Friday, 23 June 2017

বাংলাদেশী মুক্ত অসম লাগে
বিগত কেইবা দহক ধৰি এই বিষয়টোৱে অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি আহিছে ৷ এয়া অনস্বীকাৰ্য যে বিগত সময়ত লক্ষ্যাধিক পূৰ্ববংগীয় লোকৰ অনুপ্ৰবেশ ঘটিছে ৷ বহুতেই ভুৱা নথি পত্ৰ যোগাৰ কৰি এচাম দালালৰ জৰিয়তে নাগৰিক হিচাপে নিজৰ নাম ভোটাৰ তালিকাত তোলাৰ অভিযোগ নতুন নহয় ৷ উল্লেখ্য যে এনে অভিযোগ সঁচৰাচৰ প্ৰথমে একাংশ দায়িত্বশীল চৰকাৰী আমোলাৰ পৰাই আহে ৷
বিগত সময়ত দেখা গৈছে পূৰ্ববংগীয় মুছলমান লোক বিদেশী সন্দেহত বেচৰকাৰী লোকৰ হাতত নিৰ্যাতিত হৈছে ৷ আনহাতে হিন্দু- মুছলমান উভয় সম্প্ৰদায়ৰ লোক বিদেশী সংক্ৰান্তত হাৰাশাস্তি হৈছে স্বয়ং চৰকাৰী লোকৰ দ্বাৰাই ৷ অৰ্থাৎ সংখ্যাগুৰুৰ মাজত এনে এক ধাৰণাৰ বিকাশ হৈছিল যে পূৰ্ববংগীয় মুছলমান মানেই বিদেশী ৷
বিগত দিনত এই প্ৰতিক্ৰিয়াৰ ফল হিচাপে সংখ্যালঘূ ৰাজনীতি আৰু কংগ্ৰেছী ৰাজনীতিয়ে সুবিধা লৈছিল বা লৈ আছে ৷ অন্যহাতে বাংলাদেশী মুক্ত অসমৰ চমক দেখুৱাই পূৰ্বতে অগপই আৰু শেহতীয়াকৈ বিজেপিৰ মিত্ৰ জোটে ক্ষমতা লাভ কৰিলে ৷
বিগত সময়ৰ পৰাই সংখ্যালঘূ ৰাজনীতি বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত আগবাঢ়িল আনহাতে এচাম জাতীয়তাবাদীয়ে পূৰ্ববংগীয় লোক মানেই বিদেশী ধাৰণাৰে আগবাঢ়ি যাওঁতে দুয়ো শিবিৰৰ ৰাজনীতিয়ে অসমৰ জাতীয় জীৱন জটিল কৰি তুলিলে ৷ বিজেপিয়ে আকৌ এই সমস্যাটোক হিন্দু মুছলমানৰ ৰাজনীতিলৈ পৰ্যবশিতঃ কৰিলে ৷
এটা শিবিৰৰ মতে এটাও বাংলাদেশী নাই , আনটো শিবিৰৰ মতে লাখ লাখ বাংলাদেশী আছে যিবোৰক খেদি বাংলাদেশী মুক্ত অসম কৰিব পাৰি ৷ দুয়ো সম্প্ৰদায়ৰ মনত শংকা থকা হেতুকে ই সকলোতকৈ শক্তিশালী ৰাজনৈতিক ব্ৰহ্মাস্ত্ৰ হিচাপে পৰিগণিত হ’ল ৷
অসমত এটাও বাংলাদেশী ( অবৈধ) নথকা শ্লোগান যেনে হাস্যকৰ তেনেকৈ লাখ লাখ অবৈধ বাংলাদেশীৰ ভয় খুৱাই ৰাজনীতি কৰাটোও অবান্তৰ ৷ ইতিহাস চালেই দেখা পাওঁ কিদৰে ১৯৩৯ চনতেই বিপুল পৰিমাণৰ পূৰ্ববংগীয় লোক মাৰোৱাৰী বেপাৰীয়ে অসমীয়াৰ পৰা কাঢ়ি লোৱা মাটিত বহাইছিল ৷ অসমীয়া ভূমিগিৰি সকলেও তেনেকৈ মাটি পমুৱাক বিক্ৰী কৰি ধনবান হৈছিল ৷ আনকি সত্ৰৰ বহু মাটিও তেনেকৈয়ে অসমীয়াৰ হাতৰ পৰা গৈছিল ৷ ১৯৩৯-৪২ৰ ভিতৰত বৰপেটাতেই ১% মুছলমানৰ ঠাইত ৪৫% হৈছিলগৈ ৷ আনকি অসমৰ সমস্ত কৃষি ভূমি মাৰোৱাৰীৰ দখললৈ গৈছিল আৰু সেই পামবোৰত কৃষি শ্ৰমিক হিচাপে পমুৱা লোকক বহুৱাইছিল ৷ তাৰ আগতেই চাদুল্লা চৰকাৰে সেজউ বিপ্লৱৰ নামত পমুৱা লোকক অসমৰ দ ভূমি আদিত বহুৱাইছিল মুছলীম লীগৰ ভোট বেংকৰ বাবে ৷ ইছলামিক সমাজবাদৰ সপোন দেখা ভাসানীৰ উদাৰবাদৰ সলনি পিছলৈ ইছলামিক স্থানৰ সপোন দেখুৱাবলৈ এচাম কট্টৰবাদীৰো জন্ম হৈছিল বা হৈ আছে ৷ এই লোকসকলৰ মধ্যশ্ৰেণীয়ে সদায় অসমৰ ৰাজনীতিত নিজৰ প্ৰাসংগিতা বজাই ৰাখিবলৈ নিজৰ ৰাজনৈতিক মতাদৰ্শ সলনি কৰি অহা দেখা যায় ৷ কিন্তু লক্ষ্যণীয় কথাটো হ’ল , ইমানৰ পিছতো সাধাৰণ দৰিদ্ৰ লোকসকলৰ কিন্তু অৱস্থানৰ বিশেষ সলনি হোৱা নাই ৷ তেওঁলোক সদায় স্বাৰ্থপৰ মৌলবাদী কূট ৰাজনীতিৰ বলি হৈ আহিছে ৷
এতিয়া প্ৰশ্ন হ’ল এইসকলৰ নাতি পুতিবোৰ বিদেশী নেকি ? এক বিশেষ সামাজিক পৰিগাঠনিৰ মাজত থকা কাৰণে তেওঁলোকৰ ভাষা সাজ পোছাক সলনি নহ’ল বুলিয়েই বিদেশী হৈ পৰিব নেকি ? অসমীয়া মাধ্যমত পঢ়া প্ৰসংগ বাদ দিলো ৷ স্বাধীনতাৰ আগৰ পৰাই এই সম্প্ৰদায়ৰ মাজত মুচলমান ৰাজনীতি চলিছে ৷ বৃটিছৰ আঁহ ফলা নীতিৰ বাবে অসমীয়া মধ্যশ্ৰেণীয়ে মাৰোৱাৰী বেপাৰীক ৰঙা চকু দেখুওৱাৰ পৰিৱৰ্তে কৃষি শ্ৰমিক পমুৱাকে দেখুৱাইছিল ৷ কাৰণ স্বাৰ্থ ৷ অথচ আমি জানো , ১৯৭১ ৰে হওঁক বা ১৯৫১ ই হওঁক নিৰ্দিষ্ট ভিত্তি বৰ্ষ অবিহনে বিদেশী বহিষ্কাৰ কৰা নাযায় ৷ তেনেহ’লে কোন বিদেশী চিনাক্ত নকৰাকৈয়ে আমি লেবেলটো কিয় লগাই দিওঁ ? ইয়াৰ ফলত আমাৰ লাভ হ’বনে লোকচান ? পাহৰি গ’লে নহ’ব যে গোৱালপাৰাত ১৯০৩ চনৰ পৰাই জমিদাৰে মৈমনসিংহ-ৰংপুৰ আদিৰ পৰা হেজাা হেজাৰ পমুৱা মুছলমান শ্ৰমিক আনি নিজৰ কৃষিপামৰ শ্ৰমিক হিচাপে বা অধিক কৰ পোৱাৰ আশাত কৃষিক্ষেত্ৰবোৰত বহুৱাইছিল ৷
আজি মৌলবাদী ৰাজনীতিত পটু বদৰুদ্দিন আজমল পৰাস্ত হোৱাৰ বাবে আমি সকলোৱে ভাল পাইছো ৷ কিন্তু আমি আমাৰ কৰ্মেৰেই পুনৰ কোনো আজমলক ক্ষমতালৈ নানিম নে ? আমি আমাৰ ইতিহাস সম্পৰ্কে কিমান সঁচেতন ?
আমাক এখন বাংলাদেশী মুক্ত অসম লাগে , থলগিৰিৰ ৰক্ষা কবচ , অৰ্থনৈতিক অধিকাৰ , জাতীয় কৰ্মসংস্কৃতি আদিৰ বাবে সচেষ্ট হব লাগে , চৰকাৰক বাধ্য কৰিব লাগে ৷ কিন্তু হোৱাই নোহোৱাই নিজৰ ঠাইৰ লগত ভাষাটো নিমিলিল বুলিয়েই তাক বাংলাদেশীৰ লেবেল লগাই দিয়াৰ আগতে মনত ৰখা ভাল যে আমি সততে বাংলাদেশীৰ লেবেল লগাই দিয়াজনৰ পৰিয়ালৰ কোনো লোক হয়তো আমাৰ জাতীয় সংগ্ৰামৰ ছহিদ হব পাৰে , নিৰ্যাতিত হব পাৰে ৷ ভাষা আন্দোলনৰ ছহিদৰ নাতি পুতি হব পাৰে ৷ আমিনো কিমান খবৰ ৰাখো প্ৰকৃততে ৷
আমাক এখন অৰ্থবহ বাংলাদেশী মুক্ত অসম লাগে ৷ ট্ৰিবুনেলে চিনাক্ত কৰি আছে ৷ আৰু খৰতকীয়া হওক ৷ আৰু অধিক ট্ৰিবুনেল গঠন হওঁক ৷ অধিক সন্দেহজনক লোকক বিচাৰৰ আওঁতালৈ আনক ৷ এন আৰ চিত ভুল থকাবোৰৰ কেছ চলিবই ৷ কিন্তু বিদেশীৰ ইচ্ছ্যু লৈ মিছা আস্ফালন পৰিহাৰ কৰা হওঁক ৷ আমাক বৃটিছৰ কৌশল নালাগে , নালাগে মুছলীম লীগ , নালাগে নেহেৰু-নাথুৰামৰ ৰাজনীতি ৷ এখন প্ৰকৃত দেশীয় চৰকাৰ আমাৰ কাম্য ৷ যিয়ে জাতিটোক নিৰাপত্তা দি , ঐক্যবদ্ধতাৰে আগুৱাই নিব পাৰে ৷

3 comments:

  1. ইতিহাস নাজানো বেছি । আপোনাৰ লিখনি পৰি বহুতো কথা শিকিব আৰু জানিব পাই ভাল লাগে ।
    NRCৰ কাম সঠিক ভাবে কৰিলে ৰাজনীতি নহোৱাকৈ তেতিয়া কোন দেশী আৰু বিদেশী উলিয়াই পৰিব । #NotInMyName

    ReplyDelete
  2. ভাল লাগিছে,কিন্তু বেয়াও লাগিছে।কাৰণ বংগীয় মুছলমানসকল যেতিয়া আহিছিল তেতিয়া আমাৰ দেশত কোনো সীমা হোৱা নাছিল । আৰু যেতিয়া সীমা নিৰ্ধাৰণ হৈছিল তেতিয়া মুছলমানসকল অসমলৈ অহাৰ প্ৰশ্নই নুঠে । কাৰণ মুছলমানসকলক তেতিয়া ভাৰতৰ পৰা মাৰি কাটি খেদাই আছিল ।সেই সময়ত মোৰ মতে কোনো পাগলো নিজৰ জীৱন দিবলৈ নাহে ।স্বাধীনতা ৰ পিছত বংগীয় হিন্দুসকল আহিছে এইটো সছা কথা ।যিহেতু সিহঁতক বাংলাদেশ পাকিস্তানত মাৰি কাটি হত্যা কৰিছিল নৰপিহসকলে ।

    ReplyDelete