Saturday, 2 November 2019

মানাহ

তই বুকুত সাবটি শুই থকা মানুহবোৰ আৰু নাই
একো একোটা কৱন্ধই এতিয়া মহানগৰীত ঘূৰি ফুৰে
বিলাসী ৰাতি
বিলাসী গাড়ী
বিলাসী মদিৰাৰ আবেশত
আঢ্যবন্ত মখমলীয় বিচনাত
কৱন্ধই কবিতা লিখে
বিপ্লৱৰ বিপনীত  বিক্ৰী হয় মগজ
কিম্বা হাত- ভৰি -জিহ্বা !

তই বুকুত লৈ লুকাই ৰখা মানুহবোৰ হেৰাল
পিঠিত গধুৰ বোজালৈ
হাতীৰ খোজৰ পানীত তৃষ্ণা দূৰ কৰা মানুহবোৰ মৰি গ’ল কেতিয়াবাই
জহি জহি ফ’চিল হ’ল
পিপলি চোবাই চোবাই লংমাৰ্চৰ শেষত
ৰোমন্থন কৰা অতীত ,
উজাগৰি ভোকৰ ৰাতি অথবা
বন্ধুৰ সৈতে
প্ৰিয়তমাৰ বিষয়ে আলাপ আৰু কত কি !

তই সকলো জানিছিলি ,
কিদৰে গেৰিলাই প্ৰেমত পৰে পখিলা
অথবা চৰাইৰ !
কালাছনিকভ্ জীৱনতো যে সাৰে থাকে
নিজিৰি নিজিৰি জুৰিৰ সুৰ ৷

তই জীয়াই থাক অ’
কেতিয়াবা পাৰিলে যামগৈ এদিন
তোৰ বুকুত শুম
তোৰ বুকুত মূৰ থৈ ওৰেটো ৰাতি সাৰে থাকিম
শিঙাল পহুৰ শব্দৰ মাজে মাজে
প্ৰস্তৰ কবৰৰ পৰা উঠি আহিব
মৃত সতীৰ্থবোৰ
যিসকলৰ সৈতে কৰমৰ্দন কৰা নহ’ল
শেষ বিদায় ক্ষণত  !

তই মোৰ বাবে পিপলি পঠিয়াব নালাগে
নালাগে তৰা গজালি অথবা
তলসৰা আমলখি
পাৰিলে অৰণ্য ভাল পোৱা বন্ধুৰ চোলাটোত  পঠিয়াই দিবি তোৰ গাৰ এধানমান সুবাস ৷
কবন্ধহঁতৰ
মগজ পঁচা দুৰ্গন্ধত
বহুদিন শুব পৰা নাই মই !

No comments:

Post a Comment