থলগিৰি
--------
কোন দিশে সূৰযৰ দেশ
কোন দিশে গ'লে পায়
সোনালী ঘাহঁনিৰ দেওঁলগা হাবি !
এখনি সেউজীয়া উপত্যাকাৰ সপোনে খেদে ,
মোৰ পিতাইৰ দুভৰিত লাগি আহে
শীতৰ দেশৰ কাঁইট।
পেৰাত সোনগুটি গজোৱা চাবি
হাতত কাড়ফাই !
ভুলুংবুথুৰলুইতহোৱাৰআগতেই
মোৰ পিতাইৰ হাতত বনৰীয়া গোনামহটো মৰিছিল
পাহাৰ শিখৰত
তাৰ শিংদুটাৰে সজা টুপিটো এদিন কামলখীক দি আহিছিল
পিতাই কি যে কৰা নাছিল ,
কাড়ফাইৰ কাড়েৰে
খূচৰি খুচৰি নিলাচলৰ তলতে সোনগুটি ৰুইছিল।
আইৰ বাবে সজা চোমনিখনত
সোনালী সুতাৰ পলুবোৰ জানো ক'ৰপৰাআনিছিল !
পিতাইৰ পিছত আৰু বহুলোক আহিছিল
সোনালী উপত্যাকা বিচাৰি ৰৈ গৈছিল
খামৰু দেশৰ মায়াত।
তেজ ঘামেৰে গঢ়িছিল জাতি।
সকলোৱে জানিছিল
সুৰুযৰ দেশ
মোৰ পিতাইৰ দেশ !
পিতাই এদিন কামলখীৰ চিৰি বগাই থাকোতেই
পৰ্বতৰ পৰা সৰি পৰিছিল।
এদিন এজাক মানুহ আহিছিল
পছিমৰ পৰা।
মানুহবোৰে ছল কৰি পিতাইৰ পেৰাটো কাঢ়ি লৈছিল।
আজুৰি লৈছিল হেপাহৰ সোনালী উপত্যাকা।
কড়ফাইখনো ঘূনে ধৰিছিল
কাড়বোৰ ভোটা হৈছিল।
কাৰণ আমাৰ দুভৰিত নাছিল পাহাৰৰ বিষলগা কাঁইট
নাছিল বনৰীয়া গোনামহৰ ভয় ,
তাৰ ছালেৰে
পিতাই আমাৰ বাবে একোযোৰ জোতা চিলাই থৈ গৈছিল
নজহা নপমা !