Friday, 23 June 2017

ময়েই একছত্ৰী সম্ৰাট
মোৰ বিশাল
অভিমানী সাম্ৰাজ্যৰ ৷
মই মোৰ হুকুম
মই মোৰ ন্যায়াধীশ
মোৰ প্ৰতি প্ৰতিটো অন্যায় আদেশ
গছকি পেলোৱাৰ
মোৰ বংশগত দুৰন্ত স্পৰ্দ্ধা ৷
যদিওবা মোৰ ফটা জিনচত
যন্ত্ৰণাৰ সাতটা তাপলি
মোৰ কৰ্পদক শূণ্য হাতেৰে
পকেটত লৈ ফুৰো আইৰ দুটি
সৰল চকু ৷
বব নোৱাৰা
সুসপোন
উৱলি যোৱা এবাকচ পাণ্ডুলিপি ৷
মই শ্ৰুতলিপি ঘিণ কৰো
ঘিণ কৰো তৈলমৰ্দনৰ
আকাশী জখলা ৷
মোক নিশিকাবা শৈলাৰোহনৰ কৌশল
অথবা বিলাসী হোটেলৰ ছাদলৈ বৈ অহা
নৈপৰীয়া বতাহজাকৰ কথা ৷
পাহাৰখন মাথো মোৰ
নৈখন মাথো মোৰ
সাবধান !
বিউগুল বাজি উঠিব ৰাতি
চৰাইবোৰে চিঞৰিব ৷
সহযোদ্ধাৰ কবিতাবোৰে
মাটি ফুটি উঠি আজুৰি পেলাব
তোমাৰ গৰ্বৰ প্ৰতিটো লেণ্ড মাইন ৷

No comments:

Post a Comment