Sunday, 12 February 2017

জাতীয় ছহিদ পৰাগ কুমাৰ দাস ঃ ভাৰতৰ অতিকেন্দ্ৰিক চৰিত্ৰৰ বিৰূদ্ধে জাতীয় অগ্নিস্ফূলিংগ                        

অসমৰ জাতীয় সমাজ-ৰাজনৈতিক ক্ষেত্ৰত প্ৰয়াত পৰাগ কুমাৰ দাসৰ আত্মপ্ৰকাশ এক অতি উল্লেখযোগ্য বিষয় । যাক উপেক্ষা কৰি অসমৰ সমাজ-ৰাজনৈতিক ইতিহাস অসম্পূৰ্ন । অসমৰ স্বতন্ত্ৰ জাতীয় চেতনাৰ বাহক অম্বিকাগিৰি ৰায়চৌধুৰী, সুৰেন্দ্ৰনাথ বুঢ়াগোহাই,সীতানাথ ব্ৰহ্মচৌধুৰী, জ্ঞাননাথ বৰা আদিৰ নেতৃত্বত জাতীয় মহাসভা, আহোম সভা , ভৈয়াম জনজাতি পৰিষদ আদিৰ পৰা আৰম্ভ কৰি সদৌ অসম ছাত্ৰ সন্থা আৰু গনসংগ্ৰাম পৰিষদৰ নেতৃত্বত ছবছৰীয়া অসম আন্দোলন আৰু আলফাৰ সাৰ্বভৌম স্বাধীন অসমৰ দাবীলৈকে এক সুদীৰ্ঘ পৰিক্ৰমা । এই পৰিক্ৰমাৰেই এক গুৰুত্বপূৰ্ন অংগবিশেষ জাতীয় ছহিদ পৰাগ কুমাৰ দাস । অথচ এই নিৰ্ভিক অসমীয়া বুদ্ধিজীৱীজনৰ কৰ্মৰাজিৰ সঠিক মূল্যায়ন হোৱা নাই যেন অনুভৱ হয় সদৌ অসম ছাত্ৰ সন্থা আৰু পৰাগ কুমাৰ দাসৰ জাতীয় মতাদৰ্শৰ ভিন্নতা থকাৰ দৰে আলফাৰ মতাদৰ্শৰ সৈতেও তেখেতৰ মৌলিক মতাদৰ্শগত প্ৰভেদ আছে । যিবোৰ সৰলীকৰন কৰিবলৈ গৈ তেখেতৰ কৰ্মৰাজিক বহুতে সমালোচনা কৰিব বিচাৰে । ইয়াৰ কাৰণো আছে । এই সৰলীকৰনৰ উদ্দেশ্য হল পৰাগ দাসৰ কৰ্মৰাজি আৰু তেওৰ জাতীয় ভূমিকাক সংবিধানবিৰোধী বিচ্ছিন্নতাবাদী মতৰ ছাপ মাৰি গনসমাজৰ পৰা আতৰাই ৰখা । সেয়ে পৰাগ দাসৰ কৰ্মৰাজিৰ সঠিক মূল্যায়ন কৰাটো অসমৰ জাতীয় সমাজখনৰ বাবেই অতিকৈ প্ৰয়োজনীয় ।
পৰাগ কুমাৰ দাসে ভাৰতৰ ৰাষ্ট্ৰব্যৱস্থাৰ এনে কিছুমান মৌলিক কেৰোন আঙুলীয়াই দি সংগ্ৰামত অৱৰ্তীৰ্ন হৈছিল যিয়ে এচাম ৰাজনীতিকৰ স্বাৰ্থত বাৰুকৈয়ে আঘাত হানিছিল । এই কাৰনটোৰ বাবেই যে তেওঁক দিনদুপৰতে ভেৰোনীয়া হত্যাকাৰীৰ দ্বাৰা গুলীয়াই হত্যা কৰা হল সেয়া তৰ্কাতীত ভাবেই প্ৰমান কৰে ।ভাৰতৰ অতিকেন্দ্ৰিক চৰিত্ৰৰ বিৰূদ্ধে  একমাত্ৰ পৰাগ কুমাৰ দাসেই উপযুক্ত নেতৃত্বৰে অসমবাসীক একগোট কৰি অহিংস গনতান্ত্ৰিক সংগ্ৰমৰ সূচনা কৰিছিল । অসম আন্দোলনৰ ব্যৰ্থতা , কেন্দ্ৰীয় চৰকাৰৰ প্ৰৰোচনা-কৌশলত ছবছৰীয়া অসম আন্দোলনৰ আপোচকামী চুক্তিৰ পিছত চৰকাৰখনে স্বস্তিৰ নিশ্বাস পেলাইছিলহে মাথোনতথাপি উত্তৰ-পূবৰ বিদ্ৰোহী সমস্যা অসম আন্দোলনৰ আবেগৰ মাজেৰেই অসমতো আত্মপ্ৰকাশ কৰিব বুলি শংকিত আছিল কেন্দ্ৰীয় চৰকাৰ ।পিছলৈ সংযুক্ত মুক্তি বাহিনীৰ গঠন আৰু পৰাগ দাসৰ গনতান্ত্ৰিক আন্দোলনৰ ধাৰাই পুনৰ অস্বস্তিত পেলাইছিল কেন্দ্ৰীয় চৰকাৰক ।সামৰিক নিৰ্যাতন-চল চাতুৰিৰে আলফাক ধ্বংস কৰাৰ ব্লুপ্ৰিন্টৰ লগে লগে এই গণতান্দ্ৰিক সংগ্ৰামখনকো তাৰ গইনা লৈ শেষ কৰাৰ ষড়যন্ত্ৰ চলিছিল । যাৰ বাবেই একাধিক বাৰ কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল জাতীয় ছহিদ পৰাগ কুমাৰ দাসক । কাৰণ একমাত্ৰ পৰাগ কুমাৰ দাসেই হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন ভ্ৰষ্টাচাৰী কংগ্ৰেছ নেতৃত্বৰ বিৰূদ্ধে অসমৰ জাতীয় বুদ্ধিজীৱী সকলক ঐক্যবদ্ধ কৰি গনতান্দ্ৰিক অধিকাৰ সংগ্ৰাম সমিতি(গছ) গঠন কৰি অতিকেন্দ্ৰিক ৰাষ্ট্ৰব্যৱস্থা আৰু ভ্ৰষ্টাচাৰৰ বিৰূদ্ধে সংগ্ৰামৰ বিকাশ সাধন কৰিছিল । মানৱ অধিকাৰ সংগ্ৰাম সমিতি গঠনেৰে বৰ্বৰ সেনা অভিযান , নিৰ্যাতন , ৰাষ্ট্ৰৰ ভেৰোণীয়া বাহিনীৰ দ্বাৰা হত্যা-ধৰ্ষণ আদিৰ প্ৰতিবাদ কৰি অসমবাসীৰ মনত মানৱ অধিকাৰৰ চেতনাৰ বিকাশ কৰা মুল হোতা জন আছিল পৰাগ কুমাৰ দাস । কেৱল চেতনাৰ বিকাশ কৰাই নহয়, অসমৰ জাতীয় বুদ্ধিজীৱী-সাহিত্যিক-সাংবাদিক-ক্ৰীড়াবিদ সকলোকে একেখন মঞ্চ ঠিয় কৰাই মানৱ অধিকাৰৰ বাবে সংগ্ৰামৰ নেতৃত্ব দিব পাৰিছিল । পৰাগ দাসৰ আহ্বানত সহাৰি জনাই হেজাৰ হেজাৰ জনতাই ৰাজপথ উত্তাল কৰি দিল্লীৱালাৰ বুকুত কপনি তুলিবলৈ সক্ষম হৈছিল । সেনাবাহিনীক বধ্যভূমিৰ পৰা বেৰেকলৈ উভোটাই আনিবলৈও বাধ্য হৈছিল চৰকাৰ । অসমৰ জাতীয় ইতিহাসত এয়া এক অতি উল্লেখযোগ্য ঘটনা ।  এই প্ৰচেষ্টা কংগ্ৰেছক ক্ষমতাৰ পৰা উফোৰোৱালৈকে সফল হৈছিল যদিও পিছলৈ তাৰ ধাৰাবাহিকতা নাথাকিল । পৰাগ দাস কিন্তু আপোচবিৰোধী আছিল ।ৰাষ্ট্ৰপতি শাসন, আত্মসমৰ্পন, সাধাৰন ক্ষমাদান আদিৰ পিছত পুনৰ আলফা মুৰ দাঙি উঠে আৰু ধাৰাবাহিকবাবে পৰাগ দাসে মানব অধিকাৰ সংগ্ৰাম সমিতিৰ মাজেৰে ভাৰতৰ অতিকেন্দ্ৰিক ব্যৱস্থা , অৱদমন, সামৰিক অভিযান-নিৰ্যাতনৰ বিৰূদ্ধে সোচ্ছাৰ হয় গনতান্ত্ৰিক সংগ্ৰামৰ বিপৰ্যয় কালত পৰাগ দাসৰ দৰে নিৰ্ভিক আপোচবিৰোধী প্ৰতিভাবান ব্যক্তি আলফাৰ সংগ্ৰামত জড়িত হব বুলি ভবা শংকাই পৰাগ দাসৰ হত্যাৰ ঘাই কাৰন বুলি বহুতেই কয় । 
কিন্তু পৰাগ দাস আৰু আলফাৰ আদৰ্শৰ ভিন্নতা নাছিল নেকি । সাধাৰনভাবে নথকা যেন লাগিলেও কিছুমান মৌলিক মতাদৰ্শগত ভিন্নতা আলফাৰ সৈতে আছিল । আনকি সাংবাদিক হিচাপে আলফাৰ শিবিৰলৈ গৈও আলফা নেতৃত্বৰ সৈতে মতাদৰ্শগত পাৰ্থক্যত বিতৰ্ক হৈছিল । আলফাই স্বাধীন সাৰ্বভৌম অসমৰ দাবীত সংগ্ৰাম কৰিছিল আৰু পৰাগ দাসৰ দৰ্শন আছিল ভাৰতৰ ভিতৰত থাকিয়েই বিচ্ছিন্নতাৰ অধিকাৰেৰে জাতীয় অধিকাৰ সাব্যস্ত কৰা । সেয়ে তেও ফেডাৰেল ব্যৱস্থাৰ বিষয়ে লিখিছিল ।সম্পদৰ ওপৰত অধিকাৰ আৰু বিচ্ছিন্নতাৰ অধিকাৰেই যে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত যুক্তহোৱা প্ৰদেশবোৰৰ মৰ্যাদা দিব পাৰে সেই মতাদৰ্শৰ ওপৰতহে পৰাগ দাসে সংগ্ৰাম অব্যাহত ৰাখিছিল । সংগ্ৰামৰ পদ্ধতি, পথ , মতাদৰ্শৰ ভিন্নতা অত্যন্ত মৌলিক আছিল আলফাৰ সৈতে । আলফাই মাৰ্ক্সয় দৰ্শন গ্ৰহন কৰিছিল আৰু ১৯৯৫ চনৰ সাধাৰন সভাত প্ৰস্তাৱযোগে সেয়া সংবিধানত লিপিবদ্ধ কৰিছিল ।কিন্তু পৰাগ দাসে পোনপতীয়াকৈ মাৰ্ক্সীয় ভাৱধাৰা প্ৰচাৰ কৰা নাছিল , হয়তোবা সেই ভাবধাৰাৰ সৈতে পৰাগ দাস সংপৃক্ত হব পৰা নাছিল ।  পৰাগ দাসৰ সংগ্ৰাম আছিল মধ্যবিত্ত শ্ৰেনীৰ প্ৰভাৱপুষ্ট হৈও অসমৰ সৰ্বসাধাৰনক জাতীয় সংগ্ৰামত জড়িত কৰাৰ সংগ্ৰাম । তথাপি পৰাগ দাসৰ সৈতে আলফাৰ সংগ্ৰামৰ বহুখিনি মতাদৰ্শগত সাদৃশ্য আছিল । আলফাৰ দৰে পোনপতীয়াকৈ বৈজ্ঞানীক সমাজবাদৰ কথা নকলেও জনগোষ্ঠীয় সমস্যা , বহিৰাগত সমস্যা সম্পৰ্কত পৰাগ দাসৰ আদৰ্শগত স্থিতি প্ৰগতিশীল আছিল ।আগান -বুধবাৰ আদি কাকতত তেখেতৰ লেখা বা সম্পাদিত নানা লেখাই তেওঁযে এজন বিপ্লৱবাদী প্ৰগতিশীল ব্যক্তি আছিল সেয়া অনুভৱ কৰিব পাৰি ।  আনকি যি সময়ত অসমৰ জাতীয়তাবাদী শিবিৰে চৰ-চাপৰিৰ লোকসকলৰ সৈতে মানসিকভাবে যুক্ত হব পৰা নাছিল , সেইসময়তো পৰাগ দাসে চৰ-চাপৰিৰ অভিবাসী মুছলমানৰ সৈতে সহমৰ্মিতাৰে তেওঁলোকক জাতীয় সংগ্ৰামৰ সৈতে যুক্ত কৰাৰ প্ৰচেষ্টা কৰিছিল । তথাকথিত জাতীয়তাবাদী সকলৰ বিপৰীতে পৰাগ দাসে ভাৰতৰ আগ্ৰাসী কেন্দ্ৰিভূত ব্যৱস্থাৰ বিৰূদ্ধে সংগ্ৰামৰ বাবে ভাৰতৰ অন্যান্য প্ৰদেশৰ যেনে , পাঞ্জাৱ-কাশ্মীৰ আদি প্ৰদেশৰ সমভাবাপন্ন সংগঠন, মানৱ অধিকাৰ সংগঠনবোৰৰ সৈতেও যৌথ মৰ্চা গঠনৰ প্ৰচেষ্টা কৰিছিল ।পৰাগ দাসৰ নেতৃত্বতে অসমৰ বাওঁ-গণতান্ত্ৰিক শিবিৰৰ চিন্তাবিদসকল ঐক্যবদ্ধ মঞ্চত একগোট হৈ কংগ্ৰেছী অপশাসন , ৰাষ্ট্ৰসন্ত্ৰাস আৰু ৰাষ্ট্ৰৰ আধিপত্যবাদৰ বিৰূদ্ধে একেলগে সংগ্ৰামত যুক্ত হৈছিল । সেয়ে পৰাগ দাস হৈ পৰিছিল ৰাষ্ট্ৰৰ বাবে এক দুৰ্ভেদ্য প্ৰাচীৰ । কিন্তু দুৰ্ভাগ্যৰ কথা যে পিছলৈ অসমৰে এচাম বুদ্ধিজীৱীয়ে পৰাগ দাসৰ কৰ্মৰাজিক আলফাৰ সৈতে একাকাৰ কৰি তেখেতৰ মৃত্যু ত্বৰান্বিত কৰিলে ।পৰাগ দাসে স্বাধীন অসমৰ ঐতিহাসিক নাৰ্যতাক বিশ্বাস কৰিছিল যদিও স্বাধীন অসমৰ দাবীত কৰা সশস্ত্ৰ সংগ্ৰামৰ পদ্ধতিক সমৰ্থন কৰা নাছিল ।  আনকি আলফাৰ কিছুমান হিংসাত্মক-অমানবীয় কৰ্মকাণ্ডকো তেখেতে সমালোচনা কৰিছিল তেখেতে লিখা উপন্যাস ছাংলট-ফেনলা যিসকলে পঢ়িছে সেয়া নিশ্চয় উপলব্ধি কৰিব পাৰিব ।
যিকিনহওক পৰাগ দাস এনে এগৰাকী ব্যক্তি যিজনে নিষ্ঠাসহকাৰে অসমৰ জাতীয় অধিকাৰৰ দাবীত জাতি-ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে অসমৰ জাতীয় সমাজখনক ঐক্যবদ্ধ কৰিব পাৰিছিল । জাতীয় অধিকাৰৰ প্ৰতি অসমৰ জনগনক সচেতন শিক্ষিত কৰি তুলিব পাৰিছিল ।অতিকেন্দ্ৰিক ভাৰতৰ জাতীয় সম্পদ লুন্ঠন, চাহ নিলাম কেন্দ্ৰ , সামৰিক নিৰ্যাতন, হিন্দী সম্প্ৰসাৰনবাদ আদি সকলো বিষয়তে যুক্তিসহকাৰে গবেষনামূলক লেখা লিখি সকলোকে জাতীয় প্ৰশ্নত সচেতন কৰি তুলিবলৈ যত্ন কৰিছিল । আগান , বুধবাৰৰ পৰা আৰম্ভ কৰি সাদিন-প্ৰতিদিনলৈতে তেখেতৰ অজস্ৰ প্ৰকাশিত-অপ্ৰকাশিত লেখা সংৰক্ষনৰ অতি প্ৰয়োজন ।  তেখেতৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ কাৰনে বৃহত ক্ষতি ।তেখেতৰ হত্যাকাৰীয়ে যে কেতিয়াবালৈ শাস্তি পাব সেয়া সুদূৰ পৰাহত । কিন্তু আৰু যেন কোনো পৰাগ দাসৰ হত্যা নহয় তাৰবাবে অসমবাসী চকু কান মেলি ৰখা প্ৰয়োজন । পৰাগ কুমাৰ দাসৰ দৰে এজন প্ৰতিভাবান সাংবাদিক-উপন্যাসিক-অৰ্থনীতিত দখল থকা জাতীয়বোধ সম্পন্ন অসমীয়া জন্ম হবলৈ হয়তো আমি হয়তো আৰু শতাধিক বছৰ অপেক্ষা কৰিব লাগিব ।


3 comments:

  1. তেখেতৰ চিন্তা ধাৰাৰ দ্বাৰা বহুতো নৱপ্ৰজন্মই বাট বুলিছে, আজিৰ তেখেতৰ জন্ম দিনত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।

    ReplyDelete
  2. আজি ২৪ ফ্ৰেব্ৰৱাৰী ২০১৯ পৰাগ কুমাৰ দাসৰ জন্মদিন, অসমৰ সকলো ৰাইজলৈ অনুৰোধ, তেখেতে লিখা কিতাপ সমূহ এবাৰ পঢ়ি চাবচোন...

    ReplyDelete