Friday, 23 June 2017

মহানাগৰিকৰ সাঁতোৰ
“বাদ দিয়াহে
আমেৰিকাতো বানপানী হয়”
বুঢ়াৰজাৰ দাংকোপত
অপমানিত মহানাগৰিকৰ
বুঢ়াআঙুলী গজি উঠে ৷
চক্ৰবৎ পৰিৱৰ্তন্তে…
হেংদান জোকৰা চুকাফা পুত্ৰৰ মূৰত
মুকলিমুৰীয়াৰ নিটোল ফোট
বিধানসভাত
কাঠৰ চৰাই উৰাই
গোঁসায়ে ধামাধুম মন্ত্ৰ মাতে
হ্ৰিং ক্ৰিং ফট !
ভাঙৰ আবেশ
মহানাগৰিকৰ মহাআবেগ
পদ্মপুখুৰীৰ পাৰত ফুচকা খাই
ভোটিং মেচিনৰ বুটাম
থপককে মাৰে ৷
থাউকতে নোহোৱা হয় বিদেশী
নাই বানপানী
নাই দুৰ্নীতি
চৌদিশে গজি উঠে লুৰালুৰি স্মাৰ্ট চিটি ৷
মিডীয়াই ভাং খাই শুকানতে বান দেখে
মহানাগৰিকে শুকানতে মাৰে থিয় সাঁতোৰ
দীঘলীপুখুৰীৰ পৰা জু -ৰোডলৈ ৷
মুকলিমুৰীয়া দেৱে বেকেটাই হাঁহে
কাঠৰ চৰাই উৰাই উৰাই
শিঙৰীঘৰলৈ জখলা দিয়ে মনে মনে ৷
শুই থকা মহানাগৰিকৰ ফিছা গজে
ক্ৰমশঃ উভচৰলৈ উৎপৰিৱৰ্তন ৷
আজি চৌদিশে শান্তি
নাই বুঢ়াৰজাৰ দাংকোপ
লুইতৰ পাৰত আজি
হেংদান জোকাৰি
ফাপৰে ধৰা লেংটা সাধুৰ নৃত্য ৷

No comments:

Post a Comment