শালনিৰ তলত বাদুংদুপ্পাৰ সুৰ
(অণ্ডাৰ দ্যা চাল ট্ৰিৰ স্ৰষ্টা প্ৰয়াত শুক্ৰাচাৰ্য ৰাভালৈ শ্ৰদ্ধাঞ্জলি )
ৰক্তিম শৰ্মা
বাদুংদুপ্পা নামটোৰ সৈতে সংপৃক্তহৈ আছে
গোৱালপাৰাৰ স্থানীয় ৰাভা জনগোষ্ঠীৰ হাঁহি কান্দোন, উল্লাষ-বিষাদৰ সমগ্ৰ প্ৰকাশ । বিশেষভাবে চৰ্চিত নহলেও শুক্ৰচাৰ্য ৰাভাৰ ‘বাদুংদুপ্পা
কলাকেন্দ্ৰ’ নামটোৱে এক বিশেষ অৰ্থ বহন কৰে । কিংবদন্তি মতে ৰাভাসকলৰ উপাস্য দেৱতা তাকমানপ্ৰী ৰিচিয়ে এদিন মানুহৰ দুখ-দুৰ্দশা-চকুপানীৰ অন্ত পেলাবলৈ চাৰিজন দেৱ-কিন্নৰক মৰতলৈ পঠালে ।
ৰিচিৰ আদেশত অপৰূপ জ্যোতিৰে দশোদিশ আলোকিত কৰি চাৰিজন দেৱ-কিন্নৰ যথাক্ৰমে নলুৱা,
চলুৱা, হুলুংলুঙা আৰু জুলুংলুঙা মৰ্তলৈ নামি আহিল আৰু দিব্য বাদ্যযন্ত্ৰত সুৰৰ
ঝংকাৰ তুলিলে । বসন্ত ঋতুৰ মন উতলা কৰা পৰিবেশ । নিজৰাৰ পাৰত পূৰ্ণযৌৱনা লাস্যময়ী মানৱ কন্যা । ৰিচিৰ
আদেশ অমান্য কৰি মানৱ কন্যাক প্ৰেম নিবেদন কৰিবলৈ আগবাঢ়ি অহাৰ লগে লগেই
দেৱ-কিন্নৰ দেহ চাৰিজোপা বৃক্ষলৈ পৰিৱৰ্তিত হ’ল । লগে লগে তাৰ পৰা নিৰ্গত দিব্য সুৰে সৃষ্টি অচল কৰাৰ উপক্ৰম হোৱাত ৰিচিয়ে
বায়ফাং বা পুৰোহিতৰ ৰূপ ধাৰণ কৰি ৰাইজক ক’লে যে, এই চাৰিজোপা বৃক্ষই এতিয়াৰ পৰা মানুহৰ দুখ দূৰ কৰিব । ৰিচিৰ
আদেশমতে চাৰিজোপা বৃক্ষৰ পৰা চাৰিটা বাদ্যযন্ত্ৰ সাজি উলিওৱা হ’ল । নলবাঁহৰূপী
নলুৱাৰ পৰা তৈয়াৰ হ’ল কৰুণ সুৰৰ কাঢ়ানল , তাৰাইবাঁহৰূপী চলুৱাৰ পৰা উদাস সুৰৰ ছিংগা,
কাকবাঁহৰূপী হুলুংলুঙাৰ পৰা গোমোঠা সুৰৰ বাদুংদুপ্পা আৰু বিজুলীবাঁহৰূপী
জুলুংলুঙাৰ পৰা মন উতলা কৰা সুৰৰ ব্ৰাংছি । ( ৰূপৰ
খাপৰ তৰোৱাল, ৰক্তিম শৰ্মা, অৰুনোদই প্ৰকাশন, ২০১০ ইং)
বাদুংদুপ্পা নামটোৰ সৈতে গোৱালপাৰাৰ ৰামপুৰৰ সেই
নিৰ্জন শালনিৰখনৰ অভিন্ন সম্পৰ্ক । তাকমানপ্ৰী ৰিচিয়ে
কিজানি এইবাৰ মৰতলৈ পঠাইছিল শুক্ৰাচাৰ্য ৰাভাক । ৰাভা কিংবদন্তীৰ নলুৱা- চলুৱা-হুলুংলুঙা-জুলুংলুঙাই
যি উদ্দেশ্যৰে মৰ্তলৈ আহিছিল, সেই একেই উদ্দেশ্যৰেই যেন এদিন গঢ়ি উঠিল
বাদুংদুপ্পা । প্ৰতীকি অৰ্থত বাদুংদুপ্পাই যেন মানুহক সমসাময়িক আৰ্থ-ৰাজনৈতিক
ব্যৱস্থাই সৃষ্টি কৰা দুখ-দুৰ্দশা-ভোগ আৰু বৈৰাগ্যৰ পৰা ক্ষণিক পাহৰাই ৰাখিবলৈ ,
জীৱনটোক নতুন ধৰণে চাবলৈ শিকাইছিল । ৰামপুৰৰ সেই শালনিখনৰ তলত শাৰী শাৰী গাওঁলীয়া জনজাতীয় নাৰী-পুৰুষ ,
কোলাত কেচুৱালৈ ৰঙা-সেউজীয়া পাটানী পৰিহিতা ৰাভা তিৰোতা , সেউজীয়া নিৰ্জন শালনি ,
বাঁহেৰে তৈয়াৰ কৰা আসন , মঞ্চ বুলিবলৈ খেৰ বাঁহেৰে আঁৰ দিয়া বেকগ্ৰাউণ্ড । সাধাৰণ হ’লেও কলাত্মক । শালগছৰ পাতৰ ফাকেৰে নামি অহা সূৰ্যৰ কিৰণেই পোঁহৰ , মেক
আপ বুলিবলৈ নাটকৰ বিষয়বস্তুৱে দাবী কৰিলে খুব বেছি পৰম্পৰাগত মুখা, বামছি
(পৰম্পৰাগতভাবে ৰাভাসকলৰ বায়খোত ব্যৱহৃত গাত সানি লোৱা পিঠাগুড়ি)। বাদ্যযন্দ্ৰ বুলিবলৈকো সৰহভাগ পৰম্পৰাগত বাদ্যযন্দ্ৰই । নিৰ্জন শালনিৰ
নিৰৱতা ভাঙি বাদ্যযন্দ্ৰৰ ঝংকাৰেৰে যেন দৰ্শকক হিপনোটাইজ কৰি তোলে । কাৰো মুখত মাত নাই, হাউ উৰুমি নাই । আচৰিত কথা,
কেচুৱাৰ কান্দোনৰ শব্দও ভাহি অহা নাই যিয়ে ক্ষণিকৰ বাবে হলেও ৰসভংগ কৰিব পাৰে । নাটক নিৰ্দিষ্ট সময়তেই আৰম্ভ হৈছে, এক মিনিটো হেৰফেৰ নাই । শাৰি পাতি মানুহবোৰ আহিছে, নাটৰ দৰ্শনী শেষ কৰি
পুনৰ শাৰী পাতি ওলাই গৈছে । নাটক নহয়, কিবা যেন এক মায়াবী শক্তি ! চৌদিশে যেন কেনভাছত আঁকি থোৱা একো একোখন চিত্ৰ । গাঁৱৰ
সাধাৰণ খাটি খোৱা মানুহো ইমান সুশৃংখলিত আৰু চিৰিয়াছ দৰ্শক হব পাৰে সেয়া সপোনতো
ভাবিব নোৱাৰি । মন্ত্ৰমুগ্ধৰ দৰে নাট চাবলৈ মানুহবোৰ আহিছে, গৈছে । নাটকৰ মাজত
নিজৰ জীৱনটোক বিচাৰি পাইছে । মানুহবোৰে নিৰৱে হাঁহিছে-নিৰৱে কান্দিছে ।
বাদুদুপ্পাৰ হোষ্টেলটোও যেন কোনোবা তপস্বীৰ
আশ্ৰমহে । আদিতে আবাসীৰ বাবে তৰ্জাবাঁহৰ দুটা জুপুৰী, এটা কাৰ্যালয় আৰু সমূখত
নাটঘৰ । অতি সাধাৰণ থকা-খোৱাৰ ব্যৱস্থা । কেতিয়াবা দেখা গৈছে কোনো বিদেশীনী নৃত্য পটীয়সীয়ে সৰু সৰু লৰা-ছোৱালীবোৰৰ সৈতে
নাটৰ আখৰাত ব্যস্ত , কেতিয়াবা কোনো উচ্ছাসী সাংস্কৃতিক কৰ্মী, গৱেষিকা ছাত্ৰীৰ
বাদুদুপ্পাৰ নাট্য কৰ্মী সকলৰ সৈতে শৰীৰীক অনুশীলন । তেওঁলোক হব পাৰে নাডাৰলেণ্ডৰ অথবা বলিভীয়াৰ । হব পাৰে শিৱসাগৰ অথবা
কেৰেলাৰ । দুপৰীয়া এখন তৰকাৰিৰে উখোৱা
চাউলৰ ভাত । আজৰি পৰত ৰঙা চাহৰ সৈতে দুখন
ব্ৰিটেনিয়া বিস্কুট । তথাপি কাৰো একো আপত্তি নাই । সকলো সময়তেই নাট চৰ্চা । যেন জীৱনটো সপি দিছে
নাটকৰ নামত ।
এই সকলোৰে আঁৰৰ ব্যক্তিজন আছিল সংগীত-নাটক
একাডেমী বটা প্ৰাপ্ত গোৱালপাৰাৰ ৰামপুৰ গাওঁৰ প্ৰয়াত শুক্ৰচাৰ্য ৰাভা । শেহতীয়াকৈ বিশ্বৰ
বিভিন্ন প্ৰান্তৰ সচেতন সাংস্কৃতিক কৰ্মী আৰু গৱেষকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু
হৈ পৰিছিল আণ্ডাৰ দ্যা শাল ট্ৰিৰ নাট মহোত্সৱ । শুক্ৰাচাৰ্য ৰাভাই সাধাৰণ জনজাতি মানুহৰ জীৱন,
সুখ-দুখ উল্লাস-বিষাদৰ সৈতে কেনেদৰে একাত্ম হৈ পৰিছিল সেয়া তেখেতে ৰচনা আৰু
পৰিচালনা কৰা নাট যেনে, ত’পায়ডম, দোমুকচি আদি চালেই
অনুমান কৰিব পাৰি । কেইবাখনো নাট ৰচনা কৰাৰ উপৰিও ভিন্ন ভাষাৰ কেইবাখনো নাট ৰাভাই
অনুবাদ কৰি পৰিচালনা কৰিছে ।
কলেজীয়া জীৱনৰ পৰাই নাটক প্ৰেমত পৰা শুক্ৰাচাৰ্য
ৰাভাই স্থানীয় নাট্যপ্ৰেমী লোকসকলৰ সহযোগত ১৯৯৮ চনতেই ৰামপুৰ গাওঁত নিজ পিতৃৰ পাঁচবিঘামান
মাটিত গঢ়ি তুলিছিল বাদুংদুপ্পা কলাকেন্দ্ৰ । তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ
ৰচিত ৰূপালীম নাটখন ৰাভা ভাষাত মঞ্চস্থ কৰি চৰ্চালৈ আহিছিল শুক্ৰচাৰ্য ৰাভা । তাৰ
পিছত আৰু থমকি ৰব লগা হোৱা নাই । নেশ্যনেল স্কুল অৱ ড্ৰামাৰ থিয়েটাৰ কৰ্মশালাসমূহত
অংশগ্ৰহণ কৰাৰ পিছত মণিপুৰৰ বিখ্যাত নাট্য বিশাৰদ কালহাইলালৰ তত্বাবধানত তেখেতৰ থিয়েটাৰ-শৈলী
আয়ত্ব কৰি আহি গোৱালপাৰাৰ নিজ গাঁৱতেই ২৫ জনমান গাৱৰেই যুৱক-যুৱতী গোটাইলৈ আৰম্ভ
কৰে আণ্ডাৰ দ্যা চাল ট্ৰীৰ নাট্য পৰিক্ৰমা । উদ্দেশ্য হ’ল সৰ্বক্ষণ নাট্য
কৰ্মী হিচাপে যুৱক-যুৱতী সকলক প্ৰস্তুত কৰি তোলা । তেনেদৰেই নাট হৈ পৰিল শুক্ৰচাৰ্য
ৰাভা আৰু সংগীসকলৰ জীৱন ধাৰণৰ শৈলী । নাট্য কৰ্মীসকলৰ কাৰণে শুক্ৰাচাৰ্য ৰাভাৰ নিজ
মাটিতেই নিজ খৰচতেই আবাস নিৰ্মান হ’ল । স্থানীয় শুভাকাংক্ষীসকলেও সহযোগিতা কৰিলে ।
শুক্ৰচাৰ্য ৰাভাৰ এই চিন্তা আৰু প্ৰচেষ্টা
নিসন্দেহে প্ৰগতিশীল আছিল । নাটকক সাধাৰণৰ মানুহৰ জীৱন-কৃষ্টিৰ সৈতে একীভূত কৰা , নাটকক সাধাৰণ
মানুহৰ মাজলৈ লৈ যোৱা , তেওঁলোকৰ আশা-আকাংক্ষা, সামাজিক-সাংস্কৃতিকবোধ আৰু
অনুভুতিবোৰক নাটকৰ জৰিয়তে বিশ্বৰ আগত পৰিচয় কৰাই দিয়া এইবোৰ প্ৰগতিশীল চিন্তাৰেই
বাস্তৱ ৰূপায়ন আছিল । তেও সেয়ে কেতিয়াও বাদুংদুপ্পাৰ সস্তীয়া প্ৰচাৰ
বিচৰা নাছিল । শুক্ৰচাৰ্য ৰাভাৰ নাটকৰ উল্লেখযোগ্য দিশটোৱেই আছিল এমেছাৰ নাটকৰ
গতানুগতিক ফৰ্মৰ পৰা আঁতৰি আহি বিশেষ কনটেন্টবোৰক নিজস্ব এক ফৰ্মেৰে উপস্থাপন কৰা
। বহুতে ফিজিকেল থিয়েটাৰ বুলি কব খুজিলেও শুক্ৰচাৰ্য ৰাভাৰ মতে তেওঁৰ ফৰ্ম সম্পূৰ্ণ
অগতানুগতিক । ‘পলিটিকেল মেচেজ’ থকা যেন লগা বিষয় একো একোটা অতি সাবলীলভাবে , কনটেন্ট আৰু প্ৰতীকৰ
উপযুক্ত ব্যৱহাৰেৰে কলাত্মকভাবে উপস্থাপন নিসন্দেহে এক বিশ্বমানৰ নাট্য-নিৰ্মান । প্ৰকৃতি আৰু জনজাতিৰ সম্পৰ্ক
উপস্থাপন আৰু সমকালীন সময়ত জনজাতীয় মানুহৰ ভিন্ন উপলব্ধি আৰু অনুভুতিবোৰক সম্পূৰ্ণ
প্ৰাকৃতিক পৰিবেশত আৰু শৰীৰী ভাষাত উপস্থাপনে শুক্ৰাচাৰ্য ৰাভাৰ নাটকক এক নতুন
মাত্ৰা প্ৰদান কৰিছে । পুৰণি চিন্তা চেতনা আৰু প্ৰচলিত নাট্যধাৰাক ভাঙি নতুন
চিন্তাৰে সমাজ-সংস্কৃতিক আলোকিত কৰাৰ দুৰ্বাৰ সাহস শুক্ৰচাৰ্য ৰাভাৰ । শুক্ৰচাৰ্যৰ গুৰু কানহাইলালৰ মতে যি আছিল ‘থিয়েটাৰ অৱ আৰ্থ’ । গুৰু কানহাইলালৰ দ্বাৰা অনুপ্ৰানিত হোৱা শুক্ৰচাৰ্যই কৈছিল, “ নাটকৰ কোনো ভাষা
নাই । ই সাৰ্বজনীন “। গোষ্ঠীজ চেতনাৰ পৰা
আন্তৰ্জাতিক চেতনাবোধলৈ উত্তৰণ শুক্ৰাচাৰ্য ৰাভাৰ নাট শৈলীৰ অন্যতম বিশেষত্ব । এই
চেতনাবোধে ৰাভাক নিজৰ জীৱনতো প্ৰভাৱ পেলাইছিল । সেয়ে ৰাভা ছাত্ৰ সন্থাৰ দায়িত্ব
এৰি তেখেতে মন দিছিল নাটকত । তেও সপোন দেখিছিল, ৰামপুৰৰ দৰে আওহতীয়া গাৱতেই
কেন্দ্ৰিভূত হওক বৰ অসমৰ সাংস্কৃতিক সত্ত্বা । মানুহ চহৰলৈ নহয়, ৰামপুৰৰ দৰে গাৱলৈ
আহক সংস্কৃতিৰ সাধনা কৰিবলৈ । এই উদ্দেশ্য বহুক্ষেত্ৰত সফল হৈছিল শুক্ৰচাৰ্য ৰাভাৰ
।
শুক্ৰাচাৰ্য ৰাভাৰ পৰা পাবলৈ বহুত থাকি গ’ল । উত্সৰ্গিত
জীৱনবোধ অবিহনে এয়া মুঠেও সম্ভৱ নহয় । তথাপি বাদুংদুপ্পাৰ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক
নাট্য মহোত্সৱৰ মাথো ছবছৰীয়া পৰিক্ৰমাত তেখেতে যি দি থৈ গ’ল সেয়া কল্পনাতীত ।
২০০৯-১১ চনত নাডাৰলেণ্ডৰ থিয়েটাৰ এম্বেছীৰ কৰ্ডিনেটৰ , ২০০৯ চনত সংগীত নাট
একাডেমীৰ ওস্তাড বিছমিল্লা খাঁ যুঁৱ বটা ,২০১০ চনত সংগীত কলা কেন্দ্ৰ, মুম্বাইৰ
আদিত্য বিক্ৰম বিৰলা কলা কিৰণ পুৰস্কাৰ, আছুৰ দ্বাৰা প্ৰতীমা পাণ্ডে বৰুৱা বটা,
অসম নাট্য সন্মিলনীৰদ্বাৰা মহেন্দ্ৰ বৰঠাকুৰ বটা, ২০১২-১৩ৰ দোৰাৱজী টাটা ফেল’শ্বীপ , লণ্ডন ,
জাৰ্মানী আদিত অনুষ্ঠিত আন্তৰ্জাতিক থিয়েটাৰ মহোত্সৱত আমন্ত্ৰণপ্ৰাপ্ত , শংকৰদেৱ
কলাকেন্দ্ৰৰ সাধাৰণ সদস্য , বিহাৰৰ পৰা পাটলিপুত্ৰ বটা আদি দুকুৰি বছৰ বয়সতেই
অসংখ্য সন্মানপ্ৰাপ্তি শুক্ৰচাৰ্য ৰাভাৰ । শুক্ৰচাৰ্য ৰাভাৰ
অকাল বিয়োগ মাথো অসমৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ প্ৰগতিশীল সাংস্কৃতিক ক্ষেত্ৰখনৰ
বাবে অপুৰণীয় ক্ষতি ।
***কৃতজ্ঞতা-শ্ৰী ৰাহুল দেৱ নাথ, আগিয়া , ৰাজেন
ৰাভা সম্পাদিত ‘ৰাভা জনজাতি’ (১৯৭৪)
No comments:
Post a Comment