Thursday, 29 October 2020

 

কাতি বিহুৰ সমাজতাত্ত্বিক বিশ্লেষণ 

ৰক্তিম শৰ্মা 


অসম তন্ত্ৰৰ দেশ৷ প্ৰাচীন হৰ-গৌৰী উপাসনা, কেচাইখাতী, তাম্ৰেশ্বৰী, জয়ন্তেশ্বৰী আদিৰ উপাসনাৰ উপৰিও বিভিন্ন অবৈদিক পৰম্পৰা আৰু লোকাচাৰেৰে অসমৰ জনসংস্কৃতি আৰু তন্ত্ৰসমৃদ্ধ আধ্যাত্মিক চেতনাবোধ স্তৰে স্তৰে গঢ়ি উঠা। এফালে সমগ্ৰ হিমালয় পাদদেশৰ চীন-তীব্বতীয় তাওঁবাদৰ প্ৰভাৱপুষ্ট তান্ত্ৰিক তীব্বতীয় বৌদ্ধবাদ , অহিন্দু তান্ত্ৰিক লোকাচাৰ আৰু আনফালে সনাতনী বৈদিক আৰু ব্ৰাহ্ম্যণ্যবাদী হিন্দু দৰ্শনৰ গঙ্গীয় স্ৰোতৰ মিলন বা সংঘাতৰ মূল কেন্দ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাৰ সভ্যতা৷ যাৰবাবে বৈদিক হিন্দুবাদ আৰু ব্ৰাহ্ম্যণ্যবাদ অসমত প্ৰবেশ কৰি থমকি ৰবলৈ বাধ্য হৈছিল আৰু থলুৱা দেৱতা (deity) সকলক অৱতাৰবাদৰ জৰিয়তে হিন্দুকৰণ কৰি লৈছিল৷ ফলত থলুৱা ৰীতি-নীতিবোৰত প্ৰাচীন তান্ত্ৰিক লোকাচাৰ আৰু বৈদিক ব্ৰাহ্ম্যণ্যবাদী লোকাচাৰবোৰ সংপৃক্ত হৈ পৰিল৷ ইয়াৰ ভিতৰত বৌদ্ধতন্ত্ৰ আৰু হিন্দুতন্ত্ৰৰ সংপৃক্ত ৰূপ এটাই থিতাপি ল’লে আৰু কালক্ৰমত ই অসমীয়া থলুৱা কৃষ্টি ৰূপে চিনাকি হৈ পৰিল। এইক্ষেত্ৰত মহাপুৰুষদুজনাৰ ভূমিকা অতি উল্লেখযোগ্য ৷ 

পশ্চিম দক্ষিণ-পূৱ এচিয়াৰ ভিন্ন লোকাচাৰ আৰু সংস্কৃতিৰ মাজত একধৰণৰ সাদৃশ্য দেখা যায় যিটো গঙ্গেয় আৰু সিন্ধু উপত্যাকাৰ সৈতে পৃথক৷ অৱতাৰবাদৰ দ্বাৰা বৈদিক ব্ৰাহ্মণসকলে অসমৰ থলুৱা লোকক হিন্দুকৰণ কৰি ল’লে যদিও প্ৰাচীন তান্ত্ৰিক লোকাচাৰবোৰক অশ্লীল-যৌনগন্ধী বা নীচজাতৰ লোকাচাৰ বুলি ঘৃণা কৰিবলৈ নেৰিলে ৷ সেয়ে আজিও কুকুৰা, গাহৰি, মহিষ আদিৰ মাংস উচ্চবৰ্ণৰ মাজত অস্পৃশ্য ৷ প্ৰাচীন লোকাচাৰ মদ-মহিষ আৰু মৈথুনৰ যি কৃষিভিত্তিক প্ৰতীকবাদ তাৰ সৈতে পশুপালক আৰ্যৰ গো-বলয়ৰ কৃষ্টি চেতনাৰ আকাশ পাতাল পাৰ্থক্য। আমাৰ অসমৰ থলুৱা প্ৰবচন -’ শাল-শিঙি-সুৱাৰ⁄ তিনি ভক্তিৰ দুৱাৰ’ উচ্চবৰ্ণৰ আৰ্যহিন্দুৰ বাবে হজম নোহোৱা কথা। তাৰকাৰণেই হয়তো দুৰ্গাপূজাত বলি দিয়া দেৱীৰ খাদ্য মহিষৰ মাংসৰ প্ৰসাদ উচ্চবৰ্ণৰ বাবে অস্পৃশ্য ! 

অহিন্দু বা অবৈদিক কৃষিভিত্তিক তান্ত্ৰিক উপাচাৰবিধিৰ সৈতে যৌনতা , মদ আৰু মাংসাদি ভোজন, নৰবলি, ম’হৰ দৰে ডাঙৰ জন্তুৰ বলি, দেৱ আৰু মানুহৰ ভিন্ন ব্যক্তিত্বকৰণ (Personification) উপাসনাৰ মৌলিক উপাদান৷ বিশেষকৈ জনজাতি আৰু নিম্নবৰ্ণীয় লোকৰ সমাজত এইবোৰ পৰম্পৰা অধিক আছিল। এই অবৈদিক পৰম্পৰাৰ সৈতে লিংগ-যোনীকেন্দ্ৰিক উৰ্বৰতাসম্পৰ্কীয় প্ৰতীকবাদৰ প্ৰাধান্য অধিক ৷ সেই সমাজৰ জনবিশ্বাসত আত্মা বিৰাজমান৷ আনকি মানুহে এইজীৱনতে মানুহৰ পৰা বাঘ হব পাৰে বা হৰিণৰ পৰা মানুহো হব পাৰে ৷ ইয়াত ঈশ্বৰ উপাসনা গৌণ ,অপায়-অমঙ্গল সৃষ্টি কৰা অপশক্তিক সন্তুষ্ট কৰিবলৈহে তন্ত্ৰাদি উপাসনাৰ আশ্ৰয় লোৱা হয়৷ ৰাভাসকলৰ বিভিন্ন লোককথাত তেনে বহু কাহিনী পোৱা যায় ৷ 

বৈদিক-ব্ৰাহ্মণীয় উপাচাৰবিধিৰ সৈতে আত্মা-পৰমাত্মা আৰু পূৰ্বজন্মৰ প্ৰতি বিশ্বাস, বলিবিধান, যজ্ঞাদি মূল হোৱাৰ বিপৰীতে আত্মা-পৰমাত্মাৰ বিশ্বাসহীনতাৰ মাজেৰে দেহতাত্বিক বিষয়বোৰ বৌদ্ধবাদৰ দান। গোৱালপাৰাৰ ৰাজবংশীৰ মাজত হুদুম পূজা, কাৰ্তিক পূজা আদিৰ সৈতে যিবোৰ অশ্লীল যৌনগন্ধী লোকাচাৰ, নাথ-যোগীৰ বিভিন্ন পৰম্পৰা আদিৰ যি দেহতাত্বিক বিষয়সমূহ এই অবৈদিক তান্ত্ৰিক পৰম্পৰাৰ উহাদৰণ। বৌদ্ধবাদ এই তন্ত্ৰবাদৰ অধিক কাষচপা আছিল বাবে সংপৃক্তকৰণত ই সহায় কৰিলে ৷ শ্ৰীসূৰ্যপাহাৰ, পাগলাৰটেক, হয়গ্ৰীৱ মাধৱ , মদন-কামদেৱ আদি বিভিন্ন দেৱালয়ত এই সংশ্লেষিত সংপৃক্ত ৰূপৰ অস্তিত্ব আজিও দেখা যায় । আনকি কামাখ্যা দেৱীৰ ৰজঃঋতুৰ সৈতে যি বিশ্বাস সেইবোৰো প্ৰাচীন তান্ত্ৰিক অহিন্দু লোকাচাৰৰ অংগ। 

হৰ-গৌৰী তন্ত্ৰৰ সৈতে নিকট সম্পৰ্কৰ বাবেই বৌদ্ধবাদে হিমালয়ৰ পাদদেশত তন্ত্ৰৰ প্ৰভাৱেৰে তান্ত্ৰিক মহাযানী অথবা ব্ৰজ্ৰায়নী হৈ পৰিল আৰু চীনসহ সমগ্ৰ দক্ষিন-পূৱ এচীয়াৰ এক বৃহৎ লোকসমাজক প্ৰভাৱিত কৰি পেলালে ৷ সমান্তৰালভাৱে শক্তিশালী বৈদিক-ব্ৰাহ্মণীয় সনাতন দৰ্শন আৰু পিছলৈ ব্ৰাহ্ম্যণ্যবাদৰ প্ৰতি মৃদু  বিৰোধ কিন্তু বেদৰ দৰ্শনক ভিত্তি কৰি নৱ-বৈষ্ণৱপন্থাই এক বৃহৎ পৰিসৰত ব্যাপকতা লাভ কৰিলে। 

অসমৰ প্ৰাক্ মধ্যযুগীয় সমাজজীৱন কেনেদৰে হৰ-গৌৰী তন্ত্ৰ, বৌদ্ধায়ন, ব্ৰাহ্মণীয় আৰু বৈষ্ণৱী ভাৱধাৰাৰ সংমিশ্ৰণত গঢ়ি উঠিল সেয়া ওপৰত উল্লেখ কৰা হৈছে। এয়া বাহুল্য নিশ্চয় নহব যে অবৈদিক তন্ত্ৰচাৰণ কৰা অসমৰ অনাৰ্য সকলক বৈদিক ব্ৰাহ্মনীয় ধাৰাত অস্পৃশ্য অসুৰ-দানৱ  বুলি অভিহিত কৰা হৈছিল৷ ময়ৰঙ্গ বা কিৰাট মহীৰঙ্গ নৃপতিকে মহীৰঙ্গ দানৱ বুলি অভিহিত কৰা হৈছিল, যিজনক অসমীয়া জাতিৰ আদিপুৰুষ বোলা হয়। তাৰপিছত নৰকাসুৰ, বানাসুৰ আৰু তেওঁলোকৰ সৈতে সংঘাত বা আত্মীয়তাৰ মাজেৰে আৰ্যৰ প্ৰবেশ আদি কাহিনীৰ মাজত অসম যে পৌৰাণিক কালৰে পৰা আৰ্য-অনাৰ্যৰ সংঘাত বা বিভেদ স্বত্বেও এক নিকট সম্পৰ্কৰ মাজেৰে বিকশিত  তাৰ ইংগিত পোৱা যায়৷ কোনো কোনোৰ মাজত বৈদিক আদৰ্শ তীব্ৰ আৰু অবৈদিক তন্ত্ৰ গৌণ বা তাৰ বিপৰীতে কোনো কোনোৰ মাজত তন্ত্ৰ শক্তিশালী আৰু বৈদিক আদৰ্শ গৌণ। তাৰ মাজৰ এটা স্তৰ আকৌ বুজাবুজিৰ মাজেৰে সংশ্লেষিত ৰূপত বিকাশমান। সমাজ বিকাশ আৰু বিৱৰ্তনৰ দৰে মানুহৰ আধ্যাত্মিক আদৰ্শ বা লোকাচাৰ আদিও সময়ৰ স্তৰে স্তৰে বিৱৰ্তিত হৈ ন ৰূপত বিকাশমান। 

মানুহৰ লৌকিক-অলৌকিক বিশ্বাসসমূহ উৎপাদন পদ্ধতিৰ সৈতে সম্পৰ্কীত ৷ নতুন উৎপাদন পদ্ধতিয়ে নতুন ভাৱধাৰাৰ বিকাশ কৰে ৷ সমাজ বিৱৰ্তনৰ স্তৰবোৰ খোজে খোজে আগবাঢ়ে ৷ আদিতে খাদ্য সংগ্ৰহকাৰী জনজাতি বা গোট সময়ৰ খোজত খাদ্য উৎপাদনকাৰী গোষ্ঠী বা সম্প্ৰদায়লৈ বিকশিত হয়৷ পুঁজিৰ বিকাশে বিভিন্ন গোষ্ঠী-সম্প্ৰদায়ৰ মাজত একীভৱন বা নিকট সম্পৰ্ক স্থাপন কৰি ক্ৰমে জাতিসত্ত্বা আৰু শেষত সয়ংসম্পূৰ্ণ জাতিলৈ উত্তৰণ ঘটায়। অসমীয়া জাতিও এইদৰে ভিন্ন মানৱ গোটৰ সংমিশ্ৰণত সৃষ্টি ৷ স্বাভাৱিকতেই ভিন্ন মানৱ গোট, গোষ্ঠী-সম্প্ৰদায়ৰ লৌকিক-অলৌকিক বিশ্বাসৰ সংমিশ্ৰণ, ভিন্ন উৎপাদন পদ্ধতিৰ সংমিশ্ৰণত এক উমৈহতীয়া কৃষ্টিৰ গঢ় ল’লে ৷

খাদ্য সংগ্ৰহকাৰীৰ পৰা খাদ্য উৎপাদনকাৰীলৈ আৰু ক্ৰমশঃ অস্থায়ী ঝুম কৃষিপদ্ধতিৰ পৰা স্থায়ী কৃষিপদ্ধতিলৈ উৎপাদন ব্যৱস্থাৰ উত্তৰণ এদিনতেই সম্ভৱ হোৱা নাছিল৷ এক দীৰ্ঘপৰিক্ৰমাৰ মাজেৰে আজিৰ উৎপাদন ব্যবস্থালৈ উত্তৰণ সম্ভৱ হৈছে ৷ যুক্তিসিদ্ধভাৱে কব লাগিলে অসমীয়া সমাজৰ যি লৌকিক-অলৌকিক বিশ্বাস, কৃষ্টি-সংস্কৃতি আদিও একেদৰে এক দীৰ্ঘ পৰিক্ৰমাৰ ফল ৷ সেয়ে অসমৰ সমাজজীৱনত যিবোৰ কৃষ্টি-সংস্কৃতি দেখা যায় সেইবোৰৰ মাজত এই স্তৰে স্তৰে বিকশিত আৰু বিৱৰ্তিত সমাজৰ উপৰোক্ত উপাদানবোৰ আজিও প্ৰকট হৈ আছে ৷ 

কাতি বিহুৰ সমাজতাত্বিক বিশ্লেষণ কৰিবলৈ গৈ ইমানবোৰ পাতনি মেলিব লগীয়া হোৱাৰ কাৰণটো এয়াই যে, এই উপৰোক্ত কথাখিনি নুবুজিলে আমি অসমৰ কৃষ্টি-সংস্কৃতিৰ প্ৰকৃত চিত্ৰখন বুজাত কঠিন হব ৷ যাৰবাবেই বহুতে কাতি বিহুৰ পৰম্পৰাক একেকোবেই হিন্দু আৰ্যহিন্দু সংস্কৃতি বুলি কৈ দিব খোজে। 

বৃহত্তৰ অসমত কৃষিব্যৱস্থাৰ আমোল পৰিৱৰ্তনত আহোম-কোচৰ লগতে ব্ৰাহ্মণ আৰু বাৰভুঞাসকলৰ অৱদান উল্লেখযোগ্য৷ কৃষিপদ্ধতিত টাইসকলৰ অৱদান বহুতোৰে জ্ঞাত যদিও ব্ৰাহ্মণসকলৰ অৱদান হয়তো বহুতোৰে বাবে এক আচহুৱা বিষয়। 

আমি জানো যে, প্ৰাচীন অসমৰ সৰহসংখ্যক মন্দিৰ, দেৱালয় আদি প্ৰকৃততে বৈদিক হিন্দুৰ বিপৰীতে জনজাতিসকলৰ উপাসনাস্থলী আছিল যিবোৰক নানা কাহিনী আদিৰ জডিয়তে হিন্দুৰ দেৱ-দেৱতাৰ সৈতে একাকাৰ কৰি হিন্দুকৰণ কৰা হৈছিল । এইদৰে অসমত তান্ত্ৰিক বৌদ্ধবাদ, বামাচাৰ, শৈৱ-শাক্ত আদি সকলো পন্থা ব্ৰাহ্মণ্যযুগৰ পণ্ডিতসকলৰ সৃষ্ট অৱতাৰবাদৰ জড়িয়তে বৃহত হিন্দুপন্থালৈ বিকাশ হৈছিল । এইদৰেই জনজাতীয় সমাজত আৰ্য ব্ৰাহ্মণৰ প্ৰবেশ সুচল হৈছিল ।

‘ব্ৰাহ্মণসকল কেৱল যজ্ঞানুষ্ঠানৰ সম্পাদকেই নাছিল, জ্যোতিৰ্বিদ্যা, ভেষজবিদ্যা, বতৰবিজ্ঞান, কৃষিপদ্ধতি আদিও তেওঁলোকৰ জনা আছিল । সেয়ে খাদ্য সংগ্ৰহকাৰী অনাৰ্যসমাজবোৰত তেওঁলোকৰ অনুপ্ৰবেশ সেই সমাজবিলাক খাদ্য উৎপাদনকাৰী সমাজলৈ উন্নীত হোৱাত সহায় কৰিছিল…জনজাতীয় সমাজত সোমোৱা ব্ৰাহ্মণ প্ৰব্ৰজকসকলেই আছিল প্ৰথম অৱস্থাত সেই সমাজবিলাকৰ পথদ্ৰষ্টা আৰু শিক্ষক ।’ (ভাৰতীয় চিন্তা, ড° শিৱনাথ বৰ্মন )

অসমৰ জনজাতীয় সমাজবিলাক উপৰোক্তধৰণে ক্ৰমশঃ হিন্দু সমাজৰ অন্তৰ্ভুক্ত হৈছিল যদিও নিজৰ প্ৰাচীন উপাসনা-ঐন্দ্ৰজালিক আচাৰ ব্যৱহাৰ আদি সম্পূৰ্ণকৈ ত্যাগ কৰা নাছিল । ম’হ-কুকুৰা বলি দিয়া, মদ উচৰ্গা কৰা , যৌনাচাৰ, খোৱা-বোৱা-আচাৰ আচৰণত যি হিন্দু শুচিতা তাৰ পৰা তেওঁলোক মুক্ত আছিল । সেয়ে বৰ্ণহিন্দুসকলৰ বাহিৰে অসমৰ সমাজ মুক্ত আছিল জাত-পাত আদি সংকীৰ্ণ বৈদিক পিতৃতান্ত্ৰিক হিন্দু ৰীতি-নীতিৰ পৰাও । যাৰকাৰণেই অসমত ব্ৰাহ্মণ্যবাদী ধৰ্মাচাৰৰ পৰিৱৰ্তে তান্দ্ৰিক বৌদ্ধবাদ আৰু প্ৰাচীন উপাসনা পন্থাবোৰ দৃঢ় আছিল ৷ 

আমি পূৰ্বতেই উল্লেখ কৰি আহিছোঁ যে মানুহৰ লৌকিক-অলৌকিক বিশ্বাসসমূহ উৎপাদন পদ্ধতিৰ সৈতে সম্পৰ্কীত ৷ নতুন উৎপাদন পদ্ধতিয়ে নতুন ভাৱধাৰাৰ বিকাশ কৰে ৷ হিমালয়ৰ নামনিৰ মানৱ সম্প্ৰদায়ৰ মাজত অতীজৰে পৰাই স্থায়ী কৃষিপদ্ধতিৰ প্ৰচলন নাছিল, বৰং হাবি-বন কাটি ন-ন মাটি মোকোলাই অস্থায়ীভাৱে ঝুম খেতি কৰাৰ পৰম্পৰাহে আছিল। তীব্বত-ভূটানৰ পৰা আৰম্ভ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ঠাইতে তেনে কৃষিব্যৱস্থাই আছিল ৷ আনকি অবিভক্ত গোৱালপাৰা জিলাত ১৭৮৯ চনত  চিৰস্থায়ী বন্দোবস্তি নোহোৱালৈকে মানুহে স্থায়ীভাৱে একে ঠাইতে খেতি কৰা নাছিল ৷ আহোম অসমতো টাইমূলীয় আহোম সকলৰ আগমনৰ পূৰ্বে স্থায়ী কৃষিপদ্ধতিৰ প্ৰচলন নাছিল। 

 টাই-চাম সকলে পুৰণি জনজাতি ঝুমীয় অস্থায়ী কৃষি পদ্ধতিৰ আমোল পৰিৱৰ্তন কৰি বিস্তীৰ্ন এলাকাত পথাৰত আলি দি শালি ধানৰ পানী খেতি প্ৰৱৰ্তনৰ জৰিয়তে এক স্থায়ী কৃষি পদ্ধতি সুচনা কৰিছিল যিয়ে এক সুস্থিৰ জনসমাজৰ সুচনা কৰে । ইয়াৰ ফলত অৰ্থনীতিৰো আমোল পৰিৱৰ্তন হল আৰু এইদৰে স্থায়ী কৃষি পদ্ধতি, স্থায়ী বসতি আৰু সুনিৰ্দিষ্ট পৰিমানৰ ৰাহিয়ে এক স্থায়ী ৰাষ্ট্ৰব্যৱস্থা নিৰ্মান কৰে । এইদৰেই অসমীয়া জাতি নিৰ্মানৰ বীজটো অংকুৰণ ঘটে । এই ক্ষেত্ৰখনকে একে মতাদৰ্শৰে একে সাংস্কৃতিক গভীৰতাৰে সুষমতা প্ৰদান কৰিছিল গুৰু শংকৰদেৱৰ সাংস্কৃতিক নৱজাগৰণে । 

বৃহত্তৰ কামৰূপ-কমতাপুৰত আৰু মধ্য অসমত ব্ৰাহ্মন সকলৰ পিছতেই অসমত সামাজিক-অৰ্থনৈতিক ব্যৱস্থা আৰু উৎপাদন পদ্ধতিৰ অন্যতম সংস্কাৰক আছিল বাৰভুঞাসকল। ইয়াৰ দ্বাৰা এটা সিদ্ধান্তত উপনীয় হব পৰা যায় যে, আহোম-অসমত স্থায়ী কৃষিপদ্ধতিৰ লগতে শালিখেতিৰ পৰম্পৰা আৰম্ভ কৰাসকল আছিল টাই-শ্বান গোষ্ঠীৰ আহোমসকল আৰু কামৰূপ-কমতা আৰু মধ্য অসমত এই দায়িত্ব পালন কৰা ব্ৰাহ্ম্যণীয় ব্যৱস্থাৰ সৈতে সংপৃক্ত হৈ ৰাজকাৰ্য পালন কৰা কোচ-কমতাপুৰী শাসকসকল আৰু বাৰভূঞাসকল।  

অসমত পৰম্পৰাগত স্থায়ী কৃষিপদ্ধতিত এবছৰত মাথো এবিধ শস্যৰ খেতিহে কৰা হৈছিল। হয়তো মানুহে স্থায়ীকৃষিপদ্ধতি অৱলম্বন কৰিলেও খাদ্য সংগ্ৰহৰ অভ্যাসৰ পৰা মুক্ত নাছিল ৷ সেয়ে আজিও অসমৰ মানুহৰ খাদ্যাভ্যাসত হাবি-বননিৰ পৰা সংগ্ৰহ কৰা কচু-ঢেকীয়া, বিভিন্ন বনৰীয়া আলু, কলু-লেটা আদি দেখা যায়। এইবোৰ মূলতঃ জনজাতীয় খাদ্যসংগ্ৰহকাৰী সমাজৰ অভ্যাসৰ চানেকি। 

শালি ধান মূলতঃ আহাৰ-শাওন মাহত ৰোৱা হয় আৰু আঘোণ-পুহ মাহত চপোৱা হয়। শালিধান চপোৱাৰ আগে আগে আহিন-কাতি মাহত মানুহৰ জমা ধান শেষ হয়, পথাৰত পোক-পতংগৰ আক্ৰমন হয় আৰু স্বাভাৱিকতেই অপশক্তিক ৰোধিবলৈ, কঠিন সময়বোৰ আঁতৰি যাবলৈ প্ৰাচীন তন্ত্ৰ-মন্ত্ৰ-মেজিক আদিৰে উপাসনা কৰা হৈছিল বুলি অনুমান কৰিব পাৰি ৷ পথাৰত ঔটেঙাৰ বাকলিৰ চাকি, আকাশ বন্তি আদিত প্ৰাচীন তন্ত্ৰৰ প্ৰভাৱ মনকৰিবলগীয়া। 

খেতি চপোৱাৰ আগতে   পথাৰত চাকি দি খেতি নদন-বদন হোৱাৰ কামনাৰে এক উৎসৱ জাপানত বৰ জনপ্ৰিয় ৷ সকলো অপায় অমংগল দূৰ কৰিবলৈ পূৰ্বজৰ আত্মাবোৰক সুঁৱৰি পথাৰত চাকি জ্বলোৱা হয় ৷ বিশ্বাস যে পূৰ্বজৰ আত্মাবোৰে আহি খেতিয়কৰ সকলো অপায়-অমংগল দূৰ কৰিব ৷ তাৰোপৰি ধান ৰোৱাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰা ধানখেতি ৰক্ষা কৰিবলৈ জাপানৰ হিটোয়ামাত ’মুছি-অ’কুৰি’ (Mushi Okuri )নামৰ এক প্ৰাচীন কেণ্ডেল-লাইট উৎসৱত পথাৰৰ আলিত শাৰী শাৰীকৈ হাতেৰে নিৰ্মিত চাকি দিয়া হয়। এই পৰম্পৰা প্ৰায় ৩০০ বছৰ পুৰণি ৷ বৌদ্ধবাদ চৰ্চা কৰাসকলে জানে যে হিন্দুধৰ্মৰ নিচিনা বৌদ্ধধৰ্মতো চাকিৰ প্ৰভাৱ অপৰিসীম ৷ 

পথাৰত ঔটেঙাৰ বাকলিত চাকি দিয়াৰ পৰম্পৰা হিন্দুধৰ্মাৱলম্বী ভাৰতৰ অন্য কোনো ঠাইতে দেখা নাযায় ৷ জাপানৰ ’মুছি-অ’কুৰি’ (Mushi Okuri ) পৰম্পৰা পোনে পোনে অসমত আহি থিতাপি ল’লে নে অসমৰ পৰাগৈ জাপানৰ পৰম্পৰাৰ অংগ হ’ল সেয়া গৱেষণাৰ বিষয়। থাইলেণ্ডত বৌদ্ধধৰ্মীয় পৰম্পৰাত য়ি পেং (yi peng) নামৰ এক উৎসৱ পালন কৰা হয় ৷ আকাশ বন্তি (Khom Fai) সৌভাগ্যৰ প্ৰতীকৰূপে দিয়া হয় য’ত দুৰ্যোগ-সমস্যা আদিৰ বিনাশ হয় বুলি ভবা হয়৷ 

কাৰ্তিক সংক্ৰান্তিত কৃট্টিকা নক্ষত্ৰই তুলা ৰাশিত প্ৰবেশ কৰে। এই কৃট্টিকা নক্ষত্ৰ আৰু কাৰ্তিক মাহ হিন্দুসকলৰ পবিত্ৰ মাহ। এই মাহতেই দেৱালী,ধনতেৰচ আদি উদ্ যাপন কৰা হয়।  এই কৃট্টিকা দক্ষৰ জীয়েক বুলি ভাৰতীয় জ্যোতিষত কোৱা হয় ৷ অৰ্থাৎ কৃট্টিকা সৌভাগ্যৰ প্ৰতীক৷ চন্দ্ৰপত্নী কৃট্টিকাৰ মূল প্ৰভাৱী দেৱতা অগ্নি৷ ভৃগুপত্নী খ্যাতি (Khyati) কৃট্টিকাৰ ভগ্নী ৷ গতিকে খ্যাতিৰ পৰা কাতি নে কৃট্টিকাৰ পৰা কাৰ্তিক> কাতি হ’ল সেয়া এক প্ৰশ্ন হব পাৰে৷ 

অসম যিহেতু জ্যোতিষবিদ্যাৰ প্ৰাণকেন্দ্ৰ আছিল গতিকে প্ৰাচীন উপাসনাৰ সৈতে জ্যোতিষ সম্পৰ্কীয় বিষয়বোৰো সংপৃক্ত হৈছিল বুলি অনুমান কৰিব পাৰি ৷ সেয়ে ঝুমীয় কৃষি পৰম্পৰাৰ সৈতে জড়িত অহিন্দু তান্ত্ৰিক বিশ্বাসসমূহ পিছলৈ কাৰ্তিক সংক্ৰান্তীৰ সৈতে একীভূত হব পাৰে ৷ তন্ত্ৰ আৰু বৌদ্ধৰ সৈতেও পূৰ্ণচন্দ্ৰ (Full moon)ৰ সম্পৰ্ক আছে ৷ অৰ্থাৎ অগ্নি, চন্দ্ৰ আৰু কৃট্টিকা নক্ষত্ৰৰ সৈতে কাতি মাহত উদ্ যাপিত অন্য হিন্দু উৎসৱৰ সৈতে কাতি বিহুৰ এক সম্পৰ্ক দেখা যায়৷ চীনাসকলেও শস্য চপোৱাৰ আগে আগে অধিক উৎপাদনৰ কামনাৰে চন্দ্ৰক উপাসনা কৰে ৷ তান্ত্ৰিক বিশ্বাসত চন্দ্ৰৰ সৈতে ’কাম’ৰ সম্পৰ্ক ৷ ’কাম’ উৎপাদনৰ প্ৰতীক। 

 হিন্দু ধৰ্মৰ লগতে মহাযানী বৌদ্ধধৰ্মতো অগ্নিক দেৱতাৰূপে গণ্য কৰা হয়। থাইলেণ্ডৰ  থেৰাবাদী বৌদ্ধত অগ্নি কনিষ্ঠ দেৱতা Phra Pholeng (পৱিত্ৰ শিখা)। উল্লেখ্য যে অগ্নি তান্ত্ৰিক বৌদ্ধবাদৰো অন্যতম দেৱতা। অগ্নি যিদৰে জ্বলি শেষ হোৱাৰ পিছত একো অস্তিত্ব নাথাকে জীৱনৰো মৃত্যুৰ পিছত একো অস্তিত্ব নাথাকে বুলি বৌদ্ধমতে বিশ্বাস কৰে ৷ জাপানত অগ্নিক কাতেন (katen) বুলি কোৱা হয়। বাৰজন দেৱতা (twelve deity)ৰ মাজত অগ্নি (Katen) অন্যতম৷ 

"তুলসীৰ তলে তলে মৃগপহু চৰে ৷

তাকে দেখি ৰামচন্দ্ৰই শৰধেনু ধৰে ৷৷" 

কাতি বিহুত তুলসীৰ তলত চাকি দিয়াৰ পৰম্পৰা কেতিয়াৰ পৰা আৰম্ভ হ’ল সেয়া এই আলোচনাৰ এক অন্যতম দিশ৷ ৰামচন্দ্ৰৰ অস্তিত্ব প্ৰাচীন শক্তি তন্ত্ৰৰ ওচৰে পাজৰেও নাই ৷ তেনেহ’লে তুলসীৰ তলত মৃগ চিকাৰ কৰিবলৈ ৰাম আহিল ক’ৰ পৰা ? কথাটো হ’ল, বৌদ্ধবাদত ৰামৰ কাহিনী আছে যদিও হিন্দুৰ দৰে ৰামক ভগৱান হিচাপে গ্ৰহণ কৰা নাই। অৱশ্যে জাতকত বুদ্ধই আকৌ নিজকে ৰাম বুলি উল্লেখ কৰিছে। বৌদ্ধ ধৰ্মৰ প্ৰভাৱ থকা সমগ্ৰ দক্ষিণ-পূৱ এচিয়াত ৰামায়নৰ কাহিনী জনপ্ৰিয় হৈছিল। 

অসমৰ সংস্কৃতিত ৰামৰ প্ৰবেশ ঘটিল বৈষ্ণৱ যুগত ৷ গুৰু শংকৰদেৱে নামধৰ্ম প্ৰচাৰ কৰাৰ পূৰ্বেই ৰামৰ কাহিনী অভিজাত শ্ৰেণীৰ মাজত প্ৰবেশ কৰিছিল যদিও জনপ্ৰিয় হোৱা নাছিল। আমি জানো যে মাধৱ কন্দলিয়ে সৰ্বপ্ৰথম আঞ্চলিক ভাষাত ৰামায়ন ৰচনা কৰিছিল। শ্ৰীমন্তশঙ্কৰদেৱ-মাধৱদেৱে কৃষ্ণ আৰু ৰামক জনপ্ৰিয় কৰি প্ৰাচীন শক্তি তন্ত্ৰ আৰু বৌদ্ধবাদ (বজ্ৰায়ন)ৰ বিপক্ষে থিয় কৰালে। সেইসময়তে অসমত বাৰভুঞাসকলৰ নেতৃত্বত বিশুদ্ধ সামন্তবাদ পুলি ৰোপন হৈছিল। 

গুৰুদুজনাই তান্ত্ৰিক শক্তি উপাসনাৰ বা বৌদ্ধাচাৰণৰ বিৰোধ কৰিলেও অসমত ইয়াৰ প্ৰভাৱ ইমানেই দৃঢ় আছিল যে বেদপ্ৰধান বৈষ্ণৱী আদৰ্শই সেইবোৰ পৰম্পৰাক সম্পূৰ্ণকৈ উচ্ছেদ কৰিব নোৱাৰিলে ৷ ব্ৰাহ্মণীয় যুগত মূল ভাৰতভূমিৰ পৰা  অৱশ্যেই বৌদ্ধক বিতাড়িত কৰা হৈছিল আৰু ই প্ৰাচীন তন্ত্ৰবাদক কবচ হিচাপি লৈ থিতাপি লবলৈ সক্ষম হৈছিল অসম, তীব্বত আদি কৰি হিমালয়ৰ দেশসমূহত ৷ অসমৰ গণসংস্কৃতিত সেয়ে প্ৰাচীন জনজাতীয় সমাজৰ সাংস্কৃতিক প্ৰভাৱ বৈষ্ণৱী সামন্তবাদে নিঃশেষ কৰিব নোৱাৰিলে ৷ সেয়ে ভাৰতৰ কোনো ঠাইতে নোহোৱা কাতি বিহু অসমত ৰৈ গ’ল ঔটেঙাৰ চাকি আৰু আকাশ বন্তিত ৷ বাকী প্ৰাচীন তন্ত্ৰক উচ্ছেদ কৰি নাম-প্ৰসংগ, তুলসীৰ তলত চাকি, মৃগপহু চিকাৰ কৰা ৰজা ৰামচন্দ্ৰক  বৈদিক আদৰ্শৰে অনুপ্ৰানিত হোৱা বৈষ্ণৱবাদে প্ৰতিষ্ঠা কৰিলে ৷ 

মহাপুৰুষীয়া ধৰ্মই বৃহত্তৰ কোচ আৰু আহোম অসমক বৈষ্ণৱী আদৰ্শৰে এক কৰি গণসমাজক বিশেষভাৱে প্ৰভাৱিত কৰিলে যদিও অসমৰ সমাজৰ পৰা তন্ত্ৰ আৰু বৌদ্ধবাদ সম্পূৰ্ণ উচ্ছেদ নহ’ল। বৰং আজিও ই স্থানীয় লোকাচাৰৰ মাধ্যমত বিভিন্ন লোকসম্প্ৰদায়ৰ মাজত ৰৈ গ’ল। উদাহৰণস্বৰূপে, কোচ-ৰাজবংশী মহিলাসকলে  পালন কৰা কাৰ্তিক পূজাত যৌনগন্ধী গীত-পদ , প্ৰতিকী যৌনাচাৰ অন্যতম লোকাচাৰ, হুদুম পূজা আৰু বিভিন্ন শক্তিধাৰাসমূহ । দেশী মুছলমানৰ মাজতো কাতি বিহুৰ সময়ত কিছুমান প্ৰাচীন প্ৰথা এতিয়াও আছে। এইবোৰ প্ৰাচীন অহিন্দু তন্ত্ৰবাদ আৰু বৌদ্ধবাদৰ ক্ষয়িষ্ণু ৰূপ হিচাপে আজিও বৰ্তি আছে৷ 

প্ৰাচীন শক্তি তন্ত্ৰ আৰু বৌদ্ধবাদৰ মাজতো যাজকশ্ৰেণীৰ আধিপত্য আছিল যদিও ই আছিল বহুপৰিমানে লোকায়তিক। সামন্তবাদৰ উত্থান নোহোৱালৈকে প্ৰাচীন জনসমাজত এয়াই আছিল সামূহিক জীৱনদৰ্শন ৷ সামূহিক শ্ৰম আৰু উৎপাদন, সামূহিক ভোগ আৰু সামূহিক উপাসনাই আছিল লোকায়তিক জীৱনৰ অন্যতম ৰূপ৷ 

মানুহৰ হাতৰ পৰা সামূহিক ভূমি আৰু উৎপাদনৰ আহিলাসমূহ সামন্তৰ হাতলৈ যোৱাৰ পিছতেই আৰম্ভ হ’ল ৰজাৰ জয়গান, ভাগ্যবিধাতা অদৃষ্ট শক্তিক উপাসনাৰ বাবে য’ত পূৰ্বতে কোনো মাধ্যমৰ প্ৰয়োজন নাছিল সেয়া পিছলৈ ব্ৰাহ্মণ, ধৰ্মগুৰু, সত্ৰাধিকাৰ আদিৰ হাতলৈ গ’ল ৷ মানুহৰ উপাসনা পদ্ধতিতো সামন্তবাদী ব্যৱস্থাই প্ৰভাৱিত কৰিলে ৷ ক্ৰমশঃ পুঁজিবাদৰ বিকাশৰ ফলত  জনসমাজৰ পৰম্পৰাবোৰকো পণ্যৰূপত ব্যৱহাৰ কৰিবলৈ লোৱা দেখা গ’ল। সেয়ে লোকায়তিক কাতি বিহুৰ প্ৰভাৱ জনসমাজত ক্ৰমশঃ ম্লান আহিল আৰু তাৰ ঠাই অধিকাৰ কৰি ল’লে সামন্তযুগীয়  দুৰ্গাপূজা, দেৱালী,  ধনতেৰছ আদিয়ে৷

অৱশ্যে কাতিবিহুৰ পৰম্পৰাকো অদূৰ ভৱিষ্যতে আধুনিক ৰূপ দিব পৰাৰ সম্ভাৱনা নথকা নহয়। জাপানৰ বিধ্বংসী ভুইকঁপৰ পিছত এসময়ত প্ৰদূষিত নগৰী বুলি খ্যাত মিনামাতাত এক প্ৰাচীন  বৌদ্ধ পৰম্পৰাক নতুন ৰূপ দিয়া হৈছে য’ত খেতি পথাৰবোৰক ৰঙবিৰঙৰ লাইটেৰে উজলাই পৰ্যতকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তুলিছে। পথাৰৰ মাজত কেণ্ডেল লাইট ডিনাৰ এতিয়া অভিজাতসকলৰ মাজত এক চৌখিন পৰম্পৰা হিচাপে গঢ়ি উঠিছে ৷ 

থোৰতে আমি কব পাৰোঁ যে, কাতি বিহুৰ আজিৰ যি ৰূপ সেয়া সমাজ বিৱৰ্তনৰ স্তৰে স্তৰে ৰূপান্তৰ হৈ গঢ়ি উঠা। অহিন্দু তন্ত্ৰ, বজ্ৰায়নী বৌদ্ধ, টাই আহোমে লৈ অহা স্থায়ী কৃষিপদ্ধতিৰ লগতে সামাজিক  ধ্যান ধাৰণা , ব্ৰাহ্মণীয় হিন্দু আৰু গুৰু দুজনাৰ প্ৰভাৱেৰে কাতি বিহুৰ শৰীৰী আৰু আত্মীক ৰূপ প্ৰতিষ্ঠা হৈছে ৷ এই ৰূপ অসমীয়া জাতিৰো স্বকীয় ৰূপ৷ অসমীয়াৰ সংস্কৃতিয়েই কৃষিভিত্তিক।   অসমীয়া গণসমাজৰ হাতলৈ সম্পদৰ অধিকাৰ, খেতিয়কৰ হাতত কৃষিভূমিৰ  অধিকাৰৰ নিশ্চয়তা, কৃষিক  আধুনিকভাবে বিকাশ কৰি জনপ্ৰিয় কৰা   আৰু সমস্ত ৰাজনৈতিক-অৰ্থনৈতিক ব্যৱস্থা সৰ্বসাধাৰণৰ স্বাৰ্থত গঢ়ি তুলিব নোৱাৰিলে পুঁজিবাদী ভোগবাদী সংস্কৃতিৰ গ্ৰাসত কাতি বিহুৰ সংস্কৃতি লোপ পাব। সংস্কৃতি লোপ পোৱা মানেই জাতি এটাই পৰিচয়বিহীন হৈ বিশ্বৰ মানচিত্ৰৰ পৰা হেৰাই যাব।  





1 comment: