সূৰ্যপুত্ৰ
মঞ্চৰ আঁৰকাকাপোৰ আঁতৰি যাব ।
ধোঁৱাময় মঞ্চ । মঞ্চৰ মাজত বেকগ্ৰাউণ্ড স্ক্ৰীনৰ
প্ৰায় গাতে লাগিথকা এখন বেদী । বেদীৰ আগফালে পেলাই থোৱা এটা চকা (গৰু গাড়ীৰ দৰে চকা
হ’লে ভাল) । বেদীত নায়কে সূৰ্য প্ৰণামৰ ভঙ্গীত থাকিব আৰু সূৰ্যমন্ত্ৰ আবৃত্তি কৰিব
। নায়কৰ গাত ফ’কাচ ।
ঔঁমঃ জৱা কুসুম শংকাসং
কাশ্যপেয়ং মহাদ্যুতিম ধনতাৰিং
সৰ্বপাপঘ্ন প্ৰনতঃহস্মি দিৱাকৰম্ ।
(নেপথ্যৰ পৰা -I bow to him, the sun of sage kashap
whose colours are like flowers, the one who is known as destroyer of darkness,
all sins and ignorance and provides life and daylight )
নায়ক ফ্ৰীজ হৈ থাকিব ।
মিউজিক । ৰাভাৰ হাচং গীতৰ সুৰ ।
মানুহ কেইজনমানে নাচি নাচি প্ৰবেশ কৰিব ।
হুৰ চে….হুৰ চে..হুৰ হুৰ হুৰ হুৰ চে….
নাচি নাচি মঞ্চত প্ৰবেশ কৰিব আৰু প্ৰস্থান
কৰিব ।
মিউজিক-ড্ৰাম বাজিব । ডুম..ডুম…ডুম
ড্ৰামৰ মাত শুনি সচেতন হব নায়ক আৰু ইফালে
সিফালে চাব ।
তিনিজন কলা পোছাক পিন্ধা লোকে frog jump দি
মঞ্চৰ এফালৰ পৰা প্ৰবেশ কৰিব, চৌদিশে ঘূৰিব আৰু উৰুলী দিব । পিছে পিছে খলনায়কৰ প্ৰবেশ
। কলা পোছাক পিন্ধা তিনিজনে খলনায়কৰ চৌদিশে Frog jump মাৰি থাকিব ।
খলনায়ক-এই মানুহবোৰক কোনে মুক্তি দিলে । কোনে
?
নায়কঃ-কোনে কাক মুক্তি দিব পাৰে । স্বাধীনতাতো
মানুহৰ জন্মস্বত্ত্ব অধিকাৰ ।
খলনায়কঃ- স্বাধীনতা ? হাঃ হাঃ হাঃ, সকলো মোৰ
নিৰ্দেশত চলিব । এই আকাশ-বতাহ-মাটি সকলো মোৰ । আৰু তহঁত মোৰ দাস ।ঐ ধৰি আন সিহঁতক ।
(কলা কাপোৰ পিন্ধা তিনিটাই প্ৰস্থান কৰিব।
(আৰ্টিষ্টিক ভংগীত । সকলো movement বিমূৰ্ত আৰু প্ৰতিকী ।)
নায়ক-কোন তহঁত
খলনায়কঃ-আমি আন্ধাৰ । আমি সূৰ্যৰ শত্ৰু ।
আমি নিতৌ বিলাও অজ্ঞান আৰু অসমতাৰ আন্ধাৰ । আন্ধাৰেই সত্য । আন্ধাৰতেই আমি তৃপ্ত ।
নায়কঃ-মিছা কথা । সূৰ্যৰ মহাজাগতিক পোহৰৰ
আগত কোনো আন্ধাৰেই টিকি থাকিব নোৱাৰে । মিছা স্বপ্ন তোৰ ।
খলনায়কঃ- ঐ, সূৰ্যৰ কথা নকবি , জিভা ছিঙি
পেলাম তোৰ ।
(ডায়লগ কৈ কৈ ক্ৰমশঃ খলনায়ক বেদীলৈ উঠিব আৰু
নায়ক নামি যাব ।)
নায়ক-মোৰ জিভা কি ছিঙিবি তহঁতে ? এই সূৰ্যৰ
বাবেই প্ৰতাপ ৰাভাই নিজৰ জিভা নিজেই কামুৰি ছিঙিছিল । সূৰ্যক ভয় কৰ বাবেই জোৱান-অৱ-আৰ্কক
পুৰি মাৰিছিলি তহঁতে । সূৰ্যৰ বাবে আইৰ হেজাৰ সন্তানে হাঁহি হাঁহি প্ৰাণআহুতি দি আহিছে
যুগে যুগে । তই কি জিভা ছিঙিবি মোৰ ?
খলনায়ক-তহঁত সকলো মোৰ হাতৰ পুতুলা । সকলো
আন্ধাৰৰ দাস এতিয়া । এই আন্ধাৰত চকু ছাত মাৰি ধৰিব তহঁতৰ । নিজে নিজেই মৰিবি । বঙহৰ
মাংস কাটিবি । ভাতৃৰ ডিঙি চেপিবি । হাঃ হাঃ হাঃ ….ঐ লৈ আহ… দেখুৱাই দে ইয়াক । আন্ধাৰক
খেদি হেনো পোঁহৰ আনিব মূৰ্খই । হাঃ হাঃ হাঃ
নায়কঃ-মিছা কথা…মিছা কথা কৈছ তই । তই কেতিয়াও
সফল হব নোৱাৰ । পোঁহৰৰ আগত আন্ধাৰে কেতিয়াও টিকি থাকিব নোৱাৰে । মোৰ ভাইহঁত ঐক্যবদ্ধ
হৈছে । তোৰ বিনাশ নিশ্চিত ।
খলনায়কঃ-হাঃহাঃহাঃ…কল্পনাৰ সাগৰত উটি ভাহি
বাস্তৱক পাহৰি গৈছ মূৰ্খ । বাস্তৱক চাবলৈ সাহস আছে জানো তোৰ ? তই নিজেই মৰিবি । হাতাশাত
ডুব গৈ আন্ধাৰত আত্মহত্যা কৰিবি তই ।
মিউজিক—ড্ৰাম বাজিব
(কলা পোছাক পিন্ধা তিনিওজনে গৈ এডাল ৰচিতে
বান্ধি আনিব কেইজনমান লোকক । ইজনে সিজনৰ ডিঙি চেপিছে ।)
খলনায়ক-চা.. চা মূৰ্খ, কেনেকৈ আত্মবিভাৰ হৈ
নিজৰ মাজত খোৱাকামোৰা কৰিছে চা । কিমান সুখী
ইহঁত । কিমান তৃপ্ত । ইহঁতে পোঁহৰ বেয়া পায় । ইহঁতে সূৰ্যক ঘিণ কৰে । চা..মোৰ প্ৰতি
কোনো অভিযোগ নাই ইহঁতৰ ।
নায়কঃ- ঐ…ঐ কি কৰিছ তহঁতে…কি কৰিছ তহঁতে…এবাৰ
আইৰ মুখলৈ চা…এবাৰ চা…তহঁতৰ এবাৰো কানত পৰা নাই নে আইৰ কান্দোন । তহঁতে পাহৰি গৈছ নেকি,
সেই যে গাইছিলি হুৰ চে..হুৰ চে…হুৰ হুৰ হুৰ চে….
খলনায়কঃ- হাঃ হাঃ হাঃ…
(নেপথ্যত বিষাদ সুৰ ।)
এনেতে মহিলা এগৰাকীয়ে কোলাত কেচুৱা লৈ আতংকত
বিপৰীত দিশৰ পৰা ঢপলিয়াই প্ৰবেশ কৰিব আৰু সমূখৰ দৃশ্য দেখা পাই ক্ষন্তেক তভক মাৰি থাকি
দৌৰি ওলাই যাব । তাই সোমোৱা দেখি খলনায়ক আৰু বাকীবোৰেও তাইৰ ফালে চাই তভক লাগি ৰব ।
তাই দৌৰি ওলাই যোৱাৰ লগে লগে খলনায়কৰ ডায়লগ)
খলনায়ক—এ… এইজনী কোন আছিল । কোন আছিল তাই
? ঐ ধৰ তাইক ..ধৰ..
মিউজিক-ড্ৰাম
(ক’লা পোছাক পিন্ধা এজনে খেদি যাব । বাকী
কেইটাই মানুহকেইটাক চোচোৰাই লৈ প্ৰস্তান কৰিব । )
নায়ক—তাইৰ কোলাত কোন আছিল সেয়া জান ?
খলনায়ক-কোন ?
নায়ক-সূৰ্যপুত্ৰ ।
খলনায়কঃ-হাঃ হাঃ হাঃ খাবলৈ নোপোৱা দৰিদ্ৰ
তিৰোতাৰ কোলাত সূৰ্যপুত্ৰ ? বলিয়া হৈছ তই । তোৰ মগজে কাম নকৰা হৈছে ।হেৰ, ভোকে পিয়াহে
ৰাস্তাত কাগজ বুটলি থাকিবি দুদিন পিছত । বাটৰুৱাই কেতিয়াবা আধাখোৱা ৰুটি এখন দলিয়াই
দিব, আৰু তই তাকেই সূৰ্য বুলি আৰাধনা কৰিবি । মূৰ্খ..হাঃ হাঃ হাঃ
নায়কঃ-তই ভুল কৰিছ । এবাৰ সূৰ্যটোলৈ চাচোন
। চা কিমান উজ্জ্বল । আৰু দূৰৈৰ সেই বাটটো দেখিছ ? সেই বাটটো এদিনতে হোৱা নাই । আমাৰ
আই-পিতাই, আমাৰ পূৰ্বপুৰুষৰ কঠিন শ্ৰম, তেজ-ঘাম আৰু তহঁতে খহাই পেলোৱা গাৰ মঙহেৰে স্তৰে
স্তৰে থাহ খাই খাই বাটটো হৈছে । বৰ কঠিন বাট সেয়া ।
খলনায়ক-হাঃ হাঃ হাঃ…সেই বাটটো মই গঢ়া মূৰ্খ
। মই গঢ়া । এই বাটেৰে যিমান গৈ থাকিবি সিমানেই আন্ধাৰলৈ সোমাই গৈ থাকিবি । তাৰ পিছত
আছে এটা গুহা । প্ৰাগঐতিহাসিক আন্ধাৰ । মোৰ সাম্ৰাজ্য । হাঃ হাঃ হাঃ
নায়কঃ- ভুল কৰিছ । তইতো সদায় গুহালৈকে টানিছ
আমাক । আমিহে পোঁহৰ বিচাৰি বিচাৰি বাট মোকোলাইছো । সূৰ্যৰ পোঁহৰক তইতো আৰু বাধা দিব
নোৱাৰ । পাৰিছনে বাধা দিবলৈ ?
খলনায়কঃ- আকৌ সূৰ্য..আকৌ সূৰ্য…পাগল কৰি দিবি
তই । হেৰৌ, আন্ধাৰেই একমাত্ৰ সত্য । পোঁহৰ মাথো এক চয়াময়া ক্ষণিক আবেগ । সকলোৱে ঘূৰি
ঘূৰি পুনৰ সেই গুহালৈ সোমাব লাগিব । এয়াই সত্য
। নিৰ্মোহ বাস্তৱ ।
নায়কঃ- তই আকৌ ভুল কৰিছ । তই হেজাৰ বিচাৰিলেও
আমাক আৰু হেজাৰ বছৰ পিছুৱাই নিব নোৱাৰ । মানুহে যি এৰি আহিছে তালৈ আৰু কোনোৱে জোৰ কৰি
উভটাই নিবলৈ নোৱাৰ । সূৰ্যপুত্ৰই যুগে যুগে মানুহক বাট দেখুৱাই লৈ গৈছে পোঁহৰলৈ । আন্ধাৰৰ
পৰা মুক্তি হবই ।
খলনায়কঃ-সপোন দেখি থাক মূৰ্খ । সমগ্ৰ সৃষ্টি
ধ্বংস হৈ যাব কিন্তু তহঁতৰ সপোন কেতিয়াও সাকাৰ নহব । এয়া মই ক’লো মই ।
নায়কঃ-এয়া সপোন নহয়, এয়া আমাৰ অধিকাৰ । এয়া
বিৱৰ্তনৰ প্ৰতিশ্ৰুতি । এবাৰ সূৰ্যটোলৈ চা । সৌ বাটটোলৈ চা । যি বাটেৰে এদিন নামি আহিব
সূৰ্যপুত্ৰ । ফুলৰ দৰে তাৰ গাৰ বৰণ । সেই বাট পোঁহৰৰ বাট । সেই বাট সকলো আন্ধাৰৰ পৰা
পোঁহৰৰ বাট । চা ..এবাৰ চা ।
(নায়কে ক্ৰমশঃ বেদীলৈ উঠি যাব । আৰু মন্ত্ৰোচ্চাৰণ
কৰিব ।
ঔঁমঃ জৱা কুসুম শংকাসং
কাশ্যপেয়ং মহাদ্যুতিম ধনতাৰিং
সৰ্বপাপঘ্ন প্ৰনতঃহস্মি দিৱাকৰম্ ।)
মিউজিক—ড্ৰাম.
খলনায়কঃ-ঐ চুপ কৰ…চুপ…সূৰ্যৰ দালাল তই । পোঁহৰৰ
কমিছন খাৱ । মূৰ্খ..তোৰ সূৰ্যই পাহাৰৰ সিপিনে বাট হেৰুৱালে । পোঁহৰৰ বাটত এতিয়া কংক্ৰীটৰ
ওখ প্ৰাচীৰ । এতিয়া সুবিধাবাদৰ মখলমীয় বাটত পিছল খাই পৰে তোৰ সূৰ্য । সূৰ্যপুত্ৰৰ পয়া
লাগিছে । প’লিও হৈছে …হাঃ হাঃ হাঃ… তই আকৌ দালালি কৰিবলৈ আহিছ সূৰ্যৰ ?
(খলনায়ক লাহে লাহে বেদীলৈ উঠি যাব । বেদীৰ
পৰা নমাই দিব নায়কক । মাৰি বগৰাই দিব বেদীৰ কাষত থকা চকাটোত । নায়কে চকাটোত ধৰি থিয়
হব । খলনায়কে প্ৰস্তান কৰিব ।) ।
মিউজিক…ে
নায়কে চকাটোত ধৰি বহিথাকিব । এনেতে হাউলী
যোৱা মানুহ কেইজনক ৰচিৰে চুচুৰাই লৈ আহি থাকিব কলা পোছাক পিন্ধা এজনে । নায়কক
cross কৰিব । সেইসময়তেই কোলাত কেচুৱা লোৱা তিৰোতাই প্ৰবেশ কৰিব । শংকা আৰু বিষাদ সুৰ
। ক্ৰমশঃ বেদীৰ কাষলৈ গৈ সন্তানটিক মৰম কৰিব ।
মিউজিক—ভায়োলীন…
(বিষাদ গীত এটা তাই গাব ।)
নায়কে চকাটোত হাউলী থাকিব । যেন নিচুকনি গীত
শুনি টোপনি আহিছে নায়কৰ ।
বামুনে প্ৰবেশ কৰিব ।
বামুনঃ-ছিঃ ছিঃ ছিঃ….চুই দিলে…চুই দিলে….ঔম
গঙ্গা…ঔম গঙ্গা…কাৰ যে মুখ চাই ওলাইছিলো । হেৰৌ মোক চিনি পোৱা নাই মই কোন । স্বৰ্গলৈ
যোৱাৰ বাটত তলা লগাই থম । বাপ্পেকে গম পোৱা নাই । হেৰৌ ৰৌ ৰৌ নৰকত পৰিবি । এনেও তহঁতে
স্বৰ্গলৈ গৈ হালেই মাৰিব লাগিব পাৰিজাত ফুলৰ বাগিছাত ।নীচ জাত । থুই ।(নেপথ্যলৈ চাই
চাই গালি পাৰি পাৰি সোমাব ।)
(সোমাই ইপিনে সিপিনে চাই নায়কক ভালকে ঘূৰি
ঘূৰি চাব । তাৰ পিছত বেদীত থকা তিৰোতাগৰাকীলৈ চাব ।)
বামুনঃ-ছিঃ ছিঃ ছিঃ…পুৱাই পুৱাই আকৌ বিধৱাৰ
মুখ । যাত্ৰা নাস্তি আজি । এইজন বা আকৌ কোন মহাপুৰুষ ! ধেই… উভটি যাওঁগৈ…।
নায়কঃ- মনৰ লেতেৰাবোৰ দূৰ কৰা দেউ । এনেই
পৱিত্ৰ হবা ।
বামুনঃ- হেঃ , হেৰা, কি ক’লা ?
নায়কঃ- তুমি গা ধুই অহা নাই আজি দেউ ।
বামুনঃ- মই ? গা ধোৱা নাই ? হেৰা কোনহে তুমি
? কেনেকৈ জানিলা মই গা ধুইছো নে নাই ? সূৰ্য উঠাৰ আগতেই মই গঙ্গাস্নান কৰো । ঔম বিষ্ণু…ঔম
বিষ্ণু ।
নায়কঃ- সূৰ্যস্নান কৰা ।
বামুনঃ- সূৰ্যস্নান ? আচ্ছা ৰবা । তুমি কি
ক’ত কিয় বিখ্যাত ?
নায়কঃ-মই সূৰ্যৰ উপাসনা কৰো ।
বামুনঃ-আচ্ছা…বৰ ভাল কথা । পিছে কি চলাইছা
এইটো ? ৰবা ৰবা..এইটো মোৰ দক্ষিণাত পোৱা গৰুগাড়ীৰ চকাটো নহয় জানো ?
নায়কঃ- পুৰোহিত হৈ বস্তুক কিয় আশা কৰা ? লোভ-মোহ
এইবোৰ তোমালোকৰ শোভা নাপায় ।
বামুনঃ-এহ..ৰবাহে…বৰ জ্ঞান দি আছা ।
নায়কঃ- তাকো বিনামূলীয়া ।
বামুনঃ-আচ্ছা
কোৱাচোন, এই চকাটো চলাই চলাই আনিছা নে দাঙি আনিছা ?
নায়কঃ-কিয়
বামুনঃ- তুমি ক্ষত্ৰিয় নে বৈশ্য নে শূদ্ৰ
মই ধৰিব পৰা নাই ।
নায়কঃ- মইজন্মসুত্ৰে দলিত । তাত মোৰ কি দোষ
দেউ ।
বামুনঃ- ছিঃ ছিঃ ছিঃ…যাত্ৰা নাস্তি আজি…যাত্ৰা
নাস্তি…..(প্ৰস্তান কৰিব)
নায়কঃ- তুমি আন্ধাৰ জগতৰ বাসিন্দা । পোঁহৰলৈ
আহা দেউ । চোৱা, জগতখন বৰ ধুনীয়া ।
মিউজিক---ড্ৰাম বাজিব । ড্ৰামৰ তালে তালে
ভয় খাব তিৰোতাগৰাকীয়ে । বেদীৰ পৰা নামি আহিব । প্ৰবেশ ঘটিব আন্ধাৰৰ । Frog Jump ।
খলনায়কঃ-কলৈ গল …কলৈ গল…ঐ তই দেখিছনে নাই
তাইক ?
নায়কঃ- দেখিছো
খলনায়কঃ--কলৈ গল..কোন ফালে গল
নায়কঃ- সূৰ্য অহা বাটেৰে…
খলনায়কঃ-- অপদাৰ্থ…বলিয়া কুকুৰ তই ।ক..কত
আছে তাই(চুলিত খামুছি)
নায়কঃ- তাই কোলাত এটুকুৰা পোঁহৰ লৈ ফুৰিছে
। আন্ধাৰত ভালদৰেই দেখা পাবি । মোক কেলেই সুধিছ ।
খলনায়কঃ-- তাইক নাপালে তোকেই কাটি টুকুৰা
টুকুৰ কৰিম । ঐ বল । (প্ৰস্থান কৰে)
(নায়কে চকাটোত এহাতেৰে ধৰি আউজিলৈ বহি থাকিব
। ৰাতিৰ জিলিৰ মাত । হঠাত্ ড্ৰামৰ শব্দ । কলা কাপোৰ পিন্ধা এজনে ৰচিৰে টানি আনি থাকিব
মানুহ চাৰিজনক আৰু আনদিশেৰে প্ৰস্তান কৰিব । এনেতে বিপৰীত দিশৰ পৰা পুনৰ প্ৰবেশ তিৰোতাৰ
।)
তিৰোতাঃ- মোক অকন আশ্ৰয় দিয়া । কলৈ যাম মই…কত
জিৰাম অকন…চৌদিশে আন্ধাৰে খেদি ফুৰিছে...দৌৰি দৌৰি ভাগৰি পৰিছো …উশাহ বন্ধ হৈ পৰিছে
মোৰ ।
নায়কঃ-তোমাৰ কোলাত সূৰ্যপুত্ৰ । কোনেও একো
কৰিব নোৱাৰে । ৰাতি যিমান আন্ধাৰ হয়, দোকমোকালিটো সিমানেই উজ্জ্বল আৰু মহীয়ান হয় ।
তিৰোতাঃ- কিন্তু মই যে আৰু নোৱাৰা হৈছো ।
শক্তি ক্ষয় হৈ আহিছে মোৰ । মই আৰু সহিব নোৱাৰো ।
নায়কঃ- তুমি পাৰিবা । কাৰণ তুমি মাতৃ । দৈৱকীয়ে
পাৰিছিল । মেৰীয়ে পাৰিছিল । তোমাৰ কোলাত সূৰ্যপুত্ৰ । তুমি পাৰিবই লাগিব ।
তিৰোতাঃ- তোমাৰ ছাঁত অকল জিৰাবলৈ দিয়া…অলপ…ৰাতিটো
পুৱালেই মই গুচি যাম ।
নায়কঃ- মইতো নিজেই নিস্বঃ….ঢপলিয়াই ফুৰিছো
পোঁহৰ অকন বিচাৰি । তথাপি জিৰাব খুজিছা জিৰোৱা…মোৰ প্ৰাণ থকালৈকে মই আছো ।
নায়কে চকাটোত আউজি বহি থাকিব । তিৰোতাগৰাকীও
কাষতে বহি পৰিব । ফকাচ গাত পৰিব দুয়োৰে ।
নায়কঃ- ৰাতিটো পুৱাব । সোনকালেই পুৱাব ।
তিৰোতাঃ-সূৰ্যটো ওলাব নে ।
নায়কঃ- ওলাব । আন্ধাৰ আঁতৰি যাব । শান্তিৰচৰাইবোৰে
ৰমলিয়াই ৰমলিয়াই পোহৰ উদযাপন কৰিব । জকমককৈ ফুলবোৰ ফুলিব । সেউজীয়া পথাৰবোৰ ভৰুন হব
।
তিৰোতাঃ- সঁচাই কৈছানে
নায়কঃ- অ, সঁচাই কৈছো । চোৱা , সৌৱা আকাশত
ফেহুজালি দিবলৈ ধৰিছে । চোৱা ।
তিৰোতাঃ- কিন্তু পশ্চিম আকাশত কলীয়া ডাৱৰ
। এজাক ধুমুহা আহিব অচিৰেই ।
নায়কঃ-এৰা…সঁচাকৈয়ে ।
(দুয়ো আকাশলৈ চাব)
তিৰোতাঃ-(হঠাত্ বহাৰ পৰা উঠি)মই যাব লাগিব
। যাব লাগিব । ধুমুহাজাকৰ পৰা বচাব লাগিব মোৰ পোনাটিক ।
নায়কঃ-কলৈ যাবা
তিৰোতাঃ- নাজানো…কিন্তু যাব লাগিব । যাব লাগিব
।
(তিৰোতাগৰাকী প্ৰস্থান কৰিব । বহি থকাৰ পৰাই
তিৰোতাগৰাকী যোৱালৈ চাই থাকিব নায়কে । )
মিউজিক । কমেডী সুৰৰ ।
বামুনে টিলিঙা বজাই বজাই মন্ত্ৰ পাঠ কৰি কৰি
প্ৰবেশ কৰিব ।
বামুনঃ-ছেঃ ছেঃ ছেঃ…আজিও হল আৰু মোৰ । হে
প্ৰভু ঈশ্বৰ…কি পাপ কৰিলো মই ….হেৰা চক্ৰধ্বজ…কিনো সদায় সদায় চকাডাল চলাই চলাই থাকাহে
।
নায়কঃ- মইতো চকা চলোৱা নাই । এই চকাই সকলোকে
চলাইছে । তোমাকো চলাইছে । মোকো চলাইছে ।
বামুনঃ- আচ্ছা..মানে তুমি কব বিচৰা যে, এই
চকাটোৱে মোক চলাইছে ।
নায়কঃ-হয় দেউ । অকল তোমাকেই নহয় । সমস্ত বিশ্বব্ৰহ্মাণ্ডকো
চলাইছে । এই চকাৰ বাবেই ৰাতি আৰু দিন , দিনৰ পিছত ৰাতি । এই চকাৰ বাবেই পোহৰৰ পৰা আন্ধাৰ
। আন্ধাৰৰ পৰা পোহৰ ।
বামুনঃ-এও কিজানি পূৰ্বজন্মত দাৰ্শনিক আছিল
। আচ্ছা…চকাটো কোনফালে যায় কোৱাচোন ।
নায়কঃ-নাজানো দেউ, কিন্তু খাটাং যে পিছলৈ
নাযায় । ই সদায় পুৰনিক পিছ পেলাই আগবাঢ়ে ।
বামুনঃ- পিছফালে কিয় নাযায় বাপু । গুটকা লগাই
থৈছা নেকি চকাৰ তলত ।
নায়কঃ-পিছফালে নাযায় দেউ । কাৰণ পিছফালে আছে
তোমালোকৰ সহস্ৰবছৰৰ এলান্ধুকলীয়া চিন্তা । অজ্ঞানতা । শোষণ-বঞ্চনা ।
বামুনঃ- এৰা, ইমানদিনে আমি তোমালোকক দুখত
ৰাখিছিলো । এতিয়া সুখ হব । হেৰা, আগত কি আছে তুমি নিজেই নাজানা । সব কৰ্মফল তোমালোকৰ
। লাহে লাহে আগবাঢ়িবা । নহলে পিছল খাই পৰি হাড়-মূৰ ভাঙিলে কোনো কামত নাহিব তোমাৰ
এই দেখনিয়াৰ শৰীৰ ।
নায়কঃ-চক্ৰবত্ পৰিৱৰ্তন্তে সুখানি চ, দুখানী
চ । মইতো নিমিত্ত মাত্ৰ । মইতো বিচাৰিছো এধানমান সামান্য পোহৰ । এই শোষণ-বঞ্চনা, অসমতা-অজ্ঞানতাৰ
পৰা মুক্তি । চাই থাকিবা, এদিন সকলো মানুহেই তোমালোকক আন্ধাৰ পিতনিত এৰি আগবাঢ়ি যাব
।
বামুনঃ- হেঃ হেঃ হেঃ তোমাৰ মূৰত কোনোবাই গোৱৰ
সুমুৱাই দিছে বাপু । কি শোষণ-বঞ্চনা-অসমতাৰ কথা কৈছা । এইবোৰতো কৰ্মফল । ভাগৱত গীতাত
কৈছে..কৰ্মধিকাৰস্তে , মা ফলেষু কাদা চানঃ । অৰ্থাত কৰ্ম কৰি যোৱা, কৰ্ম কৰাই তোমালোকৰ
অধিকাৰ । ফল আশা নকৰিবা । তোমাৰ ফল ঈশ্বৰে নিৰ্ণয় কৰিব । পিছে তোমাক কৈ কি লাভ, তুমিতো
চকাটো আগত লৈ ফল আশা কৰি বহি থাকা । হেঃ হেঃ হেঃ
নায়কঃ-যদি সমাজৰ সকলো অন্যায়-অবিচাৰ, সকলো
শোষণ-বঞ্চনা ঈশ্বৰৰ নিৰ্দেশত হৈছে, সেই ঈশ্বৰ মোক নালাগে । সেই ঈশ্বৰ তোমাৰ, মোৰ নহয়
।
বামুনঃ- তই নাস্তিক…তোক অভিশাপ দিলো…যা নৰকত
পচি মৰগৈ ।
নায়কঃ-স্বৰ্গাৰোহনৰ লিপ্সা মোৰ নাই দেউ ।
মোৰ ঈশ্বৰতো সূৰ্য । সূৰ্য সকলোৰে বাবেই সমান । চাই থাকা, এদিন সূৰ্যপুত্ৰ নামি আহি
তোমালোকক চাকত ঘূৰাব । চাই থাকা…হাঃহাঃহাঃ
বামুনঃ- মূৰ্খ তই, মূৰ্খ…সপোনৰ স্বৰ্গত বাস
কৰি আছ…এদিনএনেদৰে সৰি পৰিবি তোৰহাড়-মূৰ বিচাৰি নাপাব কোনেও।
নায়কঃ- শগুনৰ শাওঁত বুঢ়া হাউলা নমৰে দেউ
। হাঃ হাঃ হাঃ
(খঙেৰে প্ৰস্থান কৰিব বামুনে)
মিউজিক বাজিব । ড্ৰাম..
(বন্দী কেইজন ৰচিৰে সৈতে প্ৰবেশ কৰিব । বাহিৰৰ
পৰা টানি থাকিব । জম্বিৰ দৰে আহিব । Frog Jump মাৰি আহিব খলনায়ক । দানৱৰ দৰে হাঁহিব।
বন্দী কেইজনে ওঠত আঙুলী দি উৰুলী দিব ।)
খলনায়কঃ-তঁহতৰ সকলো দুৰ্ভাগ্যৰ বাবে দায়ী
ই
বন্দীঃ-গুজৰিব ।
খলনায়কঃ-ই যাদু কৰিছে তহঁতক সকলোকে ।
বন্দীঃ-গুজৰিব
খলনায়কঃ-ই তহঁতক পোহৰলৈ নিব বিচাৰে হেনো ।
সূৰ্যৰ পোহৰলৈ ।
বন্দীঃ- সমস্বৰে হাঁহিব ।
খলনায়কঃ-তহঁতক পুৰি মাৰিব ই ।
বন্দীঃ-সমস্বৰে গুজৰিব ।
খলনায়কঃ- ইয়াক কৈ দে আন্ধাৰ কিমান সুখদায়ক,
১নংবন্দীঃ- (কান্দি)পোহৰতকৈ আন্ধাৰ ভাল
২নংবন্দীঃ- (কান্দি) যিয়ে ক্ৰুৰ হাতেৰে মোহাৰি
থৈ গল মোৰ দেশৰ প্ৰত্যেকখন গোলাপ বাগিছা
৩নংবন্দীঃ-মাৰ তাক…মাৰ তাক…..(ফোপাব)
২নংবন্দীঃ-তোক আজি…(খেদি গৈ নায়কৰ ডিঙি চেপি
ধৰিব ।)
বন্দী সকলোৱে সমস্বৰেঃ- মাৰ…মাৰ…মাৰ….মাৰ…মাৰ….মাৰ…..(
ক্ৰমশঃ টেম্পো বাঢ়ি যাব । মাৰিব)
খলনায়কঃ- হাঃ হাঃ হাঃ….শেষ কৰি দে তাক…শেষ
কৰি দে….কৈ দে আন্ধাৰ কিমান সুখদায়ক । হাঃহাঃহাঃ….মোৰ হাততেই তহঁতৰ ভাগ্য….মোৰ হাততেই
তহঁতৰ মুক্তি । লাগি থাক…অজ্ঞান আন্ধাৰত ডুবি থাক অনন্ত কাললৈ । হাঃহাঃহাঃ
(প্ৰস্থান)
(বন্দী কেইজনৰ মাৰ মাৰ কোৰাচটো শেষত কান্দোনত
পৰিণত হব । কোৰাচটো শেষত গৈ ফৰকান্টি গীতৰ সুৰত পৰিণত হব । )
এনেতে তিৰোতাগৰাকীয়ে প্ৰবেশ কৰিব । কোলাত
কেচুৱাটো লৈ নিচুকনি গীত গাই আহিব আৰু বেদীৰ কাষত বহি যাব)
তিৰোতাঃ- আই ৰে হোৰকাধৰা
বাবুৰ
মা জলকে্ গেলো
বাবু কান্দে কান্দে কান্দেলা…..(বাৰে
বাৰে গাব আৰু কান্দিব )
বন্দী কেইজনে মন্ত্ৰমুগ্ধৰ দৰে চৰম বিষাদত
হাউলী জাউলি বেদীৰ কাষলৈ গৈ শুই পৰিব । ফকাছ পৰিব ।
মাৰ খাই পৰি থকা নায়কে চুচুৰি গৈ মঞ্চৰ এটা
কোনত বহি থাকিব কঁপালত হাত দি ।
এনেতে বন্দী এজনে ঘপহকৈ উঠি নিজৰ কঁকালৰ জৰি
খুলি পেলাব । তাক দেখি এজন এজনকৈ সকলোৱে কঁকালৰ জৰি খুলিব ।
নায়কঃ- সৌৱা সূৰ্যটো উদয় হবলৈ গৈছে । সূৰ্যপুত্ৰ
মাতৃৰ গৰ্ভত জন্ম হৈছে । তোমালোক সকলোৱে মোৰ ওচৰলৈ আহা…আহা…কোৱা…..হে সূৰ্য, তুমি উদয়
হৈ আমাৰ মাজত থকা অজ্ঞান-আন্ধাৰ-অসমতা বিনাশ কৰা ।
মিউজিক । ড্ৰাম বাজিব । কলা পোছাক পিন্ধা
তিনিটা frog jump মাৰি প্ৰবেশ কৰিব আৰু উৰুলী দিব । পিছে পিছে খলনায়কৰ প্ৰবেশ ।
খলনায়কঃ-কি চাই আছ ? মোহাৰি পেলা সকলোকে ।
বন্দীকেইজনে হাতত ধৰা ধৰিকৈ ইফালৰ পৰা সিফালে
যাব কাবাডীৰ ষ্টাইলত । মিউজিকৰ তালে তালে । বন্দী কেইজনে একেলগে মুখেৰে শব্দ কৰিব
–হুহ..হুহ…হুহ… হুহ..হুহ…হুহ..(খেদি দিব খলনায়কৰ দলক)
শেষত বন্দী কেইজনে একেলগে চকাটো দাঙি ধৰিব
মঞ্চৰ সোমাজত । তাৰ তলত আহি বহিব তিৰোতাজনীয়ে আৰু কেচুৱাটোক দাঙি ধৰিব ওপৰলৈ । নায়কে
বেদীলৈ গৈ পুনৰ সূৰ্যপ্ৰণামৰ ভংগীত থিয়া হব আৰু গাব –
নায়কঃ- ঔঁমঃ
জৱা কুসুম শংকাসং
কাশ্যপেয়ং মহাদ্যুতিম ধনতাৰিং
সৰ্বপাপঘ্ন প্ৰনতঃহস্মি
দিৱাকৰম্ ।