মোক্ষ্য-প্ৰাপ্তি
মোৰ দুহাতত
শিকলি।বুকুত অসহনীয় যন্ত্ৰনা ;
হে বিশ্ব,মই তোমাৰ সৈতে উদযাপন কৰিব নোৱাৰো
স্বাধীনতাৰ গোলকীয় উত্সৱ।মই ভৃত্য মই অপদাৰ্থ
মোৰ ডিঙিত সোপা দি ধৰা বিলাসী গণতন্ত্ৰৰ খাকী মখমল।
বহু উজাগৰী ৰাতিৰ শেহত মোৰ ফুটছাই সপোন ।সেয়ে
আজিকালি মই সপোন নেদেখো ।তথাপি এটি সপোনৰ বাবেই উত্সৰ্গিত

সৌ দুকুৰি বসন্ত মোৰ ।কোনেওতো নাজানে কি
সতে
মোৰ কৰ্পদকশূন্য হাতেৰে খেপিয়াই ফুৰো পোহৰ।অথচ হাতত লাগি আহে
তুমি বাকি দিয়া
এপিয়লা এন্ধাৰৰ বিষাক্ত লালটি ।
একবিংশ শতিকাত পোহৰ
কত।মাথো
সাগৰৰ
সিপাৰে বগা বনিকৰ মুকুটত সূৰ্যৰ জিকমিক বাখৰ।
তুমিতো জানাই, মই যে পোহৰৰ আজন্ম
প্ৰেমিক।তথাপি হে বিশ্ব,
তোমাৰ হেলোজেন পোহৰত মোৰ চকু ছাত মাৰি ধৰে।এন্ধাৰৰ বিতচকু পিন্ধি
জোনাক দেখাৰ বিলাসীতাও মোৰ নাই।
দেই পুৰি পুৰি কেনেদৰে যাপন কৰো মোৰ অক্ষমতাক।কাক কও
কোন সতে।কোনে ৰিক্ত দুহাতত সিচি দিব প্ৰেম আৰু বিশ্বাসৰ ৰদালি বীজ।
হে বিশ্ব,হেজাৰ হিলিবিলি মিউজিকেৰেও মোক ৰখাব নোৱাৰিবা,
এন্ধাৰৰ কালকূট কাৰাগাৰত অহাকালি মোৰ মৃত্যু হব।যদিওবা

আক্ষেপেৰে মই কও,এসাগৰ জোনাক বুকুত লৈ
জীয়াই থকাৰ প্ৰচণ্ড হেপাহ মোৰ।
মোৰ দেশৰ মূক-মৌন মানুহ,এবাৰ ৰাজপথত থিয় হৈ চাবা

তোমাৰ বিপৰীতে পাৰ হৈ যোৱা এটি মৃত্যুহীন মৃতকৰ সমদল।
পৰাধীনতাৰ যন্ত্ৰনা বুকুত বান্ধি কোনে কিদৰে জানিবা
কোন বাটে গলে পায় সাম্যৰ পৃথিবী।ৰদালি দিনৰ টগবগ ৰং,
তথাপি পাৰিলে মোৰ বুকুত তুলি দিবা হিৰুদাৰ কবিতা
যদিও শিল হয় মোৰ বুকুৰ সেউজীয়া শইচৰ ভড়াল।কাবৌ কৰিছো
কোনেও যেন উদযাপন নকৰা মোৰ মৃত্যুক।এপিটাফো নিলিখিবা,
পাৰিলে দুহাতৰ শিকলি ছিঙি যাপন কৰা জীৱন।
কাৰন ইতিহাসে অক্ষমতাক ক্ষমা নকৰে কাহানিও।

মোক্ষ-প্ৰাপ্তি কবিতাটিৰ কবিগৰাকীৰ নাম কি, জনাবাচোন। অতি সুন্দৰ কবিতা।
ReplyDelete