চন ১৮২৬ইং ২৪ ফেব্ৰুৱাৰী
বেলি মাৰ গৈছিল
ক্ৰমশঃ আন্ধাৰ
দাসত্বৰ !
প্ৰাত্যহিক বিবৰ্ণতাত
হাউলি পৰিছিল পাইকৰ ৰ’দঘাই চোতাল
পৰাধীনতাৰ
ৰণক্লান্ত সময়
নাই লাচিত
নাই গুৰু শংকৰ
পাইকাৰে ধৰ্মযুদ্ধত ক্লান্ত-উদাস্ত
মৈদামত উচুপে ৰাতি
শত গদাপানি
বুকুত কাড়ফাই সাবটি
লুইতত আত্মহত্যা কৰিছিল ৰঙামুৱাই৷
প্ৰৱঞ্চনাৰ সাক্ষ্য বুকুতলৈ
য়াণ্ডাবু
জীয়াই আছে আজিও।
আজিৰ দিনটোক সিহঁতে ভয় কৰে
সিহঁতে তলা মাৰি থয় সন্ধিৰ বৰপেৰা৷
সিহঁতে প্ৰতিপল কাঢ়ি নিয়ে বৈভৱ
পাইকৰ চোমনিৰ পৰা আৰম্ভ কৰি
বুৰঞ্জীৰ পাতৰ পৰা মচি দিয়ে
সোনালী সুতাৰ সাধু
প্ৰতিপল৷
আজিও কত অবৈধ সন্ধি
দখলদাৰিত্বৰ
আজিও ধৰ্মৰ নামত যুঁজোৱা হয়
পাইকাৰৰ উত্তৰ প্ৰজন্মক
আজিও আত্মহত্যা কৰে ৰঙামুৱাই
No comments:
Post a Comment