-নৰকপুত্ৰ-
তস্মিন বসতি দুষ্টাত্মা !
দুষ্টাত্মাৰ দেশ হেনো
মোৰ দেশ
মোৰ দেশৰ মানুহ ঠগ-পিণ্ডাৰী
জাতত দানৱ !
সিহঁত ভৰতৰ পুত্ৰ
গাত দেৱতাৰ অবৈধ তেজৰ বাহাদুৰী
ধৰ্মাৱতাৰ !
আমি দানৱ
গাত শ্ৰমৰ গোন্ধ আৰু
ভাগ্যত ?
মোৰ উপৰিপুৰুষদানৱৰ তেজৰওপৰত
মহাভাৰতৰ জয়যাত্ৰা
প্ৰতিবাৰ মাথো ত্যাগ
বিনিময়ত ঘৃণা
উপৰিপুৰুষৰ সমাধিত খোদিত হয়
প্ৰতাৰণাৰ সমস্ত শিলালিপি৷
আমিকোন ?
কি পৰিচয় আমাৰ ?
আমি মহান মহাভাৰতৰ মহাশূদ্ৰ
সিহঁতৰ তুলনাত আমি হেনো ক্ষূদ্ৰ
আমি অমানুহ
আমি পিন্ডাৰ
আমি নৰখাদক
সিহঁত ভৰতৰ সন্তান
দেৱতাৰ তেজ
ঐশ্বৰীক সত্ত্বা
ধৰ্মাৱতাৰ সিহঁতৰ খিতাপ৷
সিহঁতে মন গ’লেই অনায়াসে
দখল কৰিব পাৰে আমাৰ ভূমি
মন গ’লেই আমাৰ জীয়ৰী-বোৱাৰীৰ গৰ্ভত
সিঁচি দিব পাৰে সিহঁতৰ ঐশ্বৰীক বীৰ্য
মন গ’লেই সিহঁতৰ ঈশ্বৰৰ সন্তুষ্টিৰ বাবে বলিশালত তুলি দিব পাৰে
আমাৰ ফুলকুমলীয়া সন্তান !
নাই , আমাক দৰকাৰ নাই দিল্লীৰ দৰবাৰ
হিৰীম্বাকো প্ৰয়োজন নাছিল হস্তিনাপুৰ
মাথো অকনমান সন্মান আৰু সমমৰ্যাদা !
তাতো সিহঁতৰ প্ৰশ্ন
“দানৱক কিহৰ সন্মান ?
চুলিত ধৰি উলিয়াইদে দানৱী হিড়ীম্বাক৷ "
বহু যুগ পাৰ হ’ল
মহীৰংগৰ পৰা কুমাৰভাষ্কৰবৰ্মনলৈ৷
আমাৰ উচ্চশিৰ
আমি হিমালয়ৰ প্ৰহৰী
আমি পূৱৰ সন্তান
পূৰ্বদিশে আমাৰ সোনালী সুতাৰে লেখা গদ্য৷
কি দৰকাৰ আমাৰ
ভাৰতীয় দেৱতাৰ ভোগ
প্ৰাগঐতিহাসিক লাঞ্ছনা গঞ্জনাৰ ?
সোনৰ জখলাৰে নামি অাহিল সূৰ্য
আমাৰ দেশ অসম
আমি অসমীয়া৷
আমি গৌৰৱেৰে হেংদানত শান দিওঁ
শৰাইঘাটত কচুকটা দিওঁ পশ্চিমৰ দেৱতাক৷
ছেগ বুজি সিহঁত আকৌ আহে
পথালি ফোট লগাই মেজিক দেখুৱায়৷
আৰু লগাই দিয়ে ধৰ্মৰ যুঁজ৷
সিহঁতে লুটিলৈ যায় হিড়ীম্বাক
গোপনে হত্যা কৰে ভগদত্তক৷
আমি বুৰ্বকৰ দৰে চিঞৰো
জয় পশ্চিমৰ দেৱতাৰ জয়৷
উপৰি পুৰুষৰ সমাধিত ভৰি থৈ
সিহঁতে কাৰেংঘৰত উঠে
আৰু চিঞৰি কয়
হিন্দু হিন্দু ভাই ভাই
পশ্চিমৰ দেৱতাই মুখ ভেঙুচাই হাঁহে
লাচিতে ইছমাইল ছিদ্দিকীৰ হাতত ধৰি আত্মহত্যা কৰে লুইতত৷
বহুদিন আগতে
কোকৰাঝাৰৰ দেৱালতো সিহঁতেই জানো লেখা নাছিল ?
অসমীয়াৰ ৰক্ত চাই৷”
আজিও সেই একেই সুৰএকেই গুঞ্জন
“হিন্দু হিন্দু ভাই ভাই
ভৰত ৰাজাৰ দখল চাই৷”
No comments:
Post a Comment