Saturday, 2 November 2019

কফিন

সিহঁত উভটি গ’ল
যি বাটেৰে ঘণ অৰণ্য ফালি
নামি আহিছিল বনৰীয়া শিঙাল ম’হ
বনগাহৰিয়ে ঘূলি  লোৱা আঠুৱনি আকাশ
য’ত নিৰলে শুই থাকে
মোৰ মাঘী পূৰ্ণিমাৰ জোন ৷

গমেই নাপালো
পথাৰলৈ যোৱা বাটটো কেতিয়া
হাবিমুৱা হ’ল
আইৰ চকুপানীৰে পিছল হ’ল
ৰ’দঘাই চোতাল
ৰাতিবোৰ কেনেকৈ উৰুখিলে
নিৰ্বাক
নিঃশব্দ চুবুৰীত
কোনে চিপ ল’লে ৰাতি ৷

আচৰিত নহও একোতেই
বিলাসী চোফাত বহি
যিসকলে গায়
শান্তিৰ গীত
পোষ্টমৰ্টেম কৰে যুদ্ধৰ আৰু
সিহঁতৰ সৈতে সহবাস কৰে
যিসকলে
ৰাতি অংক কৰে
কিমান দৰত বিক্ৰী হয়
কোনটো জাতিৰ কফিন ৷

সেয়ে সিহঁতে আকৌ উভটি গ’ল
যিটো বাট পথাৰলৈ বুলি যাওঁতেই হেৰাই থাকিল
বনগাহৰিয়ে লেটি লোৱা ঘূলিৰ আকাশত
য’ত নিৰলে শুই থাকে
মোৰ  মাঘী পূৰ্ণিমাৰ জোন  ৷



No comments:

Post a Comment