Saturday, 2 November 2019

মানাহ

তই বুকুত সাবটি শুই থকা মানুহবোৰ আৰু নাই
একো একোটা কৱন্ধই এতিয়া মহানগৰীত ঘূৰি ফুৰে
বিলাসী ৰাতি
বিলাসী গাড়ী
বিলাসী মদিৰাৰ আবেশত
আঢ্যবন্ত মখমলীয় বিচনাত
কৱন্ধই কবিতা লিখে
বিপ্লৱৰ বিপনীত  বিক্ৰী হয় মগজ
কিম্বা হাত- ভৰি -জিহ্বা !

তই বুকুত লৈ লুকাই ৰখা মানুহবোৰ হেৰাল
পিঠিত গধুৰ বোজালৈ
হাতীৰ খোজৰ পানীত তৃষ্ণা দূৰ কৰা মানুহবোৰ মৰি গ’ল কেতিয়াবাই
জহি জহি ফ’চিল হ’ল
পিপলি চোবাই চোবাই লংমাৰ্চৰ শেষত
ৰোমন্থন কৰা অতীত ,
উজাগৰি ভোকৰ ৰাতি অথবা
বন্ধুৰ সৈতে
প্ৰিয়তমাৰ বিষয়ে আলাপ আৰু কত কি !

তই সকলো জানিছিলি ,
কিদৰে গেৰিলাই প্ৰেমত পৰে পখিলা
অথবা চৰাইৰ !
কালাছনিকভ্ জীৱনতো যে সাৰে থাকে
নিজিৰি নিজিৰি জুৰিৰ সুৰ ৷

তই জীয়াই থাক অ’
কেতিয়াবা পাৰিলে যামগৈ এদিন
তোৰ বুকুত শুম
তোৰ বুকুত মূৰ থৈ ওৰেটো ৰাতি সাৰে থাকিম
শিঙাল পহুৰ শব্দৰ মাজে মাজে
প্ৰস্তৰ কবৰৰ পৰা উঠি আহিব
মৃত সতীৰ্থবোৰ
যিসকলৰ সৈতে কৰমৰ্দন কৰা নহ’ল
শেষ বিদায় ক্ষণত  !

তই মোৰ বাবে পিপলি পঠিয়াব নালাগে
নালাগে তৰা গজালি অথবা
তলসৰা আমলখি
পাৰিলে অৰণ্য ভাল পোৱা বন্ধুৰ চোলাটোত  পঠিয়াই দিবি তোৰ গাৰ এধানমান সুবাস ৷
কবন্ধহঁতৰ
মগজ পঁচা দুৰ্গন্ধত
বহুদিন শুব পৰা নাই মই !
নাৰী

নাৰী এখন আদিম নদীৰ নাম
চঞ্চল
খৰস্ৰোতা
যাৰ দুপাৰ বৈ যোৱাৰ প্ৰচণ্ড হাবিয়াস
আন্ধাৰ অৰণ্যৰ ৰ’দঘন কেঁকুৰিত
যাৰ প্ৰসৱত জন্ম হয় হেজাৰ সূৰ্য সন্তান ৷

সৌৰসময়ৰ কোনো এক ক্ষণত
যিখন নদীক ৰূদ্ধ কৰা হৈছিল
প্ৰস্তৰ কঠিন বান্ধেৰে
তাৰ নাম নাৰী ৷

সময়ৰ কোনো এক আন্ধাৰ বিন্দুত
নদীয়ে উচুপে
নদীৰ বুকুৰ মাছবোৰ
ছাটিফুটি মৰে

নৈৰ পাৰত গঢ়ি উঠে ক্ৰমশঃ
সামন্তৰ সোনালী বৈভৱ
ক্ষমতা
লিপ্সাৰ
অনন্ত পৌৰুষ সভ্যতা ৷

সভ্যতাৰ ইতিহাসত উপেক্ষিত
নদীখনৰ নামেই নাৰী ৷

নাৰী
গৰ্ভপাত হোৱা এখন আগ্নেয়গিৰিৰ নাম 
নাৰী বৰ্ষাৰণ্যৰ পত্ৰহৰিৎ
নাৰী শান্ত ভিছুভিয়াছ
নাৰী জ্বলি যোৱা আমাজান
নাৰী সভ্যতাৰ আন্ধাৰ কোণৰ সেউজীয়া হিউমাচ !

যিদিনা প্ৰস্তৰ পাৰ খহি
মাছবোৰ মুক্ত হব
যিদিনা মৃত নদীবোৰৰ চকুবোৰ মাছ হব
যিদিনা গান্ধাৰীয়ে চকুৰ বান্ধ খুলি আকাশলৈ চাব
সিদিনা সূৰ্য নামি আহিব পৃথিৱীলৈ
আৰু আলিংগন কৰিব নাৰীক
 ৷
কফিন

সিহঁত উভটি গ’ল
যি বাটেৰে ঘণ অৰণ্য ফালি
নামি আহিছিল বনৰীয়া শিঙাল ম’হ
বনগাহৰিয়ে ঘূলি  লোৱা আঠুৱনি আকাশ
য’ত নিৰলে শুই থাকে
মোৰ মাঘী পূৰ্ণিমাৰ জোন ৷

গমেই নাপালো
পথাৰলৈ যোৱা বাটটো কেতিয়া
হাবিমুৱা হ’ল
আইৰ চকুপানীৰে পিছল হ’ল
ৰ’দঘাই চোতাল
ৰাতিবোৰ কেনেকৈ উৰুখিলে
নিৰ্বাক
নিঃশব্দ চুবুৰীত
কোনে চিপ ল’লে ৰাতি ৷

আচৰিত নহও একোতেই
বিলাসী চোফাত বহি
যিসকলে গায়
শান্তিৰ গীত
পোষ্টমৰ্টেম কৰে যুদ্ধৰ আৰু
সিহঁতৰ সৈতে সহবাস কৰে
যিসকলে
ৰাতি অংক কৰে
কিমান দৰত বিক্ৰী হয়
কোনটো জাতিৰ কফিন ৷

সেয়ে সিহঁতে আকৌ উভটি গ’ল
যিটো বাট পথাৰলৈ বুলি যাওঁতেই হেৰাই থাকিল
বনগাহৰিয়ে লেটি লোৱা ঘূলিৰ আকাশত
য’ত নিৰলে শুই থাকে
মোৰ  মাঘী পূৰ্ণিমাৰ জোন  ৷



জিন্দাবাদ ভাৰতবৰ্ষ

ভাৰতবৰ্ষ
তোমাৰ প্ৰতিটো দুখত মোৰ পদুলিত
বিষাদ ফাগুনী বতাহ
চকুলো টুকি টুকি আইয়ে উপবাসে থাকে
ওৰেটো ৰাতি  !

তোমাৰ প্ৰতিটো আনন্দত
সুখবোৰ যেন
আকাশত উৰি থকা কাগজৰ ৰঙীন চিলা
তোমাৰ নামতেই উদ্ যাপন কৰো আজিও
প্ৰতিটো ঋতু
বুকুত আঁকি লওঁ
-“জিন্দাবাদ ভাৰতবৰ্ষ ৷”

তোমাৰ ত্ৰিৰংগাৰ ছাঁত
নিৰাপদে থাকক বুলিয়েই
মোৰ দেশৰ প্ৰতিবিন্দু সোনফুলা মাটি
তোমাৰ জিম্মাত বিগত
বাসত্তৰটা বছৰ ৷

তোমাৰ কি অনুভৱ হয়
ভাৰতবৰ্ষ ?
তোমাৰ বাবেই যুঁজিবলৈ কাশ্মীৰ সীমান্তত নিহত মোৰ সহোদৰ ভাই
আমাৰ চকুলো শুকাই চাহাৰা হোৱাৰ পিছতো তোমাৰেই জয়জয়কাৰ দিও
তোমাৰ হেজাৰ উপেক্ষাৰ পিছতো
তোমাৰ শত্ৰুক শাওপাত দি দি
চুলি ছিঙো ওৰিটো ৰাতি ৷

এবাৰ বুকুত হাত থৈ চোৱা ভাৰতবৰ্ষ
তোমাৰ বাবেই এৰি আহিছো আমি
সোনালী সূতাৰ বাট
তোমাৰ বাবেই মৈদাম দিছো
পিতৃপুৰুষৰ বুৰঞ্জী
যাদুঘৰত মামৰে ধৰিছে হেংদান ৷

তুমি পশ্চিমৰ দেৱতাৰ সৈতে আহি
নাগপাশেৰে বান্ধিছিলা মোৰ পিতামহক
তুমি মীৰজুমলাৰ সৈতে আহি
মোৰ পদুলিতে
হেৰুৱাইছিলা বাট
তুমি ৰামসিংহৰ হাতত পত্ৰ পঠাইছিলা আপোচ অথবা যুদ্ধৰ  ৷

তথাপি তোমাৰ নামত জিন্দাবাদ দিছো
তোমাৰ পতাকাক চেল্যুট দি গুলী খোৱা 
হেজাৰ কনকলতা-মুকুন্দ কাকতি
তোমাৰ বিপদত
সোনৰ নাকফুলি ,ৰূপৰ কেৰু খুলি দিয়ে  মোৰ আই
মনত পৰেনে ভাৰতবৰ্ষ ?

পদুলিত তোমাৰ বুটজোতাৰ শব্দত
পিতায়ে নিশ্চিন্তমনে শুব নোৱাৰে ৰাতি
বানে গৰকা মোৰ পথাৰখনলৈ চাই
অৰণ্যৰ পৰা উভটিব নোৱাৰে
ফুল ভাল পোৱা মোৰ নিষিদ্ধ ভাইটো ৷

আইৰ মুখৰ ভাষাটো হেৰায় বুলি
উচুপি উঠে
অশীতিপৰ প্ৰিয় কবি মোৰ !
তথাপি তুমি নিৰুদ্বেগ
দুহাতত চাবুক লৈ
মোচত তাও দিয়া তুমি প্ৰতিদিন ৷

তোমাৰ অট্টহাস্যত বুকু কঁপি উঠা মোৰ পোনাটিক অভয় দিওঁ-
“ভয় নকৰিবি বোপাই
এইখন আমাৰেই দেশ, ভাৰতবৰ্ষ !”
যদিও আজিকালি তোমাৰ প্ৰিয় শব্দ ৰামৰাজ্যতকৈও ইজৰাইল ৷
হৰিতকৈও প্ৰিয় হিটলাৰ !

তোমাৰ বাবে কি কৰা নাই আমি ?
আমি ভাষা বিচাৰিলো
তুমি বেয়নেটেৰে আঁকি দিলা পিতাইৰ বুকু
আমি অস্তিত্ব বিচাৰিলো
তুমি হেজাৰ সন্তানৰ কটা যোৱা শিৰ
উপহাৰ দিলা আইক

মোৰ খঙাল ভাইটোৱে স্বাধীনতাৰ কথা ক’লে
তুমি কাঢ়ি নিলা মোৰ আইৰ
দুকুৰি নিটোল বসন্ত !
শ্মশানৰ সীমা মোৰ পদুলিলৈকে বাঢ়িল !

তথাপি তোমাৰ নামত
হেজাৰ জিন্দাবাদ


কোৱা ভাৰতবৰ্ষ !
তোমাৰ বাবে আৰু কি কি কৰিব লাগিব আমি ?
পাতকীৰ সূৰ্যবন্দনা

আহ ভাঙি ছিঙি আহ ধুমুহা
আহ তাণ্ডৱী মহাকাল
গগন ভেদী
মহা তৰ্জন
মহাজাগতিক মহা পৰিৱৰ্তন
সকলো শেষ হৈ যাওক
জহন্নামে যাওক
সভ্যতাৰ নামত
জহনীত যোৱাহঁতৰ ফটকাবাজী ৷   
… থুই

দেশে দেশে মহাকাশজুৰি
ৰকেট- চেটেলাইট
থিয় হৈ আছে
সদাসস্তম মিছাইল বেলেষ্টিক
যেন জনতাৰ গুহ্যদ্বাৰ ভেদিবলৈ সাজু
শাসকৰ ঠিয় বাঁহ
চা… চিফিলিচ হৈ মৰে
ট্ৰাক ড্ৰাইভাৰ
চুলাই খাই মৰে শ্ৰমিক ৷

বিশ্ব জুৰি ৰুটিৰ বাবে বিক্ৰী যৌৱন 
নৰ-নাৰী
আবাল বৃদ্ধ বনিতাৰ ক্ষত শৰীৰ
ঋণত বোজাত আত্মহত্যা কৰে কৃষক
নিম্নমধ্যবিত্ত
শ্ৰমিক-বেকাৰ

ধৰ্মৰ নামত যত শুৱৰৰ বাচ্চা
মন্দিৰ মছজিদত
ঈশ্বৰে কৰে আত্মহত্যা
বেশ্যাৰ তলপেটৰ তলত নাথাকে জাত
নাথাকে ধৰ্ম
চাল্লা লম্পটৰ জাত
এহাতে কোৰাণ আনহাতে তৰোৱাল
অহৰ্নিশে কৰিছে বলাৎকাৰ ৷

হিটলাৰে হাস্তমৈথুন কৰি
বেৰত আঠা লগাই থয়
পৱিত্ৰ স্বস্তিক
বহুজাতিক কুবেৰৰ অৰ্গাজম
বীৰ্যৰ বজাৰ গৰম
চাল্লা ইজ্জত নীলাম হৈছে গণতন্ত্ৰৰ
পক্ষাঘাত আক্ৰান্ত সংবিধান ৷

নিমখহাৰাম
শুৱৰৰ বাচ্চা নেতা
বিপ্লৱৰ নামত বদমাছি
পইচাৰ বাবে লেংটা
গুহ্যদ্বাৰ ফাটি তেজ ওলায় জাতিৰ
নিপীঢ়ীতৰ কি যন্ত্ৰণা
… থুই ৷

মই কবি
বিদ্ৰোহী
মাতাল
নৰকৰ কীট
মই নজৰুল মই মোলাইছ
মই স্বাধীনতা
নকৰো কাকো কুৰ্ণিছ ৷

ধ্বংস হৈ যাওক যত শাসক মীনাৰ
কুবেৰৰ বিশ্ব মছনদ
আকাশৰ পৰা
সৰি পৰক সকলো চেটেলাইট
ক্লীৱ হওক শোষকৰ
বেলেষ্টিক থিয় লিংগ ৷

মহাজাগতিক মহাধ্বংসৰ শেষত
ফুলিব সুগন্ধী পুষ্প
সোনালী ঘাঁহনিৰ সেউজীয়া অৰণ্যত
পুনৰ উদিত হব সূৰ্য
আলোকিত কৰি সমস্ত সৃষ্টি
সমস্বৰে গাম
পোঁহৰৰ জয়গান
ঔম জৱা কুসুম শংকাসং
কাশ্যপেয়ং
মহাদ্যুতিম ধনতাৰিং
সৰ্ব পাপঘ্ন প্ৰনতঃহস্মী দিবাৰকম্ ৷

“I bow to him, the son of sage Kashyap,
whose colours are like flowers,
the one who is known as
destroyer of darkness,
all sins,
and ignorance
and provides life and daylight. ”

 ’ৰক্তিম’