মুক্তিমান
(ৰাভাৰ দিৱসৰ একাংকিকা নাট)
নীলা ফকাছ মঞ্চত । কলা স্ক্ৰীন । এটা বেদী সোমাজত ।( আবহ
ভয়াৰ্ত সংগীত ) বেদীত
এজন শৃংখলিত মানুহ ।কাষত
দুজন চন্তৰী ।
চন্তৰী – ক..ক...ক...তোম মুক্তিৰ দেউললৈ যোৱা
বাট কেনি... ক ক তই কি কৈছিলি...
সংগ্ৰামী---নকওঁ...নকওঁ..মই মৰিলেওঁ নকওঁ...
চন্তৰী- নকৱ.? নকৱ ?...
সংগ্ৰামী—কেতিয়াও নকওঁ....চাল্লা বেইমানৰ দল...তহত
চন্তৰী—তোৰ গাৰ ছাল ছিঙি কাৰ্পেট বনাম...তোৰ
নাড়ী ভুৰি উলিয়াই আনি সৌ কাউৰী..শগুনক থাবলৈ দিম
সংগ্ৰামী—তাতকৈ আৰু কি পাৰিবি ৰাষ্ট্ৰৰ চুৱা
খোৱা গোলাম...পাৰিলে সৌ সূৰ্যটোক আজুৰি আন...সৌ পোহৰবোৰ কাঢ়ি আন , চাওঁ তহতৰ
কিমান শকতি ।
চন্তৰী—ঐ বলিয়ালি নকৰিবি...কৈ দে...কৈ দে
মুক্তিৰ দেউললৈ কোনফালে যায়...
সংগ্ৰামী—কলে কি কৰিবি ...ডিনামাইট নে আৰ ডি
এক্সৰে উৰাই দিবি মুক্তিৰ দেউল...নে প্ৰেচাৰ মাইন পুতি থবি মোৰ ভাইহত যোৱা বাটত হা
?
চন্তৰী—সেইবোৰ আমি নাজানো..তই মাথো ক...কত তাৰ
ঠিকনা...
সংগ্ৰামী—থুই..,,যা তোৰ ৰাষ্ট্ৰক কগৈ...লাগিলে
নিজৰ জিভা নিজে কাটি পেলাম....তথাপি নকওঁ ।
চন্তৰী—ই এনেকৈ নামানিব...মাৰ ইয়াক...মাৰ
সংগ্ৰামী---আঃ আঃ...আঃ....
চন্তৰীৰ
চমতাৰ কোব । নিৰ্যাতন । নিৰ্যাতন কৰি প্ৰস্থান কৰে চন্তৰীয়ে । আবহ সংগীত বাজে... (আ...আ..আ...তেজৰ বোলেৰে লিখি
যাম ইতিহাস...) কবিতা....
(বিষ্ণুৰাভা এতিয়া কিমান ৰাতি
তুমি সাৰে আছা সাৰে আছো আমি)
....তেজৰ বোলেৰে লিখি যাম ইতিহাস...
(আমি যত আছো বৰ পোতাশাল
শত নাগপাশে বন্ধা ! )
(চন্তৰী দৌৰি আহিব)
চন্তৰী ১--কোনে কবিতা মাতে..?..কোনে কবিতা মাতে...কোনে ?..ইয়াত
কবিতা নহয়, ইয়াত মৃতকৰ কান্দোন, কাৰাৰূদ্ধৰ আৰ্তনাদ আৰু চমতাৰ কোবৰ সংগীত গোৱা হয় । ইয়াত ফেচাই নিউ নিউ কৰে, শিয়ালে হোৱা দিয়ে
হোৱা....কে কে হোৱা...
চন্তৰী২--অ অ...ইয়াত আন্ধাৰৰ স্তুতি কৰা হয়...আন্ধাৰৰ । ইয়াত ফুল
নুফুলে ফুলে লাওঁখোলা...ইয়াত কুলীয়ে গীত নাগায় গায় জাক জাক শিয়াল- শগুনে মৃত্যুৰ
সমবেত গীত । কে কে হোৱা....উলু উলু উলু (মুখত আঙুলী দি বজায়)(উল্লাস, খিকিন্দালী)
সংগ্ৰামী--ৰাতিটো যিমানেই আন্ধাৰ আৰু ভয়ানক হয়, ৰাতিপুৱাটো সিমানেই
উজ্বল আৰু মহীয়ান হয় ।
চন্তৰী১--মিছা কথা মিছা কথা....মৰিলে গম পাবি....মৃত্যু কিমান ভয়ানক
ইয়াত ।সৌৱা চা কাৰাগাৰত ভোকাতুৰৰ আৰ্তনাদ....সৌৱা চা মৰিশালীত মৃতকৰ লাওঁখোলা বোৰে
কেনেকৈ চিঞৰিছে (চুলিত ধৰি দেখুৱাই দিব)
সংগ্ৰামী--মৰিবলৈ কোনে ভয় কৰে....সৰুতে খেলিছিলো মৰা মৰা খেলা...মৰণতো
এটি উদ্দীপনা । (কোনো প্ৰতিক্ৰিয়া নোহোৱাকৈ)
চন্তৰী২--ঐ মুখখন বন্ধ কৰ ।
মুখ বন্ধ কৰ । নহলে প্ৰভু ৰাষ্ট্ৰযন্ত্ৰই তোৰ জিভা কাটি শগুনক
খুৱাব ।
সংগ্ৰামী--মোৰ নিজৰ বাবেই গৰ্বিত মোৰ এটাই জীৱন / এই জীৱন মই
মাতৃভূমিক দিলো / কালি পুৱাই এই আন্ধাৰ কোঠাৰ পৰা চিৰ মুক্তিৰ বাবে ওলাই যাওঁ ।
চন্তৰী—মুক্তি হাঃ হাঃ হাঃ....এই কালকুঠৰিত তই মুক্তিৰ সপোন দেখিছ...
সংগ্ৰামী--স্বাধীনতা আমাৰ জন্মস্বত্ব । স্বাধীনতা সূৰ্যৰ দৰে উজ্বল
আৰু প্ৰতাপময় । ইয়াক কোনেও আজুৰি পেলাব নোৱাৰে......
চন্তৰী১--মুখ বন্ধ কৰ চাল্লা ...খালী সূৰ্য আৰু সূৰ্য....ইয়াত সূৰ্যৰ
নাম লোৱা পাপ...মহাপাপ।...ইয়াত আন্ধাৰৰ
জয়গান গোৱা হয় আন্ধাৰৰ জয়গান...।
সংগ্ৰামী--তহতে সূৰ্যক ইমান ভয় কৰ । কিয় , এবাৰ তহতৰ মালিকৰ নাগপাশৰ
পৰা ওলাই আহি আকাশলৈ চাচোন...সূৰ্য কিমান বিশাল , কিমান উজ্বল...ই সকলোকে সমানেই
পোহৰ বিলায়...উচ্চ-নীচ...ধনী গৰীব..
চন্তৰী২--ঐ ঐ নাচাবি আকাশলৈ...মালিকে পালে ছাল ছিঙিব....ঐ আমাৰ মূৰ
নষ্ট নকৰিবি...নিজেতো মৰিছই, আমাকো মাৰিব খুজিছ
এজন খলনায়কৰ প্ৰবেশ । বেশ ভুশা প্ৰাচীন-আধুনিকৰ
ফিউজন ।এনেতে ঢং ঢংকৈ নেপথ্যত বাজিব ।শিয়ালৰ হোৱা । খোজৰ শব্দ । চন্তৰী সচেতন হব ।
ৰাষ্ট্ৰ--ঐ মোৰ আন্ধাৰ সাম্ৰাজ্যত কোনে সূৰ্যোদয়ৰ কথা কয় কোনে.....ও
তই...চেৰেলা বিপ্লৱী...হেৰৌ গাত নাই ছাল বাকলি মদ খায় সাত টেকেলী...হাঃ হাঃ হাঃ.. মূৰ্খ..মোৰ সাম্ৰাজ্যত সূৰ্য উদয় নহয়...কেৱল অস্ত যায়...অস্ত
সংগ্ৰামী---তোৰ দৰে পিশাচক ধ্বংস কৰিবলৈ আমি মুক্তিৰ দেউল সাজিছো.. বিপ্লৱ
আমাৰ আজন্ম অধিকাৰ..!
ৰাষ্ট্ৰ---অধিকাৰ...হাঃ হাঃ হাঃ... তোৰ বিপ্লৱৰ সূৰ্যটোক সৌ আন্ধাৰ
পোতাশালত বান্ধি থৈছো মই ... চিৰদিনৰ বাবে ।(নেপথ্যত কে কে
হোৱা) সৌৱা চা আকাশখন । ঘিটমিট আন্ধাৰ...ঘিটমিট....হা হা হা...
সংগ্ৰামী--কলা মেঘেই সূৰ্যক ঢাকি ৰাখিব নোৱাৰে । তই কাৰাগাৰত জোনাকী
পৰুৱা সুমুৱাই থৈ সূৰ্যটোক থোৱা বুলি ভাবিছ । মূৰ্খ ...অলগৰ্ধ তই
ৰাষ্ট্ৰ--ঐ , মুখ চম্ভালী কথা কবি...মই ৰাষ্ট্ৰ..ৰাষ্ট্ৰযন্ত্ৰ মই ।সৌ
তাহানিৰ পৰাই তহতৰ দৰে সাধাৰণ ডাল দৰিদ্ৰবোৰক চেপি খুন্দি ৰস উলিয়াই মোৰ মৌবাহ
সজাই আহিছো ।মূৰ্খ তহত । মোক ভাঙিবলৈ আহি নিজেই ভাঙি গৈছ তিল তিলকৈ হাঃ হাঃ
হাঃ....ওই....(খঙেৰে, চন্তৰী সচেতন হব)
দুজন চন্তৰীয়ে চাবুকলৈ দুয়োফালৰ পৰা দেখা যাব ।
সংগ্ৰামী--তই অলীক সপোন দেখিছ ৰাষ্ট্ৰ...তই যাক গছকি মাৰিব খুজিছ, সি
ৰক্তবীজৰ পুত্ৰ । মৰি মৰি জী উঠি তোৰ এদিন ডিঙি চেপি ধৰিব । সূৰ্যটো উদয় হবলৈ
দে....তোল কলা যাদুৰে সকলোকে বশ কৰি ৰখাৰ যি সপোন দেখিছ তাৰ আয়ুস বেছি দিন নাই
।তোৰ সকলো বিষাক্ত কলা মেঘ ফালি এদিন দগমগকৈ সূৰ্যটো উদয় হব...সমগ্ৰ দেশৰ জনগনে
উদযাপন কৰিব সেই দিন ।
ৰাষ্ট্ৰ---সেই সূৰ্য মোৰ দাস । মোৰ মৰ্জিৰ গোলাম....যিমান দিন মই
বিচাৰো আন্ধাৰ কৰি ৰাখিম.....ঘিটমিট আন্ধাৰত কনা হৈ যাবি তহত । ইয়াত মোৰ মৰ্জিত
পোহৰ হয়, মোৰ মৰ্জিত আন্ধাৰ ।চব মোৰ মৰ্জিৰ গোলাম....মোৰ মৰ্জিৰ
সংগ্ৰামী----হা হা হা....জুইৰ ফিৰিঙতিক আচলেৰে ঢাকি থব আহিছ...মৰিবি
মৰিবি তই ।
ৰাষ্ট্ৰ---মোৰ মুখে মুখে উত্তৰ দিয়, ইমান ষ্পৰ্ধা তোৰ ... ওই
চন্তৰী... কি চাই আছ...মাৰ ইয়াক ।ছাল বখলিয়াই পেলা তাৰ...কেচা ঘাত নিমখ সানি
দে...উতলা পানী বাকি দে গাত...চাওঁ তাৰ কিমান ষ্পৰ্ধা...
(মাৰিব...চিঞৰিব বন্দীয়ে)
এনেতে অবিনষ্ট চুলিৰে এগৰাকী মহিলাৰ দৌৰি প্ৰবেশ...
মাতৃ---এৰি দে এৰি মোৰ লৰাক...মই কাবৌ কৰিছো , ভৰিত ধৰিছো তোৰ...
সংগ্ৰামী---মা...তই কিয় আহিছ....আতৰি যা মা ..আতৰি যা...ইহতে মোৰ একো
কৰিব নোৱাৰে...
ৰাষ্ট্ৰ---হা হা...একেলগে মাককো বন্ধ কৰি থ কাৰাগাৰত....দুয়ো দুয়োৰে
মৃত্যু উদযাপন কৰক...হা) হা) হাঃ
মাতৃ—ভৰিত ধৰিছো..কাবৌ কৰিছো...এৰি দে মোৰ সন্তানক...লাগিলে মোক মাৰি
পেলা...আন্ধাৰ কুঠৰিত মোক পেলাই থৈ দে চিৰকাললৈ ।
ৰাষ্ট্ৰ—হাঃ হাঃ হাঃ..তোৰ দৰে যৌৱনহীনা বুঢ়ী এটিক কালকুঠৰিত ৰাখি থৈ
মোৰ কি লাভ...
সংগ্ৰামী---ৰাষ্ট্ৰ...
মাতৃ—তই মনে মনে থাক বোপাই... এৰি দে এৰি দে তাক....তোক কাবৌ
কৰিছো....(ভৰিত পৰিব ৰাষ্ট্ৰৰ...লঠিয়াই দিব)
সংগ্ৰামী---ইয়াৰ ভৰিত নধৰিবি মা...থুৱাই দে তাৰ মুখলৈ...দেশৰ হেজাৰ
লাঞ্চিতা মহিলাই এদিনতো তাৰ মুখতেই থুৱাব
ৰাষ্ট্ৰ---ঐ..তোৰ মাৰক উলংগ কৰি নচুৱাম...তোৰেই আগত...চাল্লা জিভা
দীঘল কৰিছ নহয়
মাক--- নপুংসক...মাতৃৰ প্ৰতিবাদ কাক কয় জান...এয়া চা ...এৰি দে মোৰ
সন্তানক এৰি দে কৈছো...( চন্তৰীৰ ককালৰ পৰা দা কাঢ়ি আক্ৰমন কৰিব, এনেতে থাপ মাৰি
ধৰিব ৰাষ্ট্ৰই ।)
ৰাষ্ট্ৰ--কালনাগিনী...ইমান সোনকালে তোৰ মৃত্যু ইমান সহজ বুলি
ভাবিছ...তই জন্ম দিছিলি নহয় ইয়াক...তই তোৰ গৰ্ভৰ অনুশোচনাত তিলতিলকৈ মৰিব
লাগিব....(চুলিত ধৰে)হাতে ভৰিয়ে বান্ধি কালকুঠৰিত পেলাই থ এইক পুতেকৰ সৈতে..যা
সংগ্ৰামী— পিশাচে নি শুহি / ৰক্ত পিয়েহী / হিয়া
তোৰ যায় জহি /ওৰে নিশা দিন / সউ ধনৰে খকুৱা /জননীৰে তেজপিয়া /ৰক্তেৰে ৰংচুৱা /কৰে
আই তোক ক্ষীন / পাবিনো মুকুতি অসমী ! কাহানী....
ৰাষ্ট্ৰ--আঃ সেই একেই কবিতা...একেই সুৰ... বাৰে বাৰে শুনি পাগল হৈ যাম
মই.. ....মাথা নষ্ট কৰি দিলি মোৰ... তোৰ জিভা কাটি শিয়ালক খুৱাম...বন্ধ কৰ
মুখ....বন্ধ কৰ (মুখত টিপা দি ধৰিব)
সংগ্ৰামী--তোক বলিয়া কৰি এৰিম...তই বলিয়াহৈ ৰাস্তাৰ কাগজ বুটলিব
লাগিব... মোক মাৰি পেলালেও মোৰ মুখ বন্ধ কৰিব নোৱাৰ...নৰপিশাচ. আঃ আঃ...
ৰাষ্ট্ৰ--চুপ কুকুৰ...জীৱনভৰ মোৰ ভৰি চেলেকিব লাগিব তহতে...জীৱনভৰ..
সংগ্ৰামী---হাঃ হাঃ হতাশ হৈছ মোৰ প্ৰতিবাদত..ভৰিৰ তলৰ মাটি খহি পৰিব
বুলি.ভয় খাইছ হা...ৰাষ্ট্ৰযন্ত্ৰ...তোৰ শেষ অনিবাৰ্য
ৰাষ্ট্ৰ---ঐ...তোক বলি দি আজি তেজৰ পিয়াহ গুচাম..কোন আছ...বলি কটা
দাখন দে….ধৰ্ম আৰু ৰাষ্ট্ৰৰ অখণ্ডতাৰ নামত বলি দিও ইয়াক ।
সংগ্ৰামী--তই কি ধৰ্ম আৰু অখণ্ডতাৰ কথা কৱ...তইতো নিজেই খণ্ডিত-
বিভাজিত এক বিভ্ৰান্ত সত্বা । জোৰ কৰি কিমানক পদানত কৰি ৰাখিবি তই । যিদিনাই তোৰ
আসুৰিক শক্তি বিনাশ হব সিদিনাই সকলো শিকলি থৰ থৰকৈ খহি পৰিব ।
ৰাষ্ট্ৰ--তেতিয়ালৈকে তই জানো জীয়াই থাকিবি...যুগ যুগ ধৰি মৃতকৰ পাহাৰ
গঢ়িছো মই । মোৰ সাম্ৰাজ্যৰ প্ৰতিটো ইটা মৃতকৰ দেহেৰে গঢ়িছো । মোৰ অন্তিমটো ইটাত কিজানি তোৰ নাম লেখা আছে ...তোৰ...কাৰণ তোক এনে
মৃত্যু উপহাৰ দিম যাতে ভৱিষ্যতে আৰু কোনেও ৰাষ্ট্ৰৰ মুখলৈ মুৰ তুলি কথা কোৱাৰ
দুঃসাহস নকৰে।
সংগ্ৰামী-- মই ৰক্তবীজৰ সন্তান...মোৰ মৃত্যু নাই আঃ আঃ (চমতাৰ
কোব)...জনগননে এদিন তোৰ চিতা জ্বলাব....মৰিশালীত ভুতহৈ মুক্তি বিচাৰি হাহাকাৰ কৰি
ফুৰিবি তই ।..ইনকিলাব...
ৰাষ্ট্ৰ--.(দাখনেৰে ঘাপ মাৰি ৰৈ দিয়ে) অই...নাহ তোক বলি নিদিও....তোক
তিলতিলকৈ মাৰিম...পচাই পচাই মাৰিম...যেতিয়ালৈকে তই নিজেই নিজৰ মৃত্যু কামনা নকৰ ।
সংগ্ৰামী---হাঃ হাঃ হাঃ...গোসানী তোৰ ওপৰত ৰুষ্ট ৰাষ্ট্ৰ....তোৰ বলি
নাখায়...যেতিয়ালৈকে তই তোক নিজেই বলি নিদিয়...হাঃ হাঃ হাঃ
ৰাষ্ট্ৰ--ঐ...
(মঞ্চ আন্ধাৰহৈ লাহে লাহে ৰঙা ফকাছ বিয়পিব)( কবিতা)
সংগ্ৰামী---শুন সৌৱা শুন সৌ ভোষিছে ৰণবিষাণ
মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান
ৰক্তেৰে ৰঞ্জিত সৌ সূৰুষ উদীয়মান
শুন মুক্তিৰ তুৰ্যৰ আহ্বান
হালোৱা হজুৱা হেৰ মজুৰ কিষাণ
মুক্তিমান মুক্তি মান মুক্তিমান ।
ৰাষ্চ্ৰ---বন্ধ কৰ বন্ধ কৰ....ইয়াত মুক্তিৰ সুৰুষ উদয় নহয় , উদয় হয়
মোৰ মৰ্জিৰ সুৰুষ মোৰ মৰ্জিৰ...তই যাক মুক্তিমান বুলিছ...সেই হালোৱা-হজুৱা জনগনক
মোৰ কলা যাদুৰে কেনেদৰে বিভ্ৰান্ত কৰি ৰাখিছো চা...সকলোৰে মুখত মোৰ জয়গান মোৰ...
সংগ্ৰামী--মিছা কথা ...মিছা কথা...
ৰাষ্ট্ৰ---সচাঁ সচাঁ....পাৰিলে ৰখা সিহতক চাওঁ তোৰ কথাৰ শক্তি কিমান..
.এয়া চা.....অলক নিৰঞ্জন....(হাতেৰে অংগী ভংগী কৰিব, চন্তৰীকেইজনে উলু উলু দিব। প্ৰস্থান কৰিব ।
সংগ্ৰামী---তুমি অহাৰ মই গোন্ধ পাওঁ....
সুৰসুৰিয়া
দিগন্ত পথেৰে
ৰাতি
নিয়ৰ গছকি তুমি আহি আছা
হাতত লৈ
আহিছা
মোৰ
প্ৰিয় সূৰ্যৰ ঠিকনা
তুমি
অহাৰ মই গোন্ধ পাওঁ....তুমি অহাৰ মই গোন্ধ পাওঁ !
বিদ্ৰোহী আৰু মাক বেদীত পৰি থাকিব।
দুজন লোক দুয়োফালৰ পৰা মঞ্চলৈ দৌৰি আহিব ।
১লৰা--চাল্লা কি ফেচেলিটি বে....চাৰিফালে টকা আৰু টকা....কলা টকা..বগা
টকা....থাপ মাৰি আন ..থাপ মাৰি আন
২ লৰা.---দেশৰ যতে ততে টকা উৰি ফুৰে বতাহত...কেবল থাপ মাৰি পকেটত
ভৰোৱাহে কথা ।
১ লৰা---চাল্লা...তামাম এইছ কৰিম .... হংকং যাম...ছিংগাপুৰ যাম..গোৱাৰ
বিছত...বিদেশীনীৰ সৈতে সাগৰত সাতুৰিম....মাৰ্চিডিছ চলাই মানুহ চেপি
মাৰিম....ইলেকছন খেলিম...নেতা হম...মন্ত্ৰী হম...ৰাষ্ট্ৰৰ পূজা কৰিম হাঃ হাঃ হাঃ
২লৰা---বা একো নহলে সোনাগাছিত বাঈজীৰ সৈতে মিঠা পাট্টি পান
খাম..ডিস্কোথেকত নাচিম...মাল খাই মাতাল হম.. হাঃ হাঃ হাঃ
১লৰা---বহুত টকা পালো...বহুত টকা..চাল্লা কাইলৈ ধুম বেকাৰ
আছিলো....আজি কৌটিপতি মই...কৌটিপতি
বিদ্ৰোহী---তহতে কি কৰিছ....দেশৰ জনগণৰ তেজ-ঘাম লাগি থকা ধনৰ ওপৰত চকু
কিয় দিছ..কিয়..এয়া অন্যায়...অন্যায় এয়া
২ লৰা---ওই কাৰ মাত...কোনে কলে...ওই তই শুনিছ
১লৰা--বলিয়া হৈছ..এই মৰিশালীলৈ কোন আহিব,,,তোৰ মনৰ ভাব...বতাহত উৰি
ফুৰা টকা দেখি তোৰ মগজ নষ্টহৈছে হাঃ হাঃ হাঃ
২লৰা---হে..হব পাৰে...কিন্তু কিবা এটা শুনিছো মই....বল যাওঁ ইয়াৰ পৰা
১লৰা--- পুতি থ পুতি থ....মাটিত পুতি থ.....কাইলৈ ৰাতি উলিয়াম মনে
মনে...(দুয়োজনে মাটিত পুতি থৈ আতৰি যাব । সিহতক অনুসৰণ কৰি আন দুজন হাতত সাৰে ভৰিত সাৰে প্ৰবেশ.
৩লৰা--কতো একো নাই...কতো একো নাই... পেটৰ ভোকত জীউ যায় ও....চাল্লা খং
উঠিলে মানুহকে খাই পেলাম বাপ্পেকে
৪লৰা--চাল্লা টকা নাই...কাম নাই...ঠিকা কৰিলে বিল নাই...খেতি কৰিলে
দাম নাই...ধুম বেকাৰ আমি হাঃ হাঃ হাঃ....
৩লৰা---হেৰৌ আচ্চে দিন আহি আছে....বেকাৰবোৰ কৌটিপতি হৈ আছে...চাইকেল
চলাব নজনাটোই প্ৰেয়সীক লগতলৈ মাৰ্চিডিছত লং ড্ৰাইভত গৈছে দেখা নাই...বতাহত টকা...বিলত টকা...পানীত
টকা...মাটিত টকা....টকাই টকা টকাই টকা....( নেপথ্যত কে কে হোৱা...)
৪লৰা---কেবল আমিহে নেদেখো....কি চকুলৈ জন্মলৈছিলো অ.....চাল্লা
বেইমানী কৰিব নোৱাৰো...চুৰি –ডকাইটি কৰিব নোৱাৰো....বেশ্যাৰ ব্যৱসায়
নোৱাৰো....বিপ্লৱৰ নামত ঠিকা কৰিব নোৱাৰো...মন্ত্ৰী এমএলএৰ নেজত ধৰি ধৰি লুচ্ছামী
কৰিব নোৱাৰো...কি জীৱন বে...চাল্লা
(এইবুলি কান্দি কান্দি বহি পৰিব টকা পুতি থোৱা ঠাইডোখৰত)
বিদ্ৰোহী—সংগ্ৰাম কৰ সংগ্ৰাম...তহতৰ তেজ শুহি শুহি তেজপীয়াটো নোদোকা
হৈছে দেখা নাই
৩লৰা--কোনে কলে সংগ্ৰাম কৰাৰ কথা...চাল্লা কাম নাই...সংগ্ৰাম কৰি কৰি
১৪ হেজাৰ ডেকা মৰিল...কিছুমানে মাৰ্চিডিছত উঠিছে....টকাৰ পাহাৰ গঢ়িছে.....সংগ্ৰাম
কৰি কি হব বে..
বিদ্ৰোহী---জনগনকলৈ সংগ্ৰাম কৰ...শিক্ষিত সংশোধিত কৰ...যিদৰে ভগত সিঙে
কৰিছিল,,,বিষ্ণুৰাভাই কৰিছিল...
৩লৰা--অই অই মেথা গৰম নকৰিবি..এনেই পেটত একো নাই চাল্লা..
৪লৰা---কি আবোল তাবোল বকিছ....কাৰ সৈতে কথা কৈছ
৩লৰা---কেলেই তই সংগ্ৰাম কৰাৰ কথা কলি যে
৪লৰা---মই...মই সংগ্ৰামৰ কথা কলো...চাল্লা বলিয়া হলি তই...বে টকাৰ
পিছত দৌৰ ...টকাৰ পিছত...চাল্লা ছিগা চেণ্ডেল..ছিগা পেন্ট ,পইচা নহলে কাইলৈ
লেংটাহৈ ৰাস্তাত ওলাব লাগিব চাল্লা ।
৩লৰা---চাল্লা...কত টকা পাবি ...পাবি কত..সৌ সিহতৰ দৰে ...চোৰ কৰিম নে
ডকাইটি কৰিম....নে ৰাজস্থানত ছোৱালী চালান দিম.....চাল্লা আমাৰ ভাগ্যই বেয়া বে..
(মাটিত ঘোছা মাৰাৰ লগে লগে কিবা এটা ওলাই পৰিব । উলিয়াই চাব টকা,)
৪লৰা---অই টকা বে...
৩লৰা--কি টকা....খান্দ খান্দ....ইয়াত পোতা টকা আছে
(দুজনে খান্দিব..মাটি খুচৰি খুচৰি..শুই যাব একেবাৰে...)
৪লৰা--টাকা টকা,,,,টকা....(বলিয়াৰ দৰে মাটিত বাগৰিব)
৩লৰা---আৰু খান্দ আৰু...
৪লৰা---এইটো কি
৩লৰা--এইটো...মানুহৰ লাওঁখোলা বে...লাওঁখোলা
৪লৰা--আই ঔ...অসংখ্য লাওঁখোলা....
৩লৰা--ৰ ৰ..ভয় নাখাবি আৰু খান্দ আৰু
৪লৰা--এয়া মোৰ হেৰোৱা ভাইহতৰ লাওঁখোলা...মোৰ ভাইহতৰ..এয়া চা হাতৰ
আঙঠি...এয়া চা...
৩লৰা---এয়াচোন মোৰ পিতাইৰ
লাওঁখোলা ও....মোৰ পিতাই দৰমহাৰ দাবীত আন্দোলন কৰিবলৈ গৈ ঘুৰি অহা নাছিল ...পিতাই
ঐ....(কান্দে)
৪লৰা--এ এইখন কি...
৩লৰা--কিবা যাদুৰ কিতাপ নহয়তো....কোনো তান্ত্ৰিকৰ কাম নেকি ও এইবোৰ
৪লৰা—এইখন কিবা ডাচ কেপিটেল
৩লৰা--ডাছ কেপিটেল....কত শুনিছো....
বিদ্ৰোহী—ডাছ কেপিটেল...!মই জানো মই জানো...
৩লৰা--কোন... কোনে কলে
বিদ্ৰোহী--ডাছ কেপিটেল এঘাৰ পৃষ্ঠা বাকী
মাজনিশা কোন ত্ৰিনয়নে পঢ়ে
পোহৰ পোহৰ..উদয়াচলত ৰবি.....ইটাৰ দেৱালত জিলিকি উঠে ডাছ কেপিটেলৰ সপোন
!
৪লৰা---কোন সেয়া...কোন
সংগ্ৰামী--উঠ মা উঠ...সৌৱা চা মোৰ ভাইহত আহিছে...বহু প্ৰতীক্ষাৰ অন্তত
সিহত আহিছে মা...আহিছে
৩লৰা---ওই বন্ধু এয়া চা কি....(কাপোৰেৰে নুৰিয়াই থোৱা এটা ষ্টেনগান
মাটিৰ পৰা উলিয়াব)
৪লৰা---ষ্টেনগান !
৩--এইখনত কিবা লেখা আছে...
৪---ৰাজ্যে আছে দুইটা পাঠা (আখৰ জোটাই পঢ়িব)
সিপিনে বিদ্ৰোহীয়ে কব,
বিদ্ৰোহী--ৰাজ্যে আছে দুইটা পাঠা /একটা কালো একটা সাদা /ৰাজ্যেৰ যদি
মংগল চাও দুইটি পাঠাই বলি
দেও
৩লৰা---তাৰ মানে এই ষ্টেনগান বিষ্ণুৰাভাৰ !
বিদ্ৰোহী--অ অ...বিষ্ণুৰাভাৰ...বগা পাঠা আতৰি গল, কিন্তু কলা পাঠাবোৰৰ
দ্বাৰাই আমাক শোষণ কৰি আছে...তেজ শুহি আছে আমাৰ
৪লৰা--ও সেইকাৰণেই আমাৰ এই দুৰ্দশা...সেইকাৰণেই যতে ততে আমাৰ পিতাই
ভাইৰ লাওঁখোলা
৩লৰা--ভাঙি দিম এই ব্যৱস্থা...এই ৰাষ্ট্ৰ....
সংগ্ৰামী--সচাই আহিবা তোমালোক...কোৱা...ইনকিলাব
৩+৪ একেলগে---জিন্দাবাদ...
(এনেতে নেপথ্যত কে কে হোৱা...ভয়াৰ্ত শব্দ)
ৰাষ্ট্ৰ---হাঃ হাঃ হাঃ....অপঘাটে মৰিবলৈ আৰু কেইটামান পৰুৱা
ওলাইছে....ঐ চন্তৰী...বান্ধ ইহতক (ৰাষ্ট্ৰৰ প্ৰবেশ)
চন্তৰীয়ে বান্ধিব যাব । এনেতে ষ্টেনগান দেখুৱাই ধমকি দিব ।
৩লৰা--ঐ...আমাক পৰুৱা বুলি নাভাবিবি...ভোকাতুৰৰ হাতত যেতিয়া বন্দুক
উঠে...তেতিয়া তাৰ তৰ্জনী ক্ষান্ত নহয়...ধাম ধাম ধাম..(ব্লেক ফায়াৰ কৰিব)(ৰাষ্ট্ৰই
ভয় খাই পিছহুহুকিব)
৪লৰা---যা আতৰি যা....আমাৰ অধিকাৰ আমাৰ ঘুৰাই দে....ঘুৰাই দে
ৰাষ্ট্ৰ--অই অই...বন্দুক থ বন্দুক থ...এই খন গান্ধীৰ দেশ
বুজিছ....আলাপ আলোচনাৰ মাজেৰেও সমাধান সম্ভৱ
৩লৰা--গান্ধীৰ দেশ হাঃ হাঃ হাঃ......গান্ধীৰ নামত লুটি খালি
বেইমান....আমাৰ পিতাই ভাইহতৰ লাওঁখোলাৰে সাম্ৰাজ্য সজালি....তোৰ নিস্তাৰ নাই আজি
ৰাষ্ট্ৰ---তহতে ভুল কৰিছ....মোৰ হেজাৰ অক্ষৌহীনী সেনাৰ আগত তহতে কি
কৰিবি...মোৰ গাৰ নোম এডালো লৰাব নোৱাৰ তহতে...
৩লৰা--চাল্লা চেলেঞ্জ কৰিছ......চাল্লা পাগল হয় আমি পাগল হয়... মাৰি
দিও নেকি চাল্লা.....হাঃ হাঃ..ভয় কৰিছ নহয়....ফৰাচী বিদ্ৰোহৰ কথা শুনিছ...চাল্লা
সাধাৰণ লোকৰ হাতত বন্দুক উঠিলে কি হয় নাজান....এতিয়া গম পালি ভয় কি...
৪লৰা--- চিন্তা নাই...বন্দুকৰ গুলী গাত নপৰে...এতিয়াই বন্দুক
নচলাওঁ...নহলে যে সন্ত্ৰাসবাদীৰ লেবেল মাৰি দিবি গাত । হা হা চাল্লা তোৰ চব কৌশল
গম পাই গৈছো...
৩লৰা---এতিয়াও মানুহৰ চকুৰ পৰা তোৰ কলা যাদু আতৰি যোৱা নাই...সময়
লাগিব...সেইদিনটোলৈ তোৰ লাইফ ইনচিওৰেঞ্চ কৰি থলো যা ।
সংগ্ৰামী--হেৰৌ ৰাষ্ট্ৰ...দেখিলি...মই যে কৈছিলো এদিন সূৰ্য উদয়
হব...সৌৱা চা আকাশলৈ কেনেকৈ পূৱআকাশ ৰঙাহৈ পৰিছে..কেনেকৈ ফেহুজালি দিছে চা...হাঃ
হাঃ হাঃ...তোৰ ধ্বংস অনিবাৰ্য ...অনিবাৰ্য
ৰাষ্ট্ৰ---আঃ আঃ..
সংগ্ৰামী---(ৰাষ্ট্ৰৰ চকু ছাত মাৰি ধৰিব...পোহৰক ভয় খাই পলাই
দৌৰিব)...মা উঠ মা....দেখিছ...দেখিছ....কেনেকৈ সূৰ্যলৈ ভয় খাই দৌৰিছে সি...তই
বিচৰা ভাল দিনবোৰ আহিব যেন পাইছো ও মা...উঠ মা উঠ...মা.......(মাক লাহে লাহে সাৰ
পাব...আকাশলৈ চাব....সূৰ্যটো লাহে লাহে উদয় হব ধৰিছে) সৌ ঘুৰণীয়া বেলি /ৰঙা মুখ
ফোটে সচাঁ আবেগত /মুক্তিৰ কপনি !
মাতৃ--এৰা বোপাই...পিছে এতিয়াও বহু দূৰ
বাট...সৌৱা চা.. কলীয়া মেঘবোৰ আতৰা নাই...আতৰত শিয়ালৰ হোৱা বোৰ প্ৰতিধ্বনিহৈ আহিছে
এতিয়াও...এতিয়াও .।...পিছে
আহিব..সোনকালেই সুৰুযটো ওলাব ও...তই সুন্দৰৰ পুজাৰীহৈ সুৰৰ দেউলত ৰূপান্তৰৰ মন্ত্ৰ
গাবি...মই তাণ্ডৱী হম...তাণ্ডৱৰ তালে তালে কম্পমান হৈ চপৰা চপৰে খহি পৰিব
অত্যাচাৰী ধনিকৰ সাম্ৰাজ্য.....আমি এনে এখন নতুন সমাজ সজাম যত নাথাকিব ৰাষ্ট্ৰৰ
অত্যাচাৰ আৰু বৈষম্য । সেই নতুন সমাজত আমি ৰূপান্তৰৰ গীত গাম...
সুৰৰে দেউলৰে ৰূপৰে শিকলি /ভাঙি দিলি খুলি /দুৱাৰ
সোনোৱালী/পুজাৰী ও/পুজাৰী ও
সুন্দৰ পুজাৰী...সুন্দৰ পুজাৰী ও....