Thursday, 29 June 2017

অন্তিম ইচ্ছা
হত্যাৰ আগত কি সুধিছিলা গুৱেভাৰাক
কি শেষ ইচ্ছা পুৰণৰ সুযোগ দিছিলা
অশান্ত বাঘ ফুকন অথবা ইকাৰদাওক
ফায়াংৰিং স্কোৱাডৰ আগদিনা
শেষ কবিতাটো কি লিখিছিল বেঞ্জামিন অথবা স্বাধীনতাই
মোক হত্যা কৰাৰ আগত
এবাৰ জানি লোৱা
ডায়েৰীবোৰ খুচৰি চোৱা আজি ৰাতি
কাৰণ কাইলৈ সূৰ্যটো দপদপকৈ জ্বলিব ।
মোক গুলীয়াই মাৰিবলৈ তোমালোকে হাতবোৰ পোনাই লোৱা আজিয়েই
শূণ্য দূৰত্বত বন্দী কৰি লোৱা মগজু আৰু ট্ৰিগাৰত তৰ্জনী
উশাসবোৰ নিয়ন্ত্ৰণ কৰি লোৱা এবাৰ
মোৰ ডিঙি কাটিবলৈ কামাণ্ডো নাইফত শান দিয়া নিৰবে
যাতে শব্দবোৰে বতাহত নিলিখে যুদ্ধৰ কবিতা
মোক পুতিবলৈ গভীৰকৈ খান্দি লোৱা গাত
আৰু জাপি দিবলৈ গধুৰ প্ৰস্তৰ প্লেট ।
মোৰ মৃতদেহত এন্ধাৰবোৰ জাপি দিবলৈও নাপাহৰিবা
বাৰুদবোৰত ঢালি নিদিবা লুইতৰ পানী
কবিতাৰ নুৰাবোৰত জুই
পোনাকনহতৰ কলমৰ চিয়াহীত মিহলাই নিদিবা মোৰ বুকুৰ তেজ
পাৰিলে আজিয়েই মোক হত্যা কৰা গুপুতে
কাৰন কাইলৈ সূৰ্যটো দগমগাই জ্বলি উঠিব
পথাৰে পথাৰে উত্পাদন হব প্ৰতিবাদ
শইচৰ সলনি বাৰুদ ।

Friday, 23 June 2017

বাংলাদেশী মুক্ত অসম লাগে
বিগত কেইবা দহক ধৰি এই বিষয়টোৱে অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি আহিছে ৷ এয়া অনস্বীকাৰ্য যে বিগত সময়ত লক্ষ্যাধিক পূৰ্ববংগীয় লোকৰ অনুপ্ৰবেশ ঘটিছে ৷ বহুতেই ভুৱা নথি পত্ৰ যোগাৰ কৰি এচাম দালালৰ জৰিয়তে নাগৰিক হিচাপে নিজৰ নাম ভোটাৰ তালিকাত তোলাৰ অভিযোগ নতুন নহয় ৷ উল্লেখ্য যে এনে অভিযোগ সঁচৰাচৰ প্ৰথমে একাংশ দায়িত্বশীল চৰকাৰী আমোলাৰ পৰাই আহে ৷
বিগত সময়ত দেখা গৈছে পূৰ্ববংগীয় মুছলমান লোক বিদেশী সন্দেহত বেচৰকাৰী লোকৰ হাতত নিৰ্যাতিত হৈছে ৷ আনহাতে হিন্দু- মুছলমান উভয় সম্প্ৰদায়ৰ লোক বিদেশী সংক্ৰান্তত হাৰাশাস্তি হৈছে স্বয়ং চৰকাৰী লোকৰ দ্বাৰাই ৷ অৰ্থাৎ সংখ্যাগুৰুৰ মাজত এনে এক ধাৰণাৰ বিকাশ হৈছিল যে পূৰ্ববংগীয় মুছলমান মানেই বিদেশী ৷
বিগত দিনত এই প্ৰতিক্ৰিয়াৰ ফল হিচাপে সংখ্যালঘূ ৰাজনীতি আৰু কংগ্ৰেছী ৰাজনীতিয়ে সুবিধা লৈছিল বা লৈ আছে ৷ অন্যহাতে বাংলাদেশী মুক্ত অসমৰ চমক দেখুৱাই পূৰ্বতে অগপই আৰু শেহতীয়াকৈ বিজেপিৰ মিত্ৰ জোটে ক্ষমতা লাভ কৰিলে ৷
বিগত সময়ৰ পৰাই সংখ্যালঘূ ৰাজনীতি বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত আগবাঢ়িল আনহাতে এচাম জাতীয়তাবাদীয়ে পূৰ্ববংগীয় লোক মানেই বিদেশী ধাৰণাৰে আগবাঢ়ি যাওঁতে দুয়ো শিবিৰৰ ৰাজনীতিয়ে অসমৰ জাতীয় জীৱন জটিল কৰি তুলিলে ৷ বিজেপিয়ে আকৌ এই সমস্যাটোক হিন্দু মুছলমানৰ ৰাজনীতিলৈ পৰ্যবশিতঃ কৰিলে ৷
এটা শিবিৰৰ মতে এটাও বাংলাদেশী নাই , আনটো শিবিৰৰ মতে লাখ লাখ বাংলাদেশী আছে যিবোৰক খেদি বাংলাদেশী মুক্ত অসম কৰিব পাৰি ৷ দুয়ো সম্প্ৰদায়ৰ মনত শংকা থকা হেতুকে ই সকলোতকৈ শক্তিশালী ৰাজনৈতিক ব্ৰহ্মাস্ত্ৰ হিচাপে পৰিগণিত হ’ল ৷
অসমত এটাও বাংলাদেশী ( অবৈধ) নথকা শ্লোগান যেনে হাস্যকৰ তেনেকৈ লাখ লাখ অবৈধ বাংলাদেশীৰ ভয় খুৱাই ৰাজনীতি কৰাটোও অবান্তৰ ৷ ইতিহাস চালেই দেখা পাওঁ কিদৰে ১৯৩৯ চনতেই বিপুল পৰিমাণৰ পূৰ্ববংগীয় লোক মাৰোৱাৰী বেপাৰীয়ে অসমীয়াৰ পৰা কাঢ়ি লোৱা মাটিত বহাইছিল ৷ অসমীয়া ভূমিগিৰি সকলেও তেনেকৈ মাটি পমুৱাক বিক্ৰী কৰি ধনবান হৈছিল ৷ আনকি সত্ৰৰ বহু মাটিও তেনেকৈয়ে অসমীয়াৰ হাতৰ পৰা গৈছিল ৷ ১৯৩৯-৪২ৰ ভিতৰত বৰপেটাতেই ১% মুছলমানৰ ঠাইত ৪৫% হৈছিলগৈ ৷ আনকি অসমৰ সমস্ত কৃষি ভূমি মাৰোৱাৰীৰ দখললৈ গৈছিল আৰু সেই পামবোৰত কৃষি শ্ৰমিক হিচাপে পমুৱা লোকক বহুৱাইছিল ৷ তাৰ আগতেই চাদুল্লা চৰকাৰে সেজউ বিপ্লৱৰ নামত পমুৱা লোকক অসমৰ দ ভূমি আদিত বহুৱাইছিল মুছলীম লীগৰ ভোট বেংকৰ বাবে ৷ ইছলামিক সমাজবাদৰ সপোন দেখা ভাসানীৰ উদাৰবাদৰ সলনি পিছলৈ ইছলামিক স্থানৰ সপোন দেখুৱাবলৈ এচাম কট্টৰবাদীৰো জন্ম হৈছিল বা হৈ আছে ৷ এই লোকসকলৰ মধ্যশ্ৰেণীয়ে সদায় অসমৰ ৰাজনীতিত নিজৰ প্ৰাসংগিতা বজাই ৰাখিবলৈ নিজৰ ৰাজনৈতিক মতাদৰ্শ সলনি কৰি অহা দেখা যায় ৷ কিন্তু লক্ষ্যণীয় কথাটো হ’ল , ইমানৰ পিছতো সাধাৰণ দৰিদ্ৰ লোকসকলৰ কিন্তু অৱস্থানৰ বিশেষ সলনি হোৱা নাই ৷ তেওঁলোক সদায় স্বাৰ্থপৰ মৌলবাদী কূট ৰাজনীতিৰ বলি হৈ আহিছে ৷
এতিয়া প্ৰশ্ন হ’ল এইসকলৰ নাতি পুতিবোৰ বিদেশী নেকি ? এক বিশেষ সামাজিক পৰিগাঠনিৰ মাজত থকা কাৰণে তেওঁলোকৰ ভাষা সাজ পোছাক সলনি নহ’ল বুলিয়েই বিদেশী হৈ পৰিব নেকি ? অসমীয়া মাধ্যমত পঢ়া প্ৰসংগ বাদ দিলো ৷ স্বাধীনতাৰ আগৰ পৰাই এই সম্প্ৰদায়ৰ মাজত মুচলমান ৰাজনীতি চলিছে ৷ বৃটিছৰ আঁহ ফলা নীতিৰ বাবে অসমীয়া মধ্যশ্ৰেণীয়ে মাৰোৱাৰী বেপাৰীক ৰঙা চকু দেখুওৱাৰ পৰিৱৰ্তে কৃষি শ্ৰমিক পমুৱাকে দেখুৱাইছিল ৷ কাৰণ স্বাৰ্থ ৷ অথচ আমি জানো , ১৯৭১ ৰে হওঁক বা ১৯৫১ ই হওঁক নিৰ্দিষ্ট ভিত্তি বৰ্ষ অবিহনে বিদেশী বহিষ্কাৰ কৰা নাযায় ৷ তেনেহ’লে কোন বিদেশী চিনাক্ত নকৰাকৈয়ে আমি লেবেলটো কিয় লগাই দিওঁ ? ইয়াৰ ফলত আমাৰ লাভ হ’বনে লোকচান ? পাহৰি গ’লে নহ’ব যে গোৱালপাৰাত ১৯০৩ চনৰ পৰাই জমিদাৰে মৈমনসিংহ-ৰংপুৰ আদিৰ পৰা হেজাা হেজাৰ পমুৱা মুছলমান শ্ৰমিক আনি নিজৰ কৃষিপামৰ শ্ৰমিক হিচাপে বা অধিক কৰ পোৱাৰ আশাত কৃষিক্ষেত্ৰবোৰত বহুৱাইছিল ৷
আজি মৌলবাদী ৰাজনীতিত পটু বদৰুদ্দিন আজমল পৰাস্ত হোৱাৰ বাবে আমি সকলোৱে ভাল পাইছো ৷ কিন্তু আমি আমাৰ কৰ্মেৰেই পুনৰ কোনো আজমলক ক্ষমতালৈ নানিম নে ? আমি আমাৰ ইতিহাস সম্পৰ্কে কিমান সঁচেতন ?
আমাক এখন বাংলাদেশী মুক্ত অসম লাগে , থলগিৰিৰ ৰক্ষা কবচ , অৰ্থনৈতিক অধিকাৰ , জাতীয় কৰ্মসংস্কৃতি আদিৰ বাবে সচেষ্ট হব লাগে , চৰকাৰক বাধ্য কৰিব লাগে ৷ কিন্তু হোৱাই নোহোৱাই নিজৰ ঠাইৰ লগত ভাষাটো নিমিলিল বুলিয়েই তাক বাংলাদেশীৰ লেবেল লগাই দিয়াৰ আগতে মনত ৰখা ভাল যে আমি সততে বাংলাদেশীৰ লেবেল লগাই দিয়াজনৰ পৰিয়ালৰ কোনো লোক হয়তো আমাৰ জাতীয় সংগ্ৰামৰ ছহিদ হব পাৰে , নিৰ্যাতিত হব পাৰে ৷ ভাষা আন্দোলনৰ ছহিদৰ নাতি পুতি হব পাৰে ৷ আমিনো কিমান খবৰ ৰাখো প্ৰকৃততে ৷
আমাক এখন অৰ্থবহ বাংলাদেশী মুক্ত অসম লাগে ৷ ট্ৰিবুনেলে চিনাক্ত কৰি আছে ৷ আৰু খৰতকীয়া হওক ৷ আৰু অধিক ট্ৰিবুনেল গঠন হওঁক ৷ অধিক সন্দেহজনক লোকক বিচাৰৰ আওঁতালৈ আনক ৷ এন আৰ চিত ভুল থকাবোৰৰ কেছ চলিবই ৷ কিন্তু বিদেশীৰ ইচ্ছ্যু লৈ মিছা আস্ফালন পৰিহাৰ কৰা হওঁক ৷ আমাক বৃটিছৰ কৌশল নালাগে , নালাগে মুছলীম লীগ , নালাগে নেহেৰু-নাথুৰামৰ ৰাজনীতি ৷ এখন প্ৰকৃত দেশীয় চৰকাৰ আমাৰ কাম্য ৷ যিয়ে জাতিটোক নিৰাপত্তা দি , ঐক্যবদ্ধতাৰে আগুৱাই নিব পাৰে ৷
কঁকালৰ বিষটোৱে
পাহৰিব নিদিয়ে একো ৷ 
পাহাৰীয়া অৰণ্যৰ 
লুংলুঙিয়া
হাতী যোৱা বাটটো 
কঁকালত গধুৰ ইকুইপমেন্ট
গাঠি লোৱা ৰাইচ বেগ
থিয় পাহাৰ গছকি
ৰেচন কামাণ্ড
শেষ নোহোৱা অৰণ্যৰ বাটত
 কিট বেগত পঁচিছ কেজিৰ অকৰা ভেম ৷
পেটভৰাই ভাতসাজ খালেই মনত পৰে
ভেদাইলতাৰ পাতেৰে হাফ ৰেচন ৷
শিৰামুৰি ধৰা শীতৰ ৰাতি নিয়ৰ তিতা মাটিত
শান্তিৰ এআকাশ টোপনি আহোতেই
মাজনিশা কলমলাই উঠে পেটৰ ভোক ৷
একো পাহৰিব নিদিয়ে
প্ৰতিটো যাত্ৰাৰ পিছত
গুমগুমাই উঠা কঁকালৰ বিষে ৷
অৰণ্যই পোখা মেলা বাৰিষা
উৰুখে গাঁও
সেমেকে মানুহ !
শিঙৰি পাতৰ ভিজা বিচনাত
সপোনবোৰ তপত হয় গেৰিলাৰ ৷
অৰণ্য জুৰি গজি উঠা
পখৰা জোক ,
গেৰিলাৰ তেজপীয়া জোক !
মহ ,ডামৰেং , চৰপাৰ কলাজ সনা
সেউজীয়া কেমোফ্লেজ !
অৰণ্য মানেই
ভোকবোৰ উজাই অহা বুকু
বুকুবোৰ বুলেটৰ ভোক !
তথাপি সপোনে ভুই ৰোৱে পথাৰত
ন-পানী বাঢ়িলেই
মৰানৈৰ সোঁতত জপিয়ায়
সপোনৰ ৰঙীন পুঠি
মুকতিৰ ৰংদৈ হাঁহি ।
বাৰিষাৰ অন্য নাম যদি সপোন
সপোনৰ নিৰাপত্তাৰ বাবেই
অৰণ্য বিশাল ৷
ক্ৰমশঃ জোকৰ দৰে বাঢ়ি অহা
আন্ধাৰৰ সৈতে সহাৱস্থান !
যত যি লাফৰা এই পাঠক বাবাৰ বাবে ! ভাত খাওঁতে হেনো পানী খোৱা নিষেধ ৷ গতিকে পানী খাওঁতে খাওঁতে ৰাতি দোভাগ হয়গৈ ৷
সিদিনাখনো পানী দুগিলাচমান সৰহকৈ খাই বিচনাত পৰিছিলো ৷ মাজৰাতি লাগিল নহয় সৰু পানী চোৱাৰ লেঠা ৷ ৰাতি আকৌ শব্দ হৈ শ্ৰীমতীৰ টোপনি ভাঙিলে পিছদিনা হনুমান চালিছা পঢ়াই দিব বুলিও ভয় ! সেয়ে সন্তৰ্পনে পিছফালৰ দুৱাৰখন খুলিলো ৷ এটাটছ বাথৰুম নাই যদিও ৰাতিৰ কামফেৰা সেইফালেদি মনে মনে কৰি দিব পাৰি ৷
দুৱাৰখন খুলিছোহে ! কৃষ্ণ !!! এয়া কি ? গা মুৰ ভয়তে শিৰশিৰাই গ’ল ! সমূখত স্বয়ং গোমানৱ ! মানে মুৰটো গৰুৰ গাটো মানুহৰ !
-হেৰা ভাই আশ্ৰয় বিচাৰি আহিলো ৷ গোমানৱে গৰগৰাই ক’লে ৷ মাতটো হেম্বেলনিৰ দৰে লাগিল !
মোৰ ইতিমধ্যেই সৰু পানী বৰসুঁতিহৈ ভূমি অভিমুখে গতি কৰিছে ৷ মুখেৰে মাত উলিয়াব পৰা নাই ৷ বহু কষ্ট কৰি কঁপি কঁপি সেৱা কৰি সুধিলো,
-দৌতা , কিয় আশ্ৰয় লাগে এই নিঃকিনৰ গৃহত ? কিবা দোষ কৰিলো ?
-নাই নাই ভাই ৷ তুমি একো দোষ কৰা নাই ৷ মোক অলপ জিৰাব দিয়া প্লীজ ।
এইবুলি গৰগৰকৈ কৈ চিধাই ভিতৰ সোমাল ৷ লক্ষ্য কৰিলো ঠেং দুখন সাইলাখ আমাৰ গোহালিৰ কজলাটোৰ দৰে !
ভিতৰ সোমায়েই আৰাম চেয়াৰখনত বহি ল’লে গোমানবে ৷
-মই বৰ ক্লান্ত ৷ য’তে যাওঁ তাতেই হয় ধূপৰ ধোৱা , মন্দিৰৰ টিলিঙা , নহয়তো জৱাই কৰিবলৈ ধাৰ দি থোৱা দা বা ৰাজহুৱা গোমাংস ভোজনৰ আয়োজন , মোৰ এলাৰ্জী হৈ গৈছে ৷ উশাহ লব পৰা নাই ৷ ভাৰস্তৰ ৰাজনীতিত মোৰ অৱস্থা কাহিল ৷ কিবা এটা কৰা ভাই ৷
এইবাৰ মোৰ গাত হুচ আহিল ৷ সাহ পাই চকীখন টানিলৈ গোমানৱৰ কাষত বহি চাদা একখোলা মাৰিবলৈ ল’লো ৷
-একখোলা মোকো দিবা ৷
গোমানৱে হাতখন আগবঢ়াই দিলে ৷
যি আছে আছে আজি মহাভাৰতেই একঅধ্যায় পঢ়ো বুলি ঋষ্যশৃংগ মুনিৰ অধ্যায়টো উলিয়াই ল’লো ৷ গোমানৱে চকু মুদি শুনিছে !
মহাভাৰতৰ কথা
অমৃত সমান
কাশীৰাম দাস কহে
শুনা পুন্যৱান ৷
অলপ গেলাকে খাই দং দে
যি আছে আছে বে
অলপ গেলাকে খাই দং দে ৷
জীৱনটুত আকো নাই
কামৰো শেষ নাই 
পেট ফেলবা সময় নাই
অলপ গেলাকে খাই দং দে ৷
দেশ গেছি ৰহাত্তলে
মানহু মৰে গাড়ীৰ তলে
 কায় কাক বাঁহ দেই গমে নাপা হছু
অলপ গেলাকে খাই দং দে ৷
ভাবছিলু টাইম পাছ কৰিম
ফেচবুকত ডেটিং কৰিম
ষ্টাইলিছ আপী চাই বৈদ্য লাইন মাৰিম ৷
ইনবক্সত চাল্লা দেখু
হমো গেলাহে ভিৰ কৰে ৷
অলপ গেলাকে খাই দং দে ৷
বাংলাদেশী আনব বুলে
চাপ্পান্ন ইনছি বুক ফুলে
মুদী চাৰে কইছি যদি
কিয়া চিন্তা কৰবা লাগে ?
অলপ গেলাকে খাই দং দে ৷
ময়েই একছত্ৰী সম্ৰাট
মোৰ বিশাল
অভিমানী সাম্ৰাজ্যৰ ৷
মই মোৰ হুকুম
মই মোৰ ন্যায়াধীশ
মোৰ প্ৰতি প্ৰতিটো অন্যায় আদেশ
গছকি পেলোৱাৰ
মোৰ বংশগত দুৰন্ত স্পৰ্দ্ধা ৷
যদিওবা মোৰ ফটা জিনচত
যন্ত্ৰণাৰ সাতটা তাপলি
মোৰ কৰ্পদক শূণ্য হাতেৰে
পকেটত লৈ ফুৰো আইৰ দুটি
সৰল চকু ৷
বব নোৱাৰা
সুসপোন
উৱলি যোৱা এবাকচ পাণ্ডুলিপি ৷
মই শ্ৰুতলিপি ঘিণ কৰো
ঘিণ কৰো তৈলমৰ্দনৰ
আকাশী জখলা ৷
মোক নিশিকাবা শৈলাৰোহনৰ কৌশল
অথবা বিলাসী হোটেলৰ ছাদলৈ বৈ অহা
নৈপৰীয়া বতাহজাকৰ কথা ৷
পাহাৰখন মাথো মোৰ
নৈখন মাথো মোৰ
সাবধান !
বিউগুল বাজি উঠিব ৰাতি
চৰাইবোৰে চিঞৰিব ৷
সহযোদ্ধাৰ কবিতাবোৰে
মাটি ফুটি উঠি আজুৰি পেলাব
তোমাৰ গৰ্বৰ প্ৰতিটো লেণ্ড মাইন ৷
পাহাৰখনলৈ চাই চাই
কলীপেহীয়ে ৰাউচি জুৰি কান্দি মৰে ৰাতি
গধূলি গৰুহাল উভটি আহে
সোনটিহে জানো কিয় নাহে ?
দিনৰ পাহাৰ
ৰাতিৰ জুই
কোনে খেদে
কোনে মৰে !
পেহীয়ে শুঙি চায় আলনাৰ চোলা
এজনীয়া বিচনাখন সোনটি সোনটি লগা
কিনো ৰান্ধে
কিনো খায় পেহীয়ে ?
দুপৰীয়াৰ আবদাৰটোহে নিতৌ
নঙলামুখত লাগি থাকে
“আই ভোক লাগিছে ভাত দে ৷”
সোনটিয়ে টিউচন কৰি কিনা টেলিভিছনটো ভয়তে নোখোলে পেহীয়ে ৷
কি জানো খবৰবোৰ আহে !
জাতি মাটি ভিটীৰ কথা কোৱা
সৰ্বাবোপাইকো আজিকালি নেদেখাই হ’ল
গাওঁৰ ৰাইজে !
“আই অলপ ভালকে সাজি থাকিব নোৱাৰনে?”
কিমান যে অভিযোগ তাৰ !
আজি সোনটি আহিব ৷
সোনটিৰ কথা নেপেলায় আজি পেহীয়ে
পুৱাৰ পৰাই কত যোগাৰ
আখলত গৰম ভাত
টেঙা দিয়া সৰু মাছৰ আঞ্জা ৷
দুপৰ ৰাতিলৈ
ভুতুনীৰ দৰে সাজি বহি থাকে পেহীয়ে
গৰুহালে হেম্বেলাইছে
আজি সোনটি আহিছে ৰঙামুৱাহৈ
বুকুত এসোতা তেজ !
বাবা আৰু নাই
আজি ইষ্টাৰ্ণ নগাভূমি উচুপিছে
উচুপিছে সাহসী নগা
সুদূৰ বস্তিৰ পৰা নামি আহিছে
পাংমি মেথা
কান্ধত আজি চাখান নাই
আছে বিষাদৰ বব নোৱাৰা বোজা ৷
মাকৈ বাগানবোৰত জিলিৰ মাত
ঘণে ঘণে চকুলো সৰে
ৰাংখাং পাহাৰত তুহ জুই জ্বলে
বতাহৰ দৰে খবৰটো আহে ৷
নগা ঐক্যৰ বাবে বাবাৰ লগত
পৰ্বতে পৰ্বতে ফুৰা
গীৰ্জাবোৰেও আজি দুখৰ এপিটাফ লিখে ৷
নগা-অসমীয়া-মনিপুৰী-বড়ো
গেৰিলাৰ পোছাক পিন্ধা
খামটি ডেকা
কাচিন-কাৰেন-চিংফৌ
সকলোৰে বুকুত শিলবোৰে থুপ মাৰে
বিষাদত পাটকাই সিপাৰে বস্তিবোৰ
ঘণে ঘণে জাগে ৷
কান্ধত আধালিখা সপোনৰ পাণ্ডুলিপি বৈ
নামি আহিছে বাবা
গেৰিলাৰ ৰাইফলবোৰো নামি আহিছে ক্ৰমে
কমাণ্ড
অমৰ মৃতকক নমস্কাৰ কৰ-
ৱান টু ৱান টু ৱান ৷
ইণ্ডিপিটি নিমিত্তে
ফিজো যি গ’ল আৰু নাহিল
বাবাই ৰাইজৰ লগতে থাকিল
সৰল হাঁহিটো ওলোমি থাকিল
আজীৱন
আমৃত্যু ৷
ৰাস্টাটু পিছাল হৈছিল
গটায় ৰাতি বইৰহান
কমভায়দি সুৰকি আহিল মৰাননহ সপান
কাইন্ধাৰ বুঢ়া ঠিকাদাৰৰ
চেংৰা তিৰি 
খিৰকিদি চাই থাকে ৰাতি ৷
ভৰিত মোৰ
জাপতে ধৰে কিহবাই
দেশত বুলে
হাটৰ বাহাৰ
জকমইকা সপান
ময়হে নৰু কানাহবা
থাপ মাৰি ধইৰবা নৰু
 আকাশৰ তাৰা ।
হাউলাৰ মুতৰ ডঙাতে
আকাশখান দেখা হান পাউ
তাৰা গেলা নটীৰ আপী
জোনটু কাইন্ধাৰ বুঢ়া ঠিকাদাৰৰ তিৰি ৷
মহানাগৰিকৰ সাঁতোৰ
“বাদ দিয়াহে
আমেৰিকাতো বানপানী হয়”
বুঢ়াৰজাৰ দাংকোপত
অপমানিত মহানাগৰিকৰ
বুঢ়াআঙুলী গজি উঠে ৷
চক্ৰবৎ পৰিৱৰ্তন্তে…
হেংদান জোকৰা চুকাফা পুত্ৰৰ মূৰত
মুকলিমুৰীয়াৰ নিটোল ফোট
বিধানসভাত
কাঠৰ চৰাই উৰাই
গোঁসায়ে ধামাধুম মন্ত্ৰ মাতে
হ্ৰিং ক্ৰিং ফট !
ভাঙৰ আবেশ
মহানাগৰিকৰ মহাআবেগ
পদ্মপুখুৰীৰ পাৰত ফুচকা খাই
ভোটিং মেচিনৰ বুটাম
থপককে মাৰে ৷
থাউকতে নোহোৱা হয় বিদেশী
নাই বানপানী
নাই দুৰ্নীতি
চৌদিশে গজি উঠে লুৰালুৰি স্মাৰ্ট চিটি ৷
মিডীয়াই ভাং খাই শুকানতে বান দেখে
মহানাগৰিকে শুকানতে মাৰে থিয় সাঁতোৰ
দীঘলীপুখুৰীৰ পৰা জু -ৰোডলৈ ৷
মুকলিমুৰীয়া দেৱে বেকেটাই হাঁহে
কাঠৰ চৰাই উৰাই উৰাই
শিঙৰীঘৰলৈ জখলা দিয়ে মনে মনে ৷
শুই থকা মহানাগৰিকৰ ফিছা গজে
ক্ৰমশঃ উভচৰলৈ উৎপৰিৱৰ্তন ৷
আজি চৌদিশে শান্তি
নাই বুঢ়াৰজাৰ দাংকোপ
লুইতৰ পাৰত আজি
হেংদান জোকাৰি
ফাপৰে ধৰা লেংটা সাধুৰ নৃত্য ৷
সোনাগাছিৰ ছাদৰ পৰা বতাহত উৰি আহিছিল
 কোনো দৰিদ্ৰ দেহোপজীৱীনীৰ আঢ়ৈ শ টকীয়া একমাত্ৰ ফেঞ্চি অন্তৰ্বাসটো…
অন্তৰ্বাসটো চুৰি কৰি নিয়া মানুহজন আজি উন্মাদ
চিগাৰেটত সুখ টান দি
নিচাসক্ত দুচকুৰে
জুমি চায় গাৰ্লছ হোষ্টেলৰ নিৰ্জন দুপৰীয়া
ছোৱালীবোৰ দিপৰ বিলৰ দৰিকনা ৷
যুদ্ধজয়ৰ মেডেল পিন্ধি ৰাজপথেদি বুকু ফিন্দাই ঘূৰি ফুৰে নাইট
পিছে পিছে মুণ্ডহীন স্তাৱকৰ সমদল ৷
বিঃদ্ৰঃ কাল্পনিক
ৰাজনৈতিক যোগ
সামাজিক বিয়োগ
কৰ্পোৰেট পুৰণ
অৰ্থনৈতিক হৰণ
গলত গামোচা
সংসদীয় তামাচা
অংক মাষ্টৰ যেতিয়া হয় কেঁচা
তেতিয়া নকল কৰি আনন্দত নাচা ৷
ৰিজাল্ট দিলে ভাই যাবা চুলাই শ্বপ
বমি কৰি ভহাই দিবা ওলাই যাব কফ ৷
ৰামবাবাই যোগ কৰে পেট খোকোলা কৰি
পতঞ্জলী ৱাইন শ্বপৰ লাইচেঞ্চ পাব বুলি ৷