++যি
লেখা নহলহেতেন তোমালোকৰ বাবে কেতিয়াও++
মোৰ বুকুৰ বুলেট বিন্ধাৰে যদি
এবাৰ জুমি চালাহেতেন
কাৰ সপোনেৰে আকিছিলো হৃদয়
কাৰ ডিঙিৰ জোখেৰে গঢ়িছিলো
দোকমোকালিৰ কাঁচি ।
মোৰ আক্ষেপ নাই
যদিও ধৃতৰাষ্ট্ৰৰ দৰে
কোনোবা বিদুৰৰ চকুৰে চাব নোৱাৰিলো আকাশ
তোমালোকৰ সৈতে উদযাপন কৰিব নোৱাৰিলো
শান্তিৰ শোভাযাত্ৰা ।
তোমালোকৰ হেজাৰ অপবাদেৰে যিদৰে ঢাকিব নোৱাৰা সূৰ্য
মোৰ তেজৰ পোহৰত কৰাল মৰা ইতিহাস ।
এবাৰ নিজলৈ চোৱা
এবাৰ আনৰ বাবে একাঠু পানীত নামি চোৱা
মোৰ হেজাৰ সহযোদ্ধাৰ তেজ লগা বাটৰ চিকমিকনিত
ম্লান হৈ পৰিব তোমালোকৰ
অসত্ হাহিৰ জিলমিল ৰং ।
কাৰ সপোনেৰে আকিছিলো হৃদয়
কাৰ ডিঙিৰ জোখেৰে গঢ়িছিলো
দোকমোকালিৰ কাঁচি ।
মোৰ আক্ষেপ নাই
যদিও ধৃতৰাষ্ট্ৰৰ দৰে
কোনোবা বিদুৰৰ চকুৰে চাব নোৱাৰিলো আকাশ
তোমালোকৰ সৈতে উদযাপন কৰিব নোৱাৰিলো
শান্তিৰ শোভাযাত্ৰা ।
তোমালোকৰ হেজাৰ অপবাদেৰে যিদৰে ঢাকিব নোৱাৰা সূৰ্য
মোৰ তেজৰ পোহৰত কৰাল মৰা ইতিহাস ।
এবাৰ নিজলৈ চোৱা
এবাৰ আনৰ বাবে একাঠু পানীত নামি চোৱা
মোৰ হেজাৰ সহযোদ্ধাৰ তেজ লগা বাটৰ চিকমিকনিত
ম্লান হৈ পৰিব তোমালোকৰ
অসত্ হাহিৰ জিলমিল ৰং ।
No comments:
Post a Comment