নদী
অন্তঃসংযোগ, তথাকথিত জননেতা আৰু অসমৰ ভবিষ্যত
অসমৰ
প্ৰাকৃতিক সম্পদৰ ওপৰত আগ্ৰাসনৰ পিছত এতিয়া পানীটুপিৰ ওপৰতো চকু পৰিছে দিল্লীৰ
। বৃহত্ নদীবান্ধ বিৰোধী আন্দোলন আৰু ইয়াক
প্ৰশমিত কৰিবলৈ নানা ষড়যন্ত্ৰৰ সময়তে আন এক জলশোষন পৰিকল্পনা অব্যাহত ৰাখিছে ভাৰত
চৰকাৰে । ১৯৮২ চনতেই ভাৰতৰ জনসম্পদ মন্ত্ৰনালয়ে ৰাষ্ট্ৰীয় জনবিকাশ এজেঞ্চী গঠন কৰি
ব্ৰহ্মপুত্ৰ, গংগা, যমুনা, চম্বল,নৰ্মদা,গোদাবৰী আৰু কৃষ্ণাৰ নদী সংযোগৰ
পৰিকল্পনাৰ বাস্তৱায়নৰ বাবে ক্ষেত্ৰ অধ্যয়নৰ নিৰ্দেশ দিয়ে । এই এজেঞ্চীয়ে বিগত
২০০২ চনত ইয়াৰ প্ৰতিবেদন দাখিল কৰে ।প্ৰায় ২০০ বিলিয়ন আমেৰিকান ডলাৰৰ বিশ্বৰ
সৰ্ববৃহত এই প্ৰজেক্টৰ দ্বাৰা হিমালয়ান নৈৰ উত্বৃত্ত পানী দিল্লী,ৰাজস্থান,গুজৰাট
আদি শুকান অঞ্চলবোৰলৈ চেনেলৰ দ্বাৰা বোৱাই সেই ভূমি উৰ্বৰ কৰাৰ পৰিকল্পনা কৰা হয়।
ৰাষ্ট্ৰীয় জনবিকাশ এজেঞ্চীৰ প্ৰস্তাৱ সমূহ ২০০২ চনৰ পৰাই প্ৰচাৰ মাধ্যমত প্ৰচাৰ
হবলৈ ধৰে আৰু ইয়াৰ কাৰ্যকাৰিতা লেহেমীয়া
হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে এক পি আই এল গ্ৰহন কৰি চৰকাৰক ২০১৬ চনৰ ভিতৰত ইয়াৰ
কাম সম্পূৰ্ন কৰাৰ নিৰ্দেশ দিয়ে । ভাৰত চৰকাৰে এই নিৰ্দেশৰ পিছত মি. সুৰেশ প্ৰভূৰ
নেতৃত্বত এটা টাস্ক ফোৰ্চ গঠন কৰে ।কিন্তু সকলোতকৈ আচৰিত কথা যে কোনো প্ৰযুক্তিগত
বিশ্লেষন নোহোৱাকৈয়ে বিশ্বৰ সৰ্ববৃহত বিশাল বাজেটৰ এই প্ৰজেক্ট সমাপন কৰাৰ যোজা
কৰিছে ভাৰত চৰকাৰে । আনকি ইয়াৰ ইতিবাচক-নেকিবাচক প্ৰভাৱ সম্পৰ্কতো কোনো
প্ৰযুক্তিগত বাখ্যাও ৰাজহুৱা দাঙি ধৰা নাই ভাৰত চৰকাৰে ।ভাৰত চৰকাৰে সম্পূৰ্ন
অন্ধভাবে এই প্ৰজেক্ট সমাপন কৰাৰ প্ৰচেষ্টাক সমালোচনা কৰিছে ভাৰতৰ কেইবাগৰাকী
পৰিবেশবিদ আৰু অৰ্থনীতিবিদে ।
অসম-অৰুনাচলৰ
হিমালয়ান পাহাৰৰ খৰস্ৰোতা নৈসমূহত বৃহত নদীবান্ধ নিৰ্মান কৰি বিজুলী শক্তিৰ
বিয়াগোম দালালি কৰিবলৈ লোৱা ভাৰত চৰকাৰে যে সেই একেই কৌশলেৰে নদী-সংযোগ আচনি
ৰূপায়ন কৰিব খুজিছে তাত কোনো সন্দেহ নাই । বিশ্বৰ সৰ্ববৃহত বাজেটৰ এই আচনিৰ
দালালিয়ে কিন্তু অসমৰ বাবে দুৰ্বিসহ ভবিষ্যতৰ ইংগিত বহন কৰিছে । এই আচনিত উচতনি
দিছে দিল্লীবাদী শক্তিবোৰে । ভাৰতৰ শুকান মৰু সদৃশ অঞ্চলবোৰত এই নদীসংযোগে সেই
ভূমি উৰ্বৰ কৰাৰ যি সপোন ভাৰতীয় মূলভূমিৰ মানুহক দেখুৱাইছে সেয়াও যে বাস্তৱসন্মত
নহয় তাকো ষ্পষ্ট কৰি দিছে অৰ্থনীতিবিদসকলে ।কিন্তু ভাৰত চৰকাৰ বদ্ধপৰিকৰ । আনকি
কংগ্ৰেছ-বিজেপি সকলোৱে এই দালালিৰ ভাগ লবলৈ উঠিপৰি লাগিছে ।অসম-বংগত বাননিয়ন্ত্ৰনৰ
বাবেহে এই আচনি বুলি প্ৰচাৰ কৰা জননেতাবোৰৰ মুখাবোৰৰো সুলকি পৰিছে । এই আচনিয়ে যে
বননিয়ন্ত্ৰন কৰিবলৈ অপাৰগ তাৰো বাখ্যা কৰি প্ৰস্তাৱ আগবঢ়াইছিল ভাৰতৰ প্ৰাক্তন
পানীয়োগান মন্ত্ৰী কে এল ,ৰাওৱে ।ৰাওৰ এই প্ৰস্তাৱকো গুৰুত্ব নিদি আচনি কাৰ্যকৰী
কৰিবলৈ আগবাঢ়িছে ভাৰত চৰকাৰে । কংগ্ৰেছৰ পিছত এইবাৰ মোডীয়ে অসমলৈ আহি নদীসংযোগৰ
আচনি ৰূপায়ন কৰাৰ ভাবুকি দি গল ।
পৰিবেশ
ৰক্ষা আন্দোলনৰ নেতৃ মেধা পাটকাৰে এই নদীসংযোগ আচনিৰ তীব্ৰ বিৰোধিতা কৰিছে ।
পৰিবেশ বিজ্ঞানী সকলৰ মতে এখন নদীয়ে স্বাভাৱিক কাৰনতেই প্ৰতি ৭০-১০০ বছৰৰ পিছত
সুতি সলনি কৰে । নদী সংযোগৰ ফলত নদীৰ এই প্ৰাকৃতিক চৰিত্ৰত বিসংগতি অহাটো নিশ্চিত
। তাৰোপৰি এই আচনিৰ ফলত অসমৰ দৰে হিমালয়ৰ পাদদেশৰ অঞ্চল সমূহৰ সেউজভূমি ধ্বংস হৈ সম্পূৰ্নভাবে
শুকাই যোৱাৰ প্ৰচুৰ সম্ভাৱনা ।তাৰোপৰি অসমৰ কৃষিভূমিৰ সম্পূৰ্নৰূপে খৰাংজৰ্জৰিত
অঞ্চললৈ পৰিৱৰ্তন হোৱাৰো আশংকা কৰা হৈছে । সেই একেদৰেই কিছুমান ঠাইত প্ৰচুৰ
বানপানীয়ে জনগনক ক্ষতি কৰাৰ আশংকাও ব্যক্ত কৰা হৈছে ।হিমালয়ান ভূকম্পন মণ্ডলত
চেনেল তৈয়াৰ কৰাও সঠিক সিদ্ধান্ত নহয় বুলি পৰিবেশবিদ সকলে মন্তব্য কৰিছে ।আনকি
সাগৰৰ বুকুলৈ বিশুদ্ধ পানী বোৱা বন্ধ হলে গুৰুতৰ প্ৰাকৃতিক সমস্যাৰ লগতে সাগৰীয়
জীৱৰ প্ৰতিও ভাবুকি অহাৰ শংকা কৰা হৈছে । নদীসংযোগৰ বিকল্প হিচাপে নাডাৰলেণ্ডৰ দৰে
সাগৰৰ বুকুৰ পৰা চেনেল বোৱাই আনি শুষ্কভূমি উৰ্বৰ কৰিব পাৰি । কিন্তু কমিছনৰ অংকত
আৰু শোষনৰ হাতোৰাৰে যি সিদ্ধান্ত লোৱা হয় তাৰ পৰা কি আশা কৰিব পাৰি ।
নদীসংযোগে
যে অসমৰ ঐতিহ্যবহনকাৰী ব্ৰহ্মপুত্ৰৰ সৰ্বনাশ মাতিব সেই কথা বুজিবৰ বাবে উপৰোক্ত কথাখিনি প্ৰাসংগিক । খৰালি ব্ৰহ্মপুত্ৰৰ বুকুত কিমান পানী থাকে
সকলোৱে জানে । নদীসংযোগৰ ফলত খৰালি ব্ৰহ্মপুত্ৰখনযে সম্পূৰ্ন শুকাই যাব সেয়া
নিশ্চিত । ইয়াৰ ফলত অসমৰ জৈৱ-বৈচিত্ৰ্যলৈ ভয়ংকৰ বিপদ আহিব । অসম যে সম্পূৰ্নকৈ
মৰুভুমি হৈ পৰিব তাৰ আশংকাও নিশ্চয়কৈ কৰিব পাৰি । নদীসংযোগৰ এই আচনিৰ দ্বাৰা
ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতাকে ধ্বংস কৰিবলৈ ওলাইছে এই দিল্লীবাদী শক্তিবোৰে । ইয়াৰ
বিৰূদ্ধে জনগন সংগঠিত নহলে ২০১৬ চনত অসমৰ বেলি ডুব যাব ।তাৰবাবে আমি সকলোৱে
প্ৰস্তুত হৈ থকা ভাল ।
No comments:
Post a Comment