়া
বহুতে ভাবিছিল যে আলফা ধ্বংস হৈ গল , একেধৰণেই
২০০৩ চনৰ ডিচেম্বৰ মাহত ভূটান শিবিৰ আক্ৰমন কৰি আলফা নেতা কৰ্মীক গ্ৰেপ্তাৰ
আত্মসমৰ্পন কৰোৱাই তেনে এটা ধাৰণাৰ সৃষ্টি কৰিব বিচৰা হৈছিল । একেধৰণেই আলফাৰ এটা
গোটে আলোচনাত অহাৰ লগে লগে আলফা শক্তিহীন আৰু অপ্ৰাসংগিক কৰি তোলা বুলি এক ধাৰণা
প্ৰচাৰ কৰা হৈছে । প্ৰচাৰ মাধ্যমৰ লগতে অসমৰ বুদ্ধিজীৱী সকলেও জাতীয় অভিৱৰ্তন
পাতিয়েই দায়িত্ব সামৰা যেন অনুভৱ হয়। কিন্তু এনে ধৰণৰ কথাবোৰেৰে প্ৰকৃতাৰ্থত অসমৰ
জনগনৰ আশা আকাংক্ষা পুৰণ হব জানো ? ইতিহাসে কিন্তু অন্য কথাহে কয় । ৰাষ্ট্ৰ যিমানেই শক্তিশালী আৰু কেন্দ্ৰীভূত হব তাৰ বিপৰীতে
সেই ৰাষ্ট্ৰৰ বিৰূদ্ধে ক্ষুদ্ৰ জাতি-জাতিসত্বাবোৰৰ
শংকা সিমানেই বাঢ়িব আৰু সমান্তৰালভাবে শক্তিশালী হব জাতীয় মুক্তি সংগ্ৰামৰ ধাৰা । মিজো
বিদ্ৰোহ,
নগা বিদ্ৰোহৰ পৰা আৰম্ভ কৰি সমগ্ৰ উত্তৰ পূবৰ এই বিদ্ৰোহী সমস্যা সেই জাতীয় মুক্তি
সংগ্ৰামৰেই এক বিক্ষুব্ধ ধাৰা । ৰাজনৈতিক সমস্যা এটা ৰাজনৈতিকভাবে সমাধান নকৰি
কেবল আইন শৃংখলা জনিত সমস্যা বুলি ধৰি লোৱা মানেই হ’ল অগ্নিগৰ্ভা সময়ক হাত বাউল দি
মাতা
।
বিজেপি
চৰকাৰখনে সদ্যহতে এক আবেগিক ভাবধাৰা বা চমক সৃষ্টিৰে ৰাষ্ট্ৰবাদ শক্তিশালী কৰিবলৈ
আগবাঢ়িছে । দেখাত এই ঢৌত আলফাসহ বাকী সকলো বিষয় তল পৰি যোৱা যেন লাগিলেও
প্ৰকৃতাৰ্থত তেনে কেতিয়াওঁ নহয় । চৰকাৰখনেও সেই কথা ঠিকেই অনুমান কৰিছে । সেয়ে
শেহতীয়াকৈ মোডীৰ বাৰ্মা যাত্ৰাত বিদ্ৰোহীৰ বিৰূদ্ধে যৌথ অভিযান , মেক ইষ্ট পলিচীৰে বাৰ্মালৈকে বাট
মুকলি কৰাৰ আচনি, দক্ষিন
পূব এচিছাৰ কেতবোৰ সংগঠনেৰে সৈতে কুটনৈতিক বুজাপৰা , আলফাৰ ইষ্টাৰ্ণ নগালেণ্ডত শতাধিক
নতুন কেডাৰৰ প্ৰশিক্ষণ ,আলফাৰ
দাবীক ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক মঞ্চত প্ৰতিষ্ঠা কৰিবলৈ তাহানিৰ পৰা লাগি থকা
প্ৰবাসী অসমীয়া আলফাৰ সভাপতি হিচাপে নিযুক্ত , চীনৰ
সৈতে ভাৰতৰ সংঘাতৰ বিপৰীতে পৰেশ বৰুৱা চীনত আশ্ৰয় লোৱাৰ খবৰবোৰে অন্য এখন ছৱিহে
প্ৰকাশ কৰে ।
চৰকাৰে
জনবিৰোধী আচনিবোৰ সফল কৰিবলৈ যিমানেই আগবাঢ়িব
সিমানেই জনগনৰ সৈতে প্ৰত্যক্ষ সংঘাত নিশ্চিত । এই সংঘাতেই কেবল পৰেশ বৰুৱা
নেতৃত্বাধীন আলফাকে পুনৰ সংগঠিত নকৰে , সকলো
গণতান্ত্ৰিক আৰু জাতীয়তাবাদী শক্তিবোৰকো সংগঠিত কৰিব সেয়া নিশ্চিত । সেই কথা
চৰকাৰেও ভালদৰেই জানে , যাৰ
কাৰণে সকলো ধৰণৰ চৰকাৰ বিৰোধী সংগঠনকে ভাবুকিৰে স্তব্ধ কৰি দিবলৈ তৃনমুল পৰ্যায়ত
সংঘ বাহিনীৰ পৰিকল্পিত সংগঠন আৰম্ভ হৈছে । ৰাষ্ট্ৰবাদী চৰকাৰখনে সকলো কৰিব পাৰে ।
জনগনৰ দ্বাৰা গঠিত অগপ চৰকাৰক ১৯৯০ চনৰ ২৮ নবেম্বৰত কেবল চাহ কোম্পানীৰ স্বাৰ্থতেই
বৰ্খাস্থ কৰি অসমত ৰাষ্ট্ৰপতি শাসনৰ মাজেৰে জৰুৰিকালীন অৱস্থা ঘোষনা কৰিছিল ।
অপাৰেচন বজৰং , শ্বেৰ
ই দিল অভিযানেৰে অসমৰ জনগনৰ ওপৰত যি অমানুষিক নিৰ্যাতন চলোৱা হৈছিল সেয়া এতিয়াও
ইতিহাস হৈ যোৱা নাই । সেয়ে আলফা-চৰকাৰৰ আলোচনা কেবল চৰকাৰ বা আলফাৰ আলোচনাপন্থী
নেতৃত্বৰ ওপৰতে আশা কৰি নাথাকি জনগনেও সচেতন হবৰ হ’ল । দল নিৰ্বিশেষে
প্ৰয়োজনসাপেক্ষে ভাৰতৰ সংবিধানৰ বেচিক ষ্ট্ৰাকচাৰ পৰিৱৰ্তন সাধন কৰি হ’লেও
অসমৰ অধিকাৰ প্ৰতিষ্ঠাৰ দাবীত সোচ্চাৰ হবই লাগিব । অন্যথা শংকা কৰাৰ ধৰণেই হেজাৰ হেজাৰ ছহিদৰ
ত্যাগ অথলে যাব আৰু ইতিহাসে অসমীয়া জাতিক কেতিয়াও ক্ষমা নকৰিব ।
No comments:
Post a Comment