Monday, 13 February 2017

 হাল্লা বোল ভাই হাল্লা বোল



(ভগত সিঙৰ মৃত্যুদিৱস উপলক্ষে ৰচিত বাটৰ নাট)


প্ৰধান চৰিত্ৰ-নেতা এজন, ভিলেইন দুজন , দাৰুৱালা , মাতৃ দুগৰাকী,১নং ডেকা , এজন হিন্দু এজন মুছলীম আৰু ভগত সিং ।

এটা শোভাযাত্ৰা । যুৱকসকলে শ্লোগান দি আগবাঢ়ি যাব ।

--ইনকিলাব জিন্দাবাদ । সাম্ৰাজ্যবাদ মুৰ্দাবাদ । হিন্দু মুছলীম ভাই ভাই ।

শ্লোগান দি দি এঠাইত সমবেত হব । নেতাজনে পথত সকলোকে সমবেত কৰি শ্লোগান দিবলৈ ধৰিব ।
এজন ডেকা মিছিলৰ পৰা ওলাই আহি মাজত পজ লব ।

ডেকাঃ ১৯৩৫ চন । দেশত ইংৰাজৰ ৰাজত্ব সাম্ৰাজ্যবাদৰ হাতোৰাত বন্দী জনগন ।
নেতাজনে ওলাই আহি মাজত পজ লব ।সমবেতই বন্দীৰ ভংগীমাত ।
নেতাঃ ইংৰাজৰ বিৰূদ্ধে দেশৰ জনগনে কৰিছিল বিদ্ৰোহ ।প্ৰতিবাদী জনগনৰ বুকুত খুচি দিয়া হৈছিল গুলী বেয়নেট
কোৰাচ---স্বাধীনতা আমাৰ জন্মস্বত্ব ।(ধুম ধুম ধুম...বাগৰি পৰাৰ ভংগীমা সমবেতৰ)
ডেকাঃ দেশৰ মুক্তিৰ বাবে ভগত সিঙৰ দৰে বহুতে ফাচীকাঠত ওলোমিছিল ।  
কোৰাচ- Long live revolution
Down down imperialism…

লগে লগে মিছিলৰ কেইজনমানে ফাচীৰ ভংগীত ঠিয় দিব । কেইজনমানে গাব--
চৰফৰচ কি তমন্না আজ হামাৰে দিল মে হ্যায়....গীত গাব ।
এনেতে ভিলেইন কেইজনৰ প্ৰবেশ ।

ভিলেইন---অই বন্ধ কৰ এইচব । চাল্লা প্ৰতিবাদ কৰিব আহিছ । চাল্লা বেইমানৰ দল । কি লাগে তহতক ।
২নং ভিলেইনঃ আব্বে , তইতো চাল্লা নামাজী মুছলমান । এই হাৰামী হিন্দুবোৰৰ লগত কিয় আহিছ হা ।
নেতা—দেশক লুটি খোৱা সাম্ৰাজ্যবাদৰ দালাল বোৰৰ বিৰূদ্ধে আমাৰ সংগ্ৰাম । ধৰ্মৰ নামত ভাগ ভাগ কৰি পুজিবাদৰ চুৱা খোৱা লম্পটবোৰৰ বিৰূদ্ধে আমাৰ সংগ্ৰাম ।সাম্ৰাজ্যবাদ মুৰ্দাবাদ । হিন্দু মুছলীম ভাই ভাই ইনকিলাব জিন্দাবাদ ।
মিছিলঃ জিন্দাবাদ জিন্দাবাদ  ।
ভিলেইনঃ চাল্লা ভগত সিং হব আহিছ হা । মাৰ ইহতক ।
মাৰিব । মাৰ খাই বাগৰি পৰিব চুচৰি বাগৰি লাইনত গৈ পজ লব
ভিলেইন কেইটাই হাহি হাহি আস্ফালন কৰিব । ১নং ভিলেইনে ফোন কৰি কব বছক জনাব । কাষতে ফেৰিৱালাই দাৱাই  বিক্ৰী কৰি থাকিব ।
দাৰুৱালাঃ  হায়ৰে সাধেৰ চুলকাণী,
চুলকাইতে চুলকাইতে বাইৰহয় লাল পানী,
ৰাজা চুলকায়, ৰাণী চুলকা্য চুলকায় দেশেৰ প্ৰজা, 
চুলকানি হৈলে পৰে ভাই লাগে চুলকায়া ভাৰি মজা,
হায়ৰে সাধেৰ চুলকাণী,
চুলকাইতে চুলকাইতে বাইৰহয় লাল পানী
যখন বাৰায় নালপানী তখন লাগাইবেন আমাৰ পানী
আৰ ঠাণ্ডা হইবে আপনাৰ চুলকানী ।


১নং ভিলেইনঃ ছাৰ , কাম হৈ গল । কোবাই বখলিয়াই দিছো । হব ছাৰ । সকলোকে দাৱাই খুৱাই দিব । ওই দাৰুৱালাএইফালে আহ
দাৰুৱালাঃ চেলাম চাহেব । চুলকানিৰ দাৱাই দিমু ।
২নং ভিলেইনঃ চুপ , বছক নালাগে , ৰাইজক খুৱাই দে । এইৰকম দাৱাই দে যাতে খজুৱতি নকমে বাঢ়েহে । এই ল । আৰু যি লাগে তাকেই দিব ।
দাৰুৱালাঃ হব চাহেব । বুজা পাইলাম । একদম ভাল দাৱাই খুৱাই দিম চাহাব । আমাৰ লগত চব দাবাই আছে । ধৰ্মেৰ চুলকানি , জাতিৰ চুলকানি, এইহানেৰ  চুলকানি , উইহানেৰ চুককানি চব আছে । এইৰহম দাৱাই দিম নহয়, যাতে চুলকাই চুলকাই নাল পানী বাৰাই যায় আৰু পেটেৰ ক্ষিদা ভুলি যায় ।
১নং ভিলেইন ঃ বঢ়িয়া , বঢ়িয়া তোক আমাৰ প্ৰধানমন্ত্ৰীৰ উপদেষ্টা বনাই দিম বেলাগি যা, লাগি যা । তোক মিডীয়া লাগে , ইনটাৰনেট লাগে চব ফেচিলিটি দিম । মাত্ৰ দাৱাই খুৱাই যা মানুহক । ধৰ্মৰ দাৱাই , জাতিৰ দাৱাই হাঃ হাঃ হাঃ
দাৰুৱালাঃ হা হা , যাতে আপনাৰা দেশেক লুটি শেষ কৰিবা পাৰেন । তাই না ।
১নং ভিলেইনঃ চুপ , তই সেইবোৰ মাথা মাৰিব নালাগে । মাল দিছো, নিজৰ কাম কৰি যা । (লাইনত মিলি যাব)
দাৰুৱালাই দাৰু বিক্ৰী কৰিব ।
দাৰুৱালাঃ  হায়ৰে সাধেৰ চুলকাণী,
চুলকাইতে চুলকাইতে বাইৰহয় লাল পানী,
ৰাজা চুলকায়, ৰাণী চুলকা্য চুলকায় দেশেৰ প্ৰজা, 
চুলকানি হৈলে পৰে ভাই লাগে চুলকায়া ভাৰি মজা,
হায়ৰে সাধেৰ চুলকাণী,
চুলকাইতে চুলকাইতে বাইৰহয় লাল পানী

ভাইৰা আৰু বন্ধুৰা । এই দাৱাই খালে পেটেৰ ক্ষিদা লাগেনা । ক্ষিদা নালাগলে কাম কৰাৰো দৰকাৰ নাই । একডা বড়ি খাইবেন বেহেস্তে থাকবেন । কি সুখ আহাহা ।
একডা বড়ি নিবেন, সাথে চানাভাজা ফ্ৰি । আসেন ভাই বন্ধু আসেন ।সুখেৰ দাৱাইৰ সাথে এইযে হিন্দু চানা , এইযে মুছলীম চানা ।
হিন্দুঃ চাচা কি দাবাই আছে ?
দাৰুৱালা ঃ কি দাৱাই লাগে , হিন্দু দাৱাই না মুছলমান দাৱাই ?
হিন্দুঃ মই গোড়া হিন্দু , মোক হিন্দু দাৱাই দে ।
মুছলমানঃ মই পাচ সন্ধ্যা নামাজ পঢ়া গোড়া মুছলমান , মোক মুছলীম দাৱাই দে ।
দাৰুৱালাঃ হাঃ হাঃ..নেন নেন...হিন্দু দাৱাই মুছলীম দাৱাই , সব দাৱাই আছে । ST , OBC দাৱাইও আছে , কাক লাগে ভাই । হিন্দু দাৱাই মুছলীম দাৱাই , ST , OBC দাৱাই, হৰেক ৰকমেৰ দাৱাই । দাৱাই খান আৰ চুলকাইয়া জান । হায়ৰে সাধেৰ চুলকাণী,
চুলকাইতে চুলকাইতে বাইৰহয় লাল পানী,
ৰাজা চুলকায়, ৰাণী চুলকা্য চুলকায় দেশেৰ প্ৰজা, 
চুলকানি হৈলে পৰে ভাই লাগে চুলকায়া ভাৰি মজা,
হায়ৰে সাধেৰ চুলকাণী,
চুলকাইতে চুলকাইতে বাইৰহয় লাল পানী
মানুহবোৰে ডাৱাই খাই মছগুল হব ।নিচাসক্ত হব ।
হিন্দুঃ চাল্লা , মোগল , গৰু খোৱা জাত । তহতক দাঢ়িত ধৰি দেশৰ বাহিৰ কৰি দিব লাগে ।
সমবেত হিন্দুঃ অ অ..চাল্লা এইবোৰৰ বাবেই আমাৰ এই অৱস্থা ।
মুছলীমঃ হাৰামজাদা কাফেৰৰ দল । গোটেইখন মুছলীম বিশ্ব বনাম । তহতক কচু কটা দিম ।
মুছলমান সমবেতঃ জেহাদ জেহাদ...মাৰ কাফেৰহতক ।
সংঘৰ্ষ হব । মাৰ খাই পৰি যাব । দুগৰাকী মাতৃ আহি আহত দেহবোৰ ধৰি কান্দিব । এনেতে ভগত সিংৰ প্ৰবেশ ।ভগত সিঙে দাৰুৱালাক চুলিত ধৰি লৈ আহিব ।
ভগত—ধৰ্মৰ দাৱাই খুৱাই ৰাইজৰ মাজত যুদ্ধ লগোৱা এইজন ৰাইজ । কিন্তু ই দালালহে । প্ৰকৃত দাৰুৱালা হৈছে পুজিবাদৰ ভেৰোনীয়া শাসকশ্ৰেণী ।আজি একবিংশ শতিকা । বৃহত কৰ্পোৰেট বনিক গোষ্ঠী এতিয়া ইংৰাজহৈ জনগনক পুনৰ বন্দী কৰিছে । পাতি দিছে শোষণৰ জাল । লগাইছে ভায়ে ভায়ে সংঘাত ।

সমবেত—তই কোন হিন্দু নে মুছলমান ।
ভগত—মই বিপ্লৱী , বিপ্লৱীৰ কোনো ধৰ্ম নাই , কোনো জাতি নাই আছে মাত্ৰ জনগন আৰু দেশৰ প্ৰতি আনুগত্য
১নং ডেকা---অকলে বিপ্লৱ কৰিবিসমাজ পৰিৱৰ্তন কৰিবি হ্ঃ হাঃ হাঃকোন আহিব তোৰ সৈতে , বাৰে বাৰে ফাচী খাই মৰিবি আৰু ত্ৰিশংকুৰ দৰে ঘুৰি ফুৰিবি মানুহক ভয় খুৱাই , হাঃ হাঃ হাঃ ।
ভগত সিং--- जिंदगी तो सिर्फ अपने कंधों पर जी जाती है, दूसरों के कंधे पर तो सिर्फ जनाजे उठाए जाते हैं.
মেই না হিন্দু হু না মুছলমান । मेरा धर्म देश की सेवा करना है.
কোৰাছ( সমবেত)- কোন তই ।
ভগত— ভগত সিং ।
১নং ডেকা—ভগত সিং ?
কোৰাছ—পাগল তই । পাগল ।
ভগত--देशभक्तों को अक्सर लोग पागल कहते हैं. मैं एक ऐसा पागल हूं जो जेल में भी आजाद है.
১নং ডেকা---ও তোৰ ফাচী হৈছিল নহয় জানো । ইংৰাজৰ বিৰূদ্ধে দেশক মুক্ত কৰিবলৈ যাওঁতে তোৰ ফাচী হৈছিল । ফাচী কাঠৰ পৰা নামি ইয়ালৈ কেনেকৈ আহিলি ।
ভগত—বিপ্লৱীৰ মৃত্যু নাই । চা মোৰ ডিঙিত এতিয়াও ফাচীৰ চিন ।(চোলাৰ কলাৰ খুলি দেখুৱাব)
সমবেতই তাৰ ডিঙিৰ ফালে একেলগে আঙুলী টোৱাই চাব ।
কোৰাছ—অ অ সেয়া ফাচীৰ চিন ।
ভগত—যেতিয়াই দেশত ধনী পুজিপতিয়ে জনগনক শোষণ কৰিব ।তাৰ দালালবোৰে ধৰ্মৰ নামলৈ বিভেদ সৃষ্টি কৰি নিজৰ ক্ষমতা হাচিল কৰিব । যেতিয়াই সাম্ৰাজ্যবাদে তাৰ বিষাক্ত নখেৰে দেশক আচুৰিব তেতিয়াই মোৰ দৰে একো একোজন ভগত সিংৰ জন্ম হয় । ইনকিলাব..
মিছিল—জিন্দাবাদ ।
ভগত সিং জিন্দাবাদ
মাতৃ-ভগত সিঙেই সচা কথা কৈছে । যুগ যুগ ধৰি এইদৰে ধৰ্মৰ নামত জাতিৰ নামত আমাৰ সন্তানবোৰক মাৰি থকা হৈছে আমাৰ মাজত ঘৃণা অবিশ্বাস বিয়পাই দিয়া হৈছে ।
মাতৃ২-অ ঠিকেই কৈছা ভনী । এইবোৰৰ ভুক্তভোগী আমি মাতৃসকল । অথচ আমি বুজিব পৰা নাই । এইবোৰ কাৰ চক্ৰান্ত । আমি এক হব লাগিব । এক হব লাগিব ।
কোৰাছ—অ অ আমি এক হব লাগিব ।জীয়াই থকাৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিব লাগিব , প্ৰতিবাদ কৰিব লাগিব ।
ভগত সিং—সংগ্ৰাম মানৱ জাতিৰ অপৰিহাৰ্য অধিকাৰ । স্বাধীনতা কেতিয়াও শেষ নোহোৱা এক জন্মসিদ্ধ অধিকাৰ ।  এই অধিকাৰৰ বাবে সংগ্ৰাম কৰিবই লাগিব । ধৰ্মৰ নামত বেইমানিৰ খেল খেলাবোৰক সকীয়াই দিবই লাগিব । সেয়ে হাল্লা বোল ভাই হাল্লা বোল ।
কোৰাচ—হাল্লা বোল হাল্লা বোল ।

০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০

No comments:

Post a Comment