এজন বিল্পৱী শিল্পী ভীমকান্ত বুঢ়াগোহাঞি ওৰফে বিষ্ণুজ্যোতি বুঢ়াগোহাঞিৰ
সোঁৱৰণীত
আজি অসমৰ এজন প্ৰখ্যাত চিত্ৰশিল্পী বিষ্ণুজ্যাতি বুঢ়াগোহাঞিৰ দ্বিতীয়
মৃত্যুবাৰ্ষিকি।শদিয়াৰ ধলা আহোম গাওঁত ১৯৩১ চনত জন্মগ্ৰহন কৰা এইজন চিত্ৰশিল্পীয়ে পঞ্চাশৰ দশকতেই কলিকতাৰ কালিঘাটত সুকুমাৰ
কলাৰ অধ্যয়ন কৰি সেই বিষয়ত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লৈ অসমত শিল্পকলাৰ অনুশীলন
কৰিছিল।যিসময়ত অসমত শিল্পকলাৰ অধ্যয়ন আৰু আধুনিক চিত্ৰশিল্পৰ অনুশীলন সীমিত হৈ
আছিল সেই সময়তেই তেওঁ শদিয়াত নিজা বাসগৃহতেই ৰং ৰেখা নামৰ ষ্টুডিঅৰ জন্ম দিছিল।প্ৰৱল
জাতীয়তাবাদী দেশপ্ৰেমিক এইজনা চিত্ৰশিল্পী পিছলৈ অসমৰ সশস্ত্ৰ সংগঠন সংযুক্ত
মুক্তি বাহিনীৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য হৈ প্ৰথমগৰাকী বৈদেশিক সচিবৰ দায়িত্বত
বাৰ্মালৈ গৈ কাচিন ইণ্ডিপেণ্ডেন্ট আৰ্মী আৰু নগা বিদ্ৰোহী খাপলাঙৰ সৈতে যোগসুত্ৰ
স্থাপন কৰে।আলফাৰ প্ৰতিষ্ঠাপক সদস্য হোৱাৰ পিছৰে পৰা তেখেত অসমৰ জনগনৰ মাজত এজন
চিত্ৰশিল্পীৰ সলনি ভীমকান্ত বুঢ়াগোহাঞি নামেৰে এজন বিদ্ৰোহীৰ ৰূপতহে পৰিচিত হয়।বিদ্ৰোহ কালীন সময়তো তেখেতে
হাতৰ তুলিকা পেলাই দিয়া নাছিল বৰং তেওঁ যতেই থাকিছিল ৰং-তুলিকাৰ এখন জগত সৃষ্টি
কৰি লব পাৰিছিল।আনকি আলফাৰ শিবিৰতো তেখেতে সৃষ্টি কৰি লৈছিল বহু শিল্পী।সেই
শিল্পীসকলক একলগ কৰি ঘণ অৰণ্যৰ পাহাৰীয়া শিবিৰত তেখেতে বিপ্লৱী ধাৰাৰ চিত্ৰ
পদৰ্শনী, একাংকিকা নাট প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰিছিল।এই শিল্পীগৰাকী অকল
চিত্ৰশিল্পীয়েই নাছিল।নাটক,কবিতা,অভিনয় সকলোতে বিশাল অভিজ্ঞতা-জ্ঞানৰ এখন
ভ্ৰাম্যমান এনচাক্লপেডিয়া আছিল তেখেত।সেয়ে তেওঁ বিদ্ৰোহী সকলৰ বাবে আছিল শ্ৰদ্ধাৰ
ফাদাৰ নাইবা মামা।
চিৰকুমাৰ এইগৰাকী প্ৰয়াত বিপ্লবী শিল্পীৰ জীৱনটো অতি ৰোমাঞ্চকৰ।ডেকাকালতেই
কলিকতাত পঢ়ি থকা অৱস্থাত তেখেতে কমিউনিষ্ট দলৰ সান্নিধ্যলৈ আহিছিল।কবি অমূল্য কুমাৰ
বৰুৱাৰ সৈতে একেটা কোঠাতে থকা বুঢ়াগোহাঞিদেৱে সেইসময়ত কলিকতাত হোৱা সাম্প্ৰদায়িক
সংঘৰ্ষত মৌলবাদীৰ লক্ষ্য হৈছিল।সেইসময়তেই তেখেতে শিক্ষা আধৰুৱা কৰি অসমলৈ আহি
বামপন্থী আদৰ্শৰ কৃষক সভা আদিত জড়িত হৈ পৰিছিল।বুৰঞ্জীৰ ওপৰত বিশেষ দখল থকা
বুঢ়াগোহাঞিদেৱে বুৰঞ্জী আৰু নৃতত্বৰ গবেষক হিচাপে গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা
মাননি পোৱাৰ উপৰিও ছাৰ্ভে অব ইণ্ডিয়াৰ অৰুনাচলৰ গবেষক গাইড হিচাপেও কাম কৰিছিল।চিৰকুমাৰ
এইগৰাকী শিল্পীয়ে অসম আন্দোলনতো জপিয়াই পৰি প্ৰথম জুইশিখা গৌহাটীলৈকে কঢ়িয়াইছিল।কিন্তু
পিছলৈ আন্দোলনৰ গতি গোত্ৰ লক্ষ্য কৰি বিতশ্ৰদ্ধ হৈ তেখেতে আতৰি যায় আৰু ভাৰতীয়
এককেন্দ্ৰিক ৰাষ্ট্ৰব্যৱস্থাৰ দখলদাৰিত্বৰপৰা অসমভূমিক মুক্ত কৰাৰ সংকল্প লৈ
ঐতিহাসিক ৰংঘৰ বাকৰিত সংযুক্ত মুক্তি বাহিনীৰ জন্ম দিয়ে।তেখেতৰ সক্ৰিয় সমৰ্থনত তলাতল
ঘৰত এইসংগ্ৰামৰ সৈতে অশ্ত্ৰ সংযোগ কৰাৰ সিদ্ধান্ত লোৱা হয়।তাৰ পিছতেই আৰম্ভ হয়
আত্মগোপন।এই আত্মগোপনৰ সময়ছোৱাতেই অধিককাল অসমৰ গাৱে ভুঞে সংগঠনৰ প্ৰচাৰ কৰি পিছলৈ
সতীৰ্থসকলৰ সৈতে বাৰ্মা-ভূটান আদি চুবুৰীয়া ৰাষ্ট্ৰত আশ্ৰয় গ্ৰহণ কৰে। ভূটানত থকা
সময়ত ভূটানৰ ৰজা জিগমে চিগমে ৱাংচুকৰ সৈতে সৌহায্যপূৰ্ণ সম্পৰ্ক স্থাপন হয়। আনকি
ভূটানৰ ৰাজদৰবাৰতো তেখেতে কেইবাবাৰো ৰজাৰ দ্বাৰা আমন্ত্ৰিত হয় আৰু ৰাজদৰবাৰত
অসম-ভূটানৰ ঐতিহাসিক সম্পৰ্কৰ ওপৰত ভাষন দিয়াৰ উপৰিও স্বাধীন অসমৰ নাৰ্যতাৰ কথা
উল্লেখ কৰে।এইদৰে ভূটান ৰজাৰ প্ৰিয়পাত্ৰত পৰিণত হয়।কিন্তু ভাৰতৰ উপৰ্যুপৰি হেচাত
সেও মানি ৰয়েল ভূটানে ভাৰতীয় সেনাৰ সহযোগত আলফাৰ শিবিৰ আক্ৰমন কৰে আৰু তাতেই
তেখেতে বন্দীত্ব বৰণ কৰিবলৈ বাধ্য হয়।জেলত থকা সময়তো তেখেতে নিজৰ শিল্পচৰ্চা
অব্যাহত ৰাখে।তেখেতে ভূটানত থাকোতেই অসমৰ সামাজিক ইতিহাস লিখি আছিল কিন্তু সেয়া
আধৰুৱাহৈ থাকিল।২৪০০০ শাৰীৰ এটি কবিতাও তেখেতে লিখি উলিয়াইছিল।কিন্তু ভূটান
অপাৰেচনত সকলো ধ্বংস হৈছিল।পিছলৈ আলফাৰ এটা গোটে আলোচনাৰ মেজলৈ অহাত তেখেতো সেই
গোটৰ সৈতে চামিল হয় আৰু জামিনত মুক্তি লাভ কৰি পুনৰ স্বগৃহলৈ উভটি আহে।বাৰ্ধ্যক্যই
চুব নোৱাৰা,অসীম মানসিক আৰু শাৰীৰীক শক্তি-মেধাৰ গৰাকী এইগৰাকী বিপ্লৱী শিল্পীৰ যোৱা
১৯-১২-২০১১ চনত পৰলোক প্ৰাপ্তি ঘটে।আজি তেখেতৰ দ্বিতীয় মৃত্যু বাৰ্ষিকিত আমি
শ্ৰদ্ধাৰে সোৱৰিছোঁ।
(তেখেতক লগ পোৱা দিনত কৰা
আলোচনা আদি, স্মৃতিৰ পৰা লিখা।ভুল ত্ৰুটিৰ বাবে ক্ষমা প্ৰাৰ্থনাৰে )
No comments:
Post a Comment