Thursday, 29 June 2017

অন্তিম ইচ্ছা
হত্যাৰ আগত কি সুধিছিলা গুৱেভাৰাক
কি শেষ ইচ্ছা পুৰণৰ সুযোগ দিছিলা
অশান্ত বাঘ ফুকন অথবা ইকাৰদাওক
ফায়াংৰিং স্কোৱাডৰ আগদিনা
শেষ কবিতাটো কি লিখিছিল বেঞ্জামিন অথবা স্বাধীনতাই
মোক হত্যা কৰাৰ আগত
এবাৰ জানি লোৱা
ডায়েৰীবোৰ খুচৰি চোৱা আজি ৰাতি
কাৰণ কাইলৈ সূৰ্যটো দপদপকৈ জ্বলিব ।
মোক গুলীয়াই মাৰিবলৈ তোমালোকে হাতবোৰ পোনাই লোৱা আজিয়েই
শূণ্য দূৰত্বত বন্দী কৰি লোৱা মগজু আৰু ট্ৰিগাৰত তৰ্জনী
উশাসবোৰ নিয়ন্ত্ৰণ কৰি লোৱা এবাৰ
মোৰ ডিঙি কাটিবলৈ কামাণ্ডো নাইফত শান দিয়া নিৰবে
যাতে শব্দবোৰে বতাহত নিলিখে যুদ্ধৰ কবিতা
মোক পুতিবলৈ গভীৰকৈ খান্দি লোৱা গাত
আৰু জাপি দিবলৈ গধুৰ প্ৰস্তৰ প্লেট ।
মোৰ মৃতদেহত এন্ধাৰবোৰ জাপি দিবলৈও নাপাহৰিবা
বাৰুদবোৰত ঢালি নিদিবা লুইতৰ পানী
কবিতাৰ নুৰাবোৰত জুই
পোনাকনহতৰ কলমৰ চিয়াহীত মিহলাই নিদিবা মোৰ বুকুৰ তেজ
পাৰিলে আজিয়েই মোক হত্যা কৰা গুপুতে
কাৰন কাইলৈ সূৰ্যটো দগমগাই জ্বলি উঠিব
পথাৰে পথাৰে উত্পাদন হব প্ৰতিবাদ
শইচৰ সলনি বাৰুদ ।

No comments:

Post a Comment