Monday, 6 April 2020


মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু অসমীয়া সমাজৰ বিৱৰ্তনৰ ধাৰা



ৰক্তিম শৰ্মা

শ্ৰীমন্ত শংকৰদেৱে এনে এখন সমাজত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰৰ বাবে আগবাঢ়িছিল যিখন সমাজ আছিল ভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্য, অবৈদিক পৰম্পৰা-লোকাচাৰ আদিৰে সমৃদ্ধ ভাৰতীয় হিন্দু সভ্যতাৰ প্ৰত্যক্ষ প্ৰভাৱৰ পৰা নিলগত বিকাশ হোৱা এখন সমাজ । ঐতিহাসিকভাৱে এই দেশ কিৰাতৰ দেশ য’ত প্ৰাচীন হৰ-গৌৰী উপাসনাৰ পৰা আৰম্ভ কৰি কেঁচাইখাতী, কপিলী, জয়ন্তেশ্বৰী আদি নানা জনজাতীয় দেৱ-দেৱীৰ অবৈদিক উপাসনা পৰম্পৰাৰ সৈতে যুক্ত হৈ আছিল সমাজ । যাৰ বাবেই ইয়াত বামাচাৰ, বৌদ্ধবাদৰ তান্দ্ৰিক পন্থা আদিয়ে বিকাশ লাভ কৰিছিল ।

বিখ্যাত ইতিহাসবিদ মিলছে কৈ গৈছে যে, Assam is situated in one of the the greatest routes of migration of mankind । বিশ্বৰ মানৱ প্ৰজাতিৰ প্ৰায় সকলো ভাষাগোষ্ঠীৰ প্ৰব্ৰজন হৈছিল এই ভূমিৰ মাজেদি আৰু লগত কঢ়িয়াই আনিছিল পৃথক ভাষা-সংস্কৃতি-ধৰ্মীয় বিশ্বাস । হিমালয়ৰ পাদদেশৰ তীব্বত-ভূটান-নেপাল-চীন-বাৰ্মা সংলগ্ন ৱেষ্টাৰ্ণ চাউথ-ইষ্ট এচিয়াৰ এই ভূমি নৃতাত্বিক দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ । প্ৰাচীন কামৰূপত হিন্দু ধৰ্মৰ প্ৰসাৰ আৰ্যসকলৰ অসম আগমনৰ লগে লগেই আৰম্ভ হয় বুলি ইতিহাসবিদ সকলে কয় । ইতিহাসবিদ সকলৰ মতে আলপাইন-কলিতা সকলৰ সৈতে সংমিশৃতহৈ অসমলৈ(কামৰূপ) ইণ্ডো এৰিয়ান সকলৰ প্ৰবেশ ঘটিছিল আৰু কালক্ৰমত হয়তো স্থানীয় অষ্ট্ৰেলয়়়ড আদি গোষ্ঠীৰ সৈতেও সংমিশৃত হৈছিল । ইতিহাসবিদ সকলে কলিতা সকলক আলপাইনমূলৰ শৈৱধৰ্মী জনসম্প্ৰদায় বুলি উল্লেখ কৰিছে । শাৰীৰিক অবয়ব-ভাষা-সংস্কৃতি-লোকাচাৰ-খাদ্যাভাষ-উপাসনা পদ্ধতি আদিত অসমৰ ইণ্ডো এৰিয়ানসকল ভাৰতৰ অন্য প্ৰান্ততকৈ পৃথক । প্ৰকৃততে এই ভূমি আৰ্য-অনাৰ্যৰ মিলনভূমি । অনাৰ্য ভূদেৱীৰ গৰ্ভত আৰু আৰ্য বিষ্ণুৰ বৰাহ অৱতাৰৰ ঔৰসত জন্ম হোৱা নৰকাসুৰৰ কিম্বদন্তীয়ে হয়তো ইয়াকেই প্ৰমাণ কৰে  । কালিকাপুৰাণৰ মতে এই নৰকে অসমত ইণ্ডো এৰিয়ানসকলক প্ৰতিষ্ঠা কৰে ।

অনাৰ্যসকলে এই ভূমিলৈ চীন-তিব্বতীয় ধৰ্মীয়-সাংস্কৃতিক প্ৰভাৱ  কঢ়িয়াই আনিছিল আৰু আলপাইন কলিতাসকলৰ আৰু ইণ্ডো এৰিয়ানসকলৰ সৈতে সামাজিক-সাংস্কৃতিক একীভৱন (Assimilation) ঘটিছিল । ইয়াৰ আভাস পোৱা যায় প্ৰাচীন অসমত প্ৰচলিত তন্ত্ৰ-মন্ত্ৰ-ইন্দ্ৰজাল-বলিবিধান প্ৰভৃতি ধৰ্মীয় লোকাচাৰ সমূহত । এই সামাজিক-সাংস্কৃতিক একীভৱনে অসমত বৈদিক হিন্দু মতবাদ বা তাৰ পিছত সৃষ্ট ব্ৰাহ্মণ্যবাদৰ দৃঢ়ভাৱে বিকাশ হবলৈ দিয়া নাছিল । তাৰোপৰি বৌদ্ধধৰ্মৰ তান্ত্ৰিক পন্থাই হৰ-গৌৰী পৰম্পৰাত বিশ্বাসী  অসমৰ সমাজখনক ব্যাপকভাৱে প্ৰভাৱিত কৰিছিল ।

সমগ্ৰ ভাৰতীয় উপমহাদেশতেই যেতিয়া ব্ৰাহ্ম্যণ্যবাদে বিয়পাই দিয়া জাত-পাত, অস্পৃশ্যতাৰ কলুষতাত জনসমাজ বিধস্ত , সেইসময়তেই সমগ্ৰ ভাৰতৰ ভক্তি আন্দোলনৰ অংশ হিচাপে  নৱ-বৈষ্ণৱ ধৰ্মৰ এছাটি বতাহে উত্তৰ ভাৰত-গৌড়দেশ আৰু অসমৰ ওপৰেদি বৈ জনসমাজক আকৃষ্ট কৰিবলৈ সক্ষম হয়। বংগৰ চৈতন্য দেৱৰ দৰে অসমতো বাৰভূঞা বংশৰ শিৰোমণি শ্ৰীমন্ত শংকৰদেৱে নৱ-বৈষ্ণৱ ধৰ্মৰ পাতনি মেলে। ব্ৰাহ্ম্যণ্যবাদে বিশেষ প্ৰভাৱিত কৰিব নোৱাৰা অসমৰ জনসমাজত শ্ৰীমন্ত শংকৰদেৱে নিজৰ প্ৰতিভাৰে জাতি-ধৰ্ম নিৰ্বিশেষে অসমৰ সৰ্বস্তৰৰ লোকক আকৰ্ষিত কৰাই নহয় শিল্প-সাহিত্যৰ নৱ-চেতনাৰে অসমত এক নৱজাগৰণৰো সূচনা কৰে । অৱশ্যে এইখিনিতেই প্ৰশ্ন হয় যে, অসমৰ সমাজত যিহেতু হিন্দুধৰ্মৰ জাত-পাত আদি বৰ্ণবিভেদৰ চেতনাই বৰ দকৈ প্ৰভাৱ পেলাব পৰা নাছিল, তেনেহ’লে এনে কি কাৰক আছিল যিয়ে অসমৰ মানুহক নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিছিল ?

প্ৰাকশংকৰী যুগত অসমত প্ৰচলিত তান্ত্ৰিক বৌদ্ধবাদৰ সৈতে সাঙোৰ খাই পৰা হৰ-গৌৰী উপাসনা, বামাচাৰী শাক্ত আদিৰ সৈতে প্ৰাচীন জনজাতীয় মুক্ত যৌনতা, সুৰাসক্তি আদিও পৰম্পৰাৰ অংশ হৈ পৰিছিল । যৌনতাৰ সৈতে আদিম জনজাতীয় বিশ্বাস, উত্পাদন আৰু শস্যভূমি কৰ্ষণৰ সৈতে যৌনতাৰ প্ৰতীকবাদী চেতনা আদি জড়িত আছিল । আমোদজনকভাৱে দেৱী আৰাধনা, যৌনতাৰ সৈতে কৰ্ষণৰ ঐন্দ্ৰজালিক কাৰবাৰ আদি হিন্দুধৰ্মত প্ৰবেশ কৰিছিল এই অনাৰ্য-জনজাতীয় সমাজৰ পৰাই । বিভিন্ন পৰিস্থিতিত জনজাতীয় সমাজবিলাক হিন্দুকৰণৰ দ্বাৰা বৃহত্তৰ হিন্দু সমাজৰ অন্তৰ্ভুক্ত হৈছিল, অন্তৰ্ভুক্ত হোৱাৰ সময়ত তেওঁলোকৰ বহুতো দেৱতা হিন্দু দেৱতাৰ পৰ্যায়লৈ উন্নীত হৈছিল । বিশেষকৈ বড়ো-কচাৰীৰ বাথৌ আদি দেৱতাসকলক অনাৰ্য শিৱৰ অৱতাৰ বুলি প্ৰচাৰ কৰি হিন্দুৰ জাতত তুলিছিল । উল্লেখযোগ্য যে শদিয়াৰ কেচাইখাতী, নগাওঁৰ কপিলী, গোভাৰ কেচাইখাতী, জয়ন্তেশ্বৰীৰ পূজকসকল অহিন্দু আছিল । আনকি কামাখ্যাকে আদি কৰি অসমৰ সৰহসংখ্যক মন্দিৰ, দেৱালয় আদি প্ৰকৃততে বৈদিক হিন্দুৰ বিপৰীতে জনজাতিসকলৰ উপাসনাস্থলী আছিল যিবোৰক নানা কাহিনী আদিৰ জডিয়তে হিন্দুৰ দেৱ-দেৱতাৰ সৈতে একাকাৰ কৰি হিন্দুকৰণ কৰা হৈছিল । এইদৰে অসমত তান্ত্ৰিক বৌদ্ধবাদ, বামাচাৰ, শৈৱ-শাক্ত আদি সকলো পন্থা ব্ৰাহ্মণ্যযুগৰ পণ্ডিতসকলৰ সৃষ্ট অৱতাৰবাদৰ জড়িয়তে বৃহত হিন্দুপন্থালৈ বিকাশ হৈছিল । এইদৰেই জনজাতীয় সমাজত আৰ্য ব্ৰাহ্মণৰ প্ৰবেশ সুচল হৈছিল ।

‘ব্ৰাহ্মণসকল কেৱল যজ্ঞানুষ্ঠানৰ সম্পাদকেই নাছিল, জ্যোতিৰ্বিদ্যা, ভেষজবিদ্যা, বতৰবিজ্ঞান, কৃষিপদ্ধতি আদিও তেওঁলোকৰ জনা আছিল । সেয়ে খাদ্য সংগ্ৰহকাৰী অনাৰ্যসমাজবোৰত তেওঁলোকৰ অনুপ্ৰবেশ সেই সমাজবিলাক খাদ্য উত্তপাদনকাৰী সমাজলৈ উন্নীত হোৱাত সহায় কৰিছিল…জনজাতীয় সমাজত সোমোৱা ব্ৰাহ্মণ প্ৰব্ৰজকসকলেই আছিল প্ৰথম অৱস্থাত সেই সমাজবিলাকৰ পথদ্ৰষ্টা আৰু শিক্ষক ।’ ১

অসমৰ জনজাতীয় সমাজবিলাক উপৰোক্তধৰণে ক্ৰমশঃ হিন্দু সমাজৰ অন্তৰ্ভুক্ত হৈছিল যদিও ই সকলো সময়তে স্বাভাৱিক নাছিল আৰু নিজৰ প্ৰাচীন উপাসনা-ঐন্দ্ৰজালিক আচাৰ ব্যৱহাৰ আদি সম্পূৰ্ণকৈ ত্যাগ কৰা নাছিল । ম’হ-কুকুৰা বলি দিয়া, মদ উচৰ্গা কৰা , যৌনাচাৰ, খোৱা-বোৱা-আচাৰ আচৰণত যি হিন্দু শুচিতা তাৰ পৰা মুক্ত আছিল । সেয়ে বৰ্ণহিন্দুসকলৰ বাহিৰে অসমৰ সমাজ মুক্ত আছিল জাত-পাত আদি সংকীৰ্ণ বৈদিক পিতৃতান্ত্ৰিক হিন্দু ৰীতি-নীতিৰ পৰাও । যাৰকাৰণেই অসমত ব্ৰাহ্মণ্যবাদী ধৰ্মাচাৰৰ পৰিৱৰ্তে তান্দ্ৰিক বৌদ্ধবাদ আৰু প্ৰাচীন উপাসনা পন্থাবোৰ দৃঢ় আছিল । প্ৰাচীন কামৰূপ-অসমৰ সমাজ ভাৰততকৈ সম্পূৰ্ণ সুকীয়া আছিল ।  আনকি কৈৱৰ্ত-নাথ-যোগী আদি সম্প্ৰদায়ৰ মাজতো ব্ৰাহ্মণৰ দ্বাৰা পূতা-পাতলৰ সলনি নিজা পুৰোহিতেৰে পূজা কৰাৰ নিয়ম আছিল । অসমৰ যিবিলাক জনজাতিয়ে হিন্দুধৰ্ম গ্ৰহণ কৰিছিল সেইসকলেও যাজন কৰ্ম আদি নিজ সম্প্ৰদায়ৰ লোকেৰেহে কৰিছিল । নাথ-যোগীসকলৰ মাজত আজিও নিজ সম্প্ৰদায়ৰ পুৰোহিতেৰেহে সকাম-নিকাম আদি কৰা নিয়ম প্ৰচলিত । নাথ-যোগী সম্প্ৰদায়ৰ প্ৰৱৰ্তক গুৰু গোৰক্ষনাথৰ জন্মস্থান গোৱালপাৰাৰ মেচপাৰাৰ বুলি কথিত আছে আনহাতে তেখেত এজন বৌদ্ধযোগী বুলি লিখিত তথ্য পোৱা যায় । প্ৰাচীন কামৰূপত সোনাৰায় আৰু ৰূপাৰায় নামৰ দুজন প্ৰভাৱশালী বৌদ্ধ ধৰ্মসংস্কাৰক আৱিৰ্ভাৱৰ কাহিনী লোকগীতত উল্লেখ থকাৰ কথা উল্লেখ কৰিছে কোচবিহাৰেৰ ইতিহাস গ্ৰন্থৰ প্ৰণেতা, খাঁ চৌধুৰী আমানতউল্লা আহমদে ।  অসমত বৌদ্ধবাদৰ শক্তিশালী প্ৰভাৱ যে আছিল সেয়া নিন্মোক্ত কথাখিনিয়ে প্ৰমাণ কৰে ।  

‘ তিব্বতী গ্ৰন্থ Pag Sam Jon Zan ৰ মতে সৰহপাদ কামৰূপৰ ৰাজ্ঞী ৰাজ্যতে উদ্ভৱ হৈছিল । এই ৰাজ্ঞী ৰাজ্য কামৰূপৰ ৰাণী অঞ্চল বুলি পণ্ডিতসকলে অনুমান কৰিুছে । লামা তাৰানাথ আৰু Grup To’b নামৰ তিব্বতী গ্ৰন্থৰ মতে মীননাথ কামৰূপৰ কৈৱৰ্ত আছিল ... তীব্বতী ঐতিহ্যমতে লুইপাদ আৰু মীননাথ একেজন বুলি ধৰা হয় । এইজন সিদ্ধ কামৰূপৰ কৈৱৰ্ত কূলৰ লোক আছিল বুলি প্ৰসিদ্ধি আছে । গতিকে উক্ত তান্ত্ৰিক বৌদ্ধচাৰ্যসকলৰ হয়তো ভালেকেইজন কামৰূপৰে লোক আছিল, নাইবা কামৰূপৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰাখিছিল ।’২   
অসমতো সেইসময়ত সহজীয়া, ৰাতিখোৱা আদি বিভিন্ন অবৈদিক তান্ত্ৰিক প্ৰথা আছিল । ৰাতিখোৱা প্ৰথা অসমৰ নাথ-যোগীসকলৰ ধৰ্মীয় পৰম্পৰা আছিল ।(অসমৰ সাংস্কৃতিক কোষ, পৃ) এইদৰে অসমৰ সমাজত প্ৰাচীন শাক্ত-শৈৱ পন্থাবোৰৰ সৈতে সংমিশৃত হোৱা তান্দ্ৰিক বৌদ্ধবাদীসকলক ব্যভিচাৰী ম্লেচ-বৌদ্ধ আদি জ্ঞান কৰাৰ এক প্ৰবৃত্তি আছিল । তান্ত্ৰিক বৌদ্ধবাদৰ লগতে শাক্ত-শৈৱ আদি পন্থাত আপাতদৃষ্টিত অশ্লীল যেন লগা মদ-মত্স-সাংস আৰু মৈথুন (থোৰতে পঞ্চামাকাৰ)আদি আচাৰক যোগীনিতন্ত্ৰত কৈৰাতজ মত আখ্যা দিছে ।
এই অনুষ্ঠানবোৰৰ সৈতে জড়িত যৌন উচ্ছৃঙ্খলাসমূহ এটা সময়ত আকস্মিক নাছিল, বৰং এইবোৰ আছিল আচাৰ-নীতিৰ এটা প্ৰয়োজনীয় অঙ্গ, আৰু যিসকলে পালন কৰিছিল তেওঁলোকৰ মত আছিল যে, মানুহৰ প্ৰকৃত যৌন মিলনৰ অবিহনে গছ-গছনি উৰ্বৰ হব নোৱাৰে …এটা কথা মনত ৰখা দৰকাৰ যে এই আনুষ্ঠানিক লাম্পট্যসমূহ মাথোন চৰিতাৰ্থ পূৰণ নহয়, বৰং ইবিলাক প্ৰকাশ কৰে মানুহ আৰু প্ৰকৃতিত নিহিত প্ৰজন্ম আৰু উৰ্বৰতামূলক শক্তিসমূহৰ প্ৰতি যিবোৰ শক্তিৰওপৰত সমাজ-সংস্কৃতিৰ স্বয়ং অস্তিত্ব নিৰ্ভৰশীল, সিবোৰৰ প্ৰতি এক শ্ৰদ্ধানোচিত মনোভাৱ । ৩

বৈষ্ণৱ ধৰ্ম আৰাম্ভনিতে পিতৃপ্ৰধান আৰ্য গোষ্ঠীৰ ধৰ্ম আছিল । ইয়াত মাতৃপূজাৰ প্ৰচলন নাছিল, কাৰণ পশুপালক আৰ্য সমাজত নাৰীৰ স্থান গৌণ আছিল । শাক্ত তান্দ্ৰিক ধৰ্মৰ বিপৰীতে বৈষ্ণৱ ধৰ্ম আছিল মূলতে পুৰুষপ্ৰধান চাৰণজীৱী সমাজৰ ধৰ্ম । পিচলৈ ঐন্দ্ৰজালিক অনুষ্ঠানবোৰৰ লগত বৈষ্ণৱ ধৰ্ম সংমিশ্ৰিত হৈ পৰাত এই ধৰ্মতো মাতৃপূজা সোমাবলৈ ধৰে আৰু ৰাধা-কৃষ্ণৰ কাহিনীয়ে ইয়াৰ গুৰুত্বপূৰ্ণ স্থান পায় । সহজীয়া বা পাঞ্চৰাত্ৰ পন্থা আৰু যৌনতাৰ গোন্ধ থকা ৰাসলীলা কৃষিভিত্তিক সমাজৰ লগত চাৰণজীৱী সমাজৰ সংমিশ্ৰণৰ ফলস্বৰূপে উদ্ভৱ হোৱা ।

অসমৰ প্ৰাচীন মাতৃতান্ত্ৰিক বিশ্বাস আৰু মুক্ত জনজাতীয় সমাজত বিশুদ্ধ সামন্তবাদে তেতিয়াও পৈণত হৈ প্ৰকাশ হোৱা নাছিল । সেইসময়ত অসম বুলি কলে বিশেষকৈ আহোম ৰাজ্য আৰু কোচ ৰাজ্যকে বুজায় । তাৰমাজত দৰঙী, চুতীয়া, কচাৰী, বাৰভুঞা আদিও কোনো কোনো সময়ত স্বাধীন বা উপৰোক্ত দুয়োখন ৰাজ্যৰ কোনো এখনৰ কৰতলীয়া ৰাজ্য আছিল । আহোম শাসনে এনে এক সংহত শাসনব্যৱস্থাৰ সৃষ্টি কৰিছিল য’ত স্থায়ী কৃষি পদ্ধতিৰ বিকাশ হৈ ডা-ডাঙৰীয়া আৰু দেৱোত্তৰ-ব্ৰহ্মোত্তৰ মাটিৰ গৰাকী হোৱা ব্ৰাহ্মণৰ জড়িয়তে সামন্তবাদী ব্যৱস্থা এটা চালুকীয়া ৰূপত বিকশিত হৈছিল । অৱশ্যে ডা-ডাঙৰীয়াসকলে  উত্তৰাধিকাৰীসুত্ৰে মাটিৰ গৰাকী হব পৰা নাছিল । সেয়ে আহোম ব্যৱস্থাটোক বিশুদ্ধ সামন্তবাদ বুলিও কব নোৱাৰি ।

আনহাতে কোচ ৰাজ্যত মাটিগিৰি আদিৰে এক জমিদাৰপ্ৰথা আছিল, উত্তৰাধিকাৰী সুত্ৰে ভূমিৰ মালিকানা পাইছিল যদিও ৰায়তে মাটিৰ ওপৰত খাজনা দিব লগা নোহোৱা বাবে তেতিয়াও স্থায়ী ৰায়ত শ্ৰেণীৰ সৃষ্টি হোৱা নাছিল । খাজনা আছিল ফলকৰ, জলকৰ আদিৰ মাধ্যমতহে । ১৭৮৯ চনত ইংৰাজে চিৰস্থায়ী ব্যৱস্থা প্ৰণয়ন কৰাৰ আগতে ৰায়তসকল অস্থায়ী আছিল আৰু নতুন নতুন ঠাইত হাবি ভাঙি জনজাতীয় পদ্ধতিত খেতি কৰাতহে অভ্যস্ত আছিল । অস্থায়ীভাৱে খেতি কৰাৰ পদ্ধতিৰ বাবে নতুন মাটিৰ সন্ধানত বা খৰাং-বানপানী-কাকতী ফৰিংৰ আক্ৰমণ-মাৰিমৰক আদিত ক্ষতিগ্ৰস্থ আৰু শস্য-কৰৰ ভয়ত ৰায়তে এখন পৰগণাৰ পৰা আনখন পৰগণালৈ প্ৰায়েই স্থানান্তৰিত হৈছিল। সেয়ে সামন্তবাদী ব্যৱস্থা এটা নামমাত্ৰহে বৰ্তি আছিল । শংকৰদেৱে সত্ৰ আদি প্ৰতিষ্ঠা কৰাৰ পিছত গুৰু-কৰ আদিৰ আনুগত্যৰ মাধ্যমেৰেহে কোচ ৰাজ্যৰ কিছু অংশত এক সমান্তবাদী ব্যৱস্থা বিকাশৰ বীজ ৰোপন হয় । নামনি অসমত বৃত্তিয়াল শ্ৰেণী এটা পূৰ্বৰে পৰাই আছিল যদিও সত্ৰৰ অৱদানত ইয়াৰ অধিক বিকাশ হোৱা বুলি অনুমান কৰিব পাৰি । সত্ৰ স্থাপনে কেতবোৰ নতুন বিষয়বাব সৃষ্টি কৰে । যেনে শিষ্যৰ পৰা কৰ-কাটল তোলা মেধি । বৰমেধি, ৰাজমেধি আদি মেধিৰ বিভিন্ন ভাগ আছে । সত্ৰৰ মাটি-বাৰীৰ উত্পাদনৰ হিচাপ-পত্ৰ ৰখা মুক্তিয়াৰ বা মজুমদাৰ, ৰজাঘৰ আৰু সত্ৰৰ সৈতে সমন্বয়ৰক্ষী বিষয়া হিচাপে খাটনিয়াৰ, সত্ৰৰ ভড়ালৰ অধিকৰ্তা ভড়ালী, ভাওঁনাৰ ছো-মুখা, আসন, থাপনা, পুথি-পাঁজি চিত্ৰিত কৰা খনিকৰ আদি ।

ব্ৰাহ্মণসকলৰ দৰে বাৰভুঞাসকলৰো আছিল উন্নত কৃষিপদ্ধতি, যুদ্ধকৌশল আদিৰ বিশেষ জ্ঞান । তাৰোপৰি বাৰভুঞাসকল মাটিগিৰি হ’লেও স্বাধীন শাসক আছিল । এইসকল প্ৰজাই উত্তৰাধিকাৰীসুত্ৰে মাটিৰ গৰাকী হোৱাত আহোম বা কোচ ৰাজ্যৰ ভিতৰুৱা প্ৰজাতকৈ এইসকল প্ৰজা অধিক ক্ষমতাশালী আৰু অৰ্থবান আছিল যেন বোধ হয় । অইন ঠাইৰ প্ৰজাসকলে সেয়ে বাৰভুঞাৰ প্ৰতি আকৃষ্ট হোৱাটো স্বাভাৱিক আছিল । গুৰুজনাৰ নামধৰ্মই সকলো স্তৰৰ প্ৰজাক একেখন ধৰ্মধ্বজাৰ তলত আনিবলৈ সক্ষম হোৱাৰ অন্যতম কাৰকবোৰৰ ভিতৰত হয়তো ইয়ো এটা ।
‘ভুঞাসকল আছিল অসমত উন্নত পৰ্যায়ৰ সামন্ততন্ত্ৰৰ প্ৰৱৰ্তক । পশ্চিম আৰু মধ্য অসমত অনাবাদী হৈ পৰি থকা মাটিবোৰ ভাঙি, তাত উন্নত প্ৰণালীৰে পানী যোগান আদিৰ ব্যৱস্থা কৰি, নাঙলেৰে একোটা বহল অঞ্চলত শালি খেতিৰ প্ৰচলন কৰি , তেওংলোকে সেই ঠাইবোৰত একোখন উন্নত কৃষিজীৱী সমাজ প্ৰতিষ্ঠা কৰিছিল….তদুপৰি সৰ্বভাৰতীয় শিক্ষাৰে শিক্ষিত হোৱা হেতুকে অসমীয়া সমাজখন আৰ্যীকৰণ কৰা প্ৰক্ৰিয়াতো ভুঞাসকলৰ অৱদান প্ৰচুৰ আছিল ।‘ ৪

ভাৰতবৰ্ষত বৈষ্ণৱ ধৰ্মই এক প্ৰৱল সংস্কাৰ আন্দোলন হিচাপে গঢ় লোৱাৰ মূলতে আছিল প্ৰধান দুটা কাৰক । ১) ব্ৰাহ্মণ্যবাদী জাত-পাত আৰু অস্পৃশ্যতাৰ বাবে । যিসময়ত বৌদ্ধবাদ দুৰ্বল হৈ পৰিছিল তেতিয়া তলখাপৰ হিন্দু লোকক উদাৰ বৈষ্ণৱবাদে আকৰ্ষিত কৰিছিল । ২) খ্ৰীষ্টীয় দশম শতিকা মানৰ পৰাই ভাৰতত প্ৰবেশ কৰা ইছলাম ধৰ্ম । মুছলমানৰ ভাতৃত্ববোধ, একেশ্বৰবাদ, জাত-পাতহীনতাই বহুতো হিন্দুক বৈষ্ণৱবাদলৈ আকৰ্ষিত কৰে । ভাৰতীয় ভক্তি আন্দোলন যিহেতু পিতৃতান্ত্ৰিক বৈদিক আজ্ঞাবোৰৰ পৰা বাহিৰত নাছিল সেয়ে বৈদিক আৰ্য মতবাদৰ সংস্কাৰী ৰূপটোৱেই আছিল বৈষ্ণৱ আন্দোলনৰ মূল । অৱশ্যে শংকৰদেৱৰ একশৰণীয়া নামধৰ্মৰ কেতবোৰ মৌলিকতা আছিল । তেখেতে ভক্তিবাদৰ প্ৰয়োগ কৰিছিল অসমৰ জনগাঠনি, সংস্কৃতি, প্ৰাকৃতিক পৰিবেশ, ৰাজনৈতিক আৰু অৰ্থনৈতিক সমাজব্যৱস্থা আদিক কেন্দ্ৰ কৰি ।
‘ভাৰতবৰ্ষৰ মধ্যযুগীত ভক্তি আন্দোলনৰ অংগস্বৰূপে শংকৰদেৱে কামৰূপত ধৰ্ম আন্দোলন আৰম্ভ কৰিলেও ইয়াৰে নিজস্ব বৈশিষ্ট প্ৰতিষ্ঠা কৰিলে । এই অঞ্চলত বাস কৰা জনগাঠনি আৰু সংস্কৃতি, প্ৰাকৃতিক পৰিবেশ, ৰাজনৈতিক আৰু অৰ্থনৈতিক সমাজব্যৱস্থা এইবোৰৰদ্বাৰা তেওঁৰ দাৰ্শনিক চেতনা প্ৰভাৱান্বিত হল । সেয়ে ভাৰতীয় দৰ্শণৰ উচ্চতম আদৰ্শক সাধাৰণ লোকৰ প্ৰজ্ঞা আৰু সাধনাৰ মাজলৈ অনাৰ বাবে কৰা তেওঁৰ প্ৰয়াসত এটি অনন্য ৰূপ চকুত পৰে । ৫ 
প্ৰকৃততে কব লাগিলে গুৰুজনাৰ জীৱন পৰিক্ৰমা, সমাজৰ প্ৰতি তেখেতৰ চিন্তা-চেতনা, তেখেতৰ সাংস্কৃতিক চেতনাবোধেই তেখেতৰ দৰ্শণ, তেখেতৰ জীৱনবোধ । ভাগৱতত বৰ্ণিত সকলো তথ্যকে তেখেতে গ্ৰহণ নকৰিলেও তেখেতৰ এই দৰ্শণৰ ভেটী যে বেদৰ ঐতিহ্যসমূহৰ আনুগত্যত গঢ়ি উঠা ভাৰতীয় ভক্তিবাদ তাত কোনো সন্দেহ নাই ।   
   
ভাৰতৰ অন্য প্ৰান্তত যি কাৰণত সৰ্বসাধাৰণে ব্ৰাহ্মণ্যবাদী আগ্ৰাসনৰ পৰা মুক্তি বিচাৰি সহজেই বৈষ্ণৱ আন্দোলনৰ প্ৰতি আকৰ্ষিক হৈছিল, অসমত কিন্তু তাৰ কাৰণবোৰ ভিন্ন আছিল । আমি আগতেই কৈছো, অসমৰ উচ্চবৰ্ণৰ সমাজখন যিহেতু অতি ঠেক পৰিসৰত সীমাবদ্ধ আছিল, তাৰ ব্ৰাহ্মণ্যবাদো ঠেক পৰিসৰত আবদ্ধ থাকিবলৈ বাধ্য হৈছিল । ইপিনে মূল বৃহত্তৰ অসমৰ সমাজখন আছিল গোষ্ঠীজ চেতনাত আবদ্ধ জনজাতীয় সমাজ বা গোষ্ঠীজ স্তৰৰ পৰা বিকশিত হোৱা তলখাপৰ সম্প্ৰদায়েৰে গঠিত সমাজ । উচ্চবৰ্ণ যেনে ব্ৰাহ্মণ, কলিতা, কায়স্থ আদিৰ মাজত পূৰ্বৰে পৰাই ভিন্ন ৰূপত বৈষ্ণৱ পন্থা চিনাকি আছিল । উচ্চবৰ্ণৰ সমাজখনত ব্ৰাহ্মণেৰে পূজা-পাতল-শ্ৰাদ্ধ-কৰ্মাদি কৰাৰ নিয়ম থকাৰ বাবে সেইবোৰ আছিল অতি খৰচী । ব্ৰাহ্মণক দান-দক্ষিণাৰ বাবদ অৰ্থ-গোধন আদি দিবলগা হোৱাত বহুলোক সৰ্বশ্ৰান্ত হৈছিল । তাৰোপৰি ৰজাসকলে অসমৰ থলুৱা ব্ৰাহ্মণক বাদ দি কনৌজ-বংগ আদিৰ পৰা বিশুদ্ধ ব্ৰাহ্মণ আমদানি কৰাৰ ফলত এইসকলৰ উচ্চাত্মিকতাবোধ, ক্ৰমবৰ্দ্ধমান ক্ষমতা আদিয়ে উচ্চবৰ্ণৰ ব্ৰাহ্মণ আদি লোককো বিতুস্ত কৰিছিল । যাৰবাবে আনকি বহু থলুৱা ব্ৰাহ্মণে গুৰুজনাৰ নামধৰ্মৰ প্ৰতি আকৃষ্টহৈ শৰণ লৈছিল ।

তাৰোপৰি প্ৰাচীন শাক্তপন্থাৰ নৰবলি আদি কুসংস্কাৰে এটা সময়ত সমাজৰ শিক্ষিত মধ্যশ্ৰেণীক তিক্ত-বিৰক্ত কৰি তুলিছিল বুলি ভৱাৰ অৱকাশ আছে । অৱশ্যে শংকৰদেৱৰ প্ৰভাৱত নৰবলি বন্ধ হোৱাৰ তথ্য নাই । গৌৰীনাথ সিংহৰ শাসনতহে এই প্ৰথা বন্ধ হয় । তেৰশ শতিকাৰ পৰাই অসমৰ সমাজৰ সৈতে পৰিচিত হোৱা চুফীবাদী ইছলামধৰ্মী লোকৰ ধৰ্মীয় আদৰ্শৰ প্ৰভাৱে স্থানীয় শিক্ষিত লোকৰ মাজতো সংস্কাৰবাদী চিন্তাক প্ৰভাৱিত কৰিলে আৰু এয়া নৱবৈষ্ণৱ ধৰ্মই শক্তিশালী ৰূপত প্ৰতিষ্ঠা হোৱাৰ অন্যতম কাৰণ হব পাৰে । উল্লেখ্য যে সত্ৰৰ সুত্ৰধাৰী সাজ ৰামধেনুৰ পাতত আনন্দ মোহন ভাগৱতীদেৱে উল্লেখ কৰিছে যে, এই সাজ প্ৰকৃততে মোগল সম্ৰাট আজমতৰাই আহোম স্বৰ্গদেউক উপহাৰ দিছিল আৰু স্বৰ্গদেৱে নিজে পৰিধান নকৰি সত্ৰলৈ পঠিয়াই দিছিল । এই সাজ সুত্ৰধাৰ নাচৰ পোছাক হিচাপে ব্যৱহাৰ হয় ।৬

জনজাতীয় আৰু নিম্নবৰ্ণৰ লোকসকলৰ মাজত শিক্ষাৰ বিকাশ নোহোৱা বাবে তেওঁলোকে তন্ত্ৰ-মন্ত্ৰ আদি ঐন্দ্ৰজালিক জটিল বিষয়বোৰ বুজিবলৈ অপাৰগ আছিল । মন্ত্ৰশাস্ত্ৰ আদি মুষ্ঠিমেয় কিছুমানৰহে বোধগম্য আছিল । গুৰুজনাই সৰল ভাষাৰে, বিভিন্ন কলাৰ মাধ্যমেৰে বিভিন্ন দেৱ দেৱীৰ আখ্যানৰ বৰ্ণনাৰ মাজেৰে বৃহত্সংখ্যক লোকক একেশ্বৰবাদলৈ আকৰ্ষিত কৰিব পাৰিছিল । জনজাতীয় সমাজবোৰত আগতে উল্লেখ কৰা ধৰণে প্ৰাচীন শাক্ত উপাসনা পদ্ধতিসমূহ তান্ত্ৰিক বৌদ্ধবাদৰ সৈতে মিশ্ৰিত ৰূপত দৃঢ় হৈ আছিল । সেয়ে এইসকলক নৱ-বৈষ্ণৱ ধৰ্মৰ মতবাদেৰে আকৃষ্ট কৰাটো   ইমান সহজ নাছিল । সেয়ে পোনতে আহোম অসমৰ জনজাতীয় মানুহৰ মাজত সেয়ে নৱ বৈষ্ণৱ ধৰ্মই বৰ সহাৰি পোৱা নাছিল। কিন্তু পিছলৈ জনজাতীয় সমাজত ই জনপ্ৰিয়তা অৰ্জন কৰিলেও বৈষ্ণৱ ধৰ্মৰ আঁৰ লৈয়েই পুনৰ জনজাতীয় লোকাচাৰবোৰে সত্ৰবোৰত গা উঠে । ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, তন্ত্ৰবাদৰ সৈতে জনজাতীয় সমাজৰ যি দৃঢ় সম্পৰ্ক সেয়া নৱ-বৈষ্ণৱ আন্দোলনে একেবাৰে শেষ কৰি পেলাব পৰা নাছিল । হলিৰাম ঢেকিয়াল ফুকনে সেয়ে ইয়াক ‘বিষ্ণুৰ আৰাধনা বামমাৰ্গে’  বুলি উল্লেখ কৰিছে । উল্লেখ্য যে, অসমৰ সমাজত যি তন্ত্ৰ-মন্ত্ৰৰ বিশ্বাস আছিল সেই বিশ্বাসেই আকৌ ‘হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে, প্ৰেম অমৃতৰ নদী’ বুলি হৰিনামত এক ঐন্দ্ৰজালিক শক্তি আছে বুলি বিশ্বাসৰ মাজেৰে গুৰুজনাৰ শৰণাপন্ন হৈছিল ।  
‘ ৰীতিয়া, অৰীতিয়া, ভিতৰপকীয়া, পকাসেৱা, ৰাতিসেৱা আদি বিভিন্ন নামেৰে শাক্ত-তান্ত্ৰিক আচাৰসমূহ গুপুতে কোনো কোনো সত্ৰত বৰ্তি আছিল । এইবোৰৰ প্ৰাচুৰ্য দেখা গৈছিল জনজাতীয় শিষ্যৰ প্ৰাচুৰ্য থকা কালসংহতিৰ কেতবোৰ সত্ৰত । মোৱামৰীয়া বিদ্ৰোহত ভাগ লোৱা সৰহভাগ লোকেই আছিল অৰীতিয়া পন্থৰ অন্তৰ্গত ।’ ৭

ভক্তি আন্দোলনে ভাৰতত বিভিন্ন ৰূপত প্ৰকাশ হৈছিল যদিও মূলতঃ জাতিভেদৰ বিৰোধীতা, তন্ত্ৰবাদৰ বিৰোধীতা আৰু একেশ্বৰবাদলৈ জনতাক আকৰ্ষিত কৰাই মূল উদ্দেশ্য আছিল । আমি আগতেই উল্লেখ কৰিছোঁ যে যাগ-যজ্ঞ-ব্ৰাহ্মণ আদি বিষয়বোৰ বাদ দিলেও বেদৰ ঐতিহ্যৰ প্ৰতি আনুগত্যই আছিল বৈষ্ণৱী ভাৱাদৰ্শৰ মূল খুটি । অন্য বৈষ্ণৱ গুৰুৰ দৰে গুৰু শংকৰদেৱৰো এই বৈদিক ঐতিহ্যৰ প্ৰতি আনুগত্যৰ প্ৰভাৱ দেখা যায় এইদৰে…
বেদৰ বিহিত / সততে আচৰে / সেহিজন পুণ্যবন্ত ।
বেদৰ নিষিদ্ধ / কৰে যিটো নৰে / সেহিতো পাপী অত্যন্ত ।।
…কলিৰ শেষত হৈব কল্কী অৱতাৰ।
কাটি মাৰি ম্লেছক কৰিবা বুন্দামাৰ ।।
সবাকো বধিবা বৌদ্ধগণ যত আছে ।
কলিৰ শেষত সত্য প্ৰবৰ্ত্তাইব পাছে ।।
গুৰুজনাৰ নৱ-বৈষ্ণৱী পন্থাৰ যি বিনয়ী-উদাৰ আৰু সকলোকে লৈ আগবাঢ়ি যোৱাৰ যি প্ৰৱল ভাৱাদৰ্শ তাৰ সৈতে এনে ধৰণৰ উগ্ৰতাৰ বৈপৰীত্য লক্ষণীয় । বৈদিক আনুগত্যই তেখেতক এনেদৰে লিখিবলৈ অনুপ্ৰাণিত কৰিছিল যেন বোধ হয় যদিও তেখেতে ব্যৱহাৰিক ক্ষেত্ৰত এনে দৃষ্টিভংগীৰে আগবাঢ়ি যোৱাহেতেন জনজাতি লোকসকলৰ মাজত নামধৰ্ম প্ৰচাৰ কৰিব নোৱাৰিলহেতেন ।  

কিছুমানে আপত্তি কৰিলেও এই ম্লেচ আৰু বৌদ্ধসকল যে অসমত প্ৰচলিত তান্ত্ৰিক বৌদ্ধবাদী পন্থাক আকোৱালী লোৱা বিক্ষিপ্ত জনজাতীয় বা জনজাতীয় স্তৰৰ পৰা সামন্তবাদী সমাজলৈ উত্তৰণৰ প্ৰাকমূহুৰ্তৰ মুক্ত সমাজখনেই আছিল তাত সন্দেহ কৰাৰ থল নাই । গুৰুজনাৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল চেলেঞ্জ আছিল প্ৰাকসামন্তবাদী বিক্ষিপ্ত  জনজাতীয় সমাজৰ মূলোচ্ছেদ কৰি ‘এক দেৱ এক সেৱ’ আদৰ্শৰে এক সংহত আৰু ঐক্যবদ্ধ সামন্তবাদী সমাজ প্ৰতিষ্ঠা কৰা । নিসন্দেহে তেখেতৰ এই মতাদৰ্শ গঠিত হৈছিল তীৰ্থভ্ৰমণৰ জৰিয়তে ইতিমধ্য সামন্তবাদ শক্তিশালী ৰূপত থকা ভাৰতৰ ভূমিত বিশিষ্ট বৈষ্ণৱী অনুষ্ঠান সমূহৰ দ্বাৰা অনুপ্ৰাণিতহৈ ।

অসমত নৱ-বৈষ্ণৱ আন্দোলনৰ বাটত অন্যতম ভাবুকি হিচাপে পৰিগণিত হৈছিল আহোম প্ৰশাসন । আমি জানো যে আহোম শাসনত প্ৰজা আৰু শাসকৰ সম্পৰ্ক মূলতঃ আছিল শ্ৰমভিত্তিক পাইক প্ৰথাৰ মাধ্যমেৰে । শ্ৰমৰ মৰ্যাদা আহোম ব্যৱস্থাত অতি গুৰুত্বপূৰ্ণ আছিল । পাইকসকলে বছৰৰ বেছিভাগ সময় দিব লাগিছিল ৰজাৰ কামত । জনগণৰ সংস্কৃতি গঢ়লৈ উঠিছিল শ্ৰমক কেন্দ্ৰ কৰি । আনহাতে নৱ-বৈষ্ণৱ ধৰ্মই এক শ্ৰমহীন সংস্কৃতি গঢ় দিছিল যিটো আহোম ব্যৱস্থাৰ বাবে সুচল নাছিল । বৈষ্ণৱ গুৰুসকলে বৌদ্ধ লামাসকলৰ দৰে শ্ৰমবিহীনভাবে ভকতৰ দান-দক্ষিণাৰে চলি থকা ব্যৱস্থা এটি গঢ় লৈ উঠিছিল । সত্ৰাধিকাৰ আৰু তেওঁলোকৰ ভকতসকলে স্বৰ্গদেৱৰ ঘৰত খাটি দিব বা খাজনা দিব নালাগিছিল আৰু যুদ্ধ বিগ্ৰহলৈও যাব নালাগিছিল ।
‘আহোম ৰাজত্বত গোঁসাই, মহন্ত, বামুন, ভকত, বৈষ্ণৱ আদিয়ে পাইকৰূপে ৰজাৰ ঘৰত খাটিব নলগা, নিষ্কৰ মাটি ভোগ কৰিবলৈ পোৱা আৰু যুদ্ধলৈ যাব নলগা হোৱা বাবেই সত্ৰবিলাক ভকতেৰে ভৰি পৰিল । অৰ্থাত্ ইয়াৰ পৰা অনেক অসুবিধা হৈছিল ।’৮

ৰজাৰ কাম নকৰি দিনৰ দিনটো হাতচাপৰি বজাই হৰি নাম লৈ থকা বুলি অভিযোগ কৰি ভকতসকলক ধৰি আনি ধোদৰ আলি বন্ধাবলৈ লগাইছিল স্বৰ্গদেউ গদাধৰ সিংহই । আহোমৰ সৈতে এই সংঘাত  দীৰ্ঘস্থায়ী আছিল ।এই সংঘাত তীব্ৰতৰ হৈ ধৰ্মীয় সংঘাতৰ ৰূপ লৈছিল যেতিয়া আহোম ৰজাই হিন্দুধৰ্মক ৰাজমৰ্যাদা দিয়ে । তাৰ পিছৰ কাহিনী আমি সকলোৱে জানো । ইয়াৰ  ফলশ্ৰুতি আছিল মোৱামৰীয়া যুঁজ । যাৰ ফলত থানবান হৈ পৰিছিল অসমীয়া জাতি ।

প্ৰতিষ্ঠানিক ধৰ্মৰ পৰা আঁতৰত এক শক্তিশালী প্ৰশাসন চলোৱা আহোমে লগত লৈ আহিছিল  গোষ্ঠীজ চেতনাৰ পৰা উৰ্ধত এক নতুন ৰাজনৈতিক আৰু প্ৰশাসনীয় ভাবধাৰা, নতুন অৰ্থনৈতিক আৰু উত্পাদন কৌশল, নতুন যুদ্ধ কৌশল ,আত্মীয় সৃষ্টি আৰু শান্তিপূৰ্ণভাবে সংঘাত সমাধানৰ নতুন ধাৰণা । লগত কঢ়িয়াই আনিছিল দ মাটিত খেতি কৰিব পৰাৰ কৌশল,  অংকৰ জ্ঞান, পানীৰ গভীৰতা জুখিব পৰা জ্ঞান আৰু উন্নত কাৰিকৰী দক্ষতা চুকাফাৰ আগমন অসমৰ জাতিগঠন প্ৰক্ৰিয়াৰ বাবে এক ঐতিহাসিক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে । আহোম প্ৰশাসন আছিল বিশুদ্ধ সামন্তবাদৰপৰা পৃথক এক ব্যৱস্থা । ৰজা বা ডা ডাঙৰীয়াই উত্তৰাধিকাৰীসুত্ৰে ভূমি-সম্পত্তিৰ গৰাকী হব পৰা নাছিল । পাইক ব্যৱস্থাৰে প্ৰজাক সংঘবদ্ধ কৰি ৰজাৰ অনুগত শক্তিত পৰিণত কৰিব পাৰিছিল । প্ৰজাৰ ধৰ্মমত আদিত ৰজাৰ চিন্তা কৰিব বিশেষ লগা একো নাছিল । আহোম স্বৰ্গদেৱে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ আগলৈকে প্ৰজাৰ মাজত হিন্দু ধৰ্মই বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল আৰু ধৰ্মকেন্দ্ৰিক প্ৰতিষ্ঠানবোৰৰ সামাজিক প্ৰভাৱ অতি গৌণ আছিল । আহোম অসমৰ কাষৰীয়া অঞ্চলবোৰতো কোনো প্ৰতিষ্ঠানিক ধৰ্মৰ প্ৰভাৱ নাছিল । আহোম অসমৰ জনজাতীয় লোকসকলক শংকৰ গুৰুৰ শৰণলৈ অনা মানুহজন আছিল শ্ৰীৰাম আতা । নক্টে ৰজাৰ পৰা আৰম্ভ কৰি বহু ব্ৰাহ্মণেও তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল । তাৰ আগলৈকে অসমৰ কাষৰীয়া পাহাৰত বসবাস কৰা কোনো জনগোষ্ঠী মহাপুৰুষ শংকৰদেৱৰ ভক্তিধৰ্মৰ সংস্পৰ্শলৈ অহা নাছিল বুলি ডঃ পোনা মহন্তই এক প্ৰৱন্ধত উল্লেখ কৰিছে ।    

এখন প্ৰাচীনবাদী সমাজক আধুনিক প্ৰতিষ্ঠানিক ধৰ্মদৰ্শণৰ সৈতে একাত্ম কৰিবলৈ গুৰুজনাই সক্ষম হৈছিল তাৰ একমাত্ৰ কাৰণ আছিল গুৰুজনাৰ সাংস্কৃতিক আন্দোলন । নৱ-বৈষ্ণৱ ধৰ্মীয় দৰ্শণ প্ৰতিষ্ঠা কৰাত গুৰুজনাৰ সামাজিক-সাংস্কৃতিক আন্দোলনেহে বিশেষ ভূমিকা লৈছিল । সকলো জাতি-জনগোষ্ঠী-সম্প্ৰদায়ৰ সমমৰ্যাদা-সমঅধিকাৰৰ আদৰ্শৰে তেখেতে যিদৰে সমবেত কৰিছিল সেয়া সেই সময়ত নিসন্দেহে প্ৰগতিশীল আছিল ।
এই অভিযানৰ ফলতেই বিভিন্ন মতবাদৰ দ্বাৰা বিভ্ৰান্ত কামৰূপীয় সমাজলৈ আহিল সুশৃংখল পৰিবেশ, পূৰ্বৰ স্মাৰ্ত্ ধৰ্মৰ লোক, ইচলাম ধৰ্মী, হীন বুলি অৱহেলিত কৈৱৰ্ত, বনিয়া, জনজাতি সমাজৰ ভোট, গাৰো, কচাৰী, মিকিৰ, নক্টে সকলো আহি নামধৰ্মৰ সমাবেশত মিলি গ’ল । তেওঁলোকে কেৱল সাধাৰণ ভকত হৈও নাথাকিল, স্থান ল’লে কীৰ্তনঘৰত, গুৰু আসনৰ কাষত, একোজন ধৰ্মীয় নেতা বা আতৈ হিচাপে । ৯

কিন্তু বৈষ্ণৱ ধৰ্ম যিহেতু বৈদিক আনুগত্যক ভেটী হিচাপে লৈ  আগবাঢ়িছিল সেয়ে চিন্তা-চেতনাত স্বাভাৱিকতেই পিতৃতান্ত্ৰিক আৰ্যবাদী উপাদান ৰৈ গৈছিল । গুৰুজনাই ব্যৱহাৰ কৰা মেলেচ, বৌদ্ধ আদি কেতবোৰ শব্দই আজিও গুৰুজনাৰ আদৰ্শ সম্পৰ্কত বিতৰ্কৰ সৃষ্টি কৰি আহিছে । গুৰুজনাইও যদিও নগাৰ নৰোত্তম, মুছলমানৰ চান্দসাই , গাৰোৰ গোবিন্দ আদিক একেখন মঞ্চত সমবেত কৰিবলৈ সক্ষম হৈছিল কিন্তু  অসমৰ প্ৰাচীন কৃষ্টি-সংস্কৃতি-লোকাচাৰ আদিক আৰ্য-ভাৰতীয় চোৱাৰ বাবেই হয়তো অসমৰ বহু জনগোষ্ঠী নৱ বৈষ্ণৱ ধৰ্মৰ পৰা আঁতৰি থাকিল বা তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰিলে।

প্ৰাকশংকৰী যুগত বৈষ্ণৱ ধৰ্মই অসমৰ জাতীয় সমাজখনক নতুন ধৰ্মীয়-সাংস্কৃতিক চিন্তাৰে পৰিচয় কৰাই দিয়ে। অৱশ্যে সেয়া মাথোঁ অসমৰ উচ্চ শ্ৰেণীৰ লোকসকলৰ মাজতহে সীমাবদ্ধ আছিল । সেইসময়ত বৈষ্ণৱ ধৰ্ম প্ৰচাৰক সকলৰ মাজত হেম সৰস্বতীমাধৱ কন্দলিহৰিবৰ বিপ্ৰ আদি অন্যতম আছিল । সেই সময়তেই মাধৱ কন্দলিয়ে প্ৰথম অসমীয়া ৰামায়ণ ৰচনা কৰিছিল । নব্য ভাৰতীয় আৰ্য ভাষাত ৰচনা কৰা প্ৰথম ৰামায়ণ এইখনেই বুলি গৱেষকসকলে কয় । তাৰ এশ বছৰ পিছত কীৰ্তিবাসে বাংলাত ৰামায়ণ ৰচনা কৰে। তাৰো এশ বছৰ পিছতহে হিন্দীত ৰামায়ণ অনুবাদ হয়।  সেয়ে প্ৰাক শংকৰী যুগতো অসম সাহিত্য-সংস্কৃতিত কিমান আগবঢ়া আছিল তাৰো নিদৰ্শনো ইতিহাসে ৰাখি থৈ গৈছে। সেয়ে গুৰুজনাই নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ আগতে অসম যে অজ্ঞান-আন্ধাৰত বুৰ গৈ আছিল বুলি যি প্ৰচলিত ধ্যান-ধাৰণা সেয়া মুঠেই সঁচা নাছিল । উল্লেখ্য যে, বৈকুণ্ঠৰ পট আকি থাকোতে গুৰুজনাক ভুল আঙুলীয়াই দিছিল এগৰাকী বান্দীয়ে । ই প্ৰমাণ কৰে যে আনুষ্ঠানিক শিক্ষা নাথাকিলেও অসমৰ সাধাৰণ নাৰীসকলো আছিল শাস্ত্ৰজ্ঞান সম্পন্না ।      

সাংস্কৃতিক আন্দোলনৰ অংশ হিচাপে গুৰুজনাই প্ৰতিষ্ঠা কৰা সত্ৰ-নামঘৰ আদি অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত এক অনবদ্য অবদান । যিসময়ত অসমৰ সমাজ জীৱন ভিন্ন ধৰ্মীয় মতবাদ, হিন্দু সংকীৰ্ণতা, বলি-বিধান আদিৰ দৰে কুসংস্কাৰ আদিৰে আছন্ন, সেই সময়তে গুৰুজনাই সত্ৰ-নামঘৰ প্ৰতিষ্ঠা কৰি সামাজিক-সাংস্কৃতিকভাৱে  সকলোকে সংঘবদ্ধ কৰিবলৈ সক্ষম হৈছিল।
‘অসমীয়া সংস্কৃতিত নামঘৰৰ স্থান কেৱল ঈশ্বৰৰ উপাসনাৰ স্থলীয়েই নহয়, অসমীয়া ধৰ্মীয় তথা সামাজিক বান্ধোনকো সুদৃঢ় কৰাৰ অন্যতম কৰ্মক্ষেত্ৰ হল নামঘৰ । নামঘৰৰ মজিয়াত অনুষ্ঠিত হয় সামাজিক তিথি মহোত্সৱ, সবাহ, ভাওনা আৰু সেইখন মজিয়াতে বহি জ্যেষ্ঠজনে বাদ-বিবাদৰ বিচাৰ কৰে । এতিয়াৰ গণতন্ত্ৰৰ বীজ তাহানি নামঘৰেই অসমীয়া সমাজত সিঁচিলে ।’ ১০

গুৰুজনাই প্ৰচাৰ কৰা নামধৰ্মৰ ফলস্বৰূপে অসমত এক মধ্যশ্ৰেণীৰ জন্ম হয় আৰু ই অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ অৰিহনা আগবঢ়ায় । এই মধ্যশ্ৰেণীৰ গৰিষ্ঠসংখ্যক সত্ৰ ব্যৱস্থাৰ পৰা অহা । সত্ৰ এনে এক সামাজিক প্ৰতিষ্ঠান আছিল যাৰ উদ্দেশ্যই আছিল সমাজৰ পিছপৰা লোকসকলক হৰিভকতৰ মাজেৰে সত্ৰৰ গুৰুত্বপূৰ্ণ পদবীলৈ লৈ অহা । আহোম আৰু কোচ শাসকে বিপুল পৰিমাণৰ ভূ-সম্পত্তি সত্ৰলৈ দান দিয়াৰ ফলত সত্ৰক কেন্দ্ৰ কৰি ভৱিষ্যতে এক পুঁজিভিত্তিক অৰ্থনীতি স্থাপনৰ বাট মুকলি হৈছিল । উত্তৰাধিকাৰসুত্ৰে ভূমিৰ অধিকাৰ পোৱা পাইকসকল আহোম ব্যৱস্থাতকৈ স্বাধীন আছিল । এই উত্তৰাধিকাৰসুত্ৰে পোৱা ভূমি পিছলৈ ইংৰাজৰ শাসনৰ সময়ত চাহবাগানৰ বাবে লীজত দিয়া হৈছিল । সত্ৰক কেন্দ্ৰকৰি হাটীয়াৰ পুঁজি গঠনেৰে অসমত প্ৰথম সমবায় ভিত্তিক বেংকব্যৱস্থাৰ ধাৰণা তৈয়াৰ হৈছিল । এই হাটিয়াৰ পুঁজিৰ স্থানীয় ব্যৱসায় আদিত আদিত বিনিয়োগ কৰা হৈছিল যাৰদ্বাৰা এক পুঁজিবাদী অৰ্থনীতি গঠনৰ বীজ ৰোপন হৈছিল । অসমীয়া জাতি গঠনত ই এক অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়ায় । এনে বণিজ প্ৰক্ৰিয়াৰ ফলত বৰপেটাত দালাল মহাজন শ্ৰেণী এটাৰো সৃষ্টি হৈছিল ।
‘হাটীয়াৰ পুঁজি পদ্ধতি আজি কেবাশ বছৰ আগৰ পৰা(বৰপেটা সত্ৰ স্থাপনৰ আদিৰে পৰা প্ৰচলিত । অৱশ্যে সেইসময়ত বৰপেটাত বয়নকে ধৰি নানাবিধ কুটিৰ শিল্প আৰু ব্যৱসায় আছিল ।বিগত দ্বিতীয় বিশ্বযুদ্ধৰ সময়লৈকে বৰ্তি থকা হাটীয়াৰ পুঁজি ব্যৱস্থাই সৰু সৰু বেপাৰী আৰু কুটীৰ শিল্পক পুঁজি যোগান ধৰাৰ উপৰি স্থানীয় মহাজনসকলে ধন ধাৰে দিছিল…তেওঁলোকৰ কৃষিজাত বস্তু আৰু মাটিৰ সাজ-বাচন, কুঁৱাপাতকে ধৰি কুটিৰ শিল্পজাত দ্ৰব্যবোজাই নাও অসমৰ প্ৰতিখন নদীতে আনকি ব্ৰহ্মপুত্ৰ ভাটী-বংগৰ চিৰাজগঞ্জ আদিতো দেখা পোৱা গৈছিল ।’ ১১

তাৰোপৰি বৈষ্ণৱ কবিসকলে অসমীয়া ভাষাক আশ্ৰয় কৰি সাৰ্বজনীন শিক্ষা দিয়াৰ ব্যৱস্থা কৰাত অসমীয়া ভাষা জাতীয় ভাষা ৰূপে পৰিগণিত হল । অসমৰ সমাজ বিৱৰ্তনৰ বাবে এইবোৰ কাৰকে মুখ্য ভুমিকা লৈছিল । এইদৰে গুৰু শংকৰদেৱৰ নামধৰ্মই সমাজত পুঁজিৰ বিকাশৰ জড়িয়তে আৰু শিক্ষা-সংস্কৃতি-বৃত্তিমুখী কামকাজেৰে মানৱ-সম্পদৰ বিকাশ সাধন কৰিলে আৰু এক অসমীয়া মধ্যশ্ৰেণী নিৰ্মান কৰিবলৈ সক্ষম হ’ল । এই মধ্যশ্ৰেণীয়ে কালক্ৰমত অসমীয়া জাতি গঠনত গুৰুত্বপূৰ্ণ অগ্ৰণী ভূমিকা পালন কৰিলে ।
‘প্ৰত্যেক সত্ৰই পাৰ্থিৱ সম্পদ, ৰাজহি-টুটহি, যুদ্ধ-বিগ্ৰহ আদিৰ কোনো চিন্তা কৰিব নলগা হয় আৰু তাৰ ফলস্বৰূপে সত্ৰবোৰে অসাৰ-সংসাৰ দৰ্শণ প্ৰচাৰ কৰি অপাৰ্থিৱ সম্পদ ঘটিবলৈ সকলোকে শিক্ষা দিয়ে । ইপালে প্ৰত্যেক সত্ৰই একোখন শিক্ষা, সাহিত্য, নৃত্য-গীত, বাদ্য-অভিনয় আদি চৰ্চাৰ কেন্দ্ৰস্থল হৈ পৰে ।’ ১২

গুৰুজনাই প্ৰতিষ্ঠা কৰা নৱবৈষ্ণৱ ধৰ্মই পিছলৈ সংস্কাৰ হ’ল আৰু বিভিন্ন সংহতি, খেল আদিত বিভক্ত হ’ল । অসমৰ সামাজিক-ৰাজনৈতিক বাতাবৰণ একে হৈ নাথাকিল । বিশেষকৈ বৃটিছ শাসনৰ সময়ত কোচ-কচাৰী আদি জনজাতি ৰজাৰ উত্তৰাধিকাৰীসকলৰ অধিকাৰ কৰ্তন কৰিলে আৰু সত্ৰৰ পৰা উচ্চবৰ্ণৰ মধ্যশ্ৰেণীক সা সুবিধা দি ডিভাইড এণ্ড কৌশলে ৰচনা কৰিলে । ডঃ দেৱব্ৰত শৰ্মাই তেখেতৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে, ‘ইয়াৰ ফলত সত্ৰই প্ৰস্তুত কৰা আৰ্হিমতেই অধিক বিভক্ত, অধিক স্তৰবিন্যস্ত সমাজৰ ক্ষেত্ৰ প্ৰস্তুত কৰিলে আৰু আহোম যুগৰ সুষম সামাজিক বৈশিষ্টৰ পৰা জনগণক বঞ্চিত কৰিলে । অসমীয়া জাতি নিৰ্মানত মক্ষোম আঘাতৰূপে বিবেচিত হল এই পৰিঘটনা । পিছলৈ বাংলাপ্ৰেম, বৰ্ণবাদ আদিৰ প্ৰসাৰ ঘটোৱাৰ অভিযোগো সত্ৰ সমূহৰ ওপৰত আছে । একমাত্ৰ গৰমূড় সত্ৰৰ সত্ৰাধিকাৰে নিজকে বৰ্ণবাদৰ উৰ্ধত অৱস্থান কৰাই অস্পৃশ্যতাৰ বিৰোধিতা কৰি এক নীতি আগত ৰাখিছিল পীতাম্বৰ দেৱ গোস্বামীয়েও প্ৰত্যক্ষভাবে ব্ৰাহ্মণ্যবাদৰ বিৰোধীতাৰে যুৱ-ছাত্ৰক সংগঠিত কৰি জাতিগঠন প্ৰক্ৰিয়াত অৰিহনা যোগাইছিল ।’ ১৩

গুৰু শংকৰদেৱৰ অসমীয়া জাতিলৈ অৱদান কৈ শেষ কৰিব নোৱাৰি । ভক্তিবাদৰ আদৰ্শ অসমৰ থলুৱা আদৰ্শ  নোহোৱাৰ পিছতো তেখেতে থলুৱা পোছাক পিন্ধাই, থলুৱা মানুহৰ প্ৰয়োজনভিত্তিত  নৱবৈষ্ণৱ ধৰ্মৰ জড়িয়তে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক এক কৰি এক জাতি গঠন কৰিলে । অকল ধৰ্মাদৰ্শই নহয়, অসমৰ জনসাধৰণক তেখেতে চিনাকি কৰি দিলে সাহিত্য-কলা-চিত্ৰশিল্প-নাট-স্থাপত্যকলা-অৰ্থনীতি নিৰ্মান আদি ভিন্ন বিষয়ৰ সৈতে । ‘যত জীৱ কীট পতংগম/ অগণন জগ তেৰি কায়া’ বুলি প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্কক মানুহৰ মাজত প্ৰচাৰ কৰা, বলি-বিধান,  জাত-পাত আদিৰ বৰ্বৰ প্ৰথাবোৰৰ বিৰূদ্ধে মানৱতাবোধক প্ৰতিষ্ঠা কৰা ইত্যাদিবোৰৰ বাবে তেখেত যথাৰ্থভাবেই এজন মহাপুৰুষৰ শাৰীলৈ নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল ।

গুৰুজনাই আহোমৰ সাত ৰাজ মাৰি এক ৰাজ কৰাৰ নীতিকে লৈ বৃহত অসমীয়া সমাজৰ নিৰ্মাণ কৰিছিল । চাওলুং চুকাফাৰ পিছতেই অসমৰ জাতি গঠন প্ৰ্ক্ৰিয়াত মুখ্য অৱদান গুৰুজনাৰ বুলি কোৱা হয় । আহোম ৰাজত  যিদৰে অসমৰ সকলো জাতি-সম্প্ৰদায়ৰ লোকক এক কৰি, বিষয়বাব দি আহোম প্ৰশাসনৰ ভিতৰুৱা কৰিছিল ঠিক তেনেদৰে গুৰুজনাইও সেই একে আদৰ্শৰেই অসমৰ মানুহৰ এক পৰিচয়-এক সংস্কৃতি-এক ধৰ্মৰ পতাকাৰ তলত আনিব বিচাৰিছিল । গুৰু শংকৰদেৱে এই মতবাদ প্ৰচাৰ কৰিবলৈ অংকীয়া নাট, বৰগীত আদিৰ মাজেৰে জনতাক হৃদয়ত সোমাবলৈ সক্ষম হৈছিল । তেখেতে তেতিয়াই বুজি পাইছিল যে তাত্বিক ভাষণেৰে নহয়, সৰল ভাষাৰে সাধাৰণ মানুহক শিল্প-সাহিত্য আৰু পৰিবেশ্যিত কলাৰ মাজেৰেহে আকৰ্ষিত কৰিব লাগিব । আৰু এই ভাষা যে উত্তৰভাৰত আদিৰ মানুহে বুজি পালেহে যে ইয়াৰ প্ৰসাৰ হব সেয়া তেখেতে তেতিয়াই উপলব্ধি কৰি ব্ৰজৱলী ভাষাৰ সৃষ্টি কৰিছিল । কেৱল নাটেই নহয়, চিত্ৰপট আঁকি অংকীয়া নাট-ভাওঁতাৰ জৰিয়তে দৃশ্য-শ্ৰাব্য মাধ্যমৰো তেখেতেই জন্মদাতা । সমাজৰ জনপ্ৰিয় মতবাদৰ বিপৰীতে এক বিশেষ মতবাদ প্ৰতিষ্ঠাৰ বাবে সাধাৰণ মানুহক সংগঠিত কৰাৰ যি বৈজ্ঞানীক-আধুনিক সংগঠন-কৌশল সেয়া সেই সময়তেই গুৰুজনাই কৰিব পাৰিছিল । সেয়া একপ্ৰকাৰ অবিশ্বাস্য আছিল আৰু সেই একে কৌশলেৰেই আজিও বিভিন্ন কেদাৰভিত্তিক সামাজিক-ৰাজনৈতিক দল-সংগঠনে সাংগঠনিক কামকাজ ৰূপায়ন কৰাটো লক্ষ্যণীয় । সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল, গুৰুজনাই অংকীয়া নাটৰ বাবে মুখা-শিল্পৰ ধাৰণা, সত্ৰৰ ধাৰণা, সত্ৰৰ স্থাপত্য কৌশল আদি বাহিৰৰ পৰা আমদানি কৰা নাছিল । কৰিছিল তদানীন্তত অসমত শক্তিশালী ৰূপত থকা বৌদ্ধবাদ-জনজাতীয় সংস্কৃতি আদিৰ  পৰা । এইবোৰৰ বাবেই গুৰু শংকৰদেৱ অসমৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত ভৱিষ্যতলৈও প্ৰাসংগিক হৈ থাকিব ।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে ঠিকেই উপলব্ধি কৰিছিল যে, শংকৰদেৱে কৃষ্ণৰ মাজেৰে ব্ৰাহ্মণ্য সংস্কৃতিকে নামধৰ্মৰ নামত প্ৰতিষ্ঠা কৰিলে । সমাজবিৱৰ্তনেই তাক অসমৰ সমাজত প্ৰতিষ্ঠা কৰিলে । শংকৰদেৱৰ নামধৰ্মই অসমত হিন্দুত্বক গজগজীয়া কৰিলে আৰু অসমৰ প্ৰাচীন স্বতন্ত্ৰ পৰিচয় লুপ্তহৈ পৰ্যায়ক্ৰমে সাংস্কৃতিক-ধৰ্মীয় আৰু ৰাজনৈতিকভাৱেও বৃহত্ ভাৰতীয় জাতিত জাহ যোৱাৰ পথ মুকলি হ’ল বুলি ক’লে হয়তো সত্যৰ অপলাপ নহব । অৱশ্যে ইয়াৰবাবে দায়ী গুৰুজনা কেতিয়াও নহয় । কাৰণ ভক্তিবাদৰ যি প্ৰৱল ধুমুহা সেইসময়ত ভাৰতৰ ওপৰেদি বৈছিল, তাৰ পৰা অসম আঁতৰত থকা সম্ভৱ নাছিল । গুৰুজনাই সেয়া হুবহু অনুকৰণ নকৰি অত্যন্ত মৌলিকভাৱে  অসমলৈ যি ধৰ্মীয়-সাংস্কৃতিক নৱজাগৰণ আনিছিল সেয়া বৈপ্লৱিক আছিল আৰু সেইসময়ত প্ৰগতিশীলো আছিল ।

সমাজ বিৱৰ্তনৰ চকৰি পিছলৈ নুঘূৰে । গুৰু শংকৰদেৱৰ অসমৰ সমাজলৈ সেই মৌলিক দৃষ্টিভংগীক যাউতীযুগীয়াকৈ ভৱিষ্যতৰ সমাজতো ধৰি ৰাখিবলৈ হ’লে তাক প্ৰগতিশীল দৃষ্টিভংগীৰে বিচাৰ কৰি আগবাঢ়িব লাগিব । জ্যোতিপ্ৰসাদৰ ভাষাত-
‘‘কৃষ্ণ’টো সলাবৰ উপায় নাই । সি সনাতন । কিন্তু তাৰ ৰূপ যুগে যুগে পৰিৱৰ্তন হবই লাগিব … শ্ৰীমন্ত শংকৰৰ সংস্কৃতিত ৰূপান্তৰৰ নীতি খটুৱালেই আমি কৃষ্ণ নামৰ ঠাইত সংস্কৃতি নামটো পাওঁ… যাক হেলা কৰিলে উন্নতিৰ বাটত, প্ৰগতিৰ বাটত পিছপৰি যাব লাগিব, যি সংস্কৃতি মানৱ জীৱনৰ পোহৰ, সৌন্দৰ্য আৰু আনন্দ ।’১৪


পাদটিকাঃ-
১)  ভাৰতীয় চিন্তা, ডঃ শিৱনাথ বৰ্মন,  ৬২ পৃঃ
২) অসমীয়া সাহিত্যৰ ইতিবৃত্ত, চৰ্যাপদ আৰু অন্যান্য, ডঃ সত্যেন্দ্ৰনাথ শৰ্মা,পৃঃ ৪৩
৩) শ্ৰীমন্ত শংকৰদেৱ, কৃতি আৰু কৃতিত্ব, শিৱনাথ বৰ্মন,২০০৮ পৃ ৩৯
৪) একে গ্ৰন্থ, পৃ ১০০
৫) ভাৰতীয় ভক্তিধাৰা বিভিন্ন প্ৰান্তত, শ্ৰীধৰণীধৰ চৌধুৰী,, ১৯৯৮ ইং, পৃঃ ৩৩৩
৬) অসমৰ সংস্কৃতি কোষ, মুখ্য সম্পাঃ ড০ নাৰায়ন দাস, সম্পাদক-ড০ পৰমানন্দ ৰাজবংশী, পৃ ৬১২
৭) শ্ৰীমন্ত শংকৰদেৱ, কৃতি আৰু কৃতিত্ব, শিৱনাথ বৰ্মন,২০০৮ পৃ ৬৬
৮) ইতিহাসে সোঁৱৰা ছশটা বছৰ, ঁসৰ্বানন্দ ৰাজকুমাৰ, পৃ, ২৯৫
)   ভাৰতীয় ভক্তিধাৰা বিভিন্ন প্ৰান্তত, শ্ৰীধৰণীধৰ চৌধুৰী,, ১৯৯৮ ইং, পৃঃ ৩৩৩
১০) (অসমৰ সংস্কৃতি-কোষ, সম্পাদক- ২য় প্ৰকাশ, ২০১৪, পৃ ৩৬২
১১) নামনি অসমৰ সামাজিক পটভূমি, অনিল ৰায়চৌধুৰী, পৃ ৮৯
১২) ইতিহাসে সোঁৱৰা ছশটা বছৰ, সৰ্বানন্দ ৰাজকুমাৰ, পৃ ২৮৭
১৩) অসমীয়া জাতিগঠন প্ৰক্ৰিয়া আৰু জাতীয় জনগোষ্ঠীগত অনুষ্ঠান সমূহ, ডঃ দেৱব্ৰত শৰ্মা, পৃ ৮৫
১৪) শিল্পীৰ পৃথিৱী, জ্যোতিপ্ৰসাদ ৰচনাৱলী, পৃ ৪৩৫





  



5 comments:

  1. বিষয়বস্তুৰ থকা অগাধ দখল আৰু পান্ডিত্যপূৰ্ণ উপস্থাপন শৈলীৰে পাঠটি অতি মনোগ্ৰাহী হৈছে।

    ReplyDelete
  2. ধন্যবাদ দেউ ৷ উৎসিহিত কৰিলে ৷

    ReplyDelete
  3. অনুপম আৰু অতুলনীয় প্ৰবন্ধ।

    ReplyDelete
  4. This comment has been removed by the author.

    ReplyDelete
  5. অতি পৰিশ্ৰমী আৰু বিস্তৃত অধ্যয়নৰ সুন্দৰ ফচল এই নিৱন্ধ৷নিবন্ধকাৰে অত্যাধিক দীৰ্ঘ হোৱাৰ আশংকাত যি সাৱধানতা অৱলম্বন কৰা যেন অনুভৱ হৈছেে,স্থানান্তৰত তাৰ সংযোজন বিষয়বস্তুৱে দাবী কৰাৰ লগতে আগ্ৰহী পাঠকৰ উৎসুকতাকো উলাই কৰিব নোৱাৰে৷বিষয়টি দুই বা তাতোধিক খণ্ডত আলোকপাট কৰিব বুলি আশা পালি ৰ’লোঁ

    ReplyDelete