Sunday, 12 February 2017

মেক ইন ইণ্ডিয়া , মোডী আৰু জনগন


মেক ইন ইণ্ডিয়াৰ শ্লোগানেৰে প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই অকল উদ্যোগপতি সকলকে চমক দিয়া নাই , নিয়োগ নিশ্চিতৰ চমকেৰে দেশৰ জনগন আৰু দেশৰ নিৱনুৱা সকলকো চমকিত কৰিবলৈ সক্ষম হৈছে । সন্দেহ নাই প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়া এজন কৌশলী আৰু দক্ষ ভাৰতীয় ৰাজনীতিকসমগ্ৰ দেশতে মোডী ডাঙৰীয়াই যে অকল এক মডেল হৈ পৰিছে তেনে নহয়, এক ট্ৰেডমাৰ্কো হৈ পৰিছে ।পূজাৰ বজাৰত হেনো মোডী শাৰী , মোডী চোলাৰ পৰা শাৰী ফলছ আনকি আণ্ডাৰৱেৰলৈকে মোডী ট্ৰেড মাৰ্ক বা চিম্বলেৰে বজাৰ গৰম ।  
মোডী বতাহৰ অন্তৰালত যে কংগ্ৰেছৰ বিগত দিনৰ অপশাসন আৰু জনগনৰ স্থিতাৱস্থাৰ পৰা মুক্তিৰ প্ৰচণ্ড হাবিয়াস তাত কোনো সন্দেহ নাই । যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ আৰু অত্যাধিক কৰ্পোৰেট মহলক সন্তুষ্ট কৰাৰ নীতিৰ বাবে জনগনে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিলে । লাখ লাখ নিৱনুৱা , উপান্ত কৃষক, মূল্যবৃদ্ধিত কোঙা হোৱা নিম্ন মধ্যবিত্তই আজি গভীৰ আশাৰে প্ৰধানমন্ত্ৰী মোডীজীলৈ বাট চাই আছে । সেয়ে তেখেতৰ প্ৰতিটো চমকত জনগনে এনেভাবে আড়ষ্টহৈ পৰিছে যে স্বাভাৱিকতেই মোডীজীৰ সমালোচনা শুনিবলৈ নাৰাজ ।কিন্তু হলেওঁ আজিৰ তাৰিখত জনগনৰ মনত খুদুৱাই থকা সকলোতকৈ ডাঙৰ প্ৰশ্নটো হল মোডীয়ে জনগনক আশা কৰা ধৰনে সকাহ দিব পাৰিব নে নাই ।  কিন্তু আমাৰ প্ৰশ্নটো অলপ বেলেগ । মোডীৰ কৰ্মকাণ্ডক সমালোচনা কৰি আজিৰ তাৰিখত আমি বিকল্প একো দিব নোৱাৰো জানো কিন্তু যি ৰঙচঙীয়া ভাৰতখনৰ সপোন আমাক দেখুওৱা হৈছে তাৰ প্ৰকৃত স্বৰূপটো দাঙি ধৰাৰ প্ৰয়োজন আছে । এই কথা প্ৰায় সকলোৱে মানি লৈছে যে কংগ্ৰেছ-বিজেপিৰ অৰ্থনৈতিক নীতিৰ বিশেষ কোনো পাৰ্থক্য নাই । অৰ্থনৈতিক উদাৰীকৰন , প্ৰত্যক্ষ বিদেশী বিনিয়োগ , কেন্দ্ৰীভুত অৰ্থনীতিৰ দ্বাৰা ক্ষুদ্ৰ জনগোষ্ঠীক অৱদমন, দক্ষিন পূব এচিয়াত নিজৰ প্ৰভূত্ব স্থাপনৰ বাবে জনগনৰ স্বাৰ্থবিৰোধী ৰণকৌশল ,নিয়ন্ত্ৰনহীন দুৰ্নীতিগ্ৰস্থ আমোলাৰ ওপৰত দেশৰ প্ৰশাসনীয় ব্যৱস্থা অৰ্পন এই সকলো বিষয়ত দুয়োটা দলৰ নীতি একে । মোডীয়ে এনে কোনো আৰ্থ- সামাজিক সংস্কাৰ নীতি বা বিকল্প অৰ্থনৈতিক নীতি জনগনৰ আগত দাঙি ধৰিব পৰা নাই যাৰ দ্বাৰা জনগনে আচ্ছা দিনৰ প্ৰকৃত আশা কৰিব পাৰে ।কাম, মেক ইন ইণ্ডিয়াক বহুতে নতুনত্বৰ ধাৰণাৰে সজাব বিচাৰিলেও এই ধাৰণাও পূৰ্বৰ কংগ্ৰেছৰ পৰা আমদানি কৰা অৰ্থনৈতিক উদাৰীকৰণৰ নৱ্য বিকশিত ৰূপহে ।
এতিয়া প্ৰশ্নটো হল নৰেন্দ্ৰ মোডী-মনমোহন সিঙৰ অৰ্থনৈতিক নীতিৰ অন্য গত্যন্তৰ নাই নেকি । মেক ইন ইণ্ডিয়াৰ শ্লোগানেৰে বা বিদেশী পুজিৰ  প্ৰত্যক্ষ বিনিয়োগেৰে গঠন হবলগীয়া বৃহত্ অৰ্থনৈতিক ক্ষেত্ৰবোৰেৰে জনগনৰ হাতলৈ প্ৰকৃত গনতান্ত্ৰিক অৰ্থনৈতিক অধিকাৰ আহিবনে ।জনগনক সপোন দেখুওৱা সেই আচ্ছে দিনপ্ৰকৃততে আহিবনে ।
 আমাক এনে এটা ধাৰনা দিব খোজা হৈছে যে অৰ্থনৈতিক উদাৰীকৰনৰ বাহিৰে তৃতীয় বিশ্বৰ দেশবোৰৰ অন্য উপায় নাই ।ভাৰত বৰ্ষ এখন গনতান্ত্ৰিক সমাজবাদী দেশ বুলি সংবিধানত থাকিলেও ইয়াৰ প্ৰতিটো নীতি যে উপনিবেশিক আৰু অৰ্ধসামন্তবাদী পুজিবাদী অৰ্থনীতি তাত কোনো সন্দেহ নাই । ভাৰতৰ সামাজিক-ৰাজনৈতিক-অৰ্থনীতি সকলোতে ইয়াৰ ছাপ বিদ্যমান । প্ৰকৃততে ভাৰতীয় ব্যৱস্থাত গনতান্ত্ৰিক সমাজবাদৰ আৱৰনেৰে সাম্ৰাজ্যবাদৰ বহতীয়া দালালতন্ত্ৰৰ আগ্ৰাসী মুখ এখনে জিভা মেলি জনগনক শোষন কৰিছে ।সেই দালালসকলনো কোন তাৰ বিশ্লেষন হয়তো নকৰিলেও হব ।
আজিৰ তাৰিখত সমাজতান্ত্ৰিক অৰ্থনৈতিক নীতি বা  অপুজিবাদী  বিকাশৰ কথা কলে সাধাৰন পাঠকৰ পৰা ভেৰোনীয়া বুদ্ধিজীৱীলৈকে উপলুঙা নকৰা লোক কমেই আছে । ছোভিয়েট ধ্বংস , চীনৰ আগ্ৰাসী নীতি আদি নানান প্ৰসংগৰে সামাজতন্ত্ৰক নত্সাত কৰা বুদ্ধিজীৱীৰ অভাৱ নাই । সাম্ৰাজ্যবাদী শক্তিৰ এনে শ্ৰুতলিপিতেই এতিয়া সুন্দৰ বিশ্বখন তেওঁলোকৰ লোভনীয় ঘুৰনীয়া লাড্ডুলৈ ৰূপান্তৰ হৈছে ।
পিছে সমাজতান্ত্ৰিক অৰ্থনীতি সচাকৈয়ে অচল মুদ্ৰা হয়নে । আমি ভেনেজুৱেলাৰ উদাহৰনটোকে লওঁ বাৰু। ভেনেজুৱেলাত হুগো চাভেজেনো কি কৰিছিল । কেনেকৈ আমেৰিকান শক্তি , ইউৰোপীয়ান বানিজ্যিক শক্তি , বিশ্ববংক, আই এম এফক চেলেঞ্জ কৰি নিজৰ অৰ্থনৈতিক ক্ষেত্ৰখন মজবুত কৰিব পাৰিছিল ।চাভেজে পাৰিছিল এই কাৰনেই যে প্ৰচলিত অৰ্থনৈতিক নীতিক উচ্ছেদ কৰি এক নতুন গনতান্ত্ৰিক সমাজবাদী নীতি প্ৰনয়ন কৰিছিল । অকল প্ৰনয়ন কৰাই নহয় তাক কঠোৰভাবে ৰূপায়ন কৰিছিল ভেনেজুৱেলাত ।
ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি হুগো ছাভেজে চৰকাৰী সাহায্যত ১ লাখ শ্ৰমিকৰ মালিকানাধীন কপাৰেটিভ স্থাপন কৰিছিল যত ১১.৫ মিলিয়ন ৰাইজৰ প্ৰতিনিধিত্ব আছিল ।কেইবাহাজাৰ কম্যুনেল কাউঞ্চিল গঠন কৰিছিল । ১৫০-২০০ পৰিয়ালক লৈ চহৰবোৰত আৰু ১৫-২০ টা পৰিয়ালকলৈ গাওঁবোৰত গঠন কৰা কমিউনবোৰৰ দ্বাৰা ৫০ % চৰকাৰী ধন খৰচ কৰাৰ ক্ষমতা দিয়া হৈছিল ।তাৰোপৰি ৩৫০০ কমিউন বেংক স্থাপন কৰিছিল আৰু ১.৬ বিলিয়ন ডলাৰৰ বাজেট নিৰ্ধাৰন কৰা হৈছিল ।কত স্কুল কলেজ-মেডিকেল-ৰাস্তাঘাট কৰিব লাগিব তাৰ নিৰ্ধাৰন কৰিছিল কমিউনবোৰে ।২০১০ চনত ২০০ শ্ৰমিক মালিকানাধীন কমিউনক চৰকাৰী সাহাৰ্য দি সেইবোৰ প্ৰডাকটিভ-গাৰ্ডেনলৈ পৰ্যবশিত কৰিছিল ।সেইবোৰে নিজৰ শস্য উতপাদন কৰাৰ উপৰিও পানীযোগান আৰু অন্য উন্নয়নমুলক কাম কৰাৰ ক্ষমতা আৰোপ কৰা হৈছিলএই সকলো নিৰ্ধাৰনৰ ক্ষমতা কেবল কমিউনবোৰৰহে, চৰকাৰৰ নহয় ।ইয়াৰ ফলত সৰু সৰু ঘৰুৱা উদ্যোগবোৰ আকৰ্ষিত হৈছিল আৰু দেশীয় পুজি বৃদ্ধি পাইছিল ।
২০০৩ চনত ৰাজহুৱা বিতৰন ব্যৱস্থাত পৰিবৰ্তন আনি বজাৰ মুল্যৰ ৪০% কমত গোলামালৰ দোকান , আৰু সেই পণ্য সামগ্ৰী ৪০% ৰেহাই মুল্যত সৰু সৰু ঘৰুৱা উদ্যোগৰ পৰা কিনা হৈছিল । তাৰোপৰি ৬০০০ মোবাইল চুপ কিটছেন প্ৰৱৰ্তন কৰি সকলোৰে বাবে খাদ্য নিশ্চিত কৰা হৈছিল । অত্যাৱশ্যকীয় চাউল , ঘেহু , খোৱাতেল , কফি , চেনী , গাখীৰ , চীজ আৰু টমাতো চছ ৰ দাম নিয়ন্ত্ৰন কৰি জনগনক সকাহ দিছিল ।মোডী চৰকাৰে বস্তুৰ দাম নিয়ন্ত্ৰন কৰিবলৈ কি পলিচী লৈছে । নে সেয়াও একান্ত গোপনীয় লাড্ডু দুৰ্নীতিৰ চেইন চিষ্টেম ব্যৱসায় চলা আমোলাতান্ত্ৰিক ভাৰতত মোডীয়ে এয়া কৰিবনে । নে সেই চেইনডাল ভাঙিলে ক্ষতি কৰবাত হবগৈ
চাভেজৰ আন এক বৈপ্লবিক কাম আছিল ভূমি সংস্কাৰ । চাভেজৰ আগতে ৭৫% কৃষিভুমি মাত্ৰ ৫% ভূস্বামীয়ে অধিকাৰ কৰিছিল আৰু ৭৫% প্ৰকৃত কৃষকে মাত্ৰ ৫% কৃষি ভুমি অধিকাৰ কৰি আছিল । চাভেজে কঠোৰ ভাবে Law of land প্ৰনয়ন কৰি এই পৰম্পৰাক নিষিদ্ধ কৰে আৰু প্ৰায় ২.৭ বিলিয়ন হেক্টৰ ভুমি ১লাখ ৮০ হাজাৰ ভুমিহীন প্ৰকৃত কৃষকৰ হাতত অৰ্পন কৰে আৰু তেওঁলোকক উন্নত প্ৰযুক্তিৰে কৃষিৰ শিক্ষা দিয়ে ।তাৰোপৰি কমিউন বেংকৰ ক্ষুদ্ৰ ঋন আচনিয়ে ব্যাপক সফলতা লাভ কৰে । ফলত কৃষিক্ষেত্ৰত বিল্পৱ সাধন হয় আৰু উতপাদন সাংঘাতিকভাবে বৃদ্ধি হয় ।ভাৰতত আজিও হেজাৰ হেজাৰ বিঘা ভুমি হয় কৰ্পোৰেটৰ হাতত নহয় কোনো ধনী প্ৰতিষ্ঠানৰ হাতত ।বানিজ্যিক গোষ্ঠীৰ আশীৰ্বাদত ক্ষমতা লাভ কৰা মোডীয়ে পাৰিবনে ভাৰতত ভূমি সংস্কাৰ আন্দোলন কৰিব ।
চাভেজে ২০০৭-২০০৮ চনত বহু হেজাৰ উদ্যোগ ৰাষ্ট্ৰৰ প্ৰত্যক্ষ অধীনলৈ আনে । শ্বপিং মলবোৰ বন্ধ কৰি তাত হাস্পাতাল বা ইউনিভাৰ্চিটিলৈ ৰূপান্তৰ কৰা হয় ।হুগো চাভেজে ঘোষনা কৰে যে বিশ্ব বেংক , আই এম এফ আদি দুখীয়া দেশক শোষন কৰাৰ সাম্ৰাজ্যবাদী অস্ত্ৰ । সেয়ে এইবোৰৰ ঋন পৰিশোধ কৰি চাভেজে আৰ্জেন্টিনা , ব্ৰাজিল , কিউবা আদি বিভিন্ন তৃতীয় বিশ্বৰ দেশৰ সৈতে সংযুক্ত অৰ্থনৈতিক ইউনিয়ন গঠন কৰে । অকল সেয়াই নহয় ইউৰোৰ সমপৰ্যায়ৰ এক মুদ্ৰাৰো প্ৰৱৰ্তন কৰে ।আমাৰ ভাৰতত আৰু ওলোটা । ইয়াত বোলে ব্যক্তিগতকৰনে দেশত সোন ফুল ফুলাব ।সেইবাবে ৰাষ্ট্ৰীয়কৃত প্ৰতিষ্ঠানবোৰ এটা এটাকৈ ধ্বংস হবলৈ দিয়া হৈছে ।
চাভেজৰ নতুন অৰ্থনৈতিক নীতি অনুযায়ী অইল কোম্পানীবোৰৰ ওপৰত ৰাষ্ট্ৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰন সৃষ্টি কৰাৰ লগে লগে ভেনেজুৱেলাৰ দেশীয় জিডিপি ডবল অৰ্থাত ৯৪.৭ % বৃদ্ধি পায় ।নতুন হাইড্ৰোকাৰ্বন নীতি ঘোষনা কৰি ৫১% দেশীয় নিয়ন্ত্ৰন সাব্যস্ত কৰা হয়।লগে লগে খাৰুৱা তেলৰ ক্ষেত্ৰত আমেৰিকান নীতিৰ পৰা আতৰি আহে । চাভেজৰ উদ্দেশ্য আছিল খাৰুৱা তেলৰ নিয়ন্ত্ৰনৰ পৰা দেশৰ অৰ্থনীতিক আতৰাই অনা । কৰ ব্যৱস্থাৰ ক্ষেত্ৰটো দেশীয় কৰৰ বোজা দুখীয়াৰ পৰা আনি ধনীসকলৰ কান্ধত অৰ্পন কৰা হয় ।বিলাসী বস্তুৰ ওপৰত কৰৰ বোজা বৃদ্ধি কৰি দুখীয়া-নিম্ন মধ্যবিত্তক সকাহ দিয়া হয় । ইয়াৰ ফলত দেশীয় কৰ আদায় পৰিমান বাঢ়ে আৰু মুদ্ৰা মুল্য নিয়ন্ত্ৰন হয় ।
ব্যক্তিগতকৰনৰ কোৰাছ গোৱা সকলে এইটো ভাবি চোৱা নাই যে, চৰকাৰৰ এনে কোনো পিলীচি নাই যাৰ দ্বাৰা দেশীয় পুজি গঠন হব পাৰে । কৰ্পোৰেটবোৰক আয়কৰ সাংঘাতিকভাবে ৰেহাই দি প্ৰকৃততে কি কৰিব বিচৰা হৈছে সেয়া সকলোৱে জানে । জনাসকলে এইটোও জানে যে বিদেশী পুজি বিনিয়োগ হোৱা বিভিন্ন খণ্ডত দেশীয় চৰকাৰৰ নিয়ন্ত্ৰন আৰু অধিকাৰ কিমান । বানিজ্যিক প্ৰতিষ্ঠানবোৰৰ হাতত জনগনৰ দৈনন্দিন জীৱন নিয়ন্ত্ৰন কৰাৰ অধিকাৰ দিলে কি পৰিস্থিতি হব পাৰে তাৰ পুৰ্বানুমান কিয় ৰাইজে কৰিব পৰা নাই ভাবিলে আচৰিত লাগে ।বিশেষ অৰ্থনৈতিক পৰিমণ্ডলে নিয়োগৰ সা সুবিধা হয়তো দিব কিন্তু তাৰ দ্বাৰা সামগ্ৰিক দেশৰ বিকাশ ,জনগনৰ নিয়ন্ত্ৰন আৰু অধিকাৰ , স্বাস্থ্য-চিকিত্সা , পুষ্টিকৰ আহাৰ , সামাজিক নিৰাপত্তা , শিক্ষা আদিৰ কি হব ?  যি সময়ত আমেৰিকাৰ দৰে দেশে মুক্ত অৰ্থনীতিৰ কবলৰ পৰা পৰিত্ৰান বিচাৰি নিজৰ দেশীয় পুজি শক্তিশালী কৰিবলৈ বিকল্প অৰ্থনৈতিক নীতি অৱলম্বন কৰিছে সেই ক্ষেত্ৰত ভাৰতৰ নীতি কি হোৱা উচিত ।অন্য কোনো উপায় নাই নে লব বিচৰা নাইঅটল বিহাৰী বাজপেয়ীৰ দিনতো এই নীতিয়েই আছিল । আজিও সেই নীতিয়েই চলাব খুজিছে । ৰাচিয়াৰ বিপ্লৱৰ পিছত অৰ্থনৈতিক পুনৰগঠনত তাৰ ৰাইজে বহু সংঘাত অতিক্ৰম কৰিছিল । আমিও বিকল্প অৰ্থনৈতিক নীতিৰ বাবে এসাজ লঘোন দিবলৈ প্ৰস্তুত । কিন্তু তাৰ ৰূপৰেখা দেখাব লাগিব , দিবা স্বপ্ন নহয় ।
চাভেজৰ অৰ্থনীতিৰ মুলমন্ত্ৰ আছিল ঘৰুৱা নীতি আৰু সম্পদৰ পুনঃবিতৰন , ভূমি সংস্কাৰ , অৰ্থনীতি গনতান্ত্ৰিকৰন আৰু শ্ৰমিক মালিকানাধীন কপাৰেটিভ ।চাভেজৰ মৃত্যুৰ পিছত ভেনেজুৱেলাই পূৰ্বৰ স্থিতিত থাকিব পৰা নাই । আমেৰিকাৰ অৰ্থনৈতিক হেচা আৰু অহৰহ চক্ৰান্তত ফেৰ মাৰিব পৰা নাই । কাৰণ ফেৰ মাৰিবলৈ চাভেজৰ দৰে জনপ্ৰিয় আৰু শক্তিশালী বিচক্ষণ নেতাৰ প্ৰয়োজন ।এটা কথা ঠিক যে কেবল এখন দেশে পুজিবাদী বিশ্বশক্তিক চেলেঞ্জ কৰি নিজা সমাজবাদী অৰ্থনৈতিক নীতিত চলিবলৈ টান ।বিদেশী বিনিয়োগ ভেনেজুৱেলাইও আমন্ত্ৰন কৰিছিল , চীনেও পুজিবাদৰ সৈতে হাতে হাত ধৰি আগবাঢ়িছে , কিন্তু তেওঁলোকৰ নিজা দেশীয় পুঁজিক শক্তিশালী পৰ্যায়লৈ লৈ গৈহে ।
প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়া নিসন্দেহে এজন বিচক্ষণ নেতা । জনগনে তেখেতৰ পৰা আশা কৰিছে । নিসন্দেহে তেখেতে এখন বিকশিত ভাৰত জনগনৰ হাতত তুলি দিব পাৰে । কিন্তু কেনেকৈ । যিখন দেশৰ দেশীয় পুজি বুলিবলৈ একো নাই , যিখন দেশত ঘৰুৱা উদ্যোগ পয়ালগা মৃত্যুমুখী সেইখন দেশত কাম, মেক ইন ইণ্ডিয়াই কেবল বিদেশী পুজিবাদী শক্তিক দেশত নিকপকপীয়া নকৰিবনে । অৰ্থনীতিবিদ সকলৰ মতে বৃহত পৰিমাণৰ বিদেশী প্ৰত্যক্ষ বিনিয়োগ দেশৰ অৰ্থনীতিৰ ৰোগজনিত দুৰ্বলতাৰ নামান্তৰলেটিন আমেৰিকাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ ক্ষেত্ৰত একাংশ অৰ্থনীতিবিদে কৰা পৰ্যালোচনা অনুসৰি প্ৰত্যক্ষ বিদেশী বিনিয়োগে দেশত বৈষম্য মুলক আৰু অসমান মজুৰিৰ সৃষ্টি কৰে । ফলত দেশত দাৰিদ্ৰতা বৃদ্ধি পায় । এই অসম মজুৰি আৰু আয় গাওঁতকৈ চহৰত অধিক বৃদ্ধি পায় । ভাৰতৰ দৰে দেশত দক্ষ শ্ৰমিক সৃষ্টিত শিক্ষা প্ৰতিষ্ঠানবোৰৰ অৱস্থা ইমানেই নিম্নমানৰ যে এই ব্যৱস্থাত দক্ষ শ্ৰমিকতকৈ অদক্ষ শ্ৰমিক অধিক সৃষ্টি হৈ আছে আৰু ভবিষ্যতে দক্ষ শ্ৰমিকৰ আমদানি হব আৰু দেশীয় থলুৱা শ্ৰমিকে নিম্ন মজুৰিত অৰ্থনৈতিক মণ্ডলবোৰত কাম কৰিব লাগিব । ই সমাজত শ্ৰেনীবৈষম্য সৃষ্টি কৰিব ।সমগ্ৰ দেশৰ কৃষক সকল এই মেক ইন ইণ্ডিয়াৰ নীতিত কোনো ধৰণে উপকৃত হোৱাৰ আশা নাই । বৰং ভূমি-সংস্কাৰহীন সমস্যাৰ ফলত আৰু অৰ্থনৈতিক মণ্ডলবোৰৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা অঞ্চলবোৰত কৃষক-উদ্যোগপতিৰ সংঘাত হোৱাৰ সম্ভাৱনা প্ৰৱল । তাৰোপৰি বহুতে আশংকা কৰা মতে বিপুল পৰিমানৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগে দেশৰ আভ্যন্তৰীন সামাজিক-ৰাজনৈতিক ক্ষেত্ৰৰ উপৰিও বৈদেশিক নীতিতো প্ৰভাৱ বিস্তাৰ কৰি দেশৰ সাৰ্বভৌমত্বকো ক্ষতি কৰিব পাৰে ।উন্নয়নশীল দেশৰ বিকাশৰ বাবে বিদেশী বিনিয়োগ দৰকাৰী নিশ্চয় হয়, কিন্তু নিজৰ অৰ্থনৈতিক আন্তৰ্গাঠনি আৰু দেশীয় পুজি শক্তিশালী নকৰি বিপুল পৰিমানৰ প্ৰত্যক্ষ বিদেশী পুঁজিৰ বিনিয়োগ আৰু লালন দেশৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকৰ ।  আশাকৰো মোডী ডাঙৰীয়াই এইবোৰ চিন্তা কৰি কেবল একাংশ পুজিপতিৰ স্বাৰ্থলোভী অৰ্থনীতিবিদৰ শ্ৰুতলিপিত কাম নকৰি জনগনৰ আশা পুৰণত মনোনিবেশ কৰিব আৰু দেশক প্ৰকৃত  গনতান্ত্ৰিক অৰ্থনৈতিক শক্তিৰে শক্তিশালী কৰিব আৰু বিদেশী পুজিৰে শক্তিশালী কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ সপোন ত্যাগ কৰি জনগনৰ শক্তি আৰু শিপাৰ পৰা উন্নয়ন সাধন কৰিব অন্যথা পুনৰ অন্য এক ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত দেশৰ সাৰ্বভৌমত্ব তুলি দিয়া হব ।


১৬-১০-২০১৪

Top of Form

No comments:

Post a Comment