Monday, 20 March 2017

নৱবৰ্ষৰশুভেচ্ছা




চহৰৰ ফপৰাকুকুৰটোৰদৰে
খেংখেঙাই উঠে
নৱবৰ্ষ !

চৌপাশে বিমুদ্ৰাকৰণৰ থৰথৰ শীত
পুলিচী দেশপ্ৰেম
নিৰ্মম লাঠি
ভুৱা সংঘৰ্ষ
সহোদৰৰ তেজ  শুঙি শুঙি
লকআপত ওলমি থাকে ২০১৬৷

২০১৬ এটি ভতুৱা কুকুৰৰ নাম
প্ৰভুভক্ত গোলাম নৱবৰ্ষ
পিতাইৰ পেৰাটো বন্ধকত যোৱাৰ
এটি সময়ৰ নাম  ০১৬
মাতৃভাষাৰ ডিঙি চেপি
জাতিক শূলত দিয়া
কচাইটোৰ নামো হব পাৰে ২০১৬৷

২০১৬ মানে ধৰ্মৰ নামত ৰাজনীতি
২০১৬ মানে স্বজাতিৰ বিভ্ৰান্তি
মন্দিৰত গৰুৰ মূৰ
মজজিদত গাহৰিৰ পেটু
বেপাৰী আৰু ভক্তৰ অবৈধ অভিসাৰ৷

বহু ভণ্ডামিৰে পাৰ হয় এৰি অহা দিন
অথচ কোনেও নেদেখে
কলীপেহীৰ কান্দোন
ৰামধন-ইছমাইলৰ শূৰপোকে উদং কৰা পথাৰ
বেকাৰ ভাইটোৰ উদাসচকু
অথবা ৰাষ্ট্ৰৰ  সমৰসজ্জাত পিষ্ট মানুহ  !

ফপৰা কুকুৰটোৰ  সৈতে
ষ্টেটবেংকৰ  বাৰান্দাত  শুই  পৰে  নৱবৰ্ষ
চৌপাশে  বিমুদ্ৰাকৰণৰ  শীত

আৰু  গোন্ধাই  যোৱা দেশপ্ৰেম !

No comments:

Post a Comment